Exercise 3(C)
1. খালী ঠাই পূৰ কৰা:
a. যিকোনো দুটা ক্রমিক যুগ্ম সংখ্যাৰ গ.সা.উ.____________
উওৰঃ- 2
b. 4 আৰু 7 পৰস্পৰ মৌলিক গতিকে সিহঁতৰ ল.সা.গু _____
উওৰঃ- 28
c. A আৰু B দুটা সংখ্যা আৰু B সংখ্যাটো Aৰ এটা গুণিতক। গতিকে A আৰু Bৰ গ.সা.উ. ________ , ল.সা.গু. _____________
উওৰঃ- A , B
d. দুটা বা তাতকৈ বেছি সংখ্যাৰ গ.সা.উ. হ’ল সিহঁতৰ সাধাৰণ উৎপাদকবোৰৰ আটাইতকৈ _____________উৎপাদকটো ।
উওৰঃ- ডাঙৰ
e. একাধিক সংখ্যাৰ মাজত যদি দুটা মৌলিক বা পৰস্পৰ মৌলিক সংখ্যা থাকে তেন্তে সেই সংখ্যাবিলাকৰ গ.সা.উ. ______ (এইটোৰ উত্তৰ কৰাৰ আগতে 24, 25 আৰু 30 গ.সা.উ. নিৰ্ণয় কৰা। কাৰণ ইয়াত 24 আৰু 25 পৰস্পৰ মৌলিক)
উওৰঃ- 1
2. সত্য নে অসত্য কোৱা
a. যিকোনো দুটা ক্রমিক অযুগ্ম সংখ্যাৰ গ.সা.উ. 1
উওৰঃ- সত্য
b. যদি দুটা সংখ্যাৰ গ.সা.উ. 1 তেন্তে সিহঁতৰ ল.সা.গু. হ’ব সংখ্যা দুটাৰ পূৰণফলৰ সমান।
উওৰঃ- সত্য
C. তিনিটা সংখ্যাৰ পূৰণফল সিহঁতৰ ল.সা.গু আৰু গ.সা.উ.ৰ পূৰণফলৰ সমান।
উওৰঃ- অসত্য
d. এনে দুটা সংখ্যা থাকিব পাৰে যে যদি সিহঁতৰ ল.সা.গু 210 হয় তেন্তে সিহঁতৰ গ.সা.উ. 40 হ’ব।
উওৰঃ- অসত্য
e. প্রত্যেক সংখ্যাই ইয়াৰ প্ৰতিটো উৎপাদকৰ গুণিতক।
উওৰঃ- সত্য
f. কেইবাটাও সংখ্যাৰ মাজত যদি এটা সংখ্যা আনকেইটাৰ এটা গুণনীয়ক হয় তেন্তে সেইটোৱেই সংখ্যাকেইটাৰ গ.সা.উ.। (এইটো কৰোতে 15, 75, 105 আৰু 165 গ.সা.উ.. উলিওৱা).
উওৰঃ- সত্য
3. ‘A’ আৰু ‘B’ সংখ্যা দুটাৰ গ.সা.উ. H হ’লে m আৰু n দুটা স্বাভাৱিক সংখ্যা সদায় পোৱা যায় যাতে A = mxH আৰু B=nxH হয়। এই উক্তিটো সদায় সত্য। এতিয়া ইয়াৰ সহায়ত A=225 আৰু B=315 হলে m আৰু n কি হ’ব নিৰ্ণয় কৰা।
4. গ.সা.উ. উলিওৱা—
(a) সাধাৰণ উৎপাদক পদ্ধতিৰে—
(i) 15, 25
(ii) 12, 36, 45
(iii) 45, 60, 90
(b) মৌলিক উৎপাদক নির্ণয় কৰি—
(i) 36, 84
(ii) 70, 105, 175
(iii) 42, 98, 122
(iv) 225, 315, 405
(v) 84, 168, 210
C .পৰস্পৰ হৰণৰ নিয়মেৰে-
(i) 85, 110
(ii) 144, 198
(iii) 935, 1320
(iv) 403, 744, 1023
(v) 658, 940, 1128
(vi) 10549, 13563
(d) চুটি হৰণৰ নিয়মেৰে
(i) 64, 96
(ii) 78, 104
(iii) 84, 168, 210
(iv) 144, 240, 192
(v) 126, 189, 315
5. ল.সা.গু. নির্ণয় কৰা
(a) সাধাৰণ গুণিতক নিৰ্ণয়ৰ দ্বাৰা –
(i) 2, 3, 7
(ii) 10, 15, 20 .
(iii) 6, 8, 12
(b) মৌলিক উৎপাদক বিশ্লেষণৰ সহায়ত —
(i) 36, 45, 60 (ii) 12, 18, 24, 30,36 (iii) 45, 105, 165 (iv) 64, 72, 96, 108
(c) চুটি হৰণৰ নিয়মেৰে—
(i) 48, 60, 80 (ii) 40, 84, 210 (iii) 90, 135, 180
(iv) 10, 126, 189, 315 (v) 144, 180, 384
6. তলৰ তালিকাখন সম্পূৰ্ণ কৰা: (A আৰু B দুটা সংখ্যা G=GCD আৰু L=LCM)