অনুশীলনী – 3(A)
Class 6 Maths
- সংজ্ঞা লিখা
(a) মৌলিক সংখ্যা (b) যৌগিক সংখ্যা (c) যুগ্ম সংখ্যা (d) অযুগ্ম সংখ্যা


2.উৎপাদক আৰু গুণিতক কাক বোলে উদাহৰণসহ বুজাই লিখা। প্ৰকৃত আৰু অপ্রকৃত উৎপাদ কাক কয়?

3. তলৰ সংখ্যাবোৰৰ আটাইবোৰ উৎপাদক উলিয়াই তাৰ পৰা মৌলিক উৎপাদক, প্রকৃত অপ্ৰকৃত আৰু যৌগিক উৎপাদকবোৰ পৃথকে পৃথকে দেখুওৱা ।
(a) 60 (b) 72 (c) 360 (d) 175

- a) 1 আৰু 100 ৰ মাজত কেইটা মৌলিক সংখ্যা আছে নিৰ্ণয় কৰা।
(ইৰাট’স্থেনিছৰ চালনীৰ সহায়ত কৰা
b) এই তালিকাখন চাই 100তকৈ সৰু সাতটা ক্ৰমিক যৌগিক সংখ্যা লিখা যাৰ মাজত কোনে
মৌলিক সংখ্যা নাই ।

4. a) Ans- 1 আৰু 100 ৰ মাজত 25 মৌলিক সংখ্যা আছে
b) Ans- 100তকৈ সৰু সাতটা ক্ৰমিক যৌগিক সংখ্যা 90,91,92,93,94,95,96
- তলৰ সংখ্যাবিলাকৰ প্ৰতিটোৰে প্ৰথম ১টাকৈ গুণিতক নিৰ্ণয় কৰা।
(i) 8 (ii) 15 (iii) 18
(তোমালোকে নিজেও কেইটামান আন সংখ্যা লৈ সেইবোৰৰ গুণিতক উলিওৱা)

6. 64ৰ সঠিক ভাজক কেইটা উলিওৱা ।

- তলৰ উক্তিবোৰ সত্য নে অসত্য কোৱা।
a) এটা সংখ্যাৰ প্ৰতিটো গুণিতক সেই সংখ্যাটোতকৈ ডাঙৰ বা সমান।
b) আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2
c) . 1 সংখ্যাটো মৌলিক নহয়, ই যৌগিক সংখ্যা।
d) একমাত্র 2 টোৱেই এটা মৌলিক সংখ্যা যি যুগ্ম
e) 7 ৰ কোনো মৌলিক উৎপাদক নাই।
f) দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম।
g) তিনিটা অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম।
h) 2ক বাদ দি আন মৌলিক সংখ্যাবিলাকৰ যিকোনো দুটাৰ যোগফল সদায় অযুগ্ম।
i) সকলো পূৰ্ণ সংখ্যাৰে ন্যূনতম এটা হ’লেও মৌলিক উৎপাদক আছে।
j) এটা সংখ্যাৰ গুণিতকৰ সংখ্যা অসীম।

- 100 তকৈ সৰু মৌলিক সখ্যাবিলাকৰ ভিতৰত এনে কিমানযোৰ মৌলিক সংখ্যা আছে যিকেইটা একে অংকৰে গঠিত ? ( উদাহৰণ হিচাপে 17 আৰু 71 এনে এযোৰ মৌলিক। এই দুয়োটা সংখ্যাই ৷ আৰু 7ৰে গঠিত, মাত্র স্থান বেলেগ)

- মৌলিক উৎপাদকত প্ৰকাশ কৰা ।
(a) 210
(b) 192
- মৌলিক উৎপাদক কেইটা নির্ণয় কৰা
(i) 900 (iii) 30492
(ii) 630

- 63, 105 আৰু 147 ৰ সকলোবোৰ উৎপাদক নিৰ্ণয় কৰা। এই উৎপাদকবিলাকৰ যিকেইটা মৌলিক উৎপাদক তিনিওটাতে আছে সেইকেইটা উলিওৱা ।