১/ তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া ।
(ক) মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰ: মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল- কীৰ্তন ঘোষা ।
(খ) মহাপুৰুষ শংকৰদেৱৰ বিৰচিত এখন অংকীয়া নাটৰ নাম লিখা ।
উত্তৰ: মহাপুৰুষ শংকৰদেৱৰ বিৰচিত এখন অংকীয়া নাটৰ নাম হ’ল- ৰাম বিজয় ।
(গ) “কৃষ্ণগীত গাঁৱন্ত সুন্দৰী”- ইয়াত কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী কোন?
উত্তৰ: “কৃষ্ণগীত গাঁৱন্ত সুন্দৰী”- ইয়াত কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী হ’ল- নন্দৰ ৰাণী যশোদা ।
(ঘ) “ৰুণ-ঝুন কেয়ুৰ কংকণ”- কাৰ কেয়ুৰ কংকণৰ ৰুণ-ঝুন শব্দৰ কথা ইয়াত কোৱা হৈছে?
উত্তৰ: “ৰুণ-ঝুন কেয়ুৰ কংকণ”- কাৰ কেয়ুৰ কংকণৰ ৰুণ-ঝুন শব্দৰ কথা ইয়াত নন্দৰ ৰাণী যশোদাৰ কথা কোৱা হৈছে ।
(ঙ) “মাথনিত ধৰিয়া নিষেধি।”- ‘মাথনি’ শব্দৰ অৰ্থ কি?
উত্তৰ: “মাথনিত ধৰিয়া নিষেধি।”- ইয়াত ‘মাথনি’ শব্দৰ অৰ্থ হ’ল- গাখীৰ ঘূটিবলৈ ব্যবহাৰ কৰা এবিধ সজিলি ।
(চ) শ্ৰীকৃষ্ণই শিকিয়াৰ পৰা লৱন চুৰ কৰি কাক দিছিল?
উত্তৰ: শ্ৰীকৃষ্ণই শিকিয়াৰ পৰা লৱন চুৰ কৰি বান্দৰক দিছিল ।
২/ তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।
মূল্যাংক:- ২
(ক) মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ নাম লিখা ।
উত্তৰ: মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ নাম হ’ল- ৰাম বিজয় আৰু কেলি- গোপাল ।
(খ) চিহ্নযাত্রা কি?
উত্তৰ: ‘চিহ্নযাত্রা’ মানে হ’ল- শংকৰদেৱে ৰচনা কৰা সংলাপবিহীন নাট । এইখন নাটকে গুৰুজনাই অসমীয়া নাট্য বুৰঞ্জিৰ পাতনি মেলিছিল ।
(গ) শংকৰদেৱে কোন দুখন গ্ৰন্থৰ কিছু কিছু অংশ অসমীয়ালৈ অনুবাদ কৰিছিল?
উত্তৰ: শংকৰদেৱে ভাগৱত আৰু ৰামায়ণ এই দুখন গ্ৰন্থৰ কিছু কিছু অংশ অসমীয়ালৈ অনুবাদ কৰিছিল ।
৩/ তলৰ প্রশ্নসমূহৰ উত্তৰ লিখা:
মূল্যাংক:- ৪
(ক) ‘শিশুলীলা’ পাঠটিত শ্ৰীকৃষ্ণ চৰিত্ৰটি এটি সাধাৰণ মানৱ শিশু হিচাপে অংকিত হৈছে । কথা- ষাৰ সত্যাসত্য নিৰ্ণয় কৰা ।
উত্তৰ: ‘শিশুলীলা’ পাঠটি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অনুপম ৰচনা । পাঠটিৰ মাজেৰে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক ভক্ত কবিজনাই এটি সাধাৰণ মানৱ শিশু হিচাপে অংকন কৰি ভক্তৰ কাষ চপাই দিছে । বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী ভগৱানে সাধাৰণ মানৱ শিশুহিচাপ মাক যশোদাক আমনি কৰিছে ।মাকৰ কোলাত উঠিবলৈ আব্দাৰ কৰিছে । মাকে কোলাৰ পৰা নমাই দিয়াত তেওঁৰ খং উঠিছে । উৰালত উঠি লৱন চুৰ কৰিছে । আকৌ চুৰ কৰি ধৰা পৰি মাকৰ ভয়ত দৌৰি পলাইছে । এইবোৰ কাৰ্য্যৰে ভগৱান শ্ৰীকৃষ্ণ ভক্তৰ ওচৰত এটি সাধাৰণ মানৱ শিশু হৈ পৰিছে ।
(খ) শঙ্কৰদেৱে ৰচিত কীৰ্তন পুথিৰ বিষয়ে পঁচিছটামান শব্দৰ ভিতৰত এটি টোকা লিখা ।
উত্তৰ: মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন পুথি । ই গুৰুজনাৰ প্ৰচাৰিত নামধৰ্মৰ মূল গ্ৰন্থ । কীৰ্তন ২৭ টা স্বয়ং- সম্পূৰ্ণ খণ্ডৰ সমষ্টি । গ্ৰন্থখন শ্ৰৱণ কীৰ্তনৰ উপযোগী নাম – প্ৰসংগৰ পুথি । কীৰ্তনৰ বেছিভাগ খণ্ডই ভাগৱত পুৰাণৰ সাৰ সংগ্ৰহ ।
গ) শিশুলীলাৰ অন্তর্নিহিত তত্বপূৰ্ণ কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা ।
উত্তৰ: ভগৱান ভক্তিৰ অধীন । একান্ত ভক্তিৰে ভগৱানক ভক্তই হাতেৰে পায় । কিন্তু অহংকাৰশূন্য মনেৰে কৰা ভক্তিৰেহে ভগৱানক পাব পাৰি । মনত অহংকাৰ থাকিলে বিভিন্ন প্ৰয়াসেৰেও ভগৱানক পাব নোৱাৰি ।শিশুলীলা পাঠটিৰ অন্তর্নিহিত তত্বই সেই কথাকে কয় । কৃষ্ণচিন্তাত আতুৰ যশোদাৰ ওচৰত কৃষ্ণই নিজে আহি ধৰা দিছে । কিন্তু তেতিয়াই হাতত এচাৰী লৈ যশোদাই তেওঁক খেদিছে আৰু উৰালত জোৰেৰে বান্ধিব খুজিছে তেতিয়া যশোদাই কৃষ্ণক ধৰিব পৰা নাই আৰু বান্ধিবলৈ সক্ষম হোৱা নাই ।
(ঘ) নাহি আদি অন্ত পূর্বাপৰ ।
পূৰ্ণ ব্রহ্ম জগত ঈশ্বৰ ।
ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে, কিয় এইদৰে কৈছে চমুকৈ লিখা ।
উত্তৰ: প্ৰশ্নত উল্লেখ কৰা পদফাকিত ভক্ত কবি শংকৰদেৱে ভগৱান শ্ৰীকৃষ্ণক সামান্য নাৰী যশোদাই উৰালত বান্ধিবলৈ লোৱাৰ প্ৰসংগত কৈছে । পদফাকিত শিশু শ্ৰীকৃষ্ণৰ বিষয়ে কোৱা হৈছে । শিশু কৃষ্ণ অনাদি অনন্ত পূৰ্ণব্রহ্মৰ অৱতাৰ। তেওঁক সাধাৰণ শিশু বুলি ভ্ৰম কৰি যশোদাই উৰালত বান্ধিব খুজিছে । শিশু কৃষ্ণ সামান্য কৃষ্ণ শিশু নহয় । তেওঁক সামান্য শিশুৰ দৰে বান্ধিব নোৱাৰি । যশোদাই কৃষ্ণক বান্ধিবলৈ যত্ন কৰি সেয়েহে সফল হ’ব পৰা নাই । কবিয়ে সেয়েহে উক্তপদফাকিৰ অৱতাৰণা কৰিছে ।