ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন । Class 9 Solution । Social Science Chapter 1 । অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

অতিৰিক্ত প্রশ্নোত্তৰ

SEBA Class 9 Social Science Chapter 1 Solution-ৰ প্ৰথম অধ্যায় ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন” ভাৰতৰ বাণিজ্যিক, ৰাজনৈতিক, আৰু সামাজিক পৰিৱর্তনৰ প্ৰাথমিক পৰ্যায়ক বুজিবলৈ সহায় কৰে। এই অধ্যায়ত ইউৰোপীয়সকলৰ ভাৰতলৈ আগমন, তেওঁলোকৰ বাণিজ্যিক উদ্দেশ্য, আৰু ভাৰতত স্থাপিত উপনিবেশসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

১। কোনজন পর্তুগীজ নাৱিকে সাগৰীয় পথেৰে প্ৰথম বাৰৰ বাবে ভাৰতত পদাৰ্পণ কৰিছিল ?

উত্তৰ : ভাস্ক’-ডা-গামাই ।

২। ভাস্ক’-ডা-গামাই কিমান চনত সাগৰীয় পথেৰে ভাৰতত উপস্থিত হৈছিল ?

উত্তৰ : ১৪৯৮ চনত ।

৩। কোনজন ইংৰাজ নাৱিকে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিছিল ?

উত্তৰ : ফ্ৰান্সিছ ড্রেক।

৪। মোগল ৰাজদবাদত পদার্পণ কৰা প্ৰথমজন ইংৰাজ দূত কোন আছিল?

উত্তৰ : কেপ্টেইন উইলিয়াম হকিন্স ।

১৯। মোগলৰ শেষ সম্রাট কোন আছিল ?

উত্তৰঃ- দ্বিতীয় বাহাদুৰ ছাহ

২০। স্বত্ববিলোপ নীতি (Doctrine of Lipse) কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ- লৰ্ড ডেলহাউছীয়ে।

২১। ১৭৭৩ খ্রীষ্টাব্দত নিয়ন্ত্রণ আইনৰ (Regulating Act) মূল উপবন্ধবোৰ কি কি আছিল ?

উত্তৰঃ-  ১৭৭৩ খ্ৰীষ্টাব্দত নিয়ন্ত্রণ আইনখন ইংলেণ্ডৰ সংসদে প্রণয়ন কৰিছিল। ইয়াৰ তিনিটা উপবন্ধ আছিল—

(১) ইয়াৰ দ্বাৰা ইষ্ট-ইণ্ডিয়া কোম্পানিৰ সংবিধান নতুনকৈ যুগুত কৰা হৈছিল। কোম্পানিক পৰিচালনা কৰাৰ বাবে ‘কোৰ্ট অৱ ডিৰেক্টৰছ’ আৰু ‘ব’ৰ্ড অব কণ্ট্ৰল’ গঠন কৰা হৈছিল ।

(২) ভাৰতত কোম্পানিৰ ৰাজ্য চলাবলৈ বংগদেশৰ গৱৰ্ণৰৰ ঠাইত এজন গৱৰ্ণৰ-জেনেৰেলক নিযুক্তি দিয়া হৈছিল।

(৩) এজন মুখ্য ন্যায়াধীশ আৰু তিনিজন ন্যায়াধীশক লৈ এখন উচ্চতম ন্যায়ালয় স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল

২২। কাৰ দিনত পাব্লিক ছাৰ্ভিচ কমিছন গঠন কৰা হৈছিল?

উত্তৰ : লর্ড ডাফৰিনৰ দিনত ।

২৩। কোন ভাইচৰয়ৰ দিনত ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স ১৯ বছৰ কৰা হৈছিল ?

উত্তৰঃ- লর্ড লিটনৰ দিনত ।

২৪। মহাৰাণী ভিক্টোৰিয়াৰ প্ৰতিনিধি বুলি কোনে ঘোষণা কৰিছিল ?

উত্তৰঃ- লর্ড কেনিঙে।

২৫। বংগ বিভাজন কিমান চনত গৃহীত কৰিছিল ?

উত্তৰ : ১৯১১ চনত ।

শুদ্ধ উত্তৰ বাছি উলিওৱা :

১। নিয়ন্ত্ৰণকাৰী আইন (Regulating Act) প্ৰণয়ন কৰা হৈছিল—

(ক) ১৮৯৪ চনত (খ) ১৭৯৩ চনত (গ) ১৯১৯ চনত (ঘ) ১৮০৫ চনত

উত্তৰ : (খ) ১৭৯৩ চনত ।

২। ভাৰতীয় লোকসেৱা আয়োগৰ পদবী লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী

কোন ?

(ক) বিষ্ণুৰাম মেধি

(খ) কৃষ্ণকান্ত সন্দিকৈ

(গ) আনন্দৰাম বৰুৱা

(ঘ) লক্ষ্মীনন্দন বৰা

উত্তৰ : (গ) আনন্দৰাম বৰুৱা

৩। ভাৰতত উডৰ শিক্ষা আঁচনি’ কোনে প্ৰৱৰ্তন কৰিছিল?

(ক) লর্ড কেনিঙ

(খ) লৰ্ড ৰিপণ

 (গ) লর্ড কর্ণৱালিছ

(ঘ) ওপৰৰ এটাও নহয় ৷

উত্তৰ : (ক) লৰ্ড কেনিঙ।

প্রশ্ন ৪। ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ সূচনা কোনে কৰিছিল ?

(ক) তান্তীয়া টৌপীয়ে

(খ) মংগল পাণ্ডেই

(গ) ভগত সিঙে

(ঘ) মণিৰাম দেৱানে

উত্তৰ : (খ) মংগল পাণ্ডেই।

খালী ঠাই পূৰ কৰাঃ-

১। দ্বৈত শাসন_____________চনত প্ৰৱৰ্তন হৈছিল ?

উত্তৰ : ১৭৬৫ চনত

২। মংগল পাণ্ডেৰ লগত_____________ ক প্রাণদণ্ড দিছিল।

উত্তৰ : ঈশ্বৰী পাণ্ডেক

৩। ভাইচৰয়____________এ স্বত্ববিলোপ নীতি পৰিহাৰ কৰিছিল।

উত্তৰ : ভাইচৰয় লৰ্ড কেনিঙে

৪। ভাৰতীয় লোকসেৱা পদ লাভ কৰা প্ৰথম ভাৰতীয়_________

উত্তৰ : সত্যেন্দ্ৰ নাথ ঠাকুৰ

৫। চনত পাব্লিক ছাৰ্ভিচ কমিছন________ গঠন হৈছিল।

উত্তৰ : ১৮৮৬ চনত

৬। মোগল সম্রাট ফাৰুখছিয়াৰৰ কঠিন ৰোগ __________ নিৰাময় কৰিছিল।

উত্তৰ : ডাঃ হেমিলটনে

৭। “ভাৰত চৰকাৰ আইন”__________ চনত প্রণয়ন হৈছিল

উত্তৰ : ১৮৮৫

SEBA Class 9 Social Science-ৰ প্ৰথম অধ্যায় “ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন” ভাৰতৰ বাণিজ্যিক, ৰাজনৈতিক, আৰু সামাজিক পৰিৱর্তনৰ প্ৰাথমিক পৰ্যায়ক বুজিবলৈ সহায় কৰে। এই অধ্যায়ত ইউৰোপীয়সকলৰ ভাৰতলৈ আগমন, তেওঁলোকৰ বাণিজ্যিক উদ্দেশ্য, আৰু ভাৰতত ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন স্থাপিত উপনিবেশসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *