মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ
1. নিউলেগুছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্রায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা ।
Ans. হয়, আছিল। নিউলেগুছৰ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিল অর্থাৎ নিউলেণ্ডছৰ “অষ্টক-সূত্র”-ত (Law of Octaves) মৌলবোৰৰ অস্তিত্ব আছে। মৌলবোৰ হ’ল- Li, Na আৰু K
2. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল?
Ans. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ হ’ল—
[i] বৰ্ত্তি থকা সকলো মৌলসমূহৰ শ্ৰেণীবিভাজন হোৱা নাই।
[ii] ড’বাৰেইনাৰ অকল তিনিটা মৌল লৈ দল (Group) গঠন কৰিছিল। সুতৰাং এই ‘ত্ৰি-মৌল’ শ্রেণীবিভাগ সকলো ক্ষেত্ৰত প্ৰয়োগ সম্ভৱ হোৱা নাই ।
3. নিউলেগুছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল?
Ans. নিউলেণ্ডছৰ অষ্টক সূত্র (Law of Octaves) ৰ সীমাবদ্ধতা হল— [i] কেলছিয়াম মৌল (Ca) লৈকে এই সূত্র প্রযোজ্য। [ii] নতুনকৈ আৱিষ্কাৰ হোৱা মৌলবোৰৰ ক্ষেত্ৰত এই সূত্র প্রয়োগ নহয়। [ii] নিউলেগুছে মোটামুটি 21 টাতকৈ বেছী মৌলকে তেওঁৰ সূত্রানুযায়ী শ্রেণীবদ্ধ কৰিব পৰা নাই।
পাঠভিত্তিক প্রশ্নোত্তৰ
1. মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা। K, C Al, Si, Ba.
Ans
2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃত হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনো দুটা)
Ans. গেলিয়াম (Gallium), জাৰমেনিয়াম (Germanium) আৰু স্কেনডিয়াম (Scandium) আৱিষ্কৃত হোৱাৰ পূৰ্বেই মেগুেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল।
3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ (Criteria) কি কি আছিল?
Ans. পৰ্যাবৃত্ত তালিকা যুগুতাওঁতে মেণ্ডেলিভে অৱলম্বন কৰা নীতিবোৰ হ’ল-
[i] মৌলবোৰৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম মৌলবোৰৰ পাৰমাণৱিক ভব অনুযায়ী পৰ্যায়ক্রমে পৰিবৰ্তন হয়।
[ii] প্ৰত্যেক শ্ৰেণীৰ সাধাৰণ ধৰ্মবোৰ একেই।
[iii] অক্সাইড আৰু হাইড্ৰাইডৰ সংকেত এটা মৌল দ্বাৰা গঠিত হয়।
4. সম্ভ্রান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে?
Ans. পৰ্য্যাবৃত্ত তালিকাৰ 18 নং বৰ্গৰ মৌলবোৰক সম্ভ্রান্ত গেছ মৌল বোলা হয়। ইহঁতৰ বহিঃখোলত ৪-টাকৈ ইলেকট্রন থাকে। অৱশ্যে হিলিয়ামৰ একমাত্ৰ খোলত 2 টা ইলেক্ট্রন থাকে। এই মৌলবোৰ ৰাসায়নিকভাবে নিষ্ক্রিয়। ইহঁতৰ যোজ্যতা শূন্য, আয়নীয়কৰণ শক্তি উচ্চ আৰু ‘ইলেকট্রন আসক্তি শূন্য। এই সম্ভ্রান্ত গেছবোৰ বাকী গেছবোৰৰ ধৰ্মৰ লগত নিমিলে। সেইবাবে এই গেছবোৰক বেলেগ এটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে।
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. আধুনিক পর্যাবৃত্ত তালিকাই মেগুেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ কিদৰে দূৰ কৰিছিল?
Ans. আধুনিক পৰ্য্যাবৃত্ত তালিকা, মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাৰ আসোঁৱাহবোৰ দূৰ কৰিছে। আধুনিক পৰ্য্যাবৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে।
[i] এই আধুনিক পৰ্য্যাবৃত্ত তালিকা সমস্থানিকৰ সমস্যা দূৰ কৰে, কাৰণ সমস্থানিকৰ একেই পাৰমাণৱিক সংখ্যা থাকে। [ii] Ar, K Co Ni-মৌল সমূহৰ ভুল অনুক্ৰম দূৰ কৰে ৷
2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাচনিৰ ভিত্তি কি?
Ans. কেলছিয়াম আৰু বেৰিয়াম।
কাৰণ:
[i] মেগনেছিয়ামক যি শ্রেণীত অন্তর্ভুক্ত কৰা হৈছে, সেই শ্ৰেণীত কেলছিয়াম আৰু বেৰিয়ামক ৰখা হৈছে।
[ii] Ba আৰু Ca-ৰ যোজন ইলেক্ট্ৰন সংখ্যা একেই। সিহঁতে Mg-
ধর্মসমূহ দেখুৱায়।
3. নাম লিখা-
(a) বহিৰতম কক্ষত এটাকৈ ইলেকট্রন থকা তিনিটা মৌলৰ ।
Ans. Li (2. 1) ; Na (2. 8. 1); K (2. 8. 8. 1)
(b) বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্রন থকা দুটা মৌলৰ
Ans. Be (22) ; Mg (2.8.2)
(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ ।
Ans. He (2) ; Ne (2.8); Ar ( 2 8.8 )
4. (a) লিথিয়াম, ছডিয়াম, পটেছিয়াম—এই আটাইকেইটা ধাতু। ইহঁতে পানীৰে সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুত কিবা সাদৃশ্য আছেনে?
Ans. প্রদত্ত তিনিটা ধাতুই অতি সক্ৰিয় আৰু সিহঁতৰ প্ৰত্যেকৰ যোজক ইলেক্ট্রন সংখ্যা ।। তিনিটা ধাতুই ইলেক্ট্রন ত্যাগ কৰি ধনাত্মক আয়নত পৰিবৰ্তিত হয়।
(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়নো এটা প্ৰায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়?
Ans. হিলিয়াম আৰু নিয়ন সিহঁতৰ বহিঃখোলটো সম্পূর্ণভাৱে পূৰ্ণ কৰে।
5. আধুনিক পর্যাবৃত্ত তালিকাত থকা প্রথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?
Ans. লিথিয়াম আৰু বেৰিলিয়াম হ’ল ধাতু।
6. পর্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতবধর্মী হ’ব বুলি অনুমান কৰিবা? Ga, Ge, As, Se, Be l ধৰ্ম প্ৰদৰ্শন কৰে, কাৰণ
Ans. প্রদত্ত মৌলবোৰৰ ভিতৰত Be অধিক ধাতবীয় ই পর্য্যাবৃত্ত তালিকাৰ একেবাৰে বাওঁফালে অৱস্থিত।
পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ
1. পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিবৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয়?
(a) মৌলবোৰ কম ধাতবধর্মী হৈ পৰে।
(b) যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে।
(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে
হেৰুৱায়।
(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।
Ans. (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।
2. মৌল X য়ে XCI, সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল x তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?
(a) Na
(b) Mg
(c) Al
(d) Si
Ans. (b) Mg-ৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাবনা সবাতোকৈ বেছি।
3. কোনটো মৌলৰ আছে—
(a) ইলেকট্রনপূর্ণ দুটা কক্ষ?
Ans. Ne (2.8);
(b) 2, 8, 2 ইলেকট্রনীয় বিন্যাস?
Ans. Mg (2.8.2 );
(c) যোজক কক্ষত চাৰিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা কক্ষ?
Ans. Si (2.8.4);
(d) যোজক কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ দুটা কক্ষ?
Ans. B (2.3).
(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন?
Ans. C (2.4).
4. (a) পৰ্যাবৃত্ত তালিকাত ব’ৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?
Ans. মৌলবোৰৰ যোজক ইলেক্ট্রন একেই অর্থাৎ যোজ্যতা 3 আৰু সিহঁত পৰ্য্যাবৃত্ত তালিকাৰ একেই স্তম্ভ (Column)-ত থাকে।
(b) পৰ্যাবৃত্ত তালিকাত ফুৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?
Ans. পৰ্য্যাবৃত্ত তালিকাৰ সপ্তম শ্ৰেণীৰ B উপশ্রেণীত ফ্লুৰিন, ক্লৰিন, ব্ৰ’মিন আৰু আয়ডিন এই চাৰিটা মৌল স্থান পাইছে। এইবোৰৰ ভৌত আৰু ৰাসায়নিক ধর্মত বহুতখিনি সাদৃশ্য আছে। সাগৰৰ পানীত ফুৰিন, ক্লৰিন, ব্ৰমিন, আৰু আয়ডিনৰ লৱণ পোৱা যায়। হেল জৈন শব্দৰ অৰ্থ হল যাৰ পৰা সাগৰৰ লৱণ উৎপন্ন হয়। সেই কাৰণে এই চাৰিটা মৌলক হেল’জেন বোলা হয়। ইয়াৰ পৰা উৎপন্ন দ্বি যৌগিক পদাৰ্থবোৰক হেলাইড বোলা হয়।
5. এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ’ল 2, 8, 7
(a) এই মৌলটোৰ পাৰমাণবিক সংখ্যা কি?
Ans. মৌলটোৰ পাৰমাণৱিক সংখ্যা হ’ব 17।
(b) তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে) N (7) F (9) P (15) Ar (18)
Ans. F (9) মৌলটোৰ লগত ৰাসায়নিকভাবে, প্রদত্ত মৌলৰ সাদৃশ্য থাকিব।
6. পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু ৰ স্থানসমূহ তলত দেখুওৱা হৈছে।
16 বর্গ 17 বর্গ
A
B
C
(a) মৌল A ধাতুনে অধাতু?
Ans. মৌল ‘A’ হ’ল অধাতু।
(b) C মৌলটো A তকৈ বেছি সক্রিয়নে কম সক্ৰিয়?
Ans.’C’, ‘A’ তকৈ কম সক্রিয়।
(c) C মৌলটো আকাৰত B তকৈ ডাঙৰনে সৰু?
Ans. ‘C’ ‘B’-তকৈ আকাৰত সৰু৷
(d) মৌল A-এ কেনে ধৰনৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?
Ans. ‘A’ ঋণাত্মক আধান তৈৰি কৰে, অৰ্থাৎ এনায়ন গঠন কৰিব।
7. নাইট্ৰ’জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফ’ৰাছ (পাৰমাণবিক সংখ্যা 15) পৰ্য্যাবৃত্ত তালিকাৰ বৰ্গ 15ত থাকে। এই মৌল দুটাৰ ইলেকট্রনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ’ব আৰু কিয়?
Ans. নাইট্ৰাজেনৰ পাৰমাণবিক সংখ্যা – 72.5 ফছফৰাছৰ পাৰমাণবিক সংখ্যা -152.8.5
নাইট্ৰ’জেনৰ যোজক কক্ষ দুটা হোৱাৰ বাবে ই অধিক বিদ্যুৎ ধনাত্মক ; কাৰণ নাইট্ৰ’জৈনৰ আকাৰ সৰু হোৱাৰ বাবে অতি সহজে ইলেক্ট্রন গ্রহণ কৰি বিদ্যুৎ ধনাত্মক মৌলত পৰিণত হয়। আনহাতে ফছফৰাছ অধিক বিদ্যুৎ ঋণাত্মক। Q. ৪. পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে?
Ans. মৌলৰ অৱস্থান, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসৰ ওপৰত নিৰ্ভৰ কৰে। যোজক কক্ষ সংখ্যা, পৰ্য্যায় সংখ্যাৰ সমান হয়। যোজক ইলেক্ট্রন, বৰ্গৰ সংখ্যা ঠিক কৰে। যেনে, যি মৌলৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 1, ই বৰ্গ-1-ত অন্তভুক্ত হ’ব। যি মৌলৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা ই বৰ্গ-2-ত অন্তৰ্ভুক্ত হ’ব৷
9. আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণবিক সংখ্যা 20) 12, 19, 21 আৰু 38 পাৰমাণবিক সংখ্যা বিশিষ্ট মৌলকেইটাৰদ্বাৰা পৰিবেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে?
Ans. Ca-ৰ পাৰমাণবিক সংখ্যা – 201 ইলেক্ট্রনীয় বিন্যাস- 2.8.8.2
পাৰমাণৱিক সংখ্যা 12 বিশিষ্ট মৌলবোৰৰ ইলেক্ট্রনীয় বিন্যাস- 2.8.2 আৰু পাৰমাণৱিক সংখ্যা 38 বিশিষ্ট মৌলবোৰৰ ইলেক্ট্ৰনীয় বিন্যাস – 2.8.18.8.2। এই মৌলবোৰৰ ৰাসায়নিক ধৰ্ম, Ca- ৰাসায়নিক ধৰ্মৰ লগত একেই হ’ব, কাৰণ মৌলবোৰৰ যোজক ইলেক্ট্রন সংখ্যা 2।
10. মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্য্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন (arrangement)-ৰ তুলনা কৰা।