CLASS 9 । SOLUTIN OF MOTION গতি । CHAPTER 8 । IN ASSAMESE MEDIUM। SEBA BOARD । SCIENCE । SANKARDEV BIDYA NIKET

প্ৰশ্নাৱলী – (পৃষ্ঠা নং ১০০)

1.বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে।ইয়াৰ সৰণ শূন্য’হব পাৰেনে? যদি পাৰে, তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া ।

উওৰঃ- হয়, বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে।ইয়াৰ সৰণ শূন্য’হব পাৰে । যদিহে ই পুনৰ প্ৰাৰম্ভিক অৱস্থানলৈ আহে অৰ্থাত ইয়াৰ প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থান একেই হব লাগিব ।

2. খেতিয়ক এজনে 10m বাহুৰ বৰ্গাকৃতি পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্রমণ সম্পূর্ণ কৰে। 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ সৰণৰ মান কিমান হ’ব?

3. সৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ?

(a) ই শূন্য হ’ব নোৱাৰে ।

উওৰঃ- অসত্য

(b) ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি।

উওৰঃ- অসত্য

প্ৰশ্নাৱলী – (পৃষ্ঠা নং ১০২)

1.দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখা?

উওৰঃ-

দ্ৰুতিবেগ
ভেক্টৰ ৰাশিস্কেলাৰ ৰাশি
বেগ শূন্য, ঋণাত্মক বা ধনাত্মক হ’ব পাৰে

 
গতি কেতিয়াও ঋণাত্মক বা শূন্য হ’ব নোৱাৰে

2. কি চৰ্ত বা কি কি চৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয়?

উওৰঃ- গড় বেগ আৰু গড় গতিৰ পৰিমাণ একে হ’ব যেতিয়া অতিক্ৰম কৰা মুঠ দূৰত্ব সৰণৰ সমান হ’ব অৰ্থাত বস্তুটো সৰল ৰেখাৰে গতি কৰিব লাগিব ।

3. মটৰগাড়ীৰ অড মিটাৰে (odometer) কি জোখে ?

উওৰঃ- মটৰগাড়ীৰ অডমিটাৰে অতিক্ৰম কৰা দূৰত্ব জোখে ।

4. সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা?

উওৰঃ- সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰলৰেখা হয় ।

5. পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্রীহিত হ’ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান হ’ব? সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে অৰ্থাৎ 3 x 108 m s’ দ্ৰুতিৰে গতি কৰে।

উওৰঃ- দিয়া আছে, সময় = 5 মিনিট = 5 × 60 sec = 300 sec

পোহৰৰ দ্ৰুতি = 3 x 108 m s-1

আমি জানো যে, v = s/t

3 ×108 = s/300

3 × 108 × 300 = s

9 × 108 ×102 = s

S = 9 × 1010 মিটাৰ

প্ৰশ্নাৱলী – (পৃষ্ঠা নং 103)

  1. তুমি কেতিয়া বস্তু এটাৰ (i) সুষম ত্বৰণ (ii) বিষম ত্বৰণ হোৱা বুলি ক’বা?

উওৰঃ- যদি বস্তু এটা সৰল ৰেখাৰে গতিশীল আৰু ইয়াৰ বেগ সমান সময়ৰ অন্তৰালত সমান সমান পৰিমাণে বাঢ়ে বা কমে, তেতিয়া বস্তুটোৰ ত্বৰণক সুষম বুলি কোৱা হয়।

যদি বস্তু এটা বেগ সমান সময়ৰ অন্তৰালত বেলেগ পৰিমাণে বাঢ়ে বা কমে, তেতিয়া বস্তুটোৰ ত্বৰণক সুষম বুলি কোৱা হয়।

2, বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80km h’ ৰ পৰা 60 km h1 লৈ হ্ৰাস পালে। বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা৷

উওৰঃ- দিয়া আছে, প্ৰাৰম্ভিক বেগ = 80km/hour = 80000m/3600s= 22.22 m/s

অন্তিম বেগ(v) = 60km/hour = 60000m/3600s= 16.66 m/s

সময় = 5 ছেকেণ্ড

ত্বৰণ =(v-u)/t

= (16.66 m/s – 22.22 m/s)/5s

= -1.112 m/s2

3.ৰে’লগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি 40 km /h লৈ বৃদ্ধি কৰিলে৷ ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা ।

উওৰঃ- প্ৰাৰম্ভিক বেগ (u) = 0

অন্তিম বেগ (v) = 40 km/h

v = 11.1111 m/s

সময় (t) = 10 মিনিট

t = 60 x 10

t = 600 s

ত্বৰণ (a) =?

আমি জানো যে,

v = u + at

11.11=0+a × 600

11,11=600 a

a = 11.11/600

a = 0.0185 ms-2

প্ৰশ্নাৱলী – (পৃষ্ঠা নং 107)

1.বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব- সময় লেখৰ প্ৰকৃতি কেনেকুৱা হয় ?

উওৰঃ- বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব- সময় লেখৰ প্ৰকৃতি ক্ৰমে সৰল ৰেখা আৰু বক্ৰৰেখা হয় ।

2. বস্তু এটাৰ দূৰত্ব-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা। বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা ?

উওৰঃ- যদি বস্তু এটাৰ দূৰত্ব-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা তেন্তে বস্তুটো ৰৈ আছে বুলি কোৱা হয় ।

3.বস্তু এটাৰ দ্ৰুতি-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা। বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা?

উওৰঃ- বস্তু এটাৰ দ্ৰুতি-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা হয় তেন্তে বস্তুটো সুষম গতিত থকা বুলি কোৱা হয় ।

4. বেগ-সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো কি ?

উওৰঃ- বেগ-সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো হল দূৰত্ব।

অনুশীলনী

Leave a Reply

Your email address will not be published. Required fields are marked *