বায়ুমণ্ডল : গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ

অনুশীলনীৰ প্রশ্নোত্তৰ
বায়ুমণ্ডল : গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ । Class 9 Social Science । SEBA BOARD ASSAM
১। বায়ুমণ্ডল কাক বোলে? তথ্যসহ ইয়াৰ গঠন সম্পর্কে চমুকৈ লিখা ।
উত্তৰ : দৰাচলতে পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোকে বায়ুমণ্ডল (Atmosphere) বোলে।
ভূ-পৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ কিল’মিটাৰ উচ্চতা পর্যন্ত এই বায়ুমণ্ডল বিস্তৃত। পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ বাবেই বায়ুমণ্ডলটো পৃথিৱীৰ গাতে লাগি আছে। বায়ুমণ্ডলত ৰংবিহীন বিভিন্ন গেছৰ উপৰি জলীয় বাষ্প আৰু ধূলিকণা মিশ্ৰিত হৈ আছে। উল্লেখযোগ্য যে, ভূ-পৃষ্ঠৰ পৰা ক্ৰমশঃ ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ট্য বেলেগ বেলেগ হয়। সেয়ে, উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্যান্য উপাদানবোৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ ঘনত্ব, চাপ আৰু উত্তাপৰ পৰিৱৰ্তন ঘটে। বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰ’জেন আৰু অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.০৮ শতাংশ নাইট্ৰ’জেন আৰু ২০.৯৪ শতাংশ অক্সিজেন। অন্যান্য গেছবোৰ মিথেন, ক্রিপ্টন, হাইড্ৰ’জেন, অজ’ন, জেনন ইত্যাদি (০.০১৪ শতাংশ)।
বায়ুমণ্ডলত থকা গধুৰ গেছসমূহ, যেনে— নাইট্ৰ’জেন, অক্সিজেন, আর্গন, কার্বন-ডাই- বায়ুণ্ডলৰ গেছবোৰ সেৰেঙা হ’বলৈ ধৰে। বায়ুমণ্ডলৰ অধিক উচ্চতাত হিলিয়াম, হাইড্ৰ’জেন আদি অতি পাতল গেছেৰে ভৰা। বায়ুমণ্ডলত থকা জলীয় বাষ্প আৰু ধূলিকণাও ইয়াৰ নিম্ন স্তৰত সীমাৱদ্ধ থাকে।
২। গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি? লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা।
উত্তৰ : ৰাসায়নিক গঠন অনুসাৰে বায়ুমণ্ডলক প্ৰধানকৈ দুটা স্তৰত ভগাব পাৰি। যেনে— (ক) হম’স্ফিয়েৰ (খ)হে’টৰ’স্ফিয়েৰ ।
(ক) হম’স্ফিয়েৰঃ ভূ-পৃষ্ঠৰ পৰা ৮০ কি.মি. উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ বিভিন্ন গেছৰ অনুপাত আৰু ৰাসায়নিক গঠন প্রায় একে থাকে। এই কাৰণে এই স্তৰটোক হম’স্ফিয়েৰ (Homosphere) বোলে।
(খ) হেটৰ’স্ফিয়েৰঃ হুম’স্ফিয়েৰৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠনৰ পৰিৱৰ্তন ঘটে। গেছৰ ৰাসায়নিক ভিন্নতাৰ বাবে এই স্তৰটোক হে’ট’স্ফিয়েৰ (Heterosphere) বোলা হয়। এই স্তৰত গেছবোৰে সিহঁতৰ আণৱিক ভৰ অনুসৰি অৱস্থান গ্ৰহণ কৰি কিছুমান তৰপৰ সৃষ্টি কৰে। এনেকুৱা চাৰিটা প্ৰধান গেছৰ তৰপ হেট্ৰৰ’স্ফিয়েৰত পোৱা যায়। সেই তৰপকেইটা হ’ল—
(i) নাইট্ৰ’জেন তৰপঃ এই তৰপটো হম’স্ফিয়েৰৰ পৰা অৰ্থাৎ ৮০ কি.মি.ৰ পৰা প্ৰায় ২০০ কি.মি. উচ্চতালৈ বিস্তৃত হৈ আছে।
(ii) অক্সিজেন তৰপঃ এই তৰপটো নাইট্ৰ’জেন তৰপৰ পৰা প্ৰায় ১১২৫ কি.মি. উচ্চতালৈ বিস্তৃত হৈ আছে।
(iii) হিলিয়াম তৰপঃ এই তৰপটো অক্সিজেন তৰপৰ পৰা প্ৰায় ৩৫৪০ কি.মি. উচ্চতালৈকে বিস্তৃত হৈ আছে আৰু
(iv) হাইড্ৰ’জেন তৰপ : এই তৰপটো হিলিয়াম তৰপৰ পৰা বহু ওপৰলৈকে বিস্তৃত হৈ আছে।
৩ । উচ্চতা আৰু উত্তাপৰ হ্ৰাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি কি স্তৰত বিভক্ত কৰিব পাৰি চিত্ৰসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পর্কে চমুকৈ লিখা
উত্তৰ : বায়ুমণ্ডলৰ উচ্চতা আৰু উত্তাপৰ হ্ৰাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক প্ৰধানকৈ চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই স্তৰকেইটা হৈছে— (ক) ট্ৰপ’স্ফিয়েৰ (খ) ষ্টেট’স্ফিয়েৰ (গ) মেছ’জস্ফিয়েৰ (ঘ) থার্মোস্ফিয়েৰ। চিত্ৰত এই স্তৰসমূহ দেখুওৱা হৈছে।
(ক) ট্ৰপ’স্ফিয়েৰঃ ভূ-পৃষ্ঠৰ পৰা ১৮ কি.মি. পর্যন্ত ওপৰৰ স্তৰকে ট্ৰপ’স্ফিয়েৰ বা ঘনমণ্ডল বোলা হয়। এই স্তৰতে আমি বাস কৰোঁ। এই স্তৰটোৰ নিৰক্ষীয় অঞ্চলত সর্বোচ্চ উচ্চতা ১৬ কি.মি. আৰু মেৰু অঞ্চলত সর্বোচ্চ উচ্চতা ১০ কি.মি.। অৱশ্যে গড় হিচাপে ট্ৰপ’স্ফিয়েৰৰ উচ্চতা ১০ কি.মি. বুলি ধৰা হয়। এই স্তৰত ৭৫শতাংশ গেছীয় উপাদান আৰু জলীয় বাষ্প তথা ধূলিকণা থাকে। এই স্তৰটো ভূ-পৃষ্ঠৰ সংলগ্ন হোৱাৰ বাবে বায়ুত অধিক জলীয় বাষ্প থাকে। এই কাৰণে এই স্তৰত মেঘ, বৰষুণ, বজ্ৰপাত, তুষাৰপাত আদি সৃষ্টিৰ লগতে বতৰৰ ক্ৰিয়া-কলাপ সংঘটিত হয়। এই স্তৰৰ উচ্চতা বৃদ্ধিৰ লগে লগে উত্তাপৰ পৰিমাণ হ্ৰাস পায় ৷ উত্তাপ হ্ৰাসৰ হাৰ হ’ল— প্ৰতি ১ কি.মি. উচ্চতাত ৬৪: চেণ্টিগ্রেড। ট্রপ’স্ফিয়েৰৰ ঊৰ্ধসীমাটোক ট্ৰপ’জ বুলি কোৱা হয়। ট্ৰপ’স্ফিয়েৰত উত্তাপ ক্ৰমে ওপৰলৈ কমি গৈ ট্রপ’জত উত্তাপ হয়গৈ আটাইতকৈ কম অর্থাৎ প্রায় ৬০ চেণ্টিগ্রেড। ইয়াৰ ওপৰলৈ অৱশ্যে উত্তাপ আকৌ বাঢ়ি যোৱা দেখা যায় ৷
(খ) ষ্ট্রেট স্ফিয়েৰ : টপ স্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হৈছে ষ্ট্রেটস্ফিয়েৰ । এই দুয়োটা কৰৰ মাজৰ সীমাটোক ট্ৰপ’জ বুলি জনা যায়। ষ্ট্রেট স্ফিয়েৰৰ মাজেৰে ওপৰলৈ উত্তাপ ক্রমে বাঢ়ি যোৱা দেখা যায় আৰু ইয়াৰ উচ্চভাগত প্রায় ০° চেণ্টিগ্রেড হয়গৈ।|
এই ষ্টেট’স্ফিয়েৰতে অজ’ন গেছৰ এটা স্তৰ থাকে। অজ’ন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি শোষণ কৰাৰ ফলতে ষ্ট্রেট স্ফিয়েৰত উত্তাপ বাঢ়ে। | অজ’ন গেছৰ স্তৰে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি ভূ-পৃষ্ঠৰ জীৱ-জগতক বিপদৰ পৰা ৰক্ষা কৰি আছে। ট্ৰপ’জৰ পৰা ষ্ট্রেট’স্ফিয়েৰটোৰ উচ্চতা প্রায় ৪০ কি.মি.। ষ্টেট স্ফিয়েৰৰ উৰ্ধসীমাটোক ষ্ট্ৰেপ’জ বোলা | হয়। গতিকে ভূ-পৃষ্ঠৰ পৰা ষ্ট্ৰেপ’জলৈ গড় উচ্চতা হৈছে কি.মি. প্রায় ৫০ কি.মি. ।
(গ) মেচ’জস্ফিয়েৰঃ ষ্ট্রেট’পজৰ ঠিক ওপৰৰ স্তৰটোক মেচ’জস্ফিয়েৰ বুলি জনা যায়। এই স্তৰটো ষ্ট্ৰেট’পজৰ পৰা প্ৰায় ৩০ কি.মি. উচ্চতালৈকে বিস্তাৰিত হৈ আছে। এই স্তৰৰ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে যে উচ্চতা বৃদ্ধিৰ লগে লগে ইয়াত উত্তাপ কমিবলৈ আৰম্ভ হয়। ওপৰলৈ ক্ৰমে উত্তাপ কমি গৈ সি যি সীমাত নিম্নতম হয় তাকে মেছ’পজ বোলা হয়। মেছ’পজেই হৈছে মেচ’জস্ফিয়েৰৰ ঊর্ধসীমা।
(ঘ) থার্মোস্ফিয়েৰঃ মেছ’পমৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ যি স্তৰত উচ্চতা বৃদ্ধিৰ লগে লগে উত্তাপ বৃদ্ধি হয় সেই স্তৰটোকে থার্মোস্ফিয়েৰ বোলা হয়। এই স্তৰত উত্তাপ প্ৰায় ১৬৫০ ̊ চেণ্টিগ্রেড। ইয়াত বায়ুৰ ঘনত্ব অতি নগণ্য হৈ পৰে। থার্মোস্ফিয়েৰ হেটৰ’স্ফিয়েৰ স্তৰৰ অন্তৰ্গত ।
৪। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰ উদাহৰণসহ আলোচনা কৰা ।
উত্তৰ : বায়ুমণ্ডলৰ চাপৰ তাৰতম্য বিভিন্ন কাৰণত হ’ব পাৰে। ইয়াৰ ভিতৰত দুটা প্ৰধান কাৰণ হ’ল—
(ক) বায়ুৰ উচ্চতাৰ তাৰতম্য ঃ ভূ-পৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে সমান নহয় । ইয়াৰ ফলত কোনো অঞ্চল শীতল, কোনো অঞ্চল নাতিশীতোষ্ণ আৰু কোনো অঞ্চল উষ্ণ হৈ পৰে। তাপৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰো তাৰতম্য ঘটে। তাপ পালে বায়ু প্ৰসাৰিত হয় আৰু বায়ু প্ৰসাৰ্তি হ’লে ইয়াৰ ঘনত্ব কমি যায় ৷ ঘনত্ব কমি গ’লে বায়ু পাতল হোৱাৰ ফলত ইয়াৰ চাপ কমি যায়। আকৌ গৰম বায়ুৰ জলীয় বাষ্পধাৰণ ক্ষমতা বেছি ফলত এনে বায়ু আৰ্দ্ৰ হৈ পৰে। আৰ্দ্ৰ বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্পধাৰণ ক্ষমতা কমে ফলত এনে বায়ু .. শুষ্ক হয়। শুষ্ক বায়ুৰ চাপ বেছি। গতিকে ক’বলৈ হ’লে য’তেই উত্তাপ বেছি তাতেই চাপ কম হয় আৰু য’তেই উত্তাপ কম আৰু বায়ু শুষ্ক হয় তাতেই বায়ুৰ চাপ বেছি।
(খ) পৃথিৱীপৃষ্ঠত উচ্চতা : সমুদ্রপৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ উঠা যায় সিমানেই বায়ুমণ্ডলৰ গভীৰতা কমি যায়। বায়ুমণ্ডলৰ গভীৰতা কমি গ’লে ইয়াৰ ভৰ কম হয় আৰু ফলত চাপো কম হয়। সেয়েহে উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্রাস পায়। যি ঠাইৰ উচ্চতা বেছি সেই ঠাইৰ চাপ কম হয় আৰু যি ঠাইৰ উচ্চতা তুলনামূলকভাৱে কম হয় সেই ঠাইৰ চাপ তুলনামূলক হিচাপে বেছি হয়। প্রতি ৯০০ ফুট উচ্চতাত বায়ুৰ চাপ ১ ইঞ্চি অথবা প্রায় ৩৪ মিলিবাৰ হাৰত কমি যায়। উত্তাপৰ এনে তাৰতম্যৰ বাবে আকৌ বায়ুমণ্ডলৰ চাপৰো তাৰতম্য ঘটে। ইয়াৰ উপৰিও বায়ুত জলীয় বাষ্পৰ তাৰতম্য আৰু বায়ুৰ আৱৰ্তন গতিৰ বাবেও বায়ুমণ্ডলত চাপৰ তাৰতম্য ঘটে।
৫। চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপবলয়কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা ৷
উত্তৰঃ বায়ুমণ্ডলৰ চাপৰ তাৰতম্য অনুযায়ী ভূ-পৃষ্ঠত প্রধানতঃ চাৰি প্ৰকাৰৰ চাপ বলয় বা চাপমণ্ডল পৰিলক্ষিত হয়। তলত চিত্রসহ চাপমণ্ডলবোৰৰ বৈশিষ্ট্য আলোচনা কৰা হ’ল :
(ক) নিৰক্ষীয় নিম্নচাপ বলয়ঃ বিষুৱ ৰেখা বা নিৰক্ষৰ ৰেখাৰ উত্তৰে আৰু দক্ষিণে ৫° অক্ষাংশ আৰু ১০° অক্ষাংশৰ মাজত গোটেই বছৰ জুৰি সূৰ্যৰ তাপ লম্বভাৱে পৰে। ফলত এই অঞ্চলৰ বায়ু তুলনামূলকভাৱে উষ্ণ অৱস্থাত থাকে লগতে এই অঞ্চলৰ বায়ু পাতল হয় আৰু ঘনত্ব কমি থাকে। সেয়ে ইয়াত নিম্ন চাপৰ সৃষ্টি হয়। নিৰক্ষীয় অঞ্চলত জলভাগৰ মাত্ৰাও বেছি। উত্তাপ বেছি হোৱাত এই অঞ্চলৰ বায়ুত চাপ কম হয়। ইয়াৰ
ফলত নিৰক্ষীয় অঞ্চলত স্থায়ীভাৱে বায়ুমণ্ডলত নিম্ন চাপ পরিলক্ষিত হয়। নিম্ন চাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊর্ধগামী হয়। এনে ক্ষেত্ৰত এই অঞ্চলত ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলা পৰিলক্ষিত নহয় আৰু ইয়াত বায়ু শান্ত অৱস্থাত থকা যেন অনুভূত হয়। এই কাৰণেই এই অঞ্চলক নিৰক্ষীয় শান্ত বলয় বা শান্ত মণ্ডল বোলা হয়।
(খ) উপক্রান্তীয় উচ্চ চাপ বলয় : কর্কটক্রান্তি আৰু মকৰক্ৰান্তি উভয়ৰ ২৫ -৩৫’ উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ মাজৰ অঞ্চলত শীতল আৰু গধুৰ বায়ু তললৈ নামি আহি অৱস্থান কৰে। আনহাতে দুই মেৰু অঞ্চলৰ পৰাও শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে। উত্তৰৰ কৰ্কটক্রান্তি আৰু দক্ষিণৰ মকৰক্ৰান্তিৰ ওচৰত এনে শীতল আৰু গধুৰ বায়ু মিলিত হৈ উচ্চ চাপ অঞ্চলৰ সৃষ্টি কৰে। এই অঞ্চলত বায়ুৰ গতি প্ৰধানকৈ নিম্নমুখী হয় আৰু সেয়েহে ইয়াত বতাহ বা বায়ুপ্রবাহ অনুভূত নহয়। এই অঞ্চলত বায়ুপ্রবাহ ইমানেই কম হয় যে কেতিয়াবা সাগৰত জাহাজ চলাচলো কৰিব নোৱাৰে। মধ্যযুগত ইউৰোপীয় নাৱিকসকলে হেনো এই অঞ্চলত জাহাজ চলাবলৈ অসুবিধা পাইছিল। বতাহৰ গতি নথকাৰ বাবে জাহাজবিলাক চলাব নোৱাৰাৰ বাবে নাৱিকসকলে জাহাজৰ ওজন কমাবলৈ _জাহাজত অনা ঘোঁৰাবিলাকক সাগৰত পেলাবলগাত পৰিছিল। সেয়েহে এই উপক্রান্তীয় অঞ্চলটোক অশ্ব অক্ষাংশ বুলিও জনা যায়। উপক্রান্তীয় উচ্চ চাপ বলয় ঋতুভেদে কেতিয়াবা কেতিয়াবা কিছু উত্তৰ দিশে আৰু কেতিয়াবা কেতিয়াবা কিছু দক্ষিণলৈ প্রবাহিত হয়।
(গ) উপ-মেৰুদেশীয় নিম্ন চাপ বলয় : উত্তৰ গোলাৰ্ধৰ সুমেৰু আৰু দক্ষিণ গোলাৰ্ধৰ কুমেক বৃত্ত অঞ্চলত ৬০°-৭০° অক্ষাংশৰ মাজত গোটেই বছৰজুৰি বায়ুৰ নিম্ন চাপ পৰিলক্ষিত হয়। উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ এই দুই উপমেৰু অঞ্চলত পৃথিৱীৰ আৱৰ্তনৰ গতি তুলনামূলকভাৱে বেছি। ফলত উপমেৰু অঞ্চলৰ বায়ু উপক্রান্তীয় অঞ্চলৰ দিশে বিক্ষিপ্ত হয় আৰু তেতিয়াই উপমেৰু অঞ্চলত বায়ুৰ পৰিমাণ কমি তাত নিম্ন চাপৰ সৃষ্টি কৰে। এই চাপ বলয়টোৱে অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে ৷
(ঘ) মেৰুদেশীয় উচ্চ চাপ মণ্ডলঃ উত্তৰ আৰু দক্ষিণ গোলার্ধত ৬৫°-৯০° অঞ্চল বা সুমেৰু আৰু কুমেৰু অঞ্চল গোটেই বছৰজুৰি বৰফ আবৃত্ত হৈ থাকে। ইয়াৰ বায়ু অতিশয় শীতল। মেৰু অঞ্চলত বৰফ আবৃত হৈ থকাৰ বাবে ইয়াত জলীয় বাষ্প নাথাকে । ফলত মেৰু অঞ্চলত স্থায়ীভাৱে বায়ুৰ উচ্চ চাপ থাকে। সেয়েহে দুই মেৰু অঞ্চলক উচ্চ চাপ মণ্ডল বুলি কোৱা হয় ৷
৬। পৃথিৱীত অনুকূল প্রাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পর্কে লিখা
উত্তৰ : পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ উল্লেখযোগ্য্য উপাদান হ’ল বায়ুমণ্ডল। পৃথিৱীৰ অশ্মমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলৰ সৈতে বায়ুমণ্ডলে পৃথিৱীত বসবাসকাৰী জীৱৰ অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে। জীৱজগতৰ কাৰণে প্ৰয়োজনীয় গেছসমূহ বায়ুমণ্ডলত যোগান থকাৰ উপৰিও এই পৃথিৱীৰ উপৰিভাগৰ তাপশক্তিৰ বিতৰণ আৰু সঞ্চালনতো সহায় কৰে। বায়ু প্রবাহিত হোৱাৰ কাৰণে অতি উষ্ণ আৰু অতি শীতল স্থানসমূহৰ মাজত উত্তাপৰ পার্থক্য বহুখিনি হ্রাস হয়। জীৱজগতৰ কাৰণে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি মহাকাশৰ মাজেৰে পৃথিৱী পোৱাত বায়ুমণ্ডলে বাধা প্ৰদান কৰে। বায়ুমণ্ডলৰ উপস্থিতিৰ কাৰণে পৃথিৱীত উদ্ভিদ আৰু প্ৰাণীজগত জীয়াই আছে। প্রাণীজগতৰ অস্তিত্ব বায়ুমণ্ডল অবিহনে কল্পনাই কৰিব নোৱাৰি। বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ কি.মি. ওপৰ পৰ্যন্ত বিস্তৃত হৈ আছে।
৭। বায়ুপ্রবাহ কাক বোলে ? বায়ুপ্রবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা ৷
উত্তৰ : ভূ-পৃষ্ঠৰ সমান্তৰাল বা অনুভূমিকভাৱে বায়ুৰ চলাচলক বায়ুপ্রবাহ বোলে। বতাহ বা বায়ুপ্রবাহৰ উৎপত্তি মূলতঃ বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াৰ ওতঃপ্ৰোতভাৱে জড়িত বায়ুমণ্ডীয় চাপৰ ওপৰত নিৰ্ভৰ কৰে। ভূ-পৃষ্ঠত সূৰ্যৰ তাপ সকলো ঠাইতে সমানে নগৰে। বিষুৱ অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাবে পৰে বাবে তাত উষ্ণতা সর্বাধিক হয়। আনহাতে মেৰুৰ ফাললৈ সূৰ্যৰ ৰশ্মি ক্ৰমান্বয়ে হেলনীয়াকৈ পৰাৰ বাবে উষ্ণতাও হ্রাস পায়। বায়ুৰ উষ্ণতা বঢ়াৰ লগে লগে ই পাতল হৈ ওপৰলৈ গতি করে আৰু সেই ঠাইত এক নিম্ন চাপৰ সৃষ্টি হয়। ইয়াৰ ফলত তুলনামূলকভাৱে কম উষ্ণতা বিৰাজ কৰা উচ্চ চাপ অঞ্চলৰ পৰা এই নিম্ন চাপ অঞ্চললৈ বায়ু প্রবাহিত হয়। অর্থাৎ Gradient)-ৰ সৃষ্টি হৈ বায়ুপ্রবাহ আৰম্ভ হয়। এই প্রবাহ সদায় আপেক্ষিকভাৱে উচ্চ চাপ অনুভূমিক বায়ুৰ ঘনত্বৰ পৰিৱৰ্তন বা চাপৰ তাৰতম্যৰ বাবে চাপ গতি (Pressure অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ অৰ্থাৎ চাপনতিৰ দিশত হয়। মন কৰিবলগীয়া যে বিষুৱ অঞ্চলত ভূ-পৃষ্ঠৰ পৰা উষ্ণবায়ু ওপৰলৈ উঠে আৰু ওপৰেদি উচ্চ অক্ষাংশৰ পিনে গধুৰ কৰি মেৰু অঞ্চলত নিম্নগামী হয়। আকৌ সেই বায়ুৱে বায়ুমণ্ডলৰ নিম্ন স্তৰেদি মেৰু অঞ্চলৰ পৰা বিষুৱ অঞ্চললৈ চেঁচা বায়ু হিচাপে গতি কৰে।
কোনো এখন ঠাইৰ বায়ুপ্রবাহ আৰু ইয়াৰ বৈশিষ্ট্য বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। তলত উল্লেখ কৰা প্ৰধান চাৰিটা শক্তিয়েই বায়ুপ্রবাহৰ দিশ আৰু গতিবেগক নিৰ্ধাৰণ কৰে। প্রধান শক্তি বা কাৰককেইটা হ’ল :
(ক) চাপনতি শক্তি (Pressure Gradient Force )
(খ) মাধ্যাকর্ষণ শক্তি (Gravitational Force) (গ) অপকেন্দ্রিক শক্তি (Centrifugal Force)
(ঘ) ঘর্ষণ শক্তি (Frictional Force)
৮। বায়ুপ্রবাহৰ সৃষ্টিৰ মূল কাৰণটো কি? ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাকসমূহ চমুকৈ লিখা ।
উত্তৰ : বায়ুমণ্ডলত বায়ু কেতিয়াও একেবাৰে স্থিৰ হৈ নাথাকে। বায়ুৱে গতি কৰিলেই ইয়াক বতাহ বা বায়ুপ্রবাহ বোলে। বায়ুৰ গতি দুই প্ৰকাৰৰঃ (ক) অনুভূমিক প্রবাহ (Horizonal wind) (খ) উলম্বিক প্রবাহ (Vertical wind)। বায়ুৱে যেতিয়া ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাকেই বতাহ বা বায়ুপ্রবাহ বোলে। বায়ু যেতিয়া ঊর্ধগামী হয় তেতিয়া তাক উলম্বিক প্রবাহ বা স্রোত বোলে। ইয়াৰ অনুভূমিক বায়ুহে বেছি গুৰুত্বপূর্ণ। বতাহ বা বায়ুপ্রবাহৰ উৎপত্তিৰ মূল কাৰক হ’ল— উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জৰিত বায়ুমণ্ডলীয় চাপৰ ওপৰত নিৰ্ভৰ কৰে।
বায়ুৰ দিশ নিৰ্ধাৰণৰ কাৰকসমূহ হ’ল :
(ক) চাপনতি শক্তি (Pressure Gradient Force)
(খ) মাধ্যাকর্ষণ শক্তি (Gravitational Force)
(গ) অপকেন্দ্রিক শক্তি (Centrifugal Force)
(ঘ) ঘর্ষণ শক্তি (Frictional Force)
(ক) চাপনতি শক্তি (Pressure Gradient Force) : বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্রবাহৰ সৃষ্টি কৰে। ইয়াক চাপনতি বোলে। আচলতে এখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। ঠাইখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ’লে বায়ুপ্রবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হ’লে গতিবেগ হ্রাস পায়। চাপনতিয়ে বায়ুপ্রবাহৰ দিশো নির্ণয় কৰে।
(খ) মাধ্যাকর্ষণ শক্তি (Gravitational Force) : সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকর্ষণেও বায়ুপ্রবাহত এটা চালিকা শক্তিৰ কাম কৰে। বায়ুৰ ওজন বা চাপ মূলতঃ মাধ্যাকর্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকর্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্রাস পায়, সেয়ে সাগৰপৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুৰ চাপো হ্ৰাস পায়। এইদৰে বায়ুমণ্ডলত উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক উলম্বিক বায়ুপ্রবাহ চলি থাকে। ইয়াৰ ফলত ভৈয়ামৰ পৰা পৰ্বতলৈ বায়ুপ্রবাহ চলে। অন্যান্য শক্তিৰ লগতে মাধ্যাকর্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ . প্রবাহিত বায়ুৰ গতি সম্পূৰ্ণ সৰলৰৈখিক নহৈ কিছু বাষ্পাকাৰ হয়।
(গ) অপকেন্দ্রিক শক্তি (Centrifugal Force) : অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতিৰ দিশৰ কিছু বিক্ষেপণ ঘটে। এনে পৰিঘটনাৰ কথা ১৮৪৪ চনত পোন প্ৰথমে গেচপাৰ্ড ডি কোৰিওলিচ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদ্ঘাটন কৰা বাবে এই শক্তিটো : কোৰিওলিচ বল (Coriolis Force) হিচাপে জনাজাত। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য বাবে যেতিয়া উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বতাহ বলে তেতিয়া এই কোৰিওলিচৰ বলে সেই বতাহৰ দিশৰ কিছু সলনি কৰে। পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা এই বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্রবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ুপ্রবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে। ইয়াক ফেৰেলৰ সূত্ৰ বুলি কোৱা হয় ।
(ঘ) ঘর্ষণ শক্তি (Frictional Force) : বায়ু প্রবাহত ঘর্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ । বতাহৰ গতিবেগত ঘর্ষণ শক্তিয়ে ঋণাত্মকভাৱে ক্ৰিয়া কৰে। বিশেষকৈ অনুভূমিক বতাহ কোনো পৃষ্ঠৰ ওপৰেদি বলিলে তাৰ ওপৰতেই ঘৰ্ষণ শক্তিৰ মান নিৰ্ভৰ কৰে। অর্থাৎ যদি ভূ-পৃষ্ঠ পর্বত-পাহাৰ-ভৈয়ামৰ খলা-বমাৰে পূৰ্ণ বা গছ-গছনি, সুউচ্চ অট্টালিকা আদিৰে ভৰা হয়, তেতিয়া ঘর্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠইদি বায়ু প্রবাহ হ’লে গতিবেগ যথেষ্ট হ্রাস পায়। জলপৃষ্ঠ বা বৰফাবৃত্ত ঠাইৰ ওপৰেৰে বতাহ বলিলে ইয়াৰ গতিবেগত ঘর্ষণ শক্তিৰ প্রভাৱ যথেষ্ট কম হয়। ঘৰ্ষণ শক্তিয়ে বতাহৰ দিশৰো সলনি কৰে। গতিকে বুজা গ’ল যে উল্লেখিত এই চাৰিটা শক্তিৰ যৌথ ক্রিয়ার উদ্ভব হোৱা পৰিণামী শক্তিয়েহে প্রবাহিত বায়ুৰ দিশ আৰু গতিবেগ নিৰ্ধাৰণ কৰে।
৯। ‘কোৰিওলিচ বল’ বুলিলে কি বুজা? বতাহৰ গতি দিশ নির্ধারণত ইয়াৰ ভূমিকা চিত্রসহ চমুকৈ বৰ্ণনা কৰা ৷
–উত্তৰঃ পৃথিৱীৰ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি হোৱা আৱৰ্তন গতিৰ ফলত কেন্দ্ৰৰ পৰা বহির্মুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াক অপকেন্দ্রিক শক্তি বোলে। এই অঙ্গকেন্দ্রিক শক্তির … প্ৰভাৱত বায়ুৰ গতিৰ দিশৰ কিছু বিক্ষেপণ ঘটে। এই ঘটনাৰ কথা ১৮৪৪ চনত পোনপ্ৰথম গেচ্পার্ড ডি কোৰিওলিচ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদ্ঘাটন কৰা বাবে এই শক্তিটা
“কোৰিওলিচ বল” (Coriolis Force) হিচাপে জনাজাত। বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে যেতিয়া উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বতাহ বলে তেতিয়া এই কোৰিওলিচৰ বলে সেই বতাহৰ দিশৰ কিছু সলনি কৰে। পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা এই বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্রবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্রবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে। ইয়াক ফেৰেলৰ সূত্ৰ (Ferrell’s Law) বুলি কোৱা হয়। এই সূত্র অনুসৰি উত্তৰ গোলাৰ্ধৰ মেৰুমুখী বতাহ আপেক্ষিকভাৱে উত্তৰ-পূবমুৱা হয়। অৱশ্যে কোৰিওলিচ বলৰ মান বিষ্ণুর ৰেখাত শূন্য আৰু ই মেৰুৰফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সর্বোচ্চ হয়। অর্থাৎ বিষুৱীয় অঞ্চলৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইৰ বায়ুপ্রবাহক পৃথিৱীৰ আৱৰ্তন গতিয়ে প্ৰভাৱান্বিত কৰে ।
১০। ‘চাপনতি শক্তি’ বুলিলে কি বুজা? বায়ুপ্রবাহত ইয়াৰ ভূমিকা কি?
উত্তৰ : বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্রবাহৰ সৃষ্টি কৰে। ইয়াক চাপনতি বোলে। আচলতে এখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। ঠাইখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ’লে বায়ুপ্রবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হ’লে গতিবেগ হ্রাস পায়। চাপনতিয়ে বায়ুপ্রবাহৰ দিশো নির্ণয় কৰে।
১১। বায়ুপ্রবাহত পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ ভূমিকা সম্পর্কে চমুকৈ লিখা ।
উত্তৰ : ৮-নং প্ৰশ্নৰ (খ) নং অংশটো চোৱা, প্রশ্ন ১২। বতাহৰ নামকৰণ বুলিলে কি বুজা? এখন ঠাইৰ ওপৰেদি প্রবাহিত বায়ুব নামকৰণ কেনেকৈ কৰা হয় ?
উত্তৰ : বায়ু যি দিশৰ পৰা বলে সেই দিশৰ নাম অনুসৰি বতাহৰ নাম দিয়া হয় । যেনে— পশ্চিম দিশৰ পৰা প্ৰবাহিত বায়ুক পশ্চিমা বতাহ (Westerly wind), উত্তৰ- পূব দিশৰ পৰা বলা বতাহক উত্তৰ-পূব বতাহ (North-Eastly wind) বোলে ইত্যাদি। যি অঞ্চলৰ ওপৰেদি বতাহ বলে, বায়ুৰাশিয়ে সেই অঞ্চলৰ উষ্ণতা, আর্দ্রতা আদি ভৌতিক ধর্মবোৰ সংগ্ৰহ কৰে। সেয়ে সমুদ্ৰৰ ওপৰেদি প্রবাহিত বায়ুৰাশিত প্ৰচুৰ পৰিমাণে জলীয় বাষ্প থাকে। আনহাতে ক্রান্তীয় মৰুভূমিৰ ওপৰেদি প্রবাহিত বায়ুৰাশি শুকান আৰু লঞ্চ হয়। ভূ-পৃষ্ঠৰ যি দিশৰ পৰা বতাহ আহে তাক পৱনমুখী (Windward) আৰু যি দিশলৈ বলে তাক পৱনবিমুখ (Leeward) বোলা হয়।
১৩। বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়? ইয়াৰ গতিবেগৰ এককবোৰ কি ?
উত্তৰ : কোনো এখন ঠাইৰ বায়ুৰ দিশ, মেঘৰ গতি, ধোঁৱা, পানী, ঢৌ ইত্যাদিৰ গতিৰ পৰা জনা যায়। কিন্তু উইণ্ডভেন (Windvane) নামৰ যন্ত্ৰটিৰ সহায়ত বায়ুৰ সঠিক দিশ নিৰ্ণয় কৰা হয়। বতাহৰ দিশ সাধাৰণতে চুম্বকীয় উত্তৰ দিশৰ পৰিপ্ৰেক্ষিতত ডিগ্ৰীত প্ৰকাশ কৰা হয়৷ উদাহৰণস্বৰূপে এখন ঠাইত বতাহ চুম্বকীয় উত্তৰ দিশত বলিলে ইয়াৰ দিশ হ’ব ০° আৰু একেবাৰে পূবত বলিলে ইয়াৰ দিশ হ’ব ৯০°। বতাহৰ গতিবেগ এনিম’মিটাৰ (Anemometer) নামৰ যন্ত্ৰ এটাৰ দ্বাৰা জোখা হয়। আজিকালি অৱশ্যে বহুধৰণৰ এনিম’মিটাৰ যন্ত্ৰ ওলাইছে। ইয়াৰে এনিম’গ্ৰাফ (Anemograph) নামৰ যন্ত্ৰটোৰ দ্বাৰা স্বয়ংক্রিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ হয়। ১৮০৫ চনতে ব্ৰিটিছ বিজ্ঞানী ছাৰ ফ্ৰেঞ্চিচ বিউফ’ৰ্টে (Sir Francis Beaufort) প্ৰস্তুত কৰা ০-১২ নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়াক বিউফ’ৰ্ট স্কেল (Beaufort Scale) বুলি কোৱা হয়। বতাহৰ গতিবেগক নট (Knot)-ত প্ৰকাশ কৰা হয়। বতাহৰ গতিবেগ এক নট মানে ১ নাটবোল মাইল প্রতি ঘণ্টাত। অৰ্থাৎ ১.৮৫৪ কিল’মিটাৰ প্ৰতি ঘণ্টাত বা ৩০’৯. মিটাৰ প্ৰতি মিনিটত ।
১৪। বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয়? উদাহৰণসহ চমুকৈ আলোচনা কৰা ৷
উত্তৰঃ- প্ৰধানকৈ বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি বহলভাৱে বায়ুপ্ৰবাহক তিনিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি। যেনে- (ক) মুখ্য বা প্রাথমিক বায়ু প্রবাহ, (খ) গোণ বায়ু প্রবাহ আৰু (গ) স্থানীয় বায়ু প্রবাহ।
(ক) প্রাথমিক বায়ু প্রবাহ (Primary Circulation) : পৃথিৱীপৃষ্ঠত স্থায়ীভাৱে থক চাপ বলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্রাথমিক বা মুখ্য বায়ুপ্রবাহ (Primary Wind) বোলে। প্রাথমিক বায়ুপ্রবাহেই অন্য নিম্ন পৰ্যায়ৰ বায়ুপ্রবাহৰ পৰিৱেশৰ সৃষ্টি কৰে। স্থায়ী বায়ুপ্রবাহ অহহ পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ উপক্রান্তীয় আৰু মেৰুদেশীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় আৰু উপমেৰুদেশীয় নিম্ন চাপ বলয়লৈ চলি থাকে। এনেবোৰ বতাহক নিয়মিত বতাহ (Permanent Wind) বা নিয়ত বতাহ (Planetary Wind) বুলিও কোৱা হয়। প্রাথমিক বায়ুপ্রবাহৰ অন্তৰ্গত বতাহ হ’ল— বাণিজ্য বতাহ, পছোৱা বতাহ আৰু মেৰুদেশীয় বতাহ
স বাণিজ্য বতাহ ৩০° উত্তৰ আৰু ৩০° দক্ষিণ অক্ষাংশৰ আশে-পাশে অৱস্থিত উপক্রান্তীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্ন চাপ বলয়ৰ ফালে প্ৰবাহিত পৃষ্ঠবায়ুকে বাণিজ্য বতাহ (Trade Wind) বোলে। এই বতাহ উত্তৰ গোলাৰ্ধত উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম দিশ আৰু দক্ষিণ গোলার্ধত দক্ষিণ-পূবৰ পৰা উত্তৰ-পশ্চিম দিশত বলে। সেয়ে ইয়াক উত্তৰ গোলাৰ্ধত উত্তৰ-পূব বাণিজ্য বতাহ (North-East Trade Wind) আৰু দক্ষিণ গোলার্ধত দক্ষিণ-পূর্ব বাণিজ্য বতাহ (South-East Trade Wind) বোলে। নিৰক্ষীয় অঞ্চলত এই বতাহৰ মিলনৰ ফলত ইয়াত শান্ত বলয়ৰ সৃষ্টি হয় ।
পশ্চিমা বতাহ : উপক্রান্তীয় উচ্চ চাপ বলয়ৰ পৰা উচ্চ অক্ষাংশীয় উপমেকৰ ফালে (Westerlies) বোলে৷ উত্তৰ গোলাৰ্ধত এই বায়ুপ্রবাহ দক্ষিণ-পশ্চিমৰ পৰা পূব আৰু উত্তৰ- কা নিম্ন চাপ অঞ্চললৈ যি নিয়মিত বায়ুপ্রবাহ হয় তাক পশ্চিমা বতাহ বা পছোৱা বতাহ | পূবলৈ বয়। কিন্তু দক্ষিণ গোলার্ধত এই প্রবাহ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূব দিশত বয়। | বাণিজ্য বতাহৰ তুলনাত পছোৱা বতাহ বেছি পৰিৱৰ্তনশীল আৰু ক্ষিপ্র। দক্ষিণ গোলাৰ্ধৰ বাশেষকৈ ৪০° ৰ পৰা ৬০° অক্ষাংশ অঞ্চলৰ সাগৰপৃষ্ঠত পছোৱা বতাহৰ তীব্রতা অত্যধিক বিশে সেয়ে নাৱিকসকলে ৪০°-ৰ অক্ষাংশক গৰ্জনমুখৰ চল্লিচ (Roaring Forties) বোলে।
মেৰুপ্ৰবাহঃ মেৰুদেশীয় উচ্চ চাপ বলয়ৰ পৰা উচ্চ অক্ষাংশত থকা উপমেরুদেশীয় নিম্ন চাপ বলয়লৈ যি স্বাভাৱিক বায়ুপ্রবাহ হয় তাক মেৰুপ্রবাহ বা মেৰুদেশীয় বতাহ (Polar | Wind) বোলা হয়। দুয়ো গোলার্ধতে এই বায়ুপ্রবাহ পূৰ্ব দিশৰ পৰা বলে বাবে ইয়াক মেৰুদেশীয় পূর্ব বতাহো বোলা হয়।
(খ) গৌণ বতাহঃ ভূ-অৱয়ৱৰ প্ৰকৃতি, জলভাগৰ বিস্তৃতিৰ বিভিন্নতা, তথা আঞ্চলিক ঋতুভিত্তিক চাপ বলয়ৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ুপ্রবাহবোৰকে সাধাৰণতে গৌণ বতাহ বুলিব পাৰি। ঘূর্ণিবতাহ বা চক্রবাত (Cyclone), প্রতীপ ঘূর্ণিবতাহ (Anti-Cyclone), বায়ুৰাশি (Air mass), বাতাগ্র (Front), মৌচুমী বতাহ (Monsoon) আদিয়েই প্ৰধানকৈ গৌণ বতাহৰ অন্তৰ্গত। এনে বায়ুৰ প্রবাহে একো একোটা অঞ্চলত বতৰৰ লক্ষণীয় পৰিৱৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থাক গ অস্থিৰ কৰি তোলে।
(গ) স্থানীয় বায়ু প্রবাহঃ কিছুমান স্থানীয় কাৰক, যেনে— ভূ-অৱয়ৱৰ বিভিন্নতা আৰু ক. উচ্চতাৰ তাৰতম্যৰ বাবে সীমিত অঞ্চলৰ ভিতৰত যি বায়ুপ্রবাহৰ সৃষ্টি হয় তাকে স্থানীয় হ বায়ুপ্রবাহ (Local Wind) বোলে বা তৃতীয়ক বায়ুপ্রবাহ (Tertiary Circulation), বোলা ল্প হয়। ইয়াক অস্থায়ী বা অ-নিয়মিত বায়ুপ্রবাহো বুলি কোৱা হয়। স্থানীয় বায়ুপ্রবাহৰ ভিতৰত হ জলবতাহ, স্থল বতাহ, পৰ্বতীয়া বতাহ, ভৈয়ামৰ বতাহ ইত্যাদি ।
১৫। প্রাথমিক বায়ুপ্রবাহ বুলিলে কি বুজা? এটা চিত্ৰত প্ৰাথমিক বায়ুপ্রবাহৰ । বিতৰণ দেখুওৱা। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা ৷
উত্তৰ : পৃথিৱীপৃষ্ঠত স্থায়ীভাৱে থকা চাপ বলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি হ সাধাৰণতে সমগ্ৰ পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্রাথমিক বা মুখ্য বায়ুপ্রবাহ (Primary Wind) বোলে। প্রাথমিক বায়ুপ্রবাহেই অন্য নিম্ন পৰ্যায়ৰ বায়ুপ্রবাহৰ পৰিৱেশৰ সৃষ্টি কৰে। স্থায়ী বায়ুপ্রবাহ অহৰহ পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ উপক্রান্তীয় আৰু মেৰুদেশীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় আৰু উপমেরুদেশীয় নিম্ন চাপ বলয়লৈ চলি থাকে। এনেবোৰ বতাহক নিয়মিত বতাহ (Permanent Wind) বা নিয়ত বতাহ (Plan-etary Wind) বুলিও কোৱা হয়। প্রাথমিক বায়ুপ্রবাহৰ অন্তৰ্গত বতাহ হ’ল— বাণি বতাহ, পছোৱা বতাহ আৰু মেৰুদেশীয় বতাহ। বাণিজ্য বতাহ ৩০° উত্তৰ আৰু ৩০° দক্ষিণ অক্ষাংশৰ আশে-পাশে অৱস্থিত উপক্রান্তীয় · (Trade Wind) বোলে। এই বতাহ উত্তৰ গোলাৰ্ধত উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম দিশত আৰু দক্ষিণ গোলার্ধত দক্ষিণ-পূবৰ পৰা উত্তৰ-পশ্চিম দিশত বলে। সেয়ে ইয়াক উত্ত গোলাৰ্ধত উত্তৰ-পূব বাণিজ্য বতাহ (North-East Trade Wind) আৰু দক্ষিণ গোলার্ধত দক্ষিণ-পূব বাণিজ্য বতাহ ( South-East Trade Wind) বোলে। নিরক্ষীয় অঞ্চলত এই উচ্চ চাপ বলৰ পৰ। কিীয় নিহ চাপ বলাৰ বলে এবাহিত পৃধবাক বতাহৰ মিলনৰ ফলত ইয়াত শান্ত বলয়ৰ সৃষ্টি হয়। চিত্ৰৰ কাৰণে ১৪নং প্রশ্নৰ চিত্ৰটো চোৱা
১৬। গৌণ বতাহ কাক বোলে? উদাহৰণসহ এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা বর্ণনা কৰা ৷
উত্তৰঃ ভূ-অৱয়ৱৰ প্ৰকৃতি আৰু ভূমিৰ জলভাগৰ বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপ-তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ুপ্রবাহক সাধাৰণভাৱে গৌণ বায়ুপ্রবাহ বুলিব পাৰি। ঘূর্ণি বতাহ বা চক্রবাত (Cyclone) | বাতাগ্র (Front), মৌচুমী বতাহ্ (Monsoon) আদিয়েই প্রধানকৈ গৌণ বতাহৰ উদাহৰণ। এনে বায়ুপ্রবাহে একো একোটা অঞ্চলত বতৰৰ লক্ষণীয় পৰিৱৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থাক অস্থিৰ কৰি তোলে৷ কোনো এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত গৌণ বতাহৰ গুৰুত্বপূৰ্ণ ভূমিকা দেখা যায় । উত্তাপ, আৰ্দ্ৰতা আদিৰ সমগুণসম্পন্ন বৃহৎ আকাৰৰ একো একোটা বায়ুপুঞ্জক বায়ু ৰাশি বোলা হয়। কোনো এক বৃহৎ অঞ্চলত বায়ু দীৰ্ঘকাল স্থিৰাৱস্থাত থাকিলে ইয়াৰ নিম্নস্তৰৰ বায়ু নিম্নস্থ ভূমিৰ দ্বাৰা প্ৰভাৱান্বিত হয় আৰু ভূমিৰ গুণা-গুণ অনুসৰি এই বায়ুৱে নির্দিষ্ট তাপ আৰু আৰ্দ্ৰতা আহৰণ কৰে। সেয়ে উলম্বিক দিশত ভূ-পৃষ্ঠৰ পৰা ওপৰলৈ বায়ুস্তৰৰ তাপ আৰু আৰ্দ্ৰতাৰ তাৰতম্য ঘটে। বায়ুৰাশি অপসাৰী হৈ যি অঞ্চলৰ ওপৰেদি প্রবাহিত হয় সেই অঞ্চলৰ বতৰো ই নিৰ্ধাৰণ কৰে। বায়ুৰাশি প্ৰধানকৈ চাৰি শ্ৰেণীৰ আছে— (ক) ক্রান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি (খ) ক্রান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি (গ) মেৰু অঞ্চলৰ মহাদেশীয় বায়ুৰাশি আৰু (ঘ) মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি ।
যেতিয়া উত্তাপ, আর্দ্রতা, চাপ, ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি পৰস্পৰৰ সন্মুখীন হয়, ইহঁতৰ মাজত পোনে-পোনে মিশ্রণ নঘটি দুটাৰ মাজত এক বিচ্ছেদক বায়ুপৃষ্ঠৰ বা বিচ্ছেদক ৰেখাৰ সৃষ্টি হয়। ইয়াকে বাতাগ্র বোলা হয়। এনে বাতাএতে বতৰৰ পৰিৱৰ্তন হয়। বাতাগ্র অঞ্চলত ডাৱৰৰ সৃষ্টি হয়। বাতাগ্ৰৰ ভাগবোৰ হল— শীতল বাতাগ্র, উষ্ণ বাতাগ্র, অচল বাতাগ্র, অন্তর্ভূত বাতাগ্র ।
ঘূর্ণিবতাহৰ সৃষ্টি হয় নিম্ন চাপক কেন্দ্ৰ কৰি। বায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্থাত এটা নিম্ন চাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰকাৰে গতি লয় তাকে ঘূর্ণি বতাহ বা চক্রবাত (Cyclone) বোলে। ঘূর্ণি বতাহ প্ৰধানকৈ. দুই প্রকাৰৰ : (ক) ক্রান্তীয় ঘূর্ণি বতাহ (খ) বহিঃক্রান্তীয় ঘূর্ণিবতাহ বা মধ্য অক্ষাংশীয় ঘূর্ণি বতাহ
ক্রান্তীয় ঘূর্ণি বতাহ উত্তৰ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ বিপৰীতে আৰু দক্ষিণ গোলাৰ্ধত কাঁটাৰ দিশত বলে। ক্রান্তীয় ঘূর্ণি বতাহৰ গতিবেগ প্রতি ঘণ্টাত ১২০-ৰ পৰা ২৮০ ঘড়ীৰ কিল’মিটাৰ পৰ্যন্ত হয়। উত্তৰ আমেৰিকাৰ দক্ষিণ-পূব অংশ, জাপানৰ পূব উপকূল, ভাৰতবৰ্ষৰ পূর্ব উপকূল অংশত এনে ক্রান্তীয় ঘূর্ণি বতাহৰ ফলত প্ৰায় প্ৰতি বছৰে ধন-জনৰ বিস্তৰ ক্ষতি হয়। ক্রান্তীয় ঘূর্ণি বতাহ বিভিন্ন নামেৰে পৰিচিত। ইয়াক প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত টাইফুন (Typhoon), পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ অঞ্চলত হাৰিকেন (Hurricane), ভাৰত মহাসাগৰীয় অঞ্চলত চাইক্লন (Clyclone), অসমত বৰদৈচিলা আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ-পশ্চিম উপকূলত উইলী-উইলী (Willy-Willy) বুলি কোৱা হয়।
বহিঃক্ৰান্তীয় ঘূর্ণি বতাহৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত ৩০°-ৰ পৰা ৬৫° অক্ষাংশ অঞ্চলত উৎপত্তি হয়। ইয়াক তৰংগ ঘূর্ণি বতাহ (Wave Cyclone) বুলিও কোৱা হয়। বহিঃক্ৰান্তীয় বৰ্তাহৰ বাবে মূলতঃ নাতিশীতোষ্ণ অঞ্চলৰ বতৰৰ সঘনে পৰিৱৰ্তন হৈ অস্থিৰ হোৱা দেখা যায়। এই ঘূর্ণি বতাহ বছৰৰ যিকোনো সময়তে সৃষ্টি হ’ব পাৰে। এনে ঘূর্ণী বতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সৃষ্টি হয়।
প্রতীপ ঘূর্ণি বতাহ এটা বায়ুমণ্ডলীয় অৱস্থা যিটো ঘূর্ণি বতাহৰ সম্পূৰ্ণ বিপৰীত প্রতীপ ঘূর্ণি বতাহে বতৰৰ পৰিৱৰ্তন সাধন কৰে। পৃথিৱীৰ দুয়ো গোলাৰ্ধৰ উপক্রান্তীয় আৰু উচ্চ অক্ষাংশ অঞ্চলত প্ৰতীপ ঘূর্ণি বতাহৰ সৃষ্টি হয় ।
প্রতীপ ঘূর্ণি বতাহ প্রধানতঃ দুই প্ৰকাৰৰ— (ক) উপক্রান্তীয় উষ্ণ প্রতীপ ঘূৰ্ণি ৰতাহ আৰু (খ) উচ্চ অক্ষাংশীয় শীতল প্রতীপ ঘূর্ণি বতাহ। উচ্চ অক্ষাংশীয় শীতল প্রতীপ ঘূর্ণি বতাহৰ বাবে প্ৰধানকৈ শীতকালত উত্তৰ আমেৰিকা, পশ্চিম ইউৰোপ আদিত অতিপাত শীতল বতাহ প্রবাহিত হয়। উত্তৰ-পূব কানাডা আৰু উত্তৰ-পূব ইউৰোপত শীতল ধুমুহা (Blizzard)ৰ সৃষ্টি হয়। সাধাৰণতে প্রতীপ ঘূর্ণি, বতাহৰ ফলত বতৰ ফৰকাল হয়। অৱশ্যে উপক্রান্তীয় অঞ্চলৰ প্রতীপ ঘূর্ণি বতাহবোৰ যদি উষ্ণ সাগৰৰ ওপৰেদি প্রবাহিত হয়, তেতিয়া কিছু পৰিমাণে বৰষুণো হয়। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰত বতাহ প্ৰৱেশ কৰি গ্ৰীষ্মকালত সেই অঞ্চলত কিছু বৰষুণ দিয়ে। এনে মৌচুমী বতাহ প্ৰধানকৈ ক্ৰান্তীয় আৰু উপক্রান্তীয় অঞ্চলৰ এক আঞ্চলিক বায়ুপ্রবাহ। দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া, দক্ষিণ-পূব চীন আদি অঞ্চলত মৌচুমীপ্রবাহ বেছিকৈ পৰিলক্ষিত হয়। মৌচুমীপ্রবাহে গ্ৰীষ্মকালত আৰব সাগৰ আৰু বঙ্গোপসাগৰৰ পৰা প্ৰবাহিত হৈ মেঘালয়ৰ দক্ষিণ অংশ, অসমৰ পাৰ্বত্য অঞ্চলৰ পাদভূমিত আৰু পশ্চিমঘাট পর্বতমালার পশ্চিম ঢালত বৰষুণৰ মাত্ৰা অধিক হয়। কিন্তু শীতকালত এই প্রবাহ শুকান হয় যদিও . সাগৰৰ ওপৰেদি প্রবাহিত হোৱা শীতকালৰ মৌচুমী প্রবাহেও দক্ষিণ ভাৰতৰ তামিলনাডুৰ উপকূলত বৰষুণ দিয়ে ।
১৭। স্থানীয় বতাহ কাক বোলে? স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায় উদাহৰণসহ চমুকৈ আলোচনা কৰা ৷
উত্তৰ : ভূ-অৱয়ৱৰ বিভিন্নতা আৰু উচ্চতাৰ পাৰ্থক্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ুপ্রবাহৰ সৃষ্টি হয় তাকে স্থানীয় বায়ুপ্রবাহ বোলে। ইয়াক অস্থায়ী বা অ-নিয়মিত বায়ুপ্রবাহ বুলিও কোৱা হয়। জল বতাহ, স্থল বতাহ, পৰ্বতীয়া বতাহ, ভৈয়ামৰ বতাহ, লু, চিলুবা, ফ’ন আদি কিছুমান উল্লেখযোগ্য স্থানীয় বায়ুপ্রবাহ ।
স্থলভাগ আৰু জলভাগৰ মাজৰ উষ্ণতাৰ পাৰ্থক্যৰ বাবে দিনত জলভাগৰ পৰা স্থলভাগলৈকে জল বতাহ আৰু ৰাতি স্থলভাগৰ পৰা জলভাগলৈ স্থল বতাহৰ সৃষ্টি হয়। উল্লেখযোগ্য যে নিৰক্ষীয়, ক্ৰান্তীয় আৰু উপক্রান্তীয় অঞ্চলৰ প্ৰায় সকলো উপকূলৱৰ্তী অঞ্চলতে জলবতাহ-স্থলবতাহ বলে।
উপত্যকাত দিনত বতাহ ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি ঊর্ধমুখী হৈ বলে আৰু ৰাতি উচ্চভূমি, অর্থাৎ পৰ্বত শিখৰৰ বায়ু ‘পৰ্বতৰ ঢালেদি ভৈয়ামলৈ বলে বাবে শীতকালতো বিভিন্ন পার্বত্য অঞ্চলৰ পাদভূমিত পুৱা আৰু গধূলি কুঁৱলীৰ প্ৰাদুৰ্ভাৱ দেখা নাযায়
অন্যান্য স্থানীয় বতাহে স্থানীয় পর্যায়ত একোটা অঞ্চলৰ বতৰৰ পৰিৱৰ্তন আনে। চিৰস্কো (Sirocco), খামচিন, চিমুম আদি অতি শুকান বায়ুপ্রবাহ। এনে বায়ুপ্রবাহে মানুহৰ ছালবো ফাঁট মেলায়।
১৮। ‘ঘূর্ণিবতাহ’ কাক বোলে? ই কেইপ্ৰকাৰৰ আৰু কি কি? এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা ৷
উত্তৰ : ১৬-নং প্রশ্নৰ উত্তৰ চোৱা ।
১৯) ‘বায়ুৰাশি’ কাক বোলে? ইয়াক কেনেকৈ শ্ৰেণীবিভাজন কৰা হয় ? এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি?
উত্তৰ : ১৬-নং প্ৰশ্নৰ উত্তৰ চোৱা।
২০। ‘বাতাগ্র’ বুলিলে কি বুজা? ই কেনেকৈ সৃষ্টি হয়? জলবায়ু আৰু বাতা সম্পর্কে চমুকৈ আলোচনা কৰা ।
উত্তৰঃ যেতিয়া উত্তাপ,আর্দ্রতা, চাপ, ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ু ৰাশি পৰস্পৰৰ সন্মুখীন হয়, ইহঁতৰ মাজত পোনে পোনে মিশ্রণ নঘটি দুটাৰ মাজত এক বিচ্ছেদক বায়ুপৃষ্ঠৰ বা বিচ্ছেদ ৰেখাৰ সৃষ্টি হয় তাকে বাতাএ বোলে। বাতাগ্ৰত বতৰৰ পৰিৱৰ্তন হয়। বাতাগ্ৰ অঞ্চলত ডাৱৰৰ সৃষ্টি হয়। প্ৰকৃতি আৰু গুণাগুণৰ ভিত্তিত বাতাগ্ৰবোৰক প্ৰধানকৈ চাৰিটা শ্ৰেণীত বিভক্ত কৰা হয়। যেনে— (ক) শীতল বাতাগ্র (খ) উষ্ণ বাতাগ্র (গ) অচল বাতাগ্ৰ আৰু (ঘ) অন্তৰ্ধত বাতাগ্র ।
২১। ‘মৌচুমী বতাহ’ বুলিলে কি বুজা? ই কেনেকৈ সৃষ্টি হয়? ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট?
উত্তৰ : ঋতুভেদে প্রবাহিত সাময়িক বায়ুপ্রবাহক মৌচুমী বতাহ বোলে৷ ইংৰাজীত “মনচুন” (Monsoon) আৰু অসমীয়াত “মৌচুমী” শব্দটো আৰবী মৌছম আৰু মালায়ালম ভাষাৰ মনচিনৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়। দৰাচলতে মৌচুমী একপ্ৰকাৰৰ পৃষ্ঠীয় বায়ুপ্রবাহ, যাৰ গ্ৰীষ্মকালৰ গতিদিশ শীতকালৰ সম্পূৰ্ণ বিপৰীত। ঋতু পৰিৱৰ্তনৰ লগে লগে উষ্ণতা আৰু চাপৰ তাৰতম্যৰ ফলত মৌচুমীপ্ৰবাহৰ দিশ সলনি হয়।
পৃথিৱীৰ বহুতো ঠাইত মৌচুমী বতাহৰ প্ৰভাৱ আছে যদিও এই বায়ুৰ প্ৰভাৱ এছিয়া মহাদেশৰ দক্ষিণ আৰু দক্ষিণ-পূব-অঞ্চল, ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ, ম্যানমাৰ, কম্বোডিয়া, লাউচ, ভিয়েটনামৰ দক্ষিণ অংশ, পূব চীন, জাপান, কোৰিয়া আদিত উপলব্ধ হয় ৷
২২। কাৰণ দৰ্শাই উত্তৰ লিখাঃ
(ক) ট্ৰপ’স্ফিয়েৰ স্তৰটোতে প্ৰধানকৈ বতৰৰ ক্রিয়া-কলাপ কিয় সংঘটিত হয় ? উত্তৰ : আমি যি স্তৰত বাস কৰোঁ সেই স্তৰটোৰ নাম ঘনমণ্ডল বা ট্ৰপ’স্ফিয়েৰ ৷ ইয়াৰ উচ্চতা সকলো স্থানতে সমান নহয়। বিষুৱীয় অঞ্চলত ইয়াৰ সৰ্বোচ্চ উচ্চতা ১৬ কিঃ মিঃ আৰু মেৰু অঞ্চলত ইয়াৰ সৰ্বোচ্চ উচ্চতা হৈছে ১০ কিঃ মিঃ। এই স্তৰটো ভূ-পৃষ্ঠত সংলগ্ন হোৱাৰ ফলত বায়ুত অধিক জলীয় বাষ্প থাকে। ইয়াৰ ফলত এই স্তৰত মেঘ, বৃষ্টিপাত, বজ্রপাত, তুষাৰপাত আদিৰ সৃষ্টিৰ লগতে বতৰৰ ক্রিয়া-কলাপ সংঘটিত হয়।
(খ) বায়ুমণ্ডলত কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ’ব ?
উত্তৰ : প্ৰাণীজগতৰ জীৱন-ধাৰণ আৰু জলবায়ু নিয়ন্ত্ৰণত কার্বন-ডাই-অক্সাইডৰ তাপ শোষণ ক্ষমতা অধিক আৰু এই কাৰণে ইয়াৰ সামান্য বৃদ্ধিতে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পায়।
(গ) আর্দ্র বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি?
উত্তৰ : জলীয় বাষ্পপূর্ণ আর্দ্র বায়ু,শুষ্ক বায়ুতকৈ পাতল। পাতল বায়ুৰ চাপো কম। শুষ্ক বায়ু গধুৰ হোৱা বাবে ইয়াৰ চাপো অনেক বেছি হয় । নিৰক্ষীয় অঞ্চলৰ বায়ু উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ বাবে এই অঞ্চলৰ বায়ুৰ চাপ কম । আনহাতে ক্রান্তীয় অঞ্চলৰ শুষ্ক বায়ু গধুৰ হোৱাৰ ফলত, এই অঞ্চলৰ বায়ুৰ চাপ বেছি।
(ঘ) অজ’ন গেছৰ স্তৰটোৱে কেনেকৈ জীৱজগতৰ উপকাৰ সাধে?
উত্তৰ : অ’জ’ন গেছৰ স্তৰটোক অ’জন’স্ফিয়েৰ বা অ’জ’ন মণ্ডল বোলে । অ’জ’ন গেছৰ অণুৱে এটা স্তৰৰ সৃষ্টি কৰে । এই অণুৰ স্তৰটোৱে সূৰ্যৰ পৰা অহা ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি ইয়াক পৃথিৱীলৈ অহাত বাধা দিয়ে। জীৱ-জগতৰ বাবে ক্ষতিকাৰক এই ৰশ্মি অ’জ’ন গে স্তৰত শোষিত হোৱাৰ ফলত ধ্বংসৰ হাতৰ পৰা ৰক্ষা পাইছে ।
(ঙ) সাগৰপৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি?
উত্তৰ : উচ্চতা অনুযায়ী বায়ুমণ্ডলৰ ঘনত্বৰ তাৰতম্য ঘটে। বায়ুমণ্ডলৰ নিম্ন ভাগটো সমুদ্রপৃষ্ঠৰ সংলগ্ন আৰু বায়ুৰ ঘনত্ব সৰ্বাধিক। বায়ুৰ ঘনত্ব সৰ্বাধিক হোৱাৰ কাৰণে সমুদ্রপৃষ্ঠত বায়ুৰ চাপ সৰ্বাধিক।
(চ) ট্ৰপস্ফিয়েৰ স্তৰৰ উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুৱীয় অঞ্চলত কিয় বেলেগ বেলেগ?
উত্তৰঃ বায়ুমণ্ডলৰ নিম্নতম স্তৰটো হ’ল ট্ৰপস্ফিয়েৰ। এই স্তৰটো ভূ-পৃষ্ঠ সংলগ্ন । এই কাৰণে স্তৰটোৰ উচ্চতা বা উলম্ব বিস্তৃতি সকলো ঠাইতে সমান নহয়। বিষুৱীয় অঞ্চলত ইয়াৰ সৰ্বোচ্চ উচ্চতা ১৬ কি.মি. আৰু মেৰু অঞ্চলত ইয়াৰ সৰ্বোচ্চ উচ্চতা হ’ল ১০ কি.মি.। অৱশ্যে গড় হিচাপে এই স্তৰৰ উচ্চতা ১০ কি.মি. বুলি ধৰা হয়।
(ছ) নিৰক্ষীয় নিম্ন চাপ বলয়ত ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো সাধাৰণতে কিয় অনুভূত নহয় ?
উত্তৰঃ নিৰক্ষীয় নিম্ন চাপ বলয়ত গোটেই বছৰ ধৰি সূৰ্যৰ তাপ লম্বভাৱে পৰে। ফলত নিৰক্ষীয় ৰেখাৰ উত্তৰে আৰু দক্ষিণে ৫° অক্ষাংশ আৰু ১০° অক্ষাংশৰ মাজত বায়ু অতি উত্তপ্ত অৱস্থাত থাকে। এই অঞ্চলৰ বায়ু এই কাৰণে পাতল আৰু কম ঘনত্বৰ হয়। ফলত ইয়াত নিম্ন চাপৰ সৃষ্টি হয়। নিৰক্ষীয় অঞ্চলত জলভাগৰ পৰিমাণ বেছি। এই অঞ্চলৰ বায়ুত – অধিক জলীয় বাষ্প থাকে। এই কাৰণে নিৰক্ষীয় অঞ্চলত স্থায়ীভাৱে বায়ুমণ্ডলত নিম্ন চাপ
(খ) হেটে ‘স্ফিয়েৰ : বায়ুমণ্ডলৰ ৮০ কিল’মিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ড গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি করে বাবে এই ` স্তৰটোক হেটেৰ’স্ফিয়েৰ বোলা হয়। এই স্তৰটোত নাইট্ৰ’জেন, অক্সিজেন, হিলিয়াম হাইড্ৰ’জেন গেছ সিহঁতৰ আণৱিক ভৰ অনুসাৰি চাৰিটা তৰপ সৃষ্টি কৰিছে।
(গ) মেরুদেশীয় উচ্চ চাপ বলয় : পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিবীৰ দুটা অঞ্চল বৰফেৰে আবৃত্ত আৰু অতিপাত ঠাণ্ডা। ইয়াৰ বায়ু অতি শীতল। অতিপাত ঠাণ্ডার বাবে এই অঞ্চলত পানীয়ে বৰফৰ ৰূপ লৈ থাকে। সেয়ে এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্রায় নাথাকে ৷ ফলত, মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চ চাপ থাকে। পেশ এই অঞ্চলক মেৰুদেশীয় উচ্চ চাপ বলয় বোলা হয়।
(ঘ) বায়ুপ্রবাহ তন্ত্ৰ ঃ দৰাচলতে বায়ুপ্রবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্রিয়া-কলাপৰ এটা অতি প্রয়োজনীয় মাধ্যম যি অহৰহ উত্তাপ, আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় করে। নেয়ে বহুল অর্থত ইয়াক বায়ুপ্রবাহ তন্ত্র ( Wind System) বোলা হয়।
(ঙ) চাপনতি : প্রশ্ন ৮(ক)-ৰ উত্তৰ চোৱা।
(চ) বাণিজ্য বতাহ : ৩০° উত্তৰ আৰু ৩০° দক্ষিণ অক্ষাংশৰ আশে-পাশে অবস্থিত উপক্রান্তীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্ন চাপ বলয়ৰ ফালে প্রবাহিত পৃষ্ঠ বায়ুর বাণিজ্য বতাহ (Trade Wind) বোলে। কোৰিওলিচ বলব বাবে এই বতাহ উত্তৰ গোলাৰ্ধত উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম দিশত আক দক্ষিণ গোলার্ধত দক্ষিণ-পূবৰ পৰা উত্তৰ-পশ্চিম দিশত বলে। সেয়ে ইয়াক উত্তৰ গোলাৰ্ধত উত্তৰ-পূব বাণিজ্য বতাহ (North-East Trade Wind) আৰু দক্ষিণ গোলার্ধত দক্ষিণ-পূর্ব বাণিজ্য বতাহ (South East Trade Wind) বোলে।
(ছ) অশ্ব অক্ষাংশ : পৃথিৱীৰ দুয়ো গোলাৰ্ধৰ বিশেষকৈ ৩০o-ৰ পৰা ৩৫” অক্ষাংশৰ মাজত প্ৰায় গতিহীন এক শান্ত অৱস্থাত বায়ু থাকে। এই অঞ্চলকে অশ্ব অক্ষাংশ (Horse Latitude) অঞ্চল বোলা হয়। মধ্যযুগত ইউৰোপীয় নাৱিকসকলে হেনো এই অঞ্চলত জাহাজ চলোৱাত অসুবিধা, পাইছিল। বতাহৰ গতি নথকাৰ ফলত জাহাজবিলাক চলাব নোৱাৰা কাৰণে নাৱিকসকলে জাহাজৰ ওজন কমাবলৈ জাহাজত অন্য ঘোঁৰাবিলাককে সাগৰত দলিয়াই পেলাবলগা হৈছিল। সেয়ে এই উপক্রান্তীয় অঞ্চলটোক অশ্ব অক্ষাংশ বুলি জনা যায়।
(জ) গৰ্জনমুখৰ চল্লিশ : দক্ষিণ গোলাৰ্ধৰ বিশেষকৈ ৪০°ৰ পৰা ৬০° অক্ষাংশ অঞ্চল মহাসাগৰে আৱৰি আছে বাবে এই অংশত পছোৱা বতাহৰ তীব্ৰতা অত্যধিক হয়। সেয়ে মহাসাগৰীয় নাৱিকসকলে চল্লিশ দশকৰ অক্ষাংশ অঞ্চলক গৰ্জনমুখৰ চল্লিশ (Roaring Forties) বুলি কয়।
(ঝ) প্রতীপ ঘূর্ণিবতাহ: যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰী বায়ুপ্রবাহৰ সৃষ্টি হয় তাকে প্রতীপ ঘূর্ণি বতাহ (Anti Cyclone) বোলা হয়। প্রতীপ ঘূর্ণি বতাহৰ কেন্দ্ৰত চাপ সর্বোচ্চ হয় বাবে ইয়াক উচ্চ চাপ কেন্দ্র (High Pressure Centre) – ও বোলে। দৰাচলতে প্রতীপ ঘূর্ণি বতাহ এটা বায়ুমণ্ডলীয় অৱস্থা যিটো ঘূর্ণি বতাহৰ সম্পূৰ্ণ বিপৰীত। প্রতীপ ঘূর্ণি বতাহৰ বতৰ নিৰ্ধাৰণত ভূমিকা তেনেই নগণ্য যদিও বতৰ পৰিৱৰ্তনৰ ক্ষমতা একেবাৰে নোহোৱা নহয় ৷
(ঞ) জেট প্রবাহ: ক্রান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি (অর্থাৎ ট্ৰপ’মণ্ডলৰ উচ্চ স্তৰত) পশ্চিমাপ্ৰবাহৰ দৰে এক তীব্ৰবেগী ঘণ্টাত ৬৪০ কিল’মিটাৰত পূবমুৱা বায়ু প্রবাহিত হয় । ইয়াকে জেটপ্রবাহ (Jet Stream) বোলা হয়। জেটপ্রবাহে এখন ঠাইৰ বতৰ আৰু জলবায়ুৰ আমূল পৰিৱৰ্তন ঘটায়।
(ট) সমচাপ ৰেখা: এটা নিৰ্দিষ্ট সময়ত সমান বায়ু চাপ থকা কিছুমান অঞ্চলক এবিধ কাল্পনিক ৰেখাৰ দ্বাৰা মানচিত্ৰত সন্নিৱিষ্ট কৰা হয়, ইয়াকে সমচাপ ৰেখা বোলা হয় ৷
(ঠ) ক্রান্তীয় ঘূর্ণিবতাহ : ক্রান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওফালৰ উচ্চচাপ অঞ্চলৰ পৰা তীব্ৰবেগী বতাহ চক্ৰকাৰে বলি এটা ভয়ংকৰ ৰূপ ধাৰণ কৰে, তাকেই ক্রান্তীয় ঘূর্ণিবতাহ (Tropical Cyclone) বুলি জনা যায়। পৃথিৱীৰ আৱৰ্তনৰ কাৰণে উত্তৰ গোলাৰ্ধত সৃষ্টি হোৱা এই ঘূর্ণিবতাহ ঘড়ীৰ কাঁটাৰ বিপৰীতে আৰু দক্ষিণ গোলার্ধত ঘড়ীৰ কাঁটাৰ দিশত চলে। এই ক্রান্তীয় ঘূর্ণিবতাহৰ গতিবেগ প্রতি ঘণ্টাত ১২০ৰ পৰা ২৮০ কিল’মিটাৰ পৰ্যন্ত হয়। এইদৰে বলা বৃত্তাকাৰ ঘূর্ণিবতাহৰ ব্যাস কেইবা কিল’মিটাৰৰ পৰা কেইবাশ কিল’মিটাৰলৈ হ’ব পাৰে। বহুতো অঞ্চল আৰু বহুতো সময় এইবিধ ধুমুহা সক্ৰিয় অৱস্থাত থাকে। উত্তৰ আমেৰিকাৰ দক্ষিণ-পূব অংশ, জাপানৰ পূব উপকূল আৰু ভাৰতৰ পূব উপকূলত এই বতাহৰ কাৰণে প্ৰতি বছৰে বহুতো ধন-জনৰ বহুতো ক্ষতি হয়। সম্প্রতি, ঘূর্ণিবতাহৰ আগজাননীৰ কাৰণে ক্ষয়-ক্ষতিৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস পাইছে। এই ঘূর্ণি বতাহ ক্ৰান্তীয় অঞ্চলত বিভিন্ন নামেৰে পৰিচিত যথা— প্রশান্ত মহাসাগৰীয় উপকূলত টাইফুন্ (Typhoon), পশ্চিম ভাৰতীয় দ্বীপপুঞ্জত হাৰিকেন (Hurrican), ভাৰত মহাসাগৰীয় অঞ্চলত চাইক্লোন (Cyclone), অষ্ট্ৰেলিয়াৰ উত্তৰ- পশ্চিম উপকূলত উইলী-উইলী (Willy-Willy) আৰু অসমত বৰদৈচিলা ৰূপেৰে পৰিচিত ।