CLASS 10 ।। SCIENCE CHAPTER 10 ।। INTEXT SOLUTION ।। LIGHT- REFLECTION, REFRACTION।। পোহৰ- প্ৰতিফলন , প্ৰতিসৰণ ।। SEBA BOARD ।।

Class 10 science chapter 10 solution of Light – Reflection ,Refraction of SEBA board Assamese medium . we are trying to provide the solution of intext question in this article and it will boost your confident to acquired good marks in your annual examination of class 10 science chapter 10 assamese medium light – reflection , refraction পোহৰ- প্ৰতিফলন , প্ৰতিসৰণ of seba board .where we are covering the topic of light, reflection, refraction, refractive index , speed of light in different medium , formation of image by lens and mirror to produce image and all numericals related to all topics . solution of seba board / solution in assamese medium of seba board .

 অনুশীলনী

1) তলত দিয়া কোনটো পদাৰ্থ লেন্‌ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি?

(a) পানী       (b) কাঁচ       (c) প্লাষ্টিক     (d) মৃত্তিকা (clay)

উওৰঃ- (d) মৃত্তিকা।

2) অবতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান কত হ’ব লাগিব?

(a) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত।

(b) ভাঁজ কেন্দ্ৰত।

(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত।

(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।

উওৰঃ- (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।

3) লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সম্মুখত কোন স্থানত ৰাখিব লাগিব?

(a) লেন্‌ছৰ মুখ্য ফ’কাছত।

(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত।

(c) অসীমত।

(d) লেন্‌ছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত।

উওৰঃ- (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত।

4) এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্‌ছ প্রত্যেকৰে ফ’কাচ দৈৰ্ঘ্য – 15 ছেমি। দাপোণ আৰু লেন্‌ছৰ প্ৰকৃতি কেনেকুৱা হ’ব পাৰে?

(a) দুয়োখন অৱতল।

(b) দুয়োখন উত্তল।

(c) দাপোণখন অৱতল লেন্‌ছখন উত্তল।

(d) দাপোণখন উত্তল লেন্‌ছখন অৱতল।

উওৰঃ- (a) দুয়োখন অৱতল।

5) দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্রতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ’ব পাৰে?

(a) সমতল।

(b) অবতল।

(c) উত্তল।

(d) হয় সমতল নাইবা উত্তল।

উওৰঃ- (d) হয় সমতল নাইবা উত্তল।

6) অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?

(a) 50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ।

(b) 50 ছেমি ফ’কাছ দৈৰ্ঘৰ অৱতল লেন্‌ছ।

(c) 5 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ।

(d) 5 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ।

উওৰঃ- (c) 5 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ।

7)  50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অবতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্রতিবিম্ব পাব বিচাৰিছো। দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্রতিবিম্বৰ প্ৰকৃতি কি হ’ব? প্রতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্র আঁকা।

Ans. অৱতল দাপোণত লক্ষ্যবস্তু এটাৰ থিয় প্রতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো দাপোণৰ পৰা ৫০ ছে.মি ৰ দূৰত্বত দাপোণৰ সন্মুখত স্থাপন কৰিব লাগিব। গঠন হোৱা প্রতিবিম্ব অসৎ আৰু থিয় হ’ব। প্রতিবিম্বটো বিবৰ্ধিত হব।

8) তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা

(a) গাড়ীৰ হেডলাইট।

(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ।

(c) সৌৰ ভাঁতী।

উওৰঃ-

(a) গাড়ীৰ হেডলাইট হিচাপে অৱতল দাপোণ প্রতিফলক হিচাপে ব্যৱহাৰ কৰা হয়।

(b) গাড়ীৰ পিছফালে লক্ষ্য কৰাৰ বাবে উত্তল দাপোণ ব্যৱহৃত হয়।

(c) সৌৰ-ভাঁতীত প্ৰতিফলক হিচাপে অৱতল দাপোণ ব্যবহৃত হয়।

9) উত্তল লেন্‌ছ এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ’ল। এই লেন্‌ছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্রতিপন্ন কৰা। তোমাৰ পর্যবেক্ষণসমূহ ব্যাখ্যা কৰা।

উওৰঃ- উত্তল লেন্‌ছ এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হলে লেন্‌ছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব । ইয়াৰ বাবে আমি দুইধৰণে পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰিব পাৰি

 প্ৰথম ক্ষেত্ৰঃ- যেতিয়া লেনছখনৰ ওপৰৰ অংশ ঢাকি দিয়া হয় তেতিয়া পোহৰৰ ৰশ্মিবোৰ লেনছখনৰ তলৰফালে আহি সম্পূৰ্ণ প্ৰতিবিম্ব  গঠন কৰিব কিন্তু প্ৰতিবিম্ব উজ্জলতা কিছু পৰিমানে কমিব

দ্বিতীয় ক্ষেত্ৰঃ-  যেতিয়া লেনছখনৰ তলৰ অংশ ঢাকি দিয়া হয় তেতিয়া পোহৰৰ ৰশ্মিবোৰ লেনছখনৰ ওপৰৰফালে আহি সম্পূৰ্ণ প্ৰতিবিম্ব  গঠন কৰিব কিন্তু প্ৰতিবিম্ব উজ্জলতা কিছু পৰিমানে কমিব

10) 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা 10 ছেমি ফ’কাচ দৈৰ্ঘ্যৰ অভিসাৰী লেন্‌ছ এখনৰ পৰা 25 ছেমি দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্র আঁকা আৰু গঠিত প্রতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নির্ণয় কৰা।

উওৰঃ-

দিয়া আছে , ফকাছ দৈৰ্ঘ্য = + 10 cm

          লক্ষ্যবস্তুৰ উচ্চতা = +5 cm

           লক্ষ্যবস্তুৰ দূৰত্ব = – 25 cm

 

Leave a Reply

Your email address will not be published. Required fields are marked *