Class 6 Maths ।Chapter 4। Exercise 4(B)। Sankardev Sishu Niketan ।শংকৰদেৱ শিশু নিকেটনৰ সমাধান

  1. খালী ঠাই পূৰোৱা —

(a) এডাল ব্যাসত ________ ব্যাসার্দ্ধ থাকে। Ans:- দুডাল

(b) ব্যাসার্দ্ধ ব্যাসৰ ____________ । Ans:- আধা

(c) ব্যাস বৃত্তৰ ___________ মাজেৰে যায়। Ans:- কেন্দ্ৰৰ

(d) বৃত্তৰ কেন্দ্ৰৰ মাজেৰে নোযোৱা জ্যাবোৰ ব্যাসতকৈ ___________ । Ans:- সৰু

(e) _____________ বিন্দুৰ মাজেৰে সদায়েই মাথোন এটা বৃত্তহে আঁকিব পাৰি ৷ Ans:- তিনিটা

(f) _____________ বিন্দুৰ মাজেৰে সদায়েই অসংখ্য বৃত্ত আঁকিব পাৰি। Ans:- দুটা

(g) যিকোনো চাৰিটা বিন্দুৰ মাজেৰে সদায়েই এটা বৃত্ত আঁকিব _______________ । Ans:- নোৱাৰি

(h) বৃত্তৰ ____________ পৰা পৰিধিৰ প্ৰতি বিন্দুলৈ দূৰত্ব সমান। Ans:- কেন্দ্ৰৰ

(i) বৃত্তৰ যিকোনো দুটা ব্যাসে __________ ত কটাকটি কৰে । Ans:- কেন্দ্ৰ

(j) এডাল জ্যা আৰু তাৰ ওপৰত থকা বৃত্তৰ মাজৰ অংশটোক____________  বোলে । Ans:- বৃওাংশ

2. উত্তৰ দিয়া—

(a) এটা বৃত্তৰ কিমানডাল ব্যাস থাকে ?

Ans:- অসংখ্যা

(b) এটা বৃত্তৰ ব্যাসাৰ্দ্ধ 7 চে.মি.। ইয়াৰ ব্যাস কিমান ?

Ans:- দিয়া আছে, ব্যাসাৰ্ধ = 7 cm

ব্যাস = 2 × 7 = 14 cm

(c) আটাইতকৈ দীঘল জ্যা কোনটো ?

Ans:- ব্যাস

(d) দুটা বৃত্তই খুব বেছি কেইটা বিন্দুত কাটিব পাৰে? .

Ans:- দুটা

(e) কোন জ্যাই বৃত্ত এটাক সমানে দুভাগ কৰিব পাৰে ?

Ans:- ব্যাস

(f) বৃত্ত এটাৰ কেন্দ্ৰ C । A এটা অন্তবিন্দু আৰু B এটা বহিবিন্দু। AC আৰু BCৰ ভিতৰত কাৰ দৈৰ্ঘ্য বেছি?

Ans:- BC ৰ দৈৰ্ঘ্য বেছি

(g) বৃত্ত এটাৰ AB জ্যাতকৈ CD জ্যাডাল ডাঙৰ। ইয়াৰ কোনডাল জ্যা কেন্দ্ৰৰ পৰা বেছি ওচৰত ।

Ans:- CD জ্যাডাল কেন্দ্ৰৰ পৰা বেছি ওচৰত

(h) বৃত্ত এটাৰ উপচাপ আৰু ইয়াৰ অধিচাপ দুটাৰ সমষ্টি কিমান ?

Ans:- 360 ডিগ্ৰী

3. 5 চে.মি. দৈৰ্ঘ্যৰ অতিভুজ থকাকৈ এটা সমকোণী ত্রিভুজ আঁকা।

4. চাৰিটা এককেন্দ্ৰীক বৃত্ত আঁকা যাৰ ব্যাসাৰ্দ্ধৰ দীঘ ক্রমে 3 চে.মি., 3.5 চে.মি., 4 চে.মি. আৰু 4.5 চে.মি.। চিত্ৰটো বেলেগ বেলেগ ৰং দি এটা ধুনীয়া ডিজাইন তৈয়াৰ কৰা।

5. ABCD এটা বৰ্গ। ইয়াৰ শীৰ্ষ A, B, C, D ৰ মাজেৰে যোৱাকৈ এটা বৃত্ত আঁকা ।

6. ABCD এটা আয়ত। ইয়াৰ শীৰ্ষ A, B, C, D ৰ মাজেৰে যোৱাকৈ এটা বৃত্ত আঁকিব পাৰি৷ বৃত্তটো কি বুদ্ধিৰে পাৰা আঁকা ।

  1. AB এটা ৰেখাখণ্ড। ইয়াৰ ওপৰত লম্ব সমদ্বিখণ্ডক এডাল আঁকা। (অধ্যায় 14 ত ৰেখাখণ্ডৰ লম্বদ্বিখণ্ডক আঁকিবলৈ শিকোৱা হৈছে) পৰীক্ষা কৰা যে লম্ব সমদ্বিখণ্ডকডালৰ ওপৰত যি কোনো এটা বিন্দু P ল’লে PA = PB হ’ব। ইয়াৰ পৰা দেখুৱা যে দুটা বিন্দু A, Bৰ মাজেৰে অসীম সংখ্যক বৃত্ত আঁকিব পাৰি।
  1. একেটা বৃত্তৰ ওপৰত P, Q, R S চাৰিটা বিন্দু লোৱা। PQRS চতুৰ্ভুজটো আঁকা। পৰীক্ষা কৰা যে
    <P + <R = 180° আৰু <Q + <S = 180°

Leave a Reply