CLASS 9। SOCIAL SCIENCE । QUESTION ANSWERS। IN ASSMAESE MEDIUM । ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন । OF CHAPTER 1 । HISTORY PART । SANKARDEV SOCIAL SCIENCE । SEBA BOARD।

অতি চমু  প্ৰশ্ন উত্তৰ :

প্ৰশ্ন:- ১/ ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আবিষ্কাৰ কৰা প্ৰথম পতুৰ্গীজ নাৱিজন কোন ? তেওঁ কেতিয়া আৰু ভাৰতৰ ক‘ত পোন প্ৰথমে উপস্থিত হৈছিল ?

উত্তৰ :-  প্ৰথম পতুৰ্গীজ নাৱিকজন হ‘ল ভাস্ক‘-ডা–গামাই । তেওঁ ১৪৯৮ খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত পোন প্ৰথমে উপস্থিত হৈছিল।

প্ৰশ্ন:- ২/ জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাৱিকজন কোন আছিল ?

উত্তৰঃ–  ফান্সিছ ড্ৰেক ।

প্ৰশ্ন :- ৩/ ভাৰত ভূমিত পোন প্ৰথমে কোন ইংৰাজ নাৱিকে অনুমতিপত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল ?

উত্তৰ:- ভাৰত ভূমিত পোন প্ৰথমে ‘জন মিলডেন হল‘ নামৰ ইংৰাজ নাৱিক এজনে ১৫৯৯ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুমতিপত্ৰ লৈ প্ৰৱেশ কৰিছিল।

প্ৰশ্ন:- ৪/ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক‘ত গঠন হৈছিল ?

উত্তৰ :-  ইংলিছ ইষ্ট ইণ্ডিয়া  কোম্পানী ১৬০০ খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল।

প্রশ্ন:-৫/ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা?

উত্তৰ :- ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱা দুটা উদ্দেশ্য হ‘ল 

১/ ভাৰতৰ লগত বেহা–বেপাৰ কৰা ।

২/ ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা।

প্ৰশ্ন:- ৬/ ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক‘ত কেতিয়া স্থাপিথ হৈছিল?

উত্তৰ:-  ভাৰতৰ মছলিপট্ৰমত ১৬১১ খ্ৰীষ্টাব্দত স্থাপিথ হৈছিল।

প্রশ্ন:-৭/ ‘ফৰ্ট উইলিয়াম ‘ কি?

উত্তৰ:- ফৰ্ট উইলিয়াম হ‘ল এটা বাণিজ্যিক কেন্দ্ৰৰ নাম ।

প্ৰশ্ন:- ৮/ পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভাগাব  কৰিব পাৰি সময় উল্লেখ কৰি লিখা ।

উত্তৰঃ – মূল ভাগ দুটা  হ‘ল –

(ক) প্ৰথমটো , মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্রোহলৈকে ।

(খ) দ্বিতীয়টো ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে ।

প্ৰশ্ন:-৯/ ‘ভাৰত চৰকাৰ আইন‘ কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল?

উত্তৰ:- ‘ভাৰত চৰকাৰ অইন‘ ১৮৫৮ খ্ৰীষ্টাব্দত ২ অগষ্ট তাৰিখে ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল ।

এই আইনখনৰ উদ্দেশ্য আছিল – ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়া।

প্ৰশ্ন:-১০/ ‘ভাৰতীয় পৰিষদ অইন‘ কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল ?

উত্তৰঃ– ‘ভাৰতীয় পৰিষদ অইন‘ ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল ।

এই আইনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া।

দীঘলীয়া প্ৰশ্নৰ উত্তৰ

প্ৰশ্ন:- ১/ ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল , তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা ।

উত্তৰঃ– ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টাসমূহ ১৭১৫ খ্ৰীষ্টাব্দত সম্পূৰ্ণ হৈছিল । প্ৰাচ্যৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে ১৬০০ খ্ৰী:ত ইংৰাজ সদাগৰসকলে এই প্ৰতিষ্ঠানটো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে জনাজাত হৈছিল। ইংলেণ্ডৰ ৰাণী অলিজাবেথে এই কোম্পানীক দক্ষিণ আফ্ৰিকাৰ উত্তমাশা অন্তৰীপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মাগালন প্ৰণালী পৰ্যন্ত বিশাল সাগৰীয় এলেকাত ১৫ বছৰৰ বাবে বেহা-বেপাৰ কৰিবলৈ অনুমতি দিছিল।এই কোম্পানীটোৱে সাগৰীয় পথেৰে ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগেয়ে ‌মালাক্কা ,সুমাত্ৰা, জাভা আদি ঠাইৰ সৈতে মচলা ব্যৱসায় কৰিছিল। ১৬০৮ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে ভাৰতৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন ইউলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট  জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল।তেওঁ ১৬০৯ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত আগ্ৰাত উপস্থিত হৈ মোগল ৰাজদৰবাৰত সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল। এয়াই আছিল ইংৰাজৰ আগ্ৰাত প্ৰথম পদৰ্পণ।কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্যি চুক্তিৰ আবেদন সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল।১৬১৫ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ছাৰ টামাচৰ’   নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল।ইয়াৰ পিছতো ইংৰাজ সদাগৰসকলে ভাৰতৰ সৈতে বাণিজ্যক সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছিল। ১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতী দলে মোগল সম্ৰাট ফাৰুখছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল।সাম্ৰাটে সঁজাতী দলটোৰ প্ৰতি সদয়ৰ ভাৱ দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফৰমাৰ আডাই কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে।

প্রশ্ন:-২/ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্র স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পৰ্কে লিখা।

উত্তৰঃ- ১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ (john surman) নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতী দলে মোগল সম্ৰাট ফাৰুখছিয়াৰক (১৭১৩-১৭১৯) সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সঁজাতী দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাব দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফাৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষত নির্বিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে।ইয়াৰ লগতে ভাৰতৰ মাটিত কোম্পানীয়ে নিজৰ ভৱিষ্যৎ সুদৃঢ় কৰাৰ ফালে অগ্ৰসৰ হৈছিল।

  তিনিখন মূল কৌশল হ’ল –

(ক) ১৬১১ খ্ৰীষ্টাব্দত গুলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল।১৬১১ খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল।১৬৩৯ খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাত লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই অটুকুৰালৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি নতুন নাম দিয়া হয় ফৰ্ট ছেন্ট জর্জ।

(খ) ১৬৬১ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্টুগীজ ৰাজকণ্যা কেথৰিনক বিয়া কৰাই যৌতুক গিচাপে বোম্বাই চহৰ লাভ কৰিছিল।ৰজা চাৰ্লছে ১৬৬৮ খ্ৰীষ্টাব্দত পঞ্চাশ হেজাৰ পাউণ্ড ঋণৰ বিনিময়ত বোম্বাই ইংৰাজ  কোম্পানীক হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰা বোম্বাই কোম্পানীৰ প্ৰধান কাৰ্যালয়ত পৰিণত হৈছিল

(গ) ১৬৯০ খ্ৰীষ্টাব্দত জব চাৰ্ণক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাৱৰ লগত কৰা এখন চুক্তিৰ যোগেদি বাৰশ টকাৰ খাজনাৰ বিনিময়ত কালীঘাট (কলিকতা),সূতানুটি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জামিদাৰী স্বত্ত্ব কোম্পানীয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল।

তিনিখন ঠাইৰ সমষ্টিয়ই পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল।ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়াম সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ‘ফৰ্ট উইলিয়াম’ ৰখা হয়।

প্ৰশ্ন :-৩/ ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা।

উত্তৰঃ– ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইটকৈ উল্লেখযোগ্য ব্যক্তিজন হ‘ল – ৰবাৰ্ট ক্লাইব ।

   ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰা কৌশল চাৰিটা হ’ল –

১/ৰবাৰ্ট ক্লাইবে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল।

২/ তেওঁ যুদ্ধ নাইবা মিত্ৰতাৰে পাশেৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল।

৩/ বংগৰ নৱাব, সায়দৰাবাদৰ নীজাম অযোধ্যাৰ নৱাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিসৰ্জন দিবলগীয়া হৈছিল।

৪/ পলাচী যুদ্ধত (১৭৫৭ খ্ৰীষ্টাব্দ) বংগ ,বিহাৰ আৰু উৰিষ্যাৰ নৱাব ছিৰাজ উদ্-দৌলাক (১৭৫৬-৫৭) চালচাতুৰিৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল। ৰবাৰ্ট ক্লাইবৰ পৰা লৰ্ড ডেলহাউচিৰ (১৮৪৮-৫৬) শাসনৰ সময়লৈকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কালক্ৰমত সমগ্ৰ ভতারবৰ্ষ ত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশ স্থাপন কৰিছিল।

প্ৰশ্ন:- ৪/ চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা।

উত্তৰঃ– ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ সৃষ্টিৰ কৰণবোৰ হ‘ল –

  ১/ৰাজনৈতিক কাৰণ: লৰ্ড ডেলহাউছিৰ স্বত্ব বিলোপ নীতিৰ প্ৰয়োগে দেশীয় ৰাজ্য কেইবাখনৰো স্বাধীনতা, পদবি , বৃত্তি আদি কৰ্তন কৰে।যাৰ ফলত সমসায়িক ভাৰতৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ উঠিছিল।এনেবোৰ কাৰণ ফলত বহুতো ভাৰতীয়ই ব্ৰিটিছ কোম্পানীৰ শাসনৰ প্ৰতি ক্ষুদ্ধ হৈ পৰিছিল।

 ২/ অৰ্থনৈতিক কাৰণ: ব্ৰিটিছসকলে ভাৰতত কোম্পানীৰ শাসনযোগে অর্থনৈতিক দিশত লুন্ঠন কৰিছিল।ভাৰতৰ পৰা কেঁচা মালসমূহ কম দামত ক্ৰয় কৰি নিজ দেশলৈ নিছিল আৰু  তেওঁলোকৰ দেশৰ প্ৰস্তুত বস্তুৰে ভাৰতৰ বজাৰ উপচাই পেলাই দিছিল।এইদৰে তেওঁলোকে কেৱল কৃষিজাত সমগ্ৰীয়ে নহয় খনিজ সম্পদৰো গৰাকী হৈছিল।

৩/ সামাজিক কাৰণ: সামাজি অসন্তুতিও বিদ্ৰোহৰ কাৰণ হৈ পৰিছিল।কোম্পানীয়ে সতীদাহ ,বাল্যবিবাহ,নৰৱলী শিশু কান্যাবধ আদিৰ বিৰোধিতা কৰিছিল।ন্যায় বিচাৰৰ ক্ষেত্ৰতো বৰ্ণ বৈষম্যক প্ৰশ্ৰয় দিয়াৰ বাবেও ভাৰতীয় সকলৰ মনত ব্ৰিটিছ বিৰোধী মনোভাৱ গঢ়ি উঠিছিল।

৪/ এনফিল্ড ৰাইফল সম্বন্ধীয় ঘটনা: এনফিল্ড ৰাইফল সম্বন্ধীয় ঘটনাক এই বিদ্ৰোহৰ প্ৰত্যক্ষ কাৰণ বুলি ক’ব পাৰি।এই ৰাইফলৰ কাৰ্টিজ বা গুলীত এটা আৱৰণ আছিল আৰু ইয়াক দাঁতেৰে কামুৰি খুলিব লাগিছিল।এই আৱাৰণটো কোমল কৰি ৰাখিবলৈ তাত চৰ্বী সনা হৈছিল।

কিছুমান বিদ্ৰোহী ভাৱাপন্ন চিপাহীয়ে এই চৰ্বী গৰু আৰু গাহৰিৰ বুলি সন্দেহ কৰি এটা জনৰৱ প্ৰচাৰ কৰাত এই আৱাৰণটো দাঁতেৰে কামুৰিবলৈ হিন্দু আৰু মুছলিম চিপাহীসকলে অস্বীকাৰ কৰিছিল।এইদৰে তেওঁলোকে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰে।

প্ৰশ্ন:- ৫/ চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা।

উত্তৰঃ– চিপাহী বিদ্ৰোহৰ চাৰিটা ফলাফল তলত উল্লেখ কৰা হ‘ল–

১) এই বিদ্ৰোহৰ ফলত ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰে আৰু ভাৰতৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায়।ভাৰতবৰ্ষত ব্ৰিটিছৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ ১৮৫৮ খ্ৰীষ্টাব্দত ভাৰত চৰকাৰ ৰচনা কৰা হয়।

২) এই বিদ্ৰোহৰ কাৰণেই মহাৰাণীয়ে ঘোষণা-পত্ৰ প্ৰকাশ পায়।এই ঘোষণাপত্ৰত উল্লেখ আছে কোম্পানী চৰকাৰৰ আমোলত সংঘটিত হোৱা সকলোবোৰ চুক্তি চৰকাৰে মানি চলিব আৰু ভাৰতত নতুনকৈ ৰাজ্য বিস্তাৰ নকৰে। ইয়াৰ বাহিৰে যোগ্যতা সম্পন্ন ভাৰতীয় লোকক চৰকাৰী চাকৰি প্ৰদান কৰাৰো আশ্বাস দিয়া হয়।

৩) এই বিদ্ৰোহৰ ফলত ব্ৰিটিছসকলৰ চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটে।

৪) ১৯৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহে ভাৰতত জাতীয়তাবাদৰ সূচনা কৰে। চিপাহী বিদ্ৰোহৰ পিছত, ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাৱ জগাই তুলিছিল।বিভিন্ন জাতি- জনগোষ্ঠী, সম্প্ৰদায়ৰ মনত ‘আমি ভাৰতীয় জনগণ’ এনে এক চেতনা জাগ্ৰতহৈছিল।

আনহাতে ভাৰতীয়সকলৰএই ঐক্যবদ্ধ চেতনাৰ  বিপৰীতে ইংৰাজ শাখনে গ্ৰহন কৰা মূল নীতিটো আছিল ‘ভাগ কৰা আৰু শাসন কৰা’ (Divide and rule) ।

প্রশ্ন:- ৬/ ‘ভাৰত চৰকাৰ আইন‘ৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।

উত্তৰঃ– ‘ভাৰত চৰকাৰ অইন‘ৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন তলত উল্লেখ কৰা হ‘ল –

১) ‘ভাৰত চৰকাৰ অইন’ অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকর্তা হিচাপে গৱৰ্ণৰ জনেলে থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয়।এই আইনে ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বী ( গৱৰ্ণৰ ) জনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানীৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল।

2) ভাৰত সচিব আৰু ভাৰত ব্ৰিটিছ চৰকাৰৰ সকলো আমোলা কৰ্মচাৰীৰ বেতন ভাট্টা আদি ভাৰতৰ পৰা সংগৃহীত ৰাজহৰ যোগেদি দিয়াৰ ব্যৱস্থাটো এই আইনখনত এটা বিশেষ উল্লেখযোগ্য দফা আছিল।

৩) ভাৰত চৰকাৰ আইনখন বলবৎ হোৱাৰ পিছত ১৮৫৮ খ্ৰীষ্টাব্দৰ ১ নবেম্বৰ তাৰিখে এলাহাবাদত এখন দৰবাৰ আয়োজন কৰি ভাইচৰয় লৰ্ড কেনিঙে নিজকে মহাৰাণী ভিক্টৰিয়াৰ প্ৰতিনিধি বুলি ঘোষণা কৰি পোনপটীয়া ভাৰত শাসন প্ৰথমখন ঘোষণা-পত্ৰ পাঠ কৰিছিল।এই ঘোষনাৰ মাজেদি ভাৰতীয় প্ৰজা আৰু দেশীয় শাসনৰ মনত সৃষ্টি হোৱা অশান্তি সন্দেহ আদি আঁতৰাবলৈ বিচৰা হৈছিল ।

৪) লৰ্ড কেনিঙে এই ঘোষণাৰ যোগেদি ধর্মৰ ক্ষেত্ৰত  উদাৰতা আৰু সহিষ্ণুতা , আৰ্থিক ক্ষেত্ৰত সমতা প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে স্বত্ববিলোপ নীতি পৰিহাৰ আৰু দেশীয় ৰাজন্যবৰ্গৰ প্ৰতি উদাৰ মনোভাৱ পোষণ কৰি ভাৰতবৰ্ষত ইংৰাজ শক্তিয়ে ভৱিষ্যতে ৰাজ্য বিস্তাৰ নকৰাৰ আশ্বাস প্ৰদান কৰিছিল।

বিদ্ৰোহৰ সময়ত কোম্পানী চৰকাৰক সহায় কৰা দেশীয় ৰাজন্যবৰ্গ আৰু কেই গৰাকীমান ব্ৰিটিছভক্ত ভাৰতীয় নেতাক এলাহাবাদ দৰবাৰলৈ নিমন্ত্ৰন কৰি তেওঁলোকক পুৰুস্কৃত কৰা হৈছিল।

প্ৰশ্ন:- ৭/  লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা।

উত্তৰঃ– লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰ হ‘ল –

১) লৰ্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে ‘উডৰ শিক্ষা সংস্কাৰ আঁচনি’খন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যেক প্ৰদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল।

২) লৰ্ড কেনিঙে সেনা-বাহিনীৰ ক্ষেত্ৰত কিছু  সাংগঠনিক পৰিৱৰ্তন কৰিছিল।বিভিন্ন জাতি আৰু বিভিন্ন ধৰ্মাৱলম্বী সৈনিকক একগোট কৰি এটা মিশ্ৰিত ভাৰতীয় সেনা-বাহিনীৰ গোট গঠন কৰিছিল।নতুনকৈ গঠন হোৱা গোটটোত ভালেসংখ্যক ইউৰোপীয় সেনাক নিয়োগ কৰিছিল।

প্ৰশ্ন :- ৮/ ভাৰতীয় পৰিষদ আইন‘ৰ দুটা গুণ আৰু দুটা দোষ লিখা ।

উত্তৰঃ– ‘ভাৰতীয় পৰিষদ অইন‘ৰ দুটা গুণ হ‘ল –

১) এই আইনে পাঁচজনীয়া সদস্যৰ এখন ‘কাৰ্যবাহী পৰিষদ’ গঠনৰ প্ৰস্তাৱ দিছিল।ভাৰতৰ সচিবক এই আইনে তিনিজন ব্যক্তিক ‘কাৰ্যবাহী পৰিষদ’ৰ বাবে বাছনি কৰিবলৈ কতৃত্ব প্ৰধান কৰিছিল।ভাৰতবৰ্ষত কমেও দহ বছৰ কাল চাকৰি কৰাৰ অভিজ্ঞতা থকা ব্যক্তিকহে তেওঁ বাছনি কৰিব পাৰিছিল।

২) ভাইচৰয়ক পৰিষদখন সুচাৰুৰূপে পৰিচালনা কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছিল।ভাইচৰয় লৰ্ড কেনিঙে পোনপ্ৰথমে কেন্দ্ৰীয় কাৰ্যবাহী পৰিষদৰ সদস্যসকলৰ মাজত দপ্তৰসমূহ ভাগাইদি তেওঁলোকক নিজা নিজা দপ্তৰসমূহ পৰিচালনা কৰাৰ অধিকাৰ দিছিল।

   ‘ভাৰতীয় পৰিষদ অইন‘ৰ দুটা দোষ হ‘ল –

১) এই আইনে কেন্দ্ৰীয় বিধানমণ্ডলক  ৰহজ, বিত্ত,প্ৰতিৰক্ষা বাহিনীৰ ৰক্ষণাবেক্ষণ, দেশীয় ৰাজ্য আৰু বৃটিছ-ভাৰত অধিকৃত ৰাজ্য সীমাৰ সুৰক্ষা  আদি বিষয়ত পৰামৰ্শ আৰু অইন তৈয়াৰ কৰাৰ ক্ষমতা দিছিল। কিন্তু একে সময়তে ভাইচৰয়গৰাকী প্ৰয়োজনমতে বিধানমণ্ডলত প্ৰস্তাৱিত অইন বা নতুন দিহা-পৰামৰ্শ উলংগা কৰাৰো ক্ষমতা দিছিল।

২) ভাৰতীয়ক পোন প্ৰথমবাৰ বিধানমণ্ডলত স্থান দি ইংৰাজ শাসকে ভাৰতীয়ৰ পৰা প্ৰত্যক্ষ সহযোগিতা আশা কৰিছিল। এক কথাত ক’বলৈ গ’লে ভাৰতীয়ক বিধানমণ্ডলৰ সদস্যৰ পথ দি ভাৰতত প্ৰতিনিধিত্ব চৰকাৰ গঠনৰ সাঁচটো তৈয়াৰ কৰিছিল।

প্রশ্ন:- ৯/ ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ব শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা।

উত্তৰঃ– ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ব শাসনৰ জৰিয়তে হোৱা  পৰিৱৰ্তনসমূহ হ‘ল –

১) লৰ্ড ৰিপনে কেইটামান বিশেষ উদ্দেশ্য আগত ৰাখি স্বায়ত্ব শাসন ব্যৱস্থাত পোষকতা কৰিছিল। তেওঁ স্থানীয় প্ৰশাসন ব্যৱস্থা এনে এক পৰিবৰ্তনৰ পোষকতা কৰিছিল য’ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে  স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপেও গ্ৰহণ কৰাৰ সুবিধা থাকে ।

2) লৰ্ড ৰিপনে ১৮৮২ খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল ব’ৰ্ড (আঞ্চলিক পৰিষদ) গঠন কৰে।প্ৰয়োজন অনুসৰি লোকেল ব’ৰ্ডৰ অধীনত থকা গ্ৰামাঞ্চলৰ লটসমূহত একোখনকৈ প্ৰাথমিক ব’ৰ্ড গঠনৰ ব্যৱস্হা কৰিছিল। লোকেল ব’ৰ্ডৰ অধীকাংশ সদস্যক নিৰ্বাচন কৰি অনাৰ লগতে সদস্যসকলৰ মাজৰ পৰা এজন বেচৰকাৰী ব্যক্তিক সভাপতি হিচাপে বাছনি কৰাৰ ব্যৱস্থা কৰিছিল।

৩) ল’ৰ্ড ৰিপনে স্বায়ত্ব শাসনৰ প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰাবৰ্ষতে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল।তেওঁৰ এই নিৰ্দেশাসমূহ প্ৰদেশসমূহৰ মুখ্য শাসনকৰ্তাসকলে দুই ধৰণে কাৰ্যকৰী কৰিছিল। কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত লোকেল ব’ৰ্ডসমূহ গঠন কৰিছিল।উল্লেখযোগ্য যে অসমত মহকুমা পৰ্যালয়ত লোকেল ব’ৰ্ডসমূহ গঠন হৈছিল।

প্রশ্ন:- ১০/ অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল? এই সেৱাৰ বিকাশসম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ– ১৮৬৪ চনত সত্যেন্দ্ৰনাথ ঠাকুৰে লোকসেৱাৰ পাদবী লাভ কৰিছিল। ভাৰতীয় শিক্ষিত লোকসকলে লোকসেৱাৰ পদবীত অন্তৰ্ভুক্ত হোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাত ঊনবিংশ শতিকাৰ সত্তৰৰ দশকৰ পৰা ভাৰতীয়সকলকো লোকসেৱাৰ পদবীত নিযুক্তি দিয়া ব্যৱস্থা কৰা হৈছিল।১৭৯৩ খ্ৰীষ্টাব্দৰ নিয়ন্ত্ৰণকাৰী অইন অনুসৰি ভাৰত প্ৰশাসনৰ উচ্চ পাদবীসমূহ কোম্পানীৰ অংগীকাৰবদ্ধ কৰ্মচাৰীৰ বাবেহে সংৰক্ষিত কৰি ৰখাৰ নিয়ম বলবৎ কৰা হৈছিল। ১৮৩৩ খ্ৰীষ্টাব্দত চনদে ভাৰতীয় লোকক শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল।আইনখনে ভাৰতীয়ক লোকসেৱাৰ পদাবীত নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতা নিৰ্ধাৰণৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল। ১৮৩৩ খ্ৰীষ্টাব্দত ডেপুটি মেজিষ্ট্ৰেট আৰু ১৮৪৩ খ্ৰীষ্টাব্দত ডেপুটি কালেক্টৰ নামৰ দুটা পদবীৰ সৃষ্টি কৰি দুয়োটা পাদাবীৰ বাবে ভাৰতীয় ব্যক্তি উপযুক্ত হ’ব বুলি জানিবলৈ দিছিল।

১৮৫৩ খ্ৰীষ্টাব্দত চনদে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছিল।ভাৰতীয় লোককো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল।কিন্তু এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হোৱা বাবে অতি সামান্য সংখ্যক ভাৰতীয়ইহে ইয়াত অৱতীৰ্ণ হ’ব পাৰিছিল।১৮৬৫ খ্ৰীষ্টাব্দলৈকে লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পাৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বসয়ৰ সীমা আছিল ২২ বছৰ।কিন্তু ১৮৬৬ খ্ৰীষ্টাব্দত এই সৰ্বোচ্চ বয়সৰ সীমা ২১ বছৰ কৰা হৈছিল বাবে অতি কম  সংখ্যক ভাৰতীয়ইহে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিছিল।১৮৭১ খ্ৰীষ্টাব্দত তিনিজন ভাৰতীয় ক্ৰমে সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়,ৰমেশ চন্দ্ৰ দত্ত আৰু বিহাৰী লাল গুপ্তই এই পৰীক্ষাত কৃতকাৰ্য হৈছিল।১৮৭২ খ্ৰীষ্টাব্দত শ্রীপদ বাবাজী ঠাকুৰ আৰু আনন্দৰাম বৰুৱাই এই পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিছিল।  লৰ্ড লিটনৰ কাৰ্যকালত ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকসেৱা সম্বন্ধীয় এখন বিধি তৈয়াৰ কৰিছিল।এই বিধি অনুসৰি যি এক ষষ্ঠাঙশ লোকসেৱাৰ পদবী অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত আছিল।সেই পদবীসমূহ স্থানীয় চৰকাৰৰ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল।ইংলেণ্ডৰ চৰকাৰে ভাৰত সচিব আৰু ভাইচৰয়ৰ অনুমতি সাপেক্ষে এই পদবীসমূহত ভাৰতীয়ক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।ভাইচৰয় লৰ্ড লিটনে নিজাকৈ পদবীসমূহৰ বাবে উচ্চ বংশজাত ভাৰতীয় ব্যক্তিক বাছনি কৰাৰ নিৰ্দেশ দিছিল।কিন্তু উচ্চ শ্ৰেণীভুক্ত ভাৰতীয়ক আকৰ্ষণ কৰিব নোৱাৰাত গোটেই ব্যৱস্থাটো কাৰ্যকৰী কৰিব পৰা নাছিল।

প্ৰশ্ন:- ১১/ ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য উল্লেখ কৰা

উত্তৰঃ– ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য তলত উল্লেখ কৰা হ‘ল–

১) ব্ৰিটিছ অধীনত ভাৰতত লোকসেৱা আয়োগৰ পৰীক্ষা লণ্ডনত অনুষ্ঠিত হৈছিল সেই বাবে নগণ্য সংখ্যক ভাৰতীয়ই এই পৰীক্ষাত অংশ ল’ব পাৰিছিল।কিন্তু স্বাধীনতাৰ পিছত লোকসেৱা আয়োগৰ পৰীক্ষা ভাৰতত অনুষ্ঠিত কৰাৰ বাবে বহুতো উপকাৰ হৈছে ।

২) ব্ৰিটিছৰ অধীনত সৰ্বভাৰতীয় পৰ্যায়ত লোকসেৱা পৰীক্ষা অনুষ্ঠিত কৰা হৈছে।কিন্তু স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষত সৰ্বভাৰতীয় আৰু প্ৰাদেখিশ উভয় পৰ্যায়তে পৰীক্ষা অনুষ্ঠিত কৰা হৈছে।

৩) ব্ৰিটিছৰ অধীন ভাৰতীয় লোকসেৱাৰ পথ এক  ষষ্ঠাঙশ ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত আছিল।তাৰোপৰি লৰ্ড লিটনে নিজাকৈ পাদবিসমূহৰ ভাৱে উচ্চ বংশজাত ভাৰতীয় ব্যক্তিক বাছনি কৰাৰ নিৰ্দেশ দিছিল আনহাতে স্বাধীন ভাৰতত ইংৰাজৰ কাৰণে কোনোধৰণৰ পথ উচ্চ বংশৰ কাৰণে সংৰক্ষিত কৰা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *