শক্তিৰ উৎসসমূহ । Class 10 General Science । Question Answers । chapter 14 Solution ।শক্তিৰ উৎসসমূহ প্ৰশ্নত্তোৰ ।Academic 2023 -2024

শক্তিৰ উৎসসমূহ

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. শক্তিৰ ভাল উৎস কী? 

উওৰঃ-

(i) জীৱাশ্ম ইন্ধন হ’ল নৱীকৰণ অযোগ্য শক্তিৰ উৎস যি এদিন শেষ হৈ যাব।

(ii) জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত নাইট্ৰ’জেন আৰু ছালফাৰৰ অক্সাইড উৎপন্ন হয়, যি এছিড বৰষুণৰ সৃষ্টি কৰি মাটি আৰু জলসম্পদৰ ক্ষতিসাধন কৰে ।

(iii) জীৱাশ্ম ইন্ধনৰ দহনে প্ৰচুৰ পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড গেছৰ সৃষ্টি কৰে, যি এক সেউজ-গৃহ গেছ আৰু ই গোলকীয় উত্তাপনত অৰিহণা যোগায় ৷

2. ভাল ইন্ধন কি ? 

উত্তৰ : এটা ভাল ইন্ধন হ’ল এনে এক ইন্ধন যি তলৰ চৰ্তকেইটা পূৰণ কৰে –

 3. যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয়? 

উত্তৰ : খাদ্য গৰম কৰিবলৈ মই যদি যিকোনো শক্তিৰ উৎস ব্যৱহাৰ কৰিব পাৰো, তেনেহ’লে মই তৰলীকৃত পেট্ৰ’লিয়াম গেছ ব্যৱহাৰ কৰিম। তাৰ কাৰণবোৰ হ’ল-

(i) ই দহনৰ দ্বাৰা অতি উচ্চ পৰিমাণৰ তাপ উৎপন্ন কৰে ।

(ii) ই অতি কম পৰিমাণৰ ধোঁৱা নিৰ্গত কৰে।

(iii) ই সহজলভ্য।

(iv) ই আপেক্ষিকভাৱে কম প্ৰদূষণ সৃষ্টি কৰে ৷

পাঠভিত্তিক প্রশ্নোত্তৰ

1. জীবাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি?

উত্তৰঃ-

(i) জীৱাশ্ম ইন্ধন হ’ল নৱীকৰণ অযোগ্য শক্তিৰ উৎস যি এদিন শেষ হৈ যাব।

(ii) জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত নাইট্ৰ’জেন আৰু ছালফাৰৰ অক্সাইড উৎপন্ন হয়, যি এছিড বৰষুণৰ সৃষ্টি কৰি মাটি আৰু জলসম্পদৰ ক্ষতিসাধন কৰে ।

(iii) জীৱাশ্ম ইন্ধনৰ দহনে প্ৰচুৰ পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড গেছৰ সৃষ্টি কৰে, যি এক সেউজ-গৃহ গেছ আৰু ই গোলকীয় উত্তাপনত অৰিহণা যোগায় ৷

 2. আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয়?

উত্তৰ : আমি বিকল্প শক্তিৰ উৎসৰ অনুসন্ধান কৰাৰ কাৰণসমূহ হ’ল—

(i) জীৱাশ্ম ইন্ধনৰ দৰে প্ৰচলিত শক্তিৰ উৎসসমূহ নৱীকৰণ অযোগ্য শক্তিৰ উৎস, যি এদিন শেষ হৈ যাব

(ii) বেছিভাগ প্রচলিত শক্তিৰ উৎসই বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ কৰে ।

(iii) বেছিভাগ প্রচলিত শক্তিৰ উৎসই যথেষ্ট পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন কৰে, যি এক মুখ্য সেউজ গৃহ গেছ যিয়ে গোলকীয় উত্তাপনত অৰিহণা যোগায়

 3. আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিবৰ্তন অনা হৈছে

উত্তৰ :বায়ুকলৰ উদ্ভাৱনৰ দ্বাৰা বায়ু শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ উন্নতি সাধন কৰা হৈছে। বায়ুকল এটাত ডাঙৰ বিজুলী পাংখাৰ দৰে এক গঠন থাকে, যাক কিছু উচ্চতাত এক দৃঢ় আধাৰৰ ওপৰত স্থাপন কৰা হয় । বতাহৰ গতি শক্তিক বায়ুকলৰ দ্বাৰা আবদ্ধ কৰি তাৰ সহায়ত বায়ুকলৰ পাংখা ঘূৰোৱা হয় আৰু এই ঘূর্ণন গতিয়ে টার্বাইন ঘুৰাই বিদ্যুৎ উৎপাদন কৰে ৷ একেদৰে জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ উন্নতিসাধনৰ বাবে বান্ধ নিৰ্মাণ কৰা হয় । নদীত সুউচ্চ বান্ধ নিৰ্মাণ কৰি নদীৰ পানীক ভেটা দিয়া হয় আৰু এনেদৰে বৃহৎ জলাধাৰত পানী সংগ্ৰহ কৰা হয়। পানীৰ স্তৰ ওপৰলৈ উঠাৰ ফলত বোৱতী পানীৰ গতি শক্তি স্থিতি শক্তিলৈ পৰিবৰ্তিত হয়। বান্ধৰ পৰা পানী পাইপেৰে বোৱাই নি বান্ধৰ তলফালে থকা টাবাইনলৈ নিয়া হয় । এনেদৰে জলশক্তিক বান্ধবোৰত ব্যৱহাৰ কৰি টার্বাইন ঘূৰোৱা হয়। আৰু এনেদৰে বিদ্যুৎ উৎপাদন কৰা হয় ।

পাঠভিত্তিক প্রশ্নোত্তৰ

1. কোন ধৰণৰ দাপোণ– অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট? কিয়?

উত্তৰঃ- এটা সৌৰ কুকাৰ ব্যৱহাৰ কৰিবলৈ অৱতল দাপোণ বেছি সুবিধাজনক, কাৰণ অৱতল দাপোণৰ প্ৰকৃতি অভিসাৰী অৰ্থাৎ ই সমান্তৰাল ৰশ্মিক মুখ্য ফ’কাচলৈ অভিসাৰী কৰে। এনেদৰে এখন অৱতল দাপোণে বেছিভাগ সূৰ্যৰ ৰশ্মিকে সৌৰ কুকাৰৰ পিনে অভিসাৰী কৰে আৰু সেয়ে সৌৰ কুকাৰটোৱে সৰ্বোচ্চ তাপ লাভ কৰিব ।

2. মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি? 

উত্তৰ : মহাসাগৰৰ পৰা আহৰণ কৰা শক্তিৰ সীমাবদ্ধতাসমূহ হ’ল—

(i) জোৱাৰ শক্তিৰ আহৰণৰ বাবে সমুদ্র-তীৰত বান্ধ নিৰ্মাণ কৰিবলৈ উপযুক্ত স্থান সীমিত ।

(ii) যিবিলাক অঞ্চলত মহাসাগৰৰ ঢৌবোৰ অতি শক্তিশালী তেনে অঞ্চলতহে তৰংগ শক্তি আহৰণ কৰিব পাৰি ।

(iii) মহাসাগৰৰ পৃষ্ঠৰ আৰু 2 কি.মি. পর্যন্ত গভীৰতাৰ পানীৰ উষ্ণতাৰ পাৰ্থক্য-293 | কেলভিন বা বেছি হ’লেহে মহাসাগৰ-তাপ-শক্তি ৰূপান্তৰণ প্রকল্পসমূহে ঠিকমতে কাম কৰিব পাৰে ।

3. তাপীয় শক্তি কি?

উত্তৰঃ- ভূতাত্ত্বিক পৰিবৰ্তনৰ বাবে, পৃথিৱীৰ খোলাটোৰ গভীৰ স্তৰত উৎপন্ন হোৱা গলিত শিল ওপৰলৈ উঠি আহে আৰু কিছুমান উষ্ণ স্থান (Hot spot)ত আৱদ্ধ হৈ ৰয় যেতিয়া ভূগর্ভস্থ পানী এই উষ্ণ স্থানসমূহৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহে তেতিয়া বাষ্পৰ সৃষ্টি হয় । এনেদৰে শিলাস্তৰত আৱদ্ধ বাষ্প পাইপেৰে কঢ়িয়াই টাৰ্বাইনলৈ নিয়া হয় আৰু বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰা হয়। উষ্ণ স্থানসমূহৰ পৰা এনেদৰে আহৰণ কৰা শক্তিক ভূতাপীয় শক্তি বোলা হয় ৷

 4. নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি? 

উত্তৰ : নিউক্লীয় শক্তিৰ সুবিধাসমূহ হ’ল—

(i) গধূৰ পৰমাণুসমূহৰ বিযোজন (Fission)ৰ পৰা আহৰণ কৰা শক্তিৰ পৰিমাণ আন শক্তিৰ উৎসসমূহৰ তুলনাত যথেষ্ট বেছি।

(ii) যদিহে নিউক্লীয় বৰ্জনীয় পদাৰ্থসমূহৰ সঞ্চয় আৰু অপসাৰণ ঠিকমতে কৰা হয়, তেনেহ’লে নিউক্লীয় শক্তিৰ ব্যৱহাৰ পৰিৱেশৰ বাবে ক্ষতিকাৰক নহয় ।

পাঠভিত্তিক প্রশ্নোত্তৰ

1. শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে? 

উত্তৰঃ- কোনো এটা শক্তিৰ উৎস প্ৰদূষণ-মুক্ত হ’ব নোৱাৰে, কাৰণ সকলো শক্তিৰ উৎসই পৰিৱেশক প্ৰত্যক্ষ বা পৰোক্ষভাৱে ক্ষতি কৰে। উদাহৰণস্বৰূপে, সৌৰ কোষৰ দৰে আহিলাৰ মূল কাৰ্যপ্ৰণালী প্রদূষণ-মুক্ত হয় যদিও এনে আহিলাৰ নিৰ্মাণ প্ৰক্ৰিয়াই পৰিৱেশৰ ক্ষতিসাধন কৰিব পাৰে ।

 2. ৰকেটৰ ইন্ধন হিচাপে হাইড্র ‘জেন ব্যৱহাৰ হয়। তোমালোকে ইয়াক চি.এন জি (CNG) তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি? কিয় কৰিবা বা কি নকৰা? 

উত্তৰঃ হাইড্ৰ’জেন CNG তকৈ নিকা ইন্ধন বুলিব পাৰি। কাৰণ CNG এবিধ জীৱাশ্মজাত ইন্ধন আৰু ইয়াৰ দহনৰ ফলত কম পৰিমাণে হ’লেও কিছুমান হানিকাৰক প্ৰদূষক বায়ুমণ্ডলত যোগ হয়। আনহাতে CNG (প্রাকৃতিক গেছ) ৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণে CO, গেছ উৎপন্ন হোৱাৰ ফলত ই গোলকীয় উত্তাপনত অৰিহণা যোগায়। ইয়াৰ বিপৰীতে হাইড্ৰ’জেনৰ দহনৰ ফলত কেৱল পানী উৎপন্ন হয় আৰু ই কোনো ধৰণৰ প্ৰদূষক বায়ুমণ্ডলত যোগ নিদিয়ে। ইয়াৰ উপৰিও হাইড্ৰ’জেনৰ দহনৰ ফলত CO, উৎপন্ন নোহোৱাৰ ফলত ই গোলকীয় উত্তাপনতো অৰিহণা যোগায় ৷

2H2 + O2 → 2H, O (হাইড্ৰ’জেনৰ দহন) O,

পাঠভিত্তিক প্রশ্নোত্তৰ

1. ভূমি নৰীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পছন্দৰ কাৰণ দর্শোৱা।

উত্তৰঃ- দুটা নৱীকৰণযোগ্য শক্তিৰ উৎস হ’ল— (i) সৌৰ শক্তি আৰু (ii) বায়ুৰ শক্তি। এই দুটা শক্তিৰ উৎস নৱীকৰণযোগ্য, কাৰণ দুয়োটা শক্তিৰ উৎসকেই পুনৰুদ্ধাৰ কৰিব পাৰি। এই শক্তিৰ উৎসসমূহ ব্যৱহাৰ কৰি থকাৰ ফলতো ইহঁত শেষ হৈ নাযায়, যিহেতু সূৰ্যই অনন্ত সময়ৰ বাবে সৌৰ শক্তি উৎপাদন কৰি থাকিব আৰু পৃথিৱী পৃষ্ঠতো চিৰদিনৰ বাবে বতাহ বলি থাকিব ৷

2. ভূমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দর্শোৱা।

উত্তৰ : দুটা ক্ষয়িষ্ণু শক্তিৰ উৎস হ’ল- (i) কয়লা আৰু (ii) পেপ্ট লিয়ান । ইয়াৰ কাৰণ হ’ল কয়লা ভূগৰ্ভৰ গভীৰ ভৰত নৃত উদ্ভিদৰ পৰা উৎপন্ন হয়। এই প্রক্রিয়া অতিকৈ মন্থৰ আৰু কয়লা উৎপন্ন হ’বলৈ বহু লক্ষ বছৰ লাগে। একেদৰে সাগৰীয় উদ্ভিদ আৰু প্ৰাণী সাগৰৰ বালিৰ তলিত পোত গৈ সিহঁতৰ পৰা ষ্ট্ৰেলিয়াম উৎপন্ন হয়। এই প্রক্রিয়ার বাবেও বহু লক্ষ বছৰৰ প্ৰয়োজন হয়। সেয়েহে কয়লা আৰু পেট্ৰ’লিয়াম এবাৰ শেষ হৈ গ’লে সিহঁতক সহজে পুনৰুদ্ধাৰ কৰিব নোৱাৰি ।

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰ

1. পানী গৰম কৰিবলৈ সৌৰ জল হাঁটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা– 

(a) ৰৌদ্রোজ্জ্বল দিন।

(b) ডাৱৰীয়া দিন।

(c) গৰম দিন।

(d) বতাহে কোবোৱা দিন।

Ans. (b) ভাৱৰীয়া দিন।

2. ডলৰ কোনটো জীব ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? 

(a) খৰি।

(b) গোবৰ গেছ। 

(c) নিউক্লীয় শক্তি।

(d) কয়লা।

Ans. (c) নিউক্লীয় শক্তি।

3. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়?

(a) ভূ-তাপীয় শক্তি।

(b) বায়ু শক্তি।

(c) নিউক্লীয় শক্তি।

(d) জৈব উপাদান।

Ans. (c) নিউক্লীয় শক্তি।

 4. শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা।

উত্তৰ:প্ৰত্যক্ষশক্তিৰ উৎস হিচাপে জীবশ্ম ইন্ধন আৰু সূৰ্যৰ মাজৰ পাৰ্থক্যসমূহ হ’ল—

জীৱাশ্ম ইন্ধনসৌৰ শক্তি
(i) এইবোৰ হ’ল নৱীকৰণ অযোগ্য শক্তিৰ উৎস।(i) এই শক্তি নৱীকৰণযোগ্য শক্তিৰ উৎস।
(ii) এই শক্তিৰ উৎসৰ দহনৰ(ii) সৌৰ শক্তিৰ ব্যৱহাৰৰ দ্বাৰা কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নহয় ।

5. শক্তিৰ উৎস হিচাপে জৈৱ উপাদান আৰু জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা ৷

Ans. জৈৱ-ভৰ (Bio-man) আৰু জল-বিদ্যুতৰ পাৰ্থক্য আৰু তুলনা:

জৈৱ-উপাদান (জীৱ-ভৰ)জল-বিদ্যুত
[i] বায়ু প্ৰদূষিত হয়।[i] বায়ু প্ৰদূষিত নহয়।
[ii] ই সুলভ আৰু সহজলভ্যতা সীমিত।[ii] ই ব্যয় সাপেক্ষ আৰু সহজলভ্যতা সীমিত নহয়।
[iii] প্ৰথমতে শক্তি উৎপাদনৰ বাবে জৈৱ-ভৰ প্রকল্প স্থাপন কৰিবলৈ বেছী খৰচ নহয়।[iii] জল-বিদ্যুত প্রকল্প স্থাপনৰ বাবে বেছী খৰচ হয় আৰু ৰক্ষণাবেক্ষণ ও ব্যয় সাপেক্ষ।

6. তলত দিয়া উদাহৰণসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি? 

(a) বতাহ।

(b) তৰংগ।

(c) জোৱাৰ-ভাতা।

উত্তৰ : (a) বতাহৰ পৰা শক্তি আহৰণ কৰাৰ অসুবিধা হ’ল—

(i) বতাহ শক্তি আহৰণৰ বাবে বায়ু পানসমূহ অকল তেনে স্থানতহে স্থাপন পাৰি, য’ত বছৰটোৰ বেছিভাগ সময়তেই প্রয়োজনীয় বেগত বতাহ বলি থাকে ।

(ii) বায়ু পাম সমূহ প্রতিষ্ঠা কৰাৰ বাবে বহু ডাঙৰ অঞ্চলৰ মাটিৰ প্ৰয়োজন হয় ।

(iii) বায়ু পামসমূহ প্রতিষ্ঠা কৰাৰ বাবে প্ৰাৰম্ভিক খৰচৰ পৰিমাণ অতি বেছি।

(iv) যিহেতু বায়ুকলৰ পাংখা আৰু স্তম্ভবোৰ প্ৰাকৃতিক কাৰক যেনে বৰষুণ, সূৰ্য, ধুমুহা আৰু ঘূৰ্ণীবতাহৰ প্ৰতি উন্মুক্ত হৈ থাকে, সেয়ে সিহঁতৰ এক উচ্চ স্তৰীয় চোৱা-চিতাৰ প্রয়োজন নহয় ।

(b) তৰংগৰ পৰা শক্তি আহৰণ কৰাৰ মুখ্য অসুবিধা হ’ল এনে শক্তি অকল তেনে অঞ্চলতহে আহৰণ কৰা সম্ভৱ যত সাগৰ বা মহাসাগৰৰ ঢৌবোৰ অতি শক্তিশালী।

(c) জোৱাৰৰ পৰা শক্তি আহৰণ কৰাৰ মুখ্য অসুবিধাটো হ’ল যে এই শক্তি আহৰণ কৰাৰ বাবে নিৰ্মাণ কৰা বান্ধৰ বাবে সমুদ্ৰতীৰত সুবিধাজনক স্থানৰ অভাৱ ।

7. কি আধাৰত শক্তিৰ উৎসসমূহ 

(a) নৱীকৰণযোগ্য আৰু অনবীকৰণযোগ্য। 

(b) ক্ষয়িষ্ণু যোৱা আৰু অক্ষয়িষ্ণু। 

উত্তৰ : (a) শক্তিৰ উৎসমূহক নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য শক্তিৰ উৎস হিচাপে শ্ৰেণীবিভাজন কৰাৰ মূল ভিত্তি হ’ল এই শক্তিসমূহৰ ব্যৱহাৰৰ ফলত শেষ হৈ যোৱাৰ পিছত সিহঁতক পুনৰুদ্ধাৰ কৰিব পাৰি নে নোৱাৰি। উদাহৰণস্বৰূপে, জল বিদ্যুৎ হ’ল এক নৱীকৰণযোগ্য শক্তিৰ উৎস কাৰণ এই ক্ষেত্ৰত বৰষুণৰ দ্বাৰা পানীক পুনৰুদ্ধাৰ কৰিব পাৰি। আনহাতে জীৱাশ্ম ইন্ধন হ’ল নৱীকৰণ অযোগ্য শক্তিৰ উৎস কাৰণ ইয়াৰ নিৰৱচ্ছিন্ন ব্যৱহাৰ ফলত ই এসময়ত শেষ হৈ গ’লে, ইয়াক পুনৰুদ্ধাৰ কৰিব নোৱাৰি ৷

(b) শক্তিৰ উৎসসমূহক ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু শক্তিৰ উৎস হিচাপে শ্রেণী বিভাজন কৰাৰ মূল ভিত্তি হ’ল এই শক্তিসমূহ অবিৰত ব্যৱহাৰৰ দ্বাৰা চিৰদিনৰ বাবে শেষ হৈ যায় নে নাযায়। উদাহৰণস্বৰূপে জীৱাশ্ম ইন্ধন হ’ল ক্ষয়িষ্ণু শক্তিৰ উৎস আৰু তাৰ বিপৰীতে সৌর শক্তি হ’ল অক্ষয়িষ্ণু শক্তির উৎস, কাৰণ লাখ লাখ বছৰৰ অবিৰত ব্যৱহাৰৰ ফলতো সূৰ্যৰ শক্তি শেষ হৈ নাযায় ৷

৪. এটা আদর্শশক্তি উৎসৰ গুণসমূহ কি কি?

উত্তৰ : এটা আদৰ্শ শক্তিৰ উৎসব গুণাগুণসমূহ হ’ল—

(ক) ই প্রতি একক আয়তন বা ভৰ সাপেক্ষে এক বৃহৎ পৰিমাণৰ কাৰ্য কৰে ।

(খ) ই সহজলভ্য হয়।

(গ) ই সঞ্চয় আৰু পৰিবহনৰ বাবে সুবিধাজনক হয় ।

(ঘ) ই কম খৰচী হয় ।

9. সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? এনে স্থান আছেনে য’ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত? 

উত্তৰ : সৌৰ চুলাৰৰ ব্যৱহাৰৰ সুবিধাসমূহ হ’ল—

(i) সৌৰ চুলা সৌৰ শক্তিৰ সহায়ত চলে, সেয়ে ই কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰে ।

(ii) সৌৰ চুলাত ব্যৱহাৰ হোৱা সৌৰ শক্তি এক অক্ষয়িষ্ণু শক্তিৰ উৎস আৰু এই শক্তিৰ ব্যৱহাৰৰ বাবে কোনো ধৰণৰ খৰচৰ প্ৰয়োজন নহয় ৷

সৌৰ চুলাৰ ব্যৱহাৰৰ অসুবিধাসমূহ হ’ল—

(i) যিহেতু সৌৰ চুলা সৌৰ শক্তিৰ দ্বাৰা চলে, এনে আহিলা ডাৱৰীয়া বা বৰষুণৰ দিনত কার্যক্ষম নহয় । তেনেদৰে যিবোৰ ঠাইত সূৰ্যৰ তীব্রতা কম আৰু দিনবোৰ অতিকৈ চুটি তেনে ঠাইতো এনে আহিলাৰ কাৰ্যদক্ষতা কম হ’ব,

(ii) যিহেতু সৌৰ চুলাই প্রত্যক্ষ সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰে, সেয়ে জীৱাশ্ম ইন্ধন বা জৈৱ-ভব ব্যৱহাৰ কৰা বন্ধন পাত্ৰৰ তুলনাত সৌৰ চুলাত খাদ্য প্ৰস্তুত কৰিবলৈ বেছি সময়ৰ প্ৰয়োজন হ’ব ।

সৌৰ চুলাৰ প্ৰয়োগ সেইবিলাক স্থানত সীমিত হ’ব সূৰ্যৰ তীব্ৰতা কম বা য’ত দিনবোৰ অতিকৈ চুটি আৰু য’ত বছৰটোৰ বেছি ভাগ সময়তেই বৰষুণ আহি থাকে।

 10. পৰিবেশৰ ওপৰত শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্ৰভাৱ কি কি? শক্তিৰ বায়ু হ্ৰাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা? 

উত্তৰ : শক্তিৰ বৰ্দ্ধিত চাহিদাৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ হ’ল—

(i) আমি অতি উচ্চ হাৰত পৰিৱেশৰ পৰা শক্তিৰ উৎসসমূহ আহৰণ কৰাৰ ফলত, পৰিৱেশৰ সমতা বিনষ্ট হৈছে, (ii) শক্তিৰ চাহিদা বৃদ্ধিৰ ফলত আমি অতি বেছি পৰিমাণে শক্তিৰ উৎসসমূহ ব্যৱহাৰ কৰিছো, যাৰ ফলত পৰিৱেশক অত্যধিক প্ৰদূষিত কৰিছো । শক্তিৰ ব্যৱহাৰ কমাবলৈ গ্ৰহণ কৰিবলগীয়া কেইটামান পদক্ষেপ হ’ল—

(i) যেতিয়া শক্তিৰ ব্যৱহাৰ কৰা মানুহৰ সংখ্যা বাঢ়ে তেতিয়া সেই অনুপাতে শক্তিৰ ব্যৱহাৰো বেছি পৰিমাণে হয় । সেয়ে জনসংখ্যা নিয়ন্ত্রণে শক্তিৰ উৎসসমূহৰ অধিক ব্যৱহাৰ ৰোধ কৰিব,

(ii) শক্তিৰ অপব্যৱহাৰৰ বাবেও শক্তিৰ অত্যধিক ব্যৱহাৰ কৰিবগীয়া হয় । সেয়ে প্রতিজন ব্যক্তিয়ে শিক্ষিত; সচেতন আৰু সজাগ হোৱাটো দৰকাৰী যাতে শক্তিৰ অপচয় নহয় আৰু আমাৰ প্ৰয়োজনতহে আমি শক্তিৰ ব্যৱহাৰ কৰো ৷

Leave a Reply

Your email address will not be published. Required fields are marked *