পাঠভিত্তিক ক্ৰিয়া
১। কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা।
২। উত্তৰ দিয়া।
(ক) মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে?
উত্তৰঃ– কবিয়ে নিয়ৰ টোপালক বুজাইছে।
(খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?
উত্তৰঃ– নিশাৰ তৰা আৰু মুকুটা মণিৰ লগত তুলনা কৰিছে।
(গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?
উত্তৰঃ– নিজম আকাশৰ নিচুক কথাটি সাঁচি থোৱাৰ কথা কৈছে
(ঘ) ফুলনিত কি ছিগি ৰৈ গ’ল?
উত্তৰঃ– নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ’ল।
(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?
উত্তৰঃ– নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে।
৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা।
উত্তৰঃ– প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত ‘নিয়ৰ’ কবিতাটো এখন ৰোমান্তিক অনুভৱৰ আধাৰত ৰচিত এক অপূৰ্ব কাব্য। ইয়াত কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰ অন্যতম উপাদান ‘নিয়ৰ’ক মুখ্য বিষয়বস্তু ৰূপে গ্ৰহণ কৰি, কল্পনাৰ পটভূমিত চিত্ৰায়িত কৰি তুলিছে। কবিতাটিত নিয়ৰক কেৱল এটি প্ৰাকৃতিক দৃশ্যপট হিচাপে নহয়, বৰং এটি কোমল অনুভৱৰ বাহক হিচাপেও বর্ণনা কৰা হৈছে।
প্ৰতিদিনৰ পুৱা নিয়ৰে ধৰা বননি, ঘাঁহৰ পাতে পাতে সাৰ পৰা জিলিকি থকা সৰু কণাবোৰ যেন মনত আনে এক প্ৰৱল ভাবনাৰ সোঁত। কবিয়ে এই নিয়ৰক কেতিয়াবা নিশাৰ আকাশৰ পৰা সৰি পৰা জোনাকী, কেতিয়াবা নৃত্যৰতা পৃথিৱীৰ পৰা মুকলি হোৱা এটি মূল্যবান মণি, আৰু কেতিয়াবা পুৱা পোহৰৰ কোমলতাত উজলি উঠা চকুপানীৰ টোপালৰ সৈতে তুলনা কৰিছে।
প্ৰকৃতিৰ এই নিসর্গিক সৌন্দৰ্য্যই মানুহৰ মনত অলেখ সুকোমল ভাবৰ সঞ্চাৰ কৰে। প্ৰতিটো পুৱাই যেন অজানিতে আশা আৰু শুভ বাৰৰ বাৰ্তা কঢ়িয়াই আনে, আৰু এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হিচাপে ‘নিয়ৰ’ এ নিজৰ স্থান সুদৃঢ় কৰিছে।
৪। শব্দ-সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।
শব্দ অৰ্থ
ফটিক স্বচ্ছ, নিৰ্মল, পৰিষ্কাৰ।
শোভে শুৱনি কৰি তোলা।
হেঙুলি হেঙুল বৰণীয়া।
নিজম নীৰৱ।
নিচুক কান্দোন সামৰি স্থিৰ ।
৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
”নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি,
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি।”
উত্তৰঃ–
“নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি,
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি।”
উক্ত কবিতাফাঁকিটো আমাৰ পাঠ্য ‘প্ৰতিমাৰ খনিক’ৰ অন্তৰ্গত, কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে ৰচিত ‘নিয়ৰ’ কবিতাৰ পৰা লোৱা হৈছে। ইয়াত কবিয়ে পুৱতি নিশাৰ আকাশত থকা তৰাৰ ৰূপত নিয়ৰ টুপালক কল্পনা কৰিছে, যি ৰাতিপুৱা ফুলৰ পাহিত পৰি থাকে। সেই পটভূমিতেই এই কবিতাৰ শাৰবোৰ তুলি দিয়া হৈছে।
কবিৰ দৃষ্টিত, নিয়ৰ যেন আকাশৰ কোমল কথাৰে পৰিপূৰ্ণ এটা সৰগীয়া তৰা, যি হিয়াৰ গভীৰতালৈ সোমাই আহিছে। সেই তৰাটিয়ে যেন কোনো অজান কাহিনীৰ সপোন দেখি হাঁহি হাঁহি নৃত্য কৰিছিল, আৰু সেই হাঁহিৰে পৰি গৈছিল মণি সদৃশ নিয়ৰৰ টুপাল।
প্ৰকৃতিৰ এনে নান্দনিকতা মানুহৰ মনত কল্পনাৰ দিশ মেলাই দিয়ে। প্ৰতিটো পুৱা, নিয়ৰৰ দৰে স্বচ্ছ, কোমল বস্তুবোৰে আমাৰ জীৱনত আশা, আনন্দ আৰু সৌন্দৰ্য্যৰ বাৰ্তা কঢ়িয়াই আনে। নিয়ৰ সেই বাৰ্তাবাহকৰূপে কবিৰ মনত গভীৰ ভাব জন্মাইছে।
৬। পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ লিখা।
উদাহৰণ — ধোৱা — যোৱা।
উত্তৰঃ সাঁচি – নাচি।
মণি – কণি, পানী।
ভাহি – পাহি।
খ 一 ভাষা অধ্য়য়ন (ব্য়াৱহাৰিক ব্য়াকৰণ)
৭। উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।
উত্তৰঃ–
টোপনি 一 নিদ্ৰা, ঘুমতি, শয়ন
বেলি 一 সূৰ্য্য, ৰবি, দিৱাকৰ
পানী 一 জল, নিৰ
ফুল 一পুষ্প, কুসুম, সুমন
নিশা 一 ৰাতি, ৰজনী, নিশিথ
সপোণ 一 স্বপ্ন, দৰ্শন, মায়া
আকাশ 一 গগণ, অম্বৰ, নভ
চকু 一 নয়ন, নেত্ৰ, লোচন
৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
উত্তৰঃ–
ছিগা 一 জোৰা
পুৱা 一 গধূলি
নিজম 一 কোলাহল
সৰগ 一 নৰক
দিন 一 ৰাতি
হাঁহি 一 কান্দোন
৯। বাক্য ৰচনা কৰা।
উত্তৰঃ
মুকুতা = ৰ’দৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে।
পাহি = গোলাপ ফুলৰ পাহিবোৰ ধুনীয়াকৈ সৰি আছে।
শোভে = গোলাপ ফুলে গোটেই বাগিচাখনত শোভে।
নিচুক = নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাচি থৈছিল।
ফটিক = নৈখনৰ ফটিক পানীত পদুমফুলবোৰ ধুনীয়াকৈ ফুলি আছে।
১০। ‘নিয়ৰ’ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবোৰৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ
তৎসম – – – – – – – – – – তদ্ভৱ।
মুক্তা – – – – – – – – – – – মুকুতা।
স্ফটিক – – – – – – – – — ফটিক।
তাৰা – – – – – – – – – – – – তৰা।
স্বৰ্গ——————- সৰগ।
মণি – – – – – – – – – – মনি।
১১। দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা।
উত্তৰঃ-
শিক্ষা সম্বন্ধীয় – স্কেল।
খেল সম্বন্ধীয় – ক্রিকেট।
যানবাহন — স্কুটাৰ।
পােছাক-পাতি – ফ্রক।
আচবাব – টেবুল।
বাচন-বৰ্তন – কাপ।
উত্তৰঃ–
শিক্ষা সম্বন্ধীয় = স্কেল, স্কুল, বৰ্ড, ক্লাচ ৰুম, কম্পাছ আদি।
খেল সম্বন্ধীয় = ক্রিকেট, ফুটবল, হকী, টেনিচ, বেডমিণ্টন আদি।
যান-বাহন = স্কুটাৰ, স্কুটী, ট্ৰেক্টৰ, বাইক আদি।
পােছাক-পাতি = ফ্রক, পেণ্ট, টি-চাৰ্ট, চাৰ্ট আদি।
আচবাব = টেবুল, গদ্ৰেজ আদি।
বাচন-বৰ্তন = কাপ, প্লেট, পেন, চচপেন আদি।
১২। এটা শব্দত প্ৰকাশ কৰা।
(ক) যি আনৰ উন্নতি দেখিব নােৱাৰে।
(খ) একে মাকৰ সন্তান।
(গ) যাৰ ঘৰ-বাৰী নাই।
(ঘ) যিজনে ভাল-বেয়া বিচাৰ কৰিব নােৱাৰে।
(ঙ) যি আগেয়ে হােৱা নাই।
উত্তৰঃ–
(ক) যি আনৰ উন্নতি দেখিব নোৱাৰে = চকুচৰহা বা পৰশ্ৰীকাতৰ বা হিংসাকুৰীয়া।
(খ) একে মাকৰ সন্তান = সহোদৰ।
(গ) যাৰ ঘৰ-বাৰী নাই = অঘৰী।
(ঘ) যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে = অবিবেচক।
(ঙ) যি আগেয়ে হোৱা নাই = অভূতপূৰ্ব।
১৩। ‘নিয়ৰ’ কবিতাটিত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপোন, চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ডবাক্যবোৰেৰে বাক্য ৰচনা কৰা।
তৰা-নৰা ছিঙি – (বৰকৈ বেগাই, ইমান বেগাই যে উজুটিত বন আদি ছিঙি যায়)।
আকাশত চাং পতা – (অস্বাভাৱিক কল্পনা কৰা)।
পানীৰ তলৰ কাঁইট – (নেদেখা বিপদ, অজ্ঞাত শত্ৰু)।
কথা চহকী – (বেছিকৈ কথা কোৱা লোক)।
হিয়াৰ আমঠু – (অতি আদৰৰ)।
অলীক সপোন – (অমূলক কল্পনা)।
চকু চৰহা — (লোকৰ ভাল দেখিব নোৱৰা)।
উত্তৰঃ–
তৰা-নৰা ছিঙি – ভাল খবৰটো পাই মানুহজনে তৰা-নৰা ছিঙি বন্ধু-বান্ধৱৰ ওচৰলৈ দৌৰি গ’ল।
আকাশত চাং পতা – তেওঁ জীৱনত একো কৰা নাছিল, কেবল আকাশত চাং পতাৰ দৰে ভাবিছিল।
পানীৰ তলৰ কাঁইট – আমাৰ মাজত এটা মানুহ আছিল, যাৰ ইচ্ছাবোৰ আছিল পানীৰ তলৰ কাঁইট।
কথা চহকী – জয়ন্তই কথা চহকী, কেতিয়াবা কথাৰ মাজেৰে আনক আঘাতো দিয়ে।
হিয়াৰ আমঠু – খোজকাঢ়ি পোৱাৰ পাছতো তেওঁ হিয়াৰ আমঠুৰ দৰে বইখন হাততে ৰাখিছিল।
অলীক সপোন – অলীক সপোন দেখিবলৈ ভাল লাগে, কিন্তু বাস্তৱত কষ্ট নকৰিলে সপোন পূৰ্ণ নহয়।
চকু চৰহা – কিবা নতুন কৰিলেই ওচৰৰ কিছুমানে চকু চৰহা কৰা আৰম্ভ কৰে।
১৪। তলৰ বাক্যকেইটিৰ খালী ঠাইত অর্থৰ লগত সংগতি ৰাখি ভাগি, ভাঙি, ছিগি, ছিঙি বহুৱাই পূৰ কৰা।
(ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো____________ গ’ল।
(খ) ধুমুহাই ঘৰটো _____________ পেলালে।
(গ) পুৰণি হােৱা বাবে ৰছীডাল ____________ থাকিল।
(ঘ) জোৰকৈ টনা-আঁজোৰা কৰা বাবে ৰছীডাল ____________ গ’ল।
(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো _____________ গ’ল।
(চ) বানপানীয়ে মথাউৰিটো ____________ পেলালে।
উত্তৰঃ–
(ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো ভাগি গ’ল।
(খ) ধুমুহাই ঘৰটো ভাঙি পেলালে।
(গ) পুৰণা হোৱা বাবে ৰছীডাল ছিগি থাকিল।
(ঘ) জোৰকৈ টনা-আঁজোৰা কৰা বাবে ৰছীডাল ছিঙি গ’ল।
(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো ছিগি গ’ল।
(চ) বানপানীয়ে মথাউৰিটো ছিঙি পেলালে।
১৬। সাঁথৰ ভাঙা।
(ক) মৌ-মাখি নহয় কিন্তু
কৰে গুণ্ গুণ্
বামুণ নহয় কিন্তু
কান্ধত লগুণ।
উত্তৰঃ- যঁতৰ।
(খ) ৰজাৰ ঘৰৰ হাতী
ধান খায় পাচি পাচি।
উত্তৰঃ- ঢেকী।
(গ) ৰজাৰ কাপােৰ তিয়াব পাৰি,
শুকুৱাব নােৱাৰি।
উত্তৰঃ- জিভা