Class 9।নৱম শ্ৰণীৰ। Social Science। Chapter 2। সমাজ বিঞ্জানৰ সমাধান । ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

Class 9 Social Science History Question and Answer Assam | Class 9 Social Science History Suggestion and Notes Assam | Class 9 Social Science History SEBA Question and Answer Assam | Class 9 Social Science History Download Book PDF Free | নৱম শ্ৰেণী সমজা বিজ্ঞান প্ৰশ্ন আৰু উত্তৰ ।Social S Class 9 SEBA Assamese Medium – নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ | সমাজ বিজ্ঞান Class 9 Question Answer |সমাজ বিজ্ঞান class 9 ইতিহাস | সমাজ বিজ্ঞান class 9 ভূগোল | সমাজ বিজ্ঞান class 9 ৰাজনীতি আৰু অৰ্থনীতি | Class 9 Social Science Notes | Class 9 Social Science Question Answer Assamese Medium As per SEBA Syllabus।

 

অতি চমু /চমু উত্তৰৰ প্ৰশ্ন

প্ৰশ্ন:- ) ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা

উত্তৰঃ- প্ৰথম (প্ৰধান) কাৰকটো হ’ল – পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ । ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত ।

প্ৰশ্ন:- ) আনন্দমঠ কোনে লিখিছিল?

উত্তৰঃ- বঙ্কিম চট্টোপাধ্যায়ে লিখিছিল ।

প্ৰশ্ন:-  ) ‘স্যাৰে জাহাছে আচ্ছা …………’ গীতৰ গীতিকাৰ কোন?

উত্তৰঃ- গীতিকাৰ হ’ল – চাৰ মহম্মদ ইকবল ।

প্ৰশ্ন:- ) ভাৰতত পোন প্ৰথম ৰেল যাতায়ত কেতিয়া  সূচনা হৈছিল?

উত্তৰঃ:- ১৮৫৩ খ্ৰীষ্টাব্দত , বোম্বাই আৰু থানেৰ মাজত সূচনা হৈছিল ।

প্ৰশ্ন:-) ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া  সূচনা হৈছিল?

উত্তৰঃ- ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থাৰ সূচনা হৈছিল কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত ১৮৩৯ খ্ৰীষ্টাব্দত

প্ৰশ্ন :- ৬) ভাৰতত পোন প্ৰথম ছপাশাল কেতিয়া ক‘ত স্থাপন হৈছিল?

উত্তৰঃ- ১৭৯৭ খ্ৰীষ্টাব্দত , শ্ৰীৰামপুৰত স্থাপন হৈছিল ।

প্ৰশ্ন:- ) কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে কি নামেৰে  প্ৰতিষ্ঠা হৈছিল?

 উত্তৰঃ:-  হিন্দু কলেজ নামেৰে , কলকাতাত প্ৰতিষ্ঠা হৈছিল।

প্রশ্ন:- ) লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংষ্কাৰৰ বিষয়ে লিখা।

উত্তৰঃ-       (১) স্ত্ৰী  শিক্ষা বিস্তাৰৰ বাবে গুৰুত্ত্বপূৰ্ণ  ভূমিকা লৈছিল ।

                    (2) সতীদাহ প্ৰথাৰ আইনী প্ৰক্ৰিয়াৰে নিবাৰণ কৰিবলৈ অশেষ চেষ্টা  কৰিছিল ।

প্ৰশ্ন:- ) ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্রথমখন বাতৰি কাকত কি ?

উত্তৰঃ- বেংগল গেজেট ।

চমু /দীঘল উত্তৰৰ প্ৰশ্নঃ

১। চিপাহী বিদ্রোহে কেনেকৈ জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা।

উত্তৰঃ    সম্রাট ঔৰংজেৱৰ মৃত্যুৰ পিছত মাগেল সাম্ৰাজ্যত দেখা দিয়া বিশৃংখলতাৰ সুযাগেবুজি ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ক্ৰমান্বয়ে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল।ব্যৱসায়ৰ কাৰণে ৰাজনৈতিক ক্ষমতা আহৰণ কৰাৰ প্ৰয়াজেন হাৱৈাত ইষ্ট ইণ্ডিয়া কোম্পানিৰ বিষয়া বাৰ্ট ক্লাইৱে বংগৰনবাব চিৰাজুদ্দৌলাক পলাচী যুদ্ধত পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ পাতনি মেলিছিল। পলাচী যুদ্ধৰ এশ বছৰৰ পিছত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতবৰ্ষত এটা।প্রচণ্ড বিদ্ৰোহৰ সুত্ৰপাত হৈছিল। এই বিদ্ৰোহটোৱেইহ’ল ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্রোহ। ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ আছিল একপ্ৰকাৰ ৰাজনৈতিক মুক্তি আন্দোলন কাৰণ চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্রোহীসকলে ইংৰাজ শাসন ওফৰাই দেশখনৰ পুনৰ মাগেল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল। বিদ্ৰোহৰ উদ্দেশ্যপূৰণ হাৱো নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰপ্ৰসাৰী। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপৰ ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল। ইংৰাজ প্ৰশাসনে ভাৰতীয়ক পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ লগত পৰিচয় কৰাৱোত ভাৰতীয়ৰ দৃষ্টিভংগীৰ পৰিবৰ্তন হৈছিল। তেওঁলাকেৰ মনত নতুন চেতনাৰ উন্মেষ ঘটিছিল। যুক্তিৰ মাজেৰে সকলো কথা বিবেচনা কৰাৰ প্ৰতি তেওঁলাকেৰ ধাউতি বাঢ়িছিল। শোষণ, অন্যায় আদিৰ দিশ বিলাক বিচাৰ কৰিবলৈ তেওঁলোকে সক্ষমতা লাভ কৰাৰ লগতে সমাজ, জাতি তথা মাতৃভূমিৰ প্ৰতি দায়বদ্ধতা ভাব জগাই তুলিছিল। এই নৱচেতনাকে নৱ জাগৰণ বা জাতীয়তাবাদৰ উন্মেষণ বুলি আখ্যা দিয়া হয়। ষষ্ঠদশ শতিকাৰ ইউৰাপেৰ নৱজাগৰণে যেনেকৈ নতুন ইউৰাপেৰ জন্ম দিছিল ঠিক একেদৰে উনবিংশ শতিকাৰ নৱজাগৰণে এখন নতুন ভাৰত সৃষ্টি কৰিছিল ।

() নিয়ন্ত্ৰণ সভাৰ প্ৰথম সভাপতি কোন আছিল? ভাৰতবৰ্ষৰ আধুনিক শিক্ষাৰ বিস্তাৰত কোনে প্ৰথম সুসংহদ আঁচনি নিৰ্ধাৰণ কৰিছিল?

উত্তৰঃ- চালৰ্চ উড নিয়ন্ত্ৰণ সভাৰ প্ৰথম সভাপতি আছিল । ১৮৫৪ খ্ৰীষ্টাব্দত চালৰ্চ উডৰ (নিয়ন্ত্ৰণৰ সভাৰ সভাপ্ৰতিৰ ) প্ৰচেষ্টাত ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ আৰম্ভ হৈছিল । তেওঁ কোম্পানীৰ চাৰকাৰলৈ শিক্ষাৰ বিস্তাৰৰ বাবে প্ৰেৰণ কৰা এই পত্ৰখনকে ‘উদৰ প্ৰেৰণ’ পত্ৰ বোলা হয় ।এই পত্ৰখনৰ মূল উদ্দেশ্য হ’ল- প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰা । দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰধানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰা । মেধাবী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠান চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি লৈছিল। ইয়াৰ উপৰি প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল ।

৩। উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি কি আছিল লিখা।

উত্তৰঃ “উদৰ প্ৰেৰণ পত্ৰ’ৰ মূল উদ্দেশ্যসমূহ হ’ল-

(ক) প্রাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্য্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰা ।

(খ) নিম্ন পর্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্রদান নির্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল।

(গ) মেধাবী ছাত্রক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ

সংখ্যা বৃদ্ধি কৰা।

(ঘ) প্ৰতিখন প্রদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ দিয়া।

৪। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লাৱো ৬ টা কাৰকৰ বিষয়ে লিখা ।

উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তালোত মুখ্য

ভূমিকা লাৱো ৬ টা কাৰক হ’ল—

(ক) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তালোত পাশ্চাত্য শিক্ষাৰ যথেষ্ট প্ৰভাৱ পৰিছিল। কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্ৰথম জাতীয় চেতনাৰ বিকাশ ঘটিছিল। ঈশ্বৰচন্দ্ৰ গুপ্তই পানে প্ৰথমে স্বদেশপ্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম

জগাই তুলিছিল।

(খ) কোম্পানিৰ শাসন আৰম্ভ হাৱোৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। ১৮৩৯ খ্ৰীত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্রাংক ৰাড়ে নিৰ্মাণ কৰি ব্ৰিটিছসকলে ভাৰতত স্থলপথৰ আমূল পৰিৱৰ্তন সাধন কৰিছিল। ১৮৮৩ খ্ৰীত

অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰে’লযাগোযাগেৰ আৰম্ভণি হয়। এনে যাগোযাগে উন্নতিয়েই ভাৰতীয়সকলৰ মনত জাতীয়তাবাদী ভাবধাৰাৰ উন্মেষণ ঘটাইছিল।

(গ) বংগদেশৰ প্ৰখ্যাত মনিষী ৰাজা ৰামমাহেন ৰায়ে ভাৰতত নৱজাগৰণ ভাব গঢ়ি তুলিছিল। লর্ড উইলিয়াম বেন্টিংকৰ সংস্কাৰকামী উদ্যোগৰ সহায়ত ৰাজা ৰামমাহেন রায়ে ভাৰতত ভালেমান কুসংস্কাৰৰ অৱসান ঘটাইছিল। এওঁৱেই আছিল আধুনিক ভাৰতৰ জন্মদাতা।

(ঘ) ৰামকৃষ্ণ মিছন, আর্যসমাজ, প্রার্থনা সমাজ আদি সংস্থা সমূহে ভাৰতত জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লৈছিল। প্রার্থনা সমাজে সংস্কামুখী আন্দোলনৰ সৃষ্টি কৰিছিল। আনহাতে মিছন প্ৰতিষ্ঠাৰ দ্বাৰা স্বামী বিবেকানন্দই ভাৰতীয়ৰ মনত স্বদেশপ্রেম, আত্মবিশ্বাস আৰু আধ্যাত্মিকতাৰ ভাবৰ বিকাশ ঘটাইছিল।

(ঙ) ১৮৮৫ খ্ৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ লগে লগে ভাৰতীয়। জাতীয়তাবাদে এক বাস্তৱ ৰূপ পৰিগ্ৰহন কৰিছিল।

(চ) ভাৰতায় জাতায় জাগৰণ গাঢ় তালোত বাতাৰ কাকতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আঞ্চলিক ভাষাৰ সংবাদ-পত্ৰই ভাৰতৰ নৱজাগৰণ তথা জাতীয়তাবাদ

গঢ়ি তোলাত বিশেষ অৰিহণা জগাইছিল। দেশীয় ভাষাৰ কাকতসমূহে সাম্রাজ্যবাদী শাসকৰ কাম-কাজবাৰেৰ ওপৰত কটুৰ সমালাচেনা কৰি ভাৰতীয়ৰ মনত ইংৰাজৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল।

৫। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে লিখা

উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তালোত পাশ্চাত্য শিক্ষাৰ ৪ টা প্ৰভাৱ হ’ল—

(ক) ১৮৫৪ খ্ৰী:ত চালচ উডৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হল। উডে তেওঁৰ প্ৰেৰণ পত্ৰত প্রাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নিৰ্ধাৰণ কৰি নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল।

(খ) পাশ্চাত্য শিক্ষাই বংগবাসীক পানে প্রথমে আলোড়িত কৰিছিল। কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰাটো বংগবাসীৰ গৌৰৱৰ বিষয় হৈ পৰিছিল।

তেওঁলোকক পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈছিল। ছোভল্টেয়া, বার্ক, মেকলে আদি বিখ্যাত ব্যক্তিৰ ৰচনা পঢ়ি তেওঁলেকে মনলৈ সন্তুষ্টিৰ ভাব জগাই তুলিছিল। তেওঁলাকেৰ মনত একতাৰ ভাব গঢ়ি উঠিছিল।

(গ) কলিকতাত গঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্রথম জাতীয় চেতনা বিকাশ ঘটিছিল। ইশ্বৰচন্দ্ৰ গুপ্তই পোন প্রথমে স্বদেশপ্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম জগাই তুলিছিল। আনন্দ মঠ উপন্যাসৰ ৰচয়িতা বংকিমচন্দ্র চট্টোপধ্যায়ে ‘বন্দেমাতৰম’ গীতেৰে মাতৃভূমিক বচোৱাৰ আহ্বান জনাইছিল। কবি ইকবালে ‘স্যাৰে জাহাছে আচ্ছা, হিন্দু-চাতা-হামাৰা আদি গীতেৰে জাতীয়তাবাদৰ স্পৃহা জাগ্ৰত কৰিছিল।

(ঘ) উনবিংশ শতিকাৰ প্ৰথমাৰ্ধত ইংৰাজ মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয়। প্ৰথমে বংগদেশত আৰু পিছলৈ ভাৰতৰ আন আন ঠাইসমূহত আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিভিন্ন অনুষ্ঠান গঢ়ি

উঠে। একে সময়তে ব্ৰিটিছ চৰকাৰেও আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছিল। ১৮৩৫

খ্ৰীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল পৰিষদ আইনৰ সদস্য তথা শিক্ষা সমিতিৰ সভাপতি লর্ড মেকলেই ইংৰাজী ভাষাৰ মাধ্যমেৰে পশ্চিমীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ পৰামৰ্শ আগ বঢ়াইছিল। এই পৰামৰ্শৰ ভিত্তিত ১৮৪৪ খ্ৰীষ্টাব্দৰ পৰা কোম্পানি চৰকাৰে আধুনিক শিক্ষা প্ৰবৰ্তনৰ যো – জা চলাইছিল।

৬। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তালেত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা।

উত্তৰঃ কোম্পানিৰ শাসন আৰম্ভ হাৱোৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। ভাৰতবৰ্ষৰ কেঁচা সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইংলেণ্ডত প্ৰস্তুত কৰা শিল্পজাত সামগ্ৰী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষৰ যাতায়াত ব্যৱস্থা উন্নত কৰা হৈছিল। ১৮৩৯ খ্ৰী.ত কলিকতাৰ পৰা দিল্লীলৈ গ্লেণ্ড ট্রাংক ৰাডে নিৰ্মাণ কৰিছিল। দুটা বছৰৰভিতৰতে এই পথছাৱোৰ নিৰ্মাণ সম্পূৰ্ণ হাৱোৰ লগে লগে ভাৰতৰ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হয়। লর্ড ডেলহাউচিৰ কাৰ্যকালত এই পথটো পেচোৱাৰলৈকে সম্প্ৰসাৰিত হৈছিল। ১৮৩২ খ্ৰীত ইংলেণ্ডৰ আৰ্হিত ভাৰতবৰ্ষতো ভাপ কলেৰে ৰেল যাগোযাগে আৰম্ভ কৰাৰ প্ৰস্তাৱ লাৱো হৈছিল। ১৮৫৩ খ্ৰী,ত বাম্বোই আৰু থানেৰ মাজত ২১ কি.মি. পথত ৰেল চলাচলেৰে ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয়। ১৮৫৪ খ্ৰীত মাদ্ৰাজত ৰেলপথ নিৰ্মাণ কৰে। ১৮৮৩ খ্ৰী. অসমতে শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যাগোযোগে আৰম্ভ হয়। অসমত চাহপাত উৎপন্ন আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এই ৰেলপথটো নিৰ্মাণ কৰা হয়। ৰেলপথৰ উপৰি দেশৰ মটৰ-গাড়ী চলাচল কৰিবৰ বাবে’লর্ড ডেলহাউচিয়ে ৰাস্তা- ঘাটৰে নিৰ্মাণ কৰিছিল।  ১৮৫৪ চনত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ অধীনত কেন্দ্ৰীয় গড়কাপ্তানী বিভাগ এটা খুলিছিল। এই বিভাগটোৱে ৰাস্তা, দলং আৰু খাল আদি নিৰ্মাণ কৰি যাতায়াত, পৰিবহণ আৰু যাগোযাগে ব্যৱস্থাৰ উন্নতি সাধন কৰিছিল। ১৮৩৯ খ্ৰী:ত কলিকতা আৰু ডায়মণ্ড হাবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথম টেলিগ্রাফ লাইনৰ ব্যৱস্থা প্রবর্তন হয়। লর্ড ডেলহাউচিয়ে ১৮৫১ খ্ৰীত টেলিগ্রাফ ব্যৱস্থাটো চৰকাৰী নিয়ন্ত্ৰণলৈ আনি কলিকতা আৰু আগ্ৰাৰ মাজত টেলিগ্রাফ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাইছিল। আধুনিক যাগোযাগে ব্যৱস্থাই শিক্ষিত ভাৰতীয়ৰ মনৰ দিগন্ত প্ৰসাৰ কৰিছিল।

৭৷ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তালোত ৰাজা ৰামমাহেন ৰায়ৰ অৱদানৰ বিষয়ে লিখা ।

উত্তৰঃ ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তিৰ নাম হৈছে ৰাজা ৰামমাহেন ৰায়। বংগদেশৰ বৰ্ধমান জিলাৰ এটা ৰক্ষণশীল পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে ধৰ্ম, সমাজ সংস্কাৰ, শিক্ষা বিস্তাৰ, ৰাজনীতি আদি সকলো দিশতে নৱজাগৰণৰ ভাব কঢ়িয়াই অনাৰ লগতে আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা পালন কৰিছিল। প্ৰাচীন ভাৰতীয় সংস্কৃতি, ইছলাম ধৰ্মীয় সংস্কৃতি আৰু পাশ্চাত্য (ইউৰোপীয়) এই তিনিওটা সভ্যতাৰ লগত চিনাকি হাৱোৰ যাগ্যেতা আহৰণ কৰি ভাৰতবৰ্ষত নৱযুগৰ সূচনা কৰিছিল। হিন্দু ধৰ্মক সজীৱ আৰু নিকা ৰূপ দিয়াৰ উদ্দেশ্যে তেওঁ প্ৰাচীন ধর্মীয় গ্রন্থসমূহ গভীৰভাৱে অধ্যয়ন কৰিছিল।  ভাৰতীয় প্ৰাচীন উপনিষদসমূহ মাতৃভাষালৈ অনুবাদ কৰি হিন্দু ধৰ্মৰ সহজ-সৰল বিশ্লেষণ জনসাধাৰণৰ মাজত দাঙি ধৰিছিল। এই কামৰ যোগেদি তেওঁ বঙলা ভাষা- সাহিত্যৰ উন্নতি সাধন কৰাৰ লগতে গাড়ো-ৰক্ষণশীল হিন্দু পুৰািেহত শ্ৰেণীয়ে ধৰ্মৰ নামত চলাই অহা কু- সংস্কাৰবিলাক প্ৰকাশ কৰি জনমানসত প্ৰবল আলাড়েন সৃষ্টি কৰিছিল। হিন্দু ধৰ্মৰ মূল গ্রন্থ বেদ আৰু উপনিষদৰ ওপৰত গভীৰ বিশ্লেষণ আগবঢ়াই তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে প্রাচীন হিন্দুসকলেও একেশ্বৰবাদ বিশ্বাস কৰিছিল। তেওঁ বহু দেৱ-দেৱীৰ পূজা অপ্রয়াজেন বুলি কোৱাৰ লগতে মূর্তিপূজাৰ অসাৰতাৰ বিষয়ে হিন্দু সমাজক বুজাইছিল। ৰামমাহেন ৰায়ৰ মতে ঈশ্বৰ এজন আৰু ঈশ্বৰৰ কোনো ৰূপ বা আকাৰ নাই। ঈশ্বৰ পূজাৰ নামত আড়ম্বৰতা অর্থহীন। ৰাজা ৰামমাহেন ৰায় এজন বহুমুখী প্রতিভাসম্পন্ন ব্যক্তি আছিল। হিন্দু ধৰ্মৰ সংস্কাৰৰ মাজে মাজে তেওঁ সমাজ সংস্কাৰ আৰু শিক্ষা বিস্তাৰতো সমানেই গুৰুত্ব দিছিল। তেওঁ বাল্য বিবাহ, পর্দা প্রথা, বহু বিবাহ আদিৰ তীব্ৰ বিৰোধতা কৰিছিল। বিধৱা বিবাহ আৰু অসবর্ণ বিবাহক সামাজিকভাৱে স্বীকৃতি দিয়াইছিল। ভাৰতবৰ্ষত প্ৰচলিত সতীদাহ প্রথা সম্পূর্ণ বন্ধ কৰাৰ ক্ষেত্ৰত ৰায়ৰ বলিষ্ঠ ভূমিকা সামাজিক বুৰঞ্জীৰ এটা উল্লেখযাগ্যে ঘটনা। একমাত্র ৰায়ৰ সহযাগেতেই গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেন্টিংকে এই কু-প্রথা সমূহ আইনী প্রক্রিয়াৰে অন্ত পেলাবলৈ সক্ষম হৈছিল। ৰায়ে ভাৰতবৰ্ষত উদাৰনৈতিক শাসন প্ৰৱৰ্তনৰ কাৰণে কোম্পানিৰ চৰকাৰক আহ্বান জনাইছিল। কটকটীয়া শাসনৰ অৱসান ঘটাবলৈ তেওঁ কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণ বিচৰাৰ লগতে দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰক আবেদন জনাইছিল। বৰ্ধিত ভূমি কৰ উঠাই দি খেতিয়কৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ আহ্বান জনাইছিল। ১৮৩৩ খ্ৰীষ্টাব্দত তেওঁ ব্ৰিটিছ হাউছ অব কমন্সত বাছনি কমিটীৰ সভাত ভাৰতীয়ৰ হকে সাক্ষ্য দিবলৈ লণ্ডনত উপস্থিত হৈছিল। তেওঁ ভাৰতীয়ৰ বাবে নতুন চনদ বিচাৰিছিল আৰু ভাৰতীয় নেতাৰ লগত আলাচেনা কৰি চনদ ৰূপায়ণৰ পৰামৰ্শ আগবঢ়াইছিল। ৰায়ে এচাম প্ৰতিভাশালী জাতীয় নেতাক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল। তেওঁলাকেৰ ভিতৰত দ্বাৰকানাথ ঠাকুৰ, প্ৰসন্ন কুমাৰ ঠাকুৰ, হেনৰি ভিভিয়ান ডেৰজিয় আদি। ৰাজা ৰামমাহেন ৰায় আছিল আধুনিক ভাৰতৰ জন্মদাতা। আধুনিকতাৰ পৰশ তেওঁ সকলো ক্ষেত্ৰলৈ সমানে ছটিয়াই দিব পাৰিছিল ।

৮| ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদান লেখত লবলগীয়া। সংস্কৃত ভাষাৰ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে পঞ্জাৱত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। আর্য সমাজেও এক ঈশ্বৰক বিশ্বাস কৰি দেৱ-দেৱীৰ উপাসনা আৰু মূৰ্তি পূজাৰ অসাৰতা জনগণৰ মাজত প্ৰচাৰ কৰিছিল। আর্য সমাজে ধর্মীয় উপাসনাৰ নামত বাহ্যিকতাক সমৰ্থন কৰা নাছিল। আৰ্য সমাজে হিন্দু সমাজৰ বাল্য বিবাহ, জাতি-ভেদ, বহু বিবাহক সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰিছিল। বিধবা বিবাহ, স্ত্রী-শিক্ষা বিস্তাৰৰ বাবে আর্য সমাজে আগভাগ লৈছিল। স্বামী দয়ানন্দৰ মতে বেদত যি ধৰ্ম আছে সেয়াই ধৰ্ম। বেদলৈ উভতি যাবা এই বাণী তেওঁ প্ৰচাৰ কৰিছিল। আৰ্য সমাজে ধৰ্মান্তৰকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ইয়াক ‘শুদ্ধি’ বুলি জনা যায়। হিন্দু ধর্মত আগতে অহিন্দু লাকেক হিন্দু ধৰ্মত দীক্ষা দিয়াৰ কোনা েপ্রথা বা নিয়ম নাছিল। স্বামী দয়ানন্দই প্রথম ধৰ্মান্তৰকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধৰ্মীয় লাকেক ইচ্ছা অনুসাৰে হিন্দু ধৰ্ম গ্ৰহণত অনুমতি প্ৰদান কৰিছিল। ইছলাম আৰু খ্ৰষ্টান ধৰ্মৰ অগ্ৰগতি ৰাধে কৰি এখন প্রগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে অগ্রণী ভূমিকা লৈছিল স্বামী দয়ানন্দ সৰস্বতীয়ে। তেওঁ আর্য সমাজৰ শাখা ভাৰতৰ বিভিন্ন ঠাইত স্থাপন কৰি ভাৰতত হিন্দু জাতীয়তাবাদ গঢ়ি তুলিছিল।

৯ | ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তালোত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা ।

 উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তালোত কেশৱ চন্দ্ৰ সেনৰ অৱদান উল্লেখনীয়। কেশৱ চন্দ্ৰ সেনে ব্রাহ্ম সমাজৰ আহিত মহাৰাষ্ট্ৰত ১৮৬৭ খ্ৰীষ্টাব্দত প্ৰাৰ্থনা সমাজ প্রতিষ্ঠাৰে সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল। প্রার্থনা সমাজে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল। সমগ্র দক্ষিণ ভাৰতত এই অনুষ্ঠানে সংস্কাৰমুখী এটা প্রবল আলাড়েন সৃষ্টি কৰিব পাৰিছিল। প্ৰাৰ্থনা সমাজৰ মুল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰাণাডে। ৰাণাডেৰ একান্ত চেষ্টাত ‘বিধৱা বিবাহ সংস্থা আৰু ‘দাক্ষিণাত্য শিক্ষা সমাজ’ নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ়ি উঠিছিল। প্ৰথমটো অনুষ্ঠানৰ যোগেদি  বিধৱা বিবাহৰ প্ৰতি উৎসাহ যাগোৱোৰ লগতে অনাদৃত বিধৱাসকলৰ আৰ্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্প অনুষ্ঠান গঠন কৰিছিল।

দ্বিতীয়তে, দাক্ষিণাত্য শিক্ষা সমাজে অনাথ শিশুক শিক্ষাদান কৰাৰ লগতে তেওঁলাকেৰ লালন-পালনৰ কাৰণে বিভিন্ন ঠাইত আশ্ৰম স্থাপন কৰিছিল। নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰিছিল। প্ৰাৰ্থনা সমাজৰ সংস্কাৰ আন্দোলনে সমগ্র দক্ষিণ ভাৰতৰ জনতাৰ অন্তৰত জাতীয়তাবাদী ভাবধাৰাৰ গভীৰ প্ৰেৰণা সঞ্চাৰ কৰিছিল।

১০। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তালোত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ ৰামকৃষ্ণ পৰমহংস মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছ গঢ়ি উঠিছিল। ৰামকৃষ্ণ পৰমহংস এগৰাকী সহজ-সৰল ব্যক্তি আছিল। অতি সুন্দৰ উপমাৰে তেওঁ ধৰ্মৰ বিশ্লেষণ আগবঢ়াই অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল। ৰামকৃষ্ণ মিছৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। কলিকতা বিশ্ববিদ্যালয়ৰ কৃতী ছাত্ৰ বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্রহণ কৰিছিল৷ গুৰুৰ মৃত্যুৰ পিছত তেওঁ ১৮৮৭ খ্ৰীত এটা মঠ প্রতিষ্ঠা কৰিছিল। স্বামী বিবেকানন্দই হিন্দু ধৰ্ম প্ৰকৃত সত্য দেশে-বিদেশে বিস্তাৰ কৰিছিল। তেওঁৰ ধৰ্ম সাধনাৰ বিশেষত্ব আছিল—

(ক) ভাৰতীয়ৰ মনত স্বদেশপ্রেম সঞ্চাৰ কৰা,

(খ) ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তালো আৰু

(গ) ভাৰতীয়ৰ মনত আধ্যাত্মিকতা ভাবৰ বিকাশ ঘটোৱা।

স্বামী বিবেকানন্দই ভাৰতীয়ৰ মাজত ঐক্য-সম্প্রীতি ভাব গঢ়ি তুলিব বিচাৰিছিল। তেওঁৰ উদ্দেশ্য আছিল বিশ্ব দৰবাৰত এটা শক্তিশালী ভাৰতীয় জাতি গঢ়ি  তালো।

১১| ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেছান্টৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ ১৮৭৫ খ্ৰী.ত আমেৰিকাৰ নিউয়র্ক চহৰত এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান প্রতিষ্ঠা কৰা হয় ৷ এই অনুষ্ঠানটোৰ নাম ‘ থিয়’ছফিকেল ছ’চাইটি”। এই অনুষ্ঠানটোৰ শাখা কার্যালয় ১৮৮৫ খ্ৰী,ত মাদ্রাজ মুকলি কৰা হয়। মাদ্ৰাজক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত থিয় ছফিকেল ছ’চাইটিক জনপ্ৰিয় কৰি তালোৰ মূলতে আছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেছান্টৰ বিশেষ ভূমিকা। থিয় ছফিকেল ছচাইটিৰ সদস্য এনি বেছান্টে ১৮৯৩ খ্ৰীত এই ছ’চাইটিৰ কামত মাদ্ৰাজত উপস্থিত হৈছিল। এনিবেছান্টে সমাজ সেৱাৰ মাজেৰে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ ওপৰত মনোনিবেশ কৰিছিল। ভাৰতীয় আধ্যাত্মিকতাক প্রাধান্য দি তেওঁ কেইবাখনো আদর্শ শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰিছিল। ১৮৯৮ খ্ৰীত বাৰাণসীত এনি বেছান্টে প্রতিষ্ঠা কৰা ‘চেস্ট্রেল হিন্দু স্কুল’ খনেই ১৯১৬ খ্ৰী.ত মদন মাহেন মালব্যৰ পৃষ্ঠপোষকতাত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয়। মিছেছ এনিবেছান্টে ভাৰতবৰ্ষক মাতৃভূমি হিচাপে আঁকোৱালি লৈছিল। তেওঁ কৰ্মস্পৃহা আৰু চিন্তাৰ বিশালতাই ভাৰতীয়ক অনুপ্ৰেৰণা যোগাইছিল। ১৯১৬ খ্ৰীত বেছান্টে ‘হামেৰুল লীগ প্ৰতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্ব-শাসনৰ প্ৰয়াজেনীয়তা প্ৰচাৰ কৰিছিল। এনেকৈয়ে এনি বেছান্টে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তালোত যথেষ্ট সহায় কৰিছিল ।

১২।বাতৰিকাকত জন্মই ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল বৰ্ণনা কৰা 

উত্তৰঃ- ইংৰাজী ভাষাৰ মাধ্যমত প্ৰকাশিত  বাতৰি কাকতৰ যোগেদি ভাৰতবৰ্ষত সংবাদ-পত্ৰ ইতিহাসত যেমছ আগষ্টাচ হিকিৰ দ্বাৰা প্ৰথমখন ইংৰাজী ভাষাত সংবাদ-পত্ৰ ‘বেংগল গেজেট’ (১৭৮০ খ্ৰীষ্টাব্দ ) প্ৰকাশ হোৱাৰ পৰা তিনিটা দশক জুৰি ইংৰাজসকলৰ দ্বাৰা প্ৰকাশিত ইংৰাজী ভাষাৰ সংবাদ-পত্ৰই প্ৰাধান্য লাভ কৰিছিল ।আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয়ই সংবাদ-পত্ৰৰ গুৰুত্ব উপলব্ধি কৰাৰ ফলস্বৰূপে ঊনবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহু কেইখন কাকত প্ৰকাশ পাইছিল। আঞ্চলিক ভাষাত প্ৰকাশিত সংবাদ-পত্ৰৰ জনপ্ৰিয়তা দ্ৰুতগতিৰে প্ৰকাশিত হোৱাৰ পটভূমিত সংবাদ-পত্ৰৰ স্বাধীনতা আৰু সমাজত গঢ়ি উঠা ইয়াৰ ভূমিকা সম্বন্ধে ইংৰাজ শাসকবৰ্গকো সজাগ কৰিছিল । আঞ্চলিক ভাষাৰ সংবাদ-পত্ৰই ভাৰতৰ নৱজাগৰন তথা জাতীয়তাবাদ গঢ়ি তোলাত বিশেষ অৰিহণা যোগাইছিল ।  ফলস্বৰূপে চৰকাৰে আঞ্চলিক ভাষাৰ সংবাদ-পত্ৰৰ ওপৰত নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল । ২৭৯৯ খ্ৰীষ্টাব্দত ‘ প্ৰেছ ৰেগুলেচন ‘ প্ৰয়োগৰ যোগেদি লৰ্ড বৰলেছ্লিয়ে ভাৰতীয় বাতটি কাকতৰ ওপৰত বাধা-নিষেধ প্ৰয়োগ কৰি বাতৰি কাকতৰ স্বাধীনতা হৰণ কৰিছিল । ১৮১৭ খ্ৰীষ্টাব্দত লৰ্ড হেংষ্টিছে ভাৰতীয় সংবাদ-পত্ৰৰ ওপৰত বাধা – নিষেধ কিছু পৰিমানে উঠাই লয় । আকৌ ১৮২৩ খ্ৰীষ্টাব্দত ভাৰতৰ অস্থায়ী গৱৰ্ণৰ জেনেৰেল ছাৰ জন আদামে পুনৰ ভাৰতীয় ভাষাৰ কাকতৰ ওপৰত বাধা নিষেধ আৰোপ কৰিছিল ।  দেশীয় ভাষাৰ কাকতসমূহে সাম্ৰাজ্যবাদী শাসনৰ কাম-কাজবোৰৰ ওপৰত কটু সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জমন গঢ়াত সহায় কৰিছিল । ঊনবিংশ শতিকাৰ দ্বিতীয় ভাগত বংগদেশত বহুল প্ৰচাৰিত কাকত ‘ বংগ দৰ্শন ‘ , ‘ সঞ্জীৱনী ‘ , ‘ আৰ্য দৰ্শন ‘ , ‘ অমৃত বজাৰ পত্ৰিকা ‘ আদি কাকতে ভাৰতীয়ৰ মাজত জাতীয় সত্তা বিকাশত গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল । এই কাকতসমূহে ইংৰাজ শাখানে ভাৰতীয়ক শোষণ কৰি অহাৰ স্বৰূপটো উদঙাই দিছিল । শিক্ষিত সমাজখনত গঢ়ি উঠা , আত্মসচেতনতাই ব্ৰিটিছ শাসকসকলক চিন্তিত কৰি তুলিছিল । ১৮৭৬ চনত ইংৰাজ চৰকাৰে জাৰি কৰা প্ৰেছ আইনে ভাৰতীয়সকলক ক্ষুদ্ধ কৰি তুলিছিল আৰু আত্ম মৰ্যাদাৰ ক্ষেত্ৰত অধিক স্বচেতন কৰিছিল ।

১৩। বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উন্মেষ ঘটাইছিল বৰ্ণনা কৰা ।

উত্তৰঃ ভাৰতত বাতৰি কাকতৰ পৰম্পৰাৰ ইতিহাস আৰম্ভ হয় জেমচ আগষ্টাছ হিকি নামৰ এজন ইংৰাজ লাকেৰ দ্বাৰা। তেওঁ পানে প্রথমতে ১৭৮০ চনত কলিকতাত বেংগল গেজেট নামৰ এখন বাতৰি কাকত প্ৰকাশ কৰে। এই কাকতখন ইংৰাজী ভাষাত প্ৰকাশ পাইছিল। ইয়াৰ পিছত তিনিটা দহক জুৰি ভাৰতত ইংৰাজী ভাষাৰ বাতৰি কাকতে প্রাধান্য বিস্তাৰ কৰি থাকে যদিও লাহে লাহে ভাৰতীয় ভাষাতাণ্ডে বাতৰি কাকত প্ৰকাশ হ’বলৈ ধৰে। বাতৰি কাকতসমূহে ভাৰতীয়সকলৰ মাজত জাতীয় ভাৱধাৰাৰ উন্মেষ ঘটোৱাৰ লগতে স্বদেশী চিন্তা চর্চা, স্বাধীনতাৰ শ্লোগান, জাতীয় চিন্তা, স্বদেশী কলা-সংস্কৃতিৰ প্ৰতি ভাৰতীয়সকলৰ মাজত এক জাগৰণ আনিবলৈ সক্ষম হয়। স্বদেশী বাতৰি কাকতসমূহৰ প্ৰভাৱ জনসাধাৰণৰ মাজত ইমানেই প্ৰৱল আছিল যে ইংৰাজ চৰকাৰ শংকিত হৈ বাতৰি কাকতৰ ওপৰত নিষেধাজ্ঞা বা নিয়ন্ত্ৰণ আৰাপে কৰিবলৈ লয়। দেশীয় বাতৰি কাকতসমূহে ইংৰাজসকলৰ সাম্ৰাজ্যবাদী কাম-কাজবাৰে কটু আৰু চোকা ভাষাৰে সমালাচেনা কৰিবলৈ লয়। ফলত জনসাধাৰণ ইংৰাজসকলৰ শাসনৰ বিৰুদ্ধে মুখৰিত হৈ উঠে। বিশেষকৈ বঙালী আৰু উৰ্দু বাতৰি কাকত যেনেঃ বংগ দর্শন, আর্য দর্শন, সঞ্জীৱনী, অমৃত বাজাৰ পত্ৰিকা, আল হিলাল আদিকাকতসমূহে দেশবাসীক জাতীয় ভাৱধাৰাৰ লগতে সৰ্বভাৰতীয় অনুষ্ঠানৰ জন্ম দিয়ে আৰু ইয়াৰ নাম ৰাখে ভাৰতীয় জাতীয় কংগ্ৰেছ। এনেদৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয়। পিছলৈ এই ভাৰতীয় জাতীয় কংগ্ৰেছেই ভাৰতৰ স্বাধীনতা সংগ্ৰামত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।

১৪। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পর্কে চমুকৈ লিখা ।

উঃ ১৮৮৫ চনত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় জাতীয় কংগ্ৰেছ আছিল ভাৰতবৰ্ষত প্ৰথম সৰ্বভাৰতীয় অনুষ্ঠান। এই অনুষ্ঠানখনে ইয়াৰ জন্ম লগ্নৰ পৰাই বৃহৎ ভাৰতীয় জাতিৰ হকে সমাজিক আৰু ৰাজনৈতিক দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য আছিল ইংৰাজ শাসনৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি কৰা আৰু ভাৰতীয়সকলক জাতি- বর্ণ নির্বিশেষে ঐক্যবদ্ধ কৰি ভাৰতবৰ্ষক ইংৰাজসকলৰ কৱলৰ পৰা মুক্ত কৰা। ১৮৯০ চনত ৰাজনৈতিকভাৱে কিছু সুবিধা আদায়ৰ উদ্দেশ্যে ভাৰতীয় জাতীয় কংগ্ৰেছে সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ৰ নেতৃত্বত এটা সজাতি দল ইংলণ্ডলৈ পঠায়। কিন্তু সেইদলটোয়ে কোনো ৰাজনৈতিক সুবিধাৰ প্ৰতিশ্ৰুতি আদায় কৰিব নাৱোৰি নিৰাশ হৈ উভতি আহে। ইয়াৰ পিছত ১৮৯২ চনত ভাৰত পৰিষদ আইনে ভাৰতবাসীক ৰাজনৈতিকভাৱে একো দিব নাৱোৰাত কংগ্ৰেছ। কৰ্মীসকল হতাশ হৈ পৰে আৰু সিহঁতে ইংৰাজসকলৰ পৰা শান্তিপূর্ণ উপায়ে একো আদায় কৰিব নাৱোৰে বুলি কংগ্ৰেছৰ কিছুমান কৰ্মীয়ে ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্র পন্থা অৱলম্বন কৰাৰ পোষকতা কৰে ৷ ১৯০৫ চনত কংগ্ৰেছৰ বাৰানসী অধিবেশনত কংগ্ৰেছৰ সভাপতি গো পাল কৃষ্ণ গাখেলেই নৰম সুৰত ভাষণ দিয়াত কিছুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে সমালাচেনা কৰি ইংৰাজৰ বিৰুদ্ধে কঠোৰ কাৰ্য পন্থা গ্ৰহণ কৰিবলৈ মত পাষেণ কৰে। ফলত কংগ্ৰেছৰ ভিতৰ চৰাত দুটা ভাগৰ সৃষ্টি হয়। ১৯০৭ চনৰ ৰাসবিহাৰী ঘাযেৰ সভাপতিত্বত চুৰাটত। অনুষ্ঠিত হাৱো কংগ্ৰেছ অধিবেশনত প্রকাশ্যভাৱে কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হয়। এটা নৰমপন্থী আৰু আনটো চৰমপন্থী। চৰমপন্থীসকলৰ শিবিত আছিল বাল গংগাধৰ তিলক, লালা লাজপট ৰয়, বিপিন চন্দ্ৰ পাল আৰু সিহঁতৰ সমৰ্থকসকল। ১৯১৬ চনলৈকে চমপন্থীসকল মূল কংগ্ৰেছৰ পৰা আঁতৰি আছিল। এনেদৰেভাৰতীয় জাতীয় কংগ্ৰেছেবিকাশ লাভ কৰিছিল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *