“আত্মনিৰ্ভৰ ধেমাজি” কাৰ্য্যসূচীৰ সফল সামৰণি…

“আত্মনিৰ্ভৰ ধেমাজি”

 ধেমাজিৰ কৃষকসকলক এখন পোনপটীয়া বজাৰ উপলব্ধ কৰোৱাৰ লগতে আধুনিক কৃষি প্ৰযুক্তিৰ সৈতে চিনাকী কৰোৱা তথা চৰকাৰৰ সুবিধা আৰু আচঁনিসমূহৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্য ধেমাজিত অনুষ্ঠিত কৰা হৈছে ‘আত্মনিৰ্ভৰ ধেমাজি’ শীৰ্ষক এক কাৰ্যসূচী। ১০ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হৈছে এই কাৰ্যসূচী।

দেওবাৰে উক্ত কাৰ্যসূচীৰ সফল সামৰণি পৰে ৷ শেষৰ দিনা পুৱা  ১১-৩০ বজাৰ পৰা বিয়লি ২-৩০ বজালৈকে পশুপালন মণ্ডপত ঔদ্যোগীকৰণৰ সম্ভাৱনীয়তা আৰু উদ্যমীতা সন্দৰ্ভত আলোচনা কৰা হয়। একেদৰে উদ্যোগীকৰণ আৰু মানসিকতাৰ বিকাশ এক প্ৰেৰণা, সম্পদ ভিত্তিক উদ্যোগীকৰণ আৰু পশুপালন খণ্ডত লাভজনকতা নিৰ্ণয় কৰা আদি কাৰকসমূহৰ সম্পৰ্কে বহলভাৱে আলোচনা হয় এই অনুষ্ঠানত ৷

“আত্মনিৰ্ভৰ ধেমাজি” কাৰ্য্যসূচীৰ সফল সামৰণি…
“আত্মনিৰ্ভৰ ধেমাজি” কাৰ্য্যসূচীৰ সফল সামৰণি…

উল্লেখযোগ্য যে লখিমপুৰ জিলা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডাঃ সঞ্জীৱ খাৰঘৰীয়াই সঞ্চালনা কৰা আলোচনাচক্ৰখনিৰ আঁত ধৰে গোগামুখ পশু চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ অনিল পেগুৱে ৷ আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে চিণ্মায়াটিক ফুৰ্ডছ প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক অসম গৌৰৱ মনোজ বসুমতাৰী আৰু সীতাজখলা দুগ্ধ সমবায় সমিতি লিমিটেডৰ অধ্যক্ষ ৰঞ্জিৱ শৰ্মাই ৷

অনুষ্ঠানত “আত্মনিৰ্ভৰ ধেমাজি”ৰ মুখ্য পৃষ্ঠপোষক তথা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে উপস্থিত থাকি কেতবোৰ মন্তব্য কৰে। তেওঁ কয় যে গাহৰি কৃত্ৰিম প্ৰজননেৰে ব্যৱসায় ভিত্তিক কৰিব পৰাকৈ পালকসকলক ধেমাজিতে এই  ব্যৱস্থা কৰি দিয়াৰ লগতে জিলাখনত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হ’ব। যাতে জিলাখনৰ প্ৰত্যেকেজন গো-পালকেই উন্নতধৰণে যথেষ্ট পৰিমাণে গাখী উৎপাদন কৰিব পাৰে।

উল্লেখযোগ্য যে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ গো-পালকসকলক সীতাজখলাত নি প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ অনুষ্ঠানত ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিতোপন নেওগ আৰু জ্যেষ্ঠ বিজ্ঞানী ও ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° গুঞ্জন গগৈ উপস্থিত থাকে ৷ “আত্মনিৰ্ভৰ ধেমাজি”য়ে এইবাৰৰ পৰা কৃষি অথবা উদ্যোগত বিশেষভাৱে সফলতাৰ অৰ্জন কৰা দুজন ব্যক্তিলৈ ”ধেমাজি গৌৰৱ ”বটাঁ নামেৰে দুটি বটাঁ প্ৰদানৰ ব্যৱস্থা কৰিছে ৷

“আত্মনিৰ্ভৰ ধেমাজি” কাৰ্য্যসূচীৰ সফল সামৰণি…
“আত্মনিৰ্ভৰ ধেমাজি” কাৰ্য্যসূচীৰ সফল সামৰণি…

এই বটাঁত থাকিব নগদ ৫০হেজাৰ টকা আৰু একোখন মানপত্ৰ ৷ এই বৰ্ষৰ বাবে এই ধেমাজি গৌৰৱ বটাঁ লাভ কৰিছে প্ৰগতিশীল মুগাপালক মৃণাল কাকতি আৰু প্ৰগতিশীল খেতিয়ক ভূৱন পেগুৱে ৷ উক্ত অনুষ্ঠানত দুয়োগৰাকী বঁটাপ্ৰাপকক মন্ত্ৰী পেগুৱে আনুষ্ঠানিকভাৱে “ ধেমাজি গৌৰৱ বটাঁ” প্ৰদান কৰে ৷

ইফালে আত্মনিৰ্ভৰ ধেমাজিত অংশগ্ৰহণ কৰা বিভিন্ন বিপনীৰ প্ৰতিযোগিতাৰ ফলাফল উদযাপন সমিতিয়ে উক্ত মঞ্চতে ঘোষণা কৰে ৷ ঘোষিত ফলাফল অনুসৰি প্ৰতিযোগিতাৰ শাক- পাচলি(শিখা আৰু কাণ্ড) শাখাত প্ৰথম স্থান লাভ কৰে বিটেশ্বৰ দলে, দ্বিতীয় গীতা বৰ দত্ত আৰু তৃতীয় মোলান ভূঞাঁই ৷

শাক পাচলি (কবি শস্য)ৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বিটেশ্বৰ দলে, দ্বিতীয় মেমছি মৰাং আৰু তৃতীয় স্থান লাভ কৰে অৰুণ ভূঞাঁই ৷ শাক পাচলি (পাত শাক)ৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে সুৱলা বৰুৱা দ্বিতীয় অৰুণ ভূঞা আৰু তৃতীয় স্থান লাভ কৰে হেমন্ত বৰুৱাই ৷ একেদৰে আন আন শিতানৰ প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলক বঁটা প্ৰদান কৰা হয়।


source

Leave a Reply

Your email address will not be published. Required fields are marked *