পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ
- প্ৰতিফলন
কোনো এখন পৃষ্ঠত যিকোনো পোহৰৰ ৰশ্মি আপতিত হৈ এক নিদিস্ট দিশত ঘূৰি যোৱা পৰিঘটনাকে প্ৰতিফলন বোলা হয় ।
প্ৰতিফলনৰ ধৰ্ম
- আপতন কোন প্ৰতিফলন কোন সমান ।
- আপতিত ৰশ্মি,দাপোনৰ আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিতত ৰশ্মি একেখন সমতলত থাকে ।
- দাপোনৰ প্ৰকাৰ :
- সমতল দাপোন
- গোলাকাৰ দাপোন
- অৱতল দাপোন
- উওল দাপোন
সমতল দাপোন :
যিবোৰ দাপোনৰ পৃষ্ঠ সমতল তেনে দাপোনক সমতল দাপোন বোলা হয় ।
সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ বৈশিষ্ঠ—-
- অসৎ আৰু থিয়
- প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তু সমান
গোলাকাৰ দাপোন :
যিবোৰ দাপোনৰ পৃষ্ঠ গোলাকাৰ তেনে দাপোনক গোলাকাৰ দাপোন বোলা হয় ।
- অৱতল দাপোন
যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰৰ ফালে সোমায় থাকে তেনে দাপোনক অৱতল দাপোন বোলা হয় ।
- উওল দাপোন :
যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ ফালে সোমায় থাকে তেনে দাপোনক উওল দাপোন বোলা হয় ।
টোকা :
গোলাকাৰ দাপোনবোৰ এটা গোলকৰে অংশ হিচাপে ধৰা হয় গতিকে গোলকৰ কেন্দ্ৰ থকা ফালেই দাপোনৰ ভাজকেন্দ্ৰ ধৰা হয় ।
- অৱতল দাপোন আৰু উওল দাপোনৰ বিভিন্ন অংশসমূহ :
- মেৰু
- ভাজকেন্দ্ৰ
- মুখ্য অক্ষ
- মুখ্য ফকাছ
- ফকাছ দৈৰ্ঘ্য
- ভাজ ব্যাসাৰ্ধ
মেৰু
কোনো এখন দাপোনৰ মাজৰ বিন্দুটোক মেৰু বোলা হয় । ইয়াক P আখৰে সূচোৱা হয়
ভাজকেন্দ্ৰ :
কোনো এখন দাপোনৰ কেন্দ্ৰটোক ভাজকেন্দ্ৰ বোলা হয় । ইয়াক C আখৰে সূচোৱা হয়
মুখ্য অক্ষ :
মেৰু আৰু ভাজকেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাডালক মুখ্য অক্ষ বোলা হয় ।
মুখ্য ফকাছ :
মুখ্য অক্ষৰ সমান্তৰালকৈ কেবাডালো পোহৰ ৰশ্মি অৱতল বা উওল দাপোনত আপতিত হৈ প্ৰতিফলিত ঘটি মুখ্য অক্ষৰ যিটো বিন্দুত লগ লাগি কটাকটি কৰে সেই বিন্দুটোক মুখ্য ফকাছ বোলা হয়
ইয়াক F আখৰে সূচোৱা হয়
ফকাছ দৈৰ্ঘ্য :
মেৰু আৰু ফকাছৰ মাজৰ দূৰত্বক ফকাছ দৈৰ্ঘ্য বোলা হয় । ইয়াক f আখৰে সূচোৱা হয়
ভাজ ব্যাসাৰ্ধ :
মেৰু আৰু ভাজকেন্দ্ৰৰ মাজৰ দূৰত্বক ভাজ ব্যাসাৰ্ধ বোলা হয় । ইয়াক R আখৰে সূচোৱা হয়
ফকাছ আৰু ভাজব্যাসাৰ্ধৰ সৰ্ম্পক :- R=2f
প্ৰতিবিম্ব গঠনৰ বাবে ৰশ্মিৰ ধৰ্ম :-
ক) মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মি অৱতল বা উওল দাপোনত আপতিত হলে প্ৰলিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হৈ যায় ।
খ) পোহৰ ৰশ্মি ফকাছৰ মাজেৰে অৱতল বা উওল দাপোনত আপতিত হলে প্ৰলিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ গতি কৰে ।
গ) পোহৰ ৰশ্মি ভাজকেন্দ্ৰৰ মাজেৰে অৱতল বা উওল দাপোনত আপতিত হলে প্ৰলিফলনৰ পিছত ভাজকেন্দ্ৰৰ ঘূৰি আহে ।
ঘ) পোহৰ ৰশ্মি যি কোণত অৱতল বা উওল দাপোনৰ মেৰুত আপতিত হয় প্ৰলিফলনৰ পিছত সেই একে কোণত প্ৰতিফলিত ঘতে ।
অৱতল দাপোনৰ দ্বাৰা প্ৰতিৱিম্বৰ গঠন
ক) যেতিযা লক্ষ্যবস্তু অসীমত থাকে
প্ৰতিবিম্ব আকাৰ —- অতিশয় সংকুচিত , বিন্দু আকাৰৰ
প্ৰতিবিম্ব প্ৰকৃতি —- সৎ আৰু ওলোটা
খ) যেতিয়া লক্ষ্যবস্তু অসীম আৰু ভাজকেন্দ্ৰৰ মাজত থাকে
লক্ষ্যবস্তুৰ অৱস্হান — অসীম আৰু ভাজকেন্দ্ৰৰ
প্ৰতিবিম্ব অৱস্হান—- ফকাছ আৰু ভাজকেন্দ্ৰৰ মাজত
প্ৰতিবিম্ব আকাৰ —- সংকুচিত
প্ৰতিবিম্ব প্ৰকৃতি —- সৎ আৰু ওলোটা
গ)যেতিয়া লক্ষ্যবস্তু ভাজকেন্দ্ৰত থাকে
লক্ষ্যবস্তুৰ অৱস্হান — ভাজকেন্দ্ৰত
প্ৰতিবিম্ব অৱস্হান—- ভাজকেন্দ্ৰত
প্ৰতিবিম্ব আকাৰ —- একে আকাৰৰ
প্ৰতিবিম্ব প্ৰকৃতি —- সৎ আৰু ওলোটা
ঘ) যেতিয়া লক্ষ্যবস্তু ফকাছ আৰু ভাজকেন্দ্ৰৰ মাজত থাকে
লক্ষ্যবস্তুৰ অৱস্হান — ফকাছ আৰু ভাজকেন্দ্ৰৰ
প্ৰতিবিম্ব অৱস্হান—- ভাজকেন্দ্ৰৰ পৰা আতৰত
প্ৰতিবিম্ব আকাৰ —- বিবৰ্ধিত
প্ৰতিবিম্ব প্ৰকৃতি —- সৎ আৰু ওলোটা
ঙ) যেতিয়া লক্ষ্যবস্তু ফকাছত থাকে
প্ৰতিবিম্ব অৱস্হান—- অসীমত
প্ৰতিবিম্ব আকাৰ —- অতি বিবৰ্ধিত
প্ৰতিবিম্ব প্ৰকৃতি —- সৎ আৰু ওলোটা
চ) যেতিয়া লক্ষ্যবস্তু মেৰু আৰু ফকাছৰ মাজত থাকে
লক্ষ্যবস্তুৰ অৱস্হান — মেৰু আৰু ফকাছত
প্ৰতিবিম্ব অৱস্হান—- দাপোণৰ পিছফালে
প্ৰতিবিম্ব আকাৰ —- বিবৰ্ধিত
প্ৰতিবিম্ব প্ৰকৃতি —- অসৎ আৰু থিয়