Class 10 অসমীয়া chapter 1 । Assamese বৰগীত । Question Answers । Seba Board

Class 10 Assamese Chapter 1 – বৰগীত (SEBA)

In this article, we will provide the complete solution of Class 10 অসমীয়া (Assamese) Chapter 1 – বৰগীত, which will help you secure good marks in the HSLC examination organized annually by the SEBA board across Assam.

Assamese plays a vital role in the Class 10 examination to get a good rank. So, we hope this article helps you gain proper knowledge of the SEBA Assamese subject, especially Chapter 1 – বৰগীত.

 

 


                                               প্ৰশ্নৱালী

১. চমুকৈ প্ৰশ্নৰ উওৰ দিয়া

(ক) ‘নেৰিবা ৰান্ধৰ মোক জীৱনে মৰণে।’— কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে কাৰ অনুৰোধ কৰিছে?

উত্তৰঃ কবিয়ে ভগৱানক জীৱনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছে।

(খ) ‘সনক সনন্দ যোগী যাহুকু ধিয়ায়।’ — মনক সনন্দ আজি যোগীসকলে কাক খ্যান কৰে বুলি কৈছে?

উত্তৰঃ সনক, সনন্দ আদি যোগীসকলে ভগৱানক ধ্যান কৰে বুলি কৈছে।

(গ) কৰি কিহত আতুৰ হোৱা বুলি কৈছে?

উত্তৰঃ কবিয়ে বিষয় বাসনাত কাতৰ হোৱা বুলি কৈছে।

(ঘ) বৰগীতটি কোনে ৰচনা কৰা?

উত্তৰঃ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে ৰচনা কৰা।

(ঙ) বৰগীতটি কি ৰাগত ৰন্ধা আছে?

উত্তৰঃ বৰগীতটি বিশেষভাৱে ভৈৰৱ ৰাগত ৰন্ধা আছে।

(চ) কৰিৰে ‘ৰাঘৰ’ বুলি কাৰ সোধন ফৰিছে?

উত্তৰঃ কবিয়ে ‘ভগৱানক ৰাজৰ বুলি সম্বোধন কৰিছে।

(ছ) মোহপাশ মানে কি?

উত্তৰঃ সাংসাৰিক মায়াৰে আৱৰি থকাকে মোহপাশ বুলি কোৱা হয়।

(জ) মহাপুৰুষ মাধৱদেৱৰ জন্ম ক’ত, কেতিয়া হৈছিল?

উত্তৰঃ লক্ষীমপুৰ জিলাৰ নাৰায়নপুৰৰ লেটেকু- পুখুৰীৰ ১৪৮৯ চনত হৈছিল।

২) বৰগীতটিৰ মূলভাব লিখা ।

উত্তৰঃ মাধৱদেৱ বিৰচিত হৰি হেৰােৰে বাপ পশিলো শৰণে শীর্ষক প্রার্থনামূলক বৰগীতটো দাস্য ভক্তিৰ উৎকৃষ্ট নিদর্শন । বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশ স্বৰূপ শ্রীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পােৱাৰ কথা এই বৰগীতটোত প্রকাশ পাইছে । ভগৱানৰ ওচৰত শৰণ লােৱা কবিয়ে তেওঁক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকুতি কৰিছে । যােগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে , সমস্ত বেদে যাক বিচাৰি । নাপায় , সহস্র মুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নােৱাৰে , সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে অধমে জানিবলৈ অপৰাগ । বিষয় – বাসনাত মত্ত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত শৰণ লৈছে । ভকতৰ ত্রাণকর্তা ভগৱান । সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁক সংসাৰৰ মায়া মোহৰৰ পৰা পৰিত্ৰাণ কৰিবলৈ প্রার্থনা কৰিছে । ভগৱানৰ দাসৰূপে নিজকে প্রতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁক সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানক খাটিছে । নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি এই সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মুক্তি হ’বলৈ এইদৰে প্রার্থনা কৰাৰ মাজেৰে কবিৰ ভক্তিধৰ্মৰ প্রতি পৰাকাষ্ঠা প্রকাশ পাইছে ।

৩) বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ বৰগীতটোৰ ৰচক হ’ল শ্ৰীমন্ত শংকৰদেৱৰ প্রিয়তম শিষ্য মহাপুৰুষ শ্রীশ্রীমাধৱদেৱ । কবি মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ খ্রীষ্টাব্দত । তেখেতেৰ পিতৃ আছিল গােবিন্দগিৰী আৰু মাতৃৰ নাম আছিল মনাোমা। বর্তমান বাংলাদেশৰ বাকাতৰাজেন্দ্র অধ্যাপকৰ টোলত গুৰুজনাই শিক্ষা গ্রহণ কৰিছিল । ১৫২২ চনত তেখেতে শ্ৰীমন্ত শংকৰদেৱক লগ পায় আৰু শংকৰদেৱে প্ৰবৰ্তন কৰানৱ – বৈষ্ণৱ ধর্ম গ্রহণ কৰি ধর্মচর্চাত মনােনিবেশ কৰে । কবিমাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিতলতদিয়া ভাগত ভাগ কৰি দেখুৱাব পাৰি –

  • ( ক ) আখ্যানমূলক ৰচনাঃ আদিকাণ্ড ৰামায়ণ আৰুৰাজসূয় কাব্য ।
  • ( খ ) তত্ত্বমূলক গ্রন্থ নামঘােষা , জন্ম ৰহস্য , ভক্তি ৰত্নাৱলী আৰু নামমালিকা ।
  • ( গ ) নাটকঃ অর্জুনভঞ্জন , চোৰধৰা , পিম্পৰা গুচোৱা , ভােজন বেহাৰ আৰুভূমি লেটোৱা ।
  • ( ঘ ) গীতঃ বৰগীত আৰু ভটিমা ।

নামঘােষাহ’ল কবি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ । ইয়াত এহেজাৰ ঘােষা থকা বাবে এইখনক হেজাৰী ঘােষাও বােলা হয় । মাধৱদেৱৰ বৰগীতৰ সংখ্যা হ’ল ১৫৭ টা । মাধৱদেৱৰ বৰগীতৰ মূলভাব বাৎসল্য যদিও দাস্য ভাৱৰ বৰগীতাে ৰচনা কৰিছে । বর্ণনাৰ সজীৱতা , ভাষাৰ মাধুর্য , কবিপ্ৰাণৰ উচ্ছ্বাস আদি সার্থকৰূপত প্রকাশ পাইছে বাবেই সংখ্যাত কম হলেও তেওঁৰ সাহিত্যকর্মই শংকৰদেৱৰ পিছতেই তেওঁৰ স্থান নির্ণয় কৰিছে । অর্থাৎ অসমীয়া সাহিত্যত ‘ জালিকটা পুষ্পহাৰ’ৰ দৰে তেওঁৰ নাম চিৰস্মৰণীয় । এইগৰাকী মহান সাহিত্যিকৰ ১০৭ বছৰ বয়সত ১৫৯৬ খ্রীষ্টাব্দত কোচবিহাৰৰ ভেলা মধুপুৰত দেহাৱসান ঘটে ।

৪) ব্যাখ্যা কৰাঃ

( ক ) “ সহস্র বয়নে যাৰ নপাৱস্ত সীমা । অধমে জানিবাে কেনে তােমাৰ মহিমা । ”

উত্তৰঃ বৰগীতফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মহাপুৰুষ মাধৱদেৱ ৰিচিত ‘হৰি হেৰৰে বাপ পশিলােশৰণে’ শীর্ষক বৰগীতটিৰ পৰা তুলি দিয়া হৈছে । বৰগীতাকিৰ মাজেৰে কবিয়ে ভগৱানৰ মহিমা প্ৰকাশ কৰিছে । বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশ স্বৰূপ শ্রীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পােৱাৰ কথা এই বৰগীতটোত প্ৰকাশ কৰিছে । ভগৱান শ্রীকৃষ্ণৰ মহিমা অপাৰ । সনক , সনন্দ আদি যোগসিদ্ধ পুৰুষ সকলেও যিজনক ধ্যান কৰে , সকলাে বেদে যাক বিচাৰি নাপায় , সহস্রমুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নাৱাৰে সেইজনাৰ মহিমা কবিৰ দৰে অধমে কিদৰে জানিব । এইদৰে , ভগৱানৰ অপাৰ মহিমা সাধাৰণ লােক দূৰৰ কথা যােগী পুৰুষ , বেদৰাে যে জ্ঞাতনহয় , তাক কবিয়ে প্ৰকাশ কৰিছে ।

( খ ) “ আতুৰ ভৈলােহাে হৰি বিষয় বিকলে । কৰিয়াে উদ্ধাৰ মােক চৰণকমলে । ”

উত্তৰঃ বৰগীতাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘হৰি হেৰৰে বাপ পশিলাে শৰণে’ শীর্ষক বৰগীতটোৰ পৰা তুলি দিয়া হৈছে । সংসাৰৰ বিষয় বাসনাত আতুৰ হৈপৰা কবিয়ে তাৰপৰা উদ্ধাৰ পাৱলৈ ভগৱানৰ চৰণ কমলত পৰিছে ।

সংসাৰৰ মায়া– মোহৰ জৰী ডাল অতি বিচিত্র । তাৰ পৰা পৰিত্ৰাণ পােৱাৰ একমাত্র পথ , ভগৱানৰ চৰণত শৰণ লােৱা । যােগী পুৰুষ সকলৰ ধ্যানৰ বিষয় , সমস্ত বেদৰ বিচার্য , সহস্রমুখ অনন্তই যাৰ গুণ গাই অন্ত কৰিব নাৱাৰে সেইজন পৰম পুৰুষৰ মহিমা কবিৰ দৰে সাধাৰণ মানুহে ধৰিব নাৱাৰে । সংসাৰৰ দুখ যাতনাই কবিক অতিষ্ঠ কৰি তুলিছে । সেয়ে তেওঁ তাৰ পৰা পৰিত্ৰাণ বিচাৰি , ভগৱানক কাকুতি কৰিছে । ভগবানে যেন কবিক তেওঁৰ চৰণ কমলত ঠাই দি উদ্ধাৰ কৰে । এইদৰে ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি উদ্ধাৰ লভাৰ বাসনা বৰগীত ফাঁকিৰ মাজেৰে প্ৰকাশ পাইছে ।

( গ ) “ তােমাৰ চৰণ দুই মােৰ মহা ধন । ভকত জনেৰ নিজ তুমিয়ে জীৱন । ”

উত্তৰঃ প্রশ্নটোৰ বৰগীতফাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘হৰি হেৰৰে বাপ পশিলো শৰণে’ শীর্ষক বরগীতটোৰ পৰা তুলি দিয়া হৈছে । ভগৱানেই ভকতৰ ত্রাণকর্তা , তেওঁৰ চৰণ যুগলেই যে ভকতৰ বাবে পৰম ধন তেনে এটি ভাৱ প্ৰকাশৰ বাবেই ব্যাখ্যেয় বৰগীতাকিৰ অৱতাৰণা কৰা হৈছে । যােগসিদ্ধ পুৰুষসকলেও যাক ধ্যান কৰে , সমস্ত বেদৰ যি বিচার্য বিষয় , সহস্রমুখ অনন্তই যাৰ গুণ গাই অন্তকৰিব নাৱাৰে , তেনেজনা অপাৰ মহিমাৰ গৰাকীবগৱানৰ মহিমা কবিৰ দৰে সাধাৰণৰ ঢুকি পােৱাৰ আঁতৰত । বিষয়বাসনাত আতুৰ হৈ পৰা লােকৰ মুক্তিৰ একমাত্র পথ হ’ল ভগৱানৰ চৰণত শৰণ লােৱাটো । কবিৰ বাবেও সংসাৰখন বিৰক্তিকৰ হৈপৰিছে । সেয়ে তেওঁ ভগৱানৰ চৰণত তেওঁৰ বাবেঅলপমান ঠাই বিচাৰিছে । ভকতৰ বাবে ভগবানৰ চৰণযুগলেই পৰম ধনৰ দৰে । ভকতৰ বাবে ভগৱানেই একমাত্র জীৱন স্বৰূপ । এইদৰে ভগৱানেই যে মুক্তিৰ পথ সেয়া এই বরগীতাকিৰ মাজেৰে প্ৰকাশ পাইছে ।

৫। “ সনক সনন্দ যােগী যাহকে ধিয়ায় , সকল নিগমে যাক বিচাৰি নাপায় । ” —ইয়াত কবিয়ে কি প্রসংগত , কাৰ বিষয়ে কিয় , এনেদৰে কৈছে চমুকৈ লিখা ।

উত্তৰ:- ভগৱানৰ অপাৰ মহিমা প্রকাশ কৰাৰ প্রসংগত , ভগৱানৰ বিষয়ে এনেদৰে কৈছে । ভগৱানক পাোৱাটো সহজ নহয় । সনক সনন্দ আদি যােগসিদ্ধ পুৰুষ সকলে যিজন পৰম পুৰুষক ধ্যান কৰে , সকলাে বেদ অধ্যয়ন কৰিলেও যাক বিচাৰি পাৰা নাযায় , তেওঁৰ মহিমা অপাৰ । সহস্রমুখ অনন্তইও যাৰ গুণ গাই শেষ কৰিব নাৱাৰে , সেইজনা পুৰুষৰ মহিমা মাধৱদেৱেও নাজানে আৰু তেওঁ জনায় সম্ভবেই নহয় বুলি কবিয়ে নিজেই কৈছে । সংসাৰৰ বিষয়বাসনাত আতুৰ হৈ তাৰ পৰা মুক্তি লাভ কৰিবলৈ কবিয়ে ভগৱানৰ চৰণত শৰণ ল’ব বিচাৰিছে । কিয়নাে ভকতৰ বাবে ভগৱানেই একমাত্র জীৱন স্বৰূপ । গতিকে এনেজনা পৰমপুৰুষ যিজনৰ মহিমা যােগী পুৰুষ বেদেও বিচাৰি নাপায় , তেওঁৰ চৰণত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পাব বুলি দৃঢ় বিশ্বাস হৈছে । সেইবাবেই কবিয়ে প্রশ্নোদ্ধত বৰগীতফাঁকিত কৈছে ।

৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা ।

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্রসাৰৰ উদ্দেশ্যে ভগৱানৰ লীলা মাহাত্ম্য প্ৰকাশক এক শ্রেণীৰ উচ্চ আধ্যাত্মিক ভাৱাপন্ন গীত ৰচনা কৰে । এই গীতবোৰকে বরগীত আখ্যা দিয়া হয় । বরগীতৰ কেতবা সুকীয়া সুকীয় লক্ষণ আছে , যাৰবাবে এই গীত আন গীতৰ পৰা পৃথক ।

বরগীতৰ তেনে চাৰিটা লক্ষণ হল—

  • ( ক ) বৰগীতবোৰৰ ৰাগ – তালযুক্ত শাস্ত্রীয় গীত ।
  • ( খ ) বৰগীত কৃত্রিম ব্ৰজাৱলী ভাষাত ৰচিত ।
  • ( গ ) মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰাৰ গীতকহে বৰগীত আখ্যা দিয়া হয় ।
  • ( ঘ ) ভক্তিৰস প্ৰকাশক বরগীতবাৰত দাস্য , সখ্য , বাৎসল্য , শান্ত-ৰসৰও প্ৰকাশ ঘটিছে ।

ভাষা বিষয়ক

১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

নপাৱন্ত – নোৱাৰে ।
কেনে – কেনেকৈ ।
ভৈলােহাে – হ’লো ।
তুমিসে – তুমিহে ।
জনেৰ – জনৰ ।
কহয় – কয় ।

২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰ : অসমীয়া সাহিত্যত বৈষ্ণৱ গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীত আৰু অংকমালাৰ ব্যৱহৃত ভাষাটো ‘ব্রজবুলি’বা ‘ব্ৰজাৱলী’নামে জনাজাত । পঞ্চদশ শতাব্দীৰ শেষভাগৰ পৰা উনবিংশ শতাব্দীৰ শেষ ভাগলৈ অসমীয়া বৈষ্ণৱ সন্ত মহন্তসকলে এই ভাষাত গীত – নাটৰচনা কৰিছিল ।

( ক ) ব্রজবুলি ভাষা বা ব্ৰজাৱলী ভাষাত সংস্কৃত শব্দৰ প্ৰয়ােগ বহুলভাৱে দেখা যায় ।

( খ ) এই ভাষাত আৰবী , ফাৰ্চী আদি বিদেশী ভাষাৰ শব্দও দেখা যায় ।

( গ ) অসমীয়া ব্ৰজৱলীভাষাত বিশিষ্ট স্বৰধ্বনি মাত্র ছয়টা ই । , । এ । , । আ । , । অ , । ও , আৰু । উ ।

( ঘ ) ব্ৰজাৱলী ভাষাত দ্বিস্বৰ আৰু ত্রিস্বৰৰ প্ৰয়ােগ প্রচুৰ ।

( ঙ ) ‘ ঙ ‘ ধ্বনিক বাদ দি আটাইকেইটা বিশিষ্ট ব্যঞ্জনধ্বনি অসমীয়া ব্ৰজাৱলীত আদি , মধ্য , আৰু অন্তিম স্থানত উচ্চাৰিত হয় ।

( চ ) প্রাচীন মৈথেলী , অবধী , ভােজপুৰী আদিৰ দৰে ব্ৰজাৱলীটো বিশেষণ অথবা ক্রিয়া পদত স্ত্রী প্রত্যয় যোগ নহয় , মাথাে বিশেষ্যতহে হয় ।

( ছ ) ব্রজৱলীত বর্তমান , অতীত আৰু ভবিষ্যত — ক্রিয়াৰ তিনিওটি কালৰ প্ৰয়ােগ কৰা হয়।

( জ ) বহুবচনৰ চিন স্বৰূপে ‘ সব ’ , সকল ’ , ‘ গণ ’ প্রত্যয়ৰ প্ৰয়ােগ কৰা হয় ।

( ঝ ) অসমীয়া বৈষ্ণৱ গুৰুসকলে প্রয়ােগ কৰা ব্ৰজাৱলীত সংখ্যা শব্দৰ প্ৰয়ােগত সীমাবদ্ধতা পৰিলক্ষিত হয় । সংখ্যা শব্দৰ ভিতৰত এক , দুই , তিন , পাঁচ , ছয় , সাত ইত্যাদি ।

( ঞ ) প্রত্যেক ভাষাৰ সর্বনামত সেই ভাষাৰ বিশেষত্ব পৰিলক্ষিত হয়।ব্ৰজাৱলীত । অম্মদ , যুগ্মদ , ওদ , য়দ , এতদ , অদম , কিম ইত্যাদি সর্বনামৰ ৰূপৰ উপৰি আন কিছুমান সর্বনামৰ ৰূপ পোৱা যায় ।

( ট ) ব্ৰজাৱলীৰ ভাষা ছন্দ মাত্রিক । পদান্তৰ অকাৰ লােপ নহয় । ছন্দ বৈচিত্র্য দৃষ্টিৰে ব্ৰজাৱলী সাহিত্য অতি চহকী ।

মুঠতে কৃত্রিম সাহিত্যিক ভাষা ব্ৰজাৱলী মৈথিলী , ভােজপুৰী , নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণত সৃষ্টি হৈছে । কৃত্রিম ভাষা হােৱা বাবে ইয়াত প্ৰভাৱ পৰা ভাষাৰ বৈশিষ্ট্যবােৰ দেখা যায় ।

Leave a Reply