Assamese 2nd Semester | Chapter 1 | ভাষাবিজ্ঞানৰ সাধাৰণ পৰিচয় | Gauhati University | gu | BA | Assamese 2nd Semester Question & Answer | Assamese Honours 2ndSemester | GU |

প্রথম গোট​

ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয়​

ভাষাবিজ্ঞানৰ সংজ্ঞা, ভাষাবিজ্ঞানৰ লগত ভাষাতত্ত্ব আৰু ব্যাকৰণৰ সম্পৰ্ক জীৱশ্ৰেষ্ঠ মানুহৰ শ্ৰেষ্ঠ সম্পদ হৈছে ভাষা। যিবোৰ বিশিষ্টতাৰ বাবে জগতৰ প্ৰাণীসমূহৰ ভিতৰত মানুহ শ্রেষ্ঠৰূপে পৰিগণিত হৈছে সেইবোৰৰ ভিতৰত ভাষা অন্যতম । মানুহ সামাজিক প্ৰাণী। তদুপৰি, মানুহ মন, বুদ্ধি আৰু বিবেকৰ অদিকাৰী। মনৰ লগত মানুহৰ চিন্তা-ভাৱনা সংশ্লিষ্ট। আনকথাত ক’বলৈ হ’লে মন আছে বাবেই মানুহে চিন্তা-ভাৱনা কৰিব পাৰে। এই চিন্তা-ভাৱনাক যেতিয়া কোনো এজন মানুহে আন এজনৰ আগত প্ৰকাশ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, তেতিয়াই তেওঁৰ আৱশ্যক হয় এটা মাধ্যমৰ। ভাষা হ’ল মানুহৰ চিন্তা- ভাৱনা প্রকাশক ধ্বনিময় সংকেত। আচার্য প্লেটোৱে তেখেতৰ বিখ্যাত গ্রন্থ ‘Dialogues’ ত লিখিছে, “ভাষা আৰু চিন্তা মূলতে একেই। পার্থক্য মাথো এয়েই যে চিন্তা হৈছে আত্মাৰ লগত নিজৰ কথোপকথন আৰু চিন্তাৰ পৰা যিটো প্রবাহ ধ্বনিৰ সহায়ত ওঁঠৰ মাজেদি বাহিৰলৈ ওলাই আহে, তেতিয়া সি ভাষা নাম পায়।” অর্থাৎ, মানুহে জীৱন নিৰ্বাহৰ প্ৰয়োজনত পৰস্পৰৰ লগত মনৰ ভাৱ-অনুভূতিৰ বিনিময় কৰিবলৈ বাক্যন্ত্ৰৰ সহায়ত উচ্চাৰণ কৰা সুবিন্যস্ত, অর্থবহ ধ্বনি প্রতীকৰ সমষ্টিয়েই ভাষা।

প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাষাবিজ্ঞানী সকলে ভাষাৰ বৈশিষ্ট্যলৈ লক্ষ্য কৰি যুগে যুগে তাৰ সংজ্ঞা আগবঢ়াই আহিছে। সেইবোৰৰ ভিতৰত কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ’ল—

  1. “বক্তাবাচি বর্ণা যেষাং ত ইমে ব্যক্তবাচঃ।” – মহাভাষ্য।
  2. “ব্যক্তবাচা সমুচ্চাৰণ।- পাণিনি ।
  3. মনৰ ভাৱ প্ৰকাশৰ বাবে, বাক্যন্ত্ৰৰ সহায়ত উচ্চাৰিত ধ্বনিৰ দ্বাৰা নিষ্পন্ন, কোনো বিশেষ জন-সমাজত ব্যৱহৃত, স্বতন্ত্রভাৱে অৱস্থিত তথা বাক্যত প্রযুক্ত শব্দ সমষ্টিকে ভাষা বোলে। — ডঃ সুনীতি কুমাৰ চট্টোপধ্যায়।
  4. (মানুহৰ বাগিন্দ্ৰিয়ৰ দ্বাৰা) “উচ্চাৰিত ধ্বনি প্রতীকৰ সহায়েৰে ভাৱৰ পূৰ্ণ অভিব্যক্তিৰ নাম ভাষা।”— ড° উপেন্দ্রনাথ গোস্বামী।
  5. “ভাষা মানুহৰ মনৰ ভাৱ আদান-প্ৰদানৰ উদ্দেশ্যে বাগিন্দ্ৰিয়েৰে উচ্চাৰণ কৰা সুসংগঠিত, সুপৰিকল্পিত ধ্বন্যাত্মক সংকেত বিশেষ । মানুহৰ মনৰ ভাব আৰু চিন্তাৰ ক্ৰয়মান প্রতীকেই ভাষা।” – ড° গোলাক চন্দ্ৰ গোস্বামী।
  6. “Language is a primarily human and non instinctive method of communicating ideas, emations and desires by means of a system of voluntarily produced symbols.”- E. Spair.
  7. “A Language is a system of arbitrary vocal symbols by which, members of a social group co-operate and intract” Sturtevant.
  8. “Language may be defined as the expression of thought by means of speech sounds.” – Henry sweet.

ওপৰত উল্লেখ কৰি অহা হৈছে যে ভাষা মানুহৰ চিন্তা-ভবনা প্রকাশক ধ্বনিময় সংকেত। বাস্তৱক্ষেত্ৰত এই সংকেত বিভিন্ন ধৰণৰ। উদাহৰণস্বৰূপে, মটৰগাড়ীৰ হৰ্ণ, স্কুল-কলেজৰ ঘণ্টা ধ্বনি, বাহিৰৰ পৰা বন্ধ দুৱাৰত পৰা কাৰোবাৰ আঙুলিৰ টোকৰ প্ৰভৃতিৰ কথা উল্লেখ কৰিব পাৰি। এইবোৰো একোটাহঁত ধ্বনিময় সংকেত। এইবোৰেও একো একোটা ভাব বহন কৰে। পিছে, ভাষা- বিজ্ঞানত এইবোৰ সংকেতক ভাষাৰ অন্তৰ্ভুক্ত কৰা নহয় ৷

মানুহৰ বাহিৰেও জগতৰ অন্যান্য প্রাণীয়েও বিবিধ ধ্বনি প্রতীকৰ সহায়ত ভাৱ বিনিময় কৰে। যথা : ভেকুলীৰ টোৰটোৰণি, গৰুৰ হেম্বেলনি, কাউৰীৰ কা কা ইত্যাদি। পিছে এইবোৰৰ কোনো বিচিত্রতা নাই; নাই কোনো তাৎপর্য। স্থান আৰু কালগত ব্যৱধানে এইবোৰৰ কোনো ৰূপান্তৰ নঘটায়। এইবোৰৰ পৰিসৰো সীমিত । সেয়ে, এইবোৰ ভাষাৰ ভিতৰুৱা নহয় ৷

ভাষাৰ বিজ্ঞান সন্মত বিচাৰ-বিশ্লেষণকে ভাষাবিজ্ঞান বোলে। ইৰাজীত ইয়াক Linguistics বা Science language বোলা হয়। বিজ্ঞানসন্মত বিচাৰ- বিশ্লেষণ বুলিলে আত্ম্যনিৰ্ভৰ, শৃংখলাৱদ্ধ, সূক্ষ্ম আলোচনাকে বুজায়। ইয়াত

কল্পনা আবেগৰ স্থান লেশমানো নাথাকে। বিজ্ঞানৰ আলোচনাৰ বিষয় সুনির্দিষ্ট। সুনির্দিষ্ট বিষয়ভিত্তিক হোৱা বাবে বিজ্ঞানৰ শাখাও ভিন ভিন । পদার্থবিজ্ঞান, ৰসায়ন, প্রাণীবিজ্ঞান, ভূ-বিজ্ঞান, নৃতত্ত্ব প্রভৃতি বিজ্ঞানৰ বিভিন্ন শাখাৰ আলোচনা একোটাহঁত বিষয়ৰ ওপৰত প্ৰতিষ্ঠিত। সেইদৰে, ভাষাবিজ্ঞানৰো আলোচনাৰ বিষয় সুনির্দিষ্ট। মানুহে মনৰ ভাৱ-অনুভূতি প্রকাশ কৰিবৰ বাবে বাক্যন্ত্ৰৰ সহায়ত যিবোৰ ধ্বনি প্রতীক উচ্চাৰণ কৰে, সেইবোৰৰ অর্থবহ, সু-সংগঠনত ভাষাৰ সৃষ্টি হয়। ই জাতি বা প্রজাতি সাপেক্ষ। ভাষাবিজ্ঞানত মানুহৰ দ্বাৰা সৃষ্টি পৰম সম্পদ এই ভাষাৰেই আলোচনা কৰা হয়। কোনো এটা ভাষাৰ গঠন প্ৰক্ৰিয়াৰ সূক্ষ্ম চিন্তা-চৰ্চাৰ মাজেদি ভাষাবিজ্ঞানৰ আলোচনা প্ৰক্ৰিয়াৰ এনে এটা সংজ্ঞা ৰচনা কৰে, যি সকলো ভাষা গঠন প্ৰক্ৰিয়াৰ বিচাৰ-বিশ্লেষণত সহায় কৰে।

ভাষা-জিজ্ঞাসাৰ লগত সততে জড়িত আন এটা শব্দ হৈছে ভাষাতত্ত্ব (Philology) ভাষাতত্ত্বয়ো ভাষা বিষয়ক বিচাৰ-বিশ্লেষণকে সামৰি লয় । পোনাত ভাষাবিজ্ঞান (Linguistics) আৰু ভাষাতত্ত্ব (Philology) – এই শব্দ দুটাক একার্থবাচক শব্দৰূপ গ্ৰহণ কৰা হৈছিল যদিও পিছত ভাষা বিষয়ক আলোচনাৰ দুটা ধাৰাক সূচিত কৰিবলৈ শব্দ দুটাৰ প্ৰয়োগ হ’বলৈ ধৰিলে।

সাম্প্ৰতিক কালত ভাষাবিজ্ঞানৰ চিন্তা-চৰ্চা আশাতীত ৰূপে বৃদ্ধি পাইছে। ফলস্বৰূপে, তাত্ত্বিক দিশত ভাষাবিজ্ঞান আৰু ভাষাতত্ত্বৰ মাজত পাৰ্থক্য থাকিলেও বাস্তৱক্ষেত্ৰত উভয়ৰ মাজত মিশ্রণ ঘটিছে। সাম্প্ৰতিক কালৰ ভাষাবিজ্ঞানীয়েও ভাষা তাত্ত্বিকৰ দৃষ্টিভংগীৰ ভাষা বিশ্লেষণত অগ্ৰসৰ হৈ ভাষা বিশেষৰ গঠনৰীতিৰ ব্যাখ্যা কৰে আৰু ভাষাতত্ত্বিকেও ভাষা বিশেষৰ আলোচনাত প্ৰবৃত্ত হৈ ভাষাৰ সাধাৰণ সূত্ৰ আৱিষ্কাৰ কৰে।

কোনো এটা ভাষাৰ গঠন প্ৰক্ৰিয়াৰ বিশ্লেষণাত্মক আলোচনাৰ আন এটা শিৰোনাম হ’ল ব্যাকৰণ। ভাষা বিচাৰ-বিশ্লেষণৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা ভাষাতত্ত্ব (Philology), ভাষাবিজ্ঞান (Linguistics) আদি শব্দ অর্বাচীন । প্রাচীন কালত ভাৰতবৰ্ষত ভাষাৰ বিচাৰ-বিশ্লেষণ বুজাবলৈ ব্যাকৰণ শব্দৰ প্ৰয়োগ কৰা হৈছিল। ইয়াক শব্দবিদ্যাও বোলা হৈছিল। মধ্যযুগত ব্যাকৰণ শব্দই ভাষাৰ বিশ্লেষণক নুবুজাই ভাষা বিশেষৰ গঠন আৰু প্ৰয়োগৰ ক্ষেত্ৰত আৰোপিত কেতবোৰ নিৰ্দেশ তথা বিধি-নিষেধক বুজাবলৈ ল’লে৷ ভাষা এটাৰ শুদ্ধা শুদ্ধ বিচাৰ কৰি শুদ্ধ  ৰূপটো প্ৰতিষ্ঠিত কৰাই হ’ল মধ্যযুগীয়া ব্যাকৰণৰ মূল উদ্দেশ্য। সেয়ে মধ্যযুগীয়া ব্যাকৰণ হ’ল নিৰ্দেশনমুলক। বৰ্তমান কালত ভাষাৰ গঠনৰ বিচাৰ-বিশ্লেষণেই হৈছে ব্যাকৰণৰ উদ্দেশ্য।

অতি চমু উত্তৰ দিয়া

(১) ভাষা বুলিলে কি বুজা ?

উত্তৰ : মানুহে জীৱন জীৱকা নিৰ্বাহৰ প্ৰয়োজনত পৰস্পৰৰ লগত মনৰ ভাৱ-অনুভূতিৰ বিনিময় কৰিবলৈ বাক্যন্ত্ৰৰ সহায়ত উচ্চাৰণ কৰা সুবিন্যস্ত, অর্থবহ ধ্বনি প্রতীকৰ সমষ্টিয়েই হ’ল ভাষা।

(2) ভাষাবিজ্ঞান কাক বোলে ?

উত্তৰ : ভাষাৰ বিজ্ঞানসন্মত বিচাৰ-বিশ্লেষণক ভাষাবিজ্ঞান বোলে।

(৩) ভাষাবিজ্ঞানৰ ইংৰাজী প্রতিশব্দ কি?

উত্তৰ : ভাষাবিজ্ঞানৰ ইংৰাজী প্রতিশব্দ হ’ল Linguistics বা Science of Language বোলা হয়।

(৪) ভাষাবিজ্ঞান গতিশীল হয়নে ?

উত্তৰ : ভাষাবিজ্ঞান গতিশীল হয় ।

(৫) ভাষাতত্ত্ব কাক বোলে ?

উত্তৰ : ভাষাবিজ্ঞানৰ সূত্ৰ খটুৱাই কোনো এটা ভাষাৰ গঠন ৰীতিৰ বিচাৰ-বিশ্লেষণ কৰাকেই ভাষাতত্ত্ব (Philology) বোলে।

(৬)ভাৰতত্ত্বৰ ইংৰাজী প্রতিশব্দ কি?

উত্তৰ : ভাষাতত্ত্বৰ ইংৰাজী প্রতিশব্দ হ’ল Philology |

(7) ‘ব্যাকৰণ কি ?

উত্তৰ : কোনো এটা ভাষাৰ গঠন প্ৰক্ৰিয়াৰ বিশ্লেষণাত্মক আলোচনাৰ আন এটি শিৰোনাম হৈছে ব্যাকৰণ ৷

(৮)ব্যাকৰণৰ আন এক অসমীয়া প্রতিশব্দ কি?

উত্তৰ : ব্যাকৰণৰ আন এক অসমীয়া প্রতিশব্দ হ’ল ‘শব্দবিদ্যা।’

(9)  ব্যাকৰণৰ ইংৰাজী প্রতিশব্দ কি ?

উত্তৰ : ব্যাকৰণৰ ইংৰাজী প্রতিশব্দ হ’ল Grammar |

(10) Grammar শব্দটোৰ অৰ্থ কি ?

উত্তৰ : Grammar শব্দটোৰ অৰ্থ হৈছে ‘art of writing and speaking a language correctly.”

(১১) ব্যাকৰণ শব্দটোৰ অৰ্থ কি ?

উত্তৰ : ব্যাকৰণ শব্দটোৰ অৰ্থ হৈছে বিশিষ্ট বা ব্যাকৃত কৰা (বি + আ + কৃ + অনট্)। “বক্রিয়ন্তে বুৎপদ্যন্তে শব্দ অনেন ব্যাকৰণম্।”

(১২) ব্যাকৰণ শব্দটো পোন প্ৰথমে ক’ত প্ৰয়োগ কৰা হৈছিল ?

উত্তৰ : ব্যাকৰণ শব্দটো পোন প্ৰথমে যজুৰ্বেদত এই শব্দটো প্ৰয়োগ কৰা হৈছে।

(১৩) মধ্যযুগীয়া ব্যাকৰণ নিৰ্দেশমূলক নে বর্ণনামূলক ?

উত্তৰ : মধ্যযুগীয়া ব্যাকৰণ নিৰ্দেশমূলক।

(১৪) বর্তমান কালত ব্যাকৰণৰ উদ্দেশ্য কি?

উত্তৰ : বর্তমান কালত ব্যাকৰণৰ উদ্দেশ্য হ’ল ভাষাৰ গঠনৰ বিচাৰ-

বিশ্লেষণ।

(১৫) নোয়ম্ চস্কিৰ ভাষাতত্ত্বৰ গ্ৰন্থখনৰ নাম কি ?

উত্তৰ : নোয়ম্ চম্‌ স্কিৰ ভাষাতত্ত্বৰ গ্ৰন্থখনৰ নাম হ’ল – “Transformational Generative Grammar.”

(১৬) হেমচন্দ্ৰ বৰুৱাই আগবঢ়োৱা ব্যাকৰণৰ সূত্ৰটো কি ?

উত্তৰ : হেমচন্দ্ৰ বৰুৱাই আগবঢ়োৱা ব্যাকৰণৰ সূত্ৰটো হ’ল যি পুথি পঢ়িলে অসমীয়া ভাষা শুদ্ধকৈ ক’ব আৰু লিখিব পৰা যায় আৰু ভাষা সম্বন্ধে বুৎপত্তি জন্মে, তাৰ নাম অসমীয়া ব্যাকৰণ (Assamese Grammar)

(১৭) ড° সুনীতি কুমাৰ চট্টোপধ্যায় আগবঢ়োৱা ব্যাকৰণৰ সূত্ৰটো কি ? উত্তৰ : ড° সুনীতি কুমাৰ চট্টোপধ্যায়ে আগবঢ়োৱা ব্যাকৰণৰ সূত্ৰটো হ’ল-

যি বিদ্যাৰ দ্বাৰা কোনেও ভাষাকে বিশ্লেষ কৰিয়া তাহাৰ স্বৰূপটী আলোচিত হয়, এবং সেই ভাষাৰ পঠনে ও লিখনে এবং তাহাতে কথোপকথনে শুদ্ধ ৰূপে তাহাৰ প্ৰয়োগ কৰা যায়, সেই বিদ্যাকে সেই ভাষাৰ ব্যাকৰণ (Grammar) বলে।

 

চমু উত্তৰ দিয়া —

(১) ভাষাবিজ্ঞান কাক বোলে ? বুজাই লিখা ।

উত্তৰ : ভাষাৰ বিজ্ঞানসন্মত বিচাৰ-বিশ্লেষণক ভাষাবিজ্ঞান বোলে। ইংৰাজীত ইয়াক Linguistics বা Science of Language বোলা হয়। বিজ্ঞানসন্মত বিচাৰ-বিশ্লেষণ বুলিলে তথ্যনিৰ্ভৰ, শৃংখলাবদ্ধ, সূক্ষ্ম আলোচনাক বুজোৱা হয়। ইয়াত কল্পনা আৰু আৱেগৰ স্থান লেখমানো নাথাকে। বিজ্ঞানৰ আলোচনাৰ বিষয় যিদৰে সুনির্দিষ্ট তেনেদৰে ভাষাবিজ্ঞানৰো আলোচনাৰ বিষয় সুনির্দিষ্ট। কোনো এটা ভাষাৰ গঠন প্ৰক্ৰিয়াৰ সূক্ষ্ম চিন্তা-চৰ্চাৰ যোগেদি ভাষাবিজ্ঞানৰ আলোচনা আৰম্ভ হয় আৰু তাৰ পৰাই ভাষাবিজ্ঞানীয়ে ভাষা গঠন প্ৰক্ৰিয়াৰ এনে এটা সংজ্ঞা ৰচনা কৰে, যি সকলো ভাষা গঠন প্ৰক্ৰিয়াৰ বিচাৰ-বিশ্লেষণত সহায় কৰে।

(২) ভাষাবিজ্ঞানক কিয় সাধাৰণ ভাষাবিজ্ঞানো বোলা হয়?

উত্তৰ : ভাষাৰ বিজ্ঞানসন্মত বিচাৰ-বিশ্লেষণকেই ভাষাবিজ্ঞান বোলে। কোনো এটা ভাষাৰ গঠন প্ৰক্ৰিয়াৰ সূক্ষ্ম চিন্তা-চৰ্চাৰ যোগেদি ভাষাবিজ্ঞানৰ আলোচনা আৰম্ভ হয় আৰু তাৰ পৰাই ভাষাবিজ্ঞানীয়ে ভাষা গঠন প্রক্ৰিয়াৰ এনে এটা সংজ্ঞা ৰচনা কৰে, যি সকলো ভাষা গঠন প্ৰক্ৰিয়াৰ বিচাৰ-বিশ্লেষণত সহায় কৰে। সেয়ে অন্যান্য বিজ্ঞানৰ দৰে ভাষাবিজ্ঞানৰো আলোচনাই বিশেষ পৰা সাধাৰণলৈ বিস্তৃতি লাভ কৰে ৷ ভাষাবিজ্ঞানে সকলো ভাষাকে সামৰি লোৱা হেতুকে ইয়াক সাধাৰণ ভাষাবিজ্ঞানো (General linguistics) বোলা হয় ।

(৩) ভাষাবিজ্ঞান আৰু ভাষাতত্ত্বৰ মাজত দুটা পার্থক্য উল্লেখ কৰা ।

উত্তৰ : ভাষাবিজ্ঞান আৰু ভাষাতত্ত্বৰ মাজত দুটা পার্থক্য হল—

(ক) ভাষাবিজ্ঞানৰ আলোচনা বিশেষৰ পৰা সাধাৰণলৈ গতি কৰে। ইয়াৰ বিপৰীতে, ভাষাতত্ত্বৰ আলোচনা কোনো এটা নিৰ্দিষ্ট ভাষাৰ মাজতেই সীমিত হৈ থাকে। ইয়াৰ গতি বিশেষৰ বিশেষলৈ যেনে— অসমীয়া ভাষাতত্ত্ব, ইংৰাজী ভাষাতত্ত্ব, বঙলা ভাষাতত্ত্ব ইত্যাদি ।

(খ) ভাষাবিজ্ঞানীয়ে জীৱন্ত ভাষাৰ বিচাৰ-বিশ্লেষণত নিজৰ দৃষ্টি কেন্দ্ৰীভুত কৰি ৰাখে ৷ আনহাতে, ভাষাতাত্ত্বিকে প্রাচীন সাহিত্যৰ ভাষাৰ গঠন ৰীতিৰ বিচাৰ-বিশ্লেষণ কৰি তাৰ যোগেদি সংশ্লিষ্ট জাতিৰ সাংস্কৃতিক, ধর্মীয় আৰু সামাজিক ইতিহাস অধ্যয়ন কৰে।

(৪) প্রাচীন কালত ভাষাৰ বিচাৰ-বিশ্লেষণক বুজাবলৈ কি শব্দৰ প্ৰয়োগ কৰা হৈছিল ? মধ্যযুগীয় ব্যাকৰণৰ মূল উদ্দেশ্য কি ?

উত্তৰ : প্ৰাচীন কালত ভাষাৰ বিচাৰ-বিশ্লেষণক বুজাবলৈ ব্যাকৰণ শব্দটোৰ প্ৰয়োগ কৰা হৈছিল।

মধ্যযুগত ব্যাকৰণ বা Grammar শব্দই ভাষাৰ-বিশ্লেষণক নুবুজাই ভাষা বিশ্লেষৰ গঠন আৰু প্ৰয়োগৰ ক্ষেত্ৰত আৰোপিত কেতবোৰ নির্দেশ তথা বিধি- নিষেধক বুজাবলৈ ল’লে । ভাষা এটা শুদ্ধা শুদ্ধ বিচাৰ কৰি শুদ্ধ ৰূপটো প্ৰতিষ্ঠত কৰাই হ’ল মধ্যযুগীয়া ব্যাকৰণৰ মূল উদ্দেশ্য। সেয়ে, মধ্যযুগীয়া ব্যাকৰণ হ’ল নিদের্শমূলক।

(৫) প্রাচীন কালৰ পৰা বৰ্তমানলৈকে ভাষাৰ চিন্তা-চৰ্চা আৰু আলোচনাৰ

ক্ষেত্ৰত কেইটা ধাৰা গঢ়ি উঠিছে? ধাৰা কেইটা কি কি ?

উত্তৰ : প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে ভাষাৰ চিন্তা-চৰ্চা আৰু আলোচনাৰ ক্ষেত্ৰত তিনিটা ধাৰা গঢ়ি উঠিছে। সেই ধাৰা তিনিটা হৈছে—

 (1) নির্দেশমূলক ব্যাকৰণ (Normative Grammar)

 (2)ভাষাতত্ত্ব (Philology) আৰু

 (3)ভাষাবিজ্ঞান বা সাধাৰণ ভাষাবিজ্ঞান (Linguistics or General Linguistics)

দীঘল প্রশ্ন :

(১) ভাষাবিজ্ঞানৰ লগত ভাষাতত্ত্বৰ সম্পৰ্ক কি ? আলোচনা কৰা।

উত্তৰ : মানুহে মনৰ ভাব-অনুভূতি প্রকাশ কৰিবৰ বাবে বাক্যন্ত্ৰৰ সহায়ত যিবোৰ ধ্বনি প্রতীক উচ্চাৰণ কৰে সেইবোৰৰ অর্থবহ সু-সংগঠনত ভাষাৰ সৃষ্টি হয়। ই জাতি বা গোষ্ঠী সাপেক্ষে। ভাষাবিজ্ঞানত মানুহৰ দ্বাৰা সৃষ্টি পৰম সম্পদ এই ভাষাৰেই আলোচনা কৰা হয়। ভাষাৰ বিজ্ঞানসন্মত বিচাৰ-বিশ্লেষণকে ভাষাবিজ্ঞান বোলে৷ ইংৰাজীত ইয়াক Linguistics বা Science of Language বোলা হয়। বিজ্ঞানসন্মত বিচাৰ-বিশ্লেষণ বুলিলে তথ্যনিৰ্ভৰ, শৃংখলাৱদ্ধ, সূক্ষ্ম আলোচনাকে বুজোৱা হয়। ইয়াত কল্পনা আৰু আবেগৰ স্থান লেখমানো নাথাকে। বিজ্ঞানৰ আলোচনাৰ বিষয় সুনির্দিষ্ট। সুনির্দিষ্ট বিষয় বিত্তিক হোৱা বাবে বিজ্ঞানৰ শাখাও ভিন ভিন। পদার্থ বিজ্ঞান, ৰসায়ন, প্রাণীবিজ্ঞান, ভূ-বিজ্ঞান, নৃতত্ত্ব প্রভৃতি বিজ্ঞানৰ বিভিন্ন শাখাৰ আলোচনা একোটাহঁত বিষয়ৰ ওপৰত প্ৰতিষ্ঠিত। সেইদৰে ভাষাবিজ্ঞানৰো আলোচনাৰ বিষয় সুনির্দিষ্ট। কোনো এটা ভাষাৰ গঠন প্ৰক্ৰিয়াৰ সুক্ষ্ম চিন্তা-চৰ্চাৰ যোগেদি ভাষাবিজ্ঞানৰ আলোচনা আৰম্ভ হয় আৰু তাৰ পৰাই ভাষাবিজ্ঞানীয়ে ভাষা গঠন প্ৰক্ৰিয়াৰ এনে এটা সংজ্ঞা ৰচনা কৰে, যি সকলো ভাষা গঠন প্ৰক্ৰিয়াৰ গঠন প্ৰক্ৰিয়াৰ বিচাৰ-বিশ্লেষণত সহায়তা কৰে। সেয়ে অন্যান্য বিজ্ঞানৰ দৰে ভাষাবিজ্ঞানৰো আলোচনাই বিশেষৰ পৰা সাধাৰণলৈ বিস্তৃতি লাভ কৰে। ভাষাবিজ্ঞানে সকলো ভাষাকে সামৰি লোৱা হেতুকে ইয়াক সাধাৰণ ভাষাবিজ্ঞানো General linguistics বোলা হয়।

অন্যান্য বিজ্ঞানৰ দৰে ভাষাবিজ্ঞানো গতিশীল। নতুন নতুন তথ্যৰ আৱিষ্কাৰে যেনেদৰে অন্যান্য বিজ্ঞানৰ সূত্ৰৰ পৰিৱৰ্তন, পৰিবৰ্দ্ধন ঘটাই; সেই একে ধৰণেৰে পৰিৱৰ্তন আৰু পৰিৱৰ্দ্ধনে ভাষাবিজ্ঞানকো অন্যান্য বিজ্ঞানৰ দৰে দান কৰিছে গতি আৰু প্ৰগতি।

ভাষা জিজ্ঞাসাৰ লগত সততে জড়িত আন এটা শব্দ হৈছে ভাষাতত্ত্ব (Philology)। ভাষাতত্ত্বইয়ো ভাষা বিষয়ৰ বিচাৰ-বিশ্লেষণকে সামৰি লয়। পোনতে ভাষাবিজ্ঞান (Linguistics) আৰু ভাষাতত্ত্ব (Philology) এই শব্দ দুটাক একার্থবাচক শব্দৰূপে গ্ৰহণ কৰা হৈছিল, যদিও পিছত ভাষা বিষয়ক আলোচনাৰ দুটা ধাৰাক সূচিত কৰিবলৈ শব্দ দুটাৰ প্ৰয়োগ হ’বলৈ ধৰিলে।

ভাষাবিজ্ঞানৰ সূত্ৰ খটুৱাই কোনো এটা ভাষাৰ গঠন ৰীতিৰ বিচাৰ-বিশ্লেষণ কৰাকেই ভাষতত্ত্ব (Philology) বোলে। ভাষাতত্ত্বৰ আলোচনা কোনো এটা নিৰ্দিষ্ট ভাষাৰ মাজতেই সীমিত হৈ থাকে। ইয়াৰ গতি বিশেষৰ বিশেষলৈ। যেনে— অসমীয়া ভাষাতত্ত্ব, ইংৰাজী ভাষাতত্ত্ব, বঙলা ভাষাতত্ত্ব ইত্যাদি। ভাষাতত্ত্বকে প্রাচীন সাহিত্যৰ ভাষাৰ গঠন ৰীতিৰ বিচাৰ-বিশ্লেষণ কৰি তাৰ যোগেদি সংশ্লিষ্ট জাতিৰ সাংস্কৃতিক, ধৰ্মীয় আৰু সামাজিক ইতিহাস অধ্যয়ন কৰে। ইয়াৰ বিপৰীতে কিন্তু ভাষাবিজ্ঞানৰ আলোচনা বিশেষৰ পৰা সাধাৰণলৈ গতি কৰে আৰু ভাষাবিজ্ঞানীয়ে জীৱন্ত ভাষাৰ বিচাৰ-বিশ্লেষণত নিজৰ দৃষ্টি কেন্দ্ৰীভূত কৰি ৰাখে। সাম্প্ৰতিক কালত ভাষাবিজ্ঞানৰ চিন্তা-চৰ্চা আশাতীত ৰূপে বৃদ্ধি পাইছে। ফলস্বৰূপে তাত্ত্বিক দিশত ভাষাভিজ্ঞান আৰু ভাষাতত্ত্বৰ মাজত পাৰ্থক্য থাকিলেও বাস্তৱক্ষেত্ৰত উভয়ৰ মাজত মিশ্রণ ঘটিছে। সাম্প্রতিক কালৰ ভাষাবিজ্ঞানীয়েও ভাষা তাত্ত্বিকৰ দৃষ্টিভংগীৰে ভাষা বিশ্লেষণত অগ্ৰসৰ হৈ ভাষা বিশেষৰ গঠনৰীতিৰ ব্যাখ্যা কৰে আৰু ভাষাতাত্ত্বিকেও ভাষা বিশেষৰ আলোচনাত প্ৰবৃত্ত হৈ ভাষাৰ সাধাৰণ সূত্র আবিষ্কাৰ কৰে।

সাম্প্ৰতিক কালত ঐতিহাসিক ভাষাবিজ্ঞান, নৃতত্ত্বিক ভাষাবিজ্ঞান, সমাজ ভাষাবিজ্ঞান, অর্থবিজ্ঞান শৈলীবিজ্ঞান প্রভৃতি ভাষাবিজ্ঞানৰ নানা শাখা-প্রশাখা গঢ়ি উঠিছে। এইবোৰ শাখাৰ আলোচনাত ভাষাবিজ্ঞান আৰু ভাষাতত্ত্বৰ অপূর্ব মিশ্রণ ঘটিছে।

(২) ভাষাবিজ্ঞানৰ লগত ব্যাকৰণৰ সম্পৰ্ক আৰু পাৰ্থক্য আলোচনা কৰা ।

উত্তৰ : ভাষাৰ বিজ্ঞানসন্মত বিচাৰ-বিশ্লেষণক ভাষাবিজ্ঞান বোলে। ইংৰাজীত ইয়াক Linguistics বা Science of Language বোলা হয়। বিজ্ঞানসন্মত বিচাৰ-বিশ্লেষণ বুলিলে তথ্যনিৰ্ভৰ, শৃংখলাবদ্ধ, সূক্ষ্ম আলোচনাকে বুজোৱা যায়। ইয়াত কল্পনা আৰু আবেগৰ স্থান লেখমানো নাথাকে। বিজ্ঞানৰ আলোচনাৰ বিষয় সুনির্দিষ্ট। সুনির্দিষ্ট বিষয় ভিত্তিক হোৱা বাবে বিজ্ঞানৰ শাখাও ভিন ভিন । পদার্থবিজ্ঞান, ৰসায়ন, প্রাণীবিজ্ঞান, ভূ-বিজ্ঞান, নৃতত্ত্ব প্রভৃতি বিজ্ঞানৰ বিভিন্ন শাখাৰ আলোচনা একোটাহঁত বিষয়ৰ ওপৰত প্ৰতিষ্ঠিত। সেইদৰে ভাষাবিজ্ঞানৰো আলোচনাৰ বিষয় সুনির্দিষ্ট। কোনো এটা ভাষাৰ গঠন প্ৰক্ৰিয়াৰ সূক্ষ্ম চিন্তা-চৰ্চাৰ যোগেদি ভাষাবিজ্ঞানৰ আলোচনা আৰম্ভ হয় আৰু তাৰ পৰাই ভাষাবিজ্ঞানীয়ে ভাষা গঠন প্ৰক্ৰিয়াৰ এনে এটা সংজ্ঞা ৰচনা কৰে, যি সকলো ভাষা গঠন প্ৰক্ৰিয়াৰ বিচাৰ-বিশ্লেষণত সহায়তা কৰে। সেয়ে, অন্যান্য বিজ্ঞানৰ দৰে ভাষাবিজ্ঞানবো আলোচনাই বিশেষৰ পৰা সাধাৰণলৈ বিস্তৃতি লাভ কৰে। অন্যান্য বিজ্ঞানৰ দৰে ভাষাবিজ্ঞানো গতিশীল । নতুন নতুন তথ্যৰ আৱিষ্কাৰে যেনেদৰে অন্যান্য বিজ্ঞানৰ সূত্ৰৰ পৰিৱৰ্তন, পৰিবৰ্দ্ধন ঘটায়, সেই একে ধৰণেৰে পৰিৱৰ্তন আৰু পৰিৱৰ্দ্ধনে ভাষাবিজ্ঞানকো অন্যান্য বিজ্ঞানৰ দৰে দান কৰিছে গতি আৰু প্ৰগতি।

ভাষাবিজ্ঞানৰ সততে জড়িত আন এটা শব্দ হৈছে ভাষাতত্ত্ব (Philology)। ভাষাতত্ত্বয়ো ভাষা বিষয়ক বিচাৰ-বিশ্লেষণকে সামৰি লয়। ভাষাবিজ্ঞানৰ সূত্ৰ খটুৱাই কোনো এটা ভাষাৰ গঠন ৰীতিৰ বিচাৰ-বিশ্লেষণ কৰাকেই ভাষাতত্ত্ব (Philology) বোলে।

কোনো এটা ভাষাৰ গঠন প্ৰক্ৰিয়াৰ বিশ্লেষণাত্মক আলোচনাৰ আন এটা শিৰোনাম হ’ল ব্যাকৰণ। ভাষা বিচাৰ-বিশ্লেষণৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা ভাষাতত্ত্ব Philology ভাষাবিজ্ঞান (Linguistics) আদি শব্দ অর্বাচীন। প্রাচীন কালত ভাৰতবৰ্ষত ভাষাৰ বিচাৰ-বিশ্লেষণ বুজাবলৈ ব্যাকৰণ শব্দৰ প্ৰয়োগ কৰা হৈছিল। ইয়াক শব্দবিদ্যা ও বোলা হৈছিল। ইংৰাজীত ইয়াক Grammar বোলা হয়।

 ব্যাকৰণ শব্দটোৰ অৰ্থ হৈছে বিশিষ্ট বা ব্যাকৃত কৰা |”বক্রিয়ন্তে বুৎপাদ্যন্তে শব্দ অনেন ব্যাকৰণম।’ যজুবেদত পোন প্ৰথমতে। এই শব্দটো প্ৰয়োগ হৈছিল। উক্ত বেদত উল্লেখ কৰা হৈছে যে, ইন্দ্ৰই প্ৰথমতে ভাষাৰ উপাদানসমূহক বিশ্লেষণ কৰি সেইবোৰৰ ব্যাখ্যা দাঙি ধৰিছিল। তেতিয়াৰ পৰা ভাষাৰ বিশ্লেষণ বুজাবলৈ ব্যাকৰণ শব্দৰ প্ৰয়োগ হৈ আহিছে।

মধ্যযুগত ব্যাকৰণ বা Grammar শব্দই ভাষাৰ বিশ্লেষণক নুবুজাই ভাষা বিশেষৰ গঠন আৰু প্ৰয়োগৰ ক্ষেত্ৰত আৰোপিত কেতবোৰ নৰ্দেশ তথা বিধি- নিষেধক বুজাবলৈ ল’লে। ভাষা এটাৰ শুদ্ধাশুদ্ধ বিচাৰ কৰি শুদ্ধ ৰূপটো প্ৰতিষ্ঠিত কৰাই হ’ল মধ্যযুগীয় ব্যাকৰণৰ মূল উদ্দেশ্য। সেয়ে মধ্যযুগীয় ব্যাকৰণ হ’ল নির্দেশমূলক। কোৱা নিষ্প্রয়োজন যে, প্রাচীন ভাৰতবৰ্ষত ভাষাৰ বিশ্লেষণ আৰু ব্যাখ্যাৰ যোগেদি ব্যাকৰণ ৰচনাৰ ধাৰা আৰম্ভ হৈছিল যদিও পিছলৈ তাৰ মাজত নির্দেশমূলক (Normative) ধাৰণাটিও স্পষ্ট হৈ উঠিছিল। সংস্কৃত ব্যাকৰণ ৰচনা কৰাৰ মূলতে আছিল দেৱভাষা হিচাপে সমাদৃত সংস্কৃত ভাষাক অবিকৃতভাৱে ৰখাৰ প্ৰচেষ্টা। সেয়েহে মহামুণি পাণিনিয়ে তেওঁৰ ব্যাকৰণত সেইকালৰ আদৰ্শ সংস্কৃত ভাষাটোৰ বিচাৰ-বিশ্লেষণত বৈজ্ঞানিক দৃষ্টিভংগী গ্রহণ কৰিলেও তাৰ মাজেদি বিৰিঙি উঠিছিল ভাষাটোৰ শুদ্ধাশুদ্ধৰ নীতি-নিৰ্দেশনাত্মক আদর্শ। গ্রীক, লেটিন আদি ভাষাৰ Grammar ৰচনাৰ ক্ষেত্ৰতো পোনতে বিশ্লেষণাত্মক দৃষ্টিভংগীৰ পৰিচয় পোৱা গ’লেও পিছলৈ সেইবোৰৰ মাজতো নির্দেশমূলক মনোভাৱটিয়ে প্রাধান্য বিস্তাৰ কৰে।

ঊনবিংশ শতিকাত ভাষাৰ তুলনামূলক অধ্যয়ন আৰম্ভ হয়। এনে অধ্যয়ন ভাষাৰ বাস্তৱ ৰূপৰ ওপৰত কেন্দ্ৰীভূত হ’ল আৰু মধ্যযুগত বিস্তাৰ লাভ কৰা নিৰ্দেশমূলক ব্যাকৰণৰ ধাৰাটোক নিষ্প্রভ কৰি এই শতিকাত বিশ্লেষণাত্মক ব্যাকৰণ ৰচনাৰ প্ৰতি বৈয়াকৰণিক সকলে মনোনিৱেশ কৰিলে। বৰ্তমান কালত ভাষাৰ গঠনৰ বিচাৰ-বিশ্লেষণেই হৈছে ব্যাকৰণৰ উদ্দেশ্য।

 

Leave a Reply