অনুশীলনী
১। ইতিহাস আৰু বুৰঞ্জী শব্দব অর্থ কি ?
Ans. ইতিহাস’ শব্দটো সংস্কৃত ‘ইতিহ’ শব্দৰ ৰূপান্তৰ। ইতিহ’ব অর্থ হ’ল আগৰেপৰা চলি অহা। এতেকে ইতিহাস বুলিলে অতীজৰেপৰা চলি অহা কথাবোৰকে বুজায় আৰু পুৰণি কথাৰ বৰ্ণনা থকা পুথিখনেই হ’ল ‘বুৰঞ্জী’
২। ইতিহাস পঢ়িলে কি কি লাভ হয় ?
উওৰঃ- ইতিহাস পঢ়িলে সেই সময়ৰ মানুহবিলাকে কি কৰিছিল, কি পিন্ধিছিল, কি খাইছিল, সমাজখন বা ঘৰখনত কেনে নীতি-নিয়ম চলিছিল, পুৰুষ আৰু মহিলাৰ সামাজিক স্থিতি কি আছিল, মানুহবোৰৰ সমস্যা কি আছিল, সমস্যা সমাধানৰ বাবে কি উপায় উলিয়াইছিল, শাসন ব্যৱস্থা কেনে আছিল, যুদ্ধ-বিগ্ৰহ হৈছিলনে বা দৈনন্দিন জীবনত কোনবোৰ
সা- সঁজুলি ব্যৱহাৰ কৰা হৈছিল, নতুন নতুন জ্ঞান লাভ কৰিবলৈ তেওঁলোকে কেনেধৰণৰ অনুশীলন চলাইছিল, ধৰ্মীয় বিশ্বাস আৰু অন্ধবিশ্বাসৰ প্ৰভাৱ কি আছিল — ইত্যাদি প্ৰশ্নৰ উত্তৰ পোৱা যায় ।
৩। ইতিহাসৰ সমল বুলিলে কি বুজা ? কেইবিধমান সমলৰ নাম লিখা।
উওৰঃ- ইতিহাসবিদসকলে পুৰণি সভ্যতাৰ বিষয়ে যিবোৰ তথ্য আৰু প্ৰমাণ লাভ কৰে সেইবোৰ ভালদৰে চালি-জাৰি চাই খৰচি মাৰি তথ্য-প্রমাণবোৰ অধ্যয়ন কৰে। এই তথ্য-প্রমাণবোৰকে বুৰঞ্জী সমল বোলে।
ইতিহাসবিদ্ৰ বাবে গুৰুত্বপূৰ্ণ সমলবোৰ হ’ল— (১) ধ্বংস হৈ যোৱা প্ৰাচীন নগৰৰ অৱশে (Ruins)। (২) প্রাক্-ঐতিহাসিক যুগত মানুহে ব্যৱহাৰ কৰা পাত্ৰ আৰু চিকাৰৰ আহিলাবোৰ। (৩) প্রাচীন গুহাত আৱিষ্কাৰ হোৱা ছবি আৰু চিহ্নবোৰ। (৪) লিখিত সাহিত্য। (৫) খননকার্যত উদ্ধাৰ হো প্রাচীন মুদ্রা, ধাতু বা মাটিৰ পাত্ৰ, শস্যৰ ভঁৰাল আদি। (৬) শিলালিপি (Stone inscription) আ তাম্রলিপি (Copper plate inscription)। (ৰজা-মহাৰজাসকলে বহুতো কথা শিলৰ পাতত আ তামৰ ফলিত লিখি ৰাখিছিল। এনে শিলালিপি আৰু তাম্রলিপিবপৰাও ভালেমান ঐতিহাসিক কথা যায়।) (৭) অতীতত মানুহে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ।
৪। সাধুকথাবোৰ ইতিহাস হয়নে? কাৰণ দৰ্শোৱা।
উওৰঃ- সাধুকথাবোৰ ইতিহাস নহয় কাৰণ সাধুকথাবোৰ কাল্পনিক হয় আনহাতে ইতিহাসবোৰ কাল্পনিক নহয় ।
৫। অতীতৰ কথাবোৰ জানিব খুজিলে আমাৰ মনত কোনবোৰ প্রশ্ন সততে উদয় হয় ?
উওৰঃ- অতীতৰ কথাবোৰ জানিব খুজিলে আমাৰ মনত উদয় হোৱা প্রশ্নবোৰ হৈছে সেই সময়ৰ মানুহবিলাকে কি কৰিছিল, কি পিন্ধিছিল, কি খাইছিল, সমাজখন বা ঘৰখনত কেনে নীতি-নিয়ম চলিছিল, পুৰুষ আৰু মহিলাৰ সামাজিক স্থিতি কি আছিল, মানুহবোৰৰ সমস্যা কি আছিল, সমস্যা সমাধানৰ বাবে কি উপায় উলিয়াইছিল, শাসন ব্যৱস্থা কেনে আছিল, যুদ্ধ-বিগ্ৰহ হৈছিলনে বা দৈনন্দিন জীবনত কোনবোৰ সা- সঁজুলি ব্যৱহাৰ কৰা হৈছিল, নতুন নতুন জ্ঞান লাভ কৰিবলৈ তেওঁলোকে কেনেধৰণৰ অনুশীলন চলাইছিল, ধৰ্মীয় বিশ্বাস আৰু অন্ধবিশ্বাসৰ প্ৰভাৱ কি আছিল —ইত্যাদি ।
৬। শিলালিপি আৰু তাম্রলিপি কাক বোলে ? এইবোৰ আমাৰ কি কামত আহে?
উওৰঃ- ৰজা-মহাৰজাসকলে বহুতো কথা শিলৰ পাতত আ তামৰ ফলিত লিখি ৰাখিছিল আৰু এইবোৰকে শিলালিপি আৰু তাম্রলিপি কাক বোলে । এনে শিলালিপি আৰু তাম্রলিপিবোৰৰ পৰা ঐতিহাসিক কথাবোৰ জনাৰ কামত আহে ।
৭। ভুল নে শুদ্ধ লিখা।
ক) ৰঞ্জ শব্দৰ অৰ্থ হৈছে ৰং ।
উওৰঃ- ভুল
খ) ইতিহাস আৰু বুৰঞ্জী শব্দ দুটা একে অৰ্থত ব্যবহাৰ কৰা হয় ।
উওৰঃ- শুদ্ধ
গ) তামৰ ফলিত লিখা কথাখিনিক তাম্রলিপি বোলা হয়।
উওৰঃ- শুদ্ধ
ঘ) মানুহে লিখাৰ কৌশল আয়ত্ত কৰিছিল প্রায় দুইহাজাৰ বছৰ আগতে।
উওৰঃ- ভুল