Class 5 SVN । Social Science Chapter 4 । বিশ্বৰ প্রাচীন সভ্যতাসমূহ আৰু ভাৰতৰ সিন্ধু সভ্যতা । Question Answers Sankardev Sishu Niketan Solution। শংকৰদেৱ শিশু নিকেটন

Class 5 SVN

বিশ্বৰ প্রাচীন সভ্যতাসমূহ আৰু ভাৰতৰ সিন্ধু সভ্যতা

১। চমু উত্তৰ দিয়া – 

() নদী উপত্যকা গঢ় লৈ উঠা দুটা প্রাচীন সভ্যতাৰ নাম লিখা  

উত্তৰঃ চীনা সভ্যতা আৰু মেছোপ’টেমীয়া সভ্যতা । 

() সকলো প্রাচীন সভ্যতা নদীভিত্তিক নাছিল, তাকে বুজাবলৈ দুটা উদাহৰণ দিয়া  

উত্তৰঃ মায়া সভ্যতা আৰু ইস্কা সভ্যতা নদী  ।

() সিন্ধু সভ্যতাত কি কি ধাতুৰ ব্যৱহাৰ হৈছিল

উত্তৰঃ সোণ,ৰূপ,ব্রঞ্জ আৰু তাম ধাতুৰ ব্যৱহাৰ হৈছিল । 

() হৰপ্পা আৰু মহেঞ্জোদাৰো বর্তমান কোন দেশৰ অন্তৰ্গত

উত্তৰঃ হৰপ্পা ভাৰতবৰ্ষৰ আৰু মহেঞ্জোদাৰো পাকিস্তানৰ ।

() সিন্ধু সভ্যতাৰ লোকসকলে ব্যৱহাৰ কৰা লিপি কি মূলৰ

উত্তৰঃ দ্রাবিড় মূলৰ । 

() সিন্ধু সভ্যতাৰ মহিলাসকলৰ বেশ ভূষা কেনেধৰণৰ আছিল

উত্তৰঃ সিন্ধু সভ্যতাৰ মহিলাসকলে কপাহী কাপাৰোৰ চিলোৱা সাজ পিন্ধিছিল । মহিলাসকলে সোণ – ৰূপৰ গহণা পিন্ধিছিল আৰু খোপা বান্ধিছিল । মহিলাসকলে লাহ – বিলাহৰ সামগ্রী যেনে — হাতী দাতৰ ফণি , ব্ৰঞ্জৰ আইনা , লিপষ্টিক , মুখত ঘহা পাউদাৰ আৰু মূল্যবান ৰত্নও তেওঁলোকে ব্যৱহাৰ কৰিছিল । 

() সিন্ধু সভ্যতাৰ লোকে বেহা বেপাৰৰ বাবে কি কি ব্যৱস্থা কৰিছিল

উত্তৰঃ সিন্ধু সভ্যতাৰ লোকে বেহা – বেপাৰৰ বাবে গৰুগাড়ী , নাও আৰু সাগৰীয় জাহাজ ব্যৱহাৰ কৰিছিল । বস্তু জুখিবৰ বাবে তেওঁলোকে দগা- পাল্লাৰো ব্যৱহাৰ কৰিছিল ।

() সিন্ধু সভ্যতাৰ লোকে কেনেধৰণৰ খেল ধেমালি কৰিছিল

উত্তৰঃ দবা খেল খেলিছিল । শিশুৰ বাবে খেলনা আৰু , পুতলাৰ প্ৰচলন আছিল । 

() সিন্ধু সভ্যতাৰ মোহৰবোৰ কেনে আছিল

উত্তৰঃ সিন্ধু সভ্যতাৰ মাহোৰবোৰত বিভিন্ন দেৱ – দেৱীৰ ছবি খোদাই কৰা আছিল । কিছুমান মোহৰত বলধ , বাঘ , ম’হ , ছাগলী , হাতী আদিৰ ছবিও আছিল । 

২। খালী ঠাই পূৰণ কৰা –

(ক) …………… নদীৰ পাৰত সিন্ধু সভ্যতা গঢ়ি উঠিছিল । 

উত্তৰঃ সিন্ধু।

(খ) সিন্ধু সভ্যতা আছিল উৎকৃষ্ট …………… পৰিকল্পনাৰ নিদর্শন । 

উত্তৰঃ নগৰ ।

(গ) ……………… নগৰত এটা বৃহৎ শস্যৰ ভঁৰাল আৱিষ্কৃত হৈছিল । 

উত্তৰঃ হৰপ্পা । 

(ঘ) সিন্ধু সভ্যতাৰ বৃহৎ ৰাজহুৱা স্নানাগাৰটো …………. নগৰত আৱিষ্কাৰ হৈছিল । 

উত্তৰঃ মহেঞ্জোদাৰো।

(ঙ) সিন্ধু সভ্যতাৰ আৱিষ্কাৰ হােৱা মােহৰবােৰত ভালেমান……………ছবি আছিল । 

উত্তৰঃ দেৱ – দেৱীৰ।

৩। সিন্ধু সভ্যতা ধ্বংস হোৱাৰ কাৰণ কি কি বুলি অনুমান কৰা হয় ? 

উত্তৰঃ সিন্ধু সভ্যতা ধ্বংস হোৱাৰ কাৰণ হিচাপে কোনো কোনো পণ্ডিতে অনুমান কৰে যে আৰ্যসকলৰ আক্ৰমণত এই সভ্যতা ধ্বংসপ্রাপ্ত হ’ল। পিছে যুদ্ধ-বিগ্রহ হোৱাৰ প্ৰমাণ ধ্বংসাৱশেষত পোৱা নাই। আন এচাম পণ্ডিতৰ মতে বানপানী বা খৰাং বতৰত জুৰুলা হৈ সিন্ধু সভ্যতা ধ্বংস হ’ল। বহুতে কয় ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগত পৰি এই সভ্যতা ধ্বংসপ্রাপ্ত হৈছিল। আন কিছুমানৰ মতে, সিন্ধু সভ্যতাৰ লোকে লোৰ ব্যৱহাৰ নজনাৰ বাবেহে তিষ্ঠি থাকিব নোৱাৰিলে। ৷

Leave a Reply