ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত নতুন নিয়ম জাৰি কেন্দ্ৰৰ

পূৰ্বৰ নিয়মৰ উপৰি ২০২৫ত ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত নতুন নিয়ম জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। এক বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি একাধিক নতুন নিয়ম সন্নিৱিষ্ট কৰা হৈছে ড্ৰাইভিং লাইচেন্স লাভৰ ক্ষেত্ৰত।

উল্লেখিত নতুন নিয়ম অনুসৰি ড্ৰাইভিং লাইচেন্সৰ নবীকৰণৰ মাছুল ক্ষেত্ৰত সলনি হৈছে নিয়ম। নতুন নিয়ম অনুসৰি শিকাৰুৰ লাইচেন্স আৰু স্থায়ী লাইচেন্স নবীকৰণ কৰিলে এতিয়াৰে পৰা চৰকাৰক আদায় দিব লাগিব ২০০ টকা পৰ্যন্ত মাছুল।

একেদৰে এতিয়াৰে পৰা চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত ব্যক্তিগত ড্ৰাইভিং টেষ্ট চেণ্টাৰত চালকে ড্ৰাইভিং পৰীক্ষা দি লাভ কৰিব পাৰিব অনুজ্ঞাপত্ৰ। উল্লেখ্য যে ইয়াৰ আগেয়ে চালকসকলে আৰ টি অ’ত গৈ দিব লাগিছিল ড্ৰাইভিং টেষ্ট। যাৰ বাবে আৰ টি অ’ৰ কাৰ্যালয়ত দীঘলীয়া শাৰী পাতিব লগা হৈছিল চালকসকলে। সেয়ে এই সমস্যা দূৰ কৰাৰ উদ্দেশ্যে এতিয়াৰে পৰা ব্যক্তিগত ড্ৰাইভিং টেষ্ট চেণ্টাৰত চালকৰ ড্ৰাইভিং টেষ্টৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰ উপৰি ১৮ বছৰৰ তলৰ ল’ৰা বা ছোৱালীয়ে যদি ড্ৰাইভিং লাইচেন্স লাভ কৰে, সেয়া গ্ৰহণযোগ্য নহ’ব বুলি উল্লেখ কৰে। বিপৰীতে তেওঁক জৰিমনা বিহাহে হ’ব বুলি বিজ্ঞপ্তিটোত স্পষ্টভাৱে উল্লেখ কৰে। লগতে ইয়াৰ বাবে সন্তানৰ পিতৃ- মাতৃক জগৰীয়া বুলি ধৰা হ’ব ।

নতুন নিয়ম অনুসৰি আন্তৰ্জাতিক অনুজ্ঞাপত্ৰ লাভৰ বাবে চালকে দিব লাগিব ১০০০ টকা মাছুল। কেৱল ইমানেই নহয়, ‘সাৰথি’ প’ৰ্টেলৰ দ্বাৰা চালকে জমা দিব লাগিব চিকিৎসাৰ প্ৰমাণপত্ৰ, তেতিয়াহে তেওঁ অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব।


source

Leave a Reply

Your email address will not be published. Required fields are marked *