জনসংখ্যা বৃদ্ধি আৰু বিতৰণ । SVN Class 8 Social Science Chapter 2 Question Answer । Sankardev Sishu Niketan

জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

অনুশীলনীৰ প্রশ্নোত্তৰ
১। জনসংখ্যাৰ বৃদ্ধি বুলিলে কি বুজা?
উত্তৰঃ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত মানুহৰ সংখ্যা বৃদ্ধি পোৱাকেই জনসংখ্যা বৃদ্ধি বুলি জনা যায়।
২। জনসংখ্যাৰ গুণগত বিকাশ মানে কি?
উত্তৰঃ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ, শিক্ষা দীক্ষা প্ৰাপ্ত, তথা নিজৰ বুদ্ধি-বৃত্তি আৰু কাৰিকৰী কৌশল ব্যৱহাৰ কৰি কৰ্মদক্ষতাৰ দ্বাৰা দেশৰ সম্পদৰ উন্নয়নত অৱদান ৰাখিব পৰা লোকসকলেই জনসংখ্যাৰ গুণগত বিকাশৰ সূচক বুলি গণ্য কৰা হয়।
৩। জনসংখ্যাৰ বৃদ্ধিয়ে কেনে ধৰণৰ সমস্যা সৃষ্টি কৰে?
উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্যা সমূহ হ’ল-
১) সম্পদৰ চাহিদা বৃদ্ধি।
২) পৰিৱেশৰ অৱক্ষয়।
৩) বৰ্ধিত দৰিদ্ৰতা আৰু অৱক্ষয়।
৪) স্বাস্থ্যজনিত সমস্যা।
৫) সম্পদক লৈ সংঘাত।
৬) সামাজিক সমস্যা।
৪। জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগত যিধৰণে জনসংখ্যা সিঁচৰিত হৈ আছে তাকে জনসংখ্যাৰ বিতৰণ বুলি জনা যায়।
৫। জনসংখ্যাৰ বিতৰণৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকবোৰ কি কি?
উত্তৰঃ কাৰকসমূহ হ’ল-
১) প্ৰাকৃতিক কাৰক
২) অৰ্থনৈতিক কাৰক
৩) সামাজিক-সাংস্কৃতিক কাৰক।
৬। জনবসতিৰ কেন্দ্রীভৱন বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।
উত্তৰঃ পৃথিৱীৰ সকলো অঞ্চলত সমানভাৱে মানুহে নেথাকে। মানুহে সাধাৰণতে সেই ঠাইবোৰ বাচি লয় য’ত প্ৰাকৃতিক সুৰক্ষা, অৰ্থনৈতিক সুযোগ-সুবিধা আৰু সামাজিক-সাংস্কৃতিক উন্নতি পোৱা যায়। এনে সুবিধাজনক স্থানবোৰতে জনসংখ্যা ধীৰে ধীৰে কেন্দ্ৰিত হৈ পৰে, যাক জনবসতিৰ কেন্দ্রীভৱন বুলি কোৱা হয়।

সাধাৰণতে উন্নত সুযোগ থকা অঞ্চললৈ অনুন্নত অঞ্চলৰ পৰা মানুহে প্ৰৱজন কৰে। য’ত অনুকূল জলবায়ু, উন্নত স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা, জীৱিকা নির্বাহৰ সুবিধা, আৰু যাতায়াতৰ ভাল সুবিধা থাকে, সেই স্থানবোৰ মানুহে বসতি স্থাপন কৰিবলৈ পচন্দ কৰে।

উদাহৰণস্বৰূপে, বৰ্তমান সময়ত বহু মানুহে গাঁও এৰি চহৰলৈ স্থানান্তৰ হৈ আছে। চহৰসমূহত এই সকলো সুবিধা উপলব্ধ হোৱাৰ ফলত জনবসতি তাত কেন্দ্ৰীভূত হৈছে। এই দৃষ্টিত গুৱাহাটী চহৰ এখন ভাল উদাহৰণ, য’ত জনসংখ্যা দিনক দিনে অস্বাভাৱিকভাৱে বৃদ্ধি পাই আছে।
৭। জনবসতিৰ কেন্দ্রীভৱন কি কি সা-সুবিধাৰ ভিত্তিত ঘটে?
উত্তৰঃ মানুহে সাধাৰণতে তেনেধৰণৰ ঠাইত বাস কৰিব বিচাৰে, য’ত জীৱন যাপন সৰল, সুৰক্ষিত আৰু সুবিধাসম্পন্ন। এই কাৰণে সুবিধা থকা অঞ্চললৈ মানুহৰ সোঁত বৈ যায় আৰু সেই ঠাইত জনবসতি কেন্দ্ৰীভূত হয়।

জনবসতিৰ কেন্দ্রীভৱন সাধাৰণতে তলত দিয়া সুবিধাসমূহৰ ভিত্তিত ঘটে—

১। উৰ্বৰ ভূমি: নদী উপত্যকা আৰু উপকূলীয় সমভূমিসমূহত মাটি উৰ্বৰ হোৱাৰ বাবে কৃষিকাজ সহজে কৰিব পৰা যায়। সেইবাবে এনে ঠাইত মানুহে বসতি স্থাপন কৰিবলৈ আগ্ৰহী হয়।

২। উন্নত যাতায়াত ব্যৱস্থা: যিসকল ঠাইত ৰাস্তা-ঘাট, যানবাহন আৰু যোগাযোগৰ ব্যৱস্থা উন্নত, সেই ঠাইবোৰত জনসংখ্যা কেন্দ্ৰিত হয়। গুৱাহাটী মহানগৰ আৰু ইয়াৰ আশেপাশৰ অঞ্চল ইয়াৰ উৎকৃষ্ট উদাহৰণ।

৩। প্ৰাকৃতিক সম্পদ আৰু উদ্যোগ: সম্পদসমৃদ্ধ অঞ্চল আৰু উদ্যোগিক সুবিধাযুক্ত ঠাইত জনবসতি অধিক হয়, কাৰণ তাত জীৱিকাৰ সুবিধা থাকে।

৪। ব্যৱসায় আৰু নিয়োগৰ সুযোগ: যিসকল চহৰ বা অঞ্চলত বাণিজ্যিক গতি-বিধি আৰু চাকৰিৰ সুযোগ অধিক থাকে, সেই ঠাইবোৰত অধিক জনসংখ্যা কেন্দ্ৰিত হয়।

৫। শিক্ষা আৰু সংস্কৃতিৰ কেন্দ্ৰ: শিক্ষা-প্ৰতিষ্ঠান, সাংস্কৃতিক গঠনতন্ত্র আৰু জ্ঞানৰ আদান-প্ৰদানৰ সুবিধাযুক্ত ঠাইত মানুহে অধিক বসতি স্থাপন কৰে।

এই সকলো সুবিধাই জনবসতি কেন্দ্রীভৱনৰ পেছত মূল কাৰক হিচাপে কাম কৰে।
৮। ঘন বসতিৰ বাবে উদ্ভৱ হোৱা সমস্যাবোৰ কি কি? সেই সমস্যাবোৰ দূৰ কৰাৰ কাৰণে কেনে ধৰণৰ ব্যৱস্থা ল’ব পাৰি?
উত্তৰঃ মানুহে সদায় তেনেকুৱা ঠাইত বাস কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে, য’ত স্বাস্থ্য, শিক্ষা, কাম-কাজ আৰু অন্যান্য প্ৰয়োজনীয় সুবিধা উপলব্ধ। এই সুবিধাবোৰৰ সন্ধানত মানুহে বিশেষ ঠাইসমূহত ভিৰ কৰে, ফলস্বৰূপে কিছুমান অঞ্চলত জনবসতি অতি ঘন হৈ পৰে। ঘন বসতিৰ ফলত বিভিন্ন সমস্যা দেখা দিয়ে।

ঘন বসতিৰ বাবে সৃষ্ট সমস্যাবোৰ—

(ক) অধিক জনবসতিৰ বাবে বাসগৃহ নিৰ্মাণৰ ঠাইৰ অভাৱ হয়, যাৰ ফলত মানুহে অতি ঠেক ঠাইত অস্বাস্থ্যকৰ পৰিবেশত বাস কৰিবলগীয়া হয়।

(খ) অতিধিক জনসংখ্যা একেলগে বাস কৰাৰ ফলত বিশুদ্ধ বায়ুৰ অভাৱ হয়, যাৰ ফলত বায়ু দূষণৰ সমস্যা দেখা দিয়ে।

(গ) ঘন বসতি থকা অঞ্চলত ৰাস্তা-ঘাট আৰু যোগাযোগ ব্যৱস্থা যথেষ্ট বিস্তৃত নোহোৱাৰ ফলত চলাচলৰ অসুবিধা হয়।

(ঘ) অতিমাত্ৰা জনবসতিয়ে পৰিবেশৰ প্ৰাকৃতিক ভাৰসাম্য বিঘ্নিত কৰে।

(ঙ) ভূমিকম্প, বানপানী, অগ্নিকাণ্ড আদি প্ৰাকৃতিক দুৰ্ঘটনাৰ সময়ত ঘন বসতি অঞ্চলত বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

(চ) খালি ঠাই নথকাৰ ফলত আবর্জনা নিষ্কাষণ ব্যৱস্থা বিঘ্নিত হয়, যাৰ ফলত পৰিবেশ দূষিত হয় আৰু স্বাস্থ্য সমস্যা দেখা দিয়ে।

সমস্যাসমূহৰ সমাধানৰ বাবে গ্ৰহণযোগ্য ব্যৱস্থাবোৰ—

(ক) চৰকাৰে শিক্ষা, স্বাস্থ্য, আৰু কৰ্মসংস্থাপন সুবিধাসমূহৰ বিকেন্দ্রীকৰণ কৰাৰ জৰিয়তে জনসংখ্যাৰ ওপৰ থকা চাপ কিছু পৰিমাণে হ্ৰাস কৰিব পাৰে। ইয়াৰ ফলত মানুহে বিভিন্ন অঞ্চলত বিতৰিতভাৱে বসতি স্থাপন কৰিব।

(খ) নাগৰিক সকলে নিজৰ অঞ্চলৰ পৰিচ্ছন্নতা আৰু স্বাস্থ্যৰ বাবে সচেতন হ’ব লাগিব। স্থানীয় সমিতি গঠন কৰি ৰাস্তা, নলা-নর্দমা আদি ৰক্ষণাবেক্ষণৰ দায়িত্ব ল’ব লাগিব, আৰু এই ক্ষেত্ৰত চৰকাৰী সহায়ৰ প্ৰয়োজন থাকিব।

(গ) আবর্জনা নিষ্কাষণৰ বাবে চৰকাৰে আধুনিক আৰু সুসংগঠিত ব্যৱস্থা গঢ়ি তুলিব লাগিব। লগতে, জনসাধাৰণেও জাবৰ-জোথৰ সঠিকভাৱে নিষ্কাষণৰ ক্ষেত্ৰত সচেতনতা অবলম্বন কৰিব লাগিব।

(ঘ) নাগৰিকে কেৱল অধিকাৰহে দাবী নকৰাকৈ নিজৰ কৰ্তব্য সচেতনতাৰে পালন কৰিলে, সমাজ আৰু অঞ্চল দুয়োটি অধিক সুস্থ, পৰিচ্ছন্ন আৰু সুৰক্ষিত হৈ উঠিব।
৯। জনসংখ্যাৰ ঘনত্ব বুলিলে কি বুজা?
উত্তৰঃ জনসংখ্যাৰ ঘনত্ব (Population Density) বুলিলে বুজোৱা হয়—নির্দিষ্ট এখন অঞ্চলত প্রতি বৰ্গ কিলোমিটাৰ মাটিত কিমান সংখ্যক মানুহ বসবাস কৰে। এই সংখ্যা অঞ্চল অনুসৰি ভিন্ন-ভিন্ন হ’ব পাৰে। কোনো অঞ্চলত জনসংখ্যা বেছি হ’ব পাৰে, আনহাতে কোনো অঞ্চলত কমো হ’ব পাৰে।
১০। পৃথিৱীৰ অধিক জনসংখ্যাৰ ঘনত্বৰ অঞ্চলকেইটা উল্লেখ কৰা।
উত্তৰঃ পূৱ এছিয়া, দক্ষিণ-পূৱ এছিয়া, পশ্চিম আৰু মধ্য ইউৰোপ আৰু আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ উত্তৰ-পূৱ উপকূলীয় অঞ্চল।
১১। জন-প্ৰব্ৰজন বুলিলে কি বুজা? জন-প্ৰব্ৰজনৰ প্ৰধান কাৰণবোৰ কি কি?
উত্তৰঃ কোনো ব্যক্তি কৰ্মসংস্থাপন বা আন কোনো কাৰণত নিজৰ মুল বাসস্থান এৰি অন্য এখন ঠাইলৈ গৈ বাস কৰা ঘটনাক জন-প্ৰব্ৰজন বুলি জনা যায়।

জনপ্ৰব্ৰজনৰ প্ৰধান কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-

১) সামাজিক কাৰক।
২) কৃষিভূমিৰ প্ৰাচুৰ্য।
৩) উন্নত শিক্ষা আৰু কৰ্ম সংস্থাপনৰ ব্যৱস্থা।
৪) সম্পদৰ প্ৰাচুৰ্য।
৫) ধৰ্মীয় কাৰক।
৬) ৰাজনৈতিক কাৰক।
৭) প্ৰাকৃতিক কাৰক।
৮) উদ্যোগ আৰু নগৰ।
৯) বল প্ৰয়োগ।
১২। জনসংখ্যাৰ বিস্ফোৰণ মানে কি বুজাই লিখা।
উত্তৰঃ কোনো এখন দেশৰ জনসংখ্যা অতি উচ্চ হাৰত বৃদ্ধি হোৱা অৱস্থাটোক জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয়।
১৩। জনসংখ্যাৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰ কি কি?
উত্তৰঃ জনসংখ্যাৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰ হ’ল-

১) পৰিৱেশৰ ভাৰসাম্যতাৰ অৱনতি।
২) খাদ্যৰ অভাৱ।
৩) মূল্যবৃদ্ধি।
৪) অৰ্থনৈতিক অনগ্ৰসৰতা।
৫) প্ৰাকৃতিক সম্পদৰ ওপৰত অত্যাধিক হেঁচা।
৬) সংস্থাপনহীনতা।
৭) বাসস্থানৰ অভাৱ।
৮) শিক্ষা আৰু স্বাস্থ্যৰ দিশত অভাৱ।
৯) মানৱ সম্পদ উন্নয়নৰ অন্তৰায় আদি।
১৪। মানৱ সম্পদ হ’বলৈ কি কি গুণৰ প্ৰয়োজন?
উত্তৰঃ মানৱ সম্পদ হ’বলৈ প্ৰয়োজন হোৱা গুনসমূহ হ’ল- শাৰীৰিক, মানসিক, বুদ্ধি-বৃত্তি, কাৰিকৰী কৌশল, কৰ্মদক্ষতা, শিক্ষাৰ বৃদ্ধি হোৱা লোক।
১৫। মানৱ সম্পদক কিয় শ্রেষ্ঠ সম্পদ বুলি আখ্যা দিয়া হয়?
উত্তৰঃ মানুহেই পৃথিৱীত একমাত্ৰ জীৱ যাৰ চিন্তাশক্তি থাকে। এই চিন্তাশক্তিৰে মানুহে ভাল আৰু বেয়া বুজি পাৰে, শিক্ষা-দীক্ষা গ্ৰহণ কৰি বুদ্ধিমত্তা আৰু কৰ্মদক্ষতা অৰ্জন কৰে। তদুপৰি, উচ্চ মানদণ্ডৰ চিন্তাধাৰা আৰু কাৰিকৰী দক্ষতা বিকাশ কৰি দেশ, জাতি আৰু সামগ্ৰিক মানব সমাজৰ উন্নতিত গুৰুত্বপূর্ণ অৱদান ৰাখে। এইবোৰ গুণৰ বাবে মানৱ সম্পদক শ্রেষ্ঠ সম্পদ বুলি পৰিগণনা কৰা হয়।
১৬। আমাৰ দেশত মানৱ সম্পদৰ উন্নতিৰ বাবে কেনে ধৰণৰ ব্যৱস্থা লোৱা হৈছে?
উত্তৰঃ আমাৰ দেশত মানৱ সম্পদ উন্নতিৰ বাবে লোৱা ব্যৱস্থা সমূহ হ’ল-

১) খাদ্য সুৰক্ষা আঁচনি।
২) ইন্দিৰা আৱাস যোজনা।
৩) প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা।
৪) সৰ্বশিক্ষা অভিযান।
৫) ৰাষ্ট্ৰীয় গ্রাম্য স্বাস্থ্য অভিযান আদি।
১৭। আমাৰ দেশত মানৱ সম্পদৰ বাহিৰৰ দেশলৈ যোৱা প্ৰৱণতা বৃদ্ধি পোৱাৰ কাৰণ কি বুলি ভাবা?
উত্তৰঃ আধুনিক বিশ্বায়নৰ যুগত গোটেই পৃথিৱীত মুক্ত বাণিজ্যৰ সুযোগ সৃষ্ট হৈছে। ৰাজনৈতিক, বাণিজ্যিক আৰু কারিগৰী ক্ষেত্ৰত দক্ষ ব্যক্তি সকলক নিযুক্তি দি বিশ্বজুৰি বাণিজ্যৰ বিস্তাৰ ঘটিছে। এইদৰে নিযুক্তি লাভৰ সুবিধা লৈ যুৱ প্ৰজন্মৰ মাজত বিদেশলৈ যাবলৈ আগ্ৰহ বৃদ্ধি পাইছে। উন্নয়নশীল দেশ ভাৰতবৰ্ষত যদিও জনসংখ্যাৰ অনুপাতে দক্ষ বা মানৱ সম্পদৰ পৰিমাণ কম, তেন্তেও যথেষ্ট সংখ্যক প্ৰশিক্ষিত ব্যক্তি আছে। কিন্তু উন্নত দেশবোৰৰ দৰে আমাৰ দেশত সেইসকলৰ বাবে উপযুক্ত কৰ্মসংস্থাপনৰ ব্যৱস্থা যথেষ্ট নাই। ফলস্বৰূপ, বিশ্বায়নৰ সুবিধা গ্ৰহণ কৰি ভাৰতৰ দক্ষ মানৱ সম্পদৰ বাহিৰৰ দেশলৈ প্ৰৱাহ বৃদ্ধি পাইছে।
১৮। চমুটোকা লিখা – মানৱ সম্পদ উন্নয়ন, জনসংখ্যাৰ বিস্ফোৰণ
উত্তৰঃ মানৱ সম্পদৰ উন্নয়নঃ- সমাজ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক, মানসিক অৰিহণা আগৱঢ়াব পৰা মানুহবোৰে হৈছে দেশৰ মানৱ সম্পদ। মানৱ সম্পদ হ’বলৈ বহুতো গুণৰ প্ৰয়োজন। যেনে- শিক্ষা, সু-স্বাস্থ্য, উপযুক্ত কৰ্ম সংস্থাপন আদি। মানৱসম্পদত উন্নত দেশ সমূহৰ ভিতৰত পৰা দেশসমূহ হ’ল- আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, ফ্ৰান্স, জাৰ্মানী, চীন, ৰাছিয়া, কানাডা আদি।

আমাৰ দেশ ভাৰতবৰ্ষ হৈছে এখন উন্নয়নশীল দেশ। ভাৰতবৰ্ষক মানৱ সম্পদত চহকী দেশসমূহৰ লগত নিজৰ স্থান এতিয়াও স্থাপন কৰিব পৰা নাই। সেয়েহে ভাৰত চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। সেইবোৰ হ’ল- খাদ্য সুৰক্ষা আঁচনি, ইন্দিৰা আৱাস যোজনা, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় গ্রাম্য স্বাস্থ্য অভিযান আদি।

জনসংখ্যাৰ বিস্ফোৰণঃ- কোনো এখন দেশৰ জনসংখ্যা অতি উচ্চ হাৰত বৃদ্ধি হোৱা অৱস্থাটোকে জনসংখ্যাৰ বিস্ফোৰণ বোলা হয়। ১৯৫০ চনৰ পৰা পৃথিৱীৰ জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে। ২০০১ চনত ৬১৩ কোটিৰ পৰা ২০০৮ চনত ৬৬৮ কোটিলৈ বৃদ্ধি পাইছে। জনসংখ্যা ফালৰ পৰা ভাৰতবৰ্ষ পৃথিৱীৰ প্ৰথম স্থানত আছে। ২০০১ চনত ভাৰতৰ জনসংখ্যা ১০২ কোটি আছিল ২০০৮ চনত ১১৪ কোটি আৰু ২০১১ চনত বৃদ্ধি হৈ ১২১.১ কোটি হয়গৈ। জনসংখ্যা বিস্ফোৰণৰ ফলত ভৱিষ্যতে পৃথিৱীত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে।
১৯। মানুহক কিয় সম্পদ বুলি গণ্য কৰা হয়?
উত্তৰঃ মানুহ হৈছে পৃথিৱীৰ একমাত্ৰ জীৱ যাৰ চিন্তাশক্তি থাকে। মানুহে ভাল আৰু বেয়া বুজি পায়। শিক্ষা আৰু দীক্ষাৰ জৰিয়তে বুদ্ধি-বৃত্তি বিকাশ কৰি কৰ্মদক্ষতা অৰ্জন কৰে। উচ্চ মানদণ্ডৰ চিন্তাচৰ্চাৰ সহায়ত কাৰিকৰী কৌশল আয়ত্ব কৰি দেশ, জাতি আৰু মানৱ সমাজলৈ গুৰুত্বপূর্ণ অৱদান আগবঢ়ায়। এই বাবে মানুহক এক মূল্যবান সম্পদ হিচাপে গণ্য কৰা হয়।
২০। জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ কি কি?
উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হ’ল–

১) খাদ্য সুৰক্ষা আঁচনি।
২) ইন্দিৰা আৱাস যোজনা।
৩) প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা।
৪) সৰ্বশিক্ষা অভিযান।
৫) ৰাষ্ট্ৰীয় গ্রাম্য স্বাস্থ্য অভিযান আদি।
২১। মানব সম্পদ উন্নয়নৰ বাবে চৰকাৰে লোৱা কেইখনমান আঁচনিৰ নাম উল্লেখ কৰা।
উত্তৰঃ ১। খাদ্য সুৰক্ষা আঁচনি।
২। ইন্দিৰা আবাস যোজনা।
৩। প্রধান মন্ত্ৰীৰ গ্ৰাম চড়ক যোজনা।
৪। সর্বশিক্ষা অভিযান। আৰু
৫। ৰাষ্ট্ৰীয় গ্রাম্য স্বাস্থ্য অভিযান ইত্যাদি।
২২। শুদ্ধ উত্তৰটো লিখাঃ
(ক) কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি?
১। নিৰক্ষীয় অঞ্চল।
২। মেৰু অঞ্চল।
৩। পুব – এচিয়া।
৪। আফ্রিকাৰ চাহাৰা মৰুভূমি।
উত্তৰঃ পূব – এচিয়া।

(খ) কোনখন মহাদেশৰ জনসংখ্যা সর্বাধিক?
১। ইউৰোপ।
২। আফ্রিকা।
৩। এচিয়া।
৪। অষ্ট্রেলিয়া।
উত্তৰঃ এচিয়া।

(গ) ২০১১ চনত অসমৰ জনসংখ্যা আছিল –
১। ২.২৪ কোটি।
২। ৩.১২ কোটি।
৩। ২.৩৫ কোটি।
৪। ২.৮৬ কোটি।
উত্তৰঃ ৩.১২ কোটি।

(ঘ) তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই।
১। এচিয়া।
২। দক্ষিণ – আমেৰিকা।
৩। কুমেৰু।
৪। ইউৰোপ।
উত্তৰঃ কুমেৰু।
২৩। খালী ঠাই পূৰ কৰা –
(ক) জনসংখ্যা বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায়।

(খ) পৃথিৱীৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্দ্ধত বাস কৰে।

(গ) প্রতি বর্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব

(ঘ) ২০১১ চনৰ হিচাপ মতে ভাৰতৰ মুঠ জনসংখ্যা ১২১.১ কোটি

(ঙ) উন্নত দেশ সমূহৰ জনবসতি অতি পাতল

(চ) জনসংখ্যাৰ অভাৱনীয় বৃদ্ধিক জনসংখ্যাৰ বিস্ফোৰণ বোেলা হয়।

(ছ) জনসংখ্যা বৃদ্ধি মানে ইয়াৰ সংখ্যাগত বৃদ্ধি আৰু বিকাশ মানে ইয়াৰ গুণগত উৎকর্ষ

Leave a Reply