মই অসমীয়া
মই অসমীয়া
১। চমু উত্তৰ দিয়া
(ক) চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা।
উত্তৰঃ বেদুইন।
(থ) মোগলসকলে অসমৰ ক’ত ভৰি দিছিল?
উত্তৰ: দুবৰি বনত।
(গ) অসমৰ হেংদাং ক’ত জিলিকিছিল?
উত্তৰ : কবিয়ে দুপৰীয়াৰ পূৰ্ণ আলোকত অসমৰ হেংদাং জিলিকিছিল বুলি কৈছে।
(ঘ) অসমীয়া সকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?
উত্তৰ : কবিয়ে অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল বুলি কৈছে।
(ঙ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?
উত্তৰ : হাঁহ-কণী, চাউলেৰে।
২। ‘অসমৰ হেংদাং জিলিকিলদুপৰৰ পূৰ্ণ আলোকত’— কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। ৰাজ্য অসমক একেবাৰে মুছলমান বা মোগলৰ বীৰদৰ্পে আহিছিল। পিছে
উত্তৰ : অসম জয় কৰিবলৈ এদিন প্রবল পৰাক্ৰমী মোগল আহিছিল। সেই সময়ত স্বাধীন অসমত আহোমে ৰাজত্ব কৰিছিল। অসমক অনায়াসে জয় কৰাৰ সপোন লৈ মোগলে অসমত প্ৰৱেশ কৰিছিল। কিয়নো মোগলে ইতিমধ্যে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ববিজয়ী শক্তি বুলি গণ্য কৰিছিল। ভাৰতবৰ্ষৰ পূব দিশৰ শক্তিহীন বুলিয়েই ভাবি লৈছিল। ৰাজত্ব স্থাপনৰ লক্ষ্যেৰে তেওঁলোকে তেওঁলোকৰ আশাত চেঁচাপানী ঢালিলে অসমৰ বীৰ বীৰাংগনাই। অসমৰ মাটিত ভৰি দিয়েই তেওঁলোকে যি শস্য-শ্যামলা ভূমি দেখিছিল, যুদ্ধভূমিত থিয় হৈ সেই সেউজী পৰিৱেশৰ ঠাইত দেখিলে হেং-দাঙৰ চিকমিকনি। আহোমসকলৰ হেংদাং যুদ্ধত ব্যৱহৃত তৰোৱাল, সেই তৰোৱাল হাতত লৈ দুগুণ উৎসাহ আৰু প্ৰৱল পৰাক্ৰমেৰে যুঁজিছিল আহোম বীৰ বীৰাংগনাই। সেই পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নোৱাৰিলে মোগলে আৰু পৰাজয় বৰণ কৰিব লগা হ’ল। প্রশ্নোকৃত বাক্যাংশৰে আহোমৰ শৌর্য বীৰত্বৰ প্ৰসংগকেই সুঁৱৰিব খোজা হৈছে।
৩। অসমৰ পুৰুষ – নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা ।
উত্তৰ : সুদূৰ পশ্চিমৰ পৰা মোগলসকলে অসম অধিকাৰ কৰাৰ মানসেৰে।অসম ভূমিত আহি উপস্থিত হ’লহি ৷ চকুত তেওঁলোেক বিজয়ৰ সপোন।কিন্তু আনফালে স্বদেশ আৰু স্ব – জাতিৰ হকে মৃত্যুবৰণ কৰিবলৈ ভয় নকৰা, স্বামীৰ প্ৰতি অচলা ভক্তি , সময়ত শত্ৰুৰ বিপক্ষে অস্ত্র লোৱা এইখন অসমৰ মহিলাসকল কেৱল মহিলায়ে নহয় তেওঁলোক বীৰাংগণা , তেওঁলোক মহাসতী।যিখন দেশৰ মহিলাই।দেশ পৰিচালনা কৰিবও জানে সেইখন দেশৰ মহিলাই শত্রুৰ বিপক্ষে ৰণচালি দিবলৈও পাৰ্গত।ৰণচণ্ডী মূর্তি ধৰি শত্ৰুৰ বুকুভেদী হেলাৰঙে মৃত্যুবৰণ কৰিব পৰাৰ সাহসেৰে।সাহসী এই অসমীয়া নাৰী । অসমীয়া নাৰীৰ বীৰত্বৰ সেই বিজয়গাথা মূলাগাভৰু , ৰাধাকুণী , জয়মতী আদি নাৰীৰ অৱদান আজিও যেন অক্ষুগ্ন হৈআছে।এইসকল অসমীয়া বীৰ বীৰঙ্গনাৰ বীৰত্বৰ সন্মুখত ৰাজপুত বিজয়ী মােগলৰ বল বীৰত্ব ক’ৰবাত লুকাল ।
৪। “ক’ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আঁজলিত।” কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰ: অসম আক্ৰমণ কৰিবলৈ প্ৰবল প্রতাপীমোগলসকল আহি বীৰদৰ্পে অসমত উপস্থিত হ’লহি । তেওঁলোকে ভাবিছিল অসমীয়াসকল বলহীন, বীর্যহীন, সহজেই অসমজয় কৰি অসমত মুছলিম সাম্রাজ্য স্থাপন কৰিব, অসম তথা কামৰূপ ৰাজ্য মোগলৰঅধীন হ’ব। তেওঁলোক যেতিয়া অসমৰ মাটিত সমৰ্থলীত আহিউপস্থিত হ’লহি, তেতিয়াস্বাধীন অসমৰ স্বাধীনচিতিয়া সকলো পুৰুষ-নাৰীয়ে ৰণচণ্ডী মূর্তি ধৰি হাতে হাতে হেংদাংলৈ মোগল সেনাৰ সমুখত বীৰত্বৰে বুকুপাতি থিয় হ’ল আৰু প্ৰবল বিক্ৰমেৰে যুঁজি মোগলকপৰাভূত কৰি অসমৰ মাটিৰ পৰা খেদি পঠিয়ালে। মোগলে তাজ্জাব মানিলে অসমীয়া সেনাৰ সাহস, বল- বিক্রম দেখি। তেওঁলোকেআচৰিত ভাবিলে প্রায়ে শুকান সান্দহ আৰু পানী খাই থকা অসমীয়া সেনাই কেনেকৈ ক’ৰ পৰা ইমান বল-শক্তি আৰু সাহস পালে৷ অসমীয়া সেনাৰ এনে বল-শক্তি আৰুস্বদেশ প্রেম দেখি অসমক সেৱা জনাই মোগল সেনা চিৰদিনৰ কাৰণে অসমৰপৰা গুচি গ’ল।
প্রশ্ন ৫ ৷ মই অসমীয়া’ কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিতহৈছে বুজাই লিখা।
উত্তৰ ‘মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্রতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুতি উঠিছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দূবৰিৰ দেশ বুলি কৈ শস্য-শ্যামলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে। অসমৰ বননিখনক মিনাকৰা বুলিও কোৱা হৈছে। পাহাৰে- পৰ্বতে অসমভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্য্যৰ আকাৰ। নিয়ৰ পৰি থকা পাতবোৰ ৰদ পৰি মণি-মুকুতাহে যেন তেনেদৰে চিকমিকাই আছে। বনজ সম্পদৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। অসমত আকৌ ভৰিত পিন্ধা খৰমৰ চোলাটোও হাতীদাঁতেৰে সজা হয়। অসমৰ বাট-পথ, দলং আদিও মূল্যৱান মণিৰে সজা হয়। বাঘৰ নথেৰে আঙঠি, খাৰু আদিও তৈয়াৰ কৰা হয়। ম’হৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰা হয়৷ অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্র মাছেও কাণত সোণ সিন্ধে। ভেকুলীবোৰে কপালত যেন ফোঁট লৈ সাজিকাচি থাকে। প্রকৃতিয়ে আচলতে অসমক সকলো সুন্দৰ ৰূপে ধাৰণ কৰিবলৈ দিছে৷
প্রশ্ন ৬। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া।
উত্তৰ : চৈয়দ আব্দুল মালিকৰ ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত জন্ম হয়। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক গল্পসম্রাট বুলিও কোৱা হয়৷ তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে ‘বেদুইন’৷ তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থৱহ ব্যৱহাৰ দেখা যায়। মালিকে ৰচনা কৰা কেইবাখনো উপন্যাস বহুসমাদত। তাৰ ভিতৰত ‘সুৰুজমূখীৰ স্বপ্ন’, ‘ৰূপতীৰ্থৰ যাত্ৰী’, ‘ধন্য নৰতনু ভাল’, আদি উল্লেখনীয়। `অঘৰী আত্মাৰ কাহিনী’ নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্রন্থ হল ‘পৰশমণি’, ‘আধাৰশিলা’, ‘মৰহা ফুল’, ‘স্বাক্ষৰ’, ‘ছবিঘৰ’, ‘ৰঙাগড়া’, ‘ৰজনীগন্ধাৰ চকুলো’ ইত্যাদি। তেওঁৰ গল্প-উপন্যাসৰ পৰা ‘জেতুকা পাতৰ দৰে’, ‘মমতাজ’ আদি চলচ্চিত্র নির্মান হৈছে। তেওঁ ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ ২০০০ চনত দেহান্তৰ ঘটে৷
প্রশ্ন ৭। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনাকৰিছে বুজাই লিখা।
উত্তৰ : অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ মনোমোহা ৰূপ দেখি বৰমুগ্ধ হৈছিল। মোগলসকলে অসমীয়া সেনাৰ হাতত পৰাজিত হৈ নিজ দেশলৈ যোৱাৰসময়ত অসমলৈ উভতি চাই অসমৰ ৰূপ এনেদৰে বৰ্ণনা কৰিছে- অসম চৌদিশে ধূসৰপাহাৰে আগুৰা হ’লেও ইয়াৰ প্ৰাকৃতিক সৌন্দর্য অতি মনোমোহা । গছ-গছনিৰ পাতবোৰজাংফাই মিনাকৰা বস্তুৰ দৰে ৰ’দৰ পোহৰত জাতিষ্কাৰ হৈ আছে। দুবৰি বনৰ পাতৰ আগতথূপ থোৱা নিয়ৰৰ টোপালবোৰ মুকুতাৰ দৰে তিৰবিৰাই থাকে। খৰমৰ চুলাও হাতী দাঁতেৰেনিৰ্মাণ কৰে । অসমৰ ধূলি-বালিত মুকুতা, মৰকত আদি মিহলি হৈ থাকে, গচকত সেইবোৰভাঙে। বাঘনখৰ খাৰু সিন্ধে, ভৰিৰ আঙঠি সজাই লয়, ম’হৰ শিঙৰ পেঁপা বজায়, হাঁহকণী, চাউলেৰে ৰজাই দেউল নিৰ্মাণ কৰে। অসমৰ অসংখ্য নদ-নদীৰ বালিত সোণৰচেকুৰ পোৱা যায়। সাগৰ সদৃশ বৃহৎ পুখুৰী, খাল-বিলত সোণবৰণীয়া ৰংলোৱা পুঠি মাছ,মূৰত সেন্দুৰী ফোঁট লোৱা ভেকুলী। নিষ্কর্মা ধোদ সকলেও স্বৰ্গদেউৰ আদেশত ৰাজআলিবান্ধে, পিঠা গুড়ি ঢালি দ’ল সাজে। ৰংঘৰ, কাৰেং ঘৰৰ সৌন্দৰ্যই অসমক স্বৰ্গদেউৰৰাজধানীক স্বৰ্গপুৰী কৰি তোলে। অসম দেশত মানুহৰ মুখত মৌ বৰষে। অসমৰ এনে মোহনীয় অপৰূপ ৰূপত মোহ গৈ বহুতো মোগল সেনা নিজ দেশলৈঅঞ্জতি নগৈ অসমকে নিজ মাতৃভূমি বুলি আঁকোৱালি লৈ চিৰদিনৰ কাৰণে অসমত থাকি
গ’ল।
৮। ব্যাখ্যা কৰা—
(ক) “মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশপ্রাণ, মুক্তপ্রাণ, অসমৰ স্বদেশ ভকতি। ”
উত্তৰ : প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগর্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সংগতি : কবিতাফাঁকিৰ জৰিয়তে কবিয়ে ক’ব বিচাৰিছে যে যুদ্ধক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগল সকলে কেনেকৈ পালে সেই বিষয়ে ক’ব বিচাৰিছে।
বাখ্যা : সপ্তদশ শতিকাত আহোম সকল অসমৰ শাসক আছিল। মোগল সকলে অন্য প্রান্তত থাকি অসম খনক আক্ৰমণ কৰিবৰ বাবে মন মেলিছিল। অন্য প্রান্তত থাকিও অসমক আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগল সকল আহি অসমত ভৰি দিলে। অসম থনক জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিলে চৌদিশে সেইজীয়া ভূমি। মোগল সকলে অসমত প্ৰবেশ কৰি সেউজীয়া ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰ আধিকাৰী বুলি বুজি পালে। দেশ ৰক্ষাৰ হকে যে অসমৰ পুৰুষ মহিলা সকল যুদ্ধক্ষেত্র ৰাঙলী কৰিবলৈ প্ৰস্তুত সেই কথা মোগল সকলে অনুমান কৰিব পাৰিলে। অসমৰ পুৰুষ মহিলা সকলে শত্ৰুৰ আক্ৰমণ বুকু পাতি ল’বলৈ অকণো কুন্ঠাবোধ কৰা নাছিল৷ শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰনত কৰি মোগল সকল অহা বাটে উভতি গৈছিল।
(খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থোপা গচকত ভাগে মৰকত হাতীৰ দাঁতেৰে কৰে থৰমৰ চুলা, ভৰি ধোৱে পোৱালৰ ভৰা দলঙত ।
উত্তৰ : প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগর্ত চৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ নামৰ কবিতাটিৰ পৰা উদ্ধিত কৰা হৈছে।
সংগতি : এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অসমৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰিছে।
ব্যাখ্যা : অসমখন প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ। প্রকৃতিয়ে অসমক বহুতো সম্পদৰ সম্ভাৰ দিছে। মোগল সকলে যেতিয়া অসমলৈ আহি সেই সম্পদৰ সম্ভাৰ প্ৰত্যক্ষ কৰিছিল তেতিয়া তেওঁলোক আচৰিত হৈ ৰৈছিল। কবিৰ মতে অসমৰ দুবৰি বনত নিয়ৰ এনেদৰে পৰি আছিলে যেন মুকুতাৰ খোপাহে ওলমি আছিল। সেই দেশৰ ধূলিত পৰি থকা সৰকত মণি, খোজ দিলেই যেন গচকত এই ভাঙি যোৱাৰ সম্ভাৱনা পোৱা গৈছিল। প্ৰকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ মূল্যবান সম্পদ আছিলে হাতীদাঁত। দেশত ভৰিত পিন্ধা থৰমৰ চুলাও হাতীদাঁতেৰে তৈয়াৰ কৰা হৈছিল। বহুতো মূল্যবান ৱাল মণিৰে সজা দলঙত উঠি মানুহে ভৰি ধুইছিল। প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰি মুঠতে সামৰণি কৰিব নোৱাৰি।
( গ) মোহ গ’ল দূৰণিৰ বিদেশী মোগল । অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া, অসমত বন্দী হ’ল অসমৰ ৰূপ-মুগ্ধ দূৰৰ মোগল আহি হ’ল অসমীয়া ।
উত্তৰ : প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগর্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সংগতি : কবিতাফাঁকিত কবিয়ে অসমৰ সৌন্দৰ্যৰ বিমুগ্ধ মোগলৰ অনুভৱৰ বিষয়ে কবিয়ে কৈছে ।
ব্যাখ্যা : অসমক সেউজীয়া দুবৰিৰ দেশ বুলি কোৱা হৈছে। অসমৰ বননি মিনাকৰা বুলিও কোৱা হৈছে। নিয়ৰ পৰি থকা পাত বোৰত ৰ’দ পৰি এনেদৰে চিকমিকাই উঠে যেন মণি – মুকুতা হে খচিত আছে। অসমৰ ধূলিয়ে বালিয়ে যেন মণি – মুকুতা, সোণৰ দৰে আপুৰুগীয়া সম্পদ। অসম থনৰ সৌন্দৰ্য অতুলনীয়। অসমৰ মূল্যবান সম্পদ হ’ল হাতীৰদাঁত। হাতীৰদাঁতেৰে খৰমৰ চুলা সজা হয়। প্রবাল মণিৰে সজা দলঙত ভৰি ধোৱা হয়। আনকি বাঘৰ নথেৰে নিৰ্মিত খাৰু, আঙুঠি আদিও মানুহে পিন্ধা দেখা যায়। ম’হৰ শিঙেৰে পেঁপা বজাই আনন্দত নাচে। অসমৰ অসমীয়া ভাষা শুৱলা। অসমৰ সাগৰীয় ৰূপ দেখি তেওঁলোক এনেদৰে মোহিত হ’ল যে তেওঁলোক নিজ অসমতে থাকি গ’ল।
( ঘ ) জীৱনে মৰণে মই চিৰদিন অসমীয়া । অসমীয়া দেহ – প্রাণ মন ; জীয়াই থাকোতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ ।
উত্তৰ : প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগর্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সংগতি : উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে কৈছে যে জনমভূমিৰ প্ৰতি অফুৰন্ত প্ৰেম প্ৰকাশৰ কথা কৈছে।
ব্যাখ্যা : কবিৰ মতে জনমভূমি অসমখন প্ৰাণৰো প্ৰাণ। অসমীয়া বুলি কবিয়ে নিজে গৌৰৱ অনুভৱ কৰে৷ অসমীয়া সকলে নিজদেশ ৰক্ষাৰ হকে একগোট হৈ মোগলকো যুদ্ধত পৰাস্ত কৰিবলৈ প্ৰস্তুত হৈছিল। কবিয়ে সেইবাবে অসমীয়া জাতিক লৈ উৎফুল্লিত। কবিয়ে নিজৰ জনমভূমিক ধৰ্ম ৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সাগৰীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত, কথা, মাত আদি বনৰীয়া চৰাই আদিকো আকৰ্ষণ কৰিব পাৰে, সেই ভাষা, গীতে কবিৰ হৃদয় উপচাই ৰাখে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পাছত সৰগতো এই ভাষাৰ গান শুনিব বিচাৰিছে। এনেছেন অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই আছে। কবিয়ে সেইবাবে মৃত্যুৰ পিছতো তেওঁৰ প্ৰাণ অসমতে পুনৰ জন্ম ল’ব বিচাৰে৷
৯ । মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ
বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে, তোমাৰ কথাৰে বুজাই লিখা । উত্তৰ : কবিয়ে নিজৰ জনমভূমিক প্ৰাণৰো প্ৰাণ বুলি কৈছে। নিজকে অসমীয়া বুলি কবিয়ে গৌৰৱ কৰে। প্ৰবল
প্রতাপী মোগল সকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি লৈ যুজঁত পৰাজয় কৰিছিলে৷ কবিয়ে হেংদাং লৈ যুদ্ধ কৰি মোগলক পৰাস্ত কৰি খেদি দিয়াৰ বাবে অসমৰ সন্তান সকলক লৈ গৌৰৱ অনুভৱ কৰে। গৰম পানীৰে সান্দহ গুৰি খাই জীয়াই থকা মানুহৰ ইমান শক্তি ক’ৰ পৰা আহে তাকে ভাবি কবি আচৰিত হ’ল। কবিৰ মতে কবিৰ দেশৰ মানুহ সহজ সৰল, অমায়িক আছিল। এই অসম দেশৰ মানুহৰ মুখৰ মাতত মৌ সৰা আছিল। ইমান কোমল অন্তৰৰ মানুহ যে দেশ ৰক্ষা কৰিবলৈ বজ্রকঠোৰ হ’ব পাৰে সেই কথা কবিয়ে কেতিয়াও ভাবিব পৰা নাছিল। সেইবাবে কবিয়ে অসমীয়া জাতিৰ বিৰত্ব আৰু পৰাক্ৰমক লৈ প্ৰসংশা কৰিছে।
প্রশ্ন ১০। কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম লম বুলি ভাবিছে, বুজাইলিখা।
উত্তৰ : মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখিবিস্মিত হৈছে। অসমীয়া পুৰুষ- তিৰোতাৰ মাজত থকা স্বদেশ প্রেমে মোগলৰ অন্তৰ চুইগৈছে। পৰাজিত মোগলৰ কিছু অংশই অসমৰসৌন্দৰ্য আৰু প্ৰাকৃতিক সম্পদ আদিত মুগ্ধহৈ অসমত থাকি পাছলৈ হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিল। তেওঁলোক অসমীয়া সংস্কৃতিৰলগত একাকাৰ হৈ পৰিল। অসমীয়া জাতিৰ বীৰত্বৰ সেই বিজয়গাঁথা আজিও যেন অক্ষুণ্ণ হৈ আছে। কবিয়ে সেয়ে অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবে মৰিবও খুজিছে। মৰিলেও এনে গৌৰৱপূৰ্ণ ইতিহাস বিজড়িত অসমতে পুনৰ অসমীয়া হৈ জনম লম বুলি ভাবিছে।
প্রশ্ন ১১। ‘মই অসমীয়া’ কবিতাটোৰ সাৰাংশ লিখা
উত্তৰ :ভাৰতবৰ্ষত মোগল সাম্রাজ্য প্রতিষ্ঠা কৰা বিশ্ববিজয়ী মোগলসকলে স্বাধীনঅসম আক্ৰমণ কৰি অসমতো মুছলিম ৰাজ্য স্থাপনৰ আশাৰে অসমত সসৈন্যে পদার্পণকৰিছিলহি। মোগলসকল অসমভূমিৰ সমৰ্থলীত উপস্থিত হোৱাত স্বাধীন অসমৰস্বাধীনচিতিয়া অসমীয়াই পুৰুষ-নাৰী সমন্বিতে হাতত হেংদাং লৈ অতি বীৰত্ব আৰু সাহসেৰেনিজ মাতৃভূমিৰ স্বাধীনতা তথা স্বতন্ত্ৰতা ৰক্ষা কৰিবলৈ মোগলৰ সমুখত বুকুপাতি থিয়হ’লহি। অসমীয়া সেনাৰ সাহস, বল-বিক্ৰমৰ আগত মোগল সেনা তিষ্ঠিব নোৱাৰিপৰাজয়বৰণ কৰি পিছ গ’ল। মোগল সেনাই অসমীয়া মানুহৰ বল, বিক্রম, সাহসআৰু দেশপ্ৰেমৰ পৰিচয় পাই আচৰিত হ’ল। আনহাতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰুসম্পদসমূহ দেখিও বিস্ময়াভূত হোৱাৰ উপৰিও অতিকে মুগ্ধ হৈ পৰিল। পৰাজয় বৰণ কৰি স্বদেশলৈ ওভতি যোৱা মোগলে দেখিলে অসমত চৌদিশে ধূসৰপাহাৰ, ইয়াৰ সেউজীয়া গছ-গছনি, চৰাই-চিৰিকতিয়ে মনোমোহা ৰূপ ধাৰণ কৰিছে। দুবৰিবনত নিয়ৰৰ টোপালবোৰে সূৰ্যৰ পোহৰত মুকুতাৰ দৰে তিৰ্বিৰাই আছে। গছৰ পাতবোৰজাংফাই, মিনাকৰাৰ দৰে জিলিকিছে। ইয়াৰ ধূলি-বালিত মৰকত বাথৰৰ দৰে মূল্যৱান বস্তুমিহলি হৈ থাকে, ভৰিৰ গচক পৰিলেই সিবোৰ ভাগি যায়। নদীৰ বালিত সোণৰ চেকুৰাপায়, হাতীদাঁতেৰে খৰমৰ চুলা সাজে, স্বৰ্গদেৱে হাঁহ কণী-চাউলেৰে দেউল নিৰ্মাণ কৰে, বাঘনথৰ খাৰু, আঙঠি গঢ়াই পিন্ধে, ম’হৰ শিঙৰ পেঁপা বজায়, সাগৰ সদৃশ থাল বিলতসোণবৰণীয়া পুঠি মাছে জঁপিয়ায়, ভেকুলীয়েসেন্দুৰৰ ফোঁট লৈ জঁপিয়ায়। মাটিৰ চৰুতজুখি হ সোণ-ৰূপ দিয়ে। অসমৰ এই বিনন্দীয়া ৰূপ দেখি মুগ্ধ হৈ অসমীয়া মানুহৰ মৌ-সনা মাত-কথাত বন্দীহৈ একাংশ মোগল সেনাই অসমকে নিজ মাতৃভূমি বুলি স্বীকাৰ কৰি, ইয়াৰ কলা- সংস্কৃতিতএকাকাৰ হৈ অসমতে থাকি গ’ল। কবিয়েও অসমৰ কোনো কালে নজহা নপমা এইঐতিহ্যক সুঁৱৰি, মৰিও তেওঁ অসমীয়া হৈ পুনৰ জনম ল’বলৈ মনে প্রাণে কামনা কৰিছে। অসমীয়াৰ পৰিচয়ৰে তেওঁ চিৰকাল অসমতে থাকিব।
প্রশ্ন ১২ ‘মই অসমীয়া’ কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটিউঠিছে বুজাই লিখা।
উত্তৰ:- অসম অতীততে এখন স্বাধীন ৰাজ্য আছিল। ভাৰতৰ বাকী ৰাজ্য মোগলসাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল যদিও সময়ত অসম স্বাধীন আছিল। মোগলে একাধিকবাৰঅসম আক্ৰমণ কৰিছিল যদিও অসমীয়া মানুহৰ সাহস, বল বিক্ৰমৰ সমুখত তিষ্ঠিবনোৱাৰি অসম জয়ৰ আশা চিৰকালৰ কাৰণে পৰিহাৰ কৰিলে৷ অসমীয়া মানুহৰ সেই সেই সাহস আৰু বীৰত্ব গৌৰৱৰ বিষয়। অসম প্রাকৃতিক সম্পদত চহকী। এসময়ত ইয়াৰ মাটি বালিত বিভিন্ন মূল্যৱান বাথৰআৰু সোণৰ চেকুৰ পোৱা গৈছিল। মানুহে বাঘনখৰ থাৰু আৰু ভৰিত আঙঠি গঢ়াই লৈছিল,হাতীৰ দাঁতৰ খৰমৰ চুলা তৈয়াৰ কৰি লৈছিল। হাঁহকণী, চাউলৰ গুড়ি আদিৰে সজাইলোৱা অতীতৰ মঠ- মন্দিৰসমূহেও, ৰংঘৰ, কাৰেংঘৰ আদিয়ে তেতিয়াই খন্দোৱা সাগৰসদৃশপুখুৰীসমূহে অসমৰ অতীত গৌৰৱ ঘোষণা কৰি আছে। অসম এটা সময়ত ইমানেইচহকী আছিল যে চৰুত জুখিহে সোণ-ৰূপ আদান-প্ৰদান কৰিছিল। প্রশ্ন ১৩। ভাষা বিষয়ক
(ক) বিপৰীত শব্দ লিখা-
গৌৰৱ— দুৰ্যশ।
আলোক— এন্ধাৰ ৷
স্বাধীনতা— পৰাধীনতা।
পৰাজিত— অপৰাজিত, বিজিত
সপোন— দিঠক।
মৰণ— জনম