Class 10 General Science। Chapter 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন । HSLC 2024-2025। দশম শ্ৰেণীৰ বিঞ্জান

পাঠ ভিত্তিক প্ৰশ্নোত্তৰ (পৃষ্ঠা নং 81)

উত্তৰঃ  আছিল । সেইটো হ’ল—[Li, Na, K]

উত্তৰঃ ড’বাৰেইনাৰে সেই সময়লৈকে জ্ঞাত আটাইবোৰ মৌলকেই ট্রায়াড হিচাপে শ্ৰেণীভুক্ত কৰিব পৰা নাছিল। তেওঁৰ সময়লৈকে জনা যোৱা মৌলসমূহৰ মাজৰ পৰা তেওঁ মাত্ৰ তিনিটা ট্রায়াডহে চিনাক্ত কৰিছিল। সেয়েহে ট্রায়াড হিচাপে শ্ৰেণীবিভাজনৰ এই পদ্ধতিটো ব্যৱহাৰোপযোগী নাছিল ।

উত্তৰঃ (i) অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পর্যন্তহে প্ৰজোয্য হোৱা দেখা গৈছিল। কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একে নাছিল।

(ii) নিউলেণ্ডছে প্ৰকৃতিত কেৱল 56 টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ’ব বুলিয়েই ধৰিছিল। কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিষ্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্টক সুত্ৰৰ লগত খাপ খোৱা নাছিল।

(iii) নিউলেণ্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয়, ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তন্ততে অন্তর্ভুক্তও কৰিছিল।

পাঠ ভিত্তিক প্ৰশ্নোত্তৰ (পৃষ্ঠা নং 85)

K, C, Al, Si, Ba

উত্তৰ : K,O, CO,,AI,O, SO, BO

2) গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃত হোৱাৰ পূৰ্বেই মেণ্ডেলিডে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনো দুটা)

উত্তৰঃ স্কেডিয়াম, জার্মেনিয়াম ।

3) মেণ্ডেলিডে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি আছিল ?

উত্তৰ : (i) তেওঁ মৌলসমূহক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাবলৈ যত্ন কৰিছিল।

(ii) তেওঁ একে ভৌতিক আৰু ৰাসায়নিক ধর্মবিশিষ্ট মৌলসমূহক একেটা স্তম্ভতে স্থান দিবলৈ যত্ন কৰিছিল।

4) সম্ভ্রান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে?

উত্তৰ : কাৰণ, সম্ভ্রান্ত গেছসমূহৰ পৰমাণুৰ বহিৰতম কক্ষ ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকে, যাৰ বাবে ইহঁতে সুস্থিৰ ইলেক্ট্রনীয় বিন্যাস লাভ কৰে। ইয়াৰ বাবে আটাইবোৰ সম্ভ্রান্ত গেছে বাসায়নিকভাৱে নিষ্ক্রিয়তা দেখুৱায়।

পাঠ ভিত্তিক প্ৰশ্নোত্তৰ (পৃষ্ঠা নং 90)

1) আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভব পর্যাবৃত্ত তালিকাত থকা আসোৱাহবোৰ কিদৰে দূৰ কৰিছিল?

উত্তৰ :(i) আধুনিক পর্যাবৃত্ত তালিকাত হাইড্ৰজেনক এক নির্দিষ্ট স্থান দিব পৰা গৈছিল।ইলেক্ট্ৰনীয় বিন্যাসৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি হাইড্ৰ’জেনক প্ৰথম বৰ্গত এলকালি ধাতুসমূহৰ লগত স্থান দিয়া হৈছে।

(ii) আধুনিক পর্যাবৃত্ত তালিকাত সমস্থানিকবোৰে কোনো সমস্যাৰ সৃষ্টি কৰা নাছিল । কাৰণ একেটা মৌলৰ সমস্থানিকবোৰৰ পাৰমাণৱিক ভৰ বেলেগ বেলেগ যদিও, সিহঁতৰ পাৰমাণৱিক সংখ্যা আৰু ৰাসায়নিক ধর্মবোৰ একে

(iii) যিহেতু আধুনিক পর্যাবৃত্ত তালিকাত এটা মৌলৰ পৰা পৰৱৰ্তী মৌলটোলৈ যাওঁতে পাৰমাণৱিক সংখ্যাৰ বৃদ্ধি সুষমভাৱে ঘটে, সেয়েহে দুটা মৌলৰ মাজত ভৱিষ্যতে কিমানটা নতুন মৌল আবিষ্কৃত হ’ব, তাৰ সঠিক পূর্বানুমান কৰাটো সম্ভৱপৰ হৈছিল।

2) মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাছনিৰ ভিত্তি কি?

উত্তৰ: বেৰিলিয়াম আৰু কেলছিয়াম। এই বাছনিৰ ভিত্তি হ’ল— বেৰিলিয়াম আৰু কেলছিয়ামৰ পৰমাণুৰ বহিৰতম কক্ষত মেগনেছিয়ামৰ পৰমাণুত থকাৰ দৰে একে সংখ্যক ইলেক্ট্রন আছে। এই তিনিওটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাসবোৰ হ’ল—

মেগনেছিয়াম (12) = 2.8.2.

বেৰিলিয়াম (4) = 2.2

কেলছিয়াম (20) = 2.8.8.2

3) নাম লিখা—

(a) বহিৰ্তম কক্ষত এটাকৈ ইলেক্ট্রন থকা তিনিটা মৌলৰ

উত্তৰ : লিথিয়াম, ছ’ডিয়াম আৰু পটাছিয়াম ।

(b) বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্রন থকা দুটা মৌলৰ । উত্তৰ : বেৰিলিয়াম আৰু মেগনেছিয়াম।

(c) পৰিপূৰ্ণ বহিতম কক্ষ থকা তিনিটা মৌলব।

উত্তৰ : হিলিয়াম, নিয়ন আৰু আৰ্গন।

4) (a) লিথিয়াম, ছ’ডিয়াম, পটাছিয়াম — এই আটাইকেইটা ধাতু। ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?

উত্তৰ: এই মৌলকেইটাৰ পৰমাণুৰ বহিৰ্তম কক্ষত এটাকৈ ইলেক্ট্রন আছে।

 (b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়নো এটা প্রায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়?

উত্তৰ: ইহঁতৰ পৰমাণুৰ বহিবৰ্তম কক্ষ ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ হৈ থাকে।

5) আধুনিক পর্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোনকেইটা

উত্তৰ : লিথিয়াম আৰু বেৰিলিয়াম ।

6) পর্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতবধর্মী হ’ব বুলি অনুমান কৰিবা ?

Ga, Ge, As, Se, Be

উত্তৰ : Be

(অনুশীলনীৰ প্রশ্নোত্তৰ)

1) পর্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাঁওফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?

(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে ।

(b) যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে ।

(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় ।

(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।

উত্তৰ : (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্রন অধিক সহজে হেৰুৱায়।

2) মৌল X য়ে XCI, সংকেত ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?

(a) Na

(b) Mg

(c) Al

(d) Si

উত্তৰ : (b) Mg

3) কোনটো মৌলৰ আছে—

(a) ইলেক্ট্ৰনৰ পূৰ্ণ দুটা কক্ষ ?

উত্তৰ : নিয়নৰ (2.8) ।

(b) 2.8.2 ইলেক্ট্রনীয় বিন্যাস ?

উত্তৰ : মেগনেছিয়ামৰ ।

3) কোনটো মৌলৰ আছে—

(a) ইলেক্ট্ৰনৰ পূৰ্ণ দুটা কক্ষ ?

উত্তৰ : নিয়নৰ (2.8) ।

(b) 2.8.2 ইলেক্ট্রনীয় বিন্যাস ?

উত্তৰ : মেগনেছিয়ামৰ ।

(c) যোজক কক্ষত চাৰিটা ইলেক্ট্ৰনেৰে সৈতে মুঠ তিনিটা কক্ষ ?

উত্তৰ : ছিলিকনৰ (2.8.4)

(d) যোজক কক্ষত তিনিটা ইলেক্ট্ৰনেৰে সৈতে মুঠ দুটা কক্ষ ?

উত্তৰ : বৰণ (2.3)

(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেক্ট্ৰন ?

উত্তৰ : কাৰ্বনৰ (2.4)

4) (a) পর্যাবৃত্ত তালিকাত ব’ৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?

উত্তৰঃ এই আটাইবোৰ মৌলৰে পৰমাণুৰ বহিৰতম কক্ষত তিনিটাকৈ ইলেক্ট্রন আছে আৰু ইহঁতৰ যোজ্যতা তিনি। ইহঁতে হাইড্ৰ’জেনৰ সৈতে বিক্ৰিয়া নকৰে।

(b) পর্যাবৃত্ত তালিকাত ফ্ল’ৰিণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?

উত্তৰ : এই আটাইবোৰ মৌলৰে পৰমাণুৰ বহিৰতম কক্ষত সাতটাকৈ ইলেক্ট্রন আছে আৰু ইহঁত আটাইৰে যোজ্যতা এক। ইহঁতে প্ৰত্যক্ষভাৱে হাইড্ৰ’জেনৰ লগত বিক্ৰিয়া কৰি যৌগ উৎপন্ন কৰে যি পানীত দ্ৰৱীভূত হৈ এচিডলৈ ৰূপান্তৰিত হয়। (যেনে HF, HCl, HBr, HI এচিড।)।

 5) এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ’ল – 2, 8, 7

(a) এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি ?

উত্তৰ : 17

 (b) তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া আছে।)

N (7), F(9), P(15), Ar( 18 )

উত্তৰ : F(9)

হৈছে।

6. পর্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা

(a) মৌল A ধাতু নে অধাতু ?

(b) C মৌলটো A তকৈ বেছি সক্রিয়নে কম সক্রিয় ?

(c) C মৌলটো আকাৰত B তকৈ ডাঙৰ নে সক

(d) মৌল A এ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?

উত্তৰ : (a) অধাতু।

(b) কম সক্রিয়

(c) সৰু।

(d) এনায়ন।

7) নাইট্ৰ’জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফ’ৰাছ (পাৰমাণৱিক সংখ্যা 15) পর্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে। এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা । ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ’ব আৰু কিয় ?

উত্তৰ : নাইট্ৰ’জেন (7) = 2.5

ফছ ফৰাছ (15) = 2.8.5

ইহঁতৰ ভিতৰত নাইট্ৰ’জেন বেছি বিদ্যুৎ ঋণাত্মক হ’ব। কাৰণ 15 তম বৰ্গত ফছফ’ৰাছ নাইট্ৰ’জেনৰ তলত থাকে। আমি জানো যে আধুনিক পর্যাবৃত্ত তালিকাত বৰ্গ এটাত ওপৰৰ পৰা তলফাললৈ গ’লে মৌলবোৰৰ পাৰমাণৱিক আকাৰৰ বৃদ্ধি ঘটে। ইয়াৰ ফলত পৰমাণুৰ নিউক্লিয়াছৰ পৰা বহিৰতম কক্ষলৈ দূৰত্ব বাঢ়ে আৰু সেয়ে বহিৰতম কক্ষৰ প্ৰতি নিউক্লিয়াছৰ আকৰ্ষণ ক্রমে কমি যায়। এইবাবে মৌলসমূহৰ পৰমাণুৰ ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্রৱণতা ক্রমে কমি যায়। অর্থাৎ মৌলবোৰৰ বিদ্যুৎ ঋণাত্মক গুণ ক্রমে কমি যায়। এইবাবে 15 তম বৰ্গত নাইট্ৰ’জেন আৰু ফছফ’ৰাছৰ ভিতৰত নাইট্ৰ’জেন বেছি বিদ্যুৎ ঋণাত্মক।

৪) পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে?

উত্তৰঃ পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা পৰমাণুটোত থকা মুঠ কক্ষৰ সংখ্যা জনা যায়। আকৌ পৰমাণু এটাৰ কক্ষৰ সংখ্যাই আধুনিক পর্যাবৃত্ত তালিকাত ইয়াৰ পৰ্যায় সংখ্যা দিয়ে। উদাহৰণ স্বৰূপে, ছ’ডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 2.8.1; সেয়েহেই আধুনিক পর্যাবৃত্ত তালিকাত তৃতীয় পৰ্যায়ত থাকিব। তেনেদৰে পৰমাণু এটাৰ বহিৰতম কক্ষত এটা বা দুটা ইলেক্ট্রন থাকিলে সিহঁত পর্যাবৃত্ত তালিকাত ক্রমে প্রথম আৰু দ্বিতীয় বৰ্গত থাকিব। উদাহৰণস্বৰূপে, ছডিয়াম (2.8.1) প্রথম কর্গত আৰু মেগনেছিয়াম (2.8.2) দ্বিতীয়কাত থাকিব । আকৌ পৰমাণুটোৰ বহিৰতম কক্ষত থকা ইলেক্ট্রন সংখ্যা 3, 4, 5, 6, 7 বা 8 হ’লে এই সংখ্যাটোৰ লগত 10 যোগ কৰি পোৱা সংখ্যাটোৱে মৌলটোৰ বৰ্ণ সংখ্যা দিব। উদাহৰণস্বৰূপে, এলুমিনিয়াম (2.8.3) 13 তম বৰ্গত আৰু আৰ্গন (2.8.8) 18 তম বৰ্গত থাকিব।

9) আধুনিক পর্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্যা 20) 12, 19, 21 আৰু 38 পাৰমাণৱিক সংখ্যাবিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে। এই কেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে ?

উত্তৰ : 12 আৰু 38 পাৰমাণৱিক সংখ্যাবিশিষ্ট মৌলকেইটাৰ ।

10. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজনৰ তুলনা কৰা

Leave a Reply

Your email address will not be published. Required fields are marked *