শহুৰেকৰ ঘৰলৈ আহি দুৰ্বৃত্তৰ আক্ৰমণৰ বলি লখিমপুৰৰ যুৱক !!!
ভোগালী বিহুৰ উৰুকাৰ প্ৰাকক্ষণত বটদ্ৰৱাত চাঞ্চল্যকৰ ঘটনা। শহুৰেকৰ ঘৰলৈ আহি দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল লখিমপুৰৰ জোৱাই। ভোগালী বিহু উপলক্ষে লখিমপুৰৰ তুলসী প্ৰসাদ শইকীয়া নামৰ টেট শিক্ষক জন আহিছিল বটদ্ৰৱাৰ শহুৰেকৰ ঘৰলৈ।
শহুৰেকৰ ঘৰ নোপোৱাৰ আগমূহুৰ্ততে দুষ্টচক্ৰই অচেতন কৰি ধন সোণ, মোবাইল ফোনকে আদি কৰি সকলো লুটি নিয়ে। ঘটনা সংঘটিত হোৱাৰ দহ ঘন্টাৰ অন্তত বটদ্ৰৱাৰ কদমনিত মূমূৰ্ষ অৱস্থাত এখন ই ৰিক্সা চালকে উদ্ধাৰ কৰে। বৰ্তমান সংকটজনক অৱস্থাত যুৱকজনক নগাঁৱৰ এখন নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছে।
ইফালে বটদ্ৰৱা থানত শহুৰেকৰ ঘৰৰ পৰা দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, এমাহ পূৰ্বে বটদ্ৰৱা শলগুৰি সত্ৰৰ পৰা বিয়া কৰোৱা তুলসী প্ৰসাদ শইকীয়া নামৰ শিক্ষকজনৰ এই ঘটনা সন্দৰ্ভত বটদ্ৰৱাত চাঞ্চল্য সৃষ্টি হৈছে।