জীৱই কেনেকৈ বংশবিস্তাৰ । Class 10 । General Science Chapter 8 Solution । জীৱই কেনেকৈ বংশবিস্তাৰ । SEBA BOARD 2024-25

জীৱই কেনেকৈ বংশবিস্তাৰ । Class 10 । General Science Chapter 8 Solution । জীৱই কেনেকৈ বংশবিস্তাৰ । SEBA BOARD 2024-25

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যকতা কি?

Ans. প্ৰজননৰ দ্বাৰা জীৱই দেখাত নিজৰ দৰে প্ৰায় একে নতুন জীৱৰ সৃষ্টি কৰে। দৈহিক আৰ্হিৰ এই সাদৃশ্যই অপত্য জীৱসমূহক আগৰে পৰা চলি অহা অনুকূল পৰিৱেশ এটাক ব্যৱহাৰ কৰাৰ সুবিধা দিয়ে। এনেদৰে একেবাৰে মৌলিক পৰ্য্যায়ত দৈহিক আৰ্হিৰ আচনিৰ প্ৰতিৰূপ বা নকল প্ৰস্তুত কৰাৰ লগত প্ৰজনন জড়িত হৈ পৰে। আকৌ আমাৰ কোষৰ কোষকেন্দ্ৰত DNA অণুৰ ৰূপত ক্ৰম’জমত পৰৱৰ্তী প্ৰজন্মলৈ পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উত্তৰাধিকাৰৰ তথ্য নিহিত থাকে। DNA বোৰ হ’ল প্ৰটিন সংশ্লেষণৰ বাবে তথ্যৰ উৎস। সেয়ে যদি তথ্যৰ সলনি হয়, তেনেহলে উৎপন্ন হোৱা প্ৰটিনৰ প্ৰকৃতিও বেলেগ হ’ব। বেলেগ প্ৰকাৰৰ প্রটিনে দৈহিক আৰ্হিৰো পৰিবৰ্তন আনিব। এনে অৱস্থাত অপত্য জীৱ এটা প্ৰৱৰ্ত্তিত অনুকূল পৰিবেশত জীয়াই থাকিব নোৱাৰিব। সেয়েহে, প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যকতাএটা প্রয়োজনীয় প্রক্রিয়া।

2. প্ৰজাতিৰ কাৰণে ভিন্নতা প্রয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয়?

Ans. : কোনো জীৱৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কোনো কাৰণবশতঃ অনুকূল অৱস্থা এটা পৰিৱৰ্তিত হ’ব পাৰে। উদাহৰণস্বৰূপে, পৃথিৱী পৃষ্ঠৰ উষ্ণতাৰ বৃদ্ধি বা হ্ৰাস হ’ব পাৰে, জলপৃষ্ঠৰ সলনি হ’ব পাৰে বা উল্কাপিণ্ডৰ বৰ্ষণ হ’ব পাৰে। যদি প্রজননকাৰী জীৱৰ কোনো আবাদীয়ে কোনো এক নিৰ্দিষ্ট অনুকূল পৰিৱেশৰ লগত ভালদৰে অভিযোজিত হ’ব পাৰিছিল আৰু এই পৰিৱেশ চৰমভাৱে সলনি হৈ যায়, তেনেহ’লে গোটেই আবাদীটোৱে মৃত্যুমুখত পৰিব পাৰে। কিন্তু এই আবাদীৰ কিছু সংখ্যক ব্যক্তিৰ গাত যদি কিছু ভিন্নতা আছিল, তেনেহ’লে সেইকেইটা ব্যক্তিৰ বৰ্তি থকাৰ কিছু আশা থাকিব। সেয়েহে কোনো প্রজাতি বৰ্তি থকাৰ বাবে ভিন্নতা সহায়ক হয়, যদিও ই জৰুৰীভাৱে কোনো ব্যক্তি বিশেষৰ বাবে লাভজনক নহয় ।

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. দ্বিখণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্ৰভেদ কি কি? 

Ans:- দ্বি-বিভাজন আৰু বহু-বিভাজনৰ মূল পার্থক্য এয়ে যে দ্বি-বিভাজনত এমিবাৰ দৰে এককোষী জীৱসমূহে দুটা সমান ভাগত বিভক্ত হৈ যায়। আনহাতে, বহু-বিভাজনত, মেলেৰিয়া পৰজীৱী প্লাজম’ডিয়াম আদিৰ দৰে জীৱবোৰে একে সময়তে বহুকেইটা অপত্য কোষলৈ বিভাজিত হয়। দ্বি-বিভাজনত কোষৰ কোষকেন্দ্ৰটো মাত্ৰ এবাৰ দ্বি-বিভাজিত হোৱাৰ বিপৰীতে বহু বিভাজনত কোষকেন্দ্ৰটো বহুকেইবাৰ বিভাজিত ।

2. যদি কোনো জীবই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ’ব?

Ans:- ৰাইজ’পাছ বা ব্ৰেড ম’ল্ডৰ দৰে জীৱৰ দেহত থকা স্পৰেঞ্জিয়া নামৰ ঠাৰিৰ ওপৰত থকা কিছুমান পিণ্ডৰ দৰে গঠনত ৰেণুসমূহ পোৱা যায়। এই ৰেণুসমূহ হ’ল জনন কোষ । ৰেণুসমূহ ডাঠ বেৰেৰে সুৰক্ষিত হৈ থাকে। পিছত যেতিয়া ইহঁতে কোনো সেমেকা পৃষ্ঠৰ সংস্পৰ্শলৈ আহে, তেতিয়া ইহঁতে ব্যক্তিগত জীৱ হিচাপে বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷ এনেদৰে যৌন প্ৰজননত লগাৰ দৰে, কোনো নতুন জীৱৰ সৃষ্টিৰ বাবে ৰেণুসমূহে আন কোষৰ লগত যোজিত হোৱাৰ প্ৰয়োজন নহয়। তেনেদৰে ৰেণুৰ সহায়ত হোৱা প্ৰজনন প্ৰক্ৰিয়াত জটিলতা কম আৰু এই প্ৰক্ৰিয়াৰে নতুন অপত্য জীৱৰ সৃষ্টিৰ বাবে সময়ো তুলনামূলকভাৱে কমকৈ লাগে ৷

3. উচ্চ খাপৰ জীৱই কিয় পুনৰ্জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দর্শাব পাৰিবানে? 

Ans:- জটিল বহুকোষী জীৱসমূহ কোষৰ এক সাধাৰণ যাদৃচ্ছিক সংগ্রহ নহয়। এনে জীৱৰ দেহত বিশেষত্বপূৰ্ণ কোষসমূহ কলা হিচাপে আৰু কলাসমূহ অংগ হিচাপে সংগঠিত হৈ থাকে, যাক পিছত শৰীৰৰ বিভিন্ন অৱস্থানত প্ৰতিষ্ঠা কৰিবলগীয়া হয়। এনে এক সযতনে সংগঠিত পৰিস্থিতিত, এটা সম্পূৰ্ণ জীৱ তাৰ দেহৰ এটা অংশৰ পৰা বিকশিত কৰাটো সম্ভৱপৰ নহ’ব। কাৰণ জীৱটোৰ এটা অংশৰ পৰা জীৱটোৰ জটিল দৈহিক আৰ্হিৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন কলা আৰু অংগসমূহ বিকশিত কৰাটো কঠিন হ’ব। সেয়েহে পুণৰ জীৱনৰ জৰিয়তে বেছি জটিল জীৱসমূহে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে ৷

4. বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয়?

উত্তৰ:- কিছুমান উদ্ভিদৰ ৰোপণৰ বাবে আংগিক বিস্তাৰণৰ অনুশীলনৰ বহুতো সুবিধা আছে। সেইবোৰ হ’ল—

(i) আংগিক বিস্তাৰণৰ দ্বাৰা সৃষ্টি কৰা উদ্ভিদে বীজৰ পৰা উৎপন্ন কৰা উদ্ভিদৰ তুলনাত বেছি সোনকালে ফুল আৰু ফল ধাৰণ কৰে ।

(ii) কল, সুমথিৰা, গোলাপ আদিৰ দৰে উদ্ভিদসমূহে বীজ উৎপন্ন কৰাৰ ক্ষমতা হেৰুওৱাৰ পাছতো, আংগিক বিস্তাৰণৰ সহায়ত সিহঁতক ৰোপণ কৰিব পাৰি ৷

(iii) আংগিক বিস্তাৰণৰ দ্বাৰা উৎপাদন কৰা উদ্ভিদসমূহ জিনীয়ভাৱে সিহঁতৰ পৈতৃক উদ্ভিদজোপাৰ লগত একে হয় আৰু সেয়ে ইহঁতে পৈতৃক উদ্ভিদজোপাৰ সকলো বৈশিষ্ট্য লাভ কৰে । এনেবোৰ কাৰণত কিছুমান উদ্ভিদৰ ৰোপণৰ বাবে আংগিক বিস্তাৰণৰ অনুশীলন কৰা হয় ।

5. প্রজনন প্রক্রিয়াৰ এটা অংশ হিচাবে ডি.এন.এ. (DNA) প্রতিলিপিকৰণ কিয় প্রয়োজন?

উত্তৰ : প্ৰজননৰ দ্বাৰা জীৱই দেখাত নিজৰ দৰে প্ৰায় একে নতুন জীৱৰ সৃষ্টি কৰে । দৈহিক আৰ্হিৰ এই সাদৃশ্যই অপত্য জীৱসমূহক আগৰে পৰা চলি অহা অনুকূল পৰিৱেশ এটাক ব্যৱহাৰ কৰাৰ সুবিধা দিয়ে। এনেদৰে একেবাৰে মৌলিক পৰ্য্যায়ত দৈহিক আৰ্হিৰ আচনিৰ প্ৰতিৰূপ বা নকল প্ৰস্তুত কৰাৰ লগত প্ৰজনন জড়িত হৈ পৰে। আকৌ আমাৰ কোষৰ কোষকেন্দ্ৰত DNA অণুৰ ৰূপত ক্ৰম’জমত পৰৱৰ্তী প্ৰজন্মলৈ পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উত্তৰাধিকাৰৰ তথ্য নিহিত থাকে। DNA বোৰ হ’ল প্ৰটিন সংশ্লেষণৰ বাবে তথ্যৰ উৎস। সেয়ে যদি তথ্যৰ সলনি হয়, তেনেহলে উৎপন্ন হোৱা প্ৰটিনৰ প্ৰকৃতিও বেলেগ হ’ব। বেলেগ প্ৰকাৰৰ প্রটিনে দৈহিক আৰ্হিৰো পৰিবৰ্তন আনিব। এনে অৱস্থাত অপত্য জীৱ এটা প্ৰৱৰ্ত্তিত অনুকূল পৰিবেশত জীয়াই থাকিব নোৱাৰিব। সেয়েহে, প্ৰজননৰ প্রক্রিয়াৰ এটা অংশ হিচাবে ডি.এন.এ. (DNA) প্রতিলিপিকৰণ প্রয়োজনীয় প্রক্রিয়া।

পাঠভিত্তিক প্রশ্নোত্তৰ

1. নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য কেনেধৰণৰ?

উত্তৰঃ

পৰাগযোগনিষেক বা নিষেচন
(i) ফুলৰ পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণ আৰু জমা কৰা কাৰ্য্যকে পৰাগযোগ বুলি জনা যায়।(i) পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলত যোজন কোষ (দ্বিগুণ কোষ) উৎপন্ন হোৱা প্ৰক্ৰিয়াই হ’ল নিষেচন।
(ii) ই এটা ভৌতিক প্রক্রিয়া। ইয়াত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়।(ii) ই এটা রাসায়নিক প্রক্রিয়া। ইয়াত নতুন পদার্থ অর্থাৎ ‘যাইগ’ট উৎপন্ন হয়।

2. শুক্রাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?

Ans:- মানুহৰ শৰীৰত পুংজনন কোষবোৰে যেতিয়া শুক্রবাহী নলীৰ মাজেৰে গতি কৰে, শুক্রাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ দৰে গ্ৰন্থিবোৰে তাত কিছুমান ৰস নিঃসৰণ কৰে। ইয়াৰ ফলত পুংজনন কোষবোৰে শুক্ৰবাহী নলীত এক তৰল মাধ্যম লাভ কৰে যিয়ে সিহঁতৰ পৰিবহণ সহজ কৰে। এই তৰলে পুংজনন কোষসমূহক পৰিপুষ্টিৰো যোগান ধৰে।

3. কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিবৰ্তন দেখা যায় ?

Ans:- পিউবাৰটিৰ সময়ত ছোৱালীৰ শৰীৰত দেখা পৰিৱৰ্তনসমূহ হ’ল—

(i) শৰীৰৰ কিছুমান নতুন অংশ যেনে কাষলতি আৰু যৌনাংগৰ আশে-পাশে ডাঠ নোম গজা।

(ii) ছালখন তেলেতীয়া হোৱা আৰু শালমইনা ওলোৱা

(iii) বক্ষৰ আকাৰ বঢ়া।

(iv) ঋতুচক্ৰ আৰম্ভ হোৱা ।

4. মাতৃদেহত ভ্ৰূণকোষে কেনেকৈ পুষ্টি লাভ কৰে? 

উত্তৰ : মাতৃৰ শৰীৰৰ ভিতৰত ভ্ৰূণটোৱে প্লেচেণ্টা (Placenta) নামৰ এবিধ বিশেষ কলাৰ সহায়ত পৰিপুষ্টি লাভ কৰে। ই এখন থালৰ নিচিনা যি জৰায়ুৰ বেৰত পোত খাই থাকে। ভ্রূণটোৰ ফালে থকা প্লেচেণ্টাৰ অংশটোত ভিলাইবোৰ থাকে। আনহাতে মাতৃৰ ফালে থকা অংশটোত ৰক্ত স্থানসমূহ থাকে, যি ভিলাইবোৰক আৱৰি থাকে। ইয়ে মাতৃৰ পৰা ভ্ৰূণটোলৈ গ্লুক’জ আৰু অক্সিজেন পাৰ হ’বলৈ এক বৃহৎ পৃষ্ঠকালিৰ যোগান ধৰে।

5. যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper-T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধী হ’বনে?

উত্তৰ:- তিৰোতা এগৰাকীয়ে কপাৰ-টি ব্যৱহাৰ কৰিলে, ই তেওঁক যৌনৰোগসমূহৰ পৰা সুৰক্ষিত কৰাত সহায় নকৰে ।

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ

1. অযৌন প্ৰজননৰ মুকুলোদ্‌গম সংঘটিত হয়— 

(ক) এমিবাত।

(খ) ঈষ্টত।

(গ) প্লাজম’ডিয়ামত। 

(ঘ) লেইচ্‌মেনিয়াত। 

Ans. (খ) ঈষ্টত।

2. তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়?

(ক) ডিম্বাশয়। 

(খ) জৰায়ু।

(গ) শুক্ৰবাহী নলী। 

(ঘ) ফেলোপিয়ান নলী।

Ans. (গ) শুক্রবাহী নলী।

3. পৰাগধানীত পোৱা হয়—

(ক) বেটুপাত।

(খ) ডিম্বক।

(গ) স্ত্রীকেশৰ। 

(ঘ) পৰাগ ৰেণু। 

Ans. (ঘ) পৰাগ ৰেণু।

4. অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি?

উত্তৰ : অযৌন প্ৰজননৰ তুলনাত যৌন প্ৰজননৰ সুবিধাসমূহ হ’ল

(i) যৌন প্ৰজননত দুটা ভিন্ন ব্যক্তিৰ পৰা অহা দুটা বিপৰীত ধৰ্মী জনন কোষৰ মিলন হয়। ই নতুন কোষটোত জিনীয় সজ্জাৰ এক ভিন্নতাৰ সৃষ্টি কৰে। এনে কোষৰপৰা বিকশিত হোৱা নতুন জীৱটোৰ বৈশিষ্ট্যত কিছু ভিন্নতা দেখা যাব, যিয়ে চৰমভাৱে পৰিবৰ্তিত পাৰিবেশিক অৱস্থাতো জীৱটোক বৰ্তি থকাত সহায় কৰিব ৷

(ii) যিহেতু যৌন প্ৰজননৰ দ্বাৰা প্ৰজাতি এটাত ভিন্নতাৰ সৃষ্টি হয়, সেয়ে এনে ভিন্নতাই ভৱিষতে নতুন প্ৰজাতিৰ জীৱৰ সৃষ্টিত অৰিহণা যোগায় আৰু এনেদৰে জীৱৰ ক্ৰমবিকাশত সহায় কৰে ৷

5. মানুহৰ শুক্রাশয় কেইটাই কি কি কাম কৰে?

উত্তৰ:- মানুহৰ শৰীৰত শুক্রাশয়ৰ কাৰ্যসমূহ হ’ল

(i) শুক্রাশয়ে পুং জনন কোষ সৃষ্টি কৰে।

(ii) ইহঁতে টেষ্ট ষ্টাৰণ নামৰ এবিধ হৰম’ন উৎপন্ন কৰে, যিয়ে পিউবাৰটিৰ সময়ত পুৰুষৰ প্ৰজননকেন্দ্ৰিক শাৰিৰীক পৰিবৰ্তনসমূহ আনে

6. স্নাতুস্রাৱ বা ঋতুস্রাব কিয় হয়?

উত্তৰ:- যিহেতু ডিম্বাশয়ে প্রতি মাহতে একোটাকৈ ডিম্বাণু নির্গত কৰে, সেয়ে এটা নিষেচিত ডিম্বাণু গ্ৰহণ কৰিবলৈ জৰায়ুয়ে প্ৰতি মাহতে নিজকে সাজু কৰি তোলে। এই উদ্দেশ্যত জৰায়ুৰ অন্তঃ আৱৰণীখন ডাঠ আৰু সোপোকা হৈ উঠে। যদি নিষেচন সংঘটিত হয়, তেনে পৰিস্থিতিত ভ্ৰূণটোৰ পৰিপুষ্টিৰ বাবে এই আৱৰণীখনৰ প্ৰয়োজন হয় । কিন্তু যদি নিষেচন সংঘটিত নহয়, তেনেহলে এই আৱৰণীখনৰো কোনো প্রয়োজন নাথাকে ৷ সেয়েহে আৱৰণীখন লাহে লাহে ভাঙি যায় আৰু তেজ আৰু শ্লেষ্মা হিচাপে যোনিপথেৰে শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়। এই চক্ৰটো প্ৰায়ে এমাহৰ মূৰে মূৰে সংঘটিত হয় আৰু ইয়াক ঋতুচক্র বোলে ।

7. দীর্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা।

উত্তৰঃ-

8. বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি? 

উত্তৰ : গৰ্ভনিৰোধৰ বিভিন্ন পদ্ধতিবোৰ হ’ল—

(i) কনডমৰ ব্যৱহাৰ

(ii) খোৱা বড়িৰ ব্যৱহাৰ

(iii) কপাৰ-টিৰ ব্যৱহাৰ

(iv) অস্ত্ৰোপচাৰ পদ্ধতি বা বন্ধ্যাকৰণ ।

9. এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন আৰু যৌন প্রজনন প্ৰক্ৰিয়াৰ কৌশলসমূহ কেনেধৰণৰ? 

Ans. এককোষী জীৱৰ প্ৰজনন

(i) বেছিভাগ এককোষী জীৱেই ভাজন বা কোষ বিভাজনৰ দৰে সৰল পদ্ধতিৰে প্ৰজনন সম্পন্ন কৰে।

(ii)এককোষী জীৱসমূহে অযৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰে, যিহেতু যৌন প্ৰজনন সম্পন্ন কৰাৰ বাবে সিহঁতৰ কোনো বিশেষ প্রজনন কলা নাথাকে।

বহুকোষী জীৱৰ প্ৰজনন

(i) কোষ বিভাজনৰ দ্বাৰা প্ৰজনন বহুকোষী জীৱৰ ক্ষেত্ৰত ব্যৱহাৰিক পদ্ধতি হ’ব নোৱাৰে, কাৰণ বহুকোষী জীৱৰ দেহৰ আৰ্হি জটিল আৰু সুসংগঠিত।

(ii) বহুকোষী জীৱসমূহে যৌন আৰু অযৌন দুয়ো প্ৰকাৰৰ প্ৰজনন পদ্ধতিৰ দ্বারা বংশবৃদ্ধি করে।

উচ্চস্তৰীয় বহুকোষী জীৱবোৰে যৌন প্রজনন সাধন কৰে, যিহেতু সিহঁতৰ শৰীৰত বিশেষ প্রজনন কলা থাকে।

10. প্রজনন প্রক্রিয়াই কোনো প্ৰজাতি জীৱৰ আবাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে?

উত্তৰ : কোনো পৰিৱেশতন্ত্ৰত জীৱৰ আবাদীয়ে নিজৰ প্ৰজনন ক্ষমতা ব্যৱহাৰ কৰি এক সু-সংজ্ঞাবদ্ধ স্থান পৰিপূৰ্ণ কৰি থাকে। জীৱৰ দৈহিক আৰ্হিৰ বৈশিষ্ট্যসমূহ অক্ষুণ্ণ ৰখাৰ বাবে DNA ৰ নকল বা প্ৰতিৰূপ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ ই জীৱটোক কোনো এক নির্দিষ্ট অনুকূল পৰিবেশ ব্যৱহাৰ কৰিবলৈ সহায় কৰে। এনেদৰে প্ৰজনন জীৱৰ প্ৰজাতিৰ আবাদীৰ স্থিৰতা ৰক্ষাৰ লগত জড়িত।

11. গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?

উত্তৰ : গৰ্ভনিৰোধক পদ্ধতি ব্যৱহাৰ কৰাৰ মূল কাৰণসমূহ হ’ল –

(i) অনাকাঙ্ক্ষিত গৰ্ভধাৰণ ৰোধ কৰিবলৈ।

(ii) উদ্বেগজনকভাৱে বৃদ্ধি পোৱা জনসংখ্যা ৰোধ কৰিবলৈ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *