SVN Class 5। Social Science। Sankardev Sishu Niketan Solution । আদিম মানৱ আৰু সভ্যতাৰ বিকাশ । শংকৰদেৱ শিশু নিকেটন 2024-2025

SVN Class 5 Social Science

SVN Class 5 Social science solution chapter 3 SVN Class 5 আদিম মানৱ আৰু সভ্যতাৰ বিকাশ Sankardev Sishu Niketan SVN Class 5 শংকৰদেৱ শিশু নিকেটন social science chapter 3 class 5 SVN . we will provide the SVN Class 5 solution of whole chapter in this article which SVN class 5 of social science .SVN Class 5

আদিম মানৱ আৰু সভ্যতাৰ বিকাশৰ অনুশীলনী

১। চমু উত্তৰ দিয়া-

(ক) কোন চাৰিবিধ প্রাণীক বনমানুহ বোলা হয়?

উত্তৰঃ গৰিলা, চিম্পাঞ্জী, গিবন আৰু ওৰাং ।

(খ) আদিম মানৱৰ মূল সমস্যা কি কি আছিল?

উত্তৰঃ আদিম মানৱৰ মূল সমস্যা আছিল —–১)জীয়াই থাকিবলৈ খাদ্য সংগ্ৰহ , ২) বতাহ বৰুষুণ বা আন প্ৰাকৃতিক দুৰ্যোগৰপৰা ৰক্ষা পোৱাৰ ব্যৱস্থা ৩)হিংস্ত্ৰ জীৱ-জন্তৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰা ।

(গ) পৃথিৱীৰ উপৰিভাগ চেঁচা হাৱোৰ ফলত কি পৰিৱৰ্তন ঘটিছে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত নানান পৰিবৰ্তন ঘটিছে। কেইবা নিযুত বছৰৰ ব্যৱধানত পৃথিৱীখনৰ উপৰিভাগৰ ভালেমান অংশ বৰফেৰে ঢাকি পেলোৱাৰ দৰে ঘটনা হৈছে। বৰফেৰে ঢাকি পেলোৱাৰ ফলত গছ-বিৰিখ মৰি যায়, প্ৰণীবোৰ নিৰাপদ ঠাই বিচাৰি পলাই যায় আৰু পলাই যাব নোৱাৰা প্ৰাণীবোৰ মৃত্যু মুখত পৰে।

(ঘ) আদিম যুগৰ মানুহে কি কি খাই জীৱন ধাৰণ কৰিছিল?

উত্তৰঃ ফল-মূল, কেঁচা মাংস, আলু, কচু, শামুক, কেঁকোৰা আদি খাই জীৱণ নিৰ্বাহ কৰিছিল।

২। জুইৰ আৱিষ্কাৰেই মানৱ সভ্যতাৰ আৰম্ভণি বুলি কিয় কোৱা হয়

উত্তৰঃ  জ্বলন্ত আগ্নেয়গিৰি আদিম মানৱে দেখিছিল। শিলে শিলে খুন্দা খাই জুইৰ ফিৰিঙতি ওলোৱা দেখি তেওঁলোক নিশ্চয় আচৰিত হৈছিল। ফিৰিঙতিয়ে শুকান গছ-পাতত জুই লগোৱাৰ দৃশ্যটোৱে তেওঁলোকক জুই ধৰিবলৈ শিকালে। মানৱ সভ্যতাৰ ইতিহাসত জুইৰ আৱিষ্কাৰ এটা যুগান্তকাৰী অধ্যায়। জুই ধৰাৰ কৌশলটো আয়ত্ত কৰাৰ পাছৰেপৰা আদিম মানৱৰ জীৱন যাত্ৰা ভালেখিনি উন্নত হৈছিল। ন ন কামত তেওঁলোকে জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিলে। জুইৰ আৱিষ্কাৰে আদিম মানৱক তিনি প্ৰকাৰে সহায় কৰিলে – (১) জুইৰ ভয় দেখুৱাই তেওঁলোকে হিংস্র জীৱ-জন্তুক খেদিব পৰা হ’ল। (২) জুইৰ তাপ লৈ তেওঁলোকে প্রচণ্ড শীতৰপৰা নিজকে ৰক্ষা কৰিব পৰা হ’ল। (৩) জন্তুৰ মঙহ সেকি বা পুৰি খাবলৈ শিকিলে। মন কৰিছানে,

৩। আদিম মানৱে জুইৰ সহায়ত কি কি কৰিছিল

উত্তৰঃ আদিম মানৱে জুইৰ সহায়ত বহুতো কাম কৰিবলৈ শিকিলে। —- (১) জুইৰ ভয় দেখুৱাই তেওঁলোকে হিংস্র জীৱ-জন্তুক খেদিব পৰা হ’ল। (২) জুইৰ তাপ লৈ তেওঁলোকে প্রচণ্ড শীতৰপৰা নিজকে ৰক্ষা কৰিব পৰা হ’ল। (৩) জন্তুৰ মঙহ সেকি বা পুৰি খাবলৈ শিকিলে।

৪। আধুনিক কালত জুয়ে মানুহক কি ধৰণে সহায় কৰে লিখা। 

ত্তৰঃ  জীৱ-জন্তু খেদিবলৈ জুইৰ ব্যৱহাৰ আজিও কৰা হয়। হাবিৰপৰা জনবসতিপূর্ণ অঞ্চললৈ হাতী ওলাই আহিলে মানুহে জোঁৰ লৈ হাতীক ভয় দেখুৱায়।প্রচণ্ড শীত পৰিলে আমি জুই জ্বলাই তাপ লয়। আকৌ মাছ-মঙহ পুৰি খাই।

৫। আদিম মানৱে খহটা সঁজুলিৰ সলনি মিহি আৰু জোঙা সঁজুলি ব্যৱহাৰ কৰিছিল কিয়

উত্তৰঃ কাৰণ ভোটা শিলতকৈ জোঙা শিলেৰে চিকাৰ কৰিবলৈ সহজ

৬। আদিম মানৱে দল বান্ধি থকাটো সুবিধাজনক বুলি কিয় ভাবিছিল?

উত্তৰঃ হাবিৰ হিংস্ৰ জীৱ-জন্তু, বিষাক্ত সাপ আদিৰ পৰা নিজকে বচাই ৰাখিবলৈ দল বান্ধি থকাটো সুবিধাজনক বুলি ভাবিছিল। আকৌ অকলশৰে জন্তু চিকাৰ কৰিবলৈ যোৱাটোও টান। দল বান্ধি থাকিলে চিকাৰ কৰিবলৈ সহজ হয়।

৭। আদিম মানৱ গুহাবাসী হোৱাৰ ফলত তেওঁলোকৰ জীৱনলৈ কেনে পৰিৱৰ্তন আহিছিল?

উত্তৰঃ  মানৱ জাতিৰ ইতিহাসত গুহাবাসী হোৱাটো এটা ডাঙৰ পৰিৱৰ্তন আছিল। গুহাত আশ্ৰয় লৈ থাকিলে শত্রু বা হিংস্ৰ জীৱ-জন্তুৱে আক্রমণ কৰিব নোৱাৰে। প্ৰচণ্ড শীতৰ পৰাও গুহাবাসীয়ে ৰক্ষা পায়। আনহাতে, একেটা গুহাত থকা লোকসকলৰ মাজত ভাবৰ আদান-প্রদান সহজে হয়। তেওঁলোকৰ খোৱা-বোৱা, থকা-মেলা একেধৰণৰ হোৱাটোৱেই স্বাভাৱিক।

৮। স্থায়ীভাৱে বসতি কৰিবলৈ লোৱাত আদিম মানৱৰ জীৱনলৈ কেনে পৰিৱৰ্তন আহিছিল?

উত্তৰঃ স্থায়ীভাবে বসতি কৰিবলৈ লোৱাত আদিম মানৱে খেতি কৰিবলৈ শিকিলে, গাওঁ পাতি বাস কৰিবলৈ ল’লে। তাৰোপৰি তেওঁলোকে চকাৰ আৱিষ্কাৰ কৰি তাৰ ব্যৱহাৰৰ বিষয়ে শিকিলে।সমাজ পাতি বাস কৰিবলৈ শিকিলে । কাপোৰ পিন্ধিব শিকিলে।

৯। আদিম মানৱে পশুপালন কৰিবলৈ শিকিলে কেনেকৈ?

উত্তৰঃ কিছুমানে চিকাৰলৈ গৈ জন্তুৰ পোৱালিবোৰ বধ নকৰি তাক লগত লৈ আহিছিল আৰু সেইবোৰ ডাঙৰ হ’বলৈ দিছিল। এনেদৰে আদিম মানৱে পশু পালন কৰিবলৈ শিকিলে।

১০। আদিম মানৱৰ কৃষি পদ্ধতি সম্পৰ্কে চমুকৈ লিখা?

উত্তৰঃজনসংখ্যাৰ বৃদ্ধিৰ লগে লগে আদিম মানৱৰ খোৱাবস্তুৰ অভাৱ হ’বলৈ ধৰিলে। অভাৱেই আৱিষ্কাৰৰ মূল। তেওঁলোকে লক্ষ্য কৰিছিল যে পেলনীয়া ফল আৰু গুটিবোৰৰপৰা গছৰ পুলি হয়।পুলিবোৰ ডাঙৰ হয়, গছত গুটি হয় আৰু ফল লাগে। নদীৰ পাৰত কোমল মাটিত পুলিবোৰ লহপহকৈ বাঢ়ে, সেইটোও তেওঁলোকে লক্ষ্য কৰিছিল। এনে অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকে ফলৰ বীজ সংগ্রহ কৰিবলৈ শিকিলে আৰু কোমল মাটিত বীজ সিঁচি দি খেতি কৰিবলৈ শিকিলে। প্রথম অৱস্থাত তেওঁলোকে গছৰ ডাল, জোঙা শিল, জন্তুৰ দাঁত, হাড় আদি ব্যৱহাৰ কবি মাটি কোমল কৰি লৈছিল, পাছলৈ কাঠৰ নাঙলেৰে মাটি চহ কৰি শস্যৰ বীজ সিঁচিবলৈ শিকিলে।

১১। চকাৰ আৱিস্কাৰে আদিম মানৱৰ জীৱন যাত্ৰাত কেনে পৰিৱৰ্তন আনিছিল?

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ মানুহৰ মহান আৱিষ্কাৰটো আছিল চকা। চকা লগাই গধুৰ বস্তু এঠাইৰ পৰা আন ঠাইলৈ নিব পৰা হ’ল; চকা লগোৱা গাড়ী জন্তুৰে টনোৱা হ’ল। পূৰ্বতে মানুহে হাতেৰে মাটিৰ পাত্ৰ নিৰ্মাণ কৰিবলৈ শিকিছিল। চকাৰ আৱিষ্কাৰ হোৱাৰ পাছত মানুহে চাকত মাটিৰ পাত্ৰ সহজতে তৈয়াৰ কৰিব পৰা হ’ল।চকাই মানুহ গতি দিলে, কম শক্তিৰে অধিক কাম কৰিবলৈ সক্ষম কৰি তুলিলে ।

১২। মানুহে নদীৰ পাৰত বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি?

উত্তৰঃ খেতি-বাতিৰ সুবিধাৰ বাবে নদীৰ ওচৰে-পাঁজৰে বসবাস কৰিবলৈ ল’লে। ফলত খেতি-বাতি কৰাটো সহজ হৈ পৰিল। 

১৩। গাঁৱৰ উৎপত্তি কেনেকৈ হ, এটা থূলমূল ধাৰণা দিয়া?

উত্তৰঃ পশুপালন আৰু খেতি-বাতি কৰিবলৈ শিকাৰ পাছত আদিম মানৱৰ স্বভাৱৰ পৰিবৰ্তন হ’ল। অঘৰী জীৱন এৰি মানুহে স্থায়ীভবে বসতি কৰিবলৈ ল’লে। কেইবাটাও পৰিয়াল ওচৰা-ওচৰিকৈ থকাটো তেওঁলোকে সুবিধাজনক বুলি মানি লৈছিল। তেওঁলোকে ৰ’দ-বতাহ-বৰষুণ আদিৰ পৰা ৰক্ষা পাবলৈ গছৰ ডাল-পাত, খেৰ আদিৰে একো একোটা ঘৰ সাজি লৈছিল। এনেদৰেই একোটা অঞ্চলৰ বহুঘৰ মানুহ লগ লাগি  গাঁৱৰ উৎপতিতি হৈছিল।

১৪। মানৱ সভ্যতাৰ ইতিহাসত ধাতুৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে‘ – কথাষাৰ চমুকৈ বুজাই লিখা।

উত্তৰঃ যেতিয়া ধাতুৰ আৱিষ্কাৰ হ’ল তেতিয়া তাম আৰু টিন মিহলাই ব্ৰঞ্জ ধাতু তৈয়াৰ কৰিছিল। ধাতুৰ পৰাই মানুহে ঘৰ বনোৱা সা-সৰঞ্জাম, বাচন-বৰ্তন তৈয়াৰ কৰিছিল। যুদ্ধৰ বাবে আৰু আত্মৰক্ষাৰ বাবে ধাতুৰ অস্ত্ৰ-শস্ত্ৰ মানুহে ব্য়ৱহাৰ কৰে। উৎপাদন বৃদ্ধিৰ বাবে অনেক সা-সঁজুলি ধাতুৰ পৰা সাজি উলিওৱা হৈছিল। 

১৫। খালী ঠাই পূৰণ কৰাঃ

(ক) এটা জ্বলন্ত বাষ্পপিণ্ড ৰূপে পৃথিৱীৰ জন্ম হৈছিল ।

(খ) আদিম মানৱসকল আমাৰ উপৰিপুৰুষ ।

(গ) লাখ লাখ বছৰৰ আগতে হিমালয় পৰ্বতৰ ঠাইত আছিল এখন বিশাল সাগৰ

(ঘ) চিকাৰ কৰিবলৈ আদিম মানৱৰ হাতত একমাত্ৰ অস্ত্ৰ আ়ছিল শিল

(ঙ) প্ৰায় দহহাজাৰ বছৰ আগতে আদি প্ৰস্তৰ যুগ আৰম্ভ হৈছিল।

(চ) প্ৰচীন প্ৰস্তৰ যুগত মানুহে অস্ত্ৰবোৰ শিলৰ ৰ পৰা তৈয়াৰ কৰি লৈছিল।

(ছ) মানুহে আৱিস্কাৰ কৰা প্ৰথম ধাতুটো আছিল তাম

(জ) বস্তুৰ সলনা -সলনি কৰা পদ্ধতিটোক বিনিময় প্ৰথা বোলে।

(ঝ) আদিম মানৱৰ বাবে ছবি অঁকা ভাব প্ৰকাশৰ মাধ্যম হৈ পৰিছিল।

(ঞ) জুইৰ আৱিস্কাৰ হৈছিল আদি প্ৰস্তৰ যুগত ।

(ট) চকাৰ আৱিস্কাৰ হৈছিল নৱ প্ৰস্তৰ যুগত ।

১৬। তুষাৰ যুগ কাক বোলে?

উত্তৰঃ কেইবা নিযুত বছৰৰ ব্যৱধানত পৃথিৱীখনৰ উপৰিভাগৰ ভালেমান অংশ বৰফে ঢাকি পেলোৱাৰ ফলত গছ-বিৰিখ মৰি যায়, প্ৰাণীবোৰে নিৰাপদ ঠাই বিচাৰি পলাই যায় আৰু পলাইঈ যাব নোৱাৰা প্ৰাণীবোৰ মৃত্যমুখত পৰে। এনে কালকে তুষাৰ যুগ বুলি কোৱা হয়।

১৭। তুষাৰ যুগে আদিম মানৱৰ জীৱনলৈ কি পৰিৱৰ্তন আনিলে চমুকৈ লিখা।

উত্তৰঃ তুষাৰ যুগে আদিম মানুহৰ জীৱনলৈ তিনিটা পৰিবৰ্তন আনিলে-

(i) তুষাৰ যুগতে মানুহে দলে দলে গৰম ঠাই বিচাৰি এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ গৈছিল।

(ii) মানুহে খাদ্য় বিচাৰি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যোৱা হ’ল। মানুহে হাবিত জীৱ-জন্তুৰ চিকাৰ কৰিছিল, হাবিয়ে-বননিয়ে পোৱা ফল-মূল খাইছিল।

(iii) লাহে লাহে আদিম মানৱে পশুপালন কৰিবলৈ শিকিলে।

১৮। নৱপ্ৰস্তৰ যুগত আধুনিক সভ্যতাৰ বীজ অংকুৰিত হৈছিল বুলি কিয় কোৱা হয়? পাঁচটা কাৰণ লিখা।

উত্তৰঃ নৱপ্ৰস্তৰ যুগত আধুনিক স্যভতাৰ বীজ অংকুৰিত হৈছিল। ইয়াৰ কাৰণ পাঁচটা হৈছে-

(i) আদি প্ৰস্তৰ যুগত হোৱা মহান আৱিষ্কাৰটো হৈছে- চকাৰ আৱিষ্কাৰ।

(ii) আদি প্ৰস্তৰ যুগতে উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰো প্ৰবৰ্তন হ’ল।

(iii) এই যুগতে বিনিময় প্ৰথাৰো প্ৰবৰ্তন হোৱা দেখা যায়।

(iv) উৎসৱ পালন কৰা আৰু উৎসৱত নাচ-গান কৰাৰ অভ্যাস নৱপ্ৰস্তৰ যুগতে গঢ়ি উঠিছিল।

(v) এই যুগত মানুহে কাঠৰ পৰা সা সজুলি তৈয়াৰ কৰিব শিকিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *