Class 9 Social Science। History Part Chapter 1 Solution।ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন ।নৱম মানৰ ।সমাজ  বিজ্ঞান প্ৰশ্ন-উওৰ

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

ত্তৰ : প্ৰথম পতুৰ্গীজ নাৱিকজন হ‘ল ভাস্ক‘ডা গামা ।তেওঁ ১৪৯৮ খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত পোন প্ৰথমে উপস্থিত হৈছিল।

প্ৰশ্ন:- ২) জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাৱিকজন কোন আছিল ?

উত্তৰঃ  ফান্সিছ ড্ৰেক ।

প্ৰশ্ন :-৩) ভাৰত ভূমিত পোন প্ৰথমে কোন ইংৰাজ নাৱিকে অনুমতিপত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল ?

উত্তৰ: পোন প্ৰথমে ‘জন মিলডেন হল‘ নামৰ ইংৰাজ নাৱিকে ১৫৯৯ খ্ৰীষ্টাব্দত ভাৰত ভূমিত অনুমতিপত্ৰ লৈ প্ৰৱেশ কৰিছিল।

প্ৰশ্ন:- ৪) ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক‘ত গঠন হৈছিল ?

উত্তৰ :-১৬০০ খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল।

প্রশ্ন:-৫) ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা?

উত্তৰ :- দুটা উদ্দেশ্য হ‘ল (i) ভাৰতৰ লগত বেহা–বেপাৰ কৰা ।

                                           (ii)  ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা।

প্ৰশ্ন: ৬) ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক‘ত কেতিয়া স্থাপিথ হৈছিল?

উত্তৰ:- মছলিপট্ৰমত ১৬১১ খ্ৰীষ্টাব্দত স্থাপিত হৈছিল।

প্রশ্ন:-৭) ‘ফৰ্ট উইলিয়াম ‘ কি?

উত্তৰ:- এটা বাণিজ্যিক কেন্দ্ৰৰ নাম ।

প্ৰশ্ন: ৮) পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভাগাব  কৰিব পাৰি সময় উল্লেখ কৰি লিখা ।

উত্তৰঃ  পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাৰ মূল ভাগ দুটা  হ‘ল –

(ক) মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্রোহলৈকে ।

(খ) ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে ।

প্ৰশ্ন:-৯) ‘ভাৰত চৰকাৰ আইন‘ কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল?

উত্তৰ:- ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ অগষ্ট তাৰিখে ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল । উদ্দেশ্য আছিল – ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়া।

প্ৰশ্ন:-১০) ‘ভাৰতীয় পৰিষদ অইন‘ কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল ?

উত্তৰঃ  ১৮৬১ ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল ।উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া।

প্ৰশ্ন: ১) ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল , তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা 

উত্তৰঃইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টাসমূহ ১৭১৫ খ্ৰীষ্টাব্দত সম্পূৰ্ণ হৈছিল । প্ৰাচ্যৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে ১৬০০ খ্ৰী:ত ইংৰাজ সদাগৰসকলে এই প্ৰতিষ্ঠানটো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে জনাজাত হৈছিল।ইংলেণ্ডৰ ৰাণী অলিজাবেথে এই কোম্পানীক দক্ষিণ আফ্ৰিকাৰ উত্তমাশা অন্তৰীপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মাগালন প্ৰণালী পৰ্যন্ত বিশাল সাগৰীয় এলেকাত ১৫ বছৰৰ বাবে বেহা-বেপাৰ কৰিবলৈ অনুমতি দিছিল।এই কোম্পানীটোৱে সাগৰীয় পথেৰে ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগেয়ে ‌মালাক্কা ,সুমাত্ৰা, জাভা আদি ঠাইৰ সৈতে মচলা ব্যৱসায় কৰিছিল। ১৬০৮ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে ভাৰতৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন ইউলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট  জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল।তেওঁ ১৬০৯ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত আগ্ৰাত উপস্থিত হৈ মোগল ৰাজদৰবাৰত সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল। এয়াই আছিল ইংৰাজৰ আগ্ৰাত প্ৰথম পদৰ্পণ। কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্যি চুক্তিৰ আবেদন সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল।১৬১৫ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ছাৰ টামাচৰ’ নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল।ইয়াৰ পিছতো ইংৰাজ সদাগৰসকলে ভাৰতৰ সৈতে বাণিজ্যক সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছিল। ১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতী দলে মোগল সম্ৰাট ফাৰুখছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল।সাম্ৰাটে সঁজাতী দলটোৰ প্ৰতি সদয়ৰ ভাৱ দেখুৱাইছিল।  এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফৰমাৰ আডাই কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে।

 প্রশ্ন ২। ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্র স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পর্কে লিখা ।

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰাৰ তিনিটা মূল কৌশল হল-

(ক) ১৬১১ খ্ৰীত গালেকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানিয়ে মছলিপট্টমত আৰু ১৬৩৬ খ্ৰীত আৰমাগাৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল। ১৬৩৯ খ্ৰী:ত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি কেন্দ্ৰটোৰ নাম নতুনকৈ “ফৰ্ট ছেন্ট জর্জ” নাম দিয়ে

(খ) ১৬৬১ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পর্তুগীজ ৰাজকন্যা কেথনিক বিয়া কৰাই যৌতুক হিচাপে বাম্বোই চহৰ লাভ কৰিছিল। ৰজা চাৰ্লছে ১৬৬৮ খ্রীত ৫০,০০০ পাউণ্ড ঋণৰ বিনিময়ত বাম্বোই ইংৰাজ কোম্পানিক হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰা বাম্বোই কোম্পানি প্রধান কাৰ্যালয়ত পৰিণত হয়।

(গ) ১৬৯০ খ্রী.ত জব চার্ণক নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি বছৰি ১২০০ টকাৰ খাজনাৰ বিনিময়ত কালীঘাটা (কলিকতা), সুতানুটি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ত্ব কোম্পানিয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। তিনিখন ঠাইৰ সমষ্টিয়ে পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল। ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানার্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ‘ফৰ্ট উইলিয়াম’ ৰখা হৈছিল।

প্রশ্ন ৩। ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তালো ইষ্ট ইণ্ডিয়া কোম্পানিৰ আটাইতকৈ উল্লেখযাগ্যে ব্যক্তিজন কোন? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা।

উত্তৰ : ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তালো ইষ্ট ইণ্ডিয়া, কোম্পানিৰ আটাইতকৈ উল্লেখযাগ্যে ব্যক্তিজন হৈছে ৰবাৰ্ট ক্লাইৱ। ৰবাৰ্ট ক্লাইৱে যি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল তাৰ চাৰিটা যুক্তি হল—

(ক) ক্লাইৱে নিজৰ কোম্পানিৰ স্বাৰ্থত আনবাৰে বিদেশী ইউৰা েপীয়ান কোম্পানিক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল।

(খ) ৰবাৰ্ট ক্লাইৱে যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানি ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল।

(গ) বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, অযা ধ্যোৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানিৰ সৈতে

মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিসর্জন দিব লগা হৈছিল।

(ঘ) পলাচী যুদ্ধত (১৭৫৭ খ্রীঃ) বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব ছিৰাজ উদদৌলাক (১৭৫৬-৫৭) ছল- চাতুৰিৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল।

প্রশ্ন ৪।চিপাহী বিদ্রোহ সৃষ্টিৰ চাৰিটা কাৰণ লিখা ।

উত্তৰ : ১৮৫৭ চনৰ চিপাহী বিদ্রোহক ভাৰত বুৰঞ্জীত এক যুগান্তকাৰী ঘটনা বুলি আখ্যা দিয়া হয়। এই বিদ্ৰোহৰ প্ৰধান কাৰণ সমূহ হ’ল— (ক) ৰাজনৈতিক কাৰণ, (খ) অৰ্থনৈতিক কাৰণ, (গ) সামাজিক কাৰণ, (ঘ) ধৰ্মীয় কাৰণ।

(ক) ৰাজনৈতিক কাৰণ: ইংৰাজ গৱৰ্ণৰ জেনেৰেল লর্ড, ডেলহাউচিয়ে ভাৰতবৰ্ষত। ব্ৰিটিছ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে সৃষ্টি কৰা “স্বত্ববিলাপে নীতি’ আছিল চিপাহী বিদ্ৰোহৰ এটা ৰাজনৈতিক কাৰণ। এই নীতিমতে কোনো দেশীয় ৰাজ্যৰ ৰজাৰ মৃত্যু হলে তেওঁৰ যদি কোনো সতি-সন্ততি নাথাকে, তেতিয়া সেই ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ লগত অন্তৰ্ভুক্ত কৰা হ’ব। লগতে কোনো দেশীয় ৰজাই তোলনীয়া পুতেকক সিংহাসনৰ উত্তৰাধিকাৰী কৰিব নাৱোৰিব। ডেলহাউচিয়ে এই নীতি প্রয়াগে কৰি চাৰা, বামি, নাগপুৰ, চম্বলপুৰ, জৈতপুৰ আদি ৰাজ্য ইংৰাজ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল ব্ৰিটিছৰ এই কাৰ্যই ভাৰতীয় ৰজাসকলৰ মনত বিদ্ৰোহৰ পাতনি মেলিছিল।

(খ) অর্থনৈতিক কাৰণ: ৰজা আৰু জমিদাৰ শ্ৰেণীৰ মাজত দেখা দিয়া অর্থনৈতিক সংকটো চিপাহী বিদ্ৰোহৰ এটা অৰ্থনৈতিক কাৰণ। ৰজা আৰু জমিদাৰসকলৰ ৰাজ্যসমূহ ইংৰাজ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হাৱোৰ ফলত তেওঁলাকেৰ আয়ৰ পথ বন্ধ হৈছিল। তেওঁলাকেৰ পেঞ্চন, ভাট্টা আদি বন্ধ কৰি আৰ্থিক সংকটৰ সন্মুখীন কুৰাইছিল ইয়াৰ উপৰি ইংৰাজৰ মাটিৰ খাজনা বৃদ্ধি, “চিৰস্থায়ী বন্দোৱস্ত নীতি’ আদিয়ে কৃষক, জমিদাৰ আদি সকলো শ্ৰেণীৰ লাকেক আঘাত কৰিছিল।আনহাতে, ইংলেণ্ডৰ আমদানি সামগ্ৰীৰ ওপৰত থকা কৰ হ্ৰাস কৰি ইংৰাজ চৰকাৰে ভাৰতৰ পৰা অৰ্থনৈতিক লুণ্ঠন আৰম্ভ কৰিছিল। ভাৰতৰ পৰা কেঁচামালসমূহ কম দৰত কিনি নিজৰ দেশলৈ নি তেওঁলাকেৰ দেশৰ উদ্যোগজাত সামগ্ৰীৰে ভৰাই পেলাইছিল। ফলত ভাৰতৰ থলুৱা উৎপাদিত সামগ্ৰীয়ে সেইবাৰেৰ লগত ফেৰ মাৰিব পৰা নাছিল আৰু ফলস্বৰূপে ভাৰতৰ থলুৱা সামগ্ৰী ধ্বংসৰ পিনে অগ্রগতি লৈছিল। এনেবাৰে কাৰণতেই ৰজা, কৃষক আৰু জমিদাৰ সকলৰ মাজত বিদ্ৰোহৰ পাতনি মেলিছিল ।

(গ) সামাজিক কাৰণ : অতি প্রাচীন কালৰ পৰাই ভাৰতবৰ্ষ বিভিন্ন জাতি জনজাতিৰ মিলনভূমি আছিল। ইংৰাজসকলে ভাৰতত স্থায়ীভাৱে বসতি কৰাৰ পাছৰ পৰা ভাৰতীয় সমাজত চলি থকা সতীদাহ, বাল্যবিবাহ, নৰবলি, বিধৱা বিবাহ প্রচলন, শিশুবধ প্ৰথাৰ অৱসান আদি প্ৰথাসমূহৰ বিৰোধিতা কৰা আৰু সেইবাৰেৰ সাপেক্ষে মাত মতাৰ বাবে কিছুসংখ্যক ভাৰতবাসীৰ মনত ইংৰাজৰ প্ৰতি বেয়া মনোভাব সৃষ্টি হৈছিল । ইংৰাজী শিক্ষাৰ প্ৰচলন, ডাক তাৰৰ ব্যৱস্থা, ৰে’ল পথ আৰু ভাপ জাহাজৰ আৱিষ্কাৰৰ আঁৰত কিবা অভিসন্ধি লুকাই আছে বুলি ভাৰতীয়সকলে সন্দেহ কৰিছিল। এইবাৰেৰ পৰাও ভাৰতীয় সকলৰ মনত চিপাহী বিদ্ৰোহৰ পাতনি মেলিছিল।

(ঘ) ধৰ্মীয় কাৰণ : ভাৰতবৰ্ষলৈ অহাৰ সময়ৰ পৰাই ইংৰাজসকলৰ এটা উদ্দেশ্য আছিল খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা। ভাৰতীয় লাকেৰ ধৰ্ম নষ্ট কৰাৰ উদ্দেশ্যে ইংৰাজসকলে ভাৰতৰ হিন্দু মুছলমান সম্প্ৰদায়ৰ লাকেসকলৰ মাজত ধৰ্মীয় বিবাদৰ সৃষ্টি কৰিছিল। ভাৰতীয়ৰ ধৰ্মীয় বিবাদৰ কাৰ্যই ১৮৫৭ খ্ৰীৰ বিদ্ৰোহৰ কাৰণ হৈ পৰিছিল।

প্রশ্ন ৫। চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযাগ্যে ফলাফল উল্লেখ কৰা ।

উত্তৰঃ চিপাহী বিদ্ৰোহৰ চাৰিটা ফলাফল হল- (ক) চিপাহী বিদ্ৰোহৰ ফলত ইষ্ট-ইণ্ডিয়া কোম্পানিৰ পৰা ভাৰতৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায়। (খ) চিপাহী বিদ্ৰোহৰ ফলতেই ভাৰতীয় দেশীয় ৰাজ্যৰ ৰজাসকলক মহাৰাণীয়ে আশ্বাস দি কৈছিল যে ইষ্ট- ইণ্ডিয়া কোম্পানিৰ সৈতে তেওঁলোকে যিবাৰে চুক্তি কৰিছিল সেইবাৰে চৰকাৰে মানি চলিব।

(গ) দেশীয় ৰজাসকলৰ অধিকাৰ, সম্মান, মর্যাদা আৰু ৰাজ্যৰ সীমা অক্ষুন্ন থাকিব।

(ঘ) জাতি, ধৰ্ম বা বৰ্ণৰ ভিত্তিত মহাৰাণীৰ চৰকাৰে কোনো বৈষম্যমূলক আচৰণ নকৰে।

(ঙ) এই বিদ্রোহে ভাৰতত জাতীয়তাবাদৰ সূচনা কৰে।

প্রশ্ন ৬। ‘ভাৰত চৰকাৰ আইনৰ জৰিয়তে হাৱো চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা ৷

উত্তৰঃ ভাৰত চৰকাৰ আইনৰ জৰিয়তে হাৱো চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন হৈছে

(ক) ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীৰ ২ আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পানেপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল।

(খ) দ্বিতীয়তে, ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানি আমালেত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্বৰ অৱসান ঘটিছিল।

(গ) তৃতীয়তে, নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত তাপণ কৰা হয়। ভাৰত শাসনৰ সৈতে প্ৰক্ষভাৱে জড়িত হাৱো মন্ত্ৰীজনক ভাৰত সচিব’ বালো হয়।

(ঘ) চতুর্থত, ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সর্বোচ্চ শাসনকর্তা হিচাপে গৱৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচর্যা অর্থাৎ প্রতিনিধিৰ খিতাপ প্রদান কৰা হয়। এই আইনে ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বীজনক (গৱৰ্ণৰ) নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানিৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল।

প্রশ্ন ৭ লৰ্ড কেনিঙৰ দুটা, প্রধান সংস্কাৰৰ বিষয়ে লিখা।

উত্তৰঃ লৰ্ড কেনিৰ দুটা প্ৰধান সংস্কাৰ হ’ল—

(ক) লর্ড কেনিঙ শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে ‘উডৰ

শিক্ষা সংস্কাৰ আঁচনিখন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যেক প্রদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল।

(খ) লর্ড কেনিঙে সেনাবাহিনীৰ ক্ষেত্ৰত কিছু সাংগঠনিক পৰিৱৰ্তন কৰিছিল। বিভিন্ন জাতি আৰু বিভিন্ন ধর্মাবলম্বী সৈনিকক একগোট কৰি এটা মিশ্ৰিত ভাৰতীয় সেনা- বাহিনীৰ গাটে গঠন কৰিছিল নতুনকৈ গঠন হাৱো গাটেটোত ভালেসংখ্যক ইউৰাপেীয় সেনাক নিয়াগে কৰিছিল।

প্রশ্ন ৮) ভাৰতীয় পৰিষদ আইন’ৰ দুটা গুণ আৰু দুটা দোষ লিখা।

উত্তৰঃ ভাৰতীয় পৰিষদ আইন’ৰ দুটা গুণ হল – (ক) এই আইনে পাঁচজনীয়া সদস্যৰ এখন ‘কাৰ্যবাহী পৰিষদ গঠনৰ প্ৰস্তাৱ দিছিল। ভাৰতৰ সচিবক এই আইনে তিনিজন ব্যক্তিক কাৰ্যবাহী পৰিষদৰ বাবে বাছনি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল, ভাৰতবৰ্ষত কমেও দহ বছৰ কাল চাকৰি কৰাৰ অভিজ্ঞতা থকা ব্যক্তিকহে তেওঁ বাছনি কৰিব পাৰিছিল। বাকী দুজন সদস্যক ব্ৰিটিছ সংসদে প্ৰত্যক্ষভাৱে নিয়াগে কৰাৰ ক্ষমতা পাইছিল তেওঁলাকে দুজনৰ এজনক আইনী সদস্য আৰু আনজনক বিত্তীয় সদস্য হিচাপে কাৰ্যবাহী পৰিষদত স্থান দিয়া হৈছিল।

খ) ভাইচৰয়ক কাৰ্যবাহী পৰিষদখন সুচাৰূপে পৰিচালনা কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছিল। ভাইচৰয় লৰ্ড কেনিঙে পানে প্রথমে কেন্দ্রীয় কার্যবাহী পৰিষদৰ সদস্যসকলৰ মাজত দপ্তৰসমূহ ভগাই দি

তেওঁলাকেক নিজা নিজা দপ্তসমূহ পৰিচালনা কৰাৰ অধিকাৰ দিছিল।

প্রশ্ন ৯। ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হাৱো পৰিৱৰ্তনসমূহ আলাচেনা কৰা।

উত্তৰঃ ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হাৱো পৰিৱৰ্তনসমূহ হৈছে

(ক) লর্ড ৰিপনে কেইটামান বিশেষ উদ্দেশ্য আগত ৰাখি স্বায়ত্ত শাসন ব্যৱস্থাৰ পাৰ্ষেকতা কৰিছিল। তেওঁ স্থানীয় প্রশাসন ব্যৱস্থাত এনে এক পৰিৱৰ্তনৰ পাষেকতা কৰিছিল যত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপেও গ্ৰহণ কৰাৰ সুবিধা থাকে। ভাৰতীয়ৰ মাজত শিক্ষা বিস্তাৰ আৰু ভাৰতীয়সকলক আধুনিক প্ৰশাসনৰ লগত চিনাকি কৰি দিয়াৰ লগতে সমাজৰ বুদ্ধিমান ব্যক্তিসকলক তেওঁলাকেৰ প্ৰাথমিক কাম বিলাক তেওঁলাকেৰ হতুৱাই সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব দিছিল।।

(খ)লর্ড ৰিপনে ১৮৮২ খ্ৰীত ঐতিহাসিক প্ৰস্তাৱ মতে প্ৰত্যেকটো মহকুমাত একোখনকৈ আঞ্চলিক পৰিষদ গঠন কৰে। প্ৰয়াজেন অনুসৰি প্ৰত্যেকখন লোকেল ব’ৰ্ডৰ (আঞ্চলিক পৰিষদ) অধীনত থকা গ্ৰামাঞ্চলৰ লাটসমূহত একোখনকৈ প্ৰাথমিক ব’ৰ্ড গঠনৰ ব্যৱস্থা ৰাখিছিল। লোকেল ব’ৰ্ডৰ অধিকাংশ সদস্য নির্বাচন কৰি অনাৰ লগতে সদস্যসকলৰ মাজৰ পৰা এজন বেচৰকাৰী ব্যক্তিক সভাপতি হিচাপে বাছনি কৰাৰ

ব্যৱস্থা কৰিছিল ।

(গ) লর্ড ৰিপনে স্বায়ত্ত শাসনৰ প্ৰস্তাৱসমূহ সমগ্র ভাৰতবৰ্ষতে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল। কিছুমান প্ৰদেশত জিলা পৰ্যায়ত আৰু কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত লোকেল ব’ৰ্ডসমূহ গঠন কৰিছিল।

(ঘ) গ্ৰামাঞ্চলৰ দৰে নগৰাঞ্চলসমূহে স্থানীয় স্বায়ত্ত শাসনৰ তলতীয়া হৈছিল। ১৮৮২ খ্ৰীৰ স্থানীয় স্বায়ত্তশাসনৰ প্ৰস্তাৱ মৰ্মেনগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। পৌৰসভা আৰু নগৰপালিকা নিকায়সমূহৰ শতকৰা ৭৫ জন সদস্যক নির্বাচন যোগেদি বাছনি কৰি লাৱোৰ ব্যৱস্থা কৰা হৈছিল ।

(ঙ) ভাৰত সচিবে লৰ্ড বিপনৰ কেইবাটাও স্বায়ত্ত শাসন সম্পর্কীয় গুরুত্বপূর্ণ প্ৰস্তাৱ নাকচ কৰিছিল। বিশেষকৈ লোকেল ব’ৰ্ডসমূহত নির্বাচিত সদস্য সংখ্যা বৃদ্ধি আৰু বেচৰকাৰী সদস্যক সভাপতি পদ দিয়াৰ বাবে বিপনে আগবঢ়োৱা প্ৰস্তাৱ ইংলেণ্ডৰ চৰকাৰে সমৰ্থন কৰা নাছিল। ১৮৮৫ খ্ৰীৰ স্বায়ত্ত শাসন আইনখনে জিলা উপায়ুক্তসকলকহে লোকেল ব’ৰ্ডৰ সভাপতিত্ব কৰাৰ ক্ষমতা দিছিল। লৰ্ড ৰিপনে স্বায়ত্ত শাসনৰ সংস্থাবাৰে জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধিৰ হাতত অৰ্পণ কৰাটো এটা নীতি হিচাপে গ্ৰহণ কৰিছিল। কিন্তু ইংৰাজ চৰকাৰে বিপনৰ উদ্দেশ্য সম্পূর্ণরূপে কাৰ্যকৰী কৰাত বাধা প্ৰদান কৰিছিল। সেয়ে হলেও বিপনে পানে প্ৰথমবাৰৰ বাবে স্থানীয় শাসন ব্যৱস্থাক গণতান্ত্রিক পদ্ধতিৰ মাজলৈ টানি আনিছিল।

প্রশ্ন ১০। অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল ? এই সেৱাৰ বিকাশ সম্পর্কে আলাচেনা কৰা।

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসন কালত ভাৰতবৰ্ষৰ লাকেসেৱাৰ পদবীসমূহকেৱল ইংৰাজৰ লাকেসকলৰ দ্বাৰাহে পূৰণ কৰা হৈছিল। ১৮৫৮ খ্ৰী.ত যেতিয়া ভাবত চৰকাৰ পৰিচালনাৰ দায়িত্ব ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায় তাৰ পিছৰ পৰা ভাৰতীয় শিক্ষিতসকলেও লাকেসেৱাৰ পদবীত দেশীয় ব্যক্তিক অন্তৰ্ভুক্ত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। শিক্ষিত ভাৰতীয়সকলৰ মনত গঢ়ি উঠা এনে আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি উনবিংশ শতিকাৰ সত্তৰৰ দশকৰ পৰা ভাৰতীয় সকলকো লাকেসেৱাৰ পদবীত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছিল। ১৭৯৩ খ্ৰী:ৰ নিয়ন্ত্ৰণকাৰী আইন (Regulating Act 1793) আনুসৰি ভাৰত প্ৰশাসনৰ উচ্চ পদবীসমূহ কোম্পানিৰ অংগীকাৰবদ্ধ কৰ্মচাৰীৰ বাবেহে সংৰক্ষিত কৰি ৰখাৰ নিয়ম বলৱৎ কৰা হৈছিল। তদানীন্তন গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱলিচে (১৭৮৬- ৯৩) ভাৰতীয় প্ৰশাসনৰ বিষয়বাব নিদিবৰ বাবে ইংলেণ্ডৰ চৰকাৰৰ ওচৰত যুক্তি দাঙি ধৰিছিল। তেওঁৰ যুক্তি মতে ভাৰতীয়সকল আধুনিক প্ৰশাসনৰ সৈতে একেবাৰে অভ্যস্ত নহয় আৰু ভাৰতীয়ৰ হাতত শাসনৰ দায়িত্ব জাপি দিলে সেই প্রশাসন ইংৰাজৰ স্বাৰ্থৰ বিপৰীতে পৰিচালিত হ’ব! কিন্তু উদাৰচিতীয়া ইংৰাজ চিন্তাবিদ ছাৰ থমাছ মনৰো আৰু ছাৰ জন মেলকমে কৰ্ণৱালিচৰ এই যুক্তি মানি লাৱো নাছিল। ১৮৩৩ খ্ৰী:ত চনদে ভাৰতীয় লাকেক শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল। কোম্পানিৰ ডাইৰেক্টৰসকলে এই সন্মতিৰ বিৰোধিতা ১৮৩৩ খ্ৰী:ত চনদে ভাৰতীয় লাকেক শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল। কোম্পানিৰ ডাইৰেক্টৰসকলে এই সন্মতিৰ বিৰোধিতা কৰিছিল। কিন্তু বেগুলেটিং এক্ট নামৰ আইনখনে ভাৰতীয়সকলৰ প্ৰতি আগবঢ়োৱা উদাৰ মনাভোবক ইংৰাজ শাসকসকলে সম্পূৰ্ণভাৱে অৱজ্ঞা কৰিব পৰা নাছিল। সেয়েহে ১৮৩৩ খ্রী.ত ডেপুটি মেজিষ্ট্রেট আৰু ১৮৪৩ খ্র.ত ডেপুটি কালেক্টৰ নামৰ দুটা পদবীৰ সৃষ্টিকৰি পদবী দুটাৰ বাবে উপযুক্ত ভাৰতীয় ব্যক্তিক নিযুক্তি দিছিল। ১৮৫৩ খ্রী. চনদে লাকেসেৱাৰ বাবে অনুষ্ঠিত হাৱো প্ৰতিযোগিতামূলক পৰীক্ষাত ভাৰতীয় লাকেসকলক অৱতীৰ্ণ হাৱোৰ বাবে অনুমতি দিছিল। কিন্তু এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হাৱোৰ বাবে অতি কম সংখ্যক ভাৰতীয়ইহে ইয়াত অৱতীৰ্ণ হ’ব পাৰিছিল।

১৮৫৮ খ্ৰী.ত মহাৰাণীৰ ঘাষেণাপত্ৰই দেশীয় লাকেকো লাকেসেৱাৰ পদবীত নিয়াগে কৰাৰ আশ্বাস দিছিল। এই আশ্বাসৰ ভিত্তিত ভাৰত সচিবে এখন কমিটী গঠন কৰি দিছিল। কমিটীয়ে ভাৰতীয় লাকেসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা ভাৰতত অনুষ্ঠিত কৰাৰ উপদেশ দিছিল। কিন্তু ১৮৬২ খ্ৰী:ৰ চিভিল ছাৰ্ভিচ আইনৰ ধাৰা মতে লাকেসেৱাৰ পদবী অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ বাবেহে সংৰক্ষিত হৈ আছে। সেয়েহে ভাৰতীয় কমিটীৰ এই উপদেশ কাৰ্যকৰী নহ’ল। ১৮৬৫ খ্রীষ্টাব্দলৈকে লাকেসেৱা পৰীক্ষাত অৱতীৰ্ণ হাৱো পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল ২২ বছৰ। কিন্তু ১৮৬৬ খ্ৰীষ্টাব্দত এই সৰ্বোচ্চ বয়সৰ সীমা ২১ বছৰ কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে অতি কমসংখ্যক ভাৰতীয়ইহে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব

লাকেসেৱাৰ পদবী অংগীকাৰবদ্ধ ইংৰা কাৰণে সংৰক্ষিত আছিল সেই পদবীসমূ চৰকাৰৰ মনানেীত ভাৰতীয় লাকেৰ দু কৰাৰ ব্যৱস্থা কৰা হৈছিল। ভাইচৰয় লর্ড নিজাকৈ পদবীসমূহৰ বাবে উচ্চবংশজা ব্যক্তিক বাছনি কৰাৰ নিৰ্দেশ দিছিল। কিন শ্ৰেণীভুক্ত ভাৰতীয়ক আকৰ্ষণ কৰিবনো গোটেই ব্যৱস্থাটো কাৰ্যকৰী কৰিব পৰা

প্রশ্ন ১১। ব্ৰিটিছ অধীন ভাৰত আৰু স্ব অসামৰিক লাকেসেৱা সম্পর্কে তিি উল্লেখ কৰা।

উত্তৰ : ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন অসামৰিক লাকেসেৱাৰ মাজত থকা তি

হল—

(ক) ব্ৰিটিছ অধীন ভাৰতবৰ্ষত লাকেসে পৰীক্ষাসমূহ লণ্ডনত অনুষ্ঠিত হৈছিল। বি পিছত লাকেসেৱা আয়াগেৰ পৰীক্ষাস

(খ) ব্ৰিটিছৰ শাসন-কালত লাকেসেৱাৰ প্ৰাৰ্থীৰ বয়সৰ উচ্চসীমা ২২ বছৰ আছিল। কিন্তু স্বাধীনতাৰ পিছত লাকেসেৱাৰ প্ৰাৰ্থীৰ বয়সৰ সীমা ২৫ বছৰলৈ বৃদ্ধি কৰা হৈছিল।

(গ) ব্ৰিটিছৰ অধীনত সৰ্বভাৰতীয় পৰ্যায়ত লাকেসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। কিন্তু স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত সর্ব-ভাৰতীয় আৰু প্ৰদেশিক উভয় পর্যায়তে লাকেসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *