CHAPTER 1 SOLUTION । CLASS 10 SCIENCE ৰাসয়নিক বিক্ৰিয়া আৰু সমীকৰণ । IN ASSAMESE MEDIUM SEBA COMPLETE EXERCISE । SOLUTION IN ASSAMESE

Here you get the solution of chapter 1 exercise solution of science class 10 in assamese medium and pdf of all book in assamese medium . in this article we will provide solution of class10 science chapter 1 exercise solution in assamese medium this chapter carry good mark in HSLC exam .chemical reaction is the most important part of this chapter 1 class 10 science book solution in assamese medium…. in the below you will get the solution of chapter1 class10 science in assamese medium .

1. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?
2PbO(s) + C(s) → 2Pb(s) + CO₂(g)

(a) লেড বিজাৰিত হৈছে।
(b) কাৰ্বন ডাইঅক্সাইড জাৰিত হৈছে।
(c) কাৰ্বন জাৰিত হৈছে।
(d) লেড অক্সাইড বিজাৰিত হৈছে।

(i) (a) আৰু (b)
(ii) (a) আৰু (c)
(iii) (a), (b) আৰু (c)
(iv) সকলো

উত্তৰঃ- (i)
2. Fe₂O₃ + 2Al → Al₂O₃ + 2Fe
ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ
(a) এটা সংযোজন বিক্ৰিয়াৰ
(b) এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ
(c) এটা বিযোজন বিক্ৰিয়াৰ
(d) এটা অপসৰণ বিক্ৰিয়াৰ

উত্তৰঃ- (d)
3. কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্ল’ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া ।
(a) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়।
(b) ক্ল’ৰি গেছ আৰু আইৰন হাইড্ৰ’ক্সাইড উৎপন্ন হয়।
(c) বিক্রিয়া নঘটে।
(d) আইন লৱণ আৰু পানী উৎপন্ন হয়।

উত্তৰঃ- (a)
4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ?
সন্তুলিত ৰাসায়নিক সমীকৰণ হ’ল এনে সমীকৰণ য’ত বিক্ৰিয়াটোৰ বিক্ৰিক পদাৰ্থৰ প্ৰতিটো মৌলৰ বাবে পৰমাণুৰ সংখ্যা আৰু বিক্ৰিয়াজাত পদাৰ্থৰ উভয়ৰে বাবে মুঠ আধান একে হয়। অৰ্থাৎ বিক্ৰিয়াৰ দুয়োফালে ভৰ সমান। ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে কাৰণ সমীকৰণটোৰ বিক্ৰিয়ক আৰু বিক্ৰিজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা একে হব লাগিব।
5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা ।
(a) H₂ + N₂ → NH₃
সন্তুলিত: 3H₂ + N₂ → 2NH₃

(b) H₂S + O₂ → H₂O + SO₂
সন্তুলিত: 2H₂S + 3O₂ → 2H₂O + 2SO₂

(c) BaCl₂ + Al₂(SO₄)₃ → AlCl₃ + BaSO₄
সন্তুলিত: 3BaCl₂ + Al₂(SO₄)₃ → 2AlCl₃ + 3BaSO₄

(d) K + H₂O → KOH + H₂
সন্তুলিত: 2K + 2H₂O → 2KOH + H₂
6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা ৷
(a) HNO₃ + Ca(OH)₂ → Ca(NO₃)₂ + H₂O
Ans. 2HNO₃ + Ca(OH)₂ → Ca(NO₃)₂ + 2H₂O
(b) NaOH + H₂SO₄ → Na₂SO₄ + H₂O
Ans. 2NaOH + H₂SO₄ → Na₂SO₄ + 2H₂O
(c) NaCl + AgNO₃ → AgCl + NaNO₃
Ans. NaCl + AgNO₃ → AgCl + NaNO₃
(d) BaCl₂ + H₂SO₄ → BaSO₄ + HCl
Ans. BaCl₂ + H₂SO₄ → BaSO₄ + 2HCl
7. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।
(a) কেলছিয়াম হাইড্রক্সাইড + কার্বন ডাইঅক্সাইড → কেলছিয়াম কাৰ্বনেট + পানী।
Ca(OH)₂ + CO₂ → CaCO₃ + H₂O
(b) যিংক + ছিলভাৰ নাইট্ৰেট → যিংক নাইট্ৰেট + ছিলভাৰ।
Zn + 2AgNO₃ → Zn(NO₃)₂ + 2Ag
(c) এলুমিনিয়াম + কপাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + কপাৰ।
2Al + 3CuCl₂ → 2AlCl₃ + 3Cu
(d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড।
BaCl₂ + K₂SO₄ → BaSO₄ + 2KCl
৪. তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা।
(a) পটেছিয়াম ব্ৰ’মাইড (aq) + বেৰিয়াম আয়’ডাইড (aq) → পটেছিয়াম আয়’ডাইড (aq) + বেৰিয়াম
2KBr + BaI₂ → 2KI + BaBr₂ (দ্বি-অপসাৰণ বিক্ৰিয়া)
(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কাৰ্বন ডাইঅক্সাইড (g)
ZnCO₃ → ZnO + CO₂ (বিযোজন বিক্ৰিয়া)
(c) হাইড্ৰ’জেন (g) + ক্ল’ৰিন (g) → হাইড্ৰ’জেন ক্ল’ৰাইড (g)
H₂ + Cl₂ → 2HCl (সংযোজন বিক্ৰিয়া)
(d) মেগনেছিয়াম (s) + হাইড্ৰ’ক্ল’ৰিক এছিড (aq) → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্ৰ’জেন (g)
Mg + 2HCl → MgCl₂ + H₂ (বিযোজন বিক্ৰিয়া)
9) তাপবৰ্জী আৰু তাপগ্রাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া ।
যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বোলা হয়।
উদাহৰণঃ প্ৰাকৃতিক গেছৰ দহন।

যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয়, সেইবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।
10) শ্বসনক এটা তাপবর্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা ।
আমি সকলোৱে জানো যে জীয়াই থাকিবলৈ আমাক শক্তি লাগে। আমি এই শক্তি খাদ্যৰ পৰা পাওঁ। হজম প্ৰক্ৰিয়াত খাদ্য বস্তু সৰল পদাৰ্থলৈ ভাগি যায়। উদাহৰণস্বৰূপে চাউল, আলু আৰু ৰুটীত থকা কাৰ্বহাইড্ৰেটবোৰ গ্লুক’জলৈ ভাঙি যায়। গ্লুক’জ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি শক্তি মুক্ত কৰে, সেইবাবে শ্বসনক এটা তাপবর্জী বিক্ৰিয়া বুলি কোৱা হয়।

সমীকৰণ:
C6H12O6(aq) + 6O2(aq) + 6H2O(l) → 6CO2(aq) + 12H2O(l) + শক্তি
11) বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা ৷
সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ একত্ৰিত হৈ এটা নতুন পদাৰ্থ গঠন কৰে।
আনহাতে, বিযোজন বিক্ৰিয়াত এটা পদাৰ্থ ভাঙি দুটা বা ততোধিক পদাৰ্থৰ সৃষ্টি কৰে। সেয়েহে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কোৱা হয়।

সংযোজন বিক্ৰিয়া: H2 + N2 → NH3
বিযোজন বিক্ৰিয়া: CaCO3 → CaO + CO2
12) তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা ।
(ক) তাপ বিযোজন বিক্ৰিয়া (তাপবিভাজন):
2KClO3 + তাপ → 2KCl + 3O2

(খ) বিদ্যুৎ বিশ্লেষক বিযোজন বিক্ৰিয়া:
গলিত NaCl ৰ মাজেৰে বিদ্যুৎ পাৰ কৰিলে:
NaCl → Na + Cl2

(গ) আলোক বিযোজন বিক্ৰিয়া (ফটোলাইছিছ):
2H2O2 → 2H2O + O2 (পোহৰৰ উপস্থিতিত)
13) অপসাৰণ আৰু দ্বি-অপসাৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা।
অপসাৰণ বিক্ৰিয়াত এটা অধিক সক্ৰিয় ধাতুৱে এটা কম সক্ৰিয় ধাতুক প্ৰতিস্থাপন কৰে।
দ্বি-অপসাৰণ বিক্ৰিয়াত দুটা যৌগৰ আয়নৰ পাৰস্পৰিক বিনিময় ঘটে।

অপসাৰণ বিক্ৰিয়া: Mg + 2HCl → MgCl2 + H2
দ্বি-অপসাৰণ বিক্ৰিয়া: NaCl + AgNO3 → AgCl + NaNO3
14) ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয় । জড়িত বিক্ৰিয়া লিখা।
কপাৰ ধাতুৰে ছিলভাৰ নাইট্ৰেটৰ পৰা অপসাৰণ কৰিলে কপাৰ নাইট্ৰেট গঠিত হয় আৰু মুক্ত ছিলভাৰ আহৰণ কৰা যায়।

বিক্ৰিয়া: Cu + 2AgNO3 → Cu(NO3)2 + 2Ag
15) অধঃক্ষেপণ বিক্ৰিয়া মানে কি বুজা? উদাহৰণ দি বাখ্যা কৰা।
যেতিয়া দ্বি-অপসাৰণ বিক্ৰিয়াৰ ফলত পানীত অদ্ৰাব্য পদাৰ্থ (অধঃক্ষেপ) উৎপন্ন হয়, তাক অধঃক্ষেপণ বিক্ৰিয়া বোলা হয়। উদাহৰণঃ- ছ’ডিয়াম ছালফেটৰ দ্ৰৱ লগত অলপমান বেৰিয়াম ক্ল’ৰাইডৰ দ্ৰৱ লৈ দুয়োটা দ্রৱ মিহলাই দ্ৰৱ দুটা একত্ৰিত কৰা হয়, তেতিয়া দ্বি অপসাৰণ বিক্ৰিয়া ঘটে য’ত আয়নবোৰ যৌগবোৰৰ মাজত বিনিময় ঘটে পানীত অদ্রাব্য এটা বগা পদাৰ্থ বা অধঃক্ষেপ গঠন হোৱা দেখা পোয়া যায় ।

উদাহৰণ: Na2SO4 + BaCl2 → BaSO4(s) + 2NaCl
16) অক্সিজেনৰ লাভৰ ক্ষেত্ৰত জাৰণ আৰু বিজাৰণ বুজাই দিয়া।
(ক) জাৰণ:ৰাসায়নিক বিক্ৰিয়া এটাত যেতিয়া মৌল এটাই অক্সিজেন লাভ কৰি নিজ নিজ অক্সাইড গঠন কৰে । তেতিয়া ইয়াক জাৰণ হোৱা বুলি কোৱা হয়।
উদাহৰণঃ 4Na + O2 → 2Na2O, H2S + O2 → H2O + SO2

(খ) বিজাৰণ: ৰাসায়নিক বিক্ৰিয়াত যেতিয়া যৌগ এটাই পৰা অক্সিজেন হেৰুৱায় , তেতিয়া ইয়াক বিজাৰণ হোৱা বুলি কোৱা হয়।
উদাহৰণঃ CuO + H2 → Cu + H2O
17) এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত কলা হৈ পৰিল । মৌল ‘X’ আৰু হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা।
সমাধান: উজ্জ্বল মুগা ৰঙৰ মৌলটো হ’ল কপাৰ ধাতু (Cu) । বায়ুত কপাৰ ধাতু গৰম কৰিলে ই বায়ুমণ্ডলৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কপাৰ অক্সাইড গঠন কৰে। সেয়েহে ক’লা ৰঙৰ যৌগটো হ’ল কপাৰ অক্সাইড।
সমীকৰণ: 2Cu + O2 → 2CuO
18) লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয়?
সমাধান: লোহাৰ বস্তুবোৰত যাতে মামৰে নধৰে তাৰ বাবে ৰং দিয়া হয় । ৰং নকৰাকৈ ৰখাৰ সময়ত ধাতুৰ পৃষ্ঠভাগ বায়ুমণ্ডলৰ অক্সিজেনৰ সংস্পৰ্শলৈ আহে আৰু আৰ্দ্ৰতাৰ উপস্থিতিত ই আইৰন(III) অক্সাইডলৈ ৰোপান্তৰ হয় কিন্তু ৰং কৰিলে পৃষ্ঠভাগ আৰ্দ্ৰতা আৰু বায়ুৰ সংস্পৰ্শলৈ নাহে, যাৰ ফল মামৰে নধৰে।
19) তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনেৰে পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ?
সমাধান: তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনেৰে পৰিৱেশত পেকেটত ভৰোৱা হয় কৰাণ তেল বা চৰ্বি অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি অপ্ৰীতিকৰ গোন্ধ আৰু সোৱাদ সৃষ্টি কৰে হোৱ । গতিকে নাইট্ৰজেনৰ পৰিৱেশত ৰাশিলে অবিক্ৰিয়াশীল পৰিৱেশৰ সৃষ্টি হয়, যাৰ ফলত অপ্ৰীতিকৰ গোন্ধ আৰু সোৱাদ সৃষ্টি নকৰে ।
20) তলৰ শব্দবোৰ উদাহৰণ দি বুজাই দিয়া:
(ক) ক্ষয়ীভৱন:
নতুন বস্তুবোৰ প্ৰথমে চিকচিকীয়া হৈ থাকে, কিন্তু কিছুদিনৰ পাছত সিহঁতৰ গাত ৰঙচুৱা মুগা, বৰণৰ পাউদাৰৰ চামনি পৰিবলৈ লয়। এই প্ৰক্ৰিয়াটোক লোত মামৰে ধৰা বোলা হয় আৰু যেতিয়া ধাতু এটা তাৰ চৌপাশৰবিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প, এছিড় আদিৰদ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন বোলা হয়।
(খ) চৰ্বিৰ দুৰ্গন্ধিতা:
যেতিয়া চৰ্বি আৰু তেল জাৰিত হয়, তেতিয়া এইবোৰ দুৰ্গন্ধী হয়। ইহঁতৰ গোন্ধ আৰু স্বাদসলনি হয়। সাধাৰণতে জাৰণ নঘটিবলৈ চৰ্বি আৰু তেলযুক্ত খাদ্যবস্তুত কিছুমান পদাৰ্থ (প্ৰতিজাৰকপদার্থ, (antioxidants) যোগ কৰা থাকে।

Leave a Reply