আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
১। ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল ?
উত্তৰঃ বিশ্বৰ জনগণৰ মনৰপৰা যুদ্ধৰ বিভীষিকা আঁতৰ কৰি বিশ্বাস আৰু আস্থাৰ এখন পৃথিবী গঢ়াৰ লক্ষ্যৰে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ নামৰ আন্তৰ্জাতিক সংস্থা গঠন কৰা হৈছিল।
২। বাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হৈছেঃ
(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত প্ৰত্যেক দেশৰ লগত বন্ধুত্বপূর্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা।
৩। ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ ছটা প্রধান অংগ হৈছেঃ
( ক ) সাধাৰণ সভা (General Assembly)
( খ ) নিৰাপত্তা পৰিষদ। (Security Council)
( গ ) অর্থনৈতিক আৰু সামাজিক পৰিষদ। (Economic and social council)
( ঘ ) ন্যাসৰক্ষী পৰিষদ। (Trusteeship Council)
( ঙ ) আন্তর্জাতিক ন্যায়ালয়। (International court of justice)
( চ ) সচিবালয়।(Secretariat)
৪। ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা অভিকৰণ বা এজেন্সিৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা অভিকৰণ হৈছে:
( ক ) আন্তর্জাতিক শ্রমিক সংঘ ( ILO )
( খ ) বিশ্ব স্বাস্থ্য সংস্থা ( WHO )
৫। নিৰস্ত্রীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।
উত্তৰঃ নিৰস্ত্রীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তি হৈছেঃ
( ক ) আংশিক আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি (CTBT)।
( খ ) পাৰমাণৱিক অস্ত্র – সংকোচন চুক্তি (NPT)।
৬। মানৱ অধিকাৰ মানে কি বুজা ?
উত্তৰঃ বিশ্বৰ প্ৰত্যেকজন ব্যক্তিকে এটা মর্যাদাপূর্ণ জীৱন যাপনৰ বাবে প্রয়োজন হোৱা অধিকাৰৰ সমষ্টিকেই মানৱ অধিকাৰ বুলি কোৱা হয়।
দীঘল উত্তৰৰ প্ৰশ্ন:
১। ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য কেইটা হৈছেঃ
( ক ) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
( খ ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত বিশ্বৰ দেশসমূহৰ লগত বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তােলা।
( গ ) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক , সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰতিজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা।
( ঘ ) বিভিন্ন দেশসমূহৰ মাজত সু – সম্পর্ক গঢ়ি তুলিবলৈ প্রধান কেন্দ্র হিচাপে কাৰ্য সম্পাদনা কৰা।
ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ হ’ল:
( ক ) সকলোবোৰ সদস্য ৰাষ্ট্ৰৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব।
( খ ) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলোবোৰ সদস্য ৰাষ্ট্ৰই নিজ নিজ দায়িত্ব পালন কৰিব লাগিব।
( গ ) আন্তঃৰাষ্ট্ৰীয় শান্তি , নিৰাপত্তা আৰু ন্যায়ত সমস্যা নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব।
( ঘ ) আন্তর্জাতিক সম্পর্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই ভাবুকি বা শক্তি প্রয়োগ কৰিব নোৱাৰিব।
২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৱেই হ’ল নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘৰ গঠনৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল ৫ খন আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল ৬ খন। ইয়াৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হৈছে – আমেৰিকা যুক্তৰাষ্ট্র , গ্রেট ব্রিটেইন , ফ্রান্স , ৰাছিয়া আৰু চীন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদ সংশোধনীৰ দ্বাৰা ইয়াৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৬ খনৰ পৰা ১০ জনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে। স্থায়ী সদস্যসকলৰ ‘ভেটো’ প্ৰয়োগৰ ক্ষমতা আছে। ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন হোৱা যিকোনো গুৰুত্বপূর্ণ বিষয়ত সিদ্ধান্ত ল’বলৈ স্থায়ী পাঁচখন সদস্য ৰাষ্ট্রসহ মুঠ ৯ খন সদস্য ৰাষ্ট্ৰৰ সন্মতি থাকিব লাগিব।
৩। বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।
উত্তৰঃ বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা পদক্ষেপসমূহ হলঃ
( ক ) নিৰস্ত্রীকৰণ আয়োগ :- নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিবেশ নাইকীয়া কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘই ১৯৫২ চনত নিৰস্ত্রীকৰণ আয়োগৰ প্রতিষ্ঠা কৰিছিল।
( খ ) চুক্তি তথা সন্ধি :- ৰাষ্ট্ৰসংঘই সম্পাদন কৰা চুক্তিসমূহ হৈছে আংশিক ভাৱে পাৰমাণৱিক পৰীক্ষণ নিষিদ্ধকৰণ চুক্তি ( ১৯৬৩ ) , বহিঃমহাকাশ চুক্তি ( ১৯৬৭ ) , পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি ( ১৯৬৮ ) , সমুদ্ৰতলি নিয়ন্ত্রণ চুক্তি ( ১৯৭১ ) , ছল্ট -১ ( ১৯৭২ ) , ছল্ট -২ ( ১৯৭৯ ) , পাৰমাণৱিক অস্ত্র নিয়ন্ত্রণ চুক্তি ( ১৯৯৩ ) , ৰণকৌশলমূলক অস্ত্র সংকোচন চুক্তি -১ ( START – 1, ১৯৯১ ) , ৰণকৌশলমূলক অস্ত্র সংকোচন চুক্তি -২ ( START – 2 , ১৯৯৩ ) আৰু পাৰমাণৱিক অস্ত্র পৰীক্ষা নিষিদ্ধকৰণ চুক্তি ( ১৯৯৬ )।
( গ ) প্রতিবোধমূলক কূটনীতি :- আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ জৰিয়তে বিশ্বশান্তি উত্তৰণ কৰিবলৈ ৰাষ্ট্ৰসংঘই ২০০৭ চনৰ জুন মাহত প্ৰতিৰোধমূলক কূটনীতি অৱলম্বন কৰিছিল।
৪। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পর্কত এটা টোকা লিখা।
উত্তৰঃ ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰিছিল। ১৯৯৪ চনৰ ৮ জানুৱাৰীত ১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইনখন কার্যকৰী হয় । এই আইনমতে ৰাজ্যবিলাকতো ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়।
আয়োগৰ সদস্যসকলৰ ভিতৰত –
( ক ) সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।
( খ ) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশ অথবা প্রাক্তন ন্যায়াধীশ হ’ব লাগিব।
( গ ) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা সম্পন্ন ব্যক্তি হ’ব লাগিব ৷
( ঘ ) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি হ’ব লাগিব ৷
( ঙ ) ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি , অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষও আয়োগৰ সদস্য পদত থাকিব।
আয়োগৰ সকলো সদস্যকে পাঁচ বছৰ কার্যকালৰ বাবে ভাৰতৰ ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে। আয়োগে ভাৰতৰ মানৱ অধিকাৰ উলংঘনৰ লগত জড়িত সকলোবোৰ বিষয়ৰ মূল্যায়ন কৰি বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰিব লাগে।
৫। মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা তথা শান্তিপূর্ণ পৰিৱেশ ৰক্ষা কৰাৰ লগতে মানৱ অধিকাৰসমূহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে। সেয়েহে , বিশ্বৰ প্রত্যেকজন ব্যক্তিকে মর্যাদাপূর্ণ জীৱন যাপনৰ বাবে প্রয়োজন হোৱা অধিকাৰসমূহক সুৰক্ষা দিয়াৰ অৰ্থে ৰাষ্ট্ৰসংঘই ৪৮ খন সদস্য ৰাষ্ট্রৰ সমৰ্থনত ১৯৪৮ চনৰ ১০ ডিচেম্বৰত মানৱ অধিকাৰ ঘোষণাপত্র গ্রহণ কৰে। সেইবাবে ১০ ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়।
মানৱ অধিকাৰ ঘোষণাপত্ৰৰ উদ্দেশ্যসমূহ হল :-
( ক ) বিশ্বৰ জনগণৰ প্ৰয়োজনীয় অধিকাৰসমূহ ঘোষণাপত্রত সন্নিৱিষ্ট কৰা।
( খ ) ঘোষণাপত্ৰত সন্নিৱিষ্ট অধিকাৰসমূহৰ ক্ষেত্ৰত সদস্য ৰাষ্ট্ৰসমূহৰ স্বীকৃতি আদায় কৰা।
এইদৰে ৰাষ্ট্ৰসংঘই প্রতিজন ব্যক্তিৰে মর্যাদাপূর্ণ জীৱনক সুৰক্ষিত কৰিবলৈ ইতিবাচক পদক্ষেপ গ্রহণ কৰিছে আৰু এইটো স্পষ্ট কৰি দিছে যে কোনো ৰাষ্ট্ৰয়েই দেশৰ নাগৰিকক মানৱ অধিকাৰৰ পৰা বঞ্চিত কৰি আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰিব নােৱাৰে।