Class 10 Social Science Chapter 5 । ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য । SEBA BOARD ASSAM

অনুশীলনী প্ৰশ্নোত্তৰ

চমু প্রশ্নোত্তৰ

চমু প্রশ্নোত্তৰ

প্রশ্ন ১। খ্রীষ্টীয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা ?
উত্তৰ ঃ খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হ’ল—— (ক) দ্রাবিড়সকল বা মেডিটেৰেনিয়াম আৰু (খ) নাৰ্ডিক আৰ্যসকল।
প্রশ্ন ২। সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তিৰ নাম লিখা ৷
উত্তৰ : (ক) পশুপতি সদৃশ মূৰ্ত্তি আৰু (খ) শিৱ লিঙ্গ।
প্রশ্ন ৩। আষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।
উত্তৰ ঃ (ক) কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল – (খ) কপাহৰ পৰা সূতা তৈয়াৰ আৰু কাপোৰ বোৱা কৌশল।
প্রশ্ন ৪। ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে?
উত্তৰ : বৰ্ণাঢ্য ভাৰতীয় সংস্কৃতিৰ উৎপত্তি তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত দেশখনৰ বিশালতা আৰু বিভিন্ন ভৌগোলিক পৰিস্থিতিয়ে ভূমিকা গ্ৰহণ কৰি আহিছে। কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়াত যোগাযোগৰ বাবে সুচলতা আৰু প্ৰাকৃতিক সম্পদৰ গুণত কোনোবাটো অঞ্চল হয়তো আর্থিকভাৱে অধিকতৰ স্বচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সংস্পর্শ সঘনাই হৈছে। আকৌ অন্য কোনোবাটো অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্ন, কষ্টসাধ্য জীৱন-যাপন কৰিবলগীয়া হৈছে।
প্রশ্ন ৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা ।
উত্তৰ : ঋক, যজু, সাম আৰু অথর্ব বেদ।
প্রশ্ন ৬। অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?
উত্তৰ : “কোনেও একমাত্ৰ নিজৰ ধৰ্মটোক মাত্ৰ প্ৰশংসা আৰু আনৰ ধৰ্মটোক হীন বুলিব নালাগে ।”
প্রশ্ন ৭। সাংস্কৃতিক বহুত্ববাদ মানে কি?
উত্তৰ : সাংস্কৃতিক বহুত্ববাদ মানে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায় ।
প্রশ্ন ৮। ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
উত্তৰ : আর্যভট্ট আৰু বৰাহমিহিৰ।
প্রশ্ন ৯। প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা ।
উত্তৰ ঃ চৰক সংহিতা আৰু সুশ্রুত সংহিতা ।
প্রশ্ন ১০। ভাৰতীয় চিত্রকলাক কি কি ভাগত ভগাব পাৰি ?
উত্তৰ : দুটা ভাগত ভগাব পাৰি। যেনে— (ক) বৃহদাকাৰ দেৱাল চিত্ৰ আৰু (খ) ক্ষুদ্ৰাকাৰ চিত্ৰ ।
প্রশ্ন ১১। চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।
উত্তৰ : আকবৰ আৰু জাহাঙ্গীৰ ।
প্রশ্ন ১২। ক্ষুদ্ৰাকাৰ চিত্রযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা ।
উত্তৰ ঃ হস্তীবিদ্যাৰ্ণৱ আৰু গীত গোৱিন্দ ।
প্রশ্ন ১৩। হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা ।
উত্তৰ ঃ দিলবৰ আৰু দোচাই ।
প্রশ্ন ১৪। ঝুমখেতি মানে কি ?
উত্তৰ : পাহাৰৰ এঢলীয়া মাটিত খাজ কাটি কৰা খেতিক ঝুমখেতি বুলি কোৱা হয় ।
প্রশ্ন ১৫। জেং বিহু মানে কি ?
উত্তৰ : উজনি অসমৰ মহিলাসকলে নির্জন স্থানত পুৰুষে নেদেখাকৈ যি বিহু পাতে তাকে জেং বিহু বোলে ৷
প্রশ্ন ১৬। ওজাপালিৰ দুটা ভাগৰ নাম কোৱা ৷
উত্তৰ : ওজাপালিৰ দুটা ভাগ হ’ল (ক) বাসৰ ওজা আৰু (খ) সুকনান্নী ওজা ।
প্রশ্ন ১৭। ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম লিখা ।
উত্তৰ : ৰামানুজন আৰু ইজমিনি ৷
প্রশ্ন ১৮। আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা ।
উত্তৰ : কছাৰী বুৰঞ্জী আৰু জয়ন্তীয়া বুৰঞ্জী ।
প্রশ্ন ১৯। বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদ্যাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা ।
উত্তৰ ঃ পুৰণি কামৰূপৰ ভঠেলি আৰু পুৰণি গোৱালপাৰা জিলাৰ বাঁসপূজা ।
প্রশ্ন ২০। দৰঙৰ দুবিধ লোক নৃত্যৰ নাম লিখা ।
উত্তৰ : দেওধনী নৃত্য আৰু বৰঢুলীয়া ৷
প্রশ্ন ২১। ভাৰতত থকা মূল নৃ-গোষ্ঠীয়কেইটা কি কি ?
উত্তৰ : দ্রাবিড়সকল, আৰ্যসকল, মংগোলীয় গোষ্ঠী।
প্রশ্ন ২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা ।
উত্তৰ : (ক) ভাষিক, (খ) ধর্মীয় আৰু (গ) ভৌগোলিক কাৰক।
প্রশ্ন ২৩। প্রাচীন ভাৰতত স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে।
উত্তৰ : প্ৰাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ (ক) উত্তৰ ভাৰতীয় নগৰ (খ) দক্ষিণ ভারতীয় দ্রাবিড় (গ) বিন্ধা আৰু কৃষ্ণ নদীৰ মাজভাগত দেখিবলৈ পোৱা ৱেচৰ শৈলীত ভগোৱা হয়।
প্রশ্ন ২৪। ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত সাংস্কৃতিক একতাৰ জালিকা’ বুলিলে কি বুজা লিখা ।
উত্তৰ : ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহাৰ ক্ষেত্ৰত সাংস্কৃতিক একতাৰ জালিকা বুলি বুজা যায়। কিয়নো ভাৰতবৰ্ষৰ বিভিন্ন ভৌগোলিক পৰিৱেশ, ভাস্কৰ্য, স্থাপত্য, চিত্র-কলা, সংগীত তথা নৃত্য আদিৰে বিভিন্ন জাতি জনজাতিৰে গঢ় লৈ উঠিছে। সমগ্র ভাৰতবৰ্ষলৈ বিভিন্ন ক্ষেত্ৰত বিবিধতাৰ সৃষ্টি কৰিলেও একতাৰ বান্ধোনেৰে বান্ধ খাই আছে।
প্রশ্ন ২৫। UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।
উত্তৰ : (ক) সাঁচীৰ স্তূপ, (খ) অজন্তাৰ গুহাসমূহ, (গ) তাজমহল।
প্রশ্ন ২৬। ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ : গৌতম বুদ্ধ, মহাবীৰ, হিন্দুৰ দেৱ-দেৱী, যক্ষ যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্ত্তি আদি ।
প্রশ্ন ২৭। ভাৰতৰ ভাস্কৰ্য শিল্প-কলাৰ তিনিটা প্ৰাচীন শৈলী কি কি ?
উত্তৰ : (ক) গান্ধাৰ শিল্পকলা, (খ) মথুৰা শিল্পকলা, (গ) অমৰাৱতী শিল্পকলা।
প্রশ্ন ২৮। দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।
উত্তৰ : মহাৰাষ্ট্ৰ, মধ্যপ্রদেশ আৰু তামিলনাডু।
প্রশ্ন ২৯। মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ : (ক) পাদছাহনামা, (খ) তুতিনামা আৰু (গ) জাহাঙ্গীৰ নামা ৷
প্রশ্ন ৩০। চিত্ৰকলাৰ ষড়াংগ মানে কি বুজা ?
উত্তৰ ঃ চিত্ৰকলাৰ ষড়াংগ মানে চিত্র অংকনৰ বাবে প্ৰয়োজনীয় আকৃতি জোখ-মাখ, আবেগ-অনুভূতি প্রকাশক কৌশল, কলাত্মক উপস্থাপন, সাদৃশ্য জ্ঞান আৰু তুলিকা ব্যৱহাৰৰ নিয়মক বুজায় ।
প্রশ্ন ৩১। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ ই এক অৱদান । বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল। আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত মহর্ষি পতঞ্জলিয়ে যোগমন্ত্ৰ নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাক এক সু- সংহত ৰূপ দিয়ে ৷ তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক সচেতন সক্রিয় পদ্ধতি হিচাপে আৰু জীৱন-যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল।
প্রশ্ন ৩২। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ : ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য হ’ল— (ক) ভাৰতৰ স্থাপত্য শিল্পৰ প্ৰাচীন নিদর্শন ঘাইকৈ মঠ-মন্দিৰ, স্তূপ আদি ধৰ্মীয় উপাসনা গৃহসমূহ । এই মন্দিৰসমূহ হিন্দু বাস্তৱশাস্ত্ৰ অনুযায়ী নিৰ্মাণ কৰা হৈছিল ৷ (খ) কিছুমান মন্দিৰ প্ৰধান শিখৰসমূহৰ লগতে কিছুমান ক্ৰমে চাপৰ হৈ অহা সহযোগী শিখৰ পৰ্বতৰ শৃংগৰ দৰে নিৰ্মাণ কৰা হৈছিল । (গ) দক্ষিণ ভাৰতীয় মন্দিৰসমূহৰ ওপৰৰ অংশ আয়তাকাৰে ক্ৰমে ওপৰলৈ সৰু হৈ যোৱা ৷
প্রশ্ন ৩৩। ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়?
উত্তৰ : ৰঙালি বিহুৰ সাতদিনক ক্ৰমে – (ক) গৰু বিহু, (খ) মানুহ বিহু, (গ) গোঁসাই বিহু, (ঘ) কুটুম বিহু, (ঙ) চেনেহী বিহু, (চ) মেলা বিহু (ছ) চেৰা বিহু বুলি জনা যায় ৷
প্রশ্ন ৩৪। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?
উত্তৰ : কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু হ’ল— জীৱনৰ সুখ-দুখৰ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশস্তি আদিক লৈ এই লোকগীতসমূহ ৰচিত হয় ৷
প্রশ্ন ৩৫। অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ : ৰামায়ণ, মহাভাৰত আৰু বিষ্ণুপুৰাণ ৷

ৰচনাধৰ্মী প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : ভাৰতীয় সংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্য হ’ল— (ক) সাংস্কৃতিক বহুত্ববাদ আৰু (খ) বৈচিত্ৰ্যৰ মাজত একতা ৷ সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সংবর্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি-সংস্কৃতিৰ সৈতে সমৱৰ্মিতা আৰু সন্মানৰ ভাৱ পোষণ কৰা দেখা যায়। ভাৰতীয় সংস্কৃতিৰ ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) বাক্যাংশ স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, আবুল কালাম আজাদ, সুভাষচন্দ্র বসু আদি নেতাই জনপ্ৰিয় কৰি তুলিছিল। জৱাহৰলাল নেহৰুৰ ‘ভাৰত সম্ভেদ’ (Discovery of India) গ্ৰন্থখনিৰ জৰিয়তে ই স্থায়িত্ব লাভ কৰিলে । ভাৰতৰ ভাষিক, ধৰ্মীয়, ভৌগোলিক, আর্থিক আদি অনেক ক্ষেত্ৰত অনেক বিবিধতা থকা সত্ত্বেও ভাৰতীয় সকলে এক ঐক্যবদ্ধ অনুভূতিৰে সাঙোৰ খাই থকা দেখা যায়। এই আত্মীয়তা সৃষ্টি কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰকে ক্ৰিয়া কৰি আহিছে। হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদী তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্রাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস; বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতাই ইয়াত অৰিহণা যোগাই আহিছে। ৰামায়ণ আৰু মহাভাৰত গ্ৰন্থ দুখনে ভাৰতৰ বিভিন্ন প্ৰান্তক মূল সাংস্কৃতিক সুঁতিৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰি আহিছে। এইবোৰৰ উপৰি এক বিশেষ সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ প্ৰতিটো গোট পৰস্পৰ বন্ধনযুক্ত হৈ থকা দেখা যায়। যিবোৰ বিষয়ত বিবিধতাৰ সৃষ্টি হৈছে সেইবোৰেই আকৌ অন্য ধৰণে ঐক্যবদ্ধ কৰাও দেখা যায়। দুটা গোট আঞ্চলিকভাৱে বিচ্ছিন্ন তেওঁলোকে হয়তো ভাষিকভাৱে অথবা ধর্মীয়ভাৱে ঐক্যবদ্ধ; কোনোবা ধৰ্মীয়ভাৱে পৃথক তেওঁলোক হয়তো ভাষিকভাৱে অথবা ভৌগোলিকভাৱে বন্ধনযুক্ত ৷
প্রশ্ন ৪। উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?
উত্তৰ : উত্তৰ-পূৰ্বাঞ্চল শব্দটো ঔপনিৱেশিক ব্ৰিটিছ শাসকসকলে উদ্ভাৱন কৰিছিল। এই শব্দটোৱে সামৰি লোৱা অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মঘালয় আৰু অসমৰ প্ৰত্যেকৰে নিজা নিজা কৃষ্টি-সংস্কৃতি, ৰাজনৈতিক ইতিহাস আছে। উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বৱা সমতল ভূমিখণ্ডক মাজভাগত লৈ উত্তৰ, পূব আৰু দক্ষিণ দিশত অন্য ৰাজ্যকেইখনেভাস্কৰ্য, সংগীত, নৃত্য, চিত্রকলা, নৈতিকতা, জীৱন আৰু জগত সম্পর্কে দৃষ্টিভংগী, সামাজিক
প্রশ্ন ৫। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাবৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত পাহাৰীয়া লোকসকলৰ মাজতেই মিছনেৰীসকলে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰসাৰ ঘটায়। অতি প্রাচীন কালতেই প্ৰসাৰ ঘটিছিল অসমত আর্যভাষা আৰু হিন্দুভাষাৰ। ইয়াৰ পাছত মণিপুৰ আৰু ত্ৰিপুৰাতো হিন্দু ধৰ্মৰ প্ৰসাৰ ঘটিছিল। পাহাৰীয়া জনজাতিসকলৰ মাজত প্রকৃতি-প্রাণবাদী বিশ্বাস তথা ৰীতি-নীতি, সমান্তৰালভাৱে এতিয়াও চলি আছে। উদাহৰণস্বৰূপে অৰুণাচলৰ বহুসংখ্যক লোক হিন্দু, খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বী, একে সময়তে বিভিন্ন স্থানীয় দেৱ-দেৱীৰ লগতে জনিপ’ল অর্থাৎ চন্দ্ৰ, সূৰ্য তেওঁলোকৰ জনপ্ৰিয় দেৱতা। মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ অধিকাংশ লোক চৈতন্যপন্থী বৈষ্ণৱ ধৰ্মাৱলম্বী। বৈষ্ণৱ ধৰ্মৰে প্ৰভাৱিত গীত, বাদ্য, নৃত্য এওঁলোকৰ মাজত দেখা যায়। মণিপুৰী সকলৰ একাংশৰ মাজত এতিয়াও প্রকৃতি প্রাণবাদী ধৰ্মপন্থাৰ প্ৰচলন আছে। ত্ৰিপুৰাৰ অধিকাংশ লোকেই হিন্দু ধৰ্মাৱলম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত । বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে ত্ৰিপুৰাত এক সংমিশ্রিত সংস্কৃতি দেখা যায়। মেঘালয়ৰ পূৰ্বৰ প্ৰকৃতি উপাসক খাছী, গাৰো, জয়ন্তীয়া আদি লোকসকলে ১৮৩০ চনৰ পৰা ক্ৰমে খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষিত হ’ব ধৰে আৰু বৰ্তমান সত্তৰ শতাংশতকৈ অধিক লোক খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী।
প্রশ্ন ৬। অসমত আৰ্য-অনার্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছে। এই প্ৰসংগটো চমুকৈ আলোচনা কৰা ৷
উত্তৰ : অসমৰ পাহাৰ আৰু ভৈয়াম উভয়তে বিভিন্ন জনজাতি আৰু অজস্ৰ ক্ষুদ্র ক্ষুদ্র জনজাতীয় জনগোষ্ঠী বিৰাজমান। ড° ভেঙ্কটা ৰাওৰ মতে অসমত মুঠতে ৬১ টা প্রধান জনজাতি আৰু অজস্ৰ ক্ষুদ্র ক্ষুদ্র জনজাতীয় জনগোষ্ঠী আছে। আদিম যুগৰ পৰাই অসমৰ যৌথ সমাজখন এফালে আর্য গোষ্ঠীসম্ভূত বৰ্ণ হিন্দু লোক আৰু আনহাতে অনাম লোকৰ দ্বাৰা গঠিত আৰু লালিত-পালিত হৈ আছে। সেই সমাজখনত গৰিষ্ঠ আছিল জনজাতীয় লোকসকল, আৰ্যসকল আছিল জনজাতীয় সাগৰত মাজুলী সদৃশ। জনজাতি সমূহৰ ভাষা, বেশ-ভূষা, চাল-চলন, আহাৰ-বিহাৰ সকলোতে এক ভীষণ পাৰ্থক্য আৰু বিভিন্নতা বিদ্যমান। প্ৰতিটো জনগোষ্ঠীৰে পৃথক পৃথক ভাষা বা দোৱান আছে, আনকি নগাসকলৰ প্ৰতিখন গাঁৱৰ ভাষাই পৃথক আৰু তেওঁলোকৰ মাজত প্ৰায় ৪৭ টা ভাষা বা দোৱানৰ চলন্তি আছে বুলি জনা যায়। অসমীয়া সমাজ-সংস্কৃতিৰ নিৰৱচ্ছিন্ন ইতিহাসত সম্ভেদ পোৱা যায় যে আর্যগোষ্ঠী সম্ভূত বৰ্ণহিন্দু আৰু বিভিন্ন জনজাতি তথা অনার্য লোকৰ যৌথ সৃষ্টি আৰু কৃতিত্ব সেই সম্পর্কে কোনো সন্দেহ নাই। বহু ক্ষেত্রতে জনজাতীয় শব্দ সম্ভাৰ লৈয়েই অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি ঘটিছে আৰু জনজাতীয় কৃষ্টি সংস্কৃতিৰ আহিলা-উপকৰণ লৈয়েই অসমীয়া সংস্কৃতিৰ বিস্তৃতি ঘটিছে। গতিকে দেখা যায় অসমৰ অসমীয়া ভাষা সংস্কৃতি কোনো কালেই জনজাতীয় ভাষা- সংস্কৃতিৰ প্ৰভাৱৰ পৰা মুক্ত নাছিল আৰু অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ অস্তিত্ব কেতিয়াও অসমৰ জনজাতীয় ভাষা-সাহিত্য-সংস্কৃতিক উপেক্ষা কৰি বৰ্তি থাকিব নোৱাৰে।
প্রশ্ন ৭। অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : অসমত সপ্তম শতিকামানৰপৰা উত্তৰ ভাৰতীয় ক্ষুদ্ৰাকৃতিৰ পুথি-চিত্ৰসমূহৰ অনুৰূপ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অথবা সত্ৰীয়া সৃষ্টিৰে চিত্ৰ কলাৰ এটা পৰম্পৰা আৰম্ভ হয়। এনে কেইখনমান সচিত্ৰ পুথি হ’ল আনন্দলহৰী, হস্তীবিদ্যার্ণব, চিত্র ভাগবত, গীত গোৱিন্দ, কুমৰ হৰণ, শংখচূড় বধ, লৱ-কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি। স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বছৰঙীয়া এই চিত্ৰ সমূহ অঁকা হৈছিল। প্ৰথমতে চিত্ৰৰ পটভূমিত একোটা নির্দিষ্ট ৰং বোলাই লোৱা হয়। তাৰ ওপৰত চিত্ৰসমূহ অঁকা হৈছিল। চিত্ৰসমূহত ৰজা, ৰাজদৰবাৰ, দেৱীমূৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল। খালী ঠাইবোৰত ফুল, লতা আদি আঁকি দিয়া হৈছিল। সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু ক’লা ৰঙৰ পয়োভৰ দেখা যায়। সমুখাংশ আৰু পাৰ্শ্বাংশ দুয়োধৰণৰ চিত্ৰ অংকন কৰা দেখা যায়। মানুহ আৰু জীৱ-জন্তুৰ ছবিবোৰত মুখাৱয়ৱৰ নিখুঁত প্ৰকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্রকাশক সূক্ষ্ম কৌশলৰ প্ৰয়োগ কৰাৰ দক্ষতা দেখা নাযায়, চিত্ৰবোৰ সহজ-সৰল যদিও দৃষ্টিনন্দন বুলি ক’ব লাগিব। সুকুমাৰ বৰকাইথে ৰচনা কৰা হস্তীবিদ্যাৰ্ণৱ পুথিখনত বিভিন্ন আকাৰ =আৰু বৰণৰ হাতীৰ ছবি আছে। দিলবৰ আৰু দোচাই নামে দুগৰাকী চিত্ৰকৰে এই চিত্রসমূহ অংকন কৰিছিল। এই গ্ৰন্থসমূহৰ কেবাখনো গ্ৰন্থ ছপা আকাৰে ইতিমধ্যে প্ৰকাশ পাইছে।
প্রশ্ন ৮। অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা ।
উত্তৰ : অসমত অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্বী। ইয়াৰ পিছতে আছে ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক। হিন্দু ধৰ্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত প্রবল প্রভাৱী শক্তিপীঠ আছে। এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত । নৱ-বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমার্গত অনুগামী কৰিছিল। হাজোৰ পোৱামক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এখন পৱিত্ৰ তীৰ্থস্থান। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজান পীৰ নামে খ্যাত শ্বাহমিলানে ৰচনা কৰা জিকিৰ আৰু জাৰীসমূহ অসমত প্ৰচলিত এবিধ জনপ্রিয় ধর্মীয় সংগীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নির্দেশ ক্রমে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছুমান লোক অসমত নিগাজিকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰসকলে এতিয়া শিখ ধর্ম মানি চলি অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰিছিল। অসমৰ পূব অংশত বাস কৰা টাই ফাকে, তুৰুং, আইতন, খামটি, আময়াং, নৰাসকল বৌদ্ধ ধৰ্মাৱলম্বী লোক। মধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনাস্থলী আদি নিৰ্মাণ কৰাই দান-দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল।
প্রশ্ন ৯। উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে?
উত্তৰ : উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিবৰ্তন অধিকতৰ হৈছে। ব্ৰহ্মপুত্ৰ উপত্যকা সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদত চহকী এক উন্নত প্রাচীন সভ্যতাৰ অধিকাৰী দেশ চীনলৈ যাব পৰা এটা পথ থকাৰ উপৰি চীন দেশৰপৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিৰ্জনতা আদিৰ বাবে সুদূৰ অতীতৰপৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে, ব্যৱসায় কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। ইতিমধ্যে উল্লেখ কৰা ভাৰতবৰ্ষত বসবাস কৰা প্ৰধান নৃ-গোষ্ঠীকেইটাৰ আটাইকেইটা নৃ-গোষ্ঠী অসমতো দেখা যায় আৰু সামগ্ৰিকভাৱে ভাৰতবৰ্ষত ঘটিত হোৱা নৃতাত্ত্বিক তথা সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে অসমত আর্য-অনার্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছিল। অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষ আৰু কামৰূপ আছিল। ৰামায়ণ, মহাভাৰত, বিষ্ণপুৰাণ, কালিকা পুৰাণ, যোগিণী তন্ত্ৰ, হিউৱেন চাঙৰ টোকা, অসমৰ প্ৰাচীন ৰাজবংশসমূহৰ দিনৰ লিপিসমূহত এই নাম দুটা পোৱা যায়। এই শব্দ দুটা সংস্কৃত ভাষাৰ অন্তৰ্গত আৰু শব্দদুটাই হিন্দু জ্যোতিষ শাস্ত্র তথা হিন্দু পৌৰাণিক কাহিনীৰ (Mythology) সৈতে ৰাজ্যখনক সম্পর্কিত কৰিছে। অৱশ্যে বাণীকান্ত কাকতিদেৱে এই শব্দদুটাৰ সংস্কৃত ৰূপটো সৃষ্টি হোৱাৰ আগতে অষ্ট্ৰিক ভাষাৰ অনুৰূপ ধৰণৰ শব্দৰ পৰা উৎপত্তি হৈছিল বুলি মত পোষণ কৰিছে। খ্রিষ্টীয় ত্রয়োদশ শতিকাৰপৰা শাসন কৰিবলৈ লোৱা আহোমসকলৰ ‘আ-চাম’ অথবা, তেওঁলোকৰ শাসনাধীন অঞ্চলটোক তেওঁলোকৰ পূৰ্বৰ বাসিন্দা বড়োসকলে নামাংকিত কৰা ‘হা-চোম’শব্দৰ সংস্কৃত কৰণৰ জৰিয়তে অসম নামটোৰ উৎপত্তি হোৱা বুলি কিছুমান পণ্ডিতে মত পোষণ কৰে।
চমু প্রশ্নোত্তৰ
প্রশ্ন ১০। ‘লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে’৷
উত্তৰঃ- অসমৰ লোক-সংস্কৃতিৰ ভঁৰালটি মেটমৰা সম্ভাৰেৰে ভৰপূৰ । লোক-সংস্কৃতিৰ উমৈহতীয়া দিশসমূহৰ উপৰিও অসমৰ ভিন ভিন অঞ্চল, সম্প্রদায়, জাতি-জনজাতিৰ মাজত প্ৰচলিত কথিত ভাষা, লোকসাহিত্য, গীত-মাত-বাদ্য-নৃত্য-পোছাক-পৰিচ্ছদ, আ- অলঙ্কাৰ, খোৱ-বোৱা, গৃহ-নিৰ্মাণ, মাছধৰা, ৰীতি-নীতি আদি বিষয়ক অনেক মন কৰিবলীয়া । এটা জাতি বা সমাজ এখনৰ স্বাভাৱিক ৰূপ-ৰং, সুখ-দুখ, শ্ৰম-বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্রতিফলিত হয়। সমাজৰ লোকসকলে লোকৰ সংস্কৃতিৰ কথাবোৰ কোনো প্রশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগতভাৱে পুৰুষানুক্ৰমে আহৰণ কৰে । সমগ্ৰ বিশ্বতে সমাজ বিজ্ঞানীসকলৰ মাজত লোক সংস্কৃতিৰ বিষয়ে বিশেষ আগ্রহ দেখা গৈছে। বিহু আৰু লোকসংগীত অসমৰ লোক-সংস্কৃতিৰ দুটা গুৰুত্বপূৰ্ণ অধ্যায়।
অসমৰ বিহু উৎসৱৰ ৰীতি-নীতি সমূহৰ মাজত অসমৰ বিভিন্ন জাতি-উপজাতিৰ লোক-সাংস্কৃতিক উপাদানসমূহ সংমিশ্ৰণ হৈ আছে। স্বদেশী ৰুদ্ৰসিংহই ৰংঘৰৰ বাকৰিত বিহুনৃত্য, খেলধেমালি প্ৰদৰ্শনীভাৱে আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও অসমত ভিন ভিন পৰিৱেশত ভিন ভিন প্ৰয়োজনত গোৱা বিভিন্ন ধৰণৰ লোক-সংগীতৰ প্ৰচলন আছে। কেচুৱা টোপনি নিওঁৱা নিচুকনী গীত, বিয়ানাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোগকীত, টোকাৰি গীত, দৰঙৰ চিয়াগীত, গৰখীয়া গীত, চেৰা ঢেক গীত আদি অসমত প্ৰচলিত কিছুমান লোকগীত। এইবোৰৰ ভিতৰত বিয়া-নাম, কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ বিশেষ জনপ্রিয়তা আছে। বিয়ানামবোৰ দৰা-কইনা ধোৱাৰ সময়ত, দৰা আদৰাৰ সময়ত, কইনা বিয়ানাম আদিৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা পৃথক সুৰেৰে গোৱা হয় ৷
কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকাৰী গীতসমূহ ঘাইকৈ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশক্তি আদি প্ৰকাশমূলক গীত। গোৱালপৰীয়া লোকগীত স্থানীয় হাতীধৰা আৰু পোহ মনোৱা বিষয়ক লৈ ৰচিত হয় ।
লোকগীতৰ দৰে অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ লোকনৃত্যও প্রচলিত আছে। এইবোৰৰ ভিতৰত দৃশ্য-শ্ৰাব্য অনুষ্ঠান ওজাপালিৰ বিশেষ জনপ্রিয়তা আছে। ওজাপালি কামৰূপ, নলবাৰী, বৰপেটা, দৰং আদি জিলাত বিশেষভাৱে জনপ্ৰিয় ।
লোক-সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে ৷ দৈনন্দিন জীৱনত সৰ্বসাধাৰণ লোকে প্ৰতিটো মুহূৰ্ততে কৰি থকা কাম আৰু আচৰণবোৰ মনোযোগেৰে পর্যবেক্ষণ কৰিলেই সমাজখনৰ লোক-সংস্কৃতিৰ বিষয়ে বহু মূল্যৱান কথা জানিব পৰা যায় ৷

চমুটোকা লিখা :

১। প্রাচীন ভাৰতৰ ভাস্কৰ্য শিল্প :
ভাৰতৰ ভাস্কৰ্য শিল্পৰ আৰম্ভণিৰ পৰ্যায় প্রাচীন যুগতেই সৃষ্টি হৈছিল। সিন্ধু সভ্যতাৰ সময়ৰ পৰাই ভাৰতৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। পৰৱৰ্তী সময়ত পোৰা মাটি, শিল, ব্ৰঞ্জ, তাম, ৰূপ সোণ আদিৰে মূৰ্ত্তি নিৰ্মাণ কৰিছিল। এই মূৰ্ত্তিসমূহৰ মাজত একেবাৰে সহজ সৰল, পোন, অসমানুপাতিক মূৰ্ত্তিৰপৰা আৰম্ভ কৰি দ্বিভংগ, চতুৰ্ভংগ আৰ্হিৰ সমানুপাতিক, পোছাক অলংকাৰৰ সু-সজ্জিত মূৰ্ত্তি দেখা যায়। মনৰ শান্তি, সুখ-ক্রোধ আদি অনুভূতি প্রকাশ কৰিব পৰাকৈ নিৰ্মিত অজস্ৰ মূৰ্ত্তি ভাৰতৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায়। গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, তপেশ্বৰী আদি বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্ত্তি এই ভাস্কৰ্যসমূহত দেখিবলৈ পোৱা যায়। অশোকৰ স্তম্ভসমূহৰ শীৰ্ষত থকা জন্তুৰ মূৰ্ত্তিসমূহ গৌতম বুদ্ধৰ জীৱনৰ বিভিন্ন ঘটনাৰ লগত জড়িত আৰু ভাৰতীয় সংস্কৃতিত এই স্তম্ভকেইটাৰ বিশেষ গুৰুত্ব আছে।
দেশ বিদেশৰ বিভিন্ন ৰাজবংশই মূৰ্ত্তি নিৰ্মাণ কৰা কলাটোৰ পৃষ্ঠপোষকতা কৰিছিল। ভাগত ভগাব পাৰি। সেই ভাগকেইটা হ’ল— (ক) গান্ধাৰ শিল্পকলা, (খ) মথুৰা শিল্পকলা,(গ) অমৰাৱতী শিল্পকলা।
খ্রীষ্টপূর্ব প্রথম শতিকাৰ পৰা খ্রিষ্টীয় সপ্তম শতিকা পর্যন্ত জীৱন্ত হৈ থকা গান্ধাৰ শিল্পকলাত গ্রীক-ৰোমান ভাস্কৰ্য শিল্প কৌশলৰ প্ৰয়োগ কৰি বহুতো বুদ্ধ মূর্তি নির্মাণ কৰা হৈছিল ৷ মথুৰা শিল্পকলা আৰম্ভণিতে কম পৰিমাণে বিকশিত হৈছিল যদিও পিছলৈ গান্ধাৰ শিল্পকলাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। অমৰাৱতী শিল্পকলা খ্রিষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা প্ৰায় ছশ বছৰ জুৰি প্ৰচলিত হৈ আছিল।
২। ভাৰতীয় চিত্রকলা :
প্ৰাচীন ভাৰতীয় চিত্ৰকলাসমূহক দুটা প্ৰধান ভাগত বিভক্ত কৰা হৈছিল। সেই ভাগ দুটা হ’ল— (ক) বৃহদাকাৰ দেৱা চিত্ৰ আৰু (খ) ক্ষুদ্ৰকাৰ চিত্ৰ। এই দুই প্রকাৰৰ চিত্রশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন, হিন্দু ধৰ্মৰ বিষয়বস্তু আলম কৰি অজন্তা, বাঘ, চিত্তনাৱাচল, আমামলাই আদিৰ গুৱাৰ দেৱাল সমূহত আঁকা হৈছিল । এইবোৰৰ ভিতৰত অজন্তাৰ দেৱালৰ চিত্ৰসমূহ পৃথিৱী বিখ্যাত ।
দশম শতিকা মানৰ পৰা অসম, উৰিষ্যা, ৰাজস্থান, মহীশূৰ, তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাত, পাট কাপোৰ আদিত ক্ষুদ্ৰাকৃতিৰ চিত্ৰ অঁকা হৈছিল। ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্রন্থসমূহ অলংকিত কৰিবলৈ আৰু সচিত্ৰ বিৱৰণ দিবলৈ অংকন কৰা হৈছিল।
খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাত চিত্র অংকনৰ বাবে প্ৰয়োজনীয় ষড়াংগ চৰ্চাসমূহ হৈছে—(i) আকৃতি, (ii) জো-খমাখ (iii) আবেগ-অনুভূতি (iv) প্রকাশক কৌশল (v) কলাত্মক উপস্থাপন (vi) সাদৃশ্য জ্ঞান আৰু (vi) তুলিকা ব্যৱহাৰৰ নিয়ম। দেৱাল চিত্ৰ আৰু পিছলৈ ক্ষুদ্ৰকাৰ চিত্ৰৰো এইবোৰ প্ৰয়োগ হৈছিল। এলান্ধু, হালধি, সেন্দুৰ, শিলিখাৰ ৰজ, কেঁচুৰ ৰস আদি প্ৰাকৃতিক সামগ্ৰীৰে ৰং তৈয়াৰ কৰি ৰং বিৰঙীয়া চিত্র অংকন কৰা হৈছিল।
মোগলসকলৰ দিনত আকবৰ, জাহাঙ্গীৰ আৰু ছাহজাহানৰ পৃষ্ঠপোষকতাত ক্ষুদ্ৰাকাৰ নিশিতা বলে চর্চা হয়। বিশেষকৈ মোগল বাদছাহসকলৰ জীৱনীভিত্তিক গ্রন্থসমূহত এনে চিত্র অংকিত কৰা হৈছিল। বাদছাহনামা, তুতিনামা, জাহাংগীৰনামা, দাস্তান-ই-আমিৰ, খামদা আদি গ্ৰন্থ উল্লেখযোগ্য মোগল লুগচ চিত্ৰসমূহত সম্ৰাটসকলৰ ছবি, দৰবাৰ, যুদ্ধ জয়, চিকাৰ, বাগিছা, জন্তু আদি বিষয়ক লৈ আঁকা হৈছিল।
৩। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য :
সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধশালী ঐতিহ্য আছে। সামবেদৰ স্তোত্রসমূহ যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উদগাতা নামৰ পুৰোহিতসকলে গীত আকাৰে পাঠ কৰিছিল। পৰৱৰ্তী উদগাতাসকলৰ সুৰ, তালৰ পৰিৱৰ্তন ঘটি বিভিন্ন শাখা প্রশাখাত বিভক্ত হৈ পৰে ।
ভাৰতৰ ধ্ৰুপদী সংগীতৰ পৰম্পৰা গুৰু শিষ্য অনুক্ৰমে বর্তমান সময়লৈ সবল ৰূপত বৰ্তি আছে। মোগলসকলৰ দিনত ইয়াৰ বিশেষ উৎকৰ্ষ সাধন হৈছিল। সংগীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহী, পেঁপা, চেহনাই, ঢোল, তবলা, বিভিন্ন ধৰণৰ তাল, নাগাৰা, মৃদংগ, খোল, চাৰংগী, চত্তৰ, জলতৰংগ, নুপূৰ, চেতাৰ, চাৰিন্দা, দোতোৰা, বিভিন্ন প্ৰকাৰৰ বীণা আদি বাদ্যযন্ত্র ধ্রুপদী সংগীত আৰু লোক সংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু বৰ্তমানো সেই বাদ্যযন্ত্ৰসমূহৰ বহুলভাৱে প্ৰচলন হৈ আছে। সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে। দেশৰ চুকে-কোণে থকা অজস্র লোকনৃত্যৰ উপৰি চৰকাৰী স্বীকৃতিপ্রাপ্ত আঠবিধ ধ্রুপদী নৃত্য আছে। সেই আঠবিধ নৃত্য হ’ল— কথাকলি (মালায়ালম, কেৰালা), মোহিনী আটম (কোলা), ভাৰতনাট্যম (তামিলনাডু), কুচিপুড়ী (অন্ধ্রপ্রদেশ), অ’ডিছি (ওড়িশা), কথক (উত্তৰ ভাৰত), সত্ৰীয়া (অসম) আৰু মণিপুৰী (মণিপুৰ)।
৪। অসমৰ ভাস্কৰ্য শিল্প :
অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত কৰি দ্বি-মাত্রিক বা পূৰ্ণাংগ ৰূপত নির্মিত ত্রিমাত্রিক মূৰ্ত্তি আৱিষ্কৃত হৈছে। শিলৰ বাহিৰে হাতীদাঁত, সোণ, ৰূপ, তাম, কাঠ, আদিৰেও মূৰ্ত্তি নিৰ্মাণ কৰা হৈছিল। এই মূৰ্ত্তিসমূহৰ ভিতৰত দেৱী মূৰ্ত্তি, শিৱ, বিষ্ণু, গণেশ, সূৰ্য, মগৰ, ঘোঁৰা, হাতী, সিংহ আদি ।
ভাস্কৰ্য শিল্পৰ নিদৰ্শন আবিষ্কৃত হোৱা ঠাই কিছুমান হ’ল তেজপুৰৰ দ’-পৰ্বতীয়া, বামুণী পাহাৰ, মদন কামদেৱ, আমবাৰী, ডবকা, সূৰ্য পাহাৰ, বৰগংগা, নুমলীগড়, দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ, মঙ্গলদৈ আদি।
কলানিপুণতাৰ দিশৰপৰা দ-পৰ্বতীয়া শিলৰ তোৰণৰ নিম্নাংশত থকা গংগা-যমুনাৰমূৰ্ত্তি দুটা আকাৰত সৰু যদিও দেহাৱয়ৱ আনুপাতিক, দ্বিভংগ ভংগিমাত লয়-লাস পূৰ্ণ ৰূপত নিৰ্মাণ কৰা হৈছে। তোৰণখনত অন্য মূৰ্ত্তি কিছুমানো খোদিত কৰা হৈছে।
এই ভাস্কৰ্য গুপ্ত যুগৰ প্ৰভাৱত খ্রিষ্টীয় ষষ্ঠ শতিকাত নিৰ্মিত হৈছিল বুলি থাৱৰ কৰা হৈছে। মদন কামদেৱৰ মন্দিৰত দেখিবলৈ পোৱা মৈথুন মূৰ্ত্তিবোৰ কোনো তান্ত্রিক উদ্দেশ্যত নিৰ্মিত হৈছিল বুলি কিছুমান পণ্ডিতে মত পোষণ কৰিছে। নৃত্যৰতা আৰু প্ৰেম প্ৰকাশক চংগিমাৰে পুৰুষ-নাৰী, বিভিন্ন জীৱ-জন্তু আৰু ভৈৰৱ, সূৰ্য, বিষ্ণুৰ মূৰ্ত্তি আদি ইয়াত দখিবলৈ পোৱা যায় ৷
৫। অসমৰ স্থাপত্য শিল্প :
অসমত বৰ্তমান স্থাপত্য শিল্পৰ যিবোৰ নিদৰ্শন দেখিবলৈ পাৱা যায় সেইবোৰৰ প্ৰায়বোৰেই মধ্যযুগৰ আহোম ৰাজবংশৰ কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নিৰ্মিত হৈছিল। শিৱসাগৰ জিলাত আহোম ৰাজত্বকালৰ ৰাজকীয় অট্টালিকা তিনিটা হ’ল– (ক) ৰংপুৰৰ ৰংঘৰ, (গ) কাৰেংঘৰ আৰু (গ) গড়গাঁৱৰ তলাতল ঘৰ।
অসমত বৰ্তমান স্থাপত্য শিল্পৰ যিবোৰ নিদৰ্শন দেখিবলৈ পোৱা যায় সেইবোৰৰ প্ৰায় আটাইবোৰেই মধ্যযুগৰ আৰু আহোম ৰাজবংশৰ অথবা কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নিৰ্মিত হৈছিল। শিৱসাগৰ জিলাত আহোম ৰাজত্ব কালৰ ৰাজকীয় অট্টালিকা তিনিটা ক্ৰমে ৰংপুৰৰ ৰংঘৰ, কাৰেংঘৰ আৰু গড়গাঁৱৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও বর্তি আছে। এই সময়ত নির্মিত প্রাচীন মন্দিৰবোৰ হ’ল কামাখ্যা মন্দিৰ, উগ্ৰতাৰা মন্দিৰ, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শিৱদ’ল, জয়দ’ল, দেৱীদ’ল, ফাকুৱাদ’ল, নেঘেৰিটিঙৰ শিৱদ’ল, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ দেৱালয়, দেৰগাঁও আৰু বিশ্বনাথৰ শিৱমন্দিৰ আদি। মন্দিৰবোৰ সাধাৰণতে নাগৰ শৈলীৰ অথবা ৱেচৰ শৈলীৰ বৈশিষ্ট্য যুক্ত। মন্দিৰবোৰত সাধাৰণতে দুটা অংশ দেখা যায়— গৰ্ভগৃহ আৰু মণ্ডপ। মন্দিৰৰ শিখৰবোৰ কিছুমান অর্ধবৃত্তাকাৰ কিছুমান কৰ্দৈশিৰিয়াকৈ দীঘলীয়া । শিৱসাগৰৰ শিৱদ’ল, বিষ্ণুদ লত এনে শিখৰ দেখিবলৈ পোৱা যায়। এই সময়ত স্থাপত্যবোৰ ইটাৰে সজা অথবা শিলেৰে নিৰ্মাণ কৰা ।
৬। অসমৰ বৈষ্ণৱী সাহিত্যঃ-
শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ জীৱনৰ সকলো ক্ষেত্ৰকে গভীৰভাৱে প্ৰভাৱিত কৰিছিল। এই ধৰ্মীয় আন্দোলনৰ প্ৰভাৱত অসমীয়া সাহিত্যতো এক জোৱাৰৰ সৃষ্টি হয় আৰু বহু সংখ্যক কাব্য, নাট, গীত, চৰিত পুথি, গদ্য সাহিত্য ৰচিত হয়। সাহিত্যসমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ, মহাভাৰত, পুৰাণ, হিন্দু ধৰ্মৰ তত্ত্বকথা আদি । শঙ্কৰদেৱ আৰু মাধৱদেৱে নিজেই বহু সংখ্যক সাহিত্য ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত শংকৰদেৱৰ ‘কীৰ্তন’ আৰু মাধৱদেৱৰ ‘নামঘোষা’ আৰু গুৰুদুজনাৰ বৰগীতসমূহ সর্বাধিক জনপ্রিয় ।
শংকৰদেৱে ৰচনা কৰা পত্নীপ্রসাদ, কালিয়দমন, কেলি গোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয়, মাধৱদেৱৰ চোৰধৰা পিম্পৰা গুচোৱা, আদি অংকীয়া নাট বিপুল জনসমাগমৰ উপস্থিতিত নামঘৰ, সত্ৰ আদি ঠাইত ৰাস অথবা অন্য উপলক্ষ্যত ভাওনা পাতি মঞ্চস্থ কৰা হয় । শংকৰদেৱৰ প্ৰথম নাট চিহ্নযাত্ৰা শ্বেইক্সপিয়েৰ নাট্য সৃষ্টিৰো আগতে সৃষ্টি আছিল । এই নাটত ব্যৱহৃত বৃন্দাৱনী বস্ত্ৰ অসমৰ বয়নশিল্পীৰ চমৎকাৰ সৃষ্টি আছিল। এই বস্ত্ৰভাগি বর্তমান ব্ৰিটিছ মিউজিয়ামৰ উপৰি আন কেইবাটাও বিখ্যাত সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।
শংকৰদেৱ মাধৱদেৱৰ পিছত ভট্টদেৱ, অনন্ত কন্দলি, ৰাম-সৰস্বতী আদি সাহিত্যিকে এই সাহিত্য চর্চা অব্যাহত ৰাখে। ইয়াৰ ভিতৰত ভট্টদেৱে ‘কথাগীতা’, ‘ভাগৱত কথা’ আৰু ‘ৰত্নাৱলী কথা’ ৰচনা কৰি অসমীয়া সাহিত্যত গদ্য সাহিত্য সূচনা কৰে ।
শংকৰী সাহিত্যৰ প্ৰভাৱৰ বাহিৰত থাকি পীতাম্বৰ কবি, দুৰ্গাবৰ কায়স্থ, সুকবি নাৰায়ণদেৱ, মনকৰ আদিয়ে দেৱী মনসা, পদ্মা, সতী বেউলা আদি কাহিনী ভিত্তিক গীতি কাব্য ৰচনা কৰিছিল। ষোড়শ শতিকাত জন্ম গ্ৰহণ কৰা গোৱিন্দ মিশ্ৰৰ পদ্য গীতাখন আজিও এখন বহুলভাৱে ব্যৱহৃত জনপ্রিয় ধর্মগ্রন্থ ।
৭। অসমৰ লোক সংগীত :
অসমত ভিন ভিন পৰিৱেশত ভিন ভিন প্ৰয়োজনত গোৱা বিভিন্ন ধৰণৰ লোক-সংগীতৰ প্ৰচলন আছে। কেচুৱা টোপনি নিওঁৱা নিচুকনী গীত, বিয়ানাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোগকীত, টোকাৰি গীত, দৰঙৰ চিয়াগীত, গৰখীয়া গীত, চেৰা ঢেক গীত আদি অসমত প্ৰচলিত কিছুমান লোকগীত। এইবোৰৰ ভিতৰত বিয়া-নাম, কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ বিশেষ জনপ্রিয়তা আছে। বিয়ানামবোৰ দৰা-কইনা ধোৱাৰ সময়ত, দৰা আদৰাৰ সময়ত, কইনা বিয়ানাম আদিৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা পৃথক সুৰেৰে গোৱা হয় ৷
কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকাৰী গীতসমূহ ঘাইকৈ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশক্তি আদি প্ৰকাশমূলক গীত । গোৱালপৰীয়া লোকগীত স্থানীয় হাতীধৰা আৰু পোহ মনোৱা বিষয়ক লৈ ৰচিত হয় ৷
লোকগীতৰ বিভিন্ন শাখাত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে সংগীত নাটক অকাডেমীৰ দ্বাৰা বঁটা প্ৰদানেৰে সন্মানিত হোৱা কেইবাগৰাকীমান খ্যাতিয়ান শিল্পী হৈছে প্ৰয়াত খগেন মহন্ত, ৰামেশ্বৰ পাঠক আৰু প্ৰতিমা পাণ্ডে। এওঁলোকৰ ভিতৰত প্ৰতিমা পাণ্ডে বৰুৱা পদ্মশ্ৰী উপাধিৰে সন্মানিত হৈছিল।
৮। অসমৰ ধৰ্মীয় সংস্কৃতি :
অসমৰ অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্বী। ইয়াৰ পিছতে আছে ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয়, ধৰ্মপন্থাৱলম্বী লোক। হিন্দু ধৰ্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায় ৷ অসমৰ বিভিন্ন ঠাইত প্রবল প্রভাৱী শক্তিপীঠ আছে। এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত ।
নৱ-বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণবী ভক্তিমাৰ্গৰ অনুগামী কৰিছিল। খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকাৰ প্ৰথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায়। হাজোৰ পোৱামক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এখন পৱিত্ৰ তীৰ্থস্থান। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত শাহমিলানে ৰচনা কৰা জিকিৰ আৰু জাৰীসমূহ অসমত প্ৰচলিত এবিধ জনপ্রিয় ধর্মীয় সংগীত ।
মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশ ক্রমে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছুমান লোক অসমত নিগাজিকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰসকলে এতিয়া শিখ ধর্ম মানি চলি অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰিছিল ।
অসমৰ পূব অংশত বাস কৰা টাই ফাকে, তুৰুং, আইতন, খামটি, আময়াং, নৰাসকল বৌদ্ধ ধৰ্মাৱলম্বী লোক। মধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনাস্থলী আদি নিৰ্মাণ কৰাই দান-দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল ।
৯। অসমৰ বুৰঞ্জী সাহিত্য :
বুৰঞ্জী সাহিত্য অসমৰ মধ্যযুগৰ ভাষা, সাহিত্য-সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ। বুৰঞ্জী সাহিত্যৰ সৃষ্টি হয় সপ্তদশ শতিকাৰ মাজভাগত । বুৰঞ্জীসমূহক দুই শ্ৰেণীত ভাগ কৰা হৈছিল। সেই ভাগসমূহ হ’ল— (ক) অসম বা আহোম ৰাজ্যৰ বুৰঞ্জী (খ) অসম বা আহোম দেশৰ বুৰঞ্জী।
মধ্যযুগত অসমৰ অন্যতম সাংস্কৃতিক বৈশিষ্ট্য হ’ল বুৰঞ্জী সাহিত্যৰ সৃষ্টি। আহোমসকলৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ উপত্যকাত পোনতে টাই-আহোম ভাষাত আৰু পিছলৈ অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰাৰ সৃষ্টি হৈছিল। দেশৰ প্ৰধান ৰাজনৈতিক ঘটনা, ৰজা আৰু ৰাজপৰিয়ালৰ বৰ্ণনা, দেশ জয় কৰা আৰু ৰাজ্য বিস্তাৰৰ কাহিনী, শাসন ব্যৱস্থাৰ বিৱৰণ আদি লিপিবদ্ধ কৰাৰ ব্যৱস্থা আহোমসকলে তেওঁলোকৰ ৰাজত্বৰ আৰম্ভণিৰে পৰা কৰি আহিছিল বুলি জনা যায়। এইদৰে লিপিবদ্ধ কৰা ঘটনাপঞ্জীকে তেওঁলোকে ‘বুৰঞ্জী’ বুলি কোৱা হৈছিল। প্ৰথমতে বুৰঞ্জীসমূহ টাই-আহোম ভাষাত লিখিছিল আৰু ষোড়শ শতিকাৰ আদি ভাগৰপৰা অসমীয়া ভাষাতো এই ধৰণৰ বুৰঞ্জী লিখিবলৈ লোৱা হৈছিল। ‘স্বৰ্গনাৰায়ণ মহাৰাজৰ আখ্যান’ অসমীয়া ভাষাত ৰচনা কৰা তেনে ধৰণৰ প্ৰথমখন বুৰঞ্জী আৰু এইখন ১৫২৬ চনত ৰচনা কৰা হৈছিল।
ব্ৰিটিছ শাসন কালত এনে বহুতো বুৰঞ্জী উদ্ধাৰ, সংৰক্ষণ আৰু ছপা কৰি প্ৰকাশ কৰিছিল। এনে কেতবোৰ বুৰঞ্জী হ’ল দেওধাই বুৰঞ্জী, তুংখুঙ্গীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ বুৰঞ্জী, পাদশাহ বুৰঞ্জী আদি ৷
১০। বিহু উৎসৱ :
বিহু অসমৰ এক অতি আদৰৰ উৎসৱ। অসমৰ বিহু তিনিটা— (ক) ৰঙালী বিহু, (খ) কঙালী বিহু (গ) ভোগালী বিহু ।
ৰঙালী বিহু চ’ত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ কৰি ব’হাগ মাহৰ প্ৰথম ছদিনলৈ পালন কৰা হয়। চ’ত মাহৰ শেষৰ দিনটোক সংক্রান্তি বা দোমাহী বুলি কোৱা হয়। সেই দিনটো গৰু বিহু হিচাপে পালন কৰা হয়। হিন্দু ধৰ্মৰ লোকসকলৰ বাবে গৰুৰ এটা ধৰ্মীয় মহত্ব আছে। সেয়েহে তেওঁলোকে গৰুৰ নামত এটা দিন বিহু উৎসৱ হিচাপে পালন কৰে। বিভিন্ন ৰীতি-নীতিৰে সেইদিনাখন ঘৰৰ গৰু-গাইৰ প্ৰতি মৰম, শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰা হয়। ব’হাগ মাহৰ প্ৰথম দিনটোক মানুহ বিহু বুলি কোৱা হয়। সেইদিনা মানুহে নতুন কাপোৰ পিন্ধে আৰু সৰুৱে ঘৰৰ আৰু বয়সস্থ জনক সেৱা কৰে । ৰাজহুৱা স্থানত খেল-ধেমালি, গীত-মাতৰ আয়োজন কৰা হয়। বয়সস্থ লোকসকলে ঘৰে ঘৰে হুঁচৰি নৃত্য-গীত কৰি গৃহস্থক আশীৰ্বাদ দিয়ে। উজনি অসমত মহিলাসকলে নির্জন স্থানত পুৰুষে নেদেখাকৈ জেং বিহু পাতে।
কাতি মাহৰ প্ৰথম দিনটোত কাতি বিহু পালন কৰা হয়। কাতি বিহুক কঙালী বিহু বুলি কয়। এই বিহুৰ দিনা ব্ৰত উপবাস আদিৰে পাৰ কৰি সন্ধিয়া তুলসী তলত আৰু পথাৰত চাকি বন্তি জ্বলোৱা হয় ।
মাঘ বিহু বা ভোগালী বিহু আৰম্ভ হয় পুহ মাহৰ শেষ ৰাতি ভেলাঘৰত আয়োজন কৰা সমূহীয়া ভোজ-ভাতেৰে। এই বিহুত ডেকা ল’ৰাসকলে বা গাঁৱৰ ৰাইজে দল বান্ধি পথাৰত খেৰ।

Leave a Reply