Class 10 Social Science।Chapter 3 Question Answers। অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ ।SEBA BOARD 2024- 2025

অনুশীলনী

Class 10 Social Science under the SEBA (Board of Secondary Education, Assam) curriculum requires a thorough understanding of the syllabus and effective study strategies. This guide provides an overview of key concepts and resources, utilizing essential keywords to help SEBA students excel.

ocial Science Class 10 Notes

Creating and referring to Social Science Class 10 notes is crucial for effective study. Well-organized notes help in understanding and retaining important concepts, making revision easier before exams.

Class 10 Social Science Textbook

Here are some effective keywords for search results related to SEBA Social Science

The Class 10 Social Science textbook is your primary resource for learning. Ensure you read and understand each chapter thoroughly, as textbooks provide detailed explanations and examples.

Social Science Class 10 Chapter Summaries

Social Science Class 10 chapter summaries are useful for quick revisions. Summaries condense the content into key points, helping you recall important information efficiently.

Class 10 Social Science Important Questions

Reviewing Class 10 Social Science important questions helps identify key areas frequently tested in exams. Practice these questions regularly to strengthen your understanding and improve your performance.

Class 10 Social Science Study Material

Utilize various Class 10 Social Science study materials, such as reference books, online resources, and educational videos. Diverse study materials provide different perspectives and explanations, aiding in better comprehension.

অতি চমু উত্তৰৰ প্ৰশ্ন

অতি চমু উত্তৰৰ প্ৰশ্ন

প্রশ্ন ১। ব্ৰিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল ?
উত্তৰ : ব্ৰিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিত টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটল সংগ্ৰহৰ নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।
প্রশ্ন ২। কোন চনত মফট মিলছ অসমলৈ আহিছিল ?
উত্তৰ : ১৮৫৩ চনত।
প্রশ্ন ৩। কেঞাসকল কোন আছিল ?
উত্তৰ : মাৰোৱাৰী সুদখোৰ মহাজন শ্ৰেণী আছিল।
প্রশ্ন ৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ : মণিৰাম দেৱানে ।
প্রশ্ন ৫। ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল?
উত্তৰ : কন্দর্পেশ্বৰ সিংহক ।
প্রশ্ন ৬। মনিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল ?
উত্তৰ : মধুমল্লিকে।
প্রশ্ন ৭। মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল ?
উত্তৰ : পিয়লি বৰুৱা ।
প্রশ্ন ৮। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ?
উত্তৰ : কেপ্তেইন হলৰইডে।
প্রশ্ন ৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা ।
উত্তৰ : (ক) অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল।
(খ) বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল।
প্রশ্ন ১০। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ?
উত্তৰ : ১৯৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল।
প্রশ্ন ১১। ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা ।
উত্তৰ : (ক) কৃষকৰ উন্নতিৰ অৰ্থে চৰকাৰে কোনো ফলপ্রসূ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।
(খ) প্রাকৃতিক দুর্যোগ, মহামাৰী আনকি দুৰ্ভিক্ষৰ সময়তো কৃষক ৰাইজক ব্ৰিটিছে কৰ- কাটলৰ পৰা ৰেহাই দিয়া নাছিল ৷
প্রশ্ন ১২। লেফটেনেণ্ট ছিংগাৰ কোন আছিল ?
উত্তৰ : নগাঁৱৰ সহকাৰী উপায়ুক্ত ৷
প্রশ্ন ১৩। ফুলগুৰিৰ ধেৱা কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ : ১৮৬১ চনত।
প্রশ্ন ১৪। ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ : ১৮৯৪ চনৰ ২৪ ডিচেম্বৰত।
প্রশ্ন ১৫। লচিমা ক’ত অৱস্থিত ?
উত্তৰ : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী মৌজাৰ সৰ্থেবাৰী অঞ্চলত অৱস্থিত।
প্রশ্ন ১৬। লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ : ১৮৬১ চনত।
প্রশ্ন ১৭। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ : ১৮৯৪ চনৰ জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ।
প্রশ্ন ১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ : ওকিয়াং নংবাহে।
প্রশ্ন ১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ : সম্বোধন কছাৰীয়ে।
প্রশ্ন ২০। টিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ?
উত্তৰ : ব্ৰিটিছে।
প্রশ্ন ২১। জে. ডব্লিউ কুণ্টেনক কোন চনত হত্যা কৰিছিল ?
উত্তৰ : ১৮৯০ চনত।

দীঘল উত্তৰৰ প্ৰশ্ন

প্রশ্ন ১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰ : ১৮৫৭-৫৮ চনৰ বিদ্ৰোহক স্বাধীনতাৰ বাবে হোৱা ৰাজনৈতিক বিদ্ৰোহৰ চতুৰ্থ পৰ্ব বুলি ক’ব পাৰি। এইবাৰৰ ৰাজনৈতিক বিদ্ৰোহ হৈছিল মহাভাৰতীয় বিদ্ৰোহৰ অংশৰূপে। এই বিদ্ৰোহ কেইবাটাও কাৰণত সংঘটিত হৈছিল—
  • (ক) প্ৰথমতে, ইংৰাজে প্ৰৱৰ্তন কৰা ভূমি ৰাজস্ব আৰু টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটল সংগ্ৰহৰ বাবে সূচনা কৰা মুদ্ৰা অৰ্থনীতি। নতুন ভূমি নীতি আৰু মুদ্রা অর্থনীতিয়ে প্রজা সাধাৰণৰ মনত তীব্র ক্ষোভ আৰু অসন্তুষ্টিৰ জন্ম দিছিল।
  • (খ) দ্বিতীয়তে, সাধাৰণ শ্ৰেণীৰ মানুহৰ দৰে অভিজাত সকলৰো অৱস্থা ভাল নাছিল।
  • (গ) তৃতীয়তে, ১৮৪৩ চনত অসমৰপৰা দাস প্রথাৰ নিষিদ্ধকৰণ কাৰ্যই এক শ্ৰেণীৰ লোকৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল।
  • (ঘ) চতুৰ্থতে, ব্ৰাহ্মণ-পুৰোহিত সত্ৰাধিকাৰসকলে পূৰ্বৰ পৰা ভোগ-দখল কৰি অহা লখেৰাজ বা নিষ্কৰ ভূমি সম্পত্তিৰ ওপৰত অনুসন্ধান চলাই অতিৰিক্তখিনি কাঢ়ি লৈ বাকীখিনিৰ ওপৰত খাজনা বহুওৱাৰ বাবে তেওঁলোক কোম্পানীৰ চৰকাৰৰ বিৰুদ্ধে বিক্ষুব্ধ হৈ পৰিছিল।
গতিকে দেখা যায় যে ১৮৫৭ চনৰ বিদ্ৰোহৰ আগৰ প্ৰায় ডেৰকুৰি বছৰ ধৰি ৰাজত্ব কৰা কোম্পানীৰ শাসনে অসমৰ জনসাধাৰণক কোনোটো দিশতেই সন্তুষ্ট কৰিব পৰা নাছিল।
প্রশ্ন ২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলোচনা কৰা।
উত্তৰ : অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা উল্লেখনীয়— ১৮৫৩ চনত মিলছ চাহাব অসম ভ্ৰমণ কৰিবলৈ আহিছিল। সেই সময়তে মণিৰাম দেৱানে অসমৰ মানুহৰ সামাজিক আৰু অৰ্থনৈতিক দুৰ্গতিৰ কথা মিলছ চাহাবৰ আগত কৈছিল। মণিৰাম দেৱান আৰু চাৰিং ৰজা কন্দপেশ্বৰ সিংহই এই বিদ্ৰোহত আগভাগ লৈছিল। মণিৰামে যিকোনো পৰিস্থিতিতে চাৰিং ৰজা কন্দপেশ্বৰ সিংহক উজনি অসমৰ সিংহাসন দিয়াৰ মিৰাটত সংঘটিত বিদ্ৰোহৰ সংবাদে মণিৰামক অন্যায়-অত্যাচাৰৰ প্ৰতিবাদ কৰিবলৈ আন বাবে উঠি পৰি লাগিছিল। কিন্তু তেওঁৰ এই উদ্দেশ্য সফল নহ’ল। ঠিক সেইসময়তে এটা বিকল্প পথৰ সন্ধান দিয়ে। আকৌ সেই সময়তে মিৰাট, দিল্লী, লক্ষ্ণৌ, কাণপুৰ আদিত সংঘটিত হোৱা চিপাহীসকলৰ বিদ্ৰোহৰ সৈতে সাধাৰণ লোকৰ অংশ গ্ৰহণৰ খবৰে মণিৰামক যথেষ্ট উৎসাহিত কৰিছিল। তেওঁ কলিকতাৰ পৰা কন্দপেশ্বৰ সিংহ, আহোম ডা-ডাঙৰীয়া আৰু কমলাবাৰীৰ সত্ৰাধিকাৰকে ধৰি কোনো কোনোলৈকে পত্ৰৰ যোগেদি বিদ্ৰোহৰ বাবে সাজু হ’বলৈ পৰামৰ্শ দিছিল। আনহাতে অসমত থকা হিন্দুস্তানী চিপাহী সকলেও বিভিন্ন মাধ্যমেৰে তেওঁলোকৰ নিজ নিজ অঞ্চলত সংঘটিত হোৱা বিদ্ৰোহৰ খা-খবৰ সময় মতে পাই আছিল। ইতিমধ্যে পিয়লি বৰুৱা আৰু নিৰ্মল হাজাৰীয়ে কন্দপেশ্বৰ সিংহৰ পৰামৰ্শ মতে গোলাঘাটত থকা চিপাহীসকলৰ সৈতে আলোচনা কৰি বিদ্ৰোহৰ বাবে আঁচনি আৰু কাৰ্যসূচী তৈয়াৰ কৰি থৈছিল। এই আলোচনা মতে আগন্তুক দুৰ্গা পূজাৰ সময়তে আৰু মণিৰাম দেৱান কলিকতাৰপৰা ঘূৰি আহি পোৱাৰ লগে লগে বিদ্ৰোহ আৰম্ভ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। বিদ্রোহী নেতাসকলৰ এই সিদ্ধান্তই চৰকাৰী পক্ষক যথেষ্ট উদ্বিগ্ন কৰি তুলিছিল। কিন্তু বিদ্ৰোহৰ নেতা আৰু তেওঁলোকৰ সহযোগী চিপাহীসকলে আঁচনি মতে কাম কৰাত যথেষ্ট পলম হৈছিল। আনহাতে বিদ্রোহ সংঘটিত কৰাৰ বাবে ইচ্ছুক চিপাহীসকলৰ মাজত মত বিৰোধে দেখা দিছিল। এই বাবেই তেওঁলোকৰ আৰু লগতে বিদ্ৰোহী নেতাসকলৰ উদ্দেশ্য সফল হোৱা নাছিল। চিপাহীসকলৰ মাজত বিদ্ৰোহৰ প্ৰস্তুতিৰ সম্ভেদ পাই শিৱসাগৰৰ প্রিঞ্চিপাল এছিছটেণ্ট কেপ্তেইন হলৰয়দে কেপ্তেইন লাউথাৰৰ সৈতে লগলাগি ১৮৫৭ চনৰ ছেপ্টেম্বৰ মাহত যোৰহাটত চাৰিং ৰজা কন্দপেশ্বৰ সিংহ আৰু মধু মল্লিকক গ্ৰেপ্তাৰ কৰিছিল। বন্দী কন্দপেশ্বৰ সিংহক কলিকতালৈ প্ৰেৰণ কৰাৰ পিছত গৱৰ্ণৰ জেনেৰেলৰ আদেশ মতে তেওঁক আলিপুৰ জেইলত বন্দী কৰি ৰাখিছিল।
প্রশ্ন ৩। কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা।
উত্তৰ : ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হোৱাৰ কাৰণসমূহ হ’ল-
  • (ক) প্ৰথমতে, অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল।
  • (খ) দ্বিতীয়তে, বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল।
  • (গ) তৃতীয়তে, বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্রোহী স্থলীৰপৰা বহুত দূৰত আছিল।
  • (ঘ) চতুৰ্থতে, সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহকে বিদ্ৰোহত জড়িত কৰিবলৈ মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে কোনো প্রচেষ্টা হাতত লোৱা নাছিল।
  • (ঙ) পঞ্চমতে, অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল।
  • (চ) ষষ্ঠতে, অসমৰ বিদ্রোহীসকলে প্রয়োজন অনুসৰি অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল।
  • (ছ) শেষত, ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই মূল চালিকাশক্তি হিচাপে বিদ্ৰোহত অংশ লোৱা নাছিল।
প্রশ্ন ৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।
উত্তৰ : অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সমূহ হৈছে—
  • (ক) ১৮৫৭ চনৰ বিদ্ৰোহ যদিও এই বিদ্ৰোহৰ দ্বাৰাই ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল।
  • (খ) ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰেই প্ৰতিক্ৰিয়া।
  • (গ) অসমতো হিন্দু আৰু মুছলমান এই দুটা প্রধান সম্প্রদায়ে একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।
  • (ঘ) ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্রামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।
প্রশ্ন ৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা।
উত্তৰ : ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্রথম বিদ্রোহটোৱেই হৈছে ফুলগুৰি ধাৱা। নগাঁৱৰ পৰা কিছু নিলগত থকা ফুলগুৰি আছিল তিৱা জনবসতিপূর্ণ এখন গাঁও, য’ত জনসাধাৰণে আফু খেতি কৰি তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰিছিল। ১৮৬১ চনত ব্ৰিটিছ চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে প্ৰায় ১৫০০ কৃষকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা আহি ফুলগুৰিত ৰাইজমেল অনুষ্ঠিত কৰে। মেলত কৃষক সকলে আফুখেতি বন্ধ কৰা নিৰ্দেশ বাতিল কৰিবলৈ আৰু পাণ-তামোলৰ ওপৰত যাতে কোনো কৰ নলগায় সেই কথা উপায়ুক্তক জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১৮ অক্টোবৰ তাৰিখে মেলত প্ৰায় ৪০০০ ৰাইজ সমৱেত হৈছিল। উপায়ুক্ত হার্বার্ট স্কন্সে সহকাৰী উপায়ুক্ত লেফটেনেণ্ট ছিংগাৰক সভাস্থলীলৈ পঠিয়ালে। ছিংগাৰে ৰাইজয়েলৰ থলীত উপস্থিত হৈ মেল ভাঙিবলৈ আদেশ দি বিদ্ৰোহীসকলৰ সৈতে তর্ক যুদ্ধত লিপ্ত হয়। কৃষকসকলে তেনে নকৰাত তেওঁ পুলিচক লাঠিসমূহ কাঢ়ি লবলৈ আদেশ দি নিজেও সেইটো কৰিবলৈ ধৰে। ফলত দুয়ো পক্ষৰ মাজত টনা-আঁজোৰা লাগে আৰু সেই অৱস্থা চলি থাকোঁতেই বাহু ডোম নামৰ কৃষক এজনে ছিংগাৰৰ মূৰত পূৰ্ণহতীয়া কোব শোধাই তেওঁক মাটিত বগৰাই দিয়ে। লগে লগে অন্যান্য কৃষকেও তেওঁক আক্ৰমণ কৰি কোবাই কোবাই তেওঁৰ আধা-মৰা আধা জীৱা দেহটো ওচৰৰে কলং নদীৰ পানীত পেলাই দিয়ে। ছিংগাৰৰ এই অৱস্থা দেখি পুলিচে ঘটনাস্থলীৰপৰা পলাই পত্ৰং দিয়ে। এই ঘটনাৰ প্ৰায় ৬ দিন পিছত সেই মাহৰে ২৪ তাৰিখে জাগী থানাৰ দাৰোগাই জাগীৰ কলং নদীৰপৰা ছিংগাৰৰ মৃতদেহটো উদ্ধাৰ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰে। বিদ্ৰোহৰ বাতৰি পাই জিলাধিপতিয়ে জিলা সদৰৰপৰা এটি পুলিচ বাহিনী ফুলগুৰিলৈ প্ৰেৰণ কৰিছিল যদিও বিদ্রোহীসকলৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি তাৰপৰা পলাই গৈছিল। পাতত ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হয়। এই ঘটনাৰ পিছত বহুতো কৃষকক কৰ্তৃপক্ষই ছিংগাৰক হত্যা কৰা অপৰাধত গ্ৰেপ্তাৰ কৰে।
প্রশ্ন ৬। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্রোহ সম্পর্কে আলোচনা কৰা।
উত্তৰ : অসমৰ চীফ কমিছনাৰ ৱাৰ্ডে ১৮৯১ চনত ১০০ শতাংশ খাজনা বৃদ্ধি কৰি কঠোৰ হাতেৰে খাজনা সংগ্ৰহৰ ব্যৱস্থা কৰাত অসমৰ কৃষকসকল উত্তেজিত হৈ পৰিছিল। কামৰূপ জিলাৰ ৰঙিয়া, লছিমা আৰু নলবাৰীৰ কৃষকসকলে চৰকাৰক খাজনা পৰিশোধ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ১৮৯৩ চনৰ ডিচেম্বৰ মাহত ৰঙিয়া আৰু তাৰ ওচৰ-পাজৰৰ কেবা শ কৃষকে ৰঙিয়া আৰু তামোলপুৰৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক কেবাবাৰো লঘু-লাঞ্চনা কৰাৰ উপৰিও ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ বিধস্ত কৰি লণ্ড ভণ্ড কৰাৰ লগতে মাৰোৱাৰী সুদখোৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি-পত্র লুট কৰিছিল। ১৮৯৪ চনৰ ১০ জানুৱাৰীৰ দিনা উত্তৰ কামৰূপৰ হাজাৰ হাজাৰ কৃষকৰ উপস্থিতিত ৰঙিয়াত এক বিশাল ৰাইজমেল অনুষ্ঠিত কৰা হৈছিল। কন গোসাঁই বোলা মুখীয়াল লোক এজনে এই ৰাইজমেলত সভাপতিত্ব কৰিছিল বুলি জনা যায়। ৰাইজ মেলত বাধা প্ৰদান কৰিবলৈ কামৰূপ জিলাৰ জিলাধিপতি আৰ. বি. মেকাবে আৰু ৰেইলী নামৰ পুলিচ বিষয়া এজনে ১০ জানুৱাৰীৰ পূৰ্বৰেপৰাই অৱস্থান কৰি আছিল। ফলশ্ৰুতিত ৰাইজমেলত উপস্থিত হোৱা কৃষক আৰু চৰকাৰ— এই দুয়ো পক্ষৰ মাজত সংঘৰ্ষ অনিবাৰ্য হৈ পৰিছিল। চৰকাৰী ভাষ্যমতে এই সংঘৰ্ষত কোনো লোক হতাহত হোৱা নাছিল। কিন্তু সেই অঞ্চলত প্ৰচলিত জনশ্রুতি মতে তাত কেবাজনো কৃষকৰ মৃত্যু হৈছিল। চৰকাৰে পুলিচৰ সহায়ত ৰঙিয়া অঞ্চলৰ বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰি খাজনা সংগ্ৰহ কৰিছিল।
প্রশ্ন ৭। ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা।
উত্তৰ : ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে দৰং জিলাৰ অন্তৰ্গত মঙলদৈ মহকুমাৰ পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ বিষয়ে তলত আলোচনা কৰা হ’ল— এই বিদ্রোহ সংঘটিত হৈছিল ১৮৯৪ চনৰ জানুৱাৰী মাহৰ ২৮ তাৰিখে। বৰ্ধিত হাৰত ভূমিৰ খাজনা নিৰ্ধাৰণৰ বাবেই মংগলদৈ মহকুমাৰ কলাইগাঁও, মংগলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইজমেলত মিলিত হৈ বিদ্ৰোহৰ পাতনি মেলিছিল। মংগলদৈৰ মহকুমাধিপতি ৰেনছমে কৃষকসকলৰ গতিবিধি লক্ষ্য কৰি তেজপুৰৰ জিলা সদৰলৈ সময়ে সময়ে খা-খবৰ পঠিয়াই আছিল। কৃষকসকলে নিজ নিজ এলেকাত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰপৰা ২৮ তাৰিখলৈ তিনি দিনীয়াকৈ এখন বৃহৎ ৰাইজমেল পতাৰ সিদ্ধান্ত লৈ তাত গোট খাবলৈ লৈছিল। অঞ্চলটোৰ তহচিলদাৰসকলৰপৰা পথৰুঘাটৰ এই প্ৰস্তাৱিত ৰাইজমেলৰ প্ৰস্তুতিৰ সম্ভেদ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে. দি. এন্দাবছনাক সেই সম্পর্কে ইতিমধ্যে অৱগত কৰি থৈছিল। গতিকে তেওঁ বিদ্রোহ দমনার্থে পুলিচ আৰু সামৰিক বাহিনীৰ মুঠতে ৩২ জন লোকক লৈ পুলিচ অধীক্ষক জে. আৰ. বেৰিংটনৰ সৈতে ২৬ তাৰিখেই পথৰুঘাটলৈ যাত্ৰা কৰিছিল আৰু পিছদিনাখন তাত উপস্থিত হৈছিল। পুলিচ-মিলিটাৰীৰ উপস্থিতিয়ে পৰিস্থিতি অধিক উত্তেজিত কৰি তুলিছিল। বিশেষকৈ পুলিচৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কাৰ্যই ৰাইজমেলত সমৱেত কৃষকৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে আৰু উভয় পক্ষৰ মাজত এক তয়াময়া সংঘৰ্ষৰ সৃষ্টি হয়। কৃষকসকলে এইদৰে সদলবলে গৈ ৰেষ্ট কেম্পৰ সন্মুখত উপস্থিত হোৱাত জিলাধিপতিয়ে কৃষকসকলক তাৰপৰা লগতে ৰাইজমেলৰপৰা তৎকালেই ঘৰা-ঘৰি উভতি যাবলৈ কঢ়া নিৰ্দেশ দিয়ে। তাৰ অন্যথা কৰিলে শক্তি প্রয়োগ কৰি হ’লেও তেওঁলোকক ৰাইজমেলৰপৰা আঁতৰাই পঠিওৱা হ’ব বুলি জনাই দিয়ে। কিন্তু কৃষকসকল নাছোড়বান্দা। তেওঁলোক তাতেই অৱস্থান কৰি থকাত জিলাধিপতি এন্দাৰছনে পুলিচ অধীক্ষক বেৰিংটনক শক্তি প্ৰয়োগ কৰি হ’লেও কৃষকসকলক ৰেষ্ট কেম্পৰ সমীপৰপৰা ওচৰৰ মুকলি ঠাইলৈ খেদি পঠিয়াবলৈ নিৰ্দেশ দিয়ে। সেইমতে পুলিচ অধীক্ষকে শক্তি প্ৰয়োগ কৰি কৃষকসকলক খেদি নিছিল যদিও তেওঁলোকে জিলা প্রশাসনিক বিষয়াসকলক পুনৰ ৰেষ্ট কেম্পলৈ ঠেলি-হেঁচুকি লৈ আহিছিল। কৃষকসকলক পুনৰ খেদি পঠিয়াবলৈ চেষ্টা কৰাত তেওঁলোকে উত্তেজিত হৈ জিলা প্রশাসনিক বিষয়াসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ ধৰে। তেওঁলোকৰ অস্ত্ৰ আছিল কেৱল লাঠি- টোকোন, বাঁহৰ কামী আৰু দলি-চপৰা। কৃষকসকলৰ আক্ৰমণত জিলা প্রশাসনিক বিষয়াসকলৰ লগতে পুলিচ-মিলিটাৰীৰ লোকেও ধোঁৱা-কোঁৱা দেখিছিল। তেনে অৱস্থাত জিলাধিপতি এন্দাৰছনে পুলিচ অধীক্ষক বেৰিঙটনক পুলিচ-মিলিটাৰীক গুলী চলাবলৈ নিৰ্দ্দেশ দি ৰেষ্ট কেম্পলৈ দ্ৰুত বেগে উভতি আহিবলৈ কৈছিল। চৰকাৰীপক্ষই সেইদৰে ৰেষ্ট কেম্পলৈ উভতি গৈ থাকোঁতে কৃষকসকলৰ ওপৰত অহৰহ গুলীবর্ষণ কৰি গৈছিল। কৃষকসকলৰ ওপৰত নিৰ্বিচাৰে গুলীবর্ষণ কৰি সম্পূৰ্ণৰূপে বিদ্রোহ নিপাত কৰাত লাগি গৈছিল। আবেলিলৈ এই তীব্র অথচ একপক্ষীয় সামৰিক সংঘৰ্ষৰ অন্ত পৰাত জিলা প্ৰশাসনিক বিষয়াসকলে স্বস্তিৰ নিশ্বাস পেলাইছিল। পথৰুঘাটত চৰকাৰ পক্ষৰ আক্ৰমণত ভালেমান বিদ্রোহী কৃষক নিহত হৈছিল। আনহাতে চৰকাৰী পক্ষত কোনো লোক নিহত হোৱা নাছিল। চৰকাৰী হিচাপ মতে পুলিচ-মিলিটাৰীৰ আক্ৰমণত কৃষকসকলৰ ১৫ জনে মৃত্যুবৰণ কৰিছিল আৰু অন্যান্য ৩৭ জনে আঘাত পাইছিল। আনহাতে বেচৰকাৰী তথ্য মতে এই বিদ্ৰোহত মুঠতে ১৪০ জন কৃষকৰ মৃত্যু হোৱাৰ উপৰিও প্ৰায় ১৫০ জন আঘাতপ্ৰাপ্ত হৈছিল। পথৰুঘাটৰ এই কৃষক বিদ্ৰোহ সাম্রাজ্যবাদী চৰকাৰে বৰ কঠোৰ হাতেৰে দমন কৰিছিল। জিলাধিপতি এন্দাৰছনে স্বীকাৰ কৰি গৈছে, ‘কৃষকসকলৰ ওপৰত জাপি দিয়া শাস্তি বৰ কঠোৰ আছিল আৰু মই আশা আৰু বিশ্বাস কৰোঁ যে এই এটা বৰ ফলদায়ক আছিল’।
প্রশ্ন ৮। ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।
উত্তৰ : ১৮৩৫ চনত জয়ন্তীয়া পাহাৰ কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল কৰাত স্বাভাৱিকতে স্বাধীনচেতা জয়ন্তীয়া জনজাতিসকল বিক্ষুব্ধ হৈ আছিল। এনেতে ১৮৬০ চনত জয়ন্তীয়াসকলৰ ওপৰত চৰকাৰে ঘৰমূৰি আৰু পিছৰ বছৰত আয়কৰ প্ৰৱৰ্তন কৰাত তেওঁলোকৰ মাজত ব্যাপক অসন্তুষ্টি আৰু উত্তেজনাৰ সৃষ্টি হৈছিল। ব্ৰিটিছৰ ৰাজহ নীতিৰ উপৰিও জয়ন্তীয়াসকলৰ ধৰ্মীয় আৰু পৰম্পৰা অনুযায়ী চলি অহা অনুষ্ঠানসমূহৰ ওপৰত প্ৰৱৰ্তন কৰা নিষেধাজ্ঞাইও তেওঁলোকক ব্ৰিটিছ বিদ্বেষী কৰি তুলিছিল। এনে পৰিস্থিতিত জয়ন্তীয়া লোকসকলে তেওঁলোকৰ চৰ্দাৰ আৰু দলৈসকলৰ সৈতে গাঁও সভাত মিলিত হৈ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ প্ৰস্তুতি চলাইছিল। ১৮৬২ চনৰ ১৭ জানুৱাৰী তাৰিখে জোৱাইত থকা ব্ৰিটিছ ছাউনীত অতর্কিতে আক্রমণ কৰে। বিদ্ৰোহ দমন কৰিবলৈ চৰকাৰে নিয়োগ কৰা ৪৪ নং দেশীয় পদাতিক আৰু ৩৩ নং বেংগল মিলিটাৰী পুলিচ বাহিনীৰ লোকে জয়ন্তীয়াসকলৰ ওপৰত অমানুষিক অত্যাচাৰ আৰম্ভ কৰিছিল।
প্রশ্ন ৯। ১৮৯১ চনত মণিপুৰৰ টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।
উত্তৰ : ১৮৯১ চনত মণিপুৰৰ টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহটো হ’ল মণিপুৰৰ বিদ্ৰোহ। মণিপুৰ ৰাজ্য অসম প্ৰশাসনৰ বাহিৰত আছিল। ১৮৯০ চনত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সৃষ্টি হৈছিল। ১৮৯০ চনৰ ২১ ছেপ্তেম্বৰত ইংৰাজৰ উপস্থিতিৰ সুবিধা লৈ যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজেই ৰজা হয়। কিন্তু তলে তলে চলি থকা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ নতুন ৰজা কুলচন্দ্ৰক হেঁচা প্ৰয়োগ কৰিছিল। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্রিয় নেতাজনক ব্ৰিটিছৰ কথা মতে দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ বাবে সহজ নাছিল। সেয়েহে অসমৰ চীফ কমিছনাৰৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন ইউৰোপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজেই অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ ল’বলৈ এটা শক্তিসালী সৈন্য বাহিনী মণিপুৰলৈ পঠিয়ায়। ইংৰাজ বাহিনীয়ে বীৰ সেনাপতি টিকেন্দ্ৰজিতক ধৰিবলৈ সক্ষম হয়। ব্ৰিটিছ বিষয়াক হত্যা কৰা, ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ফাঁচী দিয়া হয়।

Conclusion

Mastering Class 10 Social Science under the SEBA curriculum requires a strategic approach, leveraging the syllabus, notes, textbooks, chapter summaries, important questions, and various study materials. Effective exam preparation, regular practice with question papers, and understanding solutions are key to excelling in your exams. Adapt your study methods to the specific requirements of the SEBA board to achieve the best results

Leave a Reply