কাৰ্বন আৰু ইয়াৰ যৌগবোৰ
পাঠভিত্তিক প্রশ্নোত্তৰ(পৃষ্ঠা নং 61)
1. কার্বন ডাই অক্সাইড (CO₂)-ৰ ইলেক্ট্রন বিন্দু গঠন বিন্যাস কি হব?
Ans:-
2. আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন কি হব? (ইঙ্গিত—আঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে।)
Ans.
পাঠভিত্তিক প্রশ্নোত্তৰ(পৃষ্ঠা নং 68):-
1. পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা?
Ans. পেন্টেনৰ (Pentane) তিনিটা গঠন সমযোগী আঁকিব পাৰি :
n – পেন্টেন
2 – মিথাইল বিউটেন
2,2 – ডাইমিথাইল প্ৰপেন
2. কার্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন-যৌগ পাওঁ?
Ans. কাৰ্বনৰ ধৰ্ম দুটা হৈছে ——
(i) কেটিনেচন:- কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহত সংখ্যক অণু গঠন কৰিব পাৰে ।
(ii) চৰ্তুসহযোজ্যতা ।
3. চাইক্ল’পেন্টেনৰ সংকেত আৰু ইলেক্ট্রনীয় বিন্দু গঠন লিখা।
Ans. চাইক্লপেন্টেনৰ সংকেত : C₅H₁₀
4. তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা–
(i) ইথান’য়িক এচিড।
(ii) ব্ৰ’ম’পেন্টেন, (ব্রম’পেন্টেনৰ সমযোগী সম্ভৱনে?)।
(iii) বিউটান’ন,
(iv) হেক্সানেল।
5. তলৰ যৌগবোৰৰ নাম লিখা –
Ans. (i) ব্রম’ ইথেন (ii) মিথানেল ( iii)1- হেক্সাইন ।
পাঠভিত্তিক প্রশ্নোত্তৰ(পৃষ্ঠা নং 71):-
1. ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া?
Ans:- ইথানলক ইথান’ইক এচিডলৈ ৰূপান্তৰিত হ’লে হাইড্ৰ’জেন পৰমাণু আঁতৰাই অক্সিজেন যোগ কৰা হয় সেয়েহে ইয়াক জাৰণ বিক্ৰিয়া বোলা হয় ।
ওপৰৰ বিক্ৰিয়াত ক্ষাৰকীয়া KMnO₄ / আম্লিক K₂ Cr₂ O₇ য়ে ইথান’লক অক্সিজেন যোগ কৰে।সেইকাৰণে, এই বিক্ৰিয়াটো জাৰণ বিক্রিয়া ৷
2. লো জোৰা দিয়া সময়ত(Welding)অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়?
Ans. ইথিন আৰু বায়ুৰ মিশ্ৰণৰ পৰিৱৰ্তে ৱেল্ডিঙৰ বাবে অক্সিজেন আৰু ইথাইনৰ মিশ্ৰণ জ্বলাই দিয়া হয় কাৰণ লো জোৰা বাবে তাপ উৎপাদন অতি গুৰুত্বপূৰ্ণ। যেতিয়া অক্সিজেন আৰু ইথিন জ্বলোৱা হয় তেতিয়া ই সম্পূৰ্ণৰূপে জ্বলি বায়ু আৰু ইথাইনতকৈ অধিক উষ্ণতা উৎপন্ন কৰে। অক্সিজেন আৰু ইথাইনে অতি গৰম নীলা শিখা উৎপন্ন কৰে, কিন্তু বায়ু আৰু ইথিনৰ মিশ্ৰণে ধোৱাযুক্ত শিখা দেখা পোৱা যায় যাৰ অৰ্থ হ’ল অসম্পূৰ্ণ দহণ, যাৰ ফলত তাপ উৎপাদন কম হয়।
পাঠভিত্তিক প্রশ্নোত্তৰ(পৃষ্ঠা নং 74):-
1.পৰীক্ষাৰ সহায়ত এলক’ই’ল আৰু কাৰ্বক্সিলিক এচিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি?
Ans. ছডিয়াম কাৰ্বনেটৰ সৈতে কাৰ্বক্সিলিক এচিডে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে আৰু পিছত গাখীৰৰ দৰে বগা অধঃক্ষেপ উৎপন্ন কৰে আনহাতে এলক’হলে এই বিক্ৰিয়া নকৰে । এই পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰ্বক্সিলিক এচিডৰ পাৰ্থক্য কৰিব পাৰি।
2CH3COOH + Na2CO3 → 2CH3COONa + H2O + CO2
2.জাৰক দ্ৰৱ্য কি?
Ans. যিবোৰ পদার্থয়ই আন পদার্থক অক্সিজেন দিয়ে, সেই পদাৰ্থবোৰক জাৰক দ্ৰৱ্য বোলে। উদাহৰণ স্বৰূপে, এলকহ’ল, কার্বক্সিলিক এচিডলৈ পৰিবৰ্তন হোৱাৰ সময়ত পটেছিয়াম পাৰমেংগানেটৰ ক্ষাৰকীয় দ্ৰৱ বা পটেছিয়াম ডাইক্ল’মেটৰ আম্লিক দ্ৰৱ জাৰণ হোৱাৰ বাবে অক্সিজেন দিয়ে।
পাঠভিত্তিক প্রশ্নোত্তৰ(পৃষ্ঠা নং 76):-
1. অপমার্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব পাৰিবানে?
Ans. অপমার্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় পৰীক্ষা কৰা সম্ভৱ নহয় কাৰণ অপমার্জক হৈছে এমোনিয়ামৰ লৱণ বা দীঘল শৃংখলাযুক্ত কাৰ্বক্সিলিক এচিডৰ ছালফনেট। চাবোনৰ দৰে ইহঁতে কেলচিয়াম আৰু মেগনেছিয়ামৰ লগত বিক্ৰিয়া কৰি অদ্ৰৱনীয় পদাৰ্থ (মলি)আদি উৎপন্ন নকৰে ফলত পানীৰ প্ৰকৃতিৰ পাৰ্থক্য নকৰে।
2. কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অবলম্বন কৰে। সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুছে বা ভৰিৰে গছকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত (washing machine) ভৰাই জোকাৰি দিয়ে। কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে?
Ans:- কাৰণ চাবোনৰ অণুবোৰে কাপোৰৰ তেলজাতীয় মলিবোৰৰ লগত বিক্ৰিয়া মাইছেল বা কণাপুঞ্জু উৎপন্ন কৰে যিবোৰ কাপোৰৰ পৃষ্ঠত লাগি থাকে সেয়েহে ভালদৰে জোকাৰি দিলে পানীৰ পৃষ্ঠৰ পৰা উলাই আহি পানীত মিহলি হৈ যায় কাপোৰখন পৰিষ্কাৰ হৈ যায় ।
পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ
1. ইথেন (C₂H₆) অণু এটাত–
(a) 6 টা সহযোজী বন্ধনি আছে।
(b) 7 টা সহযোজী বন্ধনি আছে।
(c) ৪ টা সহযোজী বন্ধনি আছে।
(d) 9 টা সহযোজী বন্ধনি আছে।
Ans. (b) 7 টা সহযোজী বন্ধনি আছে।
2. চাৰিটা কাৰ্বনৰ যৌগ বিউটান’নত থকা কাৰ্য্যকৰী মূলক হ’ল―
(a) কার্বক্সিলিক এচিদ।
(b) এলডিহাইড।
(c) কিট’ন।
(d) এলক’হ’ল।
Ans. (c) কিট’ন।
3. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে কিয়নো―
(a) খাদ্য ভালদৰে নিসিজিল।
(b) ইন্ধন সম্পূর্ণ ৰূপে দহন নহয়।
(c) ইন্ধনটো সিক্ত।
(d) ইন্ধনটো সম্পূর্ণকৈ দহন হয়।
Ans. (b) ইন্ধন সম্পূর্ণৰুপে দহন নহয়।
4. CH₃Cl উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ (nature) ব্যাখ্যা কৰা।
Ans. C₃HCI-ৰ গঠন সংকেত
ইলেক্টনৰ ভাগ বতৰা কৰি গঠন কৰা বান্ধনিক সহযোজী বান্ধনি বোলা হয় । কাৰ্বনৰ যোজ্যতা হৈছে ৪ গতিকে ই বাহিৰৰ কক্ষপথ ইলেক্টনৰে সম্পূৰ্ণ কৰিবলৈ হলে হয়তো ৪ টা ইলেক্টন গ্ৰহণ কৰিব লাগিব নহলে ত্যাগ কৰিব লাগিব যাৰ বাবে অতি বেছি শক্তিৰ প্ৰযোজন হয় সেয়েহে কাৰ্বনে বাহিৰৰ কক্ষপথ সম্পূৰ্ণ কৰিবলৈ হলে ইলেক্টনৰ ভাগ বতৰা কৰি সহযোজী বান্ধনি গঠন কৰিব লাগিব । ইয়াত কার্বন পৰমাণুয়ে, তিনিটা হাইড্ৰ’জেন পৰমাণু আৰু এটা ক্ল’ৰিন পৰমাণুৰ লগত এযোৰ এযোৰ ইলেকট্রনৰ ভাগবতৰা হৈ এক বান্ধনি গঠন কৰি সহযোজী বান্ধনি সৃষ্টি কৰে।যাৰ ফলত হাইড্ৰজেন আৰু ক্লৰিণৰ বাহিৰৰ কক্ষপথত ইলেক্টন সম্পূৰ্ণ হৈ পৰে ।
5. তলত দিয়াবিলাকৰ ইলেক্ট্রন বিন্দু গঠন লিখা―
(a) ইথানয়িক এচিড
(b) H₂S
(c) প্রপান’ন
(d) F₂
Ans. ইলেকট্রন বিন্দু চিত্র:
(a) ইথানয়িক এচিড (Ethanoic acid)–
(b) H₂S
(c) প্রপান’ন
(d) F₂
6. সমগণীয় শ্রেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা।
Ans. যি শ্ৰেণীৰ যৌগত একে কাৰ্যকাৰী মূলকৰ উপস্থিতি থাকে তেনে যৌগক কাৰ্যকাৰী মূলক বোলা হয় ।
7.ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য লিখা।
Ans. ভৌতিক ধর্ম:
ইথানয়িক এছিড (Ethanoic acid) |
ইথানল (Ethanol) |
1. সাধাৰণ উষ্ণতাত ইথানয়িক এছিডক ভিনেগাৰ বোলা হয় । |
1 সাধাৰণ উষ্ণতাত ইথানলক এলকহল বোলা হয় । |
2. গলনাংক 290K |
2. গলনাংক 156K |
3. উতলাংক 391K |
3. উতলাংক 351K |
ৰাসায়নিক ধর্ম:
ইথানয়িক এছিড |
ইথানল্ |
1. ইথান’য়িক এছিড + ছ’ডিয়াম বাই-কার্বনেট → CO₂ গেছ। |
1.ইথনলে ছ’ডিয়াম বাই-কার্বনেটৰ লগত বিক্ৰিয়া নকৰে |
2. লিটমাছৰ ৰং পৰিৱৰ্তন কৰে |
2. লিটমাছৰ ৰং পৰিৱৰ্তন নকৰে |
8. পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে?
Ans. চাবোনৰ অণুৰ দুটা মেৰু আছে। এটা মূৰ হ’ল হাইড্র’ফিলিক, যি পানীত দ্রৱীভূত হয় আৰু এটা মূৰত থকা হাইড্ৰ’ফ’ৱিক যি পানীত দ্রবীভূত নহয়। যেতিয়া চাবোন পানীত দ্রৱীভূত কৰা হয়, তেতিয়া কার্বন শৃংখল, অর্থাৎ হাইড্ৰ’ফ’ৱিক মূৰ তেল, গ্ৰীছ (grease) আৰু অপৰিষ্কাৰ বস্তু দ্বাৰা আকর্ষিত হয়। হাইড্র’ফিলিক মূৰ বাহিৰ হৈ আহি এটা ঘূর্ণনৰ দৰে কণাপুঞ্জু সৃষ্টি কৰে যাক মাইছেল বোলা হয় আৰু এই মাইছেলৰ গঠনৰ বাবেই পানীত চাবোন দিলে ফেন উঠে আনহাতে আন দ্ৰাৱক যেনে ইথানলত চাবোনৰ অণু দ্ৰৱীভূত হব নোৱাৰে যাৰ ফলত কোনো ধৰণৰ কণাপুঞ্জ বা মাইছেল গঠন কৰিব নোৱাৰে ফলত ফেন উৎপন্ন কৰিব নোৱাৰে ।
9. প্রায় সকলো ক্ষেত্ৰতে কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয়?
Ans. কার্বন আৰু যৌগবোৰৰ দহনৰ ফলত তীব্র তাপৰ সৃষ্টি হয়। সেইকাৰণে কার্বনক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।
10. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ (scheme) কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।
Ans. কঠিন পানীত কেলছিয়াম বা মেগনেছিয়াম জাতীয় লৱন থাকে। যেতিয়া চাবোনৰ অণু, কেলছিয়াম আৰু মেগনেছিয়ামৰ নিমখৰ লগত বিক্রিয়া কৰে, তেতিয়া, ই অদ্ৰৱনীয় বগা অধঃক্ষেপৰ সৃষ্টি কৰে, যিবোৰ তলিত জমা হৈ যায় তাক গেদ বোলে।
11. নীলা আৰু ৰঙা লিটমাচ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা?
Ans. চাবোনৰ অণুবোৰ হৈছে ক্ষাৰকীয় ধৰ্ম বিশিষ্ট। সেইকাৰণেই ই ৰঙা লিটমাছক নীলা ৰংলৈ পৰিবৰ্তন কৰে আনহাতে নীলা লিটমাছ ৰং একে থাকে ।
12. হাইড্ৰ’জেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্রয়োগ লিখা।
Ans. যিবোৰ বিক্ৰিয়াত পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ’কার্বন এটাৰ লগত হাইড্ৰজেন যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন কৰে তেনে বিক্ৰিয়াক যোগাত্মক বিক্রিয়া বা হাইড্ৰ’জেনেচন বোলে।
■ ঔদ্যোগিক ব্যৱহাৰ:
13. তলৰ কোনবিলাকৰ হাইড্ৰ’কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায়?
C₂H₆, C₃H₈, C₃H₆, C₂,H₂, আৰু CH₄
Ans. অসংম্পৃক্ত হাইড্ৰ’কার্বনত যোগাত্মক বিক্রিয়া ঘটে। C₃,H₆, আৰু C₂H₂ হ’ল অসংম্পৃক্ত হাইড্ৰ’কার্বন। এই দুটা হাইড্ৰ’কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায়।
14. মাখন (butter) আৰু খোৱাতেলৰ (Cooking oil) মাজত পার্থক্য দেখুৱাৰ পৰা এটা পৰীক্ষা বর্ণনা কৰা।
Ans. খোৱা তেল এটা অসংপৃক্ত হাইড্ৰ’কার্বন আনহতে মাখন এটা সংপৃক্ত হাইড্ৰ’কার্বন। ব্ৰমিন যোগ কৰি ইহতৰ মাজত পাৰ্থক্য দেখুৱাব পাৰি, ব্ৰমিনক যেতিয়া পানীৰ লগত মিহলি কৰা হয় তেতিয়া ব্ৰমিন পানীৰ এক দ্ৰৱ সৃস্টি হৈ যাৰ ৰং হৈছে মুগাবৰণৰ ।
যেতিয়া ব্ৰমিন পানীৰ দ্ৰৱ অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত মিহলি কৰা হয় তেতিয়া ব্ৰমিণৰ মুগা বৰণ লুপ্ত পায় আনহাতে সংপৃক্ত হাইড্ৰকাৰ্বনত ব্ৰমিন পানী মিহিলি কৰিলে ইয়াৰ মুগা বৰণ একে থাকে গতিকে মাখন বা খোৱাতেলৰ যিকোনো এটা ব্ৰমিন পালীৰ লগত মিহলি কৰোতে যদি মুগা বৰণ নোহোৱা হৈ যায় তেন্তে এইটো অসংপৃক্ত হাইড্ৰকাৰ্বন হব আৰু যদি ৰং একে থাকে তেন্তে ই সংপৃক্ত হাইড্ৰকাৰ্বন হব ।
15. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া (cleaning action) ব্যাখ্যা কৰা।
Ans. চাবোনৰ অণুবোৰ দুটা মেৰু থাকে তাৰে এটা হৈছে ধ্ৰুৱীয়(ছডিয়াম আয়ন অংশ) যিটো জলস্নেহী আৰু এটা হৈছে অনাধ্ৰুৱীয় (হাইড্ৰকাৰ্বন অংশ)যিটো হৈছে জলঘৃণী যোতিয়া চাবোন মলিযুক্ত কাপোৰৰ সৈতে পানীৰ লগত মিহলি কৰা হয় তেতিয়া জলঘৃণী অংশই তেলজাতীয় মলিবোৰৰ লগত আৰু জলপ্ৰেমী বা হাইড্ৰকাৰ্বন অংশই পানীৰ লগত বিক্ৰিয়া কৰি এক কণাপুঞ্জৰ গঠন কৰিব যাক মাইছেল বুলি কোৱা হয় । এইদৰে মাইছেল গঠন কৰি ফেনৰ উতপন্ন কৰে আৰু এইবোৰ কাপোৰৰ পৃষ্ঠ লাগি থাকে আৰু জোকাৰি দিলে মাইছেলবোৰ পালীত দ্ৰবীভূত হৈ ইমালছন গঠন কৰে আৰু মলিবোৰ কাপোৰৰ পৰা পৃথক হৈ উলায় আহে ।