Class 10 Assamese । Chapter 3 Solution। প্রশস্তি । SEBA BOARD ।Academic Year 2024-2025

প্রশস্তি

১। অতি চমু উত্তৰ দিয়া ।

(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?

উত্তৰঃ বিহগী কবি ।

( খ ) ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা ।

উত্তৰঃ সদৰী আৰু নৱমল্লিকা।

(গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?

উত্তৰঃ প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সদৰি আনিলে বুলি কবিয়ে কৈছে।

(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে?

উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে।

(ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?

উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলিছে।

(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?

উত্তৰঃ কীচক বেণুৱে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে।

২। কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।

উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তু টানি আনিছে। সেইবোৰ হল – ঊষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰীক্ষ, কীচক বেণু আৰু বিহংগা

৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে?

উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰা কথা কৈছে। সেয়েহে সেই চিৰসুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে ৷

৪। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা ।

উত্তৰঃ প্রশস্তি কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে। পুৱাৰ সূৰুযে দশোদিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন ন- পাতেৰে, ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে। বনৰ চৰাই, গছ – লতিকা আদিয়ে সুমধুৰ ছন্দৰে যেন কেৱল সৌন্দৰ্য্য সৃষ্টি কৰা নাই, সন্ধান কৰি উলিয়াইছে চিৰসুন্দৰৰ। মাটি, পানী, বায়ু আদি সকলোবোৰে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। কৰবাত বাজি উঠিছে আকৌ কীচক বাহেঁৰে তৈয়াৰী বাঁহীৰ সুৰ, সি যেন কঢ়িয়াই আনিছে চিৰসুন্দৰৰ কথা। কবিয়ে খোজে প্রতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু প্রকৃতি

৫। প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা ।

উত্তৰঃ ‘প্রশস্তি’ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্রকৃতিক ন সাজেৰে সজাই তুলিছে। বনৰ চৰাইৰ সুললিত কণ্ঠই সমস্ত প্ৰকৃতিত গুঞ্জন তুলিছে যত কবিয়ে অনুভৱ কৰিছে চিৰসুন্দৰৰ উপস্থিতি। বায়ু, পানী, মাটি সকলোৱে যেন বিয়পি পৰিছে সুন্দৰৰ স্থিতি। যেন সকলোৱে বিচাৰি ফুৰিছে পৰম সত্তাক। কবিয়ে এনে সময়ত ‘অমৃতৰ সন্তান’ সম্বোধনেৰে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কালৰাত্ৰিৰ পিছত যিয়ে মুক্তিৰ বাট দেখাব পাৰে সেয়া চিৰসুন্দৰ । যিদৰে আন্ধাৰৰ পিছত পোহৰ দিয়ে সূৰ্য্যই। কৰবাৰ পৰা ভাহি আহিছে কীচক বেণুৰ সুৰ যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আবাহান। সেই আবাহনী সুৰ যি সুৰ অন্তঃ কৰণেৰে উপলব্ধি কৰিবলৈ আৰু ভক্তবৃদ্ধক মোহ – মায়া ত্যাগ কৰি ধ্যানময় হবলৈ কবিয়ে কৈছে।

৬। উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ । উঠা যত মুক্তি পথযাত্রী। —কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ।

উত্তৰঃ কবিয়ে কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱন দুদিনীয়া বুলি কৈছে। এই ক্ষণস্থায়ী জীৱনত মানুহে নানা দুখ – যন্তণাত জৰ্জৰিত হয়৷ তেনে সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে৷ আন্ধাৰে যিদৰে অৱসাদ কঢ়িয়াই, তেনেদৰে বেয়া সময়েও মানুহক ভাগৰুৱা কৰি তোলে। এই পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিদিষ্ট সময়ৰ মূৰত সুৰুজৰ আগমন ঘটে। মানৱ জীৱনত আন্ধাৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়া মোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্ত অৱশ্যম্ভাৱী। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতি জগতৰ সকলোৰে ধ্যান সুৰুজৰ প্ৰতি অর্থাৎ আন্ধাৰবিনাশী শক্তি বুলি অনুভব কৰিছে। সকলোয়ে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল ভগবানে বা স্ৰজনকর্তাই। বায়ু, পানী, মাটি এই সকলোবোৰ যেন সেই চিৰসুন্দৰৰ ধ্যানতেই নিমগ্ন

৭। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।

উত্তৰঃ ‘প্রশস্তি’ কবিতাটোত কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন দুদিনীয়া। নিদিষ্ট সময়ৰ বাবে মানুহ পৃথিৱীলৈ আহে। এই সময়ছোৱাত মানুহৰ জাগতিক মায়া – মোহত এনেদৰে বন্ধা খাই থাকে যেন জীৱনৰ অন্যকথা পাহৰি যায়৷ কবিতাটোৰ মাজেৰে কবিয়ে কব বিচাৰিছে যে জাগতিক সৌন্দর্যয়ো চিৰসুন্দৰকে বিয়াই থাকে। এই সকলোবোৰৰ মূলতে সৃষ্টিকর্তাহে। সৃষ্টিকৰ্তাৰ অবিহনে সুন্দৰৰ ৰূপ প্ৰাপ্তিও সম্ভৱ নহয়৷ মানৱ জীৱন দুদিনীয়া মায়া – মোহত বন্দী হৈ এই চিৰমুক্তি পথৰ কথা পাহৰা উচিত নহয়। মুক্তি প্রাপ্তিয়ে মানুহৰ ধ্যান। সেয়েহে এই কথা কেতিয়াও নাপাহৰি, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজেৰে চিৰসুন্দৰৰ ধ্যান কৰা উচিত। মানুহক ‘অমৃতৰ পুত্ৰ’ সম্বোধনেৰে কবিয়ে সেয়ে চিৰসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।

৮। ব্যাখ্যা কৰা:

(ক) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ

ছন্দভৰা সুমধুৰ তান,

জল স্থল অন্তৰীক্ষ সকলোতে যেন

দেৱতাৰ মহা অভিযান ।

উত্তৰ: প্রসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ ‘প্ৰশস্তি’ শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ এই কবিতাফাকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্টকৈ কব বিচাৰিছে।

বাখ্যাঃ সূৰ্য্য উদয় হোৱাৰ লগে লগে প্রকৃতিজগতখন আলোকিত হৈ পৰে আৰু পৃথিৱীখনে যেন ন ৰূপ লয়। গছৰ ডালত বহি বনৰ বিভিন্ন চৰায়ে সুললিত সুৰেৰে গীত জুৰে। এনে ক্ষণত চৌদিশে যেন কবিয়ে অন্য এক নতুন সুৰহে শুনিবলৈ পাই। কবিৰ এনে লাগে যেন মাটিয়ে – পানীয়ে, আকাশে – বতাহে, গছে – বনে ধ্বনিত হৈছে চিৰসুন্দৰৰ আৱহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান পাইছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে এটা সুন্দৰ পৰিবেশৰ। যত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ

(খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ

শেষ হ’ল মহা কালৰাত্ৰি

উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ

উঠা যত মুক্তি পথযাত্রী।

উত্তৰ: প্রসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ ‘প্ৰশস্তি’ শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহক কালৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাবে সন্ধান কৰিবলৈ কৈছে।

বাখ্যাঃ এই পৃথিৱীখনৰ সকলো আৱৰ্জনা, প্ৰদূষিত উপাদানবোৰ আঁতৰাই সূৰ্য্যই পৃথিৱী আৰু প্রকৃতি জগতখন আলোকিত কৰিছে নিশাৰ আন্ধাৰ ভেদি। সেই আলোকতে সকলো নিমগ্ন হৈ নিজ নিজ লক্ষ্যৰ সমাপ্তিত। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে প্ৰকৃতি জগতখন। মানুহো প্রকৃতি জগতৰ অংগ৷ অন্যান্য উপাদানৰ নিচিনা মানুহো আন্ধাৰত আৱদ্ধ হৈ থাকে। মানুহৰ জীৱনৰ আন্ধাৰ বুলি কবলৈ হলে দুখ – যন্তণা প্রধান। সংসাৰৰ মায়া – মোহে সেইবোৰ দুগুনে বঢ়ায়। এই অন্ধকাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ সম্ভৱ কেৱল চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে। তেওঁ সকলো যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে ।

(গ) মোহন কীচক বেণু অনাহত ছন্দে

গায় মহামহিমৰ গান,

মোহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ!

সুন্দৰৰ কৰা ৰূপধ্যান ।

উত্তৰ : প্রসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ ‘প্ৰশস্তি’ শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ এই কবিতাফাকিৰ জৰিয়তে কবিয়ে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ, অৱসাদ, মায়া মোহ ত্যাগ কৰাৰ কথা কৈছে।

বাখ্যাঃ কবিয়ে এই কবিতাটোত মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ কথা কৈছে। মানৱ জীৱন অস্হায়ী। মানুহ নির্দিষ্ট সময়ৰ বাবেহে পৃথিৱীলৈ আহে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্য্যৰ মায়া মোহত এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ আন কথাবোৰ পাহৰি পেলাই। কবিতাটোৰ মাজেৰে কবিয়ে কব খুজিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে ধিয়াই আছে। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী। এই সংসাৰ দুদিনীয়া মায়া – মোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয় ৷ ৷ মুক্তি প্রাপ্তি হে মানৱৰ ধ্যান৷ সেয়েহে এই কথা নাপাহৰি এলাহ, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাৱে।

প্রশস্তি – ভাষা-বিষয়ক :

১। অর্থ লিখাঃ

কিশলয়, চিত্তহাৰী, অন্তৰীক্ষ, তন্দ্রালস

উত্তৰ:

কিলশয় – কুঁহিপাত ।

চিত্ৰহাৰী – মন-প্ৰাণ হৰি নিয়া ।

অন্তৰীক্ষ – আকাশ।

তন্ত্রালস- ক্লান্ত ।

২। বাক্য ৰচনা কৰাঃ

দশোদিশ, উপেক্ষিত, জৰাজীৰ্ণ, অমৃত, মোহ

উত্তৰঃ

দশোদিশ–নিজৰ ঘৰৰ দশোদিশ সদায় পৰিষ্কাৰ হোৱা উচিত।

উপেক্ষিত – উপেক্ষিত ৰবাব ফুলে যেন প্রকৃতিক প্ৰেম পৰিমল যাচিছে।

জৰাজীৰ্ণ – মধুয়ে জৰাজীৰ্ণ ঘৰত থাকিও নিজৰ পঢ়া-শুনা অব্যাহত ৰাখিছে। অমৃত – মধুৰ বচনত শুনা যায় যে অমৃত খালে অমৰ হয় ।

মোহ – মানুহে এই সংসাৰৰ মোহ মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ ভগৱানক পূজিব লাগে।

৩। সমার্থক শব্দ লিখাঃ

উত্তৰ : তৰু – লতা।

মুক্তি – উদ্ধাৰ।

সুমধুৰ – সুৱদি।

ধ্যানী – যোগী।

Leave a Reply

Your email address will not be published. Required fields are marked *