Class 9 Social Science Solution । Chapter 6। ভূ-পৃষ্ঠৰ পৰিৱৰ্তন Solution ।অনুশীলনীৰ প্রশ্নোত্তৰ।Question Answers In Assamese medium
ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
১। ভূ-পৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া।
উত্তৰ : ভূ-পৃষ্ঠত মহাদেশসমূহ স্থলভাগত বিস্তৃত আৰু মহাসাগৰসমূহ জলভাগত বিস্তৃত। স্থলভাগত সাতখন মহাদেশ চিহ্নিত কৰা হৈছে । সেই মহাদেশকেইখন হ’ল –১। এছিয়া, ২। ইউৰোপ, ৩। আফ্রিকা, ৪। উত্তৰ আমেৰিকা, ৫। দক্ষিণ আমেৰিকা, ৬। ওচেনিয়া আৰু ৭। এণ্টাৰ্কটিকা। ভূ-পৃষ্ঠৰ জলভাগত পাঁচখন মহাসাগৰ চিহ্নিত কৰা হৈছে।
মহাসাগৰকেইখন হ’ল— ১। প্রশান্ত মহাসাগৰ, ২। আটলাণ্টিক মহাসাগৰ ৩। ভাৰত মহাসাগৰ, ৪। উত্তৰ মহাসাগৰ আৰু ৫। দক্ষিণ মহাসাগৰ। মহাদেশকেইখনৰ উত্তৰভাগত সমভূমি, মালভূমি, পৰ্বত-পাহাৰ, নদী-উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰে মহাসাগৰকেইখনতো পানীত বুৰ গৈ থকা অৱস্থাত আছে মালভূমি, সমতল, পাহাৰৰ লানি, গভীৰ গাঁত, প্ৰৱাল প্ৰাচীৰ আদি অৱয়ৱবোৰ। তদুপৰি, মহাসাগৰত সৰু-ডাঙৰ বহুতো দ্বীপো দেখা যায় ।
২। ভূ-পৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে?
উত্তৰ : সময়ৰ গতিত ভূ-পৃষ্ঠৰ অৱয়ৱবোৰৰ পৰিৱৰ্তন ঘটে। এই অৱয়ৱবোৰৰ সৃষ্টি আৰু পৰিৱৰ্তনৰ অন্তৰালত বহুতো প্রাকৃতিক কাৰক বা প্ৰক্ৰিয়া জড়িত হৈ আছে ৷ তাৰে কিছুমান কায়িক কাৰক বা প্ৰক্ৰিয়া আৰু কিছুমান আভ্যন্তৰীণ কাৰক বা প্ৰক্ৰিয়া আছে। বাহ্যিক কাৰক বা প্ৰক্ৰিয়া বুলি আমি ক’ব লাগিব সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদিৰ লগতে জীৱ-জন্তু, গছ-গছনি, মানুহ ইত্যাদিক। আভ্যন্তৰীণ কাৰক বা প্রক্রিয়াবোৰ হ’ল— ভূমিকম্প, আগ্নেয়গিৰি। প্ৰধান আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ অন্তৰালত এটা মূল প্ৰক্ৰিয়া হ’ল— ফলক বিৱৰ্তন (Plate tectonic) – পৃথিৱীৰ খোলাটো গঠিত হোৱা ফলকবোৰ গতিশীল হোৱাৰ কাৰণেই প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয়। এই দুই ধৰণৰ কাৰকসমূহৰ ক্ৰিয়াৰ ফলতেই ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন হৈ আছে।
৩। বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা।
উত্তৰ : পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্ৰিয়া কৰি থকা কাৰকসমূহৰ কিছুমান । বাহ্যিক (Exogenic) আৰু কিছুমান আভ্যন্তৰীণ (Endogenic)। বাহ্যিক কাৰকবোৰে আমি দেখিব পৰাকৈ বাহিৰৰ পৰা ক্ৰিয়া কৰি ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি আছে আৰু সেই কাৰকবোৰ হ’ল— বাহ্যিক কাৰক । বাহ্যিক কাৰকবোৰৰ ভিতৰত হ’ল—সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। ইয়াৰ উপৰিও গছ-গছনি, জীৱ জন্তু, অণুজীৱ আৰু মানুহৰ কাৰ্য-কলাপ আদিয়েও ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি আছে। প্রশ্ন ৪। ভূমিকম্প আৰু আগ্নেয় উদ্গীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় ?
উত্তৰ:- ভূ-পৃষ্ঠৰ পৰিৱৰ্তনৰ আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ অন্তৰালত এটা মূল প্রক্রিয়া জড়িত হৈ আছে যাক ফলক বিৱৰ্তন (Plate tectonic) বুলি কোৱা হয়। এই ফলকবোৰ গতিশীল হোৱাৰ কাৰণেই প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয় । এই কাৰকবোৰে ভূ-পৃষ্ঠৰ লগতে মহাসাগৰৰো তলিভাগক অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প আৰু আগ্নেয়গিৰি পৃথিৱীৰ অন্তৰ্ভাগতহে সৃষ্টি হয় বাবে ইয়াক আভ্যন্তৰীণ কাৰক বোলা হয়।
৫। নদীৰ অৱবাহিকা বুলিলে কি বুজা ?
উত্তৰ নদীৰ অৱবাহিকা হৈছে একোটা এলেকা য’ৰ পৰা নদী, এখন ইয়াৰ সৰু-বৰ উপনৈৰ সৈতে বৰষুণ অথবা অন্য উৎসৰ পৰা লাভ কৰা পানী কঢ়িয়াই নি সাগৰ- মহাসাগৰত মিলায়। এনে এখন আদৰ্শ নদীৰ অৱবাহিকাক তিনিটা ভাগত ভগাব পাৰি। যেনে— অৱবাহিকাৰ উচ্চ বা পৰ্বতীয়া অংশ, ‘অৱবাহিকাৰ মধ্য অংশ, অৱবাহিকাৰ নিম্ন অংশ৷

৬। উপনদী’ কি ? ব্ৰহ্মপুত্ৰৰ দুখন উপনদীৰ নাম লিখা ৷
উত্তৰ : সাধাৰণতে কোনো এখন নদীৰ অৱবাহিকাৰ প্ৰধান নদীখনৰ দুয়োপাৰৰ অঞ্চলৰ পানী কঢ়িয়াই অনা নদীবোৰেই হৈছে প্ৰধান নদীখনৰ উপনদী।
ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ উপনদী হ’ল— মানাহ, জীয়াভৰলী আৰু দক্ষিণপাৰৰ উপনদী
হ’ল— বুঢ়ীদিহিং, কপিলী ।
৭। নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া ৷
উত্তৰ:- নদী এখনে প্ৰধানকৈ তিনি ধৰণৰ কাৰ্য কৰি ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। কাৰ্যকেইবিধ হ’ল— খনন কাৰ্য, পৰিবহণ কাৰ্য আৰু অৱক্ষেপণ কাৰ্য। নৈ এখনে উচ্চভূমিৰ পৰা নামনিলৈ বৈ আহোঁতে স্বাভাৱিক অৱবাহিকাটোৰ উপৰিভাগত ক্ষয়কার্য সাধন কৰে। বৰষুণ দিলেই ভূ-পৃষ্ঠত খননকাৰ্য আৰম্ভ হয়। বৰষুণৰ পানী সাধাৰণতে ভূ-পৃষ্ঠৰে প্ৰৱাহিত হওঁতে কিছু পৰিমাণে হ’লেও মাটি ক্ষয়প্রাপ্ত হয়। বৰষুণৰ পানীয়ে যেতিয়া উপৰিভাগৰ কোনো সুবিধাজনক ঢালযুক্ত কোমল তৰল শিলা জলপ্রপাত অংশত জান, জুৰি বা নৈৰ সৃষ্টি কৰে, তেতিয়া সেই প্ৰৱাহিত পানীয়ে নিজৰ গতিপথত নানা প্ৰকাৰে খননকাৰ্য আৰম্ভ কৰে। নদীৰ অৱবাহিকাৰ সকলো অংশতে সামান্য পৰিমাণে হ’লেও খননকার্য চলায় যদিও নদীৰ কাৰ্য প্ৰধানকৈ ইয়াৰ গতিপথতহে সুস্পষ্ট। নদীৰ খননকাৰ্য প্ৰধানকৈ ইয়াৰ গতিপথৰ ভূ-তাত্ত্বিক গঠন আৰু পানীৰ ক্ষয় শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। নদী এখনে উচ্চভূমিৰ থিয় ঢালেৰে নামি আহি মৃদু ঢালযুক্ত ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত ইয়াৰ খননকাৰ্যৰ পৰিৱৰ্তন ঘটে। উচ্চভূমি অংশত নদীৰ খনন আৰু পৰিবহণ দুয়োটা কাৰ্য ক্ষিপ্ৰ গতিত চলে। এই অংশৰ গতিপথ ঠেক আৰু গভীৰ হয়। ইয়াত খননকাৰ্যৰ ফলত জলপ্ৰপাতৰ সৃষ্টি হয়। ভৈয়ামলৈ ঢাল কমি অহাৰ লগে লগে নদীৰ গতিবেগ হ্ৰাস পায়। ইয়াৰ ফলত মধ্যঅংশত নদীৰ গভীৰতা কমি যায়, অৱশ্যে পার্শ্বঅংশত খননকার্য সাধন হৈ নদী বহল হয়। এই অংশত নদীৰ গৰাখহনীয়া সমস্যাৰ সৃষ্টি হয়। নদীৰ নিম্ন অংশত খননকার্য প্রায় হ্রাস পায় । এই ব-দ্বীপ অংশত নদীয়ে আগৰ দুই অংশৰ পৰা খননকাৰ্য কৰি কঢ়িয়াই অনা জাবৰ-জোঁথৰবোৰক অৱক্ষেপণ কৰি কোনো কোনো নদীৰ মোহনাত ‘ব’ দ্বীপৰ সৃষ্টি কৰা দেখা যায়।
৮। নদীব পার্শ্বখনন বুলিলে কি বুজায় ?
উত্তৰ : ভৈয়াম অংশত নদীৰ গভীৰতা কমি আহিলে পানীভাগ বোৱাই নিয়াৰ বাবে নদীয়ে এই অংশত দুয়োপাৰত খননকার্য চলাই গতিপথ বহলাবলৈ বাধ্য হয়। এনেধৰণৰ খননকার্যকে পাবহনন ( Bank Erosion) বা পার্শ্বর্থনন (Lateral Erosion) বোলা হয়। নদীব গৰাখহনীয়া সমস্যা এনে খননকার্যৰ বাবেই হয়। নদী এখনে উচ্চভূমিৰ থিয় ঢালেৰে নামি আহি শুধু তালযুক্ত ভৈয়ামত প্রবেশ কৰাৰ পিছত ইয়াৰ খননকার্যৰ পৰিবর্তন হয়। ভৈয়ামলৈ ঢাল কৰি অহাৰ বাবে নদীৰ গতিও হ্রাস পাই আহে আৰু সোঁতে কঢ়িয়াই অনা গেলবোৰ ক্রমে জমা হ’বলৈ ধৰে। ইয়াৰ ফলত নদীর গভীরতা কমি আহে। গভীৰতা কমাৰ বাবেই নদীৰ পানীয়ে নদীখনৰ দুয়ো গাত খননকার্য চলাই নদীৰ আকাৰ বহল কৰি পানীভাগ বোৱাই নিয়ে। এই অংশত নদী শুধু ভালেদি বৈ যাওঁতে নদীর গতিপথ স্বাভাবিককে এঁকা-বেঁকা হৈ পৰে৷ নদীর পার্শ্বখানান অর্থাৎ পাবখনন কার্যই নদীৰ গতিপথ আৰু অধিক একা বেঁকা কবি তোলে। কোনো কোনো ঠাইত নদীৰ গতি ইমান ভাঁজযুক্ত হৈ পৰে যে এনে গতিপথে কারিয়ার বৃহৎ পৰিমাণৰ কম সময়ৰ ভিতৰত কঢ়িয়ার নোবাকাত পৰে আৰু তেতিয়াই নদীয়ে গতি পোন কৰি গতিপথৰ অতি ভাঁজ থাকা অংশ এবি দিয়ে। এনি দিয়া অংশই পিছত হন বা বিল কপ নয়। অশ্বগুনা হন এনেধৰণৰ হ্রসবিলাকক আকারভিত্তিত অশ্বখুরা (torse Shoe Lake) নাম দিয়া হয়। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈত পাকখানা কান হৈ থাকে আৰু প্ৰতিবছৰে গৰাখহনীয়া সমস্যাৰ সৃষ্টি কৰে। অশ্বখুরাকৃতি
৯। অশ্বখুরা হ্রদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা।
উত্তৰ : সমতল অঞ্চলৰ মুধু ঢালেনি নদী বৈ আহোতে ইয়াৰ গতিপথ স্বাভাবিতে একা বেঁকা হয়। কেতিয়াবা বাবিযাকালত অধি বगु পানী একা-বেঁকা গতিপথেৰে কঢ়িয়াব নোৱাৰা হয়। তেতিয়া নদীয়ে নিজৰ গতিপথ ভাঁজ অংশ এৰি পোনাই
Shoe Lake) বোলে৷
হয় আৰু পিছত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। এনে হ্রদকে অশ্বখুৰা হ্রদ (Horse- গতি কৰিবলৈ লয়। এনেদৰে এৰি যোৱা ভাঁজ অংশ সাধাৰণতে ঘোঁৰাৰ খুৰাৰ আকৃতিৰ
১০। প্লাৱন ভূমি কি ? ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰ : নদীৰ মধ্য আৰু নিম্ন অংশত বানপানীৰ ফলত নদীৰ দুয়োপাৰে বহল ঠাইত সৃষ্টি
নদীৰ দুয়োপাৰে বহুদূৰলৈ সোঁতে কঢ়িয়াই অনা বালি-বোকা বিয়পি পৰে। এইবোৰেই কালক্ৰমত একপ্ৰকাৰৰ সমভূমি গঢ়ি তোলে, যাক প্লাৱনভূমি (Flood Plain) বুলি কোৱা – হয়। প্লাৱনভূমি সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী। ব্রহ্মপুত্র, গংগা, সিন্ধু, মিছিছিপি আদি ডাঙৰ নদীবোৰৰ বিস্তীৰ্ণ প্লাৱনভূমি আছে।
১১। নদীৰ গতিপথৰ ক’ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা ।
উত্তৰ :- নদীৰ বুকুত সৃষ্টি হোৱা বালিচৰবোৰ বহুতো দিশৰ পৰা তাৎপৰ্যপূৰ্ণ। বালিচৰবোৰ কেতিয়াবা নৈৰ মাজত আৰু কেতিয়াবা দাঁতিত গঢ়ি উঠে। বালিচৰবোৰ সাধাৰণতে অস্থায়ী। বাৰিষাৰ প্ৰবল সোঁতে বালিচৰবোৰৰ আকাৰ-আকৃতিৰ পৰিৱৰ্তন ঘটায়। কিছুমানক নৈৰ সোঁতে উটুৱাই নি অস্তিত্বহীন কৰে। আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত খৰালি অসংখ্য সৰু- বৰ বালিচৰ দেখা যায়-
১২। ‘ব’ দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা ।
উত্তৰঃ- নদীৰ মোহনাত গেদ্ জমা হৈ সৃষ্টি হোৱা দ্বীপবোৰ ভৌগোলিক দিশৰ পৰা বিশেষ তাৎপর্যপূর্ণ। উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত, য’ত নৈ গৈ পৰে, তাতেই নৈয়ে কঢ়িয়াই অনা গেদ্ জমা কৰি দ্বীপৰ সৃষ্টি কৰে। এই দ্বীপবোৰৰ আকৃতি অসমীয়া ব’ বা ইংৰাজী ‘ব’ (Delta)-ৰ দৰে। সেয়ে এই দ্বীপবোৰক ‘ব’দ্বীপ (Delta) বোলে৷ পৃথিৱীৰ প্ৰায়বোৰ নদীয়ে নিজৰ নিজৰ মোহনাত ‘ব’ দ্বীপৰ সৃষ্টি কৰিছে।
১৩। মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্রবল লিখা ।
উত্তৰ : মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰুপৃষ্ঠত বতাহৰ ক্রিয়া প্রবল হয়। ধূলি- বালিবোৰ মৰু অঞ্চলৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে।
১৪। অৱনমন বুলিলে কি বুজা ?
উত্তৰ : মৰুপৃষ্ঠত উদ্ভিদৰ আৱৰণ তেনেই পাতলীয়া হোৱাৰ কাৰণে বতাহে সহজে ধূলি-বালিবোৰ এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই নিব পাৰে। এনেদৰে কোনো অংশৰ পৰা ধূলি-বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন (Deflation) বোলে ৷
১৫। বালিয়াৰিৰ সৃষ্টি কেনেকৈ হয়?
উত্তৰঃ- অৱনমনৰ ফলত উৰুৱাই নিয়া ধূলি-বালিৰ পদাৰ্থবোৰ য’ত জমা হয়গৈ তাত মৰুপৃষ্ঠ ক্ৰমে ওখ হ’বলৈ ধৰে। এনেদৰে জমা হোৱা ধূলি-বালিবোৰে সময়ত পাহাৰৰ বিভিন্ন আকাৰৰ বালিৰ পাহাৰ ৰূপ লব পাৰে? এনেবোৰক বালিৰ পাহাৰ বা বালিয়াৰি (Sand Dune) বুলি কোৱা হয়। বায়ুপ্রবাহৰ ধৰ্ম, গতিদিশ আৰু শক্তি, উদ্ভিদৰ আৱৰণ আদিৰ ওপৰত নিৰ্ভৰ কৰি বালিৰ পাহাৰৰ আকাৰ-আকৃতি বেলেগ বেলেগ হ’ব পাৰে ।
১৬। ইনছেলবার্গ কি ?
উত্তৰঃ- ইনছেলবার্গ হৈছে মৰুভূমিত থকা ক্ষয়প্রাপ্ত চাপৰ পাহাৰ। মৰুভূমিৰ ক্ষয়কাৰ্যত হোৱা অপঘৰ্ষণৰ ফলত ইনছেলবার্গ, যিউগেন, ইয়াদাং আদি ক্ষয়প্রাপ্ত অৱয়ৱৰ সৃষ্টি হয়। জার্মানি শব্দ ইনছেলবার্গ’ৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত (Island mountain) । ইনছেলবার্গবোৰ একোখন পৰ্বত ক্ষয় গৈ গৈ ৰৈ যোৱা কঠিন অংশ মাথোন ।
নদী হ’ল প্ৰৱাহমান জলৰাশি। যিয়ে বৰষুণ আৰু গলিত বৰফৰ পৰা এটা গতিপথ লৈ উচ্চঅংশৰ পৰা বিভিন্ন ঢালেৰে সাগৰ-মহাসাগৰ আদিত পৰিছেগৈ তাকে নদী বুলি জনা যায় । আনহাতে হিমবাহ হ’ল বিশেষকৈ অতি শীতল অঞ্চলত জমা হৈ থকা বৰফবোৰ অতি লেহেম গতিৰে নামি আহে, সেয়ে হিমবাহ “নদী সাধাৰণতে মৰুভূমি, পৰ্বত-পাহাৰ, সমভূমি, মালভূমি সকলো অঞ্চলতে কমসংখ্যক বা বেছিসংখ্যক হিচাপত আছে। হিমবাহ কেৱল অতি উচ্চ শীতল অঞ্চলত আৰু দুটা মেৰুতহে বিশেষভাৱে বিৰাজমান । নদীৰ গতিপথত জলপ্রপাত, অশ্বখুৰা হ্রদ, ‘ব’দ্বীপ, নদী দ্বীপ আদিৰ অৱয়ৱবোৰৰ সৃষ্টি হয়। হিমবাহৰ গতিপথত ঝুলন উপত্যকা, ছাৰ্ক আৰু গ্ৰাব আদি অৱয়ৱৰ সৃষ্টি হয়।
১৮। গ্রাব কি? চিত্র আঁকি বিভিন্ন শ্রেণীৰ গ্ৰাববোৰ দেখুওৱা ।
উত্তৰ : হিমবাহ কোনো উপত্যকাৰে নামি আহোঁতে বৰফৰ বাহিৰে অন্য যিকোনো পদার্থ কঢ়িয়াই আনে। সেইবোৰকে সমগ্ৰীকভাৱে গ্ৰাব (Ground Moraine) বোলা হয়। গ্রাব চাৰি প্ৰকাৰৰ যেনে— (ক) পার্শ্ব গ্রাব, (খ) ভূমি গ্রাব (গ) প্রান্ত গ্ৰাব আৰু (ঘ) মধ্য গ্রাব হিমবাহৰ দুই কাষে কঢ়িয়াই অনা আৱৰ্জনাবোৰ হিমবাহৰ কাষত অণুদৈৰ্ঘ্যভাৱে জমা কৰিলে তাক পার্শ্ব গ্রাব (Lateral Moraine) বোলে। আৱৰ্জনাবোৰ হিমনদীৰ তলিত জমা হোৱা গ্ৰাবক ভূমি গ্রাব (Ground Moraine) বুলি কোৱা হয় । হিম নদীৰ সন্মুখভাগত অৰ্থাৎ জিভাৰ আগত পর্বত পাহাৰ হিমবাহ পার্শ্ব গ্রাব ‘প্রান্ত গ্রাব বিভিন্ন প্ৰকাৰৰ গ্রাব মধ্য আাব জমা হোৱা আৱৰ্জনাবোৰক প্ৰান্ত গ্রাব (Ground Moraine) বুলি কোৱা হয় ৷ আকৌ যদিহে কোনো অঞ্চলৰ দুটা হিমবাহে প্রায় সমান্তৰালকৈ গতি কৰে তাৰ ফলত দুয়ো হিমবাহৰ মাজত আৱৰ্জনা জমা হৈ দীঘলীয়া গ্ৰাবৰ সৃষ্টি কৰে, এনেকুৱা গ্ৰাবক মধ্য প্রাব (Medial Moraine) বুলি কোৱা হয়।
১৯। হিমবাহৰ ক্ৰিয়াৰ ফলত হোৱা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা ।
উত্তৰঃ পার্বত্য বা উপত্যকাৰ হিমবাহবোৰ সাধাৰণতে দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে নামি আহে। এনে হিমবাহে বৰফমণ্ডলৰ লগতে সৰু-বৰ শিল, বালি, জৈৱিক পদাৰ্থ আদি কঢ়িয়াই আনে। হিমবাহে কঢ়িয়াই অনা এই পদাৰ্থবোৰে গতিপথত সজোৰে খননকার্য চলায়। হিমবাহৰ গতিপথ দীঘলীয়া । বাহিত পদাৰ্থৰ দ্বাৰা ঘটা প্ৰবল ঘৰ্ষণৰ ফলত গতিপথ
১৭। হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা ।
উত্তৰ :- পৃথিৱীৰ দুই মেৰু অঞ্চলৰ লগতে কিছুমান পৰ্বতৰ উচ্চাংশতো বৃহৎ পৰিমাণৰ বরফ জমা হৈ আছে । সাধাৰণতে ভূ-পৃষ্ঠৰ ঢাল অনুসৰি জমা হৈ থকা বৰফবোৰ অতি লেহেম গতিৰে নামি আহে। এনেকৈ নামি অহা বৰফকে হিমবাহ (Glacier) বোলে। নদীৰ দৰে হিমবাহেও খনন, পৰিবহণ আৰু অৱক্ষেপণৰ যোগেদি ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। হিমবাহৰ গতি লেহেম হোৱাৰ মূলতে হ’ল ইয়াৰ গতিপথৰ ঢাল আৰু জমা হৈ থকা বৰফৰ গভীৰতা আৰু বিস্তৃতি। বিশেষকৈ মহাদেশীয় হিমবাহবোৰ মেৰু অঞ্চলৰ বৃহৎ এলেকাজুৰি বিস্তৃত হৈ আছে। এইবোৰ অতি ধীৰ গতিৰে ঢাল অনুসৰি নামি আহে। যিকোনো হিমবাহৰে গতিবেগ জমা হৈ থকা বৰফৰ পৰিমাণ, ভূমিৰ ঢাল, ভূ-পৃষ্ঠৰ স্বৰূপ আৰু বায়ুৰ উত্তাপৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰায়বোৰ হিমবাহৰে গতিবেগ দিনটোৰ ভিতৰত ১ মিটাৰতকৈও কম হয় । গভীৰ আৰু থিয় ধৰণৰ হয়। কোনো কোনো পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ নামি আহিব পাৰে। তেতিয়া সকলো ফালৰ পৰা চলা খননৰ ফলত পৰ্বতৰ শীর্ষাংশ চোকা জোঙৰ দৰে হয়। এইবোৰক হিমবাহে সৃষ্টি করা শৃংগ (Glacial Horn) বোলা হয়। আল্লছ, হিমালয় পর্বতত এনে ক্ষয়জনিত জোঙা শৃংগ বহুতো আছে।
২০। উপকূল কাক বোলে ?
উত্তৰ : সাগৰ-মহাসাগৰৰ পাৰ বা তীৰক উপকূল (Coast) বোলে।
২১। বালিয়াতট্ কি ? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা।
উত্তৰ : সদায় সাগৰ-মহাসাগৰৰ ঢৌৱে ক্ৰিয়া কৰি থকা উপকূলৰ তট্ (Shore) অংশত জমা হোৱা গেদ, বিশেষকৈ বালিৰ পৰিমাণ বেছি হ’লে তাত স্বাভাৱিকভাৱেই একপ্ৰকাৰৰ সমতলসদৃশ অৱয়ৱৰ সৃষ্টি হয়। প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অৱয়ৱক বালিয়াত (Beach) বোলা হয়। সাগৰৰ উত্তাল তৰংগ (Swash) আৰু উভতনি ঢৌ (Back wash)ৰ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱয়ৱ গঢ়ি উঠে।
বালিয়াতটৰ গুৰুত্ব এই যে এইবোৰে মানুহক বিনোদনৰ কাৰণে আকৰ্ষণ কৰে ।
২২। সাগৰ-মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণৰ পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা।
উত্তৰ : সাগৰৰ ঢৌৱে উপকূলত অহৰহ ক্ৰিয়া কৰি উপকূল অঞ্চলক এক সুকীয়া, প্রাকৃতিক ৰূপ প্ৰদান কৰিছে। উপকূল অঞ্চলত বতাহ, বৰষুণৰ উপৰিও প্ৰধানকৈ সাগৰৰ ঢৌৱে ক্ৰিয়া কৰি আছে। উপকূলীয় এলেকাবোৰৰ আজিৰ যি ৰূপ তাক সাগৰৰ ঢৌৰ অবিৰত ক্ৰিয়াৰ ফল বুলি ক’লেও ভূল নহয়। সাগৰৰ ঢৌৱে উপকূল অঞ্চলত কিছুমান ক্ষয়জনিত আৰু অন্য কিছুমান অৱক্ষেপণজনিত বিশেষ ধৰণৰ অৱয়ৱৰ সৃষ্টি কৰে। উপকূলভাগ গ্রেফাইট, বেছল্ট আদিৰ দৰে কঠিন শিলৰ দ্বাৰা গঠিত হ’লে সাগৰৰ ঢৌৱে উপকূলত থিয় গৰাৰ সৃষ্টি কৰে । ইয়াক সমুদ্ৰ গৰা (Sea Cliff) বুলি কোৱা হয়। এনে উপকূল সাধাৰণতে ওখোৰা-মোখোৰা প্ৰকৃতিৰ হোৱা দেখা যায় ৷ আনহাতে সদায় ঢৌৱে ক্ৰিয়া কৰি থকা উপকূলৰ তট্ (Shore) অংশ গেদ্, বিশেষকৈ বালিৰ পৰিমাণ বেছি হ’লে প্ৰাকৃতিকভাৱেই তাত এক প্ৰকাৰৰ সুন্দৰ অৱয়ৱৰ সৃষ্টি হয়। প্ৰধানকৈ অৱক্ষেপণজনিত এনে অৱয়ৱক বালিৰ তত্ (Beach) বোলা হয়। এনে তবোৰে সাগৰৰ পাৰলৈ মানুহক বিনোদনৰ উদ্দেশ্যে আকৰ্ষণ কৰে ৷
২৩। তলত দিয়া কাৰক আৰু অৱয়ৱবোৰৰ কোনটো কাৰ সৃষ্টি কাড় চিনেৰে দেখুওৱা ৷

২৪। ভূ-পৃষ্ঠত ভৱিষ্যতে কেনে ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখা ৷
উত্তৰ : ভূ-পৃষ্ঠ পৰিৱৰ্তনশীল । পৃথিৱীৰ সকলোতে সময়ৰ গতিত ইয়াৰ পৰিৱৰ্তন ঘটে। ভৱিষ্যতেও ইয়াৰ পৰিৱৰ্তন চলি থাকিব। বাহ্যিক কাৰক ৰ’দ, বতাহ, বৰষুণ, হিমবাহ, সাগৰৰ ঢৌ তথা মানুহৰ কাৰ্য-কলাপ, জীৱ-জন্তু, উদ্ভিদৰ ক্ৰিয়া-কলাপে আৰু আভ্যন্তৰীণ কাৰক ভূমিকম্প, আগ্নেয়গিৰি আদিৰ প্ৰভাৱে আজিৰ ভূ-পৃষ্ঠৰ অৱস্থাৰ ভৱিষ্যতে পুনৰ পৰিৱৰ্তন ঘটাব। এই পৰিৱৰ্তন চক্ৰকাৰে হৈ থাকিব বুলি অনুমান কৰিব পাৰি। দৰাচলতে বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰকসমূহে নানা প্ৰকাৰে ক্ৰিয়া কৰি আমাৰ পৃথিৱীপৃষ্ঠক আজিৰ ৰূপ দিছে। এইবোৰ কাৰকেই ভৱিষ্যতেও ভূ-পৃষ্ঠৰ বৰ্তমানৰ এই ৰূপৰ পুনৰ পৰিৱৰ্তন ঘটাব।
২৫। তোমাৰ নিজৰ গাঁও বা নগৰখনৰ ভূ-পৃষ্ঠৰ বৈশিষ্ট্য সম্বন্ধে এটা টোকা লিখা। এলেকাটিৰ এখন চিত্র আঁকি প্রধান অৱয়ৱ (নদী, পাহাৰ, সমভূমি, বিল আদি) দেখুৱাবলৈ চেষ্টা কৰা।
ভূ-পৃষ্ঠৰ পৰিৱৰ্তন ভূ-পৃষ্ঠৰ পৰিৱৰ্তন ভূ-পৃষ্ঠৰ পৰিৱৰ্তন ভূ-পৃষ্ঠৰ পৰিৱৰ্তন ভূ-পৃষ্ঠৰ পৰিৱৰ্তন ভূ-পৃষ্ঠৰ পৰিৱৰ্তন ভূ-পৃষ্ঠৰ পৰিৱৰ্তন ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
ভূ-পৃষ্ঠৰ পৰিৱৰ্তন