অনুশীলনী 1.1 .
- ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি:
- 135 আৰু 225
- 196 আৰু 38220
iii. 867 আৰু 255
- 135 আৰু 225
সমাধান :
দেখা পোৱা যায় যে 225 টো 135 তকৈ ডাঙৰ। গতিকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা দ্বাৰা
225=135×1+90
এতিয়া, বাকী 90 ≠ 0, এইদৰে পুনৰ 90 ৰ বাবে বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি, আমি পাম,
135 =90×1+45
আকৌ, 45 ≠ 0, ওপৰৰ পদক্ষেপটো 45 ৰ বাবে পুনৰাবৃত্তি কৰিলে, আমি পাম,
90=45×2+0
বাকীখিনি এতিয়া শূন্য, গতিকে আমাৰ পদ্ধতি ইয়াতেই বন্ধ হৈ যায়।যিহেতু, শেষৰ পদক্ষেপত, ভাজকটো 45, গতিকে, HCF (225, 135)=HCF (135,90)=HCF (90,45)=45
গতিকে 225 আৰু 135 ৰ HCF 45
- 196 আৰু 382240
দেখা পোৱা যায় যে ,
38220 টো 196 তকৈ ডাঙৰ। গতিকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা দ্বাৰা
38220 = 196× 195 + 0
বাকীখিনি এতিয়া শূন্য, গতিকে আমাৰ পদ্ধতি ইয়াতেই বন্ধ হৈ যায়।যিহেতু, শেষৰ পদক্ষেপত, ভাজক 195 গতিকে,
HCF (38220,196)= 195
- 867 আৰু 255
867, 255 তকৈ ডাঙৰ। এতিয়া 867 ত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰা যাওক,
867 = 255 × 3 + 102
বাকী 102 ≠ ০, গতিকে 255 ক ভাজক হিচাপে লৈ বিভাজন লেমা পদ্ধতি প্ৰয়োগ কৰিলে আমি পাম,
255 = 102 × 2 + 51
আকৌ, 51 ≠ 0. এতিয়া 102 হৈছে নতুন ভাজক, গতিকে আমি পোৱা একেটা পদক্ষেপ পুনৰাবৃত্তি কৰিলে,
102 = 51 × 2 + ০
বাকীখিনি এতিয়া শূন্য, গতিকে আমাৰ প্ৰক্ৰিয়া ইয়াতেই বন্ধ হৈ যায়। যিহেতু, শেষৰ পদক্ষেপত, ভাজক ৫১, গতিকে, HCF (867,255) = 51
- দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখন্দ সংখ্যা 6q + 1,বা 6q + 3, বা 6q + 5 আৰ্হিৰ, য’ত q হৈছে কোনো অখন্দ সংখ্যা ।
সমাধান:
ধৰো,
a যিকোনো এটা ধনাত্মক অখন্দসংখ্যা আৰু b = 6 । তাৰ পিছত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা দ্বাৰা,
∴ q ≥ 0 ৰ বাবে a = 6q + r, আৰু r = 0, 1, 2, 3, 4, 5, কাৰণ 0≤r< 6.
এতিয়া r ৰ মানটো প্ৰতিস্থাপন কৰি আমি পাম,
যদি r = 0 হয়, তেন্তে a = 6q
একেদৰে r= 1, 2, 3, 4 আৰু 5 ৰ বাবে a ৰ মান ক্ৰমে 6q+1, 6q+2, 6q+3, 6q+4 আৰু 6q+5
যদি a = 6q, 6q+2, 6q+4, তেন্তে a এটা যুগ্ম সংখ্যা আৰু 2 ৰে হৰণযোগ্য । 6q+1, 6q+3 আৰু 6q+5, আৰ্হিৰ সংখ্যাবোৰ ধনাত্মক অযুগ্ম অখন্দসংখ্যা য’ত q হৈছে কিছুমান অখন্দসংখ্যা
- 616 জনীয়া সেনাবাহিনীৰ গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম -খোজ কাঢ়ি কাঢ়ি যাবলগীয়া হল। দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম -খোজ কাঢ়িবলগীয়া হল । তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভত উচ্চতম সংখ্যা কি হব ?
সমাধান:
দিয়া আছে ,
সেনাবাহিনীৰ দলৰ সদস্যৰ সংখ্যা = 616
সেনা দলৰ সদস্যৰ সংখ্যা = 32
যদি দুয়োটা গোটে একেটা স্তম্ভতে কদম -খোজ কাঢ়ি কাঢ়ি যাবলগীয়া হয় তেন্তে আমি দুয়োটা গোটৰ মাজত HCF বিচাৰি উলিয়াব লাগিব।
HCF(616, 32), য়ে তেওঁলোকে কদম -খোজ কাঢ়ি কাঢ়ি যাবলগীয়া সৰ্বাধিক স্তম্ভৰ সংখ্যা হব ।
ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি তেওঁলোকৰ HCF বিচাৰিলে আমি পাওঁ,
যিহেতু,
616>32, গতিকে,
616=32×19+4
যিহেতু, 4 ≠ 0, গতিকে, 32 নতুন ভাজক
32=8× 4+0
গতিকে, HCF (616, 32) = 8
সেয়েহে তেওঁলোকে কাঢ়ি যাবলগীয়া স্তম্ভৰ সৰ্বাধিক সংখ্যা 8 টা।
4.ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখন্দ সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m নাইবা 3m + 1 আৰ্হিৰ, যত m এটা কোনোবা অখন্দ সংখ্যা
সমাধান:
ধৰো,
x যিকোনো ধনাত্মক অখন্দ সংখ্যা আৰু y = 3
ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা দ্বাৰা,
x = 3q + r যত q≥0 আৰু r = 0, 1, 2, r ≥ 0 আৰু r < 3
⇒ x = 3q, 3q+1 আৰু 3q+2
দুয়োফালে বৰ্গ কৰি আমি পাওঁ,
X2 = (3q)2 =9q2 =3× 3q2
ইয়াত, 3q2 = m
⇒x2= 3m————— (1)
X2 = (3q+ 1)2=(3q)2+12+2×3q×1 =9q2+1+6q = 3(3q2+2q) +1
ধৰো, 3q2+2q = m,
X2= 3m + 1 ————————(2)
X2= (3q + 2)2 = (3q2+22+2×3q×2)=9q2+4+12q = 3(3q2+4q + 1)+1
ধৰো , 3q2+4q+1 = m,
X2= 3m + 1…………………………… (3)
গতিকে সমীকৰণ 1, 2 আৰু 3 ৰ পৰা আমি ক’ব পাৰো যে যিকোনো ধনাত্মক অখন্দসংখ্যাৰ বৰ্গটো কোনো অখন্দসংখ্যা m ৰ বাবে 3m বা 3m + 1 ৰ আৰ্হিৰ হয়।
- ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখন্দসংখ্যাৰ ঘনফলটো 9m,9m + 1 বা9m + 8 আৰ্হিৰ ।
সমাধান:
ধৰো,
x যিকোনো ধনাত্মক অখন্দসংখ্যা আৰু y = 3
ইউক্লিডৰ বিভাজন প্ৰমেয়িকা দ্বাৰা,
x = 3q+r, য’ত q≥0 আৰু r = 0, 1, 2, r ≥ 0 আৰু r < 3 হিচাপে।
গতিকে r ৰ মান দিলে আমি পাম,
⇒x = 3q
⇒x = 3q + 1
⇒x = 3q + 2
এতিয়া ওপৰৰ তিনিওটা ঘনক লৈ আমি পাওঁ,
case(i): যেতিয়া r = 0, তেতিয়া,
⇒x3=(3q)3 = 27q3= 9(3q3)= 9m————————(1)
য’ত m = 3q3
case (ii): যেতিয়া r = 1, তেতিয়া,
X3 = (3q+1)3 = (3q)3+13+3×3q×(3q+1) = 27q3+1+27q2+9q
9 ক সাধাৰণ(common) হিচাপে লৈ আমি পাওঁ,
X3 = 9(3q3+3q2+q)+1,
য’ত (3q3+3q2+q) = m
ৰাখিলে আমি , পাম।
X3 = 9m+1————————————(2)
case (iii): যেতিয়া r = 2, তেতিয়া,
x3 = (3q+2)3= (3q)3+23+3×3q×2(3q+2)=27q3+54q2+36q+8
9 ক সাধাৰণ (common) হিচাপে লৈ আমি পাওঁ,
X3=9(3q3+6q2+4q)+8
য’ত (3q3+6q2+4q) = m ৰাখিলে আমি , পাম।
X3 = 9m+8————————————–(3)
গতিকে সমীকৰণ 1, 2 আৰু 3 ৰ পৰা আমি ক’ব পাৰো যে যিকোনো ধনাত্মক অখন্দসংখ্যাৰ ঘনফলটো কোনো অখন্দসংখ্যা m ৰ বাবে 9m বা 9m + 1 বা 9m+8 ৰ আৰ্হিৰ হয়।