Class 10 Maths Circle Solution in Assamese medium বৃত্ত দশম শ্ৰেণীৰ সমাধান Seba Board Assam Exercise – 10.1

Exercise – 10.1

Class 10 Maths Circle Solution in Assamese medium বৃত্ত দশম শ্ৰেণীৰ সমাধান Seba Board Assam Exercise – 10.1

1. এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে?

উত্তৰঃ  অসংখ্য

2. খালী ঠাই পূৰ কৰা।

(i) এটা বৃত্তৰ স্পৰ্শকে ইয়াক এটা বিন্দুত ছেদ কৰে।

(ii) এটা বৃত্তৰ দুটা বিন্দুত ছেদ কৰা এডাল ৰেখাক জ্যা বোলে।

(iii) এটা বৃত্তৰ বৰ বেছি অসীম সমান্তৰাল স্পৰ্শক থাকিব পাৰে।

(iv) এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক স্পৰ্শবিন্দু বোলে।

3. 5 চে.মি. ব্যাসাৰ্দ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু P ত টনা এডাল স্পৰ্শক PQ য়ে কেন্দ্ৰ O ৰ মাজেৰে যোৱা এডাল ৰেখাক Q বিন্দুত লগ লাগে যাতে OQ = 12 চে.মি.। PQ ৰ দৈৰ্ঘ্য হ’লঃ

(A) 12 চে.মি.   (B) 13 চে.মি.    (C) 8.5 চে.মি    (D) √119 চে.মি.

উত্তৰঃ 

দিয়া আছে;

OQ = 12 cm, OP = 5 cm ∴ PQ = ?

∵ OPQ এটা সমকোণী ত্ৰিভূজ আৰু ∠P = 90° 

∴ OP2 + PQ2 = OQ2 

⇒ 52 + PQ2 = 122 

⇒ PQ2 = 144 – 25

⇒ PQ2 = 119

⇒PQ = √119 

∴ PQ ৰ দৈৰ্ঘ্য = √119 চে.মি।

4. এটা বৃত্ত আৰু এডাল প্ৰদত্ত ৰেখাৰ সমান্তৰালকৈ দুডাল ৰেখা আঁকা যাতে এডাল স্পৰ্শক হয় আৰু আনডাল ছেদক হয়।

উত্তৰঃ 

O কেন্দ্ৰযুক্ত এটা বৃত্ত আৰু AB এডাল ৰেখা দিয়া আছে।

এতিয়া, CD স্পৰ্শক আৰু EF দুডাল স্পৰ্শক আৰু ছেদক অঁকা হ’ল।

Leave a Reply