Class 10 Assamese Question Answers।Chapter 12 Solution পাৰস্যত এভুমুকি । SEBA BOARD । HSLC EXAMINATION 2024-2025

পাৰস্যত এভুমুকি
পাঠভিত্তিক প্রশ্নোত্তৰ
১। চমুকৈ উত্তৰ দিয়া :
(ক) লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক’ত অৱস্থিত?
উত্তৰঃ লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।
(খ) বুশ্বেৰ কি ?
উত্তৰঃ বুশ্বেৰ হৈছে পাৰস্য উপসাগৰৰ পাৰৰ এখন বন্দৰ নগৰী।
(গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল ?
উত্তৰঃ বুশ্বেৰত হেলিকপ্টাৰৰ পৰানমাৰ সময়ত লেখকৰ লগত মেহদি আৰু ঘাছেম নামৰ দুজন ইৰাণী যুৱক আছিল।
(ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে?
উত্তৰঃ বুশ্বেৰ বিমান বন্দৰটোইৰাণৰ এটা সামৰিক ঘাটি হোৱাৰ লগতে তাত এটা নিউক্লীয় ৰিয়েক্টৰ থকা বাবে গুরুত্বপূর্ণ বুলি কোৱা হৈছে।
(ঙ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছিল ?
উত্তৰঃ লেখকে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ আছে বুলি শুনিবলৈ পাইছিল।
(চ) মেহদি আৰু ঘাছেম কোন ?
উত্তৰ: মেহদি আৰু ঘাছেম দুয়ো ইৰাণী যুৱক আছিল।দুয়ো জিঅ’লগ নামৰ ইটালিয়ান কোম্পানী এটাৰ মাডলগা ‘আছিল।
(ছ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি ?
উত্তৰঃ মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম আছিল জিঅ’লগ।
(জ) ভেংকি ক’ত থাকে ?
উত্তৰঃ ভেংকি বুশ্বেৰত থাকে।
(ঝ) ভেংকিয়ে কি কৰে ?
উত্তৰঃ ভেংকিয়ে বুশ্বেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজসমূহৰ তদাৰক কৰে। ।
(ঞ) আবুজাৰ কোন ?
উত্তৰঃ আবুজাৰ এজন ট্ৰেভেল এজেন্ট।
(ট) আগা’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘আগা’ শব্দটো হ’ল “শ্ৰীযুত’ৰ সমাৰ্থক শব্দ, অর্থাৎ “আগা’ৰ অৰ্থ হ’ল শ্ৰীযুত।
(ঠ) পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল ?
উত্তৰ: পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক আছিল নাটাঞ্জৰ ভূগৰ্ভত থকা প্ৰকল্প।
(ড) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে ?
উত্তৰঃ ১৯৭৯ চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে ১ এপ্ৰিলত ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে ।
(ঢ) ইৰাণৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা কোন ?
উত্তৰ: ইৰাণৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা আছিল ইমাম আয়াতুল্লা খামেনি।
(ণ) ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল ?
উত্তৰঃ ইৰাণৰ বুশ্বেৰত থকা গোলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল ।
(ত) ইৰাণৰ ৰাজধানীৰ নাম কি ?
উত্তৰঃ ইৰাণৰ ৰাজধানীৰ নাম টেহৰাণ।
(থ) টেহৰাণত বিমান বন্দৰ কেইটা?
উত্তৰঃ টেহৰাণত দুটা বিমানবন্দ আছে। মেহৰাবাদ বিমান বন্দৰ আৰু খোমেনি আন্তর্জাতিক বিমান বন্দৰ ৷
(দ) লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম কি?
উত্তৰঃ লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম আছিল ‘হোটেল হোমা।
(ধ) ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত।
উত্তৰঃ ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱি মহাকল্পৰ শিলাস্তৰত অৱস্থিত।
(ন) স্লামবাৰ্জাৰকি ?
উত্তৰঃ স্লামবাৰ্জাৰ হ’ল তৈল উদ্যোগৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত এটা বহুৰাষ্ট্ৰীয় কোম্পানী।
(প) ইৰাণীসকলে নৱবৰ্ষক কি বোলে?
উত্তৰঃ ইৰাণীসকলে নৱবৰ্ষক “ন” ৰোজ” বোলে।
(ফ) বেহেক্টইজাহৰা কি ?
উত্তৰঃ বেহেক্ট-ই-জাহৰা হ’ল টেহৰাণৰ এখন বিখ্যাত সমাধিস্থল। ইয়াৰ পৰিসীমা কেইবা কিলোমিটাৰ জুৰিব্যাপ্ত।ইয়াত খোৱা- বোৱাৰ দোকানৰ পৰা খেলপথাৰলৈকে সকলো আছে।
(ভ) চেনি কোনে আৱিষ্কাৰ কৰিছিল ?
উত্তৰঃ সম্রাট জামছেদে চেনি আৱিষ্কাৰ কৰিছিল ।
(ম) লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল?
উত্তৰঃলেখকে ইৰাণলৈ তেল অন্বেষণৰ দায়িত্ব লৈ গৈছিল।
(য) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি ?
উত্তৰঃ ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰনামহ’ল খোমেনি ইন্টাৰনেচনেল এয়াৰপোৰ্ট।
(ৰ) ‘কে’ৰ অৰ্থ কি ?
উত্তৰঃ ‘কে’ৰ অৰ্থ হ’ল চেনি।
২। তেলৰ বাবে চলোৱা খনন কার্যত মাডলিং’আহিলাসমূহৰ ভূমিকা কি?
উত্তৰঃ তেলৰ বাবে চলোৱা খনন কাৰ্যত “মাডলিং”আহিলাসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এইবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ বা তেলৰ পুংআৱিষ্কাৰ তথা কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ খননকার্য চলোৱাত সহায় কৰে। ভূতত্ববিদসকলৰ বাবে এই আহিলাসমূহ অতি গুৰুত্বপূৰ্ণ কাৰণ মাডলিং ইউনিটে প্ৰেৰণ কৰা তথ্য পৰীক্ষা কৰিয়ে ভূতত্ববিদসকলে কোনো স্থানত তেল পাবনে নাপাব আৰু খননকার্যত হ’ব পৰা বিপদ আদি সম্পর্কে সুনিশ্চিত হ’ব পাৰে।
৩। বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।
উত্তৰঃ বুশ্বেৰ এখন পাৰস্য উপসাগৰৰ পাৰত অৱস্থিত ইৰাণৰ সৰু চহৰ। সৰু চহৰ হলেও কিন্তু বুশ্বেৰৰ ৰাস্তা-ঘাট অতি সুপৰিকল্পিত আৰু যথেষ্ট পৰিষ্কাৰ-পৰিচ্ছন্ন। চহৰৰ ৰাস্তাবোৰ চাৰি শাখাযুক্ত আৰু মাজত ডিভাইডাৰ থকা। বুশ্বেৰৰ নগৰ পৰিকল্পনা অতি সুন্দৰ। প্ৰতিটো ঘৰ সুৰক্ষিতভাৱে ওখ ওখ দেৱালেৰে আৱৰা আৰু আৱাসিক অঞ্চলৰ ঘৰবোৰ দুইবা তিনিমহলীয়া। চহৰখনৰমহিলাসকলৰ সাজ-পোছাকসমূহে আধুনিক আৰু সকলো মহিলাই তাত বোখা পৰিধান নকৰে। তদুপৰি বুশ্বেৰত এটা অতি গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছে। যিটো ইৰাণৰ এটা সামৰিক ঘাটি। বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ থকাৰ লগতে এটা পাৰমাণৱিক গৱেষণা কেন্দ্ৰও আছে।
৪। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ ইৰাণ হ’ল মানৱসভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহক। প্রত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক ঐতিহ্য তথা বিৰল কীৰ্তিস্তম্ভৰ যোগেদি ইৰাণৰ প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে। প্ৰায় চাৰি হাজাৰ বছৰ পূৰ্বে আৰ্যগগাষ্ঠীৰ লোকসকলেইৰাণলৈ আহিবসবাসকবিলৈ লৈছিল। খ্রীষ্টপূর্ব প্রায় ছয় শতিকাৰ পূৰ্বে বিখ্যাত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ মেডেছসকলক পৰাস্ত কৰি ইৰাণবাসীক একত্ৰিত কৰিছিল। খ্ৰীঃপূঃ ৫২৯ত ছাইৰাছৰ মৃত্যুৰ পিছত নতুন ৰজা দৰিয়াছে সাম্ৰাজ্য প্ৰসাৰৰ প্ৰয়াস কৰিছিল যদিও পৰৱৰ্তী কাল (চতুর্থ শতিকা)ত আলেকজেণ্ডাৰৰ আগমনত ছাইৰাজৰ পাৰ্ছেপলিছসাম্ৰাজ্যৰ পতন ঘটিছিল। খ্ৰীঃপূঃ দ্বিতীয় শতিকালৈ ইৰাণত গ্রীকসকলে শাসন কৰাৰ পাছত পার্থিয়ানসকলেইৰাণৰশাসনভাৰ লাভ কৰিছিল আৰুপার্থিয়ানসকলৰ ৰাজত্বকালত জোৰাষ্ট্ৰিয়ান ধৰ্মই ইৰাণৰ ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। ৩৫০ বছৰীয়া পার্থিয়ান শাসনৰ পাছত ছাজানিকসকলে চাৰিটা শতিকা ইৰাণত ৰাজত্ব কৰিছিল। ইয়াৰ পাছতে আৰৱসকলৰ ইৰাণলৈ আগমন ঘটে আৰু ইয়াৰ লগে লগে ইৰাণৰ ইতিহাসৰ পৰিৱৰ্তন হ’বলৈ ধৰিছিল। আৰৱসকলে ইৰাণলৈ মুছলিম ধৰ্মৰ আগমন ঘটাইছিল আৰু সময় অতিবাহিত হোৱাৰ লগে লগে ইছলাম ধৰ্মক ইৰাণৰ মুখ্য ধৰ্ম হিচাপে স্বীকৃতি দিয়া হৈছিল। কেইবা শতিকাজুৰি চলা আৰৱ শাসনৰ পৰৱৰ্তী কালত বহুতো বিদেশীশক্তিৰ আক্ৰমণত ইৰাণ বিধ্বস্ত হৈ পৰিছিল। ছাফাভিদবংশৰ ৰাজত্বকালত ইৰাণে কিছুপৰিমাণে পূৰ্বৰ খ্যাতি ঘূৰাইপাইছিল যদিও পৰৱৰ্তী কালত আফগানসকলৰ আক্ৰমণত ছাফাভিদ শাসনৰ পতন হৈছিল। ইৰাণৰ শাসক নাদিৰ শ্বাহ ভাৰতৰ ইতিহাসৰো এক উল্লেখযোগ্য চৰিত্ৰ। তেওঁ ভাৰত আক্ৰমণ কৰি এটা বিশাল ৰাজভড়াল লুট কৰি ইৰাণলৈ লৈ গৈছিল যাৰ ফলত তেওঁ পৰৱৰ্তী তিনি বছৰে দেশবাসীৰ পৰা কোনো কৰ সংগ্ৰহ কৰা নাছিল। নাদিৰ শ্বাহৰ পিছত ইৰাণৰ শাসনভাৰ কাজাৰ বংশৰ হাতলৈ যায় আৰু তেওঁলোকে প্ৰথম বিশ্বযুদ্ধলৈ ইৰাণত শাসন কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ পিছত ৰেহাশ্বাহপাহাভিয়ে ইৰাণৰ শাসনভাৰ গ্ৰহণ কৰাৰে পৰা ইৰাণত আধুনিকীকৰণ প্ৰচেষ্টাই গতিশীলতা লাভ কৰে। ১৯৪১ চনত ছোভিয়েট ৰাছিয়া আৰু ইংলেণ্ড ইৰাণৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰ ফলত ইৰাণৰ শাসনতন্ত্র শক্তিহীন হৈ পৰে যদিও বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে বহু শতিকাজুৰি বিভিন্ন বংশ আৰু বিদেশীশক্তিৰ অধীনত থকা ইৰাণে ১৯৭৯ চনৰ ১ এপ্ৰিলত ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।
৫। ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা।
উত্তৰঃ ইৰাণ হ’ল এখন ভূতত্বৰ আৰ্শীবাদপুষ্ট দেশ।ইৰাণৰ পাৰস্য উপসাগৰীয় অঞ্চলত ডেৰশতকৈও অধিক তৈলক্ষেত্র আছে আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতে দেশ নিৰ্ভৰশীল৷ ইৰাণৰ ভূ-স্তৰত বিভিন্ন যুগৰ বিভিন্ন শিলাস্তুৰত তেল আৰু গেছ পোৱা যায়। ইৰাণৰ পাৰস্য উপসাগৰীয় এলেকাত মধজীৱী মহাকাৰশিলাত্তৰত বৃহৎ পৰিমাণৰ তৈল সম্পদ মজুত আছে বুলি ভূতত্ববিদসকল নিশিচত হৈছে।
৬। অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।
উত্তৰঃ এভাৰেষ্ট জয়ৰ সপোন অৰুণিমাৰ মনে-প্রাণে সোমাই আছিল। শাৰীৰিক প্রতিবন্ধকতাক নগণ্য জ্ঞান কৰি বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত অনুশীলন সম্পূর্ণ কৰি নিৰ্দিষ্ট দিনত অৰুণিমাই এভাৰেষ্ট বগাবলৈ সাজু হ’ল। নিজৰ বিজয় অভিযানৰ বাতৰি যাতে সকলোকে দিব পাৰে, পৰ্বতবগোৱাৰ ভিডিঅ’ যাতে বিশ্ববাসীক দেখুৱাব পাৰে, তাৰ বাবে তেওঁ লগত দুটাকৈ কেমেৰা লৈ গৈছিল। প্ৰয়োজনীয় পানী আৰু অক্সিজেনো লৈছিল। কিন্তু চাৰিনং কেম্প পাওঁতে অক্সিজেন প্রায় শেষ হ’বলগীয়া হোৱাত অৰুণিমাৰ লগত যোৱা ৰেপাজনে তেওঁক নিশ্চিত মৃত্যুৰ পৰা বাচিবলৈ উভতি যোৱাৰ পৰামৰ্শ দিছিল। সেই সময়ত তেওঁৰ দুয়ো ভৰি তেজে তুমৰলি হৈ ভয়ংকৰ অৱস্থা হৈছিল। পিছে ৰুমালেৰে ভৰিৰ তেজ মচি মচি অৰুণিমা আগুৱাইহে গৈছিল। সেইছোৱা বাটত বহু অভিযাত্ৰীব শৱ দেখিও অৰুণিমা ভাঙি পৰা নাছিল, বৰং একেই উদ্যমেৰে তেওঁ আগবাঢ়িছিল। অৱশেষত প্রচণ্ড পৰিশ্ৰম, অধ্যাৱসায় আৰু মানসিক দৃঢ়তাৰ বলত অৰুণিমা উপস্থিত হৈছিল মাউন্ট এভাৰেষ্টৰ শৃংগত। ৮,৮৪৮ মিটাৰ উচ্চতালৈ এই পৰিক্ৰমা তেওঁ শেষ কৰিছিল বাৱন দিনত ডেৰ ঘণ্টা কাল তেওঁ এভাৰেষ্টত আছিল নিজৰ উত্তৰণৰ বাট তেওঁ অদম্য ইচ্ছা আৰু সাহসেৰে গঢ়িছিল।
৭৷ ‘একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা।
উত্তৰ: প্ৰায় প্ৰতিগৰাকী মানুহেইনিজস্ব সম্ভাৱনাৰে পৰিপূৰ্ণ। জীৱনৰ নানা ঘাত-প্রতিঘাতক অদম্য মনোবল, অশেষ পৰিশ্ৰম আৰু সাহসেৰে নেওচি তেওঁলোক আনৰ বাবেও আদৰ্শ হৈ ৰয়। এনে কৰ্মসিদ্ধিৰ বাবে তেওঁলোকক নিতান্তই প্রয়োজন হয় একো একোখন সহায়ৰ হাত, অলপ সহমর্মিতা আৰু আশ্বাসৰ। নিজৰ একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত সিদ্ধি লাভ কৰা অনেক উদাহৰণ ইতিহাসৰ পাতত আছে। একলব্যই গুৰুৰ প্ৰতিমূৰ্তিৰ সন্মুখত কেৱল একাণপতীয়া সাধনাৰেই ধনুর্বিদ্যাত অদ্বিতীয় হৈ উঠিছিল। একেদৰে গভীৰ অৰণ্যত নিশাটো ঘিটমিটীয়া আন্ধাৰৰ মাজত পৰম ধৈৰ্যৰে থাকি অর্জুনে শিকিছিল শব্দভেদী বাণৰ প্ৰয়োগ । দুৰাৰোগ্য মটৰ নিউন ৰোগত আক্ৰান্ত হৈও মানসিক দৃঢ়তা আৰু প্ৰতিভাৰ কৰ্ষণেৰে শতিকাৰ অন্যতম শ্রেষ্ঠ বিজ্ঞানীৰূপে পৰিগণিত হৈছিল ষ্টিফেন হকিং। অৰুণিমা সিন্হাও অদম্য মানসিক শক্তিৰ অধিকাৰী আছিল। দুৰ্ঘটনাত নিজৰ দুয়োখন ভৰি প্ৰায় অকামিলা হোৱা সত্ত্বেও তেওঁ এভাৰেষ্টত আৰহণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মূলতে আছিল প্ৰচণ্ড আত্মবিশ্বাস আৰু অদম্য উদ্যম। অৰুৰ্ণিমা সিন্হাৰ দৰে বহু ব্যক্তি আছে যি নিজ প্রতিভাৰ কৰ্ষণেৰে নিজৰ লগতে অইনৰো আগুৱাই যোৱাৰ বাট মুকলি কৰিছে।বাচেন্দ্ৰি পালৰ দৰে ব্যক্তিত্বৰ সংস্পৰ্শঅৰুণিমাৰ আশ্ৰয় আছিল। সমাজৰ যিসকল লোক নিজ নিজ ক্ষেত্ৰত প্রতিষ্ঠিত, তেওঁলোকে অইন দহজনক আগুৱাই নিব পাৰে। প্ৰশ্নোদ্ধৃত কথাফাকিৰে লেখকে তাকেই ক’ব বিচাৰিছে ।
৮। ক্রিকেট খেলুৱৈ সুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল ?
উত্তৰঃ- ভাৰতীয় দলৰ তাৰকা ক্রিকেট খেলুৱৈযুৱৰাজসিংহাওঁফাওঁৰকৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ অৰুণিমায়ো পাইছিল। বহুতে ভাবিছিল যুৱৰাজে খেলুৱৈ জীৱনলৈ আৰু প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিব। কিন্তু উপযুক্ত চিকিৎসা আৰু অদম্য মানসিক দৃঢ়তাৰ বলত দুৰাৰোগ্য ৰোগৰ পৰা যুৱৰাজ আৰোগ্য হৈছিল। পুনৰ ক্ৰিকেটৰ মাজলৈ তেওঁ উভতি আহিছিল। এই ঘটনাই অৰুণিমাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল । অদম্য মানসিক বল আৰু প্রচণ্ড ইচ্ছাশক্তি থাকিলে কোনো শাৰীৰিক বাধাইসপোন দিঠক হোৱাৰ বাটৰুধিব নোৱাৰে। তাৰ পাছত অৰুণিমা আৰু দৃঢ় হ’ল। নিজৰ সপোনৰ সাৰ্থকতাৰ বাবে কঠোৰ অনুশীলন কৰিলে। নিজৰ উত্তৰণৰ বাট নিজ প্রচেষ্টাৰেই গঢ়িলে আৰু সফল
৯। চমু টোকা লিখ :
বাচেন্দ্রি পাল, টেনজিং নগে, ষ্টিফেন হকিং।
উত্তৰঃ ৰাচেন্দ্ৰি পালঃ মাউন্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথমগৰাকী ভাৰতীয় মহিলা । ১৯৮৪ চনত তেওঁ এই কার্য সমাপন কৰিছিল। উত্তৰাখণ্ডৰ গৰৱাল জিলাৰ কুৰিত ১৯৫৪ চনৰ ২৪ মে’ত তেওঁ জন্মগ্ৰহণ কৰিছিল। শ্ৰী কিষান সিং পাল আৰুহংসা দেৱীৰ কন্যা বাচেন্দ্রিয়ে স্নাতকোত্তৰ আৰু বি এড ডিগ্ৰী লাভ কৰিছিল ডেৰাডুনৰ পৰা। ১২ বছৰ বয়সতে পবৰ্তাৰৰহণৰ অভিজ্ঞতা অৰ্জন কৰা বাচেন্দ্রি পাল নেশ্যনেল এডভেঞ্চাৰ ফাউণ্ডেচনৰ প্ৰশিক্ষক আৰু টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনৰ প্রতিষ্ঠাপক। দেশে বিভিন্ন সন্মানেৰে বিভূষিত কৰা বাচেন্দ্ৰি পালে নিজৰ পাৰদৰ্শিতাৰ বাবে বহু বটাবাহন লাভ কৰিছে। ভাৰতবৰ্ষৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সম্মান অর্জুন’ লাভ কৰাৰ লগতে তেওঁ দেশৰ চতুৰ্থ আৰু তৃতীয় সর্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী আৰু পদ্মভূষণও লাভ কৰে। ১৯৯৭ চনত গৰৱাল বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। ‘এভাৰেষ্ট—মাই জার্নি টু দ্য টপ’শীৰ্ষক গ্ৰন্থখন তেওঁৰ আত্মজীৱনীখন প্ৰকাশ হয় ২০১৪ চনত ।টেনজিংনৰগেঃ পৃথিৱীৰ সৰ্বোচ্চ শৃঙ্গ মাউন্ট এভাৰেষ্ট আৰহণকাৰী প্ৰথমগৰাকী ব্যক্তি। এডমাণ্ড হিলাৰীৰ লগত যুটীয়াভাৱে ১৯৫৩ চনত তেওঁ এই বিজয় সাব্যস্ত কৰিছিল। ১৯১৪ চনত নেপালৰ খুম্বু অঞ্চলত জন্ম লাভ কৰা নৰগেৰ প্রকৃত নাম নামগ্যাল ৱাংদি। ১৯ বছৰ বয়সতে তেওঁ শ্বেৰপাৰূপে পৰিগণিত হৈছিল যদিও এভাৰেষ্ট আৰোহণৰ সুযোগ তেওঁ ১৯৩৫ চনত প্ৰথমবাৰলৈ লাভ কৰিছিল। অৱশ্যে শৈশৱত তেওঁক এগৰাকী বৌদ্ধ ভিক্ষুৰৰূপতহে গঢ়ি তুলিব খোজা হৈছিল। দার্জিলিঙৰ হিমালয়ান মাউন্টেইনিয়াৰিং ইনষ্টিটিউটৰ প্ৰথমগৰাকী সঞ্চালক আছিল নৰগে। ১৯৭৫ চনত তেওঁ ভূটানৰৰজাৰ অনুমতি সাপেক্ষে এগৰাকী ছিৰ্দাৰ (গাইড) ৰূপে কাম কৰে। নিজৰ দুঃসাহসিক অভিযানৰ বাবে জীৱনকালত নৰগেই বহুতো সন্মান লাভ কৰে। গ্রেট ব্ৰিটেইনৰ সন্মানীয় জর্জ মেডেল’ তেওঁ লাভ কৰিছিল। অন্যান্য বঁটা-বাহন আৰু সন্মানৰ লগতে তেওঁ লাভ কৰিছিল ভাৰতবৰ্ষৰ তৃতীয় সর্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’ ২০১৩ চনত তেওঁৰ সন্মানার্থে নেপাল চৰকাৰে এখন পর্বত নাম ৰাখিছিল ‘টেনজিং পীক। ২০১৫ চনত লুট’ গ্রহত আৱিষ্কৃত ৩.৪ কিল’মিটাৰ উচ্চতাৰ পৰ্বতমালাৰ নামকৰণো হৈছিল ‘টেনজিং মছ’বুলি। ১৯৮৬ চনত ৭১ বছৰত তেওঁ দার্জিলিঙত মৃত্যুবৰণ কৰে। ষ্টিফেনহকিং শতিকাৰ শ্ৰেষ্ঠতম পদার্থবিদ তথা জ্যোতির্বিদ।সম্পূর্ণ নাম ষ্টিফেন উইলিয়াম হকিং।১৯৪২ চনত ড°ফ্র্যাঙ্ক হকিং আৰু ইছছাবেলহকিঙৰ পুত্ৰ ষ্টিফেনে জন্ম লাভ কৰে। লণ্ডনত স্কুলীয়া জীৱন আৰম্ভ কৰা হকিঙে প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা আৰু কেজি বিশ্ববিদ্যালয়ৰ ক্ৰিনীতি কলেজৰ পৰা লাভকৰে স্নাতকোত্তৰ ডিগ্রী। কেমব্রিজ বিশ্ববিদ্যালয়ৰ গনবিল এণ্ডকীইজ কলেজৰ পৰা তেওঁ ডক্টৰেট ডিগ্ৰীও পায় ‘প্রপার্টিজ অৱ এক্সপাণ্ডিং ইউনিভাছেছ’ শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে। আপেক্ষিকতা, কোৱান্টাম বলবিদ্যাৰ আছিল তেওঁৰ প্রধান গৱেষণাৰ বিষয় আৰু কৰ্মক্ষেত্ৰৰৰ বিষয়। ১৯৭৯ চনৰ পৰা ২০০৯-লৈকে তেওঁ কেমব্রিজ বিশ্ববিদ্যালয়ৰ লুকাছীয় অধ্যাপক আছিল৷ গনবিল এণ্ড কীইজ কলেজৰ ফেল’হিচাপেও তেওঁ তিনি বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জার্নালত তেওঁৰ লেখা প্ৰকাশৰ উপৰি গৱেষণাসমৃদ্ধ গ্রন্থ বহুকেইখন তেওঁ ৰচনা কৰি থৈ গৈছে। জীৱনকালত তেওঁ অজস্ৰ বঁটা-বাহন,সন্মানেৰে বিভূষিত হৈছে। ছাত্ৰাৱস্থাতে দুৰাৰোগ্য মটৰ নিউৰন বৰাগত আক্ৰান্ত হৈও তেওঁ পৰিগণিত হ’ব পাৰিছিল বিশ্বৰ সমকালীন বিজ্ঞানীসকলৰ মাজত অন্যতম শ্রেষ্ঠৰূপে৷ তেওঁৰতুলনা কৰা হয় ইতিহাসপ্রসিদ্ধ বিজ্ঞানী গেলিলিও গেলিলি আৰু ছাৰ আইজাক নিউটনৰ লগত। এইগৰাকী মহান বিজ্ঞানীৰ মৃত্যু হয় ২০১৮ চনৰ ১৪ মাৰ্চত।
ভাব বিষয়ক
১০। সন্ধি ভাঙা
সংশয়, বিপদাপন্ন, পৰ্বতাৰহণ, উৎসাহ, হিমালয়, প্রত্যাহ্বান,
উত্তৰঃ
সংশয় = সম্ + শয়
বিপদাপন্ন = বিপদ + আপন্ন
পৰ্বতাৰোহণ = পৰ্বত+আৰোহণ
উৎসাহ = উৎ+ সাহস
হিমালয় = হিম+আলয়,
প্ৰত্যাহ্বান = প্রতি + আহ্বান করে
১১। তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা
অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফল
উত্তৰঃ
অনুৰাগ = অনু + ৰাগ
অনুভৱ = অনু + ভৰসাৰিত
অভিনয় = অভি + নয়
প্ৰতিফল = প্ৰতি + ফল
পাৰস্যত এভুমুকিপাৰস্যত এভুমুকিপাৰস্যত এভুমুকিপাৰস্যত এভুমুকিপাৰস্যত এভুমুকিনপাৰস্যত এভুমুকিপাৰস্যত এভুমুকিপাৰস্যত এভুমুকিপাৰস্যত এভুমুকিপাৰস্যত এভুমুকিপাৰস্যত এভুমুকি