১) খালী ঠাই পূৰ কৰা ।
ক) অনুজীৱ বোৰ ……………………….. সহায়ত দেখা পোৱা যায় ।
উত্তৰ:- অণুবীক্ষণ যন্ত্ৰৰ ।
খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ ……………………. গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে ।
উত্তৰ:- নাইট্ৰ’জেন ।
গ) ……………………. ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয় ।
উত্তৰ:- ইষ্ট ।
ঘ) ……………………… ৰ দ্বাৰা কলেৰা হয় ।
উত্তৰ:- বেক্টেৰিয়া ।
২) শুদ্ধ উত্তৰত (✓ ) চিন দিয়া ।
ক) চেনি/ সুৰা/ হাইড্ৰ‘ক্লৰিক এচিড/ অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় ।
উত্তৰ:- সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় ।
খ) ছডিয়াম বাই কাৰ্বনেট/ ষ্ট্ৰেপ‘মাইছিন/ সুৰা/ ইষ্ট এবিধ এণ্টিবায়‘টিক ।
উত্তৰ:- ষ্ট্ৰেপ’মাইছিন এবিধ এণ্টিবায়’টিক ।
গ) মাইকী এন‘ফিলিছ মহ/ পইতাচোৰা/ মাখি/ পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট‘জ‘ৱাৰ বাহক ।
উত্তৰ:- মাইকী এন’ফিলিছ মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট’জ’ৱাৰ বাহক ।
ঘ) পৰুৱা/ মাখি/ মকৰা/ সংক্ৰামক ৰোগৰ বাহক ।
উত্তৰ:- মাখি ৰোগৰ বাহক ।
ঙ) তাপ/ গুড়ি কৰা/ ইষ্ট কোষৰ বৃদ্ধি/ ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে ।
উত্তৰ: ইষ্ট কোষৰ বৃদ্ধিৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে ।
চ) শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ/ সাঁচ/ কিন্বন/ সংক্ৰামক বোলা হয় ।
উত্তৰ:- শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কিন্বন বোলা হয় ।
৩) ‘A’ অংশত থকা অনুজীৱবোৰক ‘B’ অংশৰ ক্ৰিয়াৰ লগত মিলোৱা (প্ৰশ্ন)
‘A’ অংশ | ‘B’ অংশ |
---|---|
i) বেক্টেৰিয়া | i) নাইট্ৰজেন যৌগিকৰণ । |
ii) ৰাইজ’বিয়াম | ii) দৈ প্ৰস্তুত কৰাত । |
iii) লেক্টবেছিলাছ | iii) পাউৰুটিৰ প্ৰস্তুত কৰণত । |
iv) ইষ্ট | iv) মেলেৰিয়া ৰোগ সৃষ্টিত । |
v) প্ৰট’জ’ৱা | v) কলেৰা ৰোগ সৃষ্টিত । |
vi) ভাইৰাছ | vi) এণ্টিবডি প্ৰস্তুত কৰাত । |
Answer:-
‘A’ অংশ | ‘B’ অংশ |
---|---|
i) বেক্টেৰিয়া | কলেৰা ৰোগ সৃষ্টিত । |
ii) ৰাইজ’বিয়াম | নাইট্ৰজেন যৌগিকৰণ । |
iii) লেক্টবেছিলাছ | দৈ প্ৰস্তুত কৰাত । |
iv) ইষ্ট | পাউৰুটিৰ প্ৰস্তুত কৰণত । |
v) প্ৰট’জ’ৱা | মেলেৰিয়া ৰোগ সৃষ্টিত । |
vi) ভাইৰাছ | এইডছ ৰোগ সৃষ্টিত । |
৪) অনুজীৱ বোৰ খালী চকুৰে দেখা পোৱা যায়নে ? সিহঁতক কেনেকৈ দেখা পাব পাৰি ?
উত্তৰ:- দেখা পোৱা নাযায় । সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি ।
৫) অণুজীৱৰ ডাঙৰ ভাগবোৰ কি কি ?
উত্তৰ:- অণুজীৱৰ ডাঙৰ ভাগবোৰ হল –
ক) বেক্টেৰিয়া ।
খ) ভেঁকুৰ।
গ) প্ৰট’জ’ৱা ।
ঘ) শেলাই আদি ।
৬) মাটিত বায়ুমণ্ডলীয় নাইট্ৰ‘জেন যৌগীকৰন কৰিব পৰা অনুজীৱ সমূহৰ নাম কোৱা ।
উত্তৰ:- অনুজীৱ সমূহৰ নাম হল –
ক) বেক্টেৰিয়া ( ৰাইজ’বিয়াম ) ।
খ) নীল হৰিৎ বা নীল সেউজ শেলাই আদি ।
৭) আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে ১০ শাৰী লিখা ।
উত্তৰ:-
আমাৰ জীৱনত অণুজীৱে বহুবিধ উপকাৰ দিয়ে, যাৰ ভিতৰত তলৰ দিশসমূহ উল্লেখযোগ্য —
ক) অণুজীৱবোৰ দই, কেক, আৰু পাউৰুটি আদি খাদ্য তৈয়াৰত সহায় কৰে।
খ) বায়ুমণ্ডলৰ নাইট্ৰ’জেন মাটিত সংযোজন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত কিছুমান বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলাই সহায় কৰে।
গ) ভিনেগাৰ আৰু সুৰাৰ দৰে কিছুমান বাণিজ্যিক বস্তু উৎপাদনত অণুজীৱ ব্যৱহাৰ কৰা হয়।
ঘ) কিছুমান অণুজীৱৰ সহায়ত ৰোগ প্ৰতিৰোধকাৰী ঔষধ যেনে এণ্টিবায়’টিক প্রস্তুত কৰা হয়।
ঙ) বেক্টেৰিয়াৰ সহায়ত কলেৰা, বসন্ত, হেপাটাইটিছ আদি ৰোগৰ প্ৰতিষেধক বিকাশ কৰা যায়।
চ) মৃত উদ্ভিদ আৰু জন্তুৰ দেহত থকা জৈৱিক পদাৰ্থবোৰ অণুজীৱে ভাঙি পুনৰুপযোগী পদাৰ্থলৈ ৰূপান্তৰ কৰে।
ছ) পৰিবেশত থকা দুৰ্গন্ধযুক্ত আৰু ক্ষতিকাৰক পদাৰ্থসমূহ অণুজীৱে পচাই পৰিৱেশ পৰিষ্কাৰ কৰে।
জ) গৰু আদিৰ পাকস্থলীত থকা অণুজীৱে গাছৰ আঁহজাত খাদ্য হজম কৰাত সহায় কৰে।
ঝ) কিছু অণুজীৱে কৃসিক্ষেত্ৰত জৈৱ সাৰৰূপে দান কৰা হয়।
ঞ) তদুপৰি, অণুজীৱবোৰ জৈৱ দ্ৰব্যৰ পৰিসঞ্চালন চক্রৰ এক গুৰুত্বপূর্ণ অংগ হিচাপে কাৰ্য কৰে।
৮) অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ:-
অণুজীৱে বহু ক্ষেত্ৰত উপকাৰ কৰিও, কিছুমান ক্ষেত্ৰত অপকাৰ সাধে। বিশেষকৈ, যক্ষ্মা, কলেৰা, নিউম’নিয়া, আৰু টায়ফয়েড ৰোগবোৰ বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হয়। এনকেফেলাইটিছ, পলিঅ’, আৰু বসন্তৰ দৰে গম্ভীৰ ৰোগবোৰ ভাইৰাছৰ দ্বাৰা হোৱা দেখা যায়। অণুজীৱে কেৱল মানুহৰেই নহয়, উদ্ভিদ আৰু জন্তুৰো বিভিন্ন ৰোগৰ সৃষ্টি কৰি বৃহৎ ক্ষতি কৰে।
ইয়াৰ উপৰিও, কাপোৰ, চামৰা, প্লাষ্টিক আদি বস্তুসমূহ অণুজীৱৰ আক্রমণত বিয়লি হয়। অণুজীৱে খাদ্যৰ গুণ নষ্ট কৰি তাক বিষাক্ত আৰু অখাদ্য কৰি তোলে।
৯) এণ্টিবায়‘টিক কি ? এণ্টিবায়‘টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?
উত্তৰ:-
এণ্টিবায়’টিক হৈছে তেনে ঔষধ যাক ৰোগজনিত অণুজীৱ ধ্বংস কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হয়, আৰু ইয়াৰ বাবে বিশেষ কিছুমান অণুজীৱ ব্যৱহৃত হয়।
এই দৰৱ কেৱল ডাক্তৰৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰিব লাগে। ডাক্তৰে নিৰ্ধাৰণ কৰা সময়লৈ দৰৱ খাবই লাগে; মাজতে বন্ধ নকৰে। অপ্ৰয়োজনীয়ভাৱে বা অধিক পৰিমাণত গ্ৰহণ কৰিলে ই শৰীৰৰ ভিতৰত থকা সহায়ক অণুজীৱ বোৰকো নষ্ট কৰিব পাৰে, যাৰ ফলত স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে।