অনুশীলনী -6.1
1. কাষৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা-
(i) সকলোবোৰ বৃত্তই ____________ (সর্বসম, সদৃশ)।
উত্তৰঃ সকলোবোৰ বৃত্তই সদৃশ।
(ii) সকলোবোৰ বৰ্গই ____________ (সদৃশ, সর্বসম)।
উত্তৰঃ সকলোবোৰ বৰ্গই সদৃশ।
(iii) সকলো ___________ ত্রিভুজ সদৃশ (সমদ্বিবাহু, সমবাহু)।
উত্তৰঃ সকলো সমবাহু ত্রিভুজ সদৃশ।
(iv) সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ’ব যদিহে
(a) সিহঁতৰ অনুৰূপ কোণবিলাক ____________ আৰু (b) সিহঁতৰ অনুৰূপ বাহু বিলাক ____________(সমান, সমানুপাতিক)।
উত্তৰঃ সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ’ব যদিহে (a) সিহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু (b) সিহঁতৰ অনুৰূপ বাহু বিলাক সমানুপাতিক।
2. তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া:
(i) এযোৰ সদৃশ চিত্ৰৰ।
উত্তৰঃ (1) সকলো সমবাহু সদৃশ চিত্র আৰু (2) দুটা বর্গ সদৃশ চিত্র।
(ii) এযোৰ অসদৃশ চিত্ৰৰ।
উত্তৰঃ (1) এটা ত্রিভুজ আৰু চতুর্ভুজ অসদৃশ চিত্র। আৰু (2) এটা বৰ্গ আৰু এটা বম্বাচ অসদৃশ চিত্র।
প্রশ্ন 3. তলত দিয়া চতুর্ভুজ দুটা সদৃশ হয়নে নহয় উল্লেখ কৰা-
উত্তৰঃ চতুর্ভুজ দুটা সদৃশ নহয়। কাৰণ সিহঁতৰ অনুৰূপ কোণবোৰ সমান নহয়।