ভাৰতীয় সংস্কৃতি। অসমীয়াৰ প্ৰশ্নোত্তৰ। Assamese solution SEBA Class 10। Chapter 1 Solution । Academic years 2024-2025

ভাৰতীয় সংস্কৃতি। অসমীয়াৰ প্ৰশ্নোত্তৰ। Assamese solution seba Class 10। Chapter 1 Solution । Academic years 2024-2025

 ভাৰতীয় সংস্কৃতি

পাঠভিত্তিক প্রশ্নোত্তৰ

তলত দিয়া প্ৰশ্নসমূহৰ যথাযথ উত্তৰ দিয়াঃ

১) ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?

উত্তৰ : ক্ৰমবৰ্দ্ধমান শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। এই কাৰণেই ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি ।

২) ‘ফ্রম ভন্না টু গংগা’ কাৰ ৰচনা ?

উত্তৰ : পণ্ডিত ৰাহুল সংকৃত্যায়নৰ ৷

৩) সৰ্বপল্লী ৰাধাকৃষ্ণণে কালিয়দমন’ৰ কি আখ্যা দিছে?

উত্তৰ : ৰাধাকৃষ্ণণনৰ মতে কালিয়দমন আর্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধর্মী নৃত্য।

৪) কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ ‘বিস্তাৰ যুগ’ বুলিব পাৰি?

উত্তৰঃ প্রকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। কোনো কোনো পণ্ডিতৰ মতে আনকি খ্ৰীষ্টীয় ‘ছাৰমান অন্ ডি মাউণ্ট’ৰ গুৰিতো বৌদ্ধ সাহিত্যৰ প্ৰভাৱ বিয়পি আছে ।

৫) শিৱ আৰু শক্তিপূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল ?

উত্তৰঃ শিৱ আৰু শক্তিৰ মূল বিচাৰি প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে মহেঞ্জোদাৰো সভত্যাৰ কাষ চাপিছিল আৰু ইয়াতেই তেওঁলোকে মূল আৱিষ্কাৰো কৰিছিল ৷ ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ। সেই সভ্যতাৰ মোহত ই আজিও অঙ্কিত হৈ আছে। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতি আর্যপূর্ব যুগৰ আৰু ইয়াৰ ওপৰত ভেটি কৰিয়েই পৰবৰ্তী কালৰ সংস্কৃতি গঢ় লৈ উঠিছে।

৬) ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?

উত্তৰ : গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ ৷ ৰেখাৰ লগত ৰেখাৰ সমন্বয় — ইয়াতকৈ আৰু আৱশ্যকীয় আৰু একো নাথাকে। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল ৷ ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে আৰু হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে।

৭) অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি ?

উত্তৰঃ অজন্তাৰ ছবিবোৰত দুটা ভাববস্তু প্রকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অঙ্কিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উচ্ছ্বাসময় চিত্র। এইবোৰত ফুটি উঠিছে শক্তি, ব্যক্তি, প্রেম, প্ৰেম আৰু যৌৱন। প্ৰথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাববস্তুৰ পিনৰপৰা দুয়োবিধ ছবি একে ধৰণৰ নহয়। দুয়োবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে।

৮) গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে?

উত্তৰ : নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি গান্ধীজীয়ে মত প্ৰকাশ কৰিছিল । লগে লগে অতীজৰ মিলিত সৎ আৰু সত্য বুলি সম্যক দৃষ্টিকোণৰ পৰা স্বীকৃত হৈছে, তাৰে বৰ্তমানৰ সংস্কৃতিৰ ভেটি বান্ধিবলৈ চেষ্টা কৰাটো উচিত হ’ব। ইয়াকে কাৰ্যত পৰিণত কৰিবলৈ হ’লে ভাস্কৰ্য কলাৰ দৰেই নতুন সংস্কৃতি নে সমূহীয়া জীৱনৰ সম্পদ হ’ব লাগিব— সেই বিষয়ে অকণো সন্দেহ নাই। ই হ’ব সমন্বয়ৰ বস্তু, জনসাধাৰণৰ বাছকবনীয়া সম্পত্তি, স্থান আৰু কালজয়ী শিল্প প্রচেষ্টা জীউলাও ।.

৯) সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?

উত্তৰঃ সুকুমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ চিত্রশিল্পই বেছি স্থায়ী। কীছে — গেছিয়ান আৰ্ণ’কবিতাত ইয়াৰেই জয় গান গাইছে । দিয়া ।

১০) হেম বৰুৱাৰ সাহিত্যচর্চা সম্পৰ্কে পঁচিশটামান শব্দৰ ভিতৰত এটি পৰিচয়

উত্তৰঃ ১৯১৫ খ্ৰীষ্টাব্দত তেজপুৰত জন্ম গ্ৰহণ কৰি হেম বৰুৱাই গুৱাহাটীৰ কটন কলেজৰ পৰা বি এ. আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এম. এ. পাছ কৰি প্ৰথমে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত শিক্ষকতা কৰে আৰু পিছত বি. বৰুৱা মহাবিদ্যালয়ত যোগদান কৰি অধ্যক্ষ পদ অলংকৃত কৰে। পিছত তেওঁ ৰাজনীতিত যোগদান কৰি লোকসভাৰ সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰে । হেমবৰুৱা আধুনিক অসমীয়া কবিতাৰ বাটকটীয়া । তেওঁ কবি, সাংবাদিক, সমালোচক, ভ্ৰমণ কাহিনী ৰচক, অনুবাদক, ঔপন্যাসিক আৰু ৰাজনীতিক। তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহৰ ভিতৰত ‘কালীয়দমন’‘মনময়ূৰী’ আদি কবিতা পুথি; ‘সাগৰ দেখিছা’, ‘ৰঙা কৰবীৰ ফুল,’, ‘ইজৰাইল’, ‘মেকং নৈ দেখিলো’ আদি ভ্রমণ কাহিনী বিশেষ উল্লেখযোগ্য ৷ হেম বৰুৱাই কেইবাখনো ইংৰাজী গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল। সেই সমূহৰ ভিতৰত “The Red River and the Blue Hill’, ‘August Revolution in Assam’; ‘Assamese Literature’ আদি বিশেষভাবে উল্লেখযোগ্য।

১১) ভাৰতীয় সংস্কৃতি পাঠটিৰ সাৰাংশ লিখা ৷

উত্তৰ : ভাৰতীয় সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। যুগ যুগ ধৰি আৰ্য,অনাৰ্য, দ্রাবিড়, মঙ্গোলীয় প্রভৃতি বিবিধ সংস্কৃতিৰ উপাদান সানমিহলি হৈ ভাৰতীয় সংস্কৃতিৰ মূলভেটি নির্মিত হৈছে। ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশ; বিশেষকৈ শিল্পকলা, দর্শন, ভাস্কর্য, চিত্রকলা প্রভৃতি বিভিন্ন দিশত যুগ যুগ ধৰি হোৱা আদান-প্রদান, বিনিময় আদিৰ মাজেদি পৰিবৰ্তিত পৰিস্থিতিত ভাৰতীয় সংস্কৃতিয়ে স্বকীয় ৰূপত আত্মপ্ৰকাশ কৰিছ । ক্ৰমবৰ্দ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ ! ইতিহাসৰ বিভিন্ন যুগত ভাৰতীয় সংস্কৃতিৰ গাত ৰাজনৈতিক আৰু সামাজিক স্তৰত কিছু পৰিবৰ্তন সাধিত হ’লেও ইয়াৰ প্রবাহ বাধাহীনভাৱে অবিচ্ছিন্ন গতিত প্ৰবাহিত হৈ আছে। ভৌগোলিক বৈচিত্ৰ্যৰে পৰিপূৰ্ণ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ মাজত জলবায়ু আৰু ভূ-প্ৰকৃতিৰ কিছু পার্থক্য থাকিলেও, ইতিহাসৰ বিভিন্ন উত্থান-পতনৰ মাজেদিয়েই ভাৰতীয় সংস্কৃতিয়ে ক্ৰমবৰ্দ্ধমান ৰূপত ঐক্য আৰু সংহতিৰ, সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰি আগবাঢ়ি গৈ আছে। ভাৰতীয় সংস্কৃতিৰ মৰ্মস্থলী সুসংগঠিত আৰু শক্তিশালী হোৱাৰ কাৰণেই বাহিৰৰ পৰা অহা সকলোবোৰ প্ৰভাৱৰ পৰা হাত সাৰি ভাৰতীয় সংস্কৃতিয়ে নিজৰ গতিৰে প্ৰবাহিত হৈ যাবলৈ সক্ষম হৈছিল। চিত্রকলা, ভাস্কর্য, স্থাপত্য, সঙ্গীত প্রভৃতি সুকুমাৰ কলাৰ বিভিন্ন দিশসমূহলৈ লক্ষ্য কৰিলেই এই কথাৰ প্ৰমাণ পাব পাৰি ৷ আৰ্য আৰু অনার্য সংস্কৃতিৰ সমন্বয় ভাৰতীয় ধৰ্মৰ ইতিহাসতো সমন্বয়ৰ বাৰ্তা বহন কৰিছে। এই সমন্বয় হঠাতে হোৱা বস্তু নহয়, এটা ক্ৰমবৰ্দ্ধমান গতিৰ মাজেদি ই অগ্ৰসৰ হৈ বৰ্তমানৰ অৱস্থা লাভ কৰিছে। শিৱ আৰু শক্তি পূজাৰ সৈতে জড়িত বিভিন্ন কাহিনীয়ে এই বিষয়ে অনুমান কৰাত সহায় কৰে । ভাৰতৰ আদিম অধিবাসীসকল অভিযানকাৰী আর্য সমাজৰ হাতত পৰাজিত হৈছিল যদিও সাংস্কৃতিক ক্ষেত্ৰত আৰ্যসকলে অনাৰ্যৰ কৃষ্টি সমল গ্ৰহণ কৰি স্বকীয় সংস্কৃতিৰ পৰিবৰ্দ্ধন কৰিছিল। বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ সময়ছোৱাত ভাৰতীয় সংস্কৃতিয়ে বিস্তাৰিত ৰূপ লাভ কৰে। চুফীবাদ আৰু উপনিষদীয় দৰ্শনৰ মাজতো এক অভূতপূর্ব মিল পৰিলক্ষিত হয় ৷ এনেবোৰ প্ৰভাৱ ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰেই পৰিচয় দাঙি ধৰে ৷ হিন্দু আৰু ইছলামীয় ভাস্কৰ্যৰ সমন্বয়ত নতুন এক ভাস্কর্য পদ্ধতিৰ সৃষ্টি হৈছে, যি পদ্ধতিয়ে ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰি ভাৰতীয় হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। এইদৰেই ভাৰতীয় ভাস্কর্যত এক নতুন ধাৰাৰ সৃষ্টি হৈছে। আনহাতে হিন্দু ভাস্কর্য কলাৰ কেতবোৰ নিদর্শন ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাটো নিদর্শন পোৱা যায়। সাংস্কৃতিক ক্ষেত্ৰত উভয়- সম্প্রদায় উদাৰ মনেৰে কেতবোৰ নতুন নিদৰ্শনৰ জন্ম দিছিল । ইয়াৰ যোগেদি সুকুমাৰ কলাৰ দিশত ভাৰতীয় সংস্কৃতি এখোজ আগুৱাই যাবলৈ সক্ষম হৈছিল । সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্ৰকলাই মানুহৰ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। চিত্রকলা বিশ্বজনীন হ’লেও তাৰ মাজতেই ইয়াৰ প্ৰাণথলীৰ পৰিচয় পোৱা যায় ৷ অজন্তাৰ ছবিবোৰে যেনেকৈ বৌদ্ধ যুগৰ সংস্কৃতিৰ কথা মনত পেলাই দিয়ে, তেনেদৰে চীন অথবা মেক্সিকোৰ চিত্ৰকলাই সেই দেশৰ বৈশিষ্ট্যৰ কথা সোঁৱৰাই দিবলৈ নাপাহৰে অজন্তাৰ ছবিবোৰত দুটা ভাববস্তু প্রকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আনটো হৈছে সামুহিক জীৱন । ভাববস্তুৰ পিনৰ পৰা দুয়োবিধ ছবি এক ধৰণৰ নহয় । দুয়োখনতে দুখন সুকীয়া জাতৰ প্ৰতিচ্ছবি প্ৰকাশিত হৈছে। জীৱনৰ অসামঞ্জস্যক একেলগে গ্রহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে। ছবিবোৰৰ ভাববস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জগতৰ মাজত সমন্বয় স্থাপিত হৈছে। মোগল সম্রাট বাবৰৰ আমোলত ভাৰতবৰ্ষত প্ৰবেশ কৰা নতুন চিত্ৰশিল্পৰ ধাৰাই প্ৰচুৰ ব্যক্তবাদী চিন্তাৰ প্ৰকাশ ঘটায়; য’ত সমষ্টি জীৱনৰ পৰিবৰ্তে শক্তিজীৱনে অধিক প্রাধান্য লাভ কৰে। এই ব্যক্তিবাদী চিত্ৰধাৰাই প্ৰচলিত চিত্ৰধাৰাৰ সৈতে মিলিত হৈ উভয়ৰ সংমিশ্ৰণত এক নতুন পদ্ধতিৰ বিকাশত সহায় কৰে। চিত্ৰকলাৰ দৰেই সঙ্গীতৰ ক্ষেত্ৰতো সমন্বয়

লক্ষ্য কৰা যায় ৷ ভাৰতীয় আধ্যাত্মবাদে প্ৰাক-মুছলিম যুগত ভাৰতীয় হিন্দু সমাজৰ ওপৰত একধৰণৰ বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল। পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্জস্যৰ কথাৰ পৰা আঁতৰাই ৰাখিছিল। পদদলিত সাধাৰণ মানুহে অদৃষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি, পৰাজয় স্বীকাৰ কৰি লৈছিল । সাহিত্য-সম্পদৰ পিনৰ পৰা ভাৰতীয় সংস্কৃতি বিশেষভাৱে চহকী। সাধাৰণতে পুৰণি সাহিত্য ভক্তিমূলক আছিল যদিও আধ্যাত্মিকতাৰ দিশত ই আছিল অত্যন্তচহকী। মধ্যযুগৰ বৈষ্ণৱ কবিসকলৰ সৃষ্টিৰাজিৰ মাজত বিশ্বজনীন মানৱীয় আবেদনৰ পৰিচয় স্পষ্ট। আনহাতে বৃটিছৰ আমোলত নতুন আঙ্গিক আৰু প্ৰকাশভংগীৰ মাজেদি ভাৰতীয় সাহিত্যই বৈচিত্র্যময় ৰূপ লাভ কৰিছিল ৷

ভাস্কর্য-কলাই সমাজৰ সৌন্দৰ্যবোধৰ ওপৰত স্থায়ী প্রভাব বিস্তাৰ কৰিবলৈ সক্ষম আৰু ইয়াৰ যোগেদি সামূহিক ভাবধাৰাৰ বিকাশ দ্রুতত হয়। কবি অথবা চিত্ৰকৰৰ তুলনাত ভাস্কৰ্যবিদৰ শিল্পবোধ এইখিনিতে কিছু পৰিমাণে সামাজিক ভাবধাৰাৰ ওপৰত অধিক নিৰ্ভৰশীল। মহাত্মাগান্ধীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ আৰ্হিত প্রস্তুত হোৱাটো কামনা কৰিছে । অতীজৰ সৎ আৰু সত্যৰূপে স্বীকৃত সাংস্কৃতিক সম্পদৰ সৈতে বৰ্তমানৰ সংস্কৃতিৰ ভেটি-নিৰ্মাণৰ চেষ্টা কৰিলেহে ভাৰতীয় সংস্কৃতিয়ে নব্যৰূপ লাভ কৰিব বুলি .তেওঁ আশা প্ৰকাশ কৰে। ভাৰতীয় সংস্কৃতিয়েও সমন্বয়ৰ আৰ্হি আগত ৰাখিহে যুগজয়ী ৰূপত আগবাঢ়িব পাৰে ।

১২) ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।’— এই কথাষাৰ কিমান দূৰ যুক্তিপূর্ণ, ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ আধাৰত বিচাৰ কৰা

উত্তৰ : হেম বৰুৱাই ‘ভাৰতীয় সংস্কৃতি’ পাঠটিৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপ সম্পৰ্কে ক’বলৈ গৈ উল্লেখ কৰিছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আর্য, অনার্য, মঙ্গোলীয় দ্রাবিড়ী প্রভৃতি বিভিন্ন জনগোষ্ঠীৰ প্রবাহমান সোঁতৰ সমন্বয়ত ভাৰতীয় সংস্কৃতিয়ে নিৰ্দিষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছে। ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি . বিভিন্ন দেশী-বিদেশী সংস্কৃতিৰ সোঁত আহিছে, গ্রীক শক হুন প্রভৃতি বিভিন্ন গোষ্ঠীৰ লোক চামে চামে ভাৰতলৈ আহিছে আৰু ইয়াত নিগাজীকৈ বসতি বিস্তাৰ কৰিবলৈ লৈছে। পুৰণি ভাৰত বুৰঞ্জীত বিভিন্ন অভিযানৰ কথা পোৱা যায়। এই অভিযানসমূহত থলুৱা ভাৰতীয় আৰু ভাৰতৰ বাহিৰৰ পৰা প্ৰব্ৰজিত লোকসকলৰ মাজত যেনেদৰে সংগ্ৰাম আৰু সংঘৰ্ষ হৈছে, ঠিক তেনেদৰে পৰস্পৰৰ মাজত ভাব-ভাষা আৰু কলা-সংস্কৃতিৰ আদান- প্ৰদান আৰু বিনিময়ো হৈছে। গতিকে দেখা যায় যে ভাৰতীয় সংস্কৃতিৰ ইতিহাস ইয়াৰ ৰাজনৈতিক ইতিহাসৰ দৰেই সমন্বয় আৰু আদান-প্ৰদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ ইতিহাস । ভাৰতীয় ৰাজনীতি, সমাজনীতি, শিল্প, সাহিত্য, দর্শন, চিত্রকলা, ভাস্কর্য, সঙ্গীত প্রভৃতি বিভিন্ন দিশত যুগ যুগ ধৰি হোৱা বিনিময় আৰু আদান-প্ৰদানৰ মাজেদি বর্তমান ভাৰতীয় সংস্কৃতিয়ে বিচিত্ৰ ৰূপ পৰিগ্ৰহ কৰিছে । সমন্বয়ৰ আদৰ্শত গঢ় লৈ উঠাৰ বাবেই ভাৰতীয় সংস্কৃতিয়ে বিচিত্ৰ ৰূপ পৰিগ্ৰহ কৰিছে

১৩ : ‘সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।

উত্তৰ : ‘সভ্যতা’ আৰু ‘সংস্কৃতি’ এই শব্দ দুটাৰ মাজত কিবা পার্থক্য আছে নেকি বিচাৰ কৰি চোৱা উচিত। আচলতে এই শব্দ দুটাৰ মাজত পাৰ্থক্য আছে। এটাৰ সলনি · আনটো ব্যৱহাৰ কৰিব নোৱাৰি ৷ সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায় । ই এটা সমাজ পদ্ধতি এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয় । সমাজ সভ্য অর্থাৎ সুশৃঙ্খল নহ’লে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাৰ্য হাতত লোৱাটো সম্ভৱপৰ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা । এটা জাতি সুসভ্য হ’ব পাৰে। আনহাতে ইয়াৰ তেনে কোনো সাংস্কৃতিক স্তৰ নাথাকিব পাৰে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী। সভ্যতাই সমাজ সুশৃঙ্খল কৰি সংস্কৃতিৰ সৃষ্টিত সহায় কৰে ৷ সংস্কৃতি হৈছে মানৱ সৃষ্ট পৰিবেশৰ এটা উন্নত আৰু শিল্পীত ৰূপ । ই মানৱৰ মনোজগতত উদ্ভৱ হোৱা সকলো ধৰণৰ মানৱীয় কাৰ্যকে সামৰি লয়। মুঠতে মানুহৰ চিন্তা, আদৰ্শ, জ্ঞান, কলা, বিশ্বাস, আইন আচাৰ আদিৰ এক মিশ্রণ। এই সমূহ উপাদানৰ শিল্পীত আৰু পৰীশিলিত ৰূপকেই সংস্কৃতি আখ্যা দিব পাৰি । সংস্কৃতি হৈছে মানৱ কৃতিৰ শ্ৰেষ্ঠ অংশ। ব্যক্তিৰ ব্যক্তিত্ব গঠনত সমাজ আৰু সংস্কৃতিৰ প্রভাৱ অনস্বীকার্য । কাৰ্ষণেই কৃষ্টি, সংস্কৃতি তাৰ সোণালী ফচল। সেইবাবেই সংস্কাৰ বা পৰিমান সংস্কৃতিৰ বাবে অপৰিহাৰ্য ৷ সভ্যতাৰ বিকাশৰ কাৰণে জ্ঞানৰ বিকাশ অপৰিহাৰ্য । শিক্ষা আৰু যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণে মানৱ সভ্যতাৰ বিকাশত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে । আনহাতে, সভ্যতা আৰু সংস্কৃতি পৰম্পৰ সম্পৰ্কযুক্ত। দুয়োটাৰে ধাৰণাৰ মাজত কিছু পার্থক্য থাকিলেও দুয়োবিধ ধাৰণাৰ কৰ্মৰাজিৰ মাজত মিলো পৰিলক্ষিত হয় ৷ সভ্যতাই দৰাচলতে মানুহৰ বহিৰ্জীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তৰ্জীৱনৰ প্ৰতিনিধিত্ব কৰে। মানুহে নিজৰ মস্তিষ্কৰ কৰ্ষণ আৰু বুদ্ধিৰ যথাৰ্থ প্ৰয়োগৰ যোগেদি সভ্যতা নির্মাণ কৰে। আনহাতে হৃদয়বৃত্তিৰ’ কৰ্ষণ আৰু শৈল্পিক কাৰুকাৰ্য নির্মাণেৰে সংস্কৃতি নিৰ্মাণত সহায় কৰে ।

১৪ : উত্তৰ ভাৰত, দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা ।

উত্তৰ : ভাৰতীয় সংস্কৃতি যে প্ৰভাৱশালী সমন্বয়ৰ সম্পদ সেই কথা যুগ যুগ ধৰি ক্ৰমবৰ্দ্ধমান ৰূপত হোৱা আদান-প্ৰদান আৰু বিনিময়ৰ পৰাই উপলব্ধি কৰিব পাৰি । সেইবাবেই আমি ভাৰতীয় ভাস্কর্য, সুকুমাৰ কলা, শিল্প আৰু সাহিত্য সকলোতেই সমন্বয়ৰ নিদৰ্শন দেখিবলৈ পাওঁ । উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিরাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল। গতিকেই ইয়াৰ এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্র্যকে ৰঙীন কৰি তুলিছে। দাক্ষিণাত্যব ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। গঠনৰ বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য। প্রত্যেকটো ভঙ্গিনাই সুকীয়া ৷ ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই। উদাহৰণস্বৰূপে কাঞ্জিভবানৰ মন্দিৰলৈ আঙুলিয়াব পাৰি । এই মন্দিৰটোত অন্ততঃ এহেজাৰটা স্তম্ভ আছে। ইয়াৰ এটা আৰ্হি আনটোৰ লগত নিমিলে ৷ এইবোৰৰ সাজসজ্জাৰ জাকজমকতাই আৰু প্রতিকৃতির বিশালতাই সাধাৰণতে অন্তৰ অভিভূত কৰে । আনহাতে উত্তৰ ভাৰতৰ ভাস্কৰ্য দাক্ষিণাত্যৰ ভাস্কৰ্যৰ লগত নিমিলে। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ । ই আচলতে সংহতিৰ ভাস্কৰ । ইয়াৰ শোভা- সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে, দাক্ষিণাত্যৰ দৰে কাৰকাৰ্যৰ বিশালতাৰ সহায়ত নহয়। গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইয়াতকৈ অনাৱশ্যকীয় আৰু একো নাথাকে। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সবল। আচলতে উত্তৰ ভাৰতীয় ভাস্কর্য সমন্বয়ৰ বস্তু। ইয়াক কোনো প্ৰকাৰেই সম্পূৰ্ণৰূপে ইছলামীয় বুলিব নোৱাৰি। এইবোৰৰ জৰিয়তে প্রচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদর্শ সন্নিবিষ্ট হৈ নতুন এক ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে। ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। এইদৰেই এক নতুন ধাৰাৰ উৎপত্তি হৈছে। এই সমন্বয়ৰ আদৰ্শ য’তেই সফল হৈছে, তাতেই আমি তাজমহলৰ নিচিনা অপূর্ব সৃষ্টি দেখিবলৈ পাইছোঁ। য’তেই হোৱা নাই, ত’তেই সমন্বয়ৰ আদৰ্শ অসাৰ্থক হৈছে ।

১৫) অজন্তাৰ গুহাত শিল্পকলাব এটি বিৱৰণ দিয়া ।

উত্তৰঃ অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান জাতি প্ৰজাতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুটা ভাব-বস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্যাস জীৱন আৰু আনটো হৈছে সমুহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অঙ্কিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে- জীৱন আনন্দৰ উচ্ছ্বাসময় চিত্ৰ। এইবোৰত ফুটি উঠিছে শান্তি, গতি, প্ৰেম আৰু যৌৱন। প্রথম শাৰীত আছে দয়া, ধ্যান আৰু যৌনতা । ভাববস্তুৰ পিনৰ পৰা দুয়োবিধ ছবি একে ধৰণৰ নহয় । দুয়োবিধতে সুকীয়া সুকীয়া জগত প্ৰতিফলিত হৈছে। তথাপি পৃথক যদিও, এই জগত দুখন পৃথকভাবে অঙ্কিত হোৱা নাই। জীৱনৰ অসামঞ্জস্যক এক্লেগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে। প্রাক-মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে । পুৰুষ, মহিলা, শিশু বিবিধ ভঙ্গিমাত সকলোবোৰ একে-ঠাইতে অঙ্কিত হৈছে। জীৱনৰ প্রাচুর্যই যেন শিল্পীক মতলীয়া কৰিছে। এই জীৱনৰ প্ৰাচুৰ্য এক ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদ্বাউল হৈছে। ছবিবোৰৰ ভাববস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই । শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় সাধিত হৈছে। ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ ৷

১৬ : মোগল সম্রাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা ।

উত্তৰ : মোগল সম্রাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্রবেশ কৰে ৷ এই চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ ৷ এনেতৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ ৷ ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু ছেংগীজ খাঁৰ ৰাজ দৰবাৰত; গতিকেই যুগৰ প্রকৃতি অনুসৰি এই আৰ্ট ব্যক্তিবাদী আৰু কঠোৰ হ’বলৈ বাধ্য হৈছিল। ইয়াত ভাব প্ৰৱণতা নাই। আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা ৷ এইখিনিতে উদাহৰণ স্বৰূপে আমি উর্দুৰ ৰোমাণ্টিক কাব্য সাহিত্যৰ কথা উনুকিয়াব পাৰোঁ । বিদ্যাপতিৰ ‘লাখ লাখ যুগ হিয়ঁ হিয়ঁ ৰখে’ইত্যাদিৰ তুলনাত এনে কাৰ্য সাহিত্যত ভাৱ-প্ৰৱণতাৰ পৰিমাণ তাকৰ ব্যক্তিবাদে সাময়িকভাৱে হ’লেও চিত্রশিল্পত ইংগিত বা সংকেতৰ স্থান নোহোৱা কৰিলে ৷ এইবোৰত ফুটি উঠিছিল বুদ্ধিৰ পৰিচয় । বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰ ধাৰাৰ মিলন ঘটিছিল। এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। এই ফালৰ পৰা চাবলৈ গ’লে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আৰ্টৰ প্ৰধান লক্ষণ। এবিধ মূলতে আনন্দাপ্লুত, ৰস-চঞ্চল। আনবিধ ধীৰ, মহুৰ প্রাণ । এইবোৰৰ স্থবিৰতাৰ মাজতো হওঁতে লুপ্ত আনন্দধাৰা উজ্জ্বল হৈ আছে ।

১৭ : উত্তৰ ভাৰতৰ সঙ্গীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?

উত্তৰ : ভাৰতীয় উচ্চাঙ্গ সঙ্গীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ । উত্তৰ ভাৰতৰ সঙ্গীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়, গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে আমি এক উৰণীয়া ভাবৰ সংযোগ দেখিবলৈ পাওঁ। ইয়াকেই দূৰ-বস্তুৰ ওপৰত লোকসঙ্গীতৰ প্ৰভাৱ বুলিব পাৰি ।

১৮ : ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা ৷ উত্তৰ: গঠনৰ সৰলতা আৰু সূক্ষ্মতাৰ যোগেদি ইছলামীয় আদৰ্শই ভাৰতীয় সংস্কৃতিত নতুনত্বৰ সূচনা কৰিছে। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে আৰু ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। এনেদৰেই এক নতুন ধাৰাৰ সৃষ্টি হৈছে। এই সমন্বয়ৰ আদৰ্শ য’তেই সফল হৈছে, ততেই আমি তাজমহলৰ নিচিনা অপূর্ব সৃষ্টি দেখিবলৈ পাইছোঁ। য’তেই হোৱা নাই, তাতেই সমন্বয়ৰ আদৰ্শ অসাৰ্থক হৈছে । মোগল সম্রাট বাবৰৰ আমোলত চিত্ৰ শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে। এই চিত্ৰ শিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সম্বাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তি জীৱনৰ প্ৰকাশ, ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু ছেংগীজ খাঁৰ ৰাজদৰবাৰত ৷ গতিকে যুগৰ প্রকৃতি অনুসৰি এই আৰ্ট ব্যক্তিবাদী আৰু কঠোৰ হ’বলৈ বাধ্য হৈছিল। ইয়াত ভাব প্ৰৱণতা নাই। আছে বিপুল উৎসাহ-উদ্দীপনা আৰু প্ৰেৰণা৷ এইখিনিতে উদাহৰণ স্বৰূপে আমি · উর্দুৰ ৰোমাণ্টিক কাব্য সাহিত্যৰ কথা উনুকিয়াব পাৰোঁ। ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল । পাৰ্থিৱ আৰু অপার্থিৱ দুয়োটাৰ ওপৰত ইছলামৰ আস্থা প্রায় সমান । কিছু পৰিমাণে ইছলামে সামাজিক গণতন্ত্ৰৰ জন্ম দিছিল। ই অনিশ্চিত ভৱিষ্যতৰ বস্তু নহয়। এনে চিন্তাধাৰাই সামাজিক বান্ধোন ছিঙি পেলাইছিল । সমাজৰ দৰিদ্ৰ, পদদলিত জনতাই ইয়াৰ জৰিয়তে মুক্তিৰ সন্ধান পাইছিল। সামাজিক জীৱনত ব্যক্তিৰ মুক্তি বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰি তুলিছিল। ভাৰতভূমিত ইছলামৰ খৰতকীয়া প্ৰচাৰৰ এটা কাৰণ ।

১৯ : প্রাক-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা ৷

উত্তৰ : প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে। পুৰুষ, মহিলা, শিশু বিবিধ ভঙ্গিমাত সকলোবোৰ একে ঠাইতে অঙ্কিত হৈছে। জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে। এই জীৱন প্ৰাচুৰ্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদ্‌বাউল হৈছে। ছবিবোৰৰ ভাববস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই । শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে। মোগল সম্রাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰবেশ কৰে। এই চিত্ৰ শিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন আৰু সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ, ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু জেংগীজ খাঁৰ ৰাজদৰবাৰত । গতিকেই যুগৰ প্রকৃতি অনুসৰি এই আৰ্ট ব্যক্তিবাদী আৰু কঠোৰ হ’বলৈ বাধ্য হৈছিল । ইয়াত ভাব-প্ৰৱণতা নাই। আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা ৷ এইখিনিতে উদাহৰণ স্বৰূপে আমি উর্দুৰ ৰোমাণ্টিক কাব্য সাহিত্যৰ কথা উনুকিয়াব পাৰোঁ ৷ ব্যক্তিবাদে সাময়িকভাৱে হ’লেও চিত্র শিল্পত ইঙ্গিত বা সংকেতৰ স্থান প্ৰায় নোহোৱা কৰিছিল৷ এইবোৰত ফুটি উঠিছিল যুদ্ধৰ পৰিচয়। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োটাৰ সংমি

দিশৰ পৰা চাবলৈ গ’লে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আৰ্টৰ প্ৰধান লক্ষণ। এবিধ মূলতে আনন্দাপ্লুত, ৰস-চঞ্চল। আনবিধ ধীৰ, মহুৰ প্ৰাণ ৷

 ২০ ) “সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা।” লেখকে সংস্কৃতিক জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা বুলি কিদৰে ক’ব বিচাৰিছে, বুজাই লিখা ।

উত্তৰ: ভাৰতীয় সংস্কৃতি’ নামৰ পাঠটিত হেম বৰুৱাদেৱে কৈছে যে সংস্কৃতি হৈছে একোটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা। সংস্কৃতিয়েই একোটা জাতি বা সমাজক বিশ্বৰ দৰবাৰত পৰিচিতি প্ৰদান কৰে। এটা জাতি সুসভ্য হ’ব পাৰে। আনহাতে ইয়াৰ তেনে কোনো সাংস্কৃতিক স্তৰ নাথাকিব পাৰে । ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী। সভ্যতাই সমাজ সুশৃঙ্খল কৰি সংস্কৃতিৰ সৃষ্টিত সহায়তা কৰে। সংস্কৃতি হৈছে মানৱসৃষ্ট পৰিৱেশৰ এটা উন্নত আৰু শিল্পীত ৰূপ। ই মানৱৰ মনোজগতত উদ্ভৱ হোৱা সকলো ধৰণৰ মানৱীয় কাৰ্যকে সামৰি লয় । সেয়ে পাঠটিত লেখকে সংস্কৃতিক একোটা জাতিৰ বা সমাজৰ জীৱন প্রতিভা বুলি যথাৰ্থতে অভিহিত কৰিছে।

 ২১ : ব্যাখ্যা কৰা :

(ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।’

 উত্তৰ : উদ্ধৃত কথাখিনি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেমবৰুৱা বিৰচিত ভাৰতীয় সংস্কৃতি ’শীৰ্ষক পাঠটোৰ পৰা তুলি দিয়া হৈছে।

ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আর্য, অনার্য, দ্রাবিড়, মঙ্গোলীয় প্রভৃতি বিবিধ জনগোষ্ঠীৰ সমিলমিল, সংস্কৃতি গ্ৰহণ আৰু বিনিময়ৰ যোগেদি ভাৰতীয়ে বৰ্তমানৰ ৰূপ পৰিগ্ৰহ কৰিছে। ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোকৰ প্ৰবজন ঘটিছে। বাধাহীন গতিত হোৱা প্ৰবজনৰ ফলস্বৰূপে ভাষাতত্ত্ব, চিত্রকলা, ভাস্কর্য, সাহিত্য, দর্শন, প্রভৃতি বিভিন্ন দিশত সমন্বয় আৰু সমিলমিল সংঘটিত হৈ ভাৰতীয় সংস্কৃতিয়ে বাধাহীন গতিৰে নিৰৱচ্ছিন্ন বৈ আহি ভাৰতীয় সংস্কৃতিক বৈচিত্র্যময় ৰূপ প্ৰদান কৰিছে পুৰণি ভাৰতৰ ইতিহাসত বিভিন্ন অভিযানৰ বৰ্ণনা পোৱা যায়। এনে অভিযানৰ যোগেদি ভাৰতলৈ প্ৰবাহিত হোৱা জনসাধাৰণে কঢ়িয়াই অনা সাংস্কৃতিক সম্পদৰ সৈতে থলুৱা সমাজৰ সমন্বয় সাধিত হৈছে। এসময়ত আৰ্যসকলৰ আগমণ ঘটিল যদিও তেওঁলোকে ইয়াত বসবাস কৰা দ্ৰাবিড়, মঙ্গোলীয় আৰু অন্যান্যসকলৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য্য আদি গ্ৰহণ কৰি তাক নতুন ৰূপ দিলে। গ্রীক, শক, হুন প্রভৃতিৰ আগমণেও ভাৰতীয় সংস্কৃতিক ক্রমান্বয়ে সমৃদ্ধ কৰিলে। এনেদৰেই বিভিন্ন সাংস্কৃতিক সম্পদেৰে ভাৰতীয় জীৱন সমৃদ্ধ হৈছে।

(খ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী ।’

উত্তৰ : উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য-সুবাসৰ অন্তৰ্গত হেম বৰুৱা বিৰচিত ভাৰতীয় সংস্কৃতি’ শীৰ্ষক প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।

ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন আৰু ভঙা-গঢ়াৰ বুৰঞ্জী। এই দেশৰ সম্পদ আৰু প্ৰাচুৰ্যৰ প্ৰতি বিভিন্ন দেশৰ শেনচকু অতি প্রাচীন কালৰে পৰাই আছিল । এই দেশলৈ ইটোৰ পাছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ, ইত্যাদি ঘটনাবে ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্দ্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে বাজ্য ভঙা-গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল । এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য । শক, হুন, পাঠান, মোগলৰ বিভিন্ন দল আক্ৰমণকাৰী ৰূপত এই ভাবতলৈ আহিল আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি গ’ল। এনেদৰে বিভিন্ন সময়ত হোৱা আক্ৰমণ প্ৰতি আক্রমণ, অভিযান আৰু প্ৰতি অভিযানৰ ইতিহাসেবে ভাৰতৰ বুবঞ্জী ভাৰাক্ৰান্ত। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতি ধ্বংসৰ পিছত ইয়াত আৰ্যসংস্কৃতি প্ৰতিষ্ঠাৰ বাবে সংগ্রাম হয়। তথাপিও তাব মাজতেই আর্য-অনার্যব সমন্বয় আক সমাৰোহণৰ যোগেদি ভাৰতীয় সংস্কৃতি বিকশিত হোৱাৰ সুযোগ পায় ।

(গ) ‘সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।’

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেম বৰুৱা বিৰচিত ‘ভাৰতীয় সংস্কৃতি’ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি; আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু দৃষ্টিসুখৰ আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে, আনটোৱে আমাক অন্তৰ আত্মা স্পৰ্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে প্ৰায়েই বিৰাট পটভূমিৰ আতিশয্য কৰে, দ্বিতীয়টোৱে নকৰে । প্ৰথমটোৰ বহির্জাগতিক বিস্তৃতি আছে। দ্বিতীয়টোৰ নাই। আৰ্ট জীৱনৰ পৰা উদ্ভূত হৈ ই জীৱনৰ ওপৰতে ক্ৰিয়া কৰে । আৰ্ট বা কলাৰ উদ্দেশ্য হৈছে আনন্দ প্ৰদান আৰু তাৰ যোগেদি শৈল্পিক অনুভূতিৰ সঞ্চাৰ কৰা। সূক্ষ্ম আৰ্টে মানুহৰ অন্তৰাত্মাত তীব্র অনুভূতিৰ সঞ্চাৰ কৰি মানুহক অভিভূত কৰি তুলিবলৈ সক্ষম হয়। প্রথমবিধ আর্টে বাহ্যিক জাকজমকতাৰ যোগেদি আত্মপ্ৰকাশ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে ৷ আনহাতে দ্বিতীয়বিধে আড়ম্বড়হীনতাৰ মাজেদি মানুহৰ অনুভূতিত প্রবল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি যুগমীয়া প্ৰভাৱ বিস্তাৰ কৰে ।

প্রশ্ন ২২। সন্ধি ভাঙা : সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সম্মত

উত্তৰঃ

সংস্কৃতি = সম +কৃতি,

সমন্বয় = সম + অন্বয়,

সম্বন্ধ = সম + বন্ধ

ভাৰাক্ৰান্ত = ভাৰ + আক্রান্ত,

সন্মত = সম + মত

২৩। বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া :

বৈচিত্র্য, বিস্তৃতি, বিপ্লৱ, ভৌগোলিক, নৈৰাশ, ভৌগোলিক

উত্তৰ : বৈচিত্র্য – বিচিত্রতা

বিস্তৃতি – বিস্তৃত

বিপ্লৱ – বৈপ্লৱিক

ভৌগোলিক — ভূগোল

নৈৰাশ – নিৰাশ

ভৌগোলিক — ভূগোল

Leave a Reply

Your email address will not be published. Required fields are marked *