SEBA Solutions for Class 10 Science Chapter 2
অনুশীলনী
SEBA Solutions for Class 10 Science Chapter 2 Acids, Bases and Salts are prepared to help students in their HSLC exam preparation for getting good rank and mark to obtain a batter result in matriculation examination in assam board exam . This solution provides them with answers to the questions provided in the SEBA Class 10 textbooks.
In this chapter, students will learn about the nature and behaviour of acids, bases and salts. This chapter mainly describes the chemical nature of acids, bases and salts and their reaction with metals, non-metals and with each other. It’s highly suggested that students make use of the SEBA Solutions in assamese medium for Class 10 Science Chapter 2 while learning the main concepts. Also, this chapter is quite interesting as it involves many practical experiments to help learners understand the basics.
1. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত PH হ’ব পাৰে
(a) 1 (b) 4 (c) 5 (d) 10
উওৰঃ-(d)
2. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চুণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে—
(a) NaCl (b) HCl (c) LiCl (d) KCI
উওৰঃ-(b)
3. NaOH দ্ৰৰ এটাৰ 10mL এ HCl দ্ৰৱএটাৰ 8mL সম্পূর্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH
দ্ৰৱৰ 20mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ’ব
- 4mL (b) 8mL (c) 12mL (d) 16 mL
উওৰঃ-(d)
4. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?
(a) এন্টিবায়টিক
(b) বেদনানাশক
(c) অম্লনাশক
(d) বীজাণুবাৰক
উওৰঃ-(c)
5. সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সঙ্কলিত সমীকৰণ লিখা যেতিয়া
(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।
Solution:-
ছালফিউৰিক এছিড + যিংকৰ গুড়িৰে → যিংক ছালফেট + হাইড্ৰজেন
H2 SO4 + Zn ZnSO4 + H2
(b) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্ৰিয়া কৰে।
Solution:-
হাইড্ৰ’ক্ল’ৰিক এছিড + মেগনেছিয়াম → মেগনেছিয়াম ক্লৰাইড + হাইড্ৰজেন
2HCl + Mg2 → MgCl2 + H2
(c) লঘু ছালফিউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্ৰিয়া কৰে।
ছালফিউৰিক এছিড + এলুমিনিয়াম → এলুমিনিয়াম ছালফেট + হাইড্ৰজেন
3H2 SO4 +2Al → Al2(SO4)3 + 3H2
(d) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।
Solution:-
হাইড্ৰ’ক্ল’ৰিক এছিডে + লো → ফেৰিক ক্লৰাইড + হাইড্ৰজেন
6. এলক’হল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্ৰেণীভূক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।
উত্তৰ :
এটা কৰ্কৰ (Cork) ওপৰত দুটা গজাল মাৰি কৰ্কটো 100 ml বিকাৰ এটাত ৰাখা তাৰ পিছত গজাল দুটা বাল্ব এটা আৰু ছুইচ এটাৰ মাজেৰে 6 ভল্ট বেটাৰী এটাৰ মূৰ দুটাৰে সৈতে সংযোগ কৰা । বিকাৰটোত অলপ লঘু HCI ঢালি ছুইচটো টিপি বিদ্যুৎ প্রবাহ চালিতকৰা ।লঘু ছালফিউৰিক এছিড লৈও একে পৰীক্ষা কৰা। গ্লুক’জ আৰু এলক’হলৰ দ্ৰৱ লৈও পৃথকে পৃথকে পৰীক্ষাটো কৰা লক্ষ্য কৰা হ’ব যে এছিড দুটাৰ ক্ষেত্ৰত বাল্বটো জ্বলিবলৈ আৰম্ভ কৰিব কিন্তু তোমালোকে দেখা পাবা যে গ্লুক’জ আৰু এলকহল দ্ৰৱৰ ক্ষেত্ৰত বাল্বটো নজ্বলে।ফলাফল HCl বিচ্ছিন্ন হৈ H+ আৰু Cl- আয়নলৈ পৰিণত হয়। এই আয়নবোৰে দ্ৰৱটোত বিদ্যুৎ পৰিবাহী হোৱাৰ ফলত বাল্বটো জিলিকি উঠে। আনহাতে গ্লুক’জৰ দ্ৰৱটো বিচ্ছিন্ন হৈ আয়নলৈ পৰিণত নহয়। সেয়ে বিদ্যুৎ পৰিবাহী । এই কাৰ্য্যৰ পৰা এইটো সিদ্ধান্ত ল’ব পাৰি যে সকলো এচিডতে হাইড্ৰ’জেন থাকে কিন্তু হাইড্ৰ’জেন থকা সকলো যৌগ এচিড নহয়। সেইবাবেই এলক’হল আৰু গ্লুক’জত হাইড্ৰ’জেন থাকিলেও ইহঁতক এচিড হিচাপে শ্ৰেণীভুক্ত কৰা নহয়।
7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়?
উওৰঃ- পাতিত পানী হৈছে কোনো আয়নিক প্ৰজাতি নথকা বিশুদ্ধ পানীৰ ৰূপ সেয়ে বিদ্যুৎ সৰবৰাহ নকৰে কাৰণ বিদ্যুৎ সৰবৰাহ কৰিবলৈ আয়ন গঠন কৰিব লাগে।বৰষুণৰ পানী পানীৰ অশুদ্ধ ৰূপ হোৱাৰ বাবে ইয়াত বহুতো আয়নিক প্ৰজাতি (বায়ুত দ্ৰৱীভূত) যেনে এচিড থাকে আৰু সেয়েহে ই বিদ্যুৎ পৰিবাহী কৰে।
৪. পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্রদর্শন নকৰে কিয় ?
উওৰঃ- পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্রদর্শন নকৰে কাৰণ এছিডে এছিডৰ দৰে ধৰ্ম প্ৰদৰ্শন কৰিব যদিহে হাইড্ৰজেন আয়ন গঠন কৰে কিন্তু হাইড্ৰজেন আয়নৰ গঠন পানীৰ উপস্থিতিতহে হয় ।
9. পাঁচটা দ্ৰৱ A, B, C, D আৰু Eক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত PH ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো প্ৰৱ(a) প্রশম(b) তীব্র ক্ষাৰকীয় (c) তীব্র আম্লিক (d) মৃদু আম্লিক(e) মৃদু ক্ষাৰকীয় হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত PH মানবোৰ সজোৱা
উওৰঃ- (a) প্ৰশম D (7)
(c) তীব্র আম্লিক B (1)
(d) মৃদু আম্লিক A (4)
(e) মৃদু ক্ষাৰকীয় E (9)
হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত PH মানবোৰ = 11< 9 <7 < 4 < 1
= C < E < D < A < B
10. পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল। পৰীক্ষানল A ত হাইড্ৰ’ক্ল’ৰিক এছিড (HCI) আৰু পৰীক্ষানল B ত এচেটিক এছিড যোগ কৰা হ’ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰনি ওলাব আৰু কিয়?
উওৰঃ- পৰীক্ষানল A ত বেছি বেগেৰে বুৰবুৰনি ওলাব কাৰণ হাইড্ৰ’ক্ল’ৰিক এছিডৰ তিব্ৰতা এচেটিক এছিডৰ তিব্ৰতাতকৈ বেছি
11. কেঁচা গাখীৰৰ PH ৰ মান 6। ই দৈত পৰিণত হ’লে PH সলনি হ’বনে? ব্যাখ্যা কৰা ।
উওৰঃ- কেঁচা গাখীৰৰ PH ৰ মান 6। ই দৈত পৰিণত হ’লে PH ৰ মান কমিব কাৰণ দৈৰ প্ৰকৃতি হৈছে এছিডক প্ৰকৃতিৰ আৰু এছিডৰ pH ৰ মান কম হয় ।
12. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে।
(a) কিয় তেওঁ কেঁচা গাখীৰৰ PH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে।
(b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয় ?
উওৰঃ-
- তেওঁ কেঁচা গাখীৰৰ PH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে যাতে গাখীৰখিনি বেয়া হয় যাবলৈ বা এছিডিক হবলৈ বেছি সময়ৰ প্ৰয়োজন হয় ।
- এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কাৰণ এই গাখীৰখিনি সাধৰণ গাখীৰতকৈ বেছি ক্ষাৰকীয় সেয়েহে এছিড হবলৈ বেছি সময় প্ৰয়োজন হয় আৰু গাখীৰ দৈত পৰিণিত হবলৈ এছিড হোৱাতো প্ৰয়োজন ।
13. প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে। কিয়? ব্যাখ্যা কৰা
উওৰঃ- প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে কাৰণ প্লাষ্টাৰ অব পেৰিছ এবিধ বগা পাউদাৰ আৰু পানী মিহলি হলে ই জিপছামলৈ পৰিৱৰ্তিত হৈ টান গোটা পদাৰ্থত পৰিণত হয় ।
14. প্রশমন বিক্রিয়া কি? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।
উওৰঃ- এছিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱন আৰু পানী উত্পন্ন হয় । এই বিক্ৰিয়াক প্ৰসমণ বিক্ৰিয়া বোলা হয় ।
বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ হৈছে
১) বেকিং পাউদাৰ প্ৰস্তুত কৰিবলৈ।
২)ছডা-এছিড অগ্নি নির্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় ।
কাপোৰ ধোৱা ছডা দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ হৈছে
১) কাঁচ, চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় ।
২) পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ।