প্রশ্ন ১। চমু উত্তৰ দিয়া –
( ক ) কেনে মানুহৰ মনত শান্তি আৰু সুখে নিগাজিকৈ বাহ লয় ?
উত্তৰঃ যিজনে ঈশ্বৰত বিশ্বাস ৰাখে আৰু নিজৰ জীৱনৰ সকলো সুখ-দুখ, লাভ-ক্ষতি ঈশ্বৰৰ ওপৰত ছাৰি কৃতব্যত মনোনিৱেশ কৰে, তেনে ব্যক্তিৰ মনত শান্তি আৰু আনন্দ প্ৰবাহিত হয়।
( খ ) ঈশ্বৰত বিশ্বাস কৰােতাজনৰ বুকু ভয়তে নকঁপে কিয় ?
উত্তৰঃ কাৰণ, ঈশ্বৰত আস্থা থকা ব্যক্তি জানে যে ঈশ্বৰে তেওঁৰ সহায় হিচাপে থাকিব আৰু যিকোনো বিপদৰ পৰাই তেওঁক ৰক্ষা কৰিব।
( গ ) নাস্তিক আৰু সংশয়বাদীৰ ভৱিষ্যত কেনেধৰণৰ হয় ?
উত্তৰঃ নাস্তিক আৰু সন্দেহবাদীৰ জীৱনৰ আগলৈ পথ অন্ধকাৰ, উদ্বেগ আৰু অশান্তিৰে পৰিপূৰ্ণ হয়।
( ঘ ) লেখকে কীটাণু-কীট বুলি কাৰ কথা বুজাব খুজিছে ?
উত্তৰঃ লেখকে সাধাৰণ মানুহৰ কথা “কীটাণু-কীট” বুলি বুজাব খুজিছে।
( ঙ ) ঈশ্বৰ প্ৰাপ্তিৰ সহজ উপায় কি ?
উত্তৰঃ ঈশ্বৰক পাবলৈ সহজতম উপায় হৈছে – সৰলতা আৰু বিশ্বাস।
( চ ) ‘ প্রশান্ত পুৰুষ আনন্দ ময় ’ কোন ?
উত্তৰঃ ‘প্ৰশান্ত পুৰুষ আনন্দময়’ বুলি ঈশ্বৰৰ কথাই উল্লেখ কৰা হৈছে।
প্রশ্ন ২। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র কবিতা পুথি আৰু উপন্যাসখনৰ নাম কি ?
উত্তৰঃ কবিতা পুথি – ‘কদমকলি’ আৰু উপন্যাসখনৰ নাম – ‘পদুম কুঁৱৰী’।
প্রশ্ন ৩। লেখকে ঈশ্বৰত বিশ্বাস ৰাখিব লাগে বুলি কিয় কৈছে ?
উত্তৰঃ কাৰণ, ঈশ্বৰত বিশ্বাস ৰাখিলে মানুহৰ মন শান্তি আৰু আনন্দৰে পৰিপূৰ্ণ হয়। এনে বিশ্বাস থকা মানুহে ভয় নেপায় আৰু যিকোনো সময়ত সাহসেৰে আগবাঢ়ে। সেয়েহে লেখকে ঈশ্বৰত বিশ্বাস ৰাখিবলৈ কোৱাৰ পৰামৰ্শ দিছে।
প্রশ্ন ৪। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা—
( ক ) বেদ, পুৰাণ, কোৰাণ, বাইবেল, ন্যায় দর্শন পঢ়িলেহে তুমি ঈশ্বৰক পাবা বুলি নাভাবিবা।
উত্তৰঃ “বেদ, পুৰাণ, কোৰাণ, বাইবেল, ন্যায় দর্শন পঢ়িলেহে তুমি ঈশ্বৰক পাবা বুলি নাভাবিবা।” এই মন্তব্যটো লক্ষ্মীনাথ বেজবৰুৱাৰ ‘ঈশ্বৰ বিশ্বাসী হ’বা’ পাঠৰ পৰা উদ্ধৃত কৰা হৈছে। লেখকে কৈছে, ঈশ্বৰক পাবলৈ কেৱল ধৰ্মগ্ৰন্থ আৰু যুক্তিবাদ পঢ়ি লাভ নোহোৱা পাৰে। সন্তানে নিজৰ মাকক যেন প্ৰমাণৰ প্ৰয়োজন নকৰে, তেনেদৰে ঈশ্বৰক উপলব্ধিৰ বাবে তর্ক বা পাণ্ডিত্যৰ প্ৰয়োজন নহয়। সৰলতা আৰু দৃঢ় বিশ্বাসৰ সহায়ত মানুহে ঈশ্বৰলৈ সহজে আগবাঢ়ি যাব পাৰে। কেতিয়াবা এই ধৰ্মগ্ৰন্থ বা দর্শনে মানুহৰ মনত সন্দেহ আৰু জটিলতা আনিবলৈ ধৰে, যাৰ ফলত ঈশ্বৰ পোৱাৰ পথ দীঘল হয়। সেয়ে লেখকে সাধাৰণ বিশ্বাস আৰু জ্ঞানক অধিক গুৰুত্ব দিয়াৰ পৰামৰ্শ দিছে।
( খ ) মানুহ এই পৃথিৱীত বাপেক – মাক নাইকিয়া মাউৰা ল’ৰা নহয়।
উত্তৰঃ
“মানুহ এই পৃথিৱীত বাপেক – মাক নাইকিয়া মাউৰা ল’ৰা নহয়।”
এই বাক্যটো ‘ঈশ্বৰ বিশ্বাসী হ’বা’ পাঠৰ পৰা সংগৃহীত।লেখকে ইয়াত বুজাব খুজিছে যে মানুহে নিজকে কেতিয়াও নিঃসহায় বুলি নভাবা উচিত। যদিও কোনো ল’ৰাক বাপেক-মাক নথকা অৱস্থাত অসহায় বুলি ধৰ্মীয় সমাজে ভাবে, তথাপি সত্য এই যে – ঈশ্বৰ সকলো মানুহৰ সৃষ্টিকর্তা আৰু তেওঁ আমাৰ ওপৰত সদায় দয়া আৰু দৃষ্টি ৰাখে। যিদৰে এজন মাকে নিজৰ সন্তানক ৰক্ষা কৰে, তেনেদৰে ঈশ্বৰে আমাৰ ওপৰত সদায় লক্ষ্য ৰাখে। সেয়ে ঈশ্বৰত বিশ্বাস ৰাখি দায়িত্বেৰে আগবাঢ়ি গ’লে, মানুহে কেতিয়াও নিজকে নিথৰুৱা বা ভয়ত পতিত বুলি নাভাবিব।
প্রশ্ন ৫। শুদ্ধ – অশুদ্ধ বাছি উলিওবা –
( ক ) ঈশ্বৰত বিশ্বাস কৰােতাজনৰ বুকু ভয়ত কঁপে ।
উত্তৰঃ অশুদ্ধ ।
( খ ) অবিশ্বাসীজনৰ সংকটকালত নির্ভৰ কৰিবলৈ কোনাে নাই ।
উত্তৰঃ শুদ্ধ ।
( গ ) ঈশ্বৰ আছে আৰু তেওঁ পিতৃ – মাতৃৰ দৰে সদায় আমাক আৱৰি আছে ।
উত্তৰঃ শুদ্ধ ।
( ঘ ) সহজ জ্ঞান – বিশ্বাসে তােমাক ঈশ্বৰক নিদিব।
উত্তৰঃ অশুদ্ধ ।
( ঙ ) ঈশ্বৰৰ ৰাজ্যত কেতিয়াও অন্যায়ৰ শাস্তি নােহােৱাকৈ নাযায় ।
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ৬। ভাব বহলাই লিখা –
( ক ) তৰ্কশাস্ত্ৰ মহা ব্যা ব্যাঘ্রী।
উত্তৰঃ তৰ্কশাস্ত্ৰ অতি জটিল আৰু গভীৰ বিষয়। তৰ্ক এক এনেধৰণৰ বস্তু, যাৰ কোনো অন্ত নাই। যদি কোনো বিষয় লৈ তৰ্ক আৰম্ভ হয়, তেন্তে সেইটোত শেষ সিদ্ধান্তলৈ নোপাইকে তৰ্ক চলি থাকিব পাৰে। বহু সময়ত তৰ্কৰ মাজতে মানুহ মূৰ গুজি পৰে, কিন্তু কিবা নিশ্চিত সিদ্ধান্তত উপনীত নহয়। সেয়ে, যিসকল বিষয় সহজ বিশ্বাস আৰু অনুভৱৰ জৰিয়তে উপলব্ধি কৰিব পাৰি, তেনে ক্ষেত্ৰত তৰ্কৰ প্ৰয়োজন নহয়। ঈশ্বৰো এনেধৰণৰ অনুভৱযোগ্য সত্তা। ঈশ্বৰৰ অস্তিত্ব বিশ্বাস, জ্ঞান আৰু সহজ হৃদয়ৰে অনুভৱ কৰিব পাৰি। কিন্তু তাতে তৰ্ক কৰাৰ প্ৰয়াসে বহু সময়ত মানুহক ঈশ্বৰক অনুভৱ কৰাৰ পথৰ পৰা দূৰ কৰি দিয়ে আৰু তেওঁক সন্দেহত পেলায়। এইধৰণে, তৰ্কশাস্ত্ৰৰ জটিলতা, অসীমতা আৰু কেতিয়াবা বিপদৰ সৃষ্টি কৰাৰ ক্ষমতাকেই লেখকে “তৰ্কশাস্ত্ৰ মহা ব্যাঘ্ৰী” বুলি বর্ণনা কৰিছে। ইয়াৰ অৰ্থ, তৰ্কশাস্ত্ৰ এটা ভয়ংকৰ বাঘৰ দৰে – যাক সাৱধানে ব্যৱহাৰ নকৰিলে বিপদ ঘটাব পাৰে।
( খ ) মানুহে আর্জোনৰ ফল ভুঞ্জে।
উত্তৰঃ এই পৃথিৱী ঈশ্বৰৰ স্থাপন কৰা নিয়ম-নীতিৰে চলি আছে, য’ত প্রতিজন মানুহে নিজৰ কৰ্মৰ অনুসাৰে ফল লাভ কৰে। যে সৎ কৰ্ম কৰে, তেওঁ সু-ফল পায়; আৰু যিয়ে অসৎ কাৰ্য কৰে, তেওঁ দু-ৰ্জন ফলৰ ভোগী হয়। জীৱনত ঈশ্বৰত বিশ্বাস ৰাখি, সকলো দুখ-সুখ আৰু বিপদ-আপদ তেওঁৰ ওপৰত ছাৰি নিজৰ দায়িত্বপূৰ্ণ কৰ্ম কৰি যোৱা ব্যক্তি সদায় শান্তি আৰু আনন্দত থাকে। তেওঁ নিজৰ ভাল ফল নিজে অনুভৱ কৰে।
ইপিনে, যিয়ে নিজৰ দায়িত্বক উপেক্ষা কৰে আৰু অন্যায়-অসৎ কাৰ্যত ব্যস্ত থাকে, তেনে মানুহে কেতিয়াও ঈশ্বৰৰ কৃপা নাপায় আৰু দুৰ্ভাগ্যৰ সন্মুখীন হয়। কাৰণ, জীৱনত সকলো ফল নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে, ভাল ফলৰ আশাত সদায় সৎ আৰু সঠিক পথতে আগবাঢ়ি যোৱা উচিত।
প্রশ্ন৭। বাক্য ৰচনা কৰা –
কর্তব্য , নাস্তিক , চাকনৈয়া , কৰুণা , গণ্ডপমাৰ , খােলাকটি তাল , মেটমৰা , কৰুণা – ডৌকা , নগুৰ-নাগতি ।
উত্তৰঃ কর্তব্য :- নিজৰ কর্তব্য কাম সুচাৰুৰূপে কৰোঁতাজনে জীৱনত সাফল্য অর্জন কৰে ।
নাস্তিক :- নাস্তিক মানুহে ঈশ্বৰৰ গুণ গালে বেয়া পায় ।
চাকনৈয়া :- নানা চিন্তা – ভাৱনাৰ চাকনৈয়াত পৰি মানুহজনৰ আজি এই অৱস্থা হৈছে ।
কৰুণা :- সজ কাম কৰা মানুহে ঈশ্বৰৰ কৰুণা লাভ কৰে ।
গণ্ডপমাৰ :- গণ্ডপমাৰ কথা কোৱা স্বভাৱটোৰ বাবে অকণক সকলােৱে বেয়া পায় ।
খােলাকটিৰ তাল :- ইমান শিকালাে বুজালাে , শেহত গৈ সকলাে খােলাকটিৰ তাল হ’ল ।
মেটমৰা :- শাস্ত্র বিদ্যাৰ মেটমৰা ভাৰ বৈ কোনেও ঈশ্বৰক পাব নােৱাৰে ।
কৰুণা – ডৌকা :- মাক – দেউতাকৰ কৰুণা – ডৌকাৰ তলৰ পৰা আঁতৰি অহা লােকে সময়ত গৈ বিপদত পৰে ।
নগুৰ-নাগতি :- আগ – পিছ নাভাবি কামটো কৰিবলৈ গৈ মানুহজনে অযথা নগুৰ – নাগতি হ’ল।
প্রশ্ন৮। বিপৰীতার্থক শব্দ লিখা –
সুখ , পিতৃ , শাৰীৰিক , আই , ইহলােক , নাস্তিক , বিশ্বাস , ন্যায় , সৃষ্টি ।
উত্তৰঃ সুখ – দুখ ।
পিতৃ – মাতৃ ।
শাৰিৰীক – মানসিক ।
আই – বােপাই ।
ইহলােক – পৰলােক ।
নাস্তিক – আস্তিক ।
বিশ্বাস – অবিশ্বাস ।
ন্যায় – অন্যায় ।
সৃষ্টি – ধ্বংস ।
প্রশ্ন ৯। শব্দ সাজা –
উত্তৰঃ ( ক ) শান্তি ( চ ) স্থাপন ।
( খ ) এন্ধাৰ ( ছ ) ভুঞ্জে ।
( গ ) উদ্ধাৰ ( জ ) বৃষ্টি ।
( ঘ ) অস্তিত্ব ( ঝ ) নিৰুদ্বেগ ।
( ঙ ) ব্যাঘ্রী ।
প্রশ্ন ১০। শব্দার্থ লিখা –
নিগাজি , প্রশান্ত , কৰুণা , নিঠৰুৱা , নিৰুদ্বেগ , গণ্ডপমাৰি , মেটমৰা , কাচিৎ , সংকট ।
উত্তৰঃ নিগাজি – চিৰস্থায়ী ।
প্রশান্ত – ধীৰ , সুস্থিৰ ।
কৰুণা – দয়া , কৃপা ।
নিঠৰুৱা – আশ্রয়হীন ।
নিৰুদ্বেগ – চিন্তা নথকা , উৎকণ্ঠিত নােহােৱা
গণ্ডপমাৰি – অহংকাৰ কৰি
মেটমৰা – বৰ গধুৰ , মেটমটীয়া ভাৰ ।
কাচিৎ – কেতিয়াবা , দৈবাৎ
সংকট – আপদ , বিপদ ।
প্রশ্ন ১১। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কীৰ্তিৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ এক মহান পথপ্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। তেওঁক যুগস্ৰষ্টা, সাহিত্যৰথী আৰু চুটি গল্পৰ জনক বুলি অভিহিত কৰা হয়। বেজবৰুৱাই কবিতা, উপন্যাস, নাটক, চুটি গল্প, সাধুকথা, ৰস-সাহিত্য, শিশু সাহিত্য, জীৱনীমূলক আৰু তত্ত্বমূলক ৰচনাৰ জৰিয়তে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি গৈছে।
তেওঁৰ ৰচনাবোৰৰ ভিতৰত উল্লেখযোগ্য —
একমাত্ৰ কবিতা পুথি: কদমকলি
উপন্যাস: পদুম কুঁৱৰী
চুটি গল্প: সুৰভি, জোনবিৰি, কেহোকলি, সাধুকথাৰ কুকি
সাধুকথা সংকলন: জুনুকা, বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিল’ৰা, বাখৰ
বুৰঞ্জীমূলক নাট: জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ
ধেমেলীয়া নাট: লিতিকাই, নমল পানী, চিকৰপতি-নিকৰপতি
তত্ত্বমূলক আৰু জীৱনীমূলক গ্ৰন্থ: তত্ত্বকথা, শ্রীকৃষ্ণকথা, শ্ৰীশংকৰদেৱ, শ্ৰীমাধৱদেৱ
আত্মজীৱনী: মোৰ জীৱন সোঁৱৰণ
ছদ্মনাম কৃপাবৰ বৰুৱা ৰূপে অসমীয়া সমাজৰ বিভিন্ন দোষ-কামতব্যক কটাক্ষ কৰি বহু ৰচনা লিখিছিল। তেওঁৰ অধিকাংশ ৰচনাতে হাস্য-ব্যংগৰ সংমিশ্ৰণ থকাৰ বাবে তেওঁ “ৰসৰাজ” বুলি জনাজাত। লগতে, সাহিত্যৰ বিভিন্ন শাখাত অসামান্য অৱদানৰ বাবে “সাহিত্যৰথী” উপাধিতেও ভূষিত কৰা হয়।
প্ৰশ্ন ১২। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীমূলক কিতাপখনৰ নাম হৈছে – “মোৰ জীৱন সোঁৱৰণ”।
প্ৰশ্ন ১৩। লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘ৰসৰাজ’ উপাধি প্রদান কৰা হৈছিল ?
উত্তৰঃ তেওঁৰ অধিকাংশ সাহিত্য ৰচনাত হাস্য আৰু ৰসৰ অনন্য সংমিশ্ৰণ থকাৰ বাবে তেওঁক ‘ৰসৰাজ’ উপাধিৰে সন্মানিত কৰা হৈছিল।
প্ৰশ্ন ১৪। লক্ষ্মীনাথ বেজবৰুৱাই প্রতিষ্ঠা কৰা এখন আলোচনীৰ নাম লিখা।
উত্তৰঃ তেওঁ প্ৰতিষ্ঠা কৰা আলোচনীৰ নাম আছিল বাঁহী।
প্ৰশ্ন ১৫। ‘কৃপাবৰ বৰুৱা’ – কোন ?
উত্তৰঃ ‘কৃপাবৰ বৰুৱা’ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ এটি ছদ্মনাম। এই নামৰে তেওঁ অসমীয়া সমাজক ব্যংগাত্মক ভাৱে সমালোচনা কৰি বহু ৰচনা কৰিছিল।
প্ৰশ্ন ১৬। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন ধেমেলীয়া নাটৰ নাম লিখা।
উত্তৰঃ তেওঁৰ লিখা দুখন ধেমেলীয়া নাটৰ নাম হৈছে লিতিকাই আৰু নমল পাচনি।
প্ৰশ্ন ১৭। সম্পূর্ণ অৰ্থ লিখা – অঃ আঃ উঃ সাঃ সঃ
উত্তৰঃ অঃ আঃ উঃ সাঃ সঃৰ সম্পূৰ্ণ ৰূপ হৈছে – অসমীয়া ভাষা উন্নতি সাধিনী সভা।