অনুশীলনী
Chapter 2 of the Class 10 Assamese SEBA board syllabus, titled “জিকিৰ” (Jikir), holds significant importance for students preparing for their board exams. This chapter, intricately designed to enhance the linguistic and cultural understanding of students, delves into various aspects of Assamese literature and history. In this article, we will explore the key themes, summary, and critical analysis of Chapter 2 to help students grasp its essence effectively.
Chapter 2, “জিকিৰ” (Jikir), provides a deep dive into Assamese culture, traditions, and literary heritage. It focuses on the spiritual songs known as Jikir, which were introduced by Ajan Fakir, a Sufi saint, and are a significant part of Assamese folklore and cultural identity. The chapter examines the origin, themes, and significance of Jikir in Assamese society. The chapter begins with an introduction to Ajan Fakir and his contributions to Assamese culture through Jikir. It then transitions into an exploration of the themes commonly found in Jikir, such as devotion, moral values, and social harmony. The chapter includes several Jikir songs, providing students with examples of this unique literary form.
১। চমু উত্তৰ দিয়া :
( ক ) জিকিৰৰ ৰচক কোন ?
উত্তৰ: জিকিৰৰ ৰচক হ’ল-আজান ফকিৰ ।
( খ ) জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰ: জিকিৰবােৰক হিন্দুৰ ভক্তিমূলক প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি ।
( গ ) “ জিকিৰ ’ শব্দটো কি শব্দৰ পৰা ওলাইছে ?
উত্তৰ : ‘জিকিৰ ’ শব্দটো আৰবী ‘ জিক ’ শব্দৰ পৰা ওলাইছে ।
২। তলৰ শব্দবােৰৰ অৰ্থ লিখা :
ৰছুল , মােমিন , ৰহম , কুটুব , বান্দা ।
উত্তৰ : ৰছুল — দেৱদূত , ঈশ্বৰ প্ৰেৰিত পুৰুষ , আল্লাৰ দূত ।
মােমিন ― বিশ্বাসী মুছলমান ।
ৰহম ― দয়া ।
কুটুব ― ধ্রু , নক্ষত্র ।
বান্দা ― ভৃত্য ।
৩। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি ।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি ৷৷
― উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা ।
উত্তৰঃ উদ্ধৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত ‘ ‘জিকিৰ’ নামৰ কবিতাটোৰপৰা দাঙি ধৰা হৈছে ।
উক্ত কাব্যাংশৰ অন্তর্নিহিত ভাব হ’ল মনত বেয়া ভাব লৈ হেজাৰ বাৰ মক্কা । দর্শন কৰিলেও আল্লাৰ আশীর্বাদ লাভ কৰিব নােৱাৰি । মানুহৰ অন্তৰত দয়া , প্রেম । নাথাকিলে বা আমি যদি সকলাে জীৱকে সমদৃষ্টিৰে চাব নাজানাে আমি কেতিয়াও । আল্লাৰ প্রিয়পাত্র হ’ব নােৱাৰোঁ ।
এই দুনিয়াত মানুহে কিন্তু পাপ – পুণ্যৰ সঠিক । বিচাৰ কৰিব নাজানে । বহুতে ভাবে মক্কা দর্শন কৰিলে পুণ্য অর্জন কৰি বেহেস্তত জীৱই স্থান পায় । কিন্তু সেয়া এক ভ্রান্ত ধাৰণা । যিদৰে শাল মাছ এবিধ উত্তম মাছ আৰু শাল হ’ল অভক্ষ বা অখাদ্য ঠিক একেদৰে গােটেই জীৱনটো পাপ কামত লিপ্ত থাকি শেষ সময়ত মক্কা দর্শন কৰি পুণ্য অর্জন কৰা ধাৰণাও অৱস্তৱ ।
৪। ব্যাখ্যা কৰা:
( ক ) পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত ।
খােদা ৰছুল লুকাই আছে , মােমিনৰ আঁৰত ৷৷
উত্তৰ: উদ্ধৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত ‘ জিকিৰ নামৰ কবিতাৰ অন্তর্গত ।
উক্ত কাব্যাংশই সংসাৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞতাৰ বাবেই আল্লাক বিচাৰি হাবাথুৰি খাই মৰে অথচ মানৱৰ হৃদয়তে যে আল্লা বিৰাজমান তাকে বুজাইছে ।
পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে , অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে । সেইদৰে জুইৰ যে উত্তাপ শক্তি আছে সেই কথা জুয়ে নাজানে । ঠিক একেদৰে আপােন হৃদয়তে অৱস্থিত ভগৱানক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায় । অর্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যােৱাৰ প্ৰয়ােজন নাই ।
( খ ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট ।
বেহাব নােৱাৰে তাত মায়াই ভেটে বাট ৷
উত্তৰ: উদ্ধৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত ‘ জিকিৰ নামৰ কাব্যাংশৰ অন্তর্গত।
কাব্যাংশত উল্লিখিত ‘ তিৰবেণী ঘাট ‘ কথাষাৰে মক্কা যে এখন পৱিত্র তীর্থভূমি । তাকেই বুজাইছে । কিন্তু যাৰ অন্তৰত ধর্মভাব থাকে বা যিজনে আল্লাৰ দর্শন । পাব বিচাৰে তেওঁহে মক্কালৈ যাব বিচাৰে ।আল্লা বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহে সংসাৰৰ মায়া – মােহ ত্যাগ কৰিব পাৰিব লাগিব । কিন্তু সংসাৰৰ মায়া – মমাহে আমাক এনেদৰে আচ্ছন্ন কৰি ৰাখে যে ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহে পাৰ্থিৱ সুখ – ভােগতহে বেছিকৈ গুৰুত্ব দিয়ে । মানৱ জীৱন যে ক্ষণস্থায়ী । বা সংসাৰ যে দুদিনীয়া সেই কথা মানুহে কেৱল মায়াৰ বান্ধোনত বান্ধ খাই থাকে বাবেই উপলব্ধি নকৰে । কিন্তু প্রকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিহে লাভ কৰিব পাৰি ।
গ ) সঁজাৰ মইনাটিৰ অনেক যুগুতি ।
দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি ।
উত্তৰ: উদ্ধৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত ‘ ‘জিকিৰ’ নামৰ কবিতাৰ অন্তর্গত ।
সংসাৰ মায়াৰে আৱৰা । সংসাৰৰ মায়াই আমাক এনেদৰে আৱৰি ৰাখে যে আল্লাৰ চিন্তাতকৈ পাৰ্থিৱ সুখ – ভােগতহে জীৱ ব্যস্ত হৈ পৰে । মানৱ জীৱনৰ ক্ষণস্থায়ীতাৰ কথা সেয়ে জীৱই পাহৰি যায় । কিন্ত মৃত্যুৰ লগে লগে পাৰ্থিৱ সুখৰ নমুনা স্বৰূপ সকলাে বস্তুৱেই হৈ পৰে মূল্যহীন ।
মৃত্যুৰ লগে লগে আত্মাই । শৰীৰ ত্যাগ কৰি সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ আল্লাৰ ওচৰলৈ গুচি যায় । আত্মা দেহত থকালৈকেহে আমি জীৱন্ত । আত্মাহীন শৰীৰ মূল্যহীন । সেয়ে ক্ষন্তেকীয়া মানৱ জীৱনত অহংকাৰ ত্যাগ কৰি আল্লাৰ নাম স্মৰণ কৰি আত্মাৰ মুক্তি কামনা কৰাই জীৱৰ প্রধান কর্তব্য ।
ভাব বিষয়ক
সমার্থক শব্দ লিখা:
চিন্তো , ঘাট , পীৰিত , আচমান , দৰিয়াস পিয়াহ , বাট , ভেল ।
উত্তৰ : চিন্তো ― ভাৱাে ।
ঘাট ― নদীৰ পাৰ
পীৰিত ― প্রীতি
আচমান ― আকাশ , গগণ ।
দৰিয়া ― সাগৰ , নদী
পিয়াহ ― তৃষ্ণা ।
বাট ― ৰাস্তা ।
ভেল ― মৃতদেহ ।