অনুশীলনী প্ৰশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰ
প্রশ্ন ১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?
উত্তৰ : ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল ।

প্রশ্ন ২। সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোন প্ৰথমতে প্ৰয়োগ কৰিছিল ?
উত্তৰ : দক্ষিণ আফ্ৰিকাত ।
উত্তৰ : দক্ষিণ আফ্ৰিকাত ।
প্রশ্ন ৩। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল ?
উত্তৰ : জালিৱানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা ‘নাইট’ উপাধি ত্যাগ কৰিছিল।

প্রশ্ন ৪। কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল ?
উত্তৰ : মৌলনা চৌকত আলি, মহম্মদ আলি আৰু মহাত্মা গান্ধীৰ নেতৃত্বত ।

প্রশ্ন ৫। চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ : ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত।
উত্তৰ : ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত।
প্রশ্ন ৬। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ?
উত্তৰ : লাহোৰত লালা লাজপাত ৰায়ৰ নেতৃত্বত গঠন হোৱা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নির্দয়ভাৱে লাঠি চালনা কৰে, য’ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যু বৰণ কৰে ৷

প্রশ্ন ৭। কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ?
উত্তৰ : ১৯২৯ চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বতত বহা কংগ্ৰেছ অধিবেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল।

প্রশ্ন ৮। গান্ধীজীয়ে সবমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবমতী আশ্ৰম আৰু জাতিৰ মাজত দূৰত্ব কিমান ?
উত্তৰ : ৩৮৫ কি. মি. ।
উত্তৰ : ৩৮৫ কি. মি. ।
প্রশ্ন ৯। সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?
উত্তৰ : খান আব্দুল গফুৰ খানক।
উত্তৰ : খান আব্দুল গফুৰ খানক।
প্রশ্ন ১০। লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্রেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ?
উত্তৰ : মহাত্মা গান্ধীয়ে ।
উত্তৰ : মহাত্মা গান্ধীয়ে ।
প্রশ্ন ১১। ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল ?
উত্তৰ : প্ৰধানমন্ত্ৰী ৰামজে মেকডোনাল্ড ।

প্রশ্ন ১২। আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ : নেতাজী সুভাষচন্দ্র বসু।
উত্তৰ : নেতাজী সুভাষচন্দ্র বসু।
প্রশ্ন ১৩। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে “কৰিম কিম্বা মৰিম” শ্লোগান দিছিল ?
উত্তৰ : ভাৰত ত্যাগ আন্দোলনত ।
উত্তৰ : ভাৰত ত্যাগ আন্দোলনত ।
প্রশ্ন ১৪। “মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ?
উত্তৰ : সুভাস চন্দ্ৰ বসুৰ ।
উত্তৰ : সুভাস চন্দ্ৰ বসুৰ ।
প্রশ্ন ১৫। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ?
উত্তৰঃ ৰেডক্লিফ ৰেখা
উত্তৰঃ ৰেডক্লিফ ৰেখা
ৰচনাধর্মী প্রশ্নোত্তৰ
প্রশ্ন ১। সত্যাগ্রহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমতে প্রয়োগ কৰিছিল সেই তিনিটা বিষয়ে সংক্ষিপ্ত ৰূপত লিখা।
উত্তৰ : গান্ধীজীৰ মতে সত্যাগ্ৰহ শব্দৰ অৰ্থ হৈছে “সত্যৰ প্ৰতি আগ্ৰহ” অর্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা । তেওঁৰ মতে সত্যাগ্ৰহ কেৱল এক একপক্ষীয় প্ৰতিৰোধ নহয়। ইয়াৰ তাৎপৰ্য হ’ল— জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কার্যকলাপত আত্মনিয়োগ কৰা । সত্যাগ্ৰহৰ ভিত্তি হ’ল অহিংসা। ‘সত্যাগ্ৰহ’ শব্দটো গান্ধীজীয়ে প্রথমে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল। দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ ৰাজনৈতিক কৰ্মজীৱনে তেওঁক এজন কৰ্ম আৰু আদর্শবাদী নেতা হিচাপে প্রতিষ্ঠিত কৰি তুলিছিল। সেয়েহে তেওঁ ১৯১৫ চনত ভাৰতলৈ উভতি আহিছিল । ১৯১৭-১৮ চনত গান্ধীজীয়ে তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত সত্যাগ্ৰহক প্রথমতে প্ৰয়োগ কৰিছিল। সেই বিবাদ কেইটা হ’ল—

- (ক) উত্তৰ বিহাৰৰ চম্পাৰণত তেওঁ ভূ-স্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল।
- (খ) গুজৰাটৰ খেড়াত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল।
- (গ) আহমদাবাদত বঞ্চিত হোৱা মিল শ্রমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল ।
প্রশ্ন ২। ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল ? চমুকৈ লিখা।
উত্তৰ : প্ৰথম বিশ্বযুদ্ধত তুর্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে খলিফাৰ গুৰুত্ব কমি গৈছিল । খলিফাই নিজৰ সাম্ৰাজ্যৰ পৱিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। সেয়েহে মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত এখন খিলাফৎ সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা । ভাৰতবৰ্ষতো ইছলাম ধৰ্মাৱলম্বী লোকসকল ব্ৰিটিছ বিৰোধী হৈ পৰিছিল। তেওঁলোকে খলিফাৰ পদ-মৰ্যাদাৰ ক্ষতি সাধন কৰাৰ প্ৰতিকাৰ হিচাপে ভাৰতবৰ্ষত কেন্দ্ৰীয় খিলাফৎ সমিতি গঠন কৰা হৈছিল। সেই সুযোগতে গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ খিলাফৎ আন্দোলন আৰম্ভ কৰে । এই আন্দোলনত মহাত্মা গান্ধী, মতিলাল নেহেৰু, মদন মোহন মালব্য আদি আগশাৰীৰ নেতাসকলে প্রত্যক্ষ ভূমিকা লৈছিল।

প্রশ্ন ৩। ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ? ইয়াৰ কাৰ্যসূচী কি আছিল ? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল?
উত্তৰ : অসহযোগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত ভাৰতবৰ্ষৰ প্ৰথমটো ব্ৰিটিছ বিৰোধী ৰাজনৈতিক আন্দোলন আছিল । এই আন্দোলন ১৯২০ চনৰ পৰা ১৯২২ চনলৈ চলিছিল । গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্ৰিটিছ শাসনৰপৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্রতিজ্ঞ হৈছিল। আন্দোলনকাৰীসকলে ব্ৰিটিছৰ সামগ্ৰী কিনিবলৈ অমান্তি হৈছিল আৰু থলুৱা কুটিৰ শিল্পৰ সামগ্ৰীহে ব্যৱহাৰ কৰিছিল। তেওঁলোকে সুৰাৰ বিপণীসমূহ বন্ধ কৰিছিল। এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূর্ণভাৱে অটুট ৰখা। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এইটোৱেই প্রথম সর্ববৃহৎ আন্দোলন আছিল । অসহযোগ আন্দোলন আৰম্ভ কৰাৰ মূল কাৰণ আছিল ৰাওলাট আইন, জালিয়ানৱালাবাগৰ নৰহত্যা আৰু তুষ্কৰ সমস্যা। ব্ৰিটিছ আইন আদালত, শিক্ষানুষ্ঠান, নির্বাচন, চৰকাৰী কাৰ্যসূচী আদি বর্জন আৰু শিক্ষাৰ জাতীয়কৰণ, স্বদেশী গ্ৰহণ আৰু প্ৰচাৰ, খাদীৰ ব্যৱহাৰ আদিৰ মাজেৰে গান্ধীয়ে অসহযোগ আন্দোলনটোক নেতৃত্ব দিছিল। অসহযোগ আন্দোলনৰ কাৰ্যসূচীসমূহক দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে-
(খ) ধ্বংসমূলক কাৰ্যসূচীৰ ভিতৰত আছিল—ব্ৰিটিছ আইন আদালত বৰ্জন কৰা, ব্ৰিটিছ শিক্ষানুষ্ঠান বৰ্জন কৰা, বিধান পৰিষদৰ নিৰ্বাচন বৰ্জন কৰা, চৰকাৰী কাৰ্যসূচী, উৎসৱ বৰ্জন কৰা, ব্ৰিটিছ পণ্য বৰ্জন কৰা আদি ।
পুলিচ নিৰ্যাতনত অতিষ্ঠ হৈ উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাৰ কৃষকসকলে ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে তাৰ পুলিচ চকী এটা জ্বলাই পুৰি পেলাইছিল। সেই পুলিচ চকীটোত জামাদাৰ আৰু দাৰোগাসহ প্রায় ১৮ ৰ পৰা ২২ জনমান পুলিচ কৰ্মী অগ্নিদগ্ধ হৈ মৃত্যুব মুখত পৰিছিল । অসহযোগ আন্দোলনটো গান্ধীয়ে অহিংসা পন্থাৰে চলাটো বিচাৰিছিল, গতিকে আন্দোলনে চৌৰীচৌৰাত হিংসাৰ পথ লোৱাত গান্ধীয়ে ১৯২২ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে বৰদীলীৰ পৰা আন্দোলন স্থগিত ৰখাৰ ঘোষণা কৰি আন্দোলন বন্ধ কৰিছিল।

- (ক) গঠনমূলক আৰু
- (খ) ধ্বংসমূলক।

প্রশ্ন ৪। আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল ?
উত্তৰ : আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত ছাইমন কমিছনৰ বিৰোধিতা কৰা । এই কমিছনত অকল ব্ৰিটিছ সংসদৰ সদস্যকহে অন্তর্ভুক্ত কৰা হৈছিল। ৰাজনৈতিক দল আৰু সামাজিক সংগঠনবোৰে ভাৰতীয় প্ৰতিনিধি নথকা বাবে ইয়াক গ্ৰহণ কৰা নাছিল। এই কমিছনৰ প্ৰতিবাদ স্বৰূপে ১৯২৮ চনৰ ৩ ফেব্ৰুৱাৰিত বংগদেশত এক হৰতাল আৰম্ভ হৈছিল। ছাইমন কলিকতাত উপস্থিত হোৱাত বিভিন্ন প্ৰতিবাদৰ সন্মুখীন হৈছিল। তেনে পৰিস্থিতিত মতিলাল নেহৰুক ভাৰতৰ বাবে এখন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ভাৰতীয় কংগ্ৰেছে নেহেৰু প্ৰতিবেদনখন গ্ৰহণ কৰিছিল আৰু চৰকাৰক এই প্রতিবেদনখন গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। ১৯২৮ চনত কলিকতাত বহা কংগ্ৰেছ অধিৱেশনত ব্ৰিটিছ চৰকাৰক দি কৈছিল সকীয়নি যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ’ব। আইন অমান্য আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ হ’ল—

- (ক) ভাৰতীয় প্ৰতিনিধি সকলক ছাইমন কমিছনত অন্তৰ্ভুক্ত কৰা,
- (খ) মণ্টেগো ছেমছফর্ড সংস্কাৰ নীতি অনুসৰণ কৰা,
- (গ) আন্দোলন চলি থকাৰ বাবে লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথমখন ঘূৰণীয়া মেজমেল কংগ্ৰেছে বৰ্জন কৰিছিল।
- (ঘ) নিজৰ দেশ আৰু দেশৰ অন্যান্য প্ৰান্ততো লোণ আইন ভংগ কৰা ।
- (ঙ) দেশত পূৰ্ণ স্বাধীনতা লাভ কৰা ৷
প্রশ্ন ৫। কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুটি হিচাপে সাব্যস্ত কৰিব খোজেনে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া।
উত্তৰ : ১৯৩৯ চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণী হৈছিল। এই যুদ্ধত মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৱে ‘সম্পূৰ্ণ’স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্ৰিটিছক যুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ব্ৰিটিছে তেওঁলোকৰ প্ৰস্তাৱটো গ্ৰহণ নকৰিলে। সেইসময়ত ব্ৰিটেইনত সকলো দলেৰে সন্মিলিত চৰকাৰ আছিল। যাৰ শ্রমিক দলৰ সদস্য সকলে ভাৰতীয়সকলৰ দাবীসমূহৰ প্ৰতি সহানুভূতি দেখুৱাইছিল। ১৯৪২ চনত প্রধানমন্ত্রী উইনষ্টন চার্চিলে তেওঁৰ মন্ত্রীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টাফৰ্ড ক্ৰিপছক ভাৰতলৈ পঠিয়ায়। তেওঁক ভাৰতলৈ পঠিওৱা মূল উদ্দেশ্য আছিল ভাৰতীয় ৰাজনৈতিক দলসমূহৰ লগত আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত ভাৰতীয়সকলৰ পৰা সহায় আৰু সমৰ্থন লাভ কৰা ৷ পিছৰ প্ৰস্তাৱত যুদ্ধৰ শেষত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়াৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্রদেশসমূহৰ বাবে পৃথক সংবিধানৰ প্ৰণয়নৰ অধিক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল। কিন্তু অৱশেষত ক্ৰিপছৰ মিছন ব্যৰ্থ হৈছিল। উপায়হীন হৈ এনে পৰিস্থিতিত গান্ধীয়ে বিট্ৰিছৰ বিৰুদ্ধে “ভাৰত ত্যাগ” আন্দোলনৰ সূচনা কৰে ৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীক মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব পাৰি। কাৰণ স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ স্বতঃস্ফূর্ত অংশগ্রহণে আন্দোলনক এক নতুন মাত্রা প্রদান কৰিছিল। ছাত্ৰ, মহিলা, খেতিয়ক আৰু শ্রমিকে এই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই আন্দোলনৰ পাছত স্বাধীনতা দৰদামৰ বিষয় হৈ থকা নাছিল ।

প্রশ্ন ৬। ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমু টোকা লিখা।
উত্তৰ : ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল মালয়ত ব্ৰিটিছ সৈন্য বাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ ওচৰত আত্মসমৰ্পণ কৰিবলগীয়া হোৱা ভাৰতীয় বিষয়া কেপ্তেইন সোহান সিঙে। ১৯৪২ চনৰ জুন মাহত বেংককত বহা ‘ভাৰতীয় স্বতন্ত্র লীগ” নামৰ সন্মিলন খনত ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজ গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ আজাদ হিন্দ ফৌজ হৈছে ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰধান ভূমিকা গ্রহণ কৰা এটা ফৌজ বা বাহিনী। আজাদ হিন্দ ফৌজৰ জন্মদাতা আছিল কেপ্তেইন মোহান সিং । ১৯৪১ চনৰ ডিচেম্বৰ মাহত জাপানে ব্ৰিটিছ শাসনাধীন মালয় আক্ৰমণ কৰি ব্ৰিটিছ সেনাবাহিনীটোক পৰাস্ত কৰে। এই ব্ৰিটিছ সেনাবাহিনীটোৰ কেপ্তেইন আছিল সোহান সিং। এইজনা সোহান সিঙে জাপানী সৈনিকসকলৰ পৰামৰ্শমতে যুদ্ধত বন্দী হৈ থকা ভাৰতীয় সৈনিকসকলক লৈ এটা ব্ৰিটিছ বিৰোধী সেনাবাহিনী গঠন কৰে। এনেদৰে গঠিত • সেনা-বাহিনীটোৰ নামেই হ’ল ‘আজাদ হিন্দ ফৌজ’। আজাদ হিন্দ ফৌজৰ প্ৰধান উদ্দেশ্য আছিল জাপানী সকলৰ সহযোগত ব্ৰিটিছক খেদি ভাৰতবৰ্ষ স্বাধীন কৰা । প্রথম বিশ্বযুদ্ধৰ সময়তে ভাৰতীয় বিপ্লৱী ৰাসবিহাৰী বসুৱে দেশৰ পৰা পলায়ন কৰি গৈ জাপানত ১৯৪২ চনৰ মাৰ্চ মাহত ভাৰতীয়সকলৰ বাবে এখন ৰাজনৈতিক অভিবৰ্তন অভিবৰ্তনখনতেই ৰাসবিহাৰী বসুক ‘ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ’ৰ সভাপতি পাতে আৰু পাতি তাতেই ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ’ নামে এটি সংগঠন গঢ়ি তুলিছিল। সেই সোহান সিঙক প্ৰতিৰক্ষা মন্ত্ৰী আৰু আজাদ হিন্দ ফৌজৰ সেনাধ্যক্ষ নিযুক্ত কৰিছিল। এই সংগঠনটোৰ উদ্দেশ্য আছিল ভাৰতবৰ্ষক স্বাধীন কৰা ৷ এই অভিবৰ্তনখনৰ এটি প্ৰস্তাৱমতে সুভাস চন্দ্ৰ বসুক জাৰ্মানীৰপৰা জাপানলৈ মাতি পঠিওৱা হৈছিল। সেই মতে সুভাষ চন্দ্ৰ বসুৱে ১৯৪৩ চনৰ আগষ্ট মাহত টকিওত উপস্থিত হৈছিল। টকিওত উপনীত হৈয়েই তেওঁ ৰাসবিহাৰী বসুৰ ঠাইত নিজে ইণ্ডিয়ান ইণ্ডিপেণ্ডেল লীগ’ৰ সভাপতিৰ আসন গ্রহণ কৰে। লগতে তেওঁ আজাদ হিন্দ ফৌজৰো সেনাধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁ দায়িত্বভাৰ লোৱাৰ পিছৰ পৰাই ১৯৪৩ চনৰ ২১ অক্টোবৰ তাৰিখে কাৰ্য পৰিষদক ভাৰতবৰ্ষৰ অস্থায়ী চৰকাৰৰূপে ঘোষণা কৰা হৈছিল। আজাদ হিন্দ ফৌজৰ লক্ষ্য আৰু উদ্দেশ্য আছিল ভাৰতবৰ্ষক ব্ৰিটিছৰ কৱলৰপৰা মুক্ত কৰা আৰু যিকোনো পৰিস্থিতিতেই জাপানক ভাৰতবৰ্ষত নিজৰ অধিকাৰ স্থাপন কৰাৰ পৰা বিৰত কৰা । সেই উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখিয়েই আজাদ হিন্দ ফৌজৰ সৈনিকসকলে দেশৰ স্বাধীনতাৰ কাৰণে চৰম ত্যাগ কৰিবলৈ সাজু আছিল। কোনো কাৰণতেই আজাদ হিন্দ ফৌজৰ সৈনিকসকলে জাপানৰ ভেৰোণীয়া সৈনিক হিচাপে কাম কৰা নাছিল। আজাদ হিন্দ ফৌজৰ কৰ্মকৰ্তাসকলে নিজৰ সংগঠনৰ স্বতন্ত্ৰতা ৰক্ষা কৰিবলৈহে কাম কৰিছিল। আজাদ হিন্দ ফৌজৰ সৈনিকসকলে সুভাষ চন্দ্ৰ বসুক নেতাজী বুলি সম্বোধন কৰিছিল আৰু জয় হিন্দ ধ্বনিৰে তেওঁলোকৰ চেতনাক উত্তেজিত কৰি ৰাখিছিল৷ এই ফৌজৰ সৈনিকসকলে ভাৰতবৰ্ষৰ পিনে ১৯৪৪ চনৰ মাৰ্চ মাহত দেশৰ প্ৰায় ১৫০ কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছিল। এনেদৰে দেশৰ স্বাধীনতা সংগ্ৰামত আজাদ হিন্দ ফৌজৰ প্রায় ৪,০০০ সৈনিকে প্রাণ আহুতি দিছিল। কিন্তু এনে সময়তে যুদ্ধৰ গতিধাৰা বিশ্বত বিয়পি পৰাত আজাদ হিন্দ ফৌজৰ ভাৰত ভ্ৰমণ স্তব্ধ হৈ পৰিছিল ৷ তথাপিও আজাদ হিন্দ ফৌজে দেশৰ স্বাধীনতা আন্দোলনৰ অগ্ৰগতিত বিশেষ অৰিহণা যোগাইছিল। আজাদ হিন্দ ফৌজে দেশৰ বহিঃ দিশৰ পৰা ভাৰতবৰ্ষত ব্ৰিটিছ সামৰিক বাহিনীৰ ভিত্তিমূলত আঘাত হানি সাম্ৰাজ্যবাদৰ শক্তি হ্ৰাস কৰি আনিছিল । আজাদ হিন্দ ফৌজৰ সেনাধ্যক্ষ সুভাষ চন্দ্ৰ বসু ১৯৪৫ চনৰ এটি আকাশীযানৰ দুৰ্ঘটনাত মৃত্যু হয়। কিন্তু বহুতে সুভাস চন্দ্ৰ বসু ১৯৪৫ চনৰ পৰা নিখোজ হোৱা বুলিহে সন্দেহ কৰিছিল।