Class 5 Social science Sankardev Sishu Niketan Chapter 5 আৰ্য সভ্যতা Question Answers

প্রশ্ন চমু উত্তৰ দিয়া

(ক) সপ্ত সিন্ধু বুলিলে কি বুজা? 

উত্তৰঃ  শতদ্রু , বিপাশা , ইৰাৱতী , চন্দ্রভাগা , বিতস্তা আৰু সৰস্বতী সৈতে সিন্ধু নদীক একেলগে সপ্ত সিন্ধু বুলি কোৱা হয় ।

(খ) ‘আর্য’ শব্দৰ অর্থ কি ? 

উত্তৰঃ  ‘আর্য’শব্দৰ অর্থ হল শ্রেষ্ঠ বা সুসভ্য । 

(গ) বিশ্বৰ আটাইতকৈ প্রাচীন গ্রন্থখনৰ নাম কি ? 

উত্তৰঃ আটাইতকৈ প্রাচীন গ্রন্থখনৰ নাম হল ঋকবেদ । 

(ঘ) মহাকাব্য যুগ বুলিলে কি বুজা ? 

উত্তৰঃ মহাকাব্য যুগ বুলিলে ‘ৰামায়ণ আৰু মহাভাৰত ’ নামৰ মহাকাব্য দুখন ৰচনা কৰা যুগটোক বুজায় । 

(ঙ) বেদ চাৰিখনৰ নাম কি ? বেদক কিয় ‘শ্রুতি’ বোলা হয়? 

উত্তৰঃ বেদ চাৰিখনৰ নাম হল ঋকবেদ, সামবেদ,যজুর্বেদ আৰু অথর্ববেদ । বেদৰ মন্ত্ৰসমূহ কেইবাহাজাৰ বছৰ ধৰি মুখে মুখে চলি আহিছিল । সেইবাবেই বেদক ‘শ্রুতি’ বোলা হয় ।

(চ) ‘বেদ’ শব্দৰ অর্থ কি? বেদ কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ ‘বেদ’ শব্দৰ অৰ্থ জ্ঞান । বেদৰ ৰচকসকলৰ নাম জনা নাযায় । 

(ছ) ‘সৰস্বতী সভ্যতা’ বুলিলে কি বুজা ? 

উত্তৰঃ বহুতো পণ্ডিতে অনুমান কৰে বৈদিক সভ্যতাৰ আগতে সৰস্বতী নদীৰ পাৰত এটা উন্নত সভ্যতা গঢ়ি উঠিছিল বুলি । সৰস্বতী নদীৰ পাৰত গঢ়ি উঠা বুলি অনুমান কৰা সভ্যতাটোকেই ‘ সৰস্বতী সভ্যতা ’ বুলি কোৱা হয় । 

(জ) ‘দাস’ সকল কোন আছিল ?

উত্তৰঃ যুদ্ধত পৰাস্ত হৈ আৰ্যসকলৰ অধীন হোৱা লোকসকল । 

(ঝ) অৰ্যসকলৰ মূল জীৱিকা কি আছিল ? 

উত্তৰঃ পশুপালন আছিল অৰ্যসকলৰ মূল জীৱিকা । 

(ঞ) আৰ্যসকলৰ পৰিয়ালত প্রথম স্থান কাৰ আছিল ? 

উত্তৰঃ পিতৃৰ আছিল  আৰ্যসকলৰ পৰিয়ালত প্রথম স্থান ।

(ট) বৈদিক যুগত কি কি ধাতুৰ ব্যৱহাৰ হৈছিল ?

উত্তৰঃ বৈদিক যুগত ব্যৱহাৰ হোৱা ধাতুবোৰ হৈছে – সোণ, ৰূপ,সীহ, টিন আৰু লো ধাতুৰ ।

(ঠ) ‘গীতা’ ক পৱিত্র গ্রন্থ বুলি বিবেচনা কৰা হয় কিয় ? 

উত্তৰঃ কাৰণ ‘গীতা’ ত ভগৱান শ্ৰীকৃষ্ণৰ মুখৰপৰা অৰ্জুনে লাভ কৰা জ্ঞান লিপিবদ্ধ হৈ আছে ।

(ড) বৈদিক যুগত আৰ্যসকলে কোনবিধ জন্তুক পৱিত্ৰ বুলি জ্ঞান কৰিছিল ? 

উত্তৰঃ গাই গৰুক বৈদিক যুগত আৰ্যসকলে পৱিত্ৰ বুলি জ্ঞান কৰিছিল ।

প্রশ্ন বৈদিক যুগত নাৰীৰ স্থান কেনে আছিল

উত্তৰঃ বৈদিক যুগত পৰিয়ালত পিতৃৰ পাছতেই আছিল মাতৃৰ স্থান । পত্নীয়ে ঘৰুৱা কাম – কাজ কৰাৰ উপৰি স্বামীৰ কর্তব্য পালনত সহায় কৰিছিল । বিবাহ আছিল পৱিত্ৰ অনুষ্ঠান ; স্বামী – স্ত্রীৰ সম্বন্ধ জীৱনযোৰা আছিল । ল’ৰাৰ দৰে ছোৱালীৰো নিজৰ জীৱন সংগী বাছি লোৱাৰ অধিকাৰ আছিল । বৈদিক যুগত স্ত্রীসকলক নিম্ন পর্যায়ৰ ব্যক্তি বুলি গণ্য কৰা হৈছিল বুলি ধাৰণা কৰা হয় যদিও , স্ত্রীক সন্মান কৰাটো সুস্থ সমাজৰ লক্ষণ বুলি বিভিন্ন গ্ৰন্থত উল্লেখ আছে । নাৰীয়ে ধর্মীয় আৰু ৰাজনৈতিক কাম – কাজত অংশ গ্ৰহণ কৰিব পাৰিছিল । যজ্ঞ কৰাৰ সময়ত স্ত্রীয়ে নিজৰ স্বামীৰ কাষত স্থান পাইছিল । শিক্ষাৰ ক্ষেত্ৰত নাৰী- পুৰুষৰ মাজত কোনো পার্থক্য নাছিল । বিশ্বৱৰা , অপলা আৰু ঘোষা নামৰ তিনিগৰাকী নাৰীয়ে মন্ত্র ৰচনা কৰি ঋষিৰ মর্যাদা লাভ কৰাটোৱে তাৰ প্রমাণ । 

প্রশ্ন আর্যসকল মানুহ আছিল ? এই সম্পর্কে পণ্ডিতসকলৰ তিনিটা মত উল্লেখ কৰা  

উত্তৰঃ আৰ্যসকল ক’ৰ মানুহ আছিল , এই সম্পর্কে পণ্ডিতসকলৰ বেলেগ বেলেগ মত পোৱা যায় । তাৰ ভিতৰত তিনিটা মত উল্লেখ কৰা হ’ল— 

(১) ভালেমান পণ্ডিতে অনুমান কৰে যে প্রায় পাঁচ হাজাৰ বছৰ পূর্বে আসকলে পশ্চিম এছিয়াৰ কেতবােৰ অঞ্চলত বসবাস কৰিছিল । তাৰ পৰা এটা ঠাল ভাৰতত সােমাইছিলহি ।

(২) কিছুমান পণ্ডিতৰ মতে আৰ্যসকল মধ্য এছিয়া , দক্ষিণ ৰাছিয়া আৰু সুমেৰু অঞ্চলৰ পৰা আহিছিল । তেওঁলােকে স্থানীয় লােকৰ সৈতে যুদ্ধ – বিগ্রহত লিপ্ত হৈছিল আৰু সপ্ত সিন্ধু অঞ্চলত বাস কৰিবলৈ লৈছিল। 

(৩) অন কিছুমান পণ্ডিতৰ মতে আৰ্যসকল বহিৰাগত নাছিল । তেওঁলােকে আৰ্যসকলক ভাৰতৰ স্থানীয় জনগোষ্ঠী বুলি অনুমান কৰে । এইসকল পণ্ডিতৰ মতে বৈদিক সভ্যতাৰ বহু আগতেই সৰস্বতীনদীৰ পাৰত এটা উন্নত সভ্যতা গঢ়ি উঠিছিল আৰু এই সভ্যতা আৰ্যসকলৰ অৱদান ।

প্রশ্ন খালী ঠাই পূৰণ কৰা

(ক) ‘ঋ’ শব্দৰ অৰ্থ ……………. আৰু ‘ বেদ ‘ ৰ অৰ্থ হ’ল…………….। 

উত্তৰঃ স্তুতি , ভয়ান ।

(খ) বেদ ৰচনাৰ পৰৱৰ্তী কালক ……………..বোলে । 

উত্তৰঃ বৈদিকোত্তৰ যুগ।

(গ) বেদৰ মন্ত্ৰসমূহ মুখে মুখে চলি আহিছিল বাবে বেদক…………….বোলা হয় ।

উত্তৰঃ শ্রুতি।

(ঘ) কেইবাটাও মন্ত্রৰ সমষ্টিক ……………..বোলা হৈছিল। 

উত্তৰঃ সূক্ত।

(চ) ……………….. বেদত সৰস্বতীক মাতৃ স্বৰূপিনী বোলা হৈছিল । 

উত্তৰঃ সাম।

Leave a Reply

Your email address will not be published. Required fields are marked *