দৃশ্যান্ত Class 10 । Assamese Solution । Chapter 5। SEBA BOARD

দৃশ্যান্ত

১/ চমু উত্তৰ দিয়া

(ক) কবিয়ে কিমান বছৰ পিছত মানুহজনক লগ পাইছিল?

উত্তৰ : পঁচিশ বছৰৰ পিছত

(থ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল ?

উত্তৰ : কুকুৰীকণা হোৱা কাৰণে জোনৰ পোহৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।

(গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল ?

উত্তৰ : আলি কেঁকুৰীটোৰ কাষত ।

(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগিত আছিল ?

উত্তৰ : আগলি বাঁহে।

(ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?

উত্তৰ : গধূলি সময়ত।

(চ) নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল?

উত্তৰ : কবিয়ে ‘দৃশ্যান্ত’ৰ কবিতাত বৰ্ণনা কৰা মতে ঘৰ বিচাৰি নোপোৱা মানুহজন আছিল কুকুৰীকণা পূৰ্ণ জোনৰ পৰিপূৰ্ণ জোনাকৰ পোহৰতো তেওঁৰ পদূলিত থকা পঁজাঘৰটো বিচাৰি নোপোৱাত কবিয়ে তেওঁক হাতত ধৰি আগবঢ়াই দিছিল।

(ছ) কবিয়ে লগ পোৱা বৃদ্ধ কুঁজা মানুহজনক লগ পোৱা আলি-কেঁকুৰিটো কেনে আছিল?

উত্তৰ : কবিয়ে লগ পোৱা মানুহজনক লগপোৱা আলি কেঁকুৰিটো আছিল কেঁচা৷ কবিয়ে মানুহজনক পঁচিশ বছৰৰ আগতে লগ পাইছিল। কবিৰ ভাষাত—’পঁচিশ বছৰ আগতে এই ঠাইতেই এজনক লগ পাইছিলোঁ আলি-কেঁকুৰিটো আছিল কেঁচা৷

‘প্রশ্ন ২। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ মানুহজনে কবিৰ সৈতে কি কি কথা পাতিছিল, তোমাৰ নিজৰ কথাৰে লিখা। অথবা, ‘ দৃশ্যান্তৰ’ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে, তোমাৰ ভাষাৰে বুজাই লিখা।

উত্তৰ : পঁচিশ বছৰৰ পিছত একে ঠাইতেই কবিয়ে আৰু এজন মানুহক লগ পালে; বৃদ্ধকুঁজা মানুহজন সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ আছিল। ওচৰে-পাজৰে কেইবাটাও অট্টালিকা সগৌৰৱে ঠিয় হৈ আছিল। কবিক দেখি সন্দেহপূর্ণ চাৱনিৰে চাই মানুহজনে তেওঁক ভাৰাঘৰ’ বিচাৰি আহিছে নেকি সুধিলে। তেওঁ লগতে ক’লে যে এই কুবেৰৰ মহলাত ভাৰাঘৰ নাই, থাকিলেও তাত শান্তিৰে থাকিব পৰা নাযাব। এই ঘৰটোত কিছুমান স্বাৰ্থপৰ মানুহ বাসকৰে। এইবুলি কৈয়েই বৃদ্ধ মানুহজন সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ’ল।

প্রশ্ন ৩। ‘দৃশ্যান্তৰ’ কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰ : কবি হৰেকৃষ্ণ ডেকাৰ ‘দৃশ্যান্তৰ’ কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। পঁচিশ বছৰ আগৰ এটা গধূলিৰ সময় আছিল। কেঁচা আলি-কেঁকুৰি এটাত ঘৰৰ নঙলামুখত এজনে নিজৰেই ঘৰৰ পদূলি বিচাৰি আছিল। কেইজোপামান কাকিনী তামোল, নমিত নমস্কাৰৰ ভংগীৰে দাঁতিতে থকা আগলি বাহে ঘৰটোৰ পৰিৱেশ সুন্দৰ কৰি তুলিছিল। তাতে আকৌ পূৰ্ণিমাৰ জোনেও গধূলিটো ফটফটীয়া কৰি তুলিছিল। সেই গধূলি সময়ত কবিয়ে লগ পাইছিল, সেই সুন্দৰ ঘৰটোৰ বাসিন্দা জনক। সেই ঘৰটোৰ বাসিন্দা মানুহজন কুকুৰীকণা ৰোগত আক্রান্ত আছিল। কবিয়ে মানুহজনৰ হাতত ধৰি ঘৰটোলৈ আগবঢ়াই দিছিল। মানুহজনে যদিও বা গধূলি দেখাত কষ্ট পাইছিল তেওঁ কিন্তু মনেৰে সুখী আছিল। সেইবাবে কবিয়ে শান্তিৰে বিৰাজ কৰাৰ কথা ক’বলৈ পাহৰা নাছিল।সময়বোৰ পাৰ হৈ গ’ল। সেউজীয়া প্ৰকৃতিৰ প্ৰতিনিধি কাকিনী তামোল, আগলি বাঁহৰ চিন চাব নাইকিয়া হৈ গ’ল। শান্তিৰ পঁজাঘৰৰ ঠাইত হ’ল সাতমহলীয়া অট্টালিকা। ওচৰে পাঁজৰেও আছে আন কেইটামান বৃহৎ অট্টালিকা। পঁচিশ বছৰ আগেয়ে সেই পথটোৰ আশে-পাশে গধূলি এজনো মানুহ নথকা ঠাইত এতিয়া সেই সময়ত বহুতো মানুহ ঘূৰি ফুৰি আছিল। ইমান বছৰ পাৰ হোৱাৰ পিছতো কবিয়ে সেই একেজন মানুহৰ মুখামুখি হ’ল। সেই বৃদ্ধ মানুহজনৰ চকুত এতিয়া চশমা, গধূলি নেদেখা সমস্যাটো এতিয়া দূৰ হৈছিল তেওঁৰ৷ মানুহজনে কিন্তু চশমা পিন্ধাৰ পিছতো কবিক চিনিব পৰা নাছিলে। মানুহজনে ভাবিছিল কবিয়ে তেওঁৰ তাত ভাৰাঘৰ বিচাৰি আহিছে। কিন্তু মানুহজনে পঁজাঘৰত শান্তিত থকাৰ পিছতো কবিক সাতমহলীয়া ঘৰত ভাৰাতীয়া হৈ থাকিব মানা কৰিলে। মানুহজনে কবিক ক’লে যে জাক জমকীয়া অট্টালিকাত হেনো মনৰ শান্তি নাথাকে। কোনো মানুহ মৰিলে দাহ কৰিবলৈও তেওঁলোকৰ সময় নাথাকে। বৃদ্ধ মানুহজনৰ ক্রোধ নিজৰ মাজতে সামৰি কবি অশান্ত মনেৰে উভতি আহিল।

প্রশ্ন ৪। ‘বৰ শান্তিত আছোঁ এই পজাটিত’। কোনে, কিয় এইদৰে কৈছিল? কথাষাৰিৰ অন্তর্নিহিত ভাব মোকলাই লিখা।

উত্তৰ : এই বাক্যশাৰী কেঁচা আলি-কেঁকুৰি এটাত পঁচিশ বছৰৰ আগৰ সন্ধিয়া লগ পোৱা কুকুৰীকণা মানুহজনে কৈছিল। কুকুৰীকণা মানুহজনে তেওঁ বাস কৰা পঁজাঘৰটোৰ চাৰিওফালে বিৰাজ কৰা প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহলহীন কিন্তু আন্তৰিকতা ব্যৱস্থা থকা, আত্মসন্তুষ্টি লাভ কৰাৰ বাবে পঁজাঘৰটোত শান্তিত থকা বুলি কৈছে। কাৰণ সেই পঁজাঘৰটোত তেওঁ মানুহৰ সহজ সৰল, আন্তৰিকতাৰ অনূভৱ কৰে৷ সেই পঁজাঘৰটোত কোনো কৃত্রিমতা নাই। মানুহে মানুহৰ মৰম- চেনেহ বুজি পাই। মানুহবোৰৰ মনবোৰ উদাৰ, সেউজীয়া প্ৰকৃতিৰ কোমল সেউজ বুলি কৈছে।

প্রশ্ন ৫ : ‘হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেছে ইয়াত?”— কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।

উত্তৰ : কবিয়ে পঁচিছ বছৰ আগতে দেখা পঁজাঘৰ এটিৰ ঠাইত উঠা সাতমহলীয়া ঘৰৰ সমুখত ৰৈ থকা বৃদ্ধ লোক এজনে তাত তেওঁক দেখি এনেদৰে সুধিছিল। বৃদ্ধ লোকজনে কবিক তালৈ ভাড়াঘৰ বিচাৰি যোৱা বুলি ভাবিছিল। পঁচিছ বছৰ আগতে পূঁজা ঘৰটোত মানুহজন বৰ শান্তিত আছিল। আজি সাতমহলীয়া ঘৰত থাকিও তেওঁ শান্তি পোৱা নাই। কংক্ৰিটৰ জংঘলত অকলশৰীয়াৰ দৰে বৰ অশান্তিত তেওঁ আছে। তেনে ঠাইত ভাড়া ঘৰ নল’বলৈ যেন কবিক বৃদ্ধজনে ক’ব বিচাৰিছে।

প্রশ্ন ৬। ‘দৃশ্যান্তৰ’ৰ কবিজনাৰ নাম কি? তেখেতৰ এটি চমু পৰিচয় দিয়া।

উত্তৰ : জন্ম ১৯৪৩ চনত। ল’ৰালিটো তিনিচুকীয়াত কটায়। ১৯৫৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৫ চনত ইংৰাজী বিষয়ত এম.এ. পাচ কৰে৷ গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা ডেকাদেৱে । পাছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাবে অৱসৰ লয়। হৰেকৃষ্ণ ডেকা ‘The Sentinel’ কাকত আৰু ‘গৰীয়সী’ আলোচনীৰো সম্পাদক আছিল। তেওঁ ৰাতিৰ শোভাযাত্রা’, ‘আন এজন’, ‘Sea- Scare’ আদি কবিতাৰ পুথি; ‘গল্প আৰু কল্প’, ‘মধুসূদনৰ দলং’, ‘বন্দীয়াৰ’, ‘মৃত্যুদণ্ড’ আদি গল্পৰ পুথি ৰচনা কৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাস হ’ল ‘আগন্তুক’। ইয়াৰ বাহিৰেও তেওঁ কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে।

প্রশ্ন ৭। ব্যাখ্যা কৰা :

(ক) ‘মৰিলে দাহ কৰিবলৈয়োএজন মানুহ নাই। প্রসংগ :- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ

উত্তৰ : অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত ‘দৃশ্যান্তৰ’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতি :- কবিতাফাঁকিৰ দ্বাৰা কবিয়ে আধুনিকতাৰ ধামখুমীয়াত উটি-ভাঁহি আন্তৰিকতাহীন, স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ প্ৰকাশ কৰিছে।

বাখ্যা:- বর্তমান সময়ত মানুহবোৰ আভিজাত্য হৈ উঠিছে। মানুহবোৰ যিমানেই শিক্ষিত হৈ উঠিছে মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে। মানুহবোৰৰ এনে ব্যস্ততাৰ বাবে নিজৰ মানুহৰ ভিতৰতে খবৰ ল’ব সময় যেন নাইকিয়া হৈ পৰিছে। মানুহ বোৰ শিক্ষা-দীক্ষা, ব্যস্ততা, আভিজাত্য আদিক লৈ প্ৰতিযোগিতাত নামি নিজৰ মানৱীয় গুণ, আন্তৰিকতা, সবলতা আদি সকলোবোৰ হেৰুৱাই পেলাইছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে যে বিপদে আপদেও কোনো কাৰো সহায় কৰিবলৈও ওলাই নাহে। আনকি মানুহবোৰৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও দাহ কৰিবলৈও কাৰো ওলাই আহিবলৈ সময় নহয়। কবিয়ে মানুহৰ নিদাৰুণ স্থিতিৰ কথা ক’ব বিচাৰিছে কবিতাফাঁকিৰ দ্বাৰা৷

(থ) ‘যশৰ পোৱালিহঁতে কাক কেনে চায়।

উত্তৰ :

প্রসংগ :- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত ‘দৃশ্যান্তৰ’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতি :- উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ কথা কৈছে।

বাখ্যা :- সময় নৈৰ সোঁতৰ দৰে আগবাঢ়ি গৈছে। পঁচিশ বছৰ আগতে এজন মানুহে গাঁৱৰ এটা পঁজাত বাস কৰিছিল। মানুহ জনে গধূলি কমকৈ দেখিলেও আত্মীয়তাবোধ আৰু মৰমৰ মাজেৰে সুন্দৰ, শান্তিৰ মাজেৰে সেই সৰু পঁজাঘৰটোত বাস কৰিছিল। কিন্তু এতিয়া কবিয়ে পঁচিশ বছৰ পিছত যেতিয়া সেই ঠাইলৈ গ’ল তাত তেওঁ দেখিলে সাতমহলীয়া অট্টালিকা। গাওঁৰ সেই পৰিৱেশ নাই। গাঁওখন এতিয়া নগৰ হৈ পৰিছিল। মানুহবোৰ বাঢ়িছে কিন্তু মানুহবোৰৰ মাজত আত্মীয়তা নাইকিয়া হৈ গৈছে। সেই সাতমহলীয়া অট্টালিকাত থকা মানুহবোৰে ইজনে আনজনক সন্দেহৰ চকুৰে চাই। যিদৰে কৃপন মানুহৰ ধন কোনো কামত নাহে, নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো কোনো মূল্য নাই। সাতমহলীয়া অট্টালিকাত বাস কৰা লোকসকলে ধন সোণ উপাৰ্জন কৰি যথৰ দৰে ৰাখি থৈছিল। তেওঁলোকে কাৰোবাৰ বিপদ হ’লে সহায় কৰা দূৰৰ কথা আনকি মানুহ এজন মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি অহা নাছিল। কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নিসংগতা জীৱনৰ কথা কৈছে।

(গ) ‘এই কংক্রীটৰ হাবিখনত তেওঁক বিচাৰি নাপলো আৰু।

উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত ‘দৃশ্যান্তৰ’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মানুহবোৰ সৰু পঁজাঘৰত থাকোঁতেই অতি শান্তিত আছিল। পৰস্পৰে পৰস্পৰক সহায় কৰিছিল, মানুহৰ মাজত হৃদয়ৰ সম্পৰ্ক আছিল। কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে কংক্রীটৰ অৰণ্যত পৰিণত হৈছে আমাৰ সমাজখন। লগে লগে মানুহৰ হৃদয়বোৰো কংক্রীটলৈ পর্যবসিত হৈছে। সেয়ে অচিনাকি কবিক ঘৰ বিচাৰি অহা বুলি সতৰ্ক কৰি দিয়ামানুহজন সাতমহলীয়া কংক্রীটৰ অৰণ্যত হঠাতেই ক’ত লুকাই পৰিল কবিয়ে বিচাৰি পোৱা নাই। প্ৰেম আৰু আন্তৰিকতা নোহোৱা ঠাইত যে মানুহ কাহানিও সুখত থাকিব নোৱাৰে, সেয়া তাৰ নিদৰ্শন মাত্ৰ।

(ঘ) সময়টো আছিল গধূলি। তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি।

উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য- সুবাস’ৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত ‘দৃশ্যান্তৰ’ কবিতাৰ পৰা তুলি দিয়া হৈছে। কবিয়ে এদিন গধূলি এটা কেঁচা আলিৰ কেঁকুৰিত নিজৰ নঙলামুখত এজন কুকুৰীকণা মানুহ লগ পাইছিল । মানুহজন অকলশৰীয়া৷ তেওঁক সহায় কৰিবলৈ কোনো নাই । কবিয়ে জানিব পাৰিলে যে জোনাকৰ পোহৰতো নিজৰ নঙলামুখত ঘৰৰ পদূলিতো বিচাৰি নোপোৱা মানুহজনক হাতত ধৰি নিজৰ পঁজাঘৰত সুমুৱাই দিছিল। নিজৰ নঙলামুখত থাকি ও পদূলিতো আৱিষ্কাৰ কৰিব নোৱৰা মানুহজনলৈ কবিৰ দয়া উপজিছিল। কবিৰ মতে মানুহজন কুকুৰীকণা ৰোগত ভুগি থকাৰ কাৰণেই হয়তো গধূলি সময়ত তেওঁ নিজৰ ঘৰটো বিচাৰি উলিওৱাত অসুবিধা হৈছিল। ভাষা- বিষয়ক:-

১) বিপৰীত শব্দ লিখা । কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ । উত্তৰ:-

কেঁচা – পকা

গধূলি – পুৱা

পোহৰ – আন্ধাৰ

ৰূপ –  অৰূপ

২) এটাকৈ সমার্থক শব্দ লিখা :

জোন, ঘৰ, চৰা, দাহ, উভতি।

উত্তৰ:-

জোন – চন্দ্র

ঘৰ – আবাস

চৰা – অধিক

দাহ – শোক

উভতি – উলটি

৩) নঞার্থক

শব্দ গঠন কৰা : শান্তি, চিনাকি, সহায়।

উত্তৰ:-

শান্তি – অ+ শান্তি = অশান্তি। চিনাকি – অ + চিনাকি = অচিনাকি        সহায় – অ + সহায় = অসহায়।

৪। `নমস্কাৰ’ শব্দটো সন্ধি ভাঙিলে এনে হব – নমঃ +কাৰ৷ – এনেদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা।

উত্তৰ:-

পুৰঃ + কাৰ = পুৰস্কাৰ

পৰিঃ + কাৰ = পৰিস্কাৰ ,

নিৰঃ + কাৰ = নিৰাকাৰ

বহিঃ + কাৰ = বহিস্কাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *