উত্তৰঃ লাচিত বৰফুকন আহোমৰ সেনাপতি আছিল।
উত্তৰঃ গড় নির্মাণৰ কাম চাবলৈ আহি লাচিতবৰফুকনে কর্মীসকলক নিঢাল অৱস্থাত দেখিছিল।
উত্তৰঃ গড় নির্মাণৰ দায়িত্ব ভাৰ লাচিত বৰফুকনে মোমায়েকৰ ওপৰত দিছিল।
উত্তৰঃ “মােগলৰ সেনাপতি ৰাজপুত বীৰ”- এই ৰাজপুত বীৰ জন ৰামসিংহ আছিল।
(ঙ) মােমায়েকক হত্যা কৰাৰ পিছত কর্মীসকলে কি কৰিছিল?
উত্তৰঃ মােমায়েকক হত্যা কৰাৰ পিছত কর্মীসকলে ভয়তে গড় নিৰ্মাণৰ কামত উদ্যমেৰে লাগি গৈছিল।
উত্তৰঃ লাচিত বৰফুকন এজন স্বদেশ প্ৰেমী লোক আছিল। তেওঁ নিজৰ মাতৃভূমিৰ ৰক্ষাৰ বাবে নিজৰ প্ৰাণ বলিদান দিব পাৰে। তেওঁ নিজৰ মাতৃভূমিক নিজতকৈ বেছি ভাল পাইছিল। তেওঁ শৰাইঘাটৰ ৰণত নিজৰ মাতৃভূমিৰ ৰক্ষাৰ বাবে নিজৰ মামায়েকৰ ডিঙি কাটি বলিদান দিছিল। তেওঁ নিজৰ অসুহিয়া দেহাটো লৈ শৰাইঘাটত হোৱা ভিসন ৰণত আগভাগ লৈছিল। তেওঁ এজন সাহসী যোৱান আছিল।
উত্তৰঃ লাচিত বৰফুকনে গড়ৰ কাম চাবলৈ গৈ যেতিয়া দেখিলে সকলোবোৰ এলাহত শুই বাগৰী আছে, আৰু ড়ৰ কাম চাৰিভাগৰ তিনিভাগেই এতিয়াও বাকী আছে। তেতিয়া লাচিতৰ বহুত খং উঠিল তেতিয়া লাচিত উত্তেজনাত কঁপিব ধৰিলে। বজ্ৰকণ্ঠেৰে তেওঁ মোমায়েকক ক’লে – দেশতকৈ মোমাই ডাঙৰ নহয়। এই বুলি কৈ লাচিত ফুকনে খাপৰ পৰা হেংদান উলিয়াই নিজৰ মোমায়েকক কাটি দুছোৱা কৰিলে।
উত্তৰঃ ১৬৭১ খৃষ্টাব্দত আহোম ৰজা চক্ৰধ্বজ সিংহৰ দিনত আহোম আৰু মোগলৰ মাজত হৈছিল।
(ক) বিজাতীয় মােগলৰ গর্বিত নিচান – দিবা নেকি উৰুৱাব জননীৰ স্বাধীন শিৰত ?
উত্তৰঃ ই উক্তিটো “মাতৃপূজাত মোমাই বলি” পাঠৰ পৰা উদ্ধৃত কৰা হৈছে, যি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাৰ দ্বাৰা ৰচিত। এই বাক্যৰ জৰিয়তে লাচিত বৰফুকনে দেশপ্ৰেম, কর্তব্যবোধ আৰু আত্মত্যাগৰ দৃষ্টান্ত দেখুৱাইছে।এই ঘটনাটিত দেখা যায় যে, লাচিতে মোমায়েক গড় নিৰ্মাণৰ দায়িত্ব দিছিল, যি কাম ৰাতিৰ ভিতৰত শেষ হোৱাটো অত্যন্ত প্ৰয়োজনীয় আছিল। কিন্তু মােমায়েকে কাম অর্ধসমাপ্ত কৰি বিশ্ৰাম লৈছিল আৰু তেওঁৰ সৈতে থকা কৰ্মীবিলাকো শুই পৰিছিল। এনে অৱস্থাত লাচিতে পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ আহি যেতিয়া গড়ৰ কাম সম্পূৰ্ণ নহয় বুলি দেখে, তেতিয়া তেওঁ মােমায়েক প্ৰশ্ন কৰে।মােমায়েকে কৈছিল যে তেওঁ ভাগৰি পৰি বিশ্ৰাম লৈছিল। এই উত্তৰ লাচিত বৰফুকনৰ গম্ভীৰ দেশপ্ৰেমক আঘাত দিছিল। তেওঁ ভাৱিছিল যে, যুঁজৰ সময়ত বিশ্ৰামৰ কথা ভাবিবই নালাগে। কিয়নো, এই কাম সময়মতে সম্পূৰ্ণ নহ’লে মােগলসকলৰ আগ্ৰাসন ৰোধ কৰিব নোৱাৰি আৰু জননীৰ স্বাধীনতা সংকটত পৰিব।এই বাবে লাচিতে জোৰদাৰ ভাষাত মােমায়েক জিজ্ঞাসা কৰে — “বিজাতীয় মােগলৰ গৰ্বিত নিচান, দিবা নেকি উৰুৱাব জননীৰ স্বাধীন শিৰত?” অর্থাৎ, তুমি কি জননীৰ গৌৰৱময় শিৰত মোগলসকলৰ গৰ্বিত পতাকা উৰুৱাবলৈ ইচ্ছুক? এই বাক্যৰ জৰিয়তে লাচিতে মােমায়েক সতর্ক কৰি দেশৰ ৰক্ষাৰ দায়িত্বৰ কথা মনত পেলাই দিয়ে।
(খ) পূজনীয় তুমি , কিন্তু তাকো কৰি শতগুণে পূজনীয় মাতৃভূমি চেনেহী আই ।
উত্তৰঃ এই বাক্যখন “মাতৃপূজাত মোমাই বলি” পাঠৰ পৰা আহৰণ কৰা, যিটো ৰচনা কৰিছিল সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে। পাঠ্যপুথিৰ অন্তর্ভুক্ত এই গাঁথাৰ জৰিয়তে, লাচিত বৰফুকনৰ দেশ মাতৃৰ প্ৰতি থকা গভীৰ স্নেহ, ভক্তি আৰু দায়িত্ববোধ স্পষ্টভাৱে প্ৰকাশ পাইছে।লাচিতে জন্মভূমিক মোগলসকলৰ অপৰাধমূলক আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ মােমায়েক গড় নিৰ্মাণৰ দায়িত্ব দিয়ে। কিন্তু মােমায়েকে এই গুৰুত্বপূৰ্ণ দায়িত্বক সঁচাকৈ বুজি উঠিব নোৱাৰিলে। তেওঁ দায়িত্ববোধৰ অভাৱ দেখুৱাই বিশ্ৰাম লৈছিল, যি লাচিতৰ দৃষ্টিত এটা অক্ষমযোগ্য আচৰণ — এটি মহাপাপ।যদিও মােমায়ে লাচিতৰ মায়া-মমতাৰে জড়িত পিতৃ, তথাপিও লাচিতৰ বাবে মাতৃভূমি অসম সৰ্বোচ্চ পূজনীয়। মােমায়ে নিজৰ কৰ্তব্যক উপেক্ষা কৰি মাতৃভূমিৰ স্বাধীনতাৰ বিপদ আহ্বান কৰিছে, আৰু লাচিতৰ বিশ্বাস অনুসৰি, তেনে কৰ্তব্যত্যাগৰ কোনো ক্ষমা নাই।তেওঁ বিশ্বাস কৰে – জন্মভূমিৰ স্বাৰ্থত কোনো আত্মীয়ৰ লগত কঠোৰ সিদ্ধান্ত ল’ব লাগিলেও, তাৰে পিছু নোহব। মােমায়েকে দেশৰ বাবে দায়িত্ব পালন নকৰাৰ ফলত তেওঁক তদনুৰূপ শাস্তি ভুগিবই লাগিব। লাচিতৰ দেশপ্ৰেম ইমান গভীৰ আছিল যে মাতৃভূমিৰ মুক্তিৰ বাবে তেওঁৰ নিজ পিতৃ সদৃশ ব্যক্তি প্ৰতি কঠোৰ ভাৱে আগবাঢ়িব লাগিলেও, তেওঁ কেতিয়াও পিছু নাহে।
(গ) চোৱা সৌ মানসৰ পবিত্র বেদত ঢিমিক ঢামাক জ্বলে আশাৰ প্রদীপ ।
উত্তৰঃ এই বাক্যটি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিৰ অন্তর্ভুক্ত “মাতৃপূজাত মোমাই বলি” নামৰ পাঠৰ পৰা উদ্ধৃত।লাচিত বৰফুকনে মোমায়েকক শাস্তি দিয়া আৰু তাৰ পিছত কর্মীসকলে নতুন উদ্যমেৰে গড় নিৰ্মাণৰ কামত লৰাৰ আগ্ৰহ দেখুওৱাৰ পৰা তেওঁৰ মনত যি আশাৰ সঞ্চাৰ হৈছিল, সেয়া এই বাক্যৰ মাজেৰে ফুটাই উঠিছে।লাচিত বৰফুকনে মােমায়েকৰ কঠোৰ শাস্তি দিয়াৰ পৰ আৰু গড়ৰ কাম পুনৰ আৰম্ভ কৰাৰ পিছত, কর্মীসকলে পূৰ্ণ উদ্যমেৰে গড় নিৰ্মাণৰ কামৰ প্রতি উৎসাহিত হোৱা দেখাৰ পৰা লাচিতৰ মনত নতুন আশা দেখা দিল। সেয়া তেওঁ বুজি পালে যে, কামত সকলোৰ উদ্যম আৰু শক্তি প্ৰয়োগ কৰিলে, ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ সম্পূৰ্ণ হ’ব।যদি গড় নিৰ্মাণ সম্পূৰ্ণ হয়, তেন্তে মােগলৰ পৰা অসমৰ স্বাধীনতা ৰক্ষা কৰিব পাৰি। তাতকৈও গুৰুত্বপূর্ণ, মােগলক পৰাস্ত কৰি অসমৰ সোনৰ ভৱিষ্যত নিশ্চিত কৰা সম্ভব হ’ব। সেয়া ৰাতি ভােগাৰ পৰা বাচি, অতি অলপ পৰিশ্ৰম আৰু ত্যাগৰ সহায়ত, কাৰ্য সফল হব। লাচিতৰ মন্নত আশাৰ দীপ জ্বলি আছিল, যাৰ সহায়ত দেশ মাতৃৰ মুক্তি নিশ্চিত হব।
উত্তৰঃ ১৬৭১ খৃষ্টাব্দত আহোম ৰজা চক্ৰধ্বজ সিংহৰ দিনত আহোম আৰু মোগলৰ মাজত হোৱা যুদ্ধখনেই হ’ল শৰাইঘাটৰ যুদ্ধ। আগিয়াঠুৰিৰ পৰা গুৱাহাটীলৈ অহা বাটত বৰ্তমানৰ আমিনগাঁৱৰ ওচৰত গড় বনোৱা ভাৰ অৰ্পন কৰিছিল লাচিত বৰফুকনৰ মোমায়েকক। ইফালে অম্বৰৰ অধিপতি ৰাজপুত বীৰ ৰামসিংহৰ নেতৃত্বত মোগল সৈন্যও যুদ্ধৰ বাবে সজ্জিত হৈ আগবাঢ়ি আহিছিল। লাচিত বৰফুকনে গধূলি ঘোঁৰাত উঠি গড়ৰ কাম চাবলৈ আহি দেখে যে কামৰ আধাখিনিও হোৱা নাই। কামত অৱহেলা কৰা দেখি লাচিতে খাপৰ পৰা সাউতকৈ তৰোৱালখন উলিয়াই মোমায়েকক কাটি দুডোখৰ কৰি ক’লে – “মোৰ দেশতকৈ মোমাই ডাঙৰ নহয়।” পিছত কৰ্মী সকলে ভয়তে গড় নিৰ্মাণ কামত উদ্যমেৰে লাগি যায়। কৰ্মীসকলৰ উদ্যম আৰু লাচিতৰ প্ৰতি থকা ভক্তি দেখে তেওঁ আনন্দিত হৈ পৰিছিল।
উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকাৰ দুখন নাটকৰ নাম হ’ল কুৰুক্ষেত্ৰ আৰু সাৱিত্ৰী।
(ক) লাচিত বৰফুকন
উত্তৰঃ লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামূলী বৰবৰুৱা। লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাট ৰণ সংঘটিত হৈছিল। অসীম পৰাক্ৰমেৰে যুজিঁ লাচিতে মোগলক হৰুৱাই আহোম সকলক বিজয়ী কৰিছিল।
(খ) ৰামসিংহ
উত্তৰঃ ৰামসিংহ অম্বর ৰাজ্যৰ ৰজা আছিল। মোগল সম্ৰাট ঔৰংগজেৱৰ আদেশক তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। ১৬৬৭ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংগজেৱে ৰামসিংহক বহুত সৈন্য সামন্ত দি অসম জয় কৰিবলৈ পঠাইছিল। ১৬৭০ খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহ পৰাজিত হৈছিল।
(গ) শৰাইঘাটৰ যুদ্ধ
উত্তৰঃ ১৬৭১ খৃষ্টাব্দত আহোম ৰজা চক্ৰধ্বজ সিংহৰ দিনত আহোম আৰু মোগলৰ মাজত হোৱা যুদ্ধখনেই হ’ল শৰাইঘাটৰ যুদ্ধ। শৰাইঘাটৰ যুদ্ধ সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। এই যুদ্ধত মোগল পৰাজিত হয় আৰু আহোমৰ জয় হয়।