ধাতু আৰু অধাতুৰ প্ৰশ্নোত্তৰ।Class 10 General Science Solution। Chapter 3 । Metals and non-metals Question Answers

ধাতু আৰু অধাতু

প্ৰশ্নাৱলী (পৃষ্ঠা নং – 40)

1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু

(i) সাধাৰণ উষ্ণতাত জুলীয়া।

উত্তৰঃ  পাৰা।

(ii) কটাৰিৰে সহজে কাটিব পাৰি।

উত্তৰঃ  লিথিয়াম।

(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।

উত্তৰঃ- কপাৰ।

(iv) তাপৰ কম পৰিবাহী।

উত্তৰঃ- সীহ।

2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা।

উত্তৰঃ- কিছুমান ধাতু হাতুৰিয়ে মৰিয়াই মৰিয়াই পাতল পাত এচতাৰ দৰে বনাব পাৰি আৰু ধাতুৰ এই ধৰ্মক ঘাত সহনীয়তা বোলা হয় । যেনেঃ- সোণ, ৰূপ, এলুমিনিয়াম, প্লেটিনাম আদি  

        ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ ৰূপান্তৰিত কৰিব পৰা গুণকে ধাতুৰ নমনীয়তা বোলে। সোণ, ৰূপ, এলুমিনিয়াম আদি ।

প্ৰশ্নাৱলী (পৃষ্ঠা নং – 46)

1. ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয়?

উত্তৰঃ- ছ’ডিয়াম ধাতু অতি সক্ৰিয় আৰু ই ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে  বায়ুত মুক্তভাৱে ৰাখিলে  অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰি জ্বলি উঠে। সেয়েহে দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ছ’ডিয়াম ধাতু কেৰাচিন তেলত ডুৱাই ৰখা হয়। যাতে ই বায়ুৰ সংস্পৰ্শ নাপায়।    

2.তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা一

(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।

Ans:-  \(3{Fe + 4 H_2O   → Fe_3O_4 + 4 H_2 }\)

(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া ।

উত্তৰঃ- 

\({Ca + 2H_2O   → Ca(OH)_2 + H_2 }\)

\({K + H_2O   → 2KOH + H_2 }\)

3. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।

ওপৰৰ তালিকা ব্যৱহাৰ কৰি ABCD ধাতু সম্বন্ধে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া।

(i) আটাইতকৈ সক্রিয় ধাতু কোনটো? 

Ans:- B হৈছে আটািতকৈ সক্ৰিয় ধাতু

(ii) কপাৰ (II) ছালফেট লৱণত B ধাতু দিলে কি হল? 

Ans:- কপাৰ (II) ছালফেট লৱণত B ধাতু দিলে প্ৰতিষ্ঠাপন বিক্ৰিয়া সংঘটিত হয় কপাৰ ছালফেট নীলা ৰং নোহোৱা হয় ৰঙা মুগা বৰণৰ হব ।

(ii) A, B , C , D ধাতুক সক্ৰিয়তাৰ নিম্নক্রমত সজোৱা।

উত্তৰঃ- B > A > C > D

4. লঘু হাইড্ৰ’ক্লৰিক এছিডত (HCI) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰনে লঘু H₂SO₄ ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা। 

উত্তৰঃ-  হাইড্র’জেন গেছ উৎপন্ন হয়।

Fe (s) + H₂SO₄ (aq) → FeSO₄ (aq) + H₂(g)

5. আইন (II) ছালফেট দ্ৰৱণত জিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্রিয়াটো লিখা।

উত্তৰঃ- যিংক, আইৰনতকৈ বেছী সক্রিয়। সেইবাবে যিংক যেতিয়া আইৰন ছালফেট বা FeSO₄ (aq)-ৰ লগত বিক্রিয়া কৰে, তেতিয়া যিংকে, আইৰনক স্থানান্তৰ কৰে আৰু বৰণহীন যিংক ছালফেট (aq) উৎপন্ন হয়। মাটিয়া বৰণৰ আইৰনধাতু জমা হয়। 

Zn (S) + FeSO₄ (aq) → ZnSO₄ (aq) + Fe (S)

প্ৰশ্নাৱলী (পৃষ্ঠা নং – 49)

(i) ছ’ডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন (electron dot structure) লিখা 

উত্তৰঃ-  ছডিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন হৈছে — Na    =  2.8.1

             অক্সিজেনৰ ইলেক্ট্ৰন বিন্দু গঠন হৈছে —      o= 2.6

            মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন হৈছে —      Mg : =  2.8.2

(ii) ইলেক্ট্রন স্থানান্তৰৰ জৰিয়তে \(Na_2O\) আৰু MgO ৰ গঠন লিখা।

Ans:-

 

(iii) এই যৌগটোত থকা আয়নসমূহ কি কি?

Ans:-

\(Na_2O\) -ত থকা আয়নবোৰ হ’ল : Na⁺ আৰু O²⁻

MgO-ত থকা আয়নবোৰ হ’ল : Mg²⁺ আৰু O²⁻

2. আয়নীয় যৌগৰ গলনাংক কিয় বেছি?

Ans:-  আয়নীয় যৌগবোৰ ইলেক্ট্ৰনৰ ত্যাগ বা গ্ৰহণ কৰি  আয়নীয় বান্ধনি  গঠন কৰি যৌগবোৰ গঠন কৰে । এই যৌগত  থকা ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজৰ থকা এই আয়নীয় বান্ধনি অতি শক্তিশালী হয় সেয়েহে এই বান্ধনিবোৰ ভাঙিবলৈ অতিমাত্ৰা তাপৰ প্ৰয়োজন হয় । সেয়েহে আয়নীয় যৌগৰ গলনাংক বেছি ।

প্ৰশ্নাৱলী (পৃষ্ঠা নং – 53)

1. তলত দিয়াবোৰৰ সংজ্ঞা লিখা।

(i) মণিক       (ii) আকৰ      (iii) খনিজ মল

উত্তৰঃ- 

মণিকঃ-  পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বকত পোৱা পদাৰ্থবোৰক খনিজ পদাৰ্থ বা মণিক বোলা হয় ।

আকাৰঃ- কিছুমান খনিজ পদার্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পাৰি। এই ধৰণৰ খনিজ পদাৰ্থবিধক ধাতুটোৰ আকৰিক বা আকৰ (ore) বুলি কোৱা হয় ৷

খনিজ মলঃ- খনিৰ পৰা আহৰণৰ সময়ত আকৰৰ লগত বহুতো অশুদ্ধি যেনেঃ- মাটি, বালি আদি মিহলি হৈ থাকে। এই অশুদ্ধি বা অপদ্ৰৱ্যবোৰক খনিজ মল বোলে।

2.প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।

উত্তৰঃ গ’ল্ড আৰু প্লেটিনাম।

3.অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়?

উত্তৰঃ- অক্সাইডৰ পৰ ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়।

প্ৰশ্নাৱলী (পৃষ্ঠা নং – 55)

 

1. যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হ’ল।

Ans:-  

ধাতু

যিংক

মেগনেছিয়াম

কপাৰ

যিংক অক্সাইড

নঘটিব

ঘটিব

নঘটিব

মেগনেছিয়াম অক্সাইড

নঘটিব

নঘটিব

নঘটিব

কপাৰ অক্সাইড

ঘটিব

ঘটিব

নঘটিব

 

2. সংকৰ ধাতু কি?

উত্তৰঃ-সংকৰ ধাতু (alloy) হ’ল দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণ। যেনেঃ লো।

অনুশীলনী

1. তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্রিয়া ঘটিব?

(a) NaCl- দ্ৰৱ আৰু কপাৰ ধাতু । 

(b) MgCI₂ -ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু ।

(c) FeSO₄ দ্ৰৱ আৰু ছিলভাৰ ধাতু ।

(d) AgNo₃ ৰ দ্ৰৱ আৰু কপাৰ ধাতু । 

Ans:-  AgNO₃- দ্ৰৱ আৰু কপাৰ ধাতুৰক্ষেত্ৰত

2. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব?

(a) গ্ৰীজ ব্যৱহাৰ কৰি। 

(b) ৰং ব্যৱহাৰ কৰি।

(c) যিংকৰ প্রলেপ দি।

(d) ওপৰৰ সকলোবোৰ।

Ans. (c) যিংকৰ প্ৰলেপ দি।

3. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্রৱণীয়। সম্ভৱপৰ মৌলটো

(a) কেলছিয়াম।

(b) কার্বন।

(c) ছিলিকন।

(d) আইৰন।

Ans. (a) কেলছিয়াম।

4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; জিংকৰ নহয়। কিয়নো

(a) টিনতকৈ জিংক দামী।

(b) জিংকৰ গলনাংক টিনতকৈ বেছি। 

(c) জিংক টিনতকৈ অধিক সক্রিয়। 

(d) জিংক টিনতকৈ কম সক্রিয়।

Ans. (c) জিংক টিনতকৈ অধিক সক্রিয়।

5. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হল।

(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা? 

Ans. (a) ধাতুক হাতুৰীৰে কোবালে মিহিপাত প্ৰস্তুত হয় কিন্তু অধাতুক হাতুৰীৰে কোৱালে গুড়ি হয়। ইয়াৰ পৰা পাত প্রস্তুত কৰিব নোৱাৰি। এটা বৈদ্যুতিক বর্তনী ধাতুৰ তাঁৰেৰে তৈয়াৰি কৰা হ, ত এটা বেটাৰী, এটা বাল্ব, এটা ছুইচ আছে। যেতিয়া বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়, তেতিয়া বাহুটো জ্বলি উঠিব।

(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাংকন কৰা।

Ans- হাতুৰীৰ দ্বাৰা আঘাত কৰা পদ্ধতিটো বিশ্বাসযোগ্য পদ্ধতি, কাৰণ ইয়াৰ দ্বাৰা ধাতু-অধাতুৰ পাৰ্থক্য ধৰিব পাৰি। কিন্তু গ্রেফাইট এটা অতি সুকীয়া অধাতু, যিটো বিদ্যুৎ পৰিবাহী। অর্থাৎ কিছু কিছু ক্ষেত্ৰত হাতুৰীৰে কোৱাই ধাতু আৰু অধাতুৰ পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰি।

6. উভধর্মী অক্সাইড কাক বোলে? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া। 

Ans:- যিবিলাক অক্সাইডে ক্ষাৰকীয় আৰু আম্লিক উভয় ধৰ্ম প্ৰৰ্দশন কৰে আৰু এইবোৰে  এছিড আৰু ক্ষাৰক উভয়ৰ লগত বিক্ৰিয়া কৰে আৰু উভয় ক্ষেত্ৰত লৱণ আৰু পানী উৎপন্ন কৰে। এই কাৰণে সেইবোৰক উভধর্মী অক্সাইড কোৱা হয়। যেনে– জিংক অক্সাইড, এলুমিনিয়াম অক্সাইড ইত্যাদি।

7. দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে ।

Ans:- Zn, Al, Mg, Fe আদিয়ে হাইড্ৰজেন অপসাৰণ কৰে আৰু Cu, Ag, Au আদিয়ে লঘু এছিডৰ পৰা H₂ অপসাৰিত কৰিব নোৱাৰে।

 8. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন’ড, কেথ’ড আৰু বিদ্যুৎবিশ্লেষ্য কি লব লাগিব?

Ans. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা :

অশুদ্ধ ধাতু – M এন’ড ।

বিশুদ্ধ ধাতু – M কেথ’ডত জমা হ’ব।

বিদ্যুত বিশ্লেষ্য: ধাতবীয় ছালফেট দ্ৰৱ। 

9. প্ৰত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুওৱা ধৰণে এটা পৰীক্ষানলীত ওভোটাকৈ ধৰি সংগ্ৰহ কৰিলে।

a) (i) শুষ্ক লিটমাচ কাগজৰ লগত(ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্ৰিয়া কেনে হ’ব?

b) ইয়াত বিক্ৰিয়াটোৰ সন্তলিত সমীকৰণ লিখা।

Ans. (a) (i) শুষ্ক লিটমাছ কাগজৰ ওপৰত শুষ্ক গেছৰ কোনো প্রভাৱ নপৰিব। 

(ii) সিক্ত লিটমাছ কাগজৰ বৰ্ণ ৰঙা হব।

(b) (i) S + O₂ → SO₂ 

(ii) SO₂ +  H₂O → H₂SO₃ (ছালফিউৰাছ এছিড)

 10. লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বর্ণনা কৰা। 

Ans. লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় তলত দিয়া হল― 

(i)  ৰংৰ প্ৰলেপ দিয়া ।

(ii) জিংক ধাতুৰ প্ৰলেপ দিয়া। 

11. অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে?

Ans. অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে আম্লিক অক্সাইড গঠন কৰে। উদাহৰণ স্বৰূপে, SO₂, CO₂, NO₂ আদি আম্লিক অক্সাইড।

12. কাৰণ দর্শোৱা―

(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।

(b) ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।

Ans. (a) প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ধাতুবোৰত চিকমিকনি, কঠিন ঘাত সহনীয়তা, নমনীয়তা আদি ভৌতিক ধৰ্ম থকাৰ বাবে, গহনাপাতি তৈয়াৰ কৰাৰ কাৰণে এইবোৰ ব্যৱহাৰ কৰা হয়।

(b) ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ইত্যাদি ধাতুকেইটা অধিক সক্রিয়। স্বাভাৱিক উচ্চতাত এইবোৰ ধাতু বায়ুৰ অক্সিজেনৰ লগত বিক্রিয়া কৰে আৰু আদ্র বায়ুত জ্বলি উঠে। সেই কাৰণে এই ধাতুবোৰ তেলত (কেৰাচিন) ডুৱাই ৰখা হয়।

(c) এলুমিনিয়াম অধিক সক্রিয়। তথাপি এই ধাতু দ্বাৰা ৰন্ধনৰ বৰ্তনবোৰ তৈয়াৰ করা হয়। কাৰণ বৰ্তনবোৰৰ পৃষ্ঠতলত এলুমিনিয়াম অক্সাইডৰ (AL₂O₃) এটা আস্তৰণ পৰে, যি বৰ্তনবোধক ক্ষয়সাধনৰ পৰা ৰক্ষা কৰে।

(d) ধাতুৰ নিষ্কাশনৰ সময়ত ধাতুৰ অক্সাইডক বিজাৰিত কৰা হয়। কাৰণ এই পদ্ধতিৰ খৰচ কম আৰু কৰাটো অতি সহজ। সেই কাৰণে প্রথমতে, কার্বনেট আৰু ছালফাইড আকৰিকক ধাতুৰ অক্সাইডত ৰূপান্তৰ কৰা হয়, ইয়াৰ পিছত আকৌ ধাতুলৈ বিজাৰিত কৰা হয়। 

 13. চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী (tamarind) ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে? 

Ans. কপাৰৰ পাত্ৰত আৰ্দ্ৰবায়ুৰ প্ৰভাৱত কপাৰ কাৰ্বনেটৰ এটা সেউজীয়া আস্তৰণ পৰে, ইয়াক চেকা ধৰা বুলি কোৱা হয় আৰু এই আস্তৰণ পাত্ৰটোৰ ক্ষয় সাধন কৰে। এই আস্তৰণ আঁতৰ কৰাৰ বাবে আমি নেমুটেঙা বা তেতেলীৰ ৰস ব্যৱহাৰ কৰোঁ। এই ৰসত থকা এছিড, কপাৰ কাৰ্বনেটৰ আস্তৰণ দ্ৰৱীভূত কৰি কপাৰৰ পাত্ৰটোক পৰিষ্কাৰ কৰে।

14. ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা? 

Ans. ধাতু আৰু অধাতুৰ পাৰ্থক্য:

ধাতু অধাতু
(i) ধাতুবোৰ বিদ্যুত ধনাত্মক মৌল। (i) অধাতুবোৰ বিদ্যুত ঋনাত্মক মৌল।
(ii) ধাতুবোৰ ক্ষাৰকীয় অক্সাইড গঠন কৰে। (ii) অধাতুবোৰ আম্লিক অক্সাইড বা নিৰপেক্ষ অক্সাইড গঠন কৰে।
(iii) ধাতু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰিত কৰে। (iii) অধাতু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰিত কৰিব নোৱাৰে।

 

15. এজন ভণ্ড মানুহ স্বর্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল। তেওঁ ম্লান পৰি যোৱা অলঙ্কাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল। মানুহজনে খাৰুযোৰ এটা বিশেষ স্নাৱকত ডুবাই ধৰিছিল। খাকযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল৷ পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলাগৰাকী অগ্ৰস্তুত হৈ পৰিছিল আৰু অনর্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা প্ৰাৱকটো কি আছিলে অনুমান কৰি কৰ পাৰিবা নে?

Ans. স্বর্ণকাৰ একুৱাৰিজিৱাৰ দ্ৰৱ ব্যৱহাৰ কৰিছিল। এই দ্ৰৱত 1 ভাগ গাঢ় HNO₃ আৰু 3 ভাগ গাঢ় HCI থাকে। যি এছিডে সোণৰ পমি যোৱাত সহায় কৰে। 

16. গৰম পানীৰ জলাধাৰ (hot water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰণৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়। কিয়? 

Ans. তীখা বা ষ্টিলতকৈ কপাৰ তাপৰ বেছী সুপৰিবাহী। কপাৰ গৰম পানীৰ লগত বিক্রিয়া নকৰে কিন্তু লোৰে নিৰ্মিত ষ্টিল চেঁচা পানীৰ লগত বিক্রিয়া নকৰিলেও গৰম পানীৰ লগত বিক্রিয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। 3Fe + H₂O → Fe₃O₄ + 4H₂ ইয়াৰ কাৰণে গৰম পানীৰ জলাধাৰ কপাৰেৰে বনোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *