প্ৰশ্ন ১। অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা ৷
ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে। পৃথিৱীত থকা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহৰ বিভিন্নতাৰ বাবে মানুহৰ অৰ্থনৈতিক কার্যকলাপবোৰ সকলো ঠাইতে একে নহয়। কোনো এখন ঠাই কৃষিকার্যত উন্নত হ’লেও আন এখন ঠাই যিকোনো ব্যৱসায় বা মৎস্য উৎপাদন কার্যত চহকী হ’ব পাৰে। এনেকৈয়ে পৃথিৱীৰ আটাইবোৰ ঠায়েই ইখনে সিখনৰ লগত নিৰ্ভৰ কৰি এক সম্পদ স্থাপন কৰি আছে। মুঠতে অৰ্থনৈতিক ভূগোলৰ প্ৰধান বিষয়বস্তু হৈছে ইয়াৰ বিভিন্ন শাখা আৰু উপশাখাবোৰৰ বিষয়ে অর্থনৈতিকভাৱে অধ্যয়ন কৰাটো। যেনে— কৃষি ভূগোলত কৃষিৰ দ্বাৰা উপকৃত হোৱা বিভিন্ন উৎসৰ বিষয়ে বহুলভাৱে জানিব পাৰি।
অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ হৈছে— (ক) কৃষি ভূগোল (খ) ঔদ্যোগিক ভূগোল (গ) সম্পদ ভূগোল (ঘ) পৰিবহণ ভূগোল (ঙ) বজাৰ ভূগোল (চ) পৰ্যটন ভূগোল আদি অন্যতম।
প্ৰশ্ন ২। অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা।
অৰ্থনৈতিক ভূগোলৰ পৰিসৰ অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰাটোৱেই হ’ল অৰ্থনৈতিক ভূগোলৰ প্ৰধান পৰিসৰ। অৰ্থনৈতিক ভূগোল অধ্যয়নৰ পৰিসৰ মূলত কেইটামান বিশেষ প্ৰশ্নৰ ওপৰত প্ৰতিষ্ঠিত। সেই প্রশ্নকেইটা হ’ল-
- (ক) অর্থনৈতিক কাৰ্যটো ক’ত অৱস্থিত?
- (খ) অর্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি?
- (গ) অর্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত?
- (ঘ) অর্থনৈতিক কাৰ্যটো যত আছে তাতে কিয় হৈছে?
- (ঙ) অর্থনৈতিক কাৰ্যটো য’ত আছে তাৰ পৰিবৰ্তে আন এঠাইত হলে বেছি ভাল হ’লহেঁতেন নেকি?
উক্ত পাঁচটা প্ৰশ্নৰ প্ৰথম তিনিটাৰ লগত পৰস্পৰাগত অৰ্থনৈতিক ভূগোল জড়িত। কিন্তু পাছৰ দুটা প্রশ্নই বিশেষকৈ আধুনিক অর্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰাৰ লগত জড়িত। আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ ছিছহম (George Chisholm)ৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। অর্থাৎ অর্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক অধ্যয়ন কৰে।
প্ৰশ্ন ৩। মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি ?
যিবোৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ফলত মানুহে শ্রমদান কৰি উৎপাদনমুখী হৈ এক নিৰ্দিষ্ট পৰিমাণত উপাৰ্জন কৰিব পাৰে তাকেই অৰ্থনৈতিক বৃত্তি বোলা হয়। মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য চাৰি প্ৰকাৰৰ যেনে—
- (ক) প্রাথমিক বৃত্তি (Primary Occupation)
- (খ) দ্বিতীয়ক বৃত্তি (Secondary Occupation)
- (গ) তৃতীয়ক বৃত্তি (Tertiary Occupation)
- (ঘ) চতুৰ্থক বৃত্তি (Quaternary Occupation)
(ক) প্রাথমিক বৃত্তি:- যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বোলে। যেনে— কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।
(খ) দ্বিতীয়ক বৃত্তি :- যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে। যেনে— কুঁহিয়াৰৰ পৰা গুৰ আৰু চেনি, লোৰ আকৰিকৰ পৰা লো ইত্যাদি।
(গ) তৃতীয়ক বৃত্তি:- যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে— যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পর্যটন, যোগাযোগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।
(ঘ) চতুৰ্থক বৃত্তি:- যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তোলাত সহায় কৰে তাকে চতুৰ্থক বৃত্তি বোলে। যেনে— বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কার্যসমূহ চতুৰ্থক বৃত্তিৰ অন্তৰ্গত হয়।
প্ৰশ্ন ৪। অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ হৈছে— (ক) কৃষি ভূগোল (খ) ঔদ্যোগিক ভূগোল (গ) সম্পদ ভূগোল (ঘ) পৰিবহণ ভূগোল (ঙ) বজাৰ ভূগোল (চ) পৰিকল্পনা আৰু উন্নয়ন ভূগোল (ছ) পর্যটন ভূগোল আদি।
অর্থনৈতিক ভূগোলৰ এই শাখাসমূহে মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্য আৰু সেইবোৰৰ লগত জড়িত বিভিন্ন কথা-বতৰাবোৰ খৰচি মাৰি আলোচনা কৰে। সেয়েহে এই শাখাসমূহৰ বিষয়বস্তুসমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল—
(ক) কৃষি ভূগোল ঃ কৃষি ভূগোলৰ বিষয়বস্তু হ’ল : কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন, কৃষি সামগ্ৰীৰ বজাৰ ইত্যাদি বোৰৰ অধ্যয়ন কৰা।
(খ) ঔদ্যোগিক ভূগোল : ঔদ্যোগিক ভূগোলৰ বিষয়বস্তু হ’ল— উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ, উদ্যোগ স্থাপনৰ লগত জড়িত কাৰকসমূহ আদিবোৰ অধ্যয়ন কৰা।
(গ) সম্পদ ভূগোল : সম্পদ ভূগোলৰ বিষয়বস্তু হ’ল— সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন, সম্পদ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা।
(ঘ) পৰিবহণ ভূগোল : পৰিবহণ ভূগোলৰ বিষয়বস্তু হ’ল— পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ, সম্পদৰ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত আৰু অৰ্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা।
(ঙ) বজাৰ ভূগোল ঃ বজাৰ ভূগোলৰ বিষয়বস্তু হ’ল— বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰা।
(চ) পৰিকল্পনা আৰু উন্নয়ন ভূগোল : পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ বিষয়বস্তু হ’ল ঃ অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন আদি অধ্যয়ন কৰা।
(ছ) পর্যটন ভূগোল : পৰ্যটন ভূগোলৰ বিষয়বস্তু হ’ল— পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকবোৰ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।
প্ৰশ্ন ৫। সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয় ?
সম্পদ ভূগোলক অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়। কাৰণ— প্ৰাকৃতিক পৰিবেশ আৰু মানুহৰ অৰ্থনৈতিক কার্যকলাপ এই দুয়োটা বিষয়ৰ অনতিক ভূগোল। আনহাতেদি অর্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা উপশাখাবোৰৰ অধ্যয়ন সম্পদ ভূগোলৰ লগত ওতপ্রোতভাৱে জড়িত। কাৰণ কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়ন দেশখনৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত নিৰ্ভৰ কৰে।
প্ৰশ্ন ৬। সম্পদ বুলিলে কি বুজায় ? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীত থকা বায়ু, পানী, মাটি, সূৰ্যৰ ৰশ্মি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ আদিবোৰেই মানুহৰ জীৱন ধাৰণৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ।
সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল— (ক) উপকাৰিতা; (খ) কার্যকাৰিতা আৰু, (গ) পৰিৱৰ্তনশীল ধৰ্ম।
প্ৰশ্ন ৭। ‘সম্পদ পৰিৱৰ্তনশীল’— ব্যাখ্যা কৰা ।
সকলো দিশৰ পৰা অধ্যয়ন কৰি চাই ক’ব পাৰি যে “সম্পদ পৰিবৰ্তনশীল”। প্ৰকৃতিত পোৱা কিছুমান সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহাৰ নহ’লেও বা মানুহৰ বাবে অপকাৰী হ’লেও ভৱিষ্যতে সেই সামগ্ৰীবোৰে মানৱ কল্যাণত ব্যৱহাৰ হ’ব পাৰে। ঠিক সেইদৰে পৃথিৱীত পোৱা যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্ৰী বোলা হয়। উদাহৰণস্বৰূপে, মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে ‘এইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল।
আনহাতে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি একো একোটা প্ৰতিৰোধক।
গতিকে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনেধৰণৰ বহুতো নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক মানুহৰ সুপ্ৰচেষ্টাতে সম্পদলৈ পৰিবৰ্তন হৈছে। সম্পদৰ এনে পৰিবৰ্তনশীল বৈশিষ্ট্যৰ বাবেই মানুহৰ বাবে উপকাৰী সামগ্ৰী বা পৰিঘটনা এটা সময়ৰ গতিত অপকাৰী বা নিষ্ক্রিয় সামগ্ৰীলৈ পৰিবৰ্তন হ’ব পাৰে।
প্ৰশ্ন ৮। সম্পদৰ প্ৰয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা ৷
মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। যেনে— বায়ু, পানী, মাটি, গছ-গছনি, খনিজ পদার্থ আদি। এই সম্পদ সমূহৰ ব্যৱহাৰ প্রাচীন কালত কম আছিল। পিছলৈ মানুহে এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ ফলত ইয়াৰ ব্যৱহাৰ অনুভৱ কৰিছিল। এই সম্পদসমূহৰ ব্যৱহাৰেই মানুহক উন্নতি পথলৈ আগুৱাই আনিছিল। মানুহে সকলো ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী কেৱল সম্পদ ব্যৱহাৰৰ জৰিয়তে লাভ কৰে।
মানুহৰ মৌলিক প্রয়োজনসমূহ (যেনে— খাদ্য, আশ্ৰয় আৰু বস্ত্ৰ) সম্পদৰ পৰাই লাভ কৰিব পাৰে। ইয়াৰ লগতে মানুহৰ অন্যান্য বহুতো অভাৱ আৰু চাহিদা পূৰণৰ লগতে তেওঁলোকৰ জীৱন ধাৰণৰ মানো যথেষ্ট উন্নতি কৰি তুলিছে। যেনে— মানুহে ধান, ঘাঁহ, ঘেহু, সৰিয়হ আদিৰ খেতি কৰি নিজে খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও তেওঁলোকৰ জীৱিকাৰ উপাৰ্জনত সহায় হয়।
সম্পদসমূহে মানুহৰ মানৱ কল্যাণত যথেষ্ট সহায় কৰে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ প্ৰকৃতিৰ পৰা পোৱা যায়। ইয়াৰ উপৰিও বহু সম্পদ মানুহে নিজে প্ৰস্তুত কৰি লয়। যেনে— প্রযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ, কল-কাৰখানা, স্কুল-কলেজ, যান-বাহন আদি। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি আৰু ব্যৱহাৰ হৈছে।
সম্পদৰ যোগেদি যথেষ্ট আর্থ-সামাজিক উৎকর্ষ সাধন সম্ভৱ হৈছে। সম্পদৰ অবিহনে কোনো এখন দেশ অর্থনৈতিকভাৱে আগবাঢ়িব নোৱাৰে। সেয়ে সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগত জড়িত।
প্ৰশ্ন ৯। সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।
সম্পদ আৰু মানুহৰ মাজত এটা নিবিড় সম্পৰ্ক আছে। মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত। মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত যদিও মানুহ সম্পদৰ লগত তিনিধৰণে জড়িত বুলি কোৱা হয়। যেনে—
- (ক) সম্পদৰ উৎপাদক বা সৃষ্টি কৰ্তা হিচাপে
- (খ) সম্পদৰ উপভোক্তা বা গ্রাহক হিচাপে
- (গ) মানৱ সম্পদ হিচাপে
(ক) সম্পদৰ উৎপাদক হিচাপে ঃ মানুহে সম্পদৰ উৎপাদক হিচাপে কাম কৰে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ প্রকৃতিয়ে যোগান ধৰে যদিও ইয়াৰ বেছি ভাগৰে ব্যৱহাৰিক দিশটো মানুহে নিজৰ প্ৰয়োজন অনুসৰি সুবিধা কৰি লয়। ইয়াৰ উপৰিও প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ নিজৰ জৰিয়তেহে উদঘাটন কৰা হয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰো হৈছে। প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰিও বহুবোৰ সম্পদ, যেনে— প্রযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তাঘাট, উদ্যোগ-কাৰখানা, স্কুল-কাৰ্যালয়, কৃষিকার্যৰ সঁজুলি, যান- বাহন আদি মানুহে নিজে প্রস্তুত কৰে। সেই কাৰণে মানুহক সম্পদৰ উৎপাদক বা সৃষ্টিকর্তা বুলি কোৱা হয়।
(খ) সম্পদৰ উপভোক্তা বা গ্রাহক হিচাপে: প্রাকৃতিকভাৱে পোৱা সম্পদবোৰৰ উপভোক্তা হ’ল মানুহ। মানৱ-সৃষ্ট সামগ্ৰী প্ৰযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, যান-বাহন, কৃষিকাৰ্যৰ সঁজুলি আদি মানুহে নিজৰ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰে। পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ আদি সম্পদবোৰ মানুহে জীৱন ধাৰণৰ বাবে প্রয়োজন মতে ব্যৱহাৰ কৰে। গতিকে, ক’ব পাৰি পৃথিৱীত মানুহ জীয়াই থাকিবলৈ সম্পদৰ ব্যৱহাৰৰ এক গুৰুত্বপূৰ্ণ দিশ আছে।
(গ) মানৱ সম্পদ হিচাপে : মানুহৰ দ্বাৰা সৃষ্টি হোৱা মানৱ সম্পদবোৰৰ ব্যৱহাৰ মানুহেই প্ৰয়োজন অনুসৰি সাজি লয়। প্রাকৃতিক আৰু মানৱ সৃষ্ট সম্পদ ব্যৱহাৰৰ তাৰতম্য নিৰ্ভৰ কৰে মানুহৰ চাহিদাৰ পৰিবৰ্তন আৰু নতুন প্রযুক্তিৰ উন্নয়নৰ ওপৰত সেয়েহে ক’ব পাৰি মানুহ সম্পদৰ লগত তিনিধৰণে জড়িত হয়।
প্ৰশ্ন ১০। সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা ।
সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত যথেষ্ট সম্পর্ক আছে। সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতিৰ বাবেই বর্তমান বহুতো সামগ্ৰীৰ আৱিষ্কাৰ, ৰূপান্তৰ আৰু সঠিক ব্যৱহাৰ হৈছে। এই কেইটাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হৈছে—
(ক) সম্পদ বা সামগ্ৰীৰ আৱিষ্কাৰ : মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি আৰু বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে নতুন নতুন সম্পদৰ আৱিষ্কাৰ হৈছে। উদাহৰণ স্বৰূপে দামোদৰ নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ উৎপাদন কৰা কাৰ্যত বিজ্ঞান আৰু প্ৰযুক্তিৰ যথেষ্ট ভূমিকা আছে। ইয়াৰ উপৰিও বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি নোহোৱা হ’লে বহুতো সামগ্ৰী পৃথিৱীৰ ভিতৰত লুপ্ত অৱস্থাতে থাকিলহেঁতেন। কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিৰ সঠিক ব্যৱহাৰে মাটিৰ তলত লুপ্ত হৈ থকা খনিজ সম্পদসমূহ আৱিষ্কাৰ কৰি বৰ্তমান যুগত মানুহে ব্যৱহাৰৰ উপযোগী কৰি ল’ব পৰা হৈছে।
(খ) সম্পদৰ পৰিবৰ্তন : বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ বাবেই আজি পৃথিৱীত থকা বহুতো নিষ্ক্রিয় আৰু প্ৰতিৰোধক সামগ্ৰী সম্পদলৈ পৰিবৰ্তন হৈছে। উদাহৰণস্বৰূপে (i) মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্ৰীহে আছিল। (ii) অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি একো একোটা প্ৰতিৰোধক।
(গ) সম্পদৰ সঠিক ব্যৱহাৰ : বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিয়ে সম্পদৰ সঠিক ব্যৱহাৰত যথেষ্ট সহায় কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ বাবেই কয়লা, খনিজ তেল, খনিজ পদার্থ আদি ক্ষয়শীল সম্পদবোৰ মানুহে নিজৰ সুবিধা মতে নিজ নিজ কামত ব্যৱহাৰ কৰিব পাৰিছে। যেনে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা বিভিন্ন ধৰণৰ ৰং আদি।
প্ৰশ্ন ১১। উদাহৰণসহ সম্পদৰ শ্ৰেণী বিভাজনৰ সম্পৰ্কে লিখা।
পৃথিৱীত যিদৰে বিভিন্ন ধৰণৰ অসংখ্য সম্পদ পোৱা যায়, ঠিক সেইদৰে ইয়াৰ শ্রেণীবিভাজনো বিভিন্ন ধৰণে কৰিব পাৰি। সম্পদৰ শ্ৰেণীবিভাজন সাধাৰণতে প্ৰাকৃতিক সম্পদ আৰু মানৱ-সৃষ্ট সম্পদৰ ভিতৰত বিভক্ত কৰা হয়।
- (ক) প্ৰাকৃতিক সম্পদ: এইবোৰ সম্পদ প্ৰকৃতিৰ পৰা পোৱা যায়। যেনে— বায়ু, পানী, মাটি, খনিজ পদার্থ, বনজ সম্পদ, ইত্যাদি।
- (খ) মানৱ-সৃষ্ট সম্পদ: এইবোৰ সম্পদ মানুহৰ দ্বাৰা সৃষ্টি কৰা হয়। যেনে— প্রযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, কল-কাৰখানা, শিক্ষা প্ৰতিষ্ঠান, ইত্যাদি।
এইদৰে সম্পদৰ শ্ৰেণীবিভাজন বিভিন্ন দিশৰ পৰা কৰা হয় আৰু ইয়াৰ ব্যৱহাৰ আৰু প্ৰয়োজনীয়তা অনুসৰি ইয়াক বুজা যায়।
সম্পদ
সম্পদৰ শ্রেণী বিভাজন
(ক) সৃষ্টি ভিত্তিত সম্পদৰ তিনিটা প্ৰকাৰ লিখা। উদাহৰণ দিয়া। — (i) প্ৰাকৃতিক সম্পদ (ii) মানৱ সৃষ্টি সম্পদ (iii) মানৱ সম্পদ
(খ) গঠন অনুযায়ী সম্পদৰ দুটা প্ৰকাৰ লিখা। উদাহৰণ দিয়া। — (i) নবীকৰণযোগ্য সম্পদ (ii) অনৱীকৰণযোগ্য সম্পদ
(গ) উপযোগিতা অনুসৰি সম্পদৰ দুটা প্ৰকাৰ লিখা। উদাহৰণ দিয়া। — (i) জীৱিত সম্পদ (ii) অজীৱিত সম্পদ
(ঘ) মালিকানাধীন ভিত্তি অনুসৰি সম্পদৰ চাৰিটা প্ৰকাৰ লিখা। উদাহৰণ দিয়া। — (i) ব্যক্তিগত সম্পদ (ii) সামূহিক সম্পদ (iii) ৰাষ্ট্ৰীয় সম্পদ (iv) আন্তঃৰাষ্ট্ৰীয় সম্পদ
সম্পদৰ প্ৰকাৰ আৰু উদাহৰণ
সম্পদৰ প্ৰকাৰ | উদাহৰণ |
---|---|
(i)প্ৰাকৃতিক সম্পদ | পানী, বায়ু, মাটি, খনিজ পদাৰ্থ, গছ-পুলি |
(ii) মানৱ সৃষ্টি সম্পদ | যান-বাহন, পথ আৰু বাঁধ, যন্ত্ৰপাতি, বনোৱা সামগ্রী |
(iii) মানৱ সম্পদ | বিজ্ঞানী, চিকিৎসক, শিক্ষক আদি | (iv) অজীৱীয় সম্পদ | মাটি, শিল, পানি, বায়ু, খনিজ পদাৰ্থ আদি। |
(v) নবীকৰণযোগ্য সম্পদ | সূৰ্যৰ পোহৰ, বায়ু, পানি, গছ-গছনি, জীৱ-জন্তু, শস্য আদি। |
(vi) অনবীকৰণযোগ্য সম্পদ | কয়লা, খনিজ তেল, খনিজ পদাৰ্থ, প্ৰাকৃতিক গেছ আদি। |
(vii) ব্যক্তিগত সম্পদ | ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা, আচৰণ, ভূমি, সাম্পত্তি আদি। |
(viii) জাতীয় সম্পদ | ৰাষ্ট্ৰ-খাত, ভূমি, নন-নদী, ডাঙৰ, শিক্ষাপ্ৰতিষ্ঠান আদি। |
(ix) আন্তঃৰাষ্ট্ৰীয় সম্পদ | সাগৰ-মহাসাগৰ, বায়ুমণ্ডল, অন্তৰীক্ষ অঞ্চল, খনিজ সম্পদ আদি। |
উত্তৰ ঃ যিবোৰ সম্পদ প্রাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে তেনে সম্পন্নবোৰক প্রাকৃতিক সম্পদ বোলে।
যেনে— সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু আদি।
প্রাকৃতিক সম্পদসমূহ গোটা, জুলীয়া বা গেছীয়া আৰু ধাতৱীয় আৰু অধাতৱীয় অৱস্থাত পোৱা যায়। প্রাকৃতিক সম্পদ বিলাকৰ ভিতৰত বহুবিধ সম্পদেই কেঁচা সামগ্ৰী হিচাপে কল-কাৰখানা আদিত ব্যৱহাৰ কৰা হয়। কয়লা, খনিজতেল, প্রাকৃতিক গেছ আদিও প্রাকৃতিক সম্পদ যিবোৰ আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰো।
উত্তৰ : যিবোৰ সামগ্ৰী মানুহৰ প্ৰচেষ্টাত উৎপাদিত হয় এনে সামগ্ৰীবোৰকে মানৱ-সৃষ্ট সম্পদ বোলে।
যেনে— প্ৰযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, স্কুল-কাৰ্যালয়, যান-বাহন আদি।
প্ৰকৃতিৰ পৰা পোৱা বহুতো সামগ্ৰীয়েই প্রয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰৰ উপযোগী কৰা হয়।মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি আৰু ব্যৱহাৰ হৈছে। যেনে—
(ক) বাঁহৰ পৰা কাগজ
(খ) কপাহৰ পৰা কাপোৰ
(গ) খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং, নেপথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মম আদি ৷ .
(ঘ) গছ-গছনিৰ পৰা নানান ধৰণৰ ঔষধ, কাঠ, গৃহ নির্মাণ সামগ্ৰী আদি ।
(ঙ) ইয়াৰ উপৰিও প্ৰযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, স্কুল-কাৰ্যালয়,কৃষিকাৰ্যৰ সঁজুলি, যানবাহন আদি ।
উত্তৰ ঃ যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য বা পুনঃসৃষ্টিক্ষম সম্পদ বোলা হয়।
যেনে— সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।
আনহাতে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বোলে।
যেনে— কয়লা, খনিজতেল, খনিজ পদার্থ (তাম, সোণ, চূণশিল, লো, ৰূপ আদি), প্রাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ।
উত্তৰ : সম্পদসমূহ (বিশেষকৈ প্ৰাকৃতিক সম্পদ) পৃথিৱীৰ সকলো ঠাইতে সমভাৱে পোৱা নাযায় ৷ ইয়াৰে বহু প্ৰাকৃতিক সম্পদ অনৱীকৰণযোগ্য বা ক্ষয়শীল, অর্থাৎ সীমিত। কিন্তু জনসংখ্যা বৃদ্ধি আৰু মানৱ সভ্যতাৰ বিকাশৰ লগে লগে এনে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। উন্নত দেশবোৰত উচ্চমাত্ৰাত হোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ আৰু উন্নয়নশীল দেশবোৰত জনবিস্ফোৰণৰ ফলত বৃদ্ধি পোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰে সমগ্ৰ বিশ্বজুৰি বহু প্রাকৃতিক সম্পদ (বিশেষকৈ লাগতিয়াল অনৱীকৰণযোগ্য সম্পদ) নিঃশেষ হ’বলৈ ধৰিছে। এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ এক উপায় হিচাপে সমগ্ৰ বিশ্বতে সম্পদ সংৰক্ষণৰ কাৰ্যসূচী হাতত লোৱা হৈছে।সম্পদৰ ব্যৱহাৰ আৰু ইয়াৰ সংৰক্ষণ ওতপ্রোতভাৱে জড়িত। সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰপৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। সম্পদ সংৰক্ষণ বুলিলে অৱশ্যে সম্পদৰ ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সাঁচি ৰখা কাৰ্যক নুবুজায়। যেনে— খনিজতেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায় । সম্পদ সংৰক্ষণ কাৰ্যসূচীটো অতি প্রয়োজনীয়তাৰ কেইটামান কাৰণ হ’ল— (ক) অৰণ্য ধ্বংসৰ ফলত জীৱ-জন্তুৰ বাসভূমি হ্ৰাস পায় আৰু একো একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয়। এনেবোৰ কাৰণত সম্পদ সংৰক্ষণ কাৰ্যসূচীৰ প্ৰয়োজন হয়। (খ) জৈব্য বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সম্পদ সংৰক্ষণ প্রয়োজন ৷ (গ) সমগ্র বিশ্বত থকা কিছুমান আপুৰুগীয়া সম্পদ, মূল্যবান উদ্ভিদ, বিলুপ্ত প্রাণী আদিবোৰৰ নিৰাপত্তাৰ বাবে সম্পদ সংৰক্ষণ কাৰ্যসূচীৰ প্ৰয়োজন । (ঘ) শক্তিৰ উৎস হিচাপে খনিজতেল, কয়লা আদিৰ ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি পোৱাব বাবে আৰু কৃষিকাৰ্যত ৰাসায়নিকসাৰ কীটনাশক দ্ৰব্য আদি অধিক পৰিমাণে ব্যৱহাৰ কৰাৰ ফলত বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটি এক ভয়াৱহ পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে। এনে সমস্যাৰ পৰা হাত সাৰিবলৈ সম্পদ সংৰক্ষণৰ প্ৰয়োজন । (ঙ) আমাৰ উন্নয়ন প্ৰক্ৰিয়াটো যাতে ক্ষণস্থায়ী নহয় তাৰ বাবে আমি সম্পদৰ মিতব্যয়ী ব্যৱহাৰৰ লগতে প্রয়োজনীয় সংৰক্ষণ কাৰ্য হাতত লব লাগে। (চ) ইয়াৰ উপৰিও যান-বাহন আৰু উদ্যোগ প্ৰতিষ্ঠানৰ দ্ৰুত বৃদ্ধি আৰু মানুহৰ বিলাসী জীৱন-যাপন ব্যৱস্থাৰ বৃদ্ধিৰ ফলত অনবীকৰণযোগ্য শক্তি সম্পদ (যেনে— কয়লা, পেট্রোলিয়াম, প্রাকৃতিক গেছ আদি) নিঃশেষ হ’বলৈ ধৰিছে। এনেবোৰ পৰিস্থিতিৰ বাবেই সমগ্ৰ বিশ্বত সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা অধিক।
উত্তৰ : সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদ সম্ভাব্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। সম্পদ সংৰক্ষণ প্ৰক্ৰিয়াটো নিজে নিজে কাৰ্যক্ষম হৈ থাকিব নোৱাৰে। ইয়াৰ সঠিক ৰূপায়নৰ বা সুবিবেচিত আৰু সুপৰিকল্পিত কিছুমান আঁচনিৰ প্ৰয়োজন । সেয়েহে সম্পদ সংৰক্ষণ পদ্ধতিটো ফলদায়ক কৰিবলৈ কিছুমান পদ্ধতি বা আঁচনিৰ প্ৰয়োজন । সেইবোৰ হ’ল- (i) বিকল্প সম্পদৰ সন্ধান (ii) পুনৰাৱৰ্তন (iii) অভিযোজন বা নৱপ্ৰচলন (iv) বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস (v) জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ (vi) সংৰক্ষণ সম্পর্কীয় আইনৰ কাৰ্যকৰীকৰণ (vii) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন (viii) সম্পদসমূহৰ ভৱিষ্যতৰ প্রয়োজনীয়তা নিৰ্ধাৰণ ৷ (i) বিকল্প সম্পদৰ সন্ধান : কোনো এটা ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদঘাটনৰ বাবে প্ৰয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে ৷ উদাহৰণস্বৰূপে কপাহী সূতাৰ পৰিবৰ্তে কৃত্রিম আঁহ, প্রাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰ আদি একো একোটা বিকল্প সম্পদ। ইয়াৰ উপৰিও অনৱীকৰণ যোগ্য সম্পদ যেনে— কয়লা, খনিজ তেল আদিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সৌৰশক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদি নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে। (ii) পুনৰাৱৰ্তন : সীমিত পৰিমাণত থকা কেচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনৰ ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছুপৰিমাণে সংৰক্ষণ কৰিব পাৰি । (iii) অভিযোজন বা নৱপ্ৰচলন : অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰোপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ প্ৰয়োগৰ দ্বাৰা মাটিত হ’ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে। (iv) বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্রাস : কেঁচাসামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ’ব পাৰে ৷ (v) জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ ঃ সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্রয়োজন। সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগে। (vi) সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ ঃ সম্পদৰ সংৰক্ষণ কাৰ্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পৰ্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ’ব লাগে আৰু সঠিকভাৱে ৰূপায়ণ হ’ব লাগে । (vii) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন : সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্রয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু বিকল্প সম্পদৰ সন্ধানতো গুৰুত্ব আনিব পাৰি।(viii) সম্পদসমূহৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা নির্ধাৰণ : সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নির্ণয় কৰাটো অতি দৰকাৰ ।
উত্তৰ : উত্তৰ : প্ৰাকৃতিক সম্পদ নিঃশেষ হ’বলৈ ধৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। এনে কাৰ্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক বা স্থানীয় পৰ্যায়ত কিছুমান চৰকাৰী আৰু বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে । এই সংস্থা আৰু সংগঠনসমূহৰ ভূমিকা সম্পর্কে তলত আলোচনা কৰা হৈছে (ক) IUCN (International Union for Conservation of Nature) : এই সংস্থাটো ১৯৪৮ চনত ব্ৰিটিছ জীৱবিজ্ঞানী জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সত প্রতিষ্ঠিত হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা ৷ (খ) IUCN ৰ নেতৃত্বত স্থাপন হোৱা দুটা সংস্থা হ’ল— (i) WWF For Nature (World Wild Fund for Nature) (ii) বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ (World Conservation Monitoring Centre) (গ) মন্ত্রণালয় ঃ প্রাকৃতিক পৰিৱেশৰ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো সংস্থা আৰু সংগঠনে কাম কৰি আছে। ভাৰতত এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ,বন আৰু জলবায়ু পৰিবৰ্তন নামেৰে এটি মন্ত্রণালয় গঠন কৰা হৈছে। এই চৰকাৰী সংস্থা সমূহে প্রাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইনো প্ৰণয়ন কৰে । (ঘ) মন্ত্রণালয়ৰ অন্তৰ্গত সংস্থাসমূহ হৈছে— (i) ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা (ii) বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ (iii) গ্রীণপিচ ইণ্ডিয়া (Greenppeace India) (iv) ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়া (Wildlife trust of India) এই সংগঠন সমূহে পৰিৱেশ সুৰক্ষাৰ বাবে বহুতো কাম কৰি আহিছে । (ঙ) অসমত অসম বিজ্ঞান সমিতি, আৰণ্যক আদিৰ দৰে কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদিৰ বাবে কাম-কাজ কৰি আছে ।
(ক) সম্পদ
মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীত থকা বায়ু, পানী, মাটি, গছ-গছনি, খনিজ পদার্থ আদিবোৰেই হ’ল সম্পদ। পৃথিৱীত পোৱা সকলোবোৰ বস্তুৱেই সম্পদ নহয়। সম্পদ হ’বলৈ ইয়াৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব। এই দুটা গুণৰ বাবেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আৰ্থ-সামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে।
সম্পদ পৰিবৰ্তনশীল। আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহাৰ নহ’লেও বা অপকাৰী হ’লেও ভৱিষ্যতে সেই সামগ্ৰীটোৱেই মানৱ কল্যাণত ব্যৱহাৰ হ’ব পাৰে। সেয়েহে সম্পদৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ হয়। সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগত ওতপ্রোতভাৱে জড়িত। প্রকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি বা বিজ্ঞান- প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়।
(খ) মানৱ সম্পদ
প্রাকৃতিক সম্পদসমূহক মানুহৰ ব্যৱহাৰোপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয় । এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ বোলা হয়।
দৰাচলতে মানুহেই সম্পদৰ সৃষ্টিকর্তা। মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবেই জাপান, ছুইজাৰলেণ্ড, টাইৱান, ছিঙ্গাপুৰ আদি দেশবোৰ প্ৰয়োজনীয় বহু প্রাকৃতিক সম্পদ বা উদ্যোগৰ বাবে প্রয়োজনীয় নিজা কেঁচা সামগ্ৰীৰ অভাৱতো পৃথিৱীৰ একো একোখন অগ্ৰণী আৰু সমৃদ্ধ দেশ হিচাপে পৰিগণিত হৈছে।
(গ) সম্পত্তি
অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ বস্তুৰ বিনিময় মূল্য আছে, সেইবোৰক সম্পত্তি বোলা হয়। যেনে— ভূমি, ঘৰ-দুৱাৰ, যন্ত্রপাতি, কোম্পানীৰ অংশ আদি সকলোবোৰ সম্পত্তি। সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ বা অপকাৰ দুয়োটা হ’ব পাৰে। যেনে— বজাৰ মূল্য থকা বিষ, ৰাসায়নিক কীটনাশক দ্রব্য আদি সম্পত্তি। কিন্তু ইয়াৰ সেৱন মানুহৰ বাবে অপকাৰী বা বিপদজনক।
(ঘ) নৱীকৰণযোগ্য সম্পদ
যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃপুৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনে সম্পদবোৰক নৱীকৰণযোগ্য বা পুনঃপুৰ্ণীকৃত সম্পদ বোলা হয়। যেনে— সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ। নৱীকৰণযোগ্য সম্পদবোৰ ব্যৱহাৰৰ পিছত নৱীকৰণ কৰিব পাৰি।
(ঙ) ব্যক্তিগত সম্পদ
মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা সম্পদবোৰক ব্যক্তিগত সম্পদ বোলা হয়। যেনে— ভূমি, সা-সম্পত্তি, নিজ নিজ ভাল গুণ (যেনে— ভাল চৰিত্ৰ, শিক্ষা, কর্মদক্ষতা আদি) আদিবোৰক ব্যক্তিগত সম্পদ বোলা হয়।
(চ) জাতীয় সম্পদ
এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সম্পদবোৰক জাতীয় সম্পদ বোলে। যেনে— ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনো জাতীয় সম্পদৰ ভিতৰত ধৰা হয়।
(ছ) জীৱীয় সম্পদ
যিবোৰ সম্পদৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলা হয়। যেনে— উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।
(জ) সম্পদ সংৰক্ষণ
সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। যেনে— খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়।
(ঝ) সম্পদৰ পুনৰাৱৰ্তন
সম্পদ সংৰক্ষণ ফলপ্রসূ কৰাৰ এটা প্রয়োজনীয় পদ্ধতি হৈছে “সম্পদ পুনৰাৱৰ্তন”। সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্রব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনৰ্ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ’লেও সংৰক্ষণ কৰিব পাৰি।
(ঞ) IUCN
IUCN হ’ল এটা ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিবেশ সংৰক্ষণ সংস্থা। ইয়াৰ সম্পূৰ্ণ নামটো হ’ল International Union for Conservation of Nature। ১৯৪৮ চনত UNESCO, অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ, শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্রধান জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সত প্রতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিবেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা ৷ IUCN ৰ নেতৃত্বত WWF for nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র স্থাপিত হৈছে। প্রশ্ন ১৯। পার্থক্য লিখা :
(ক) সম্পদ আৰু সম্পত্তি
উত্তৰঃ সম্পদ আৰু সম্পত্তিৰ মাজত থকা পাৰ্থক্যসমূহ হল—
(খ) অর্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল
উত্তৰ : তলৰ ছাৰ্টখনত অর্থনৈতিক ভূগোল আৰু সম্পদ ভূগোলৰ মাজত থকা পাৰ্থক্যসমূহ দাঙি ধৰা হৈছে –
অর্থনৈতিক ভূগোল | সম্পদ ভূগোল |
---|---|
(i) অর্থনৈতিক ভূগোলত উৎপাদন, বিনিময় আৰু বিতৰণৰ ধাৰণাসমূহ অধ্যয়ন কৰা হয়। | (i) সম্পদ ভূগোলত উৎপাদন, বিস্তাৰ আৰু স্থানীয়কৰণ অধ্যয়ন কৰা হয়। |
(ii) অর্থনৈতিক ভূগোলত কৃষি, উদ্যোগ, পৰিবহণ, ব্যৱসায় আদিৰ অধ্যয়ন কৰা হয়। | (ii) সম্পদ ভূগোলৰ ক্ষেত্ৰত অৰ্থনৈতিক উপাদানৰ মাজত থকা অন্তঃসম্পৰ্ক অধ্যয়ন কৰা হয়। |
(iii) অর্থনৈতিক ভূগোলৰ সহায়ত সম্পদৰ প্ৰতি লোকসকলৰ উপলব্ধি বুজা যায়। | (iii) সম্পদ ভূগোল বিভিন্ন সম্পদৰ অৰ্থ, উৎস, প্ৰয়োগযোগ্যতা, সম্পদ শ্রেণীবিভাগ আদিৰ বিষয়ে অধ্যয়ন কৰা হয়। |
(iv) অর্থনৈতিক ভূগোল হৈছে ভূগোলৰ এটা প্ৰধান শাখা। | (iv) সম্পদ ভূগোল এটা শাখা নহয়। |
(v) সম্পদ ভূগোলৰ ধাৰণাৰ আধাৰত গঢ়ি উঠিছে। | (v) সম্পদ ভূগোল হৈছে অর্থনৈতিক ভূগোলৰ এটা উপশাখা। |