Assamese অসমীয়া। Solution Class 10 । উদ্যোগী হওঁ আহাঁৰ ।প্ৰশ্নোত্তৰ ২০২৪-২০২৫

Assamese অসমীয়া Solution Class 10 উদ্যোগী হওঁ আহাঁৰ প্ৰশ্নোত্তৰ ২০২৪-২০২৫

পাঠভিত্তিক প্রশ্নোত্তৰ

১। (ক) দশম শ্ৰেণীৰ কোঠাত সোমোৱা শ্ৰেণী-শিক্ষকগৰাকীৰ নাম কি ?

উত্তৰ : প্ৰকাশ গোস্বামী।

(খ) শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল ?

 উত্তৰ: শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল – এজ ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে ।

(গ) এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি ?

উত্তৰ : এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হ’ল এলাহ।

(ঘ) এজন সফল উদ্যোগী হ’বলৈ কি কি গুণৰ প্ৰয়োজন ?

উত্তৰ : এজন সফল উদ্যোগী হ’বৰ বাবে লাগিব ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি

(ঙ) ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি ?

উত্তৰ:ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ’ল — Eat cricket, sleep cricket, dream cricket, drink cricket.

(চ) নাৰায়ণ মূৰ্ত্তী কোন ?

উত্তৰ : নাৰায়ণ মূৰ্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। তেওঁ ইনফুচিচ (Infosys) কোম্পনীৰ প্ৰতিষ্ঠাপক ।

(ছ) বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল ?

উত্তৰঃ বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল – “উদ্যোগীসকল হ’ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয় । ”

(জ) প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব ?

উত্তৰ : প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব ।

(ঝ) টমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল ?

উত্তৰ : টমাচ আলভা এডিছনে ইলেক্ট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কৈছিল – “মই বিফল হোৱা নাই। মাত্র বুজিলো যে ১০০০০ ধৰণে ই কাম নকৰে।”

২) চমুকৈ বুজাই লিখা :

 (ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান ।’—শিক্ষকগৰাকীয়ে কিয় এইদৰে ক’লে বুজাই লিখা ৷

উত্তৰ : শিক্ষকজনে কোৱা কথাষাৰ অসমীয়াৰ এষাৰ প্ৰবাদবাক্য যে,“উদ্যোগী পুৰুষ • সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।” শিক্ষকজনে এই কথাষাৰ কোৱাৰ কাৰণ হ’ল শ্ৰেণীকোঠাত শিক্ষকজনে যিটো নতুন বিষয় আলোচনা কৰিব লৈছিল সেই বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। এই বিষয়টো আলোচনাৰ প্ৰসঙ্গত শিক্ষকজনে এই প্রবাদ বাক্যশাৰী ছাত্ৰ-ছাত্ৰীসকলক কৈ শুনাইছিল ।

(খ) সফল উদ্যোগী হ’বলৈ কিয় কঠিন?

উত্তৰঃ সকলোতকৈ সহজ কাম হ’ল এজন উদ্যোগী বা এণ্ট্ৰাপিনিওৰ হোৱা । তাৰবাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে । ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ’ল এজন সফল উদ্যোগী হোৱা। কঠিন হোৱাৰ কাৰণ এয়ে যে এজন সফল উদ্যোগী হবলৈ ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ ব্যক্তি হ’ব লাগিব। এইবোৰ গুণ সকলোৰে নাথাকে। শিক্ষকজনৰ মতে সেয়ে এজন সফল উদ্যোগী হোৱা কামটো অতি কঠিন ৷

(গ) এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা ।

উত্তৰ : কোনোৱে একেদিনাই চাইকেল চলাব নোৱাৰে। এদিন এদিনকৈ শিকোতে শিকোতেহে এদিন চাইকেল চলাব পৰা হয়। এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই তিনিবাৰত বিফল হ’লে এৰি দিয়ে । কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্যোগী হয়গৈ। সেই কাৰণেই শিক্ষক গৰাকীয়ে এজন উদ্যোগী হ’বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বুলি কৈছে ।

(ঘ) উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা ।

উত্তৰ : বিজিতৰ মতে উদ্যোগী সেইজনক কোৱা হয়, যিজনে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কর্মসংস্থান দিবলৈ সক্ষম হয়। আনহাতে শিক্ষকজনৰ মতে, নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একো একোজন উদ্যোগী বা entrepreneur। সেই হিচাপত জুবিন, পাপনৰ দৰে এজন শিল্পী, এখন ৰেষ্টোৰাঁ বা ধাবাৰ মালিক, এখন গেলামাল দোকানৰ মালিক নতুবা এখন বিউটি পার্লাৰ চলোৱা ব্যক্তি সকলোৱেই একো একোজন উদ্যোগী।

৩ : ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা

উত্তৰ : ইন্‌ফচিচ কোম্পনীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুর্তী। অভিযান্ত্রিক শিক্ষা সমাপ্ত কৰি নাৰায়ণ মুতীয়ে কিছুদিন চাকৰি কৰাৰ পিছত চাকৰি ত্যাগ কৰি softronics নামৰ এক কোম্পানী প্রতিষ্ঠা কৰে। কিন্তু প্রতিষ্ঠা কৰাৰ ডেৰ বছৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পিছত তেওঁ পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধৰ লগ লাগি Infosys নামৰ কোম্পনীটো আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মুতীক তেওঁৰ পত্নীয়ে দহ হাজাৰ টকা নিজৰ পাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। সেই দহ হাজাৰ টকা মূলধনেৰে আৰম্ভ কৰা ইন্‌ফচিচ প্রথম অৱস্থাত বহুতো বাধা, ঘাত-প্রতিঘাতৰ সম্মুখীন হ’ব লগা হৈছিল। নবৈৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অর্থনীতিক মুকলি কৰি দিয়াত ইন্‌ফটিচৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আনি দিয়ে। ধৈর্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষাত থাকি সময়ৰ শৰ সময়ত নৰা বাবে আজি নাৰায়ণ মূৰ্তী বিশ্বৰ ভিতৰত এজন সফল উদ্যোগী হ’ব পাৰিছে।

৪ : “ছাৰ, এজন উদ্যোগী হ’ব বাবে শিক্ষাগত অৰ্থতা কেনেধৰণৰ হ’ব লাগিব ?” – এইদৰে কোনে সুধিছিল ? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা ।

উত্তৰ : এইদৰে প্ৰীতনে সুধিছিল। তাৰ উত্তৰত শিক্ষকে কৈছিল, তুমি কোনটো দিশত উদ্যোগী হ’বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক- পাচলিৰ দোকান খুলিবৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়তো কৃতকার্য হ’বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পার্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা skill থকাটো প্রয়োজন। কেবল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকার্য হ’ব নোৱাৰি। আকৌ বৰ্তমান সময় প্রযুক্তি, তথ্য-প্রযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ’ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ।

প্রশ্ন ৫ : “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।” কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।

উত্তৰ : শিক্ষকজনৰ মতে এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। উদ্যোগী হ’বলৈ কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। এজন সফল উদ্যোগী হ’বলৈ লাগিব ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে পিছে এই গুণবোৰ নাথাকে। আনহাতে এজন উদ্যোগী হ’ব খোজা ব্যক্তি এলেহুৱা হ’ব পাৰে। কিন্তু সফল উদ্যোগী হ’বলৈ প্ৰথম অৱস্থাত ব্যক্তিজনে এলাহ বৰ্জন কৰি জোতা চিলাইৰ পৰা চণ্ডীপাঠলৈকে সকলোবোৰ কাম কৰিবলৈ সাজু থাকিব লাগে।

প্রশ্ন ৬ : “ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীরুভাই আস্থানীৰ হাতত মূলধনো নাছিল।” — ধীরুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্চন্তা নকটিক কেনেকৈ এজন সফল উদ্যোগী হ’ব পাৰিছিল, বৰ্ণনা কৰা ।

উত্তৰ : বহুতৰে ধাৰণা যে উদ্যোগী হ’বৰ বাবে বহুতো মুলধনৰ প্ৰয়োজন। কিন্তু ভাৰতৰ সর্বতোকালৰ এজন সফল উদ্যোগী ধীরুভাই আম্বানীৰ হাতত মূলধনো নাছিল অথবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। তথাপি তেওঁ এজন সফল উদ্যোগী হ’ব পাৰিছিল। মেট্রিতে শিক্ষা সমাপ্ত কৰা ধীরুভায়ে প্রথমে পেট্রল ডিপোত তেল ভাবোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। কিন্তু উদ্যোগী হৈ নিজকে প্রতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰাৰ সিদ্ধান্ত লয়। ন কৰিলে চন, বাকৰি মাটিতে ধন’ – এই চিন্তাৰে আগবাঢ়ি মূলধন অবিহনেও ‘ তোমাৰ বাৰীৰে বাঁহগাজ আনি তাৰে কৰিছো খৰিচা, তোমাতে সলাই ধানদোন লৈছোঁ কথাটো মন কৰিছা কৌশলেৰে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা অর্জন কৰি তাৰ লাভাংশর ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। সময়ত ধীরুভাই আম্বানীয়ে সেই ব্যৱসায়ত দোপতদোপে আগবাঢ়ি তেওঁ বিলায়েঞ্চ কাটিয়েল কর্পোৰেচন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়েই বিখ্যাত বিলায়েঞ্চ ইণ্ডাস্ট্রীজ হয়গৈ। সেয়ে মূলধন নথকাকৈও যে সফল উদ্যোগী হ’ব পাৰে তাবেই উদাহৰণ ধীরুভাই আম্বানী।

প্রশ্ন ৭ : ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিকভাবে প্রস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায় ?

উত্তৰ : উদ্যোগী হ’বলৈ বিচৰা লোকৰ বাবে ভাৰত চৰকাৰৰ Indian Institute of Entreprenurship নামৰ সংস্থা ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে যদিও ছাত্র-ছাত্রীসকলকো উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়ত উদ্যোগী কোষ (entreprenur cell) গঠন কৰা হৈছে আৰু এই কোষসমূহে নিয়মিতভাবে কর্মশালা, প্ৰশিক্ষণ, আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিব আশাত পঢ়াৰ পৰিবৰ্তে সমান্তৰালভাৱে এই কর্মশালা প্রশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিব পাৰে।

৮ : চমুটোকা লিখা :

টমাচ আলভা এডিছন, ৰাডাৰফৰ্ড, আলেকজেণ্ডাৰ গ্রাহামবেল, চেষ্টাৰ কাৰ্লচন, বিল গেটচ, উইলিয়াম শ্বেইক্সপীয়েৰ, জুবিন গাৰ্গ, অংৰাগ পাপন মহন্ত।

উত্তৰ : টমাচ আলভা এডিছন : বিখ্যাত মার্কিন বিজ্ঞানী আৰু আবিষ্কাৰক ১৮৪৭ চনৰ ১১ ফেব্ৰুৱাৰীত জন্ম আৰু মৃত্যু হয় ১৯৩১ চনৰ ১৮ অক্টোবৰত। টাচ আলভা এডিছনক বহুতে ‘আৱিষ্কাৰৰ মেচিন’ আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ জনক বুলি অভিহিত কৰে। প্ৰায় এহাজাৰতকৈও অধিক সৰু-বৰ আৱিষ্কাৰৰ পেটেণ্ট যন্ত্ৰৰ তেওঁ অধিকাৰী। ১৮৭৭ চনত তেওঁ এটা কথা ক’ব পৰা আকৰ্ষণীয় যন্ত্ৰৰ আৱিষ্কাৰ কৰে। সেইটোৱেই আছিল আধুনিক গ্রামোফোন আৰু টেপ ৰেকৰ্ডাৰৰ আদি ৰূপ। এডিছনে ইয়াৰ নাম দিছিল গ্রামোফোন।

ৰাডাৰফৰ্ড : আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি । আলেকজেণ্ডাৰ গ্রাহামবেল : স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ; টেলিফোনৰ আৱিষ্কাৰক। ১৮৪৭ চনৰ ৩ মাৰ্চত স্কটলেণ্ডৰ এডিনবৰাত জন্ম। পিতৃ আলেকজেণ্ডাৰ মেলভিল বেল। এডিনবৰা বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ইউনিভাৰচিটি কলেজত শিক্ষা লাভ কৰি দেউতাকৰ এক মুকবধিৰ শিক্ষানুষ্ঠানত সহকাৰীৰূপে কৰ্মজীৱন আৰম্ভ। ১৮৭১ চনত গ্রাহাম বেল আমেৰিকালৈ যায় আৰু তাৰ বষ্টন বিশ্ববিদ্যালয়ৰ কণ্ঠ শৰীৰবিদ্যা (vocal physiology) বিভাগৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰে (১৮৭৩)। সমসাময়িকভাৱে মুকবধিৰসকলৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰয়াস কৰিবলৈ লয়। বধিৰসকলৰ শিক্ষাৰ উন্নয়নত তেওঁ উদ্ভাৱন কৰা পদ্ধতিৰ বিশেষ অৱদান আছে। সেই সময়তে তেওঁৰ মনলৈ বৈদ্যুতিক তৰংগৰ সহায়ত শব্দ প্ৰেৰণৰ ধাৰণাটো আহে আৰু দীৰ্ঘ গৱেষণাৰ অন্তত ১৮৭৫ চনৰ ৫ জুনত বেলে আৱিষ্কাৰ কৰে তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কীর্তি টেলিফোন। ১৯২২ চনৰ ২ আগষ্টত গ্রাহাম বেলৰ মৃত্যু হয়। তেওঁ মৃত্যুৰ দিনা আমেৰিকা চৰকাৰে দেশখনৰ সকলো টেলিফোন এক মিনিটৰ বাবে বন্ধ ৰাখি টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰৰ প্ৰতি সন্মান জনাইছিল।

চেষ্টাৰ কাৰ্লচন : এজন প্রখ্যাত বিজ্ঞানী আৰু আৱিষ্কাৰক ৷ বিল গেট্‌চ : কম্পিউটাৰ-ছফটৱেৰ ইঞ্জিনিয়াৰ আৰুব্যৱসায়ী; বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত বিল গেটছৰ প্ৰকৃত নাম উইলিয়াম হেনৰি গেটছ (William Henry Gates)। ১৯৫৫ চনৰ ২৮ অক্টোবৰত ৱাশ্বিংটনত ছিয়াটলত (Seattle) বিল গেটছৰ জন্ম হয়। পিতৃ উইলিয়াম এইচ গেটছ (জ্যেষ্ঠ), মাতৃ মেৰী মেক্সৱেল গেটছ। ১৯৬৭ চনত তেওঁ লেকচাইড স্কুলত ভৰ্তি হয়। সৰুৰে পৰা তেওঁ কম্পিউটাৰৰ প্ৰতি বেছ আগ্ৰহী আছিল আৰু ১৩ বছৰ বয়সতে স্কুলৰ বাবে এক ‘বেছিক লেংগুৱেজ’ প্ৰগ্ৰেম কৰি উলিয়াইছিল। ১৯৬৯ চনত গেটছে পল এলেন আৰু দুই সহপাঠীৰ সৈতে ‘লেকচাইড প্রগ্রেমার্ছ গ্রুপ’ প্রতিষ্ঠা কৰে । ১৯৭৩ চনত গেটছ শিক্ষালাভৰ বাবে হাভাৰ্ডলৈ যায়। ১৯৭৫ চনত পল আৰু গেটছে মডেল ইন্সট্রুমেন্টেছন এণ্ড টেলিমেট্রি ছিষ্টেমছ’ (চমুকৈ এম আই টি এছ) নামৰ প্রতিষ্ঠানটোৰ বাবে এক ‘বেছিক’ ছফটৱেৰ সম্পূৰ্ণ কৰি তোলে আৰু তেওঁলোকৰ নিজস্ব কোম্পানী ‘মাইক্রোছফট কৰ্পেৰেছন’ৰো জন্ম দিয়ে। ১৯৮০ চনত তেওঁ বিখ্যাত কম্পিউটাৰ কোম্পানী আইবি এমৰ লগত চুক্তিবদ্ধ হয় আৰু ১৯৮১ চনত এই কোম্পানীয়ে, মাইক্রোছফটে বিকাশ কৰা এম এছ উ’ছ (MS DOS : Microsoft Disk Operating System) বা মাইক্ৰোছফট ডিস্ক অপাৰেটিং ছিষ্টেম পদ্ধতি তেওঁলোকৰ পাৰ্ছনেল কম্পিউটাৰত ব্যৱহাৰ কৰিবলৈ লয় ৷

উইলিয়াম শ্বেইক্সপীয়েৰঃ ইংৰাজ নাট্যকাৰ আৰু কবি। ১৫৬৪ চনৰ ২৬ এপ্ৰিলত ইংলেণ্ডৰ ৱাৰউইকশায়াৰৰ (Warwickshire) ষ্ট্রেটফোর্ড-আপন-এভন (Stratford-upon- Avon) নামৰ ঠাইত জন্ম। পিতৃ জন শ্বেক্সপীয়েৰ (John Shakespeare, ১৫৩০- ১৬০১) আছিল এজন উলৰ ব্যৱসায়ী। মাক মেৰি আৰ্ডেন (Mary Arden) এক সম্ভ্রান্ত ঘৰৰ মহিলাআছিল যদিও লিখা-পঢ়া একেবাৰে নাজানিছিল ৷ ষ্ট্রেটফোর্ডৰ এখন বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰা শ্বেক্সপীয়েৰে উচ্চ শিক্ষা লাভ কৰিছিল নে নাই জনা নাযায়। অৱশ্যে লেটিন আৰু গ্ৰীক ভাষাৰ জ্ঞান লাভ কৰিছিল । ১৫৮০ চনৰ পৰা ১৫৮২ চনলৈ এটা ৰোমান কেথলিক পৰিয়ালত শিক্ষক হিচাপে কাম কৰিছিল বুলি জনা যায়। ১৫৮২ চনত এনি হেথৱে নামৰ তেওঁতকৈ আঠ বছৰে ডাঙৰ মহিলা এগৰাকীৰ লগত বিবাহ আৰু কালক্ৰমত এটি পুত্ৰ আৰু দুটি কন্যা সন্তানৰ পিতৃ । শ্বেক্সপীয়েৰৰ ১৫৮২ চনৰ পাছৰ সময়ছোৱা ভালদৰে জনা নাযায়। হয়তো সেই সময়ত লণ্ডনৰ কোনো এক বা একাধিক থিয়েটাৰ কোম্পানীত অভিনেতা আৰু নাট্যকাৰ হিচাপে তেওঁ কাম কৰিছিল । লণ্ডনত থকা কালতে শেক্সপীয়েৰে থিয়েটাৰৰ বাবে নাটক লিখিবলৈ লয়। ১৫৯২ চনত তেওঁ লণ্ডনৰ বিখ্যাত নাটক কোম্পানী ‘লর্ড চেম্বাৰলেইন্‌জ মেন’ত (Lord Chamberlain’s Men) যোগদান কৰে আৰু কৰ্মজীৱনৰ শেষলৈকে তাতে থাকে। ১৬০৩ চনত এই কোম্পানীয়ে নাম সলাই ‘কিংছ মেন’ নাম লয় আৰু প্ৰায়ে ইংলেণ্ডৰ ৰাজসভাত নাট প্রদর্শন কৰে। সেই সময়ৰ ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ পৃষ্ঠপোষকতাত এই সংস্থাই লণ্ডনত বিশেষ প্রসিদ্ধি লাভ কৰে। সকলো প্ৰসিদ্ধ নাট্যকাৰৰ দবে শ্বেক্সপীয়েবেও বংগমঞ্চ সমূহৰ (theatre) প্রতি লক্ষ্য ৰাখি নাট ৰচনা কৰিছিল। ৰচনাৰ সময় হিচাপে তেওঁৰ নাটসমূহক সাধাৰণভাৱে চাৰিটা যুগত ভাগ কৰা হয় ৷

জুবিন গাৰ্গ : কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক, সুৰকাৰ, গীতিকাৰ, শব্দযন্ত্রী, সংগীত পৰিচালক ৷ ১৯৭২ চনৰ ১৮ নৱেম্বৰত তেওঁৰ জন্ম হয়। জুবিনৰ প্ৰথম গীত বাণীবদ্ধ হয় ১৯৯০-৯১ চনমানত যোৰহাট অনাতাঁৰ কেন্দ্ৰত। জুবিনে এতিয়ালৈকে বিভিন্ন ভাষাৰ প্রায় ৩০,০০০ গীতত কণ্ঠদান কৰিছে। বিহুগীত, টোকাৰী গীত, বৰগীত, লোকগীত, বনগীত আৰু অন্যান্য লোক-সংগীতৰ কেছেট/চিড়িত কণ্ঠদান কৰাৰ উপৰি এশৰো অধিক অসমীয়া আৰু হিন্দী গীতৰ নেপথ্য শিল্পীৰূপে কণ্ঠদান কৰিছে। তেওঁ পৰিচালনা তথা নায়কৰূপে অভিনয় কৰা ছবি : ‘মিছন চাইনা’, ‘কাঞ্চনজংঘা’। অভিনয় কৰা ছবি ঃ “তুমি মোৰ মাথোঁ মোৰ’, ‘দীনবন্ধু’, ‘মন যায়’, ‘আণ্ডাৰৱৰ্ল্ড”, ‘ৰ’দৰ চিঠি’আদি। তেওঁৰ সংগীত পরিচালিত ছবি : ‘হিয়া দিয়া নিয়া’, ‘তুমি মোৰ মাথোঁ মোৰ’, ‘দাগ’, ‘মন যায়’, ‘নায়ক’ ‘কন্যাদান’, ‘ৰামধেনু’, ‘ৰ’দৰ চিঠি’, ‘দি ষ্ট্ৰিংছ-বাউণ্ডেড বাই ফেইথ’ (হিন্দী), ‘এটা দি বিভাৰ ফ্লউছ’আদি । অসমীয়া আৰু হিন্দীৰ উপৰি তামিল, তেলুগু, কানাড়া, পঞ্জাবী, উৰিয়া, বাংলা, মারাঠী, নেপালী আদি ভাষাৰ গীততো তেওঁ কণ্ঠদান কৰিছে। তেওঁৰ প্ৰকাশিত পুথি : ‘শব্দ অনুভূতি’, ‘জুৱিনৰ পদ্য’। ‘ইকোছ অব্ ছাইলেন্স’শীৰ্ষক তথ্য চিত্ৰখনৰ বাবে ২০০৮ চনৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ (অ-কাহিনী শাখাত) বঁটা লাভ। থলুৱা আৰু পশ্চিমীয়া সুৰ তথা সংগীতৰ সাৰ্থক সংমিশ্ৰণেৰে অসমৰ সংগীত জগতত সৃষ্টি কৰা এক নতুন ধাৰাৰ বাবে শ্ৰোতাৰ মাজত জুবিনৰ গীত অভুতপুর্বতারে জনপ্রিয়

অংৰাগ পাপন মহন্ত : কণ্ঠশিল্পী। ১৯৭৫ চনত তেওঁৰ জন্ম হয়। উত্তৰ-পূৰ্বাঞ্চলৰ লোক সংগীত আৰু বৈষ্ণৱ ভক্তিমূলক গীতসমুহক আধুনিক বাদ্যযন্ত্ৰৰ ব্যৱহাৰেৰে ফিটজন ৰূপত উপস্থাপন কৰি জনপ্ৰিয় কৰে। প্ৰকাশিত গীতৰ এলবামঃ ‘জোনাকী ৰাতি’, ‘চিনাকি অচিনাকি, ‘গোমচেং’, ‘ফানৰ গান’, ‘ফুফাচেং’, ‘খুনিৰ আকাশ’, ‘ৰংফুল’ আদি। ইম ইণ্ডিয়া কোনী নামৰ সংগীত গোষ্ঠীটোৰ মূল কণ্ঠশিল্পী। এম টি তিৰ সংগীত অনুষ্ঠান কোক মুডিঅ’ত একাধিকবাৰ গীত পৰিৱেশন, জনপ্রিয়তা অর্জন। একাধিক চলচ্চিত্ৰৰ নেপথ্য গায়ক হিচাপে কণ্ঠদান। উল্লেখযোগ্য ছবি ‘ৰামধেনু’, ‘ৰ’দৰ চিঠি’, ‘বৰফি’, ‘আই এম কালাম ‘ আদি। বঁটা-সন্মান : গ্লোবেল ইণ্ডিয়ান এয়ার্ড (২০১০), কিন্তু অসমীয়া মিউজিক এৱাৰ্ড

 ৯ : সমার্থক শব্দ লিখা :

প্রভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন।

উত্তৰ: প্ৰভাত : গুৱাবেলা,

প্রাতঃ, ঊষা, প্রত্যুষ।

কঠিন : কঠোৰ, টান, নিষ্ঠুৰ ।

এলোহুৱা : আনাহ, সোৰোগালি, হামাহি, হেনা ৷

ডাঙৰ : বিশাল, বিগুল, মোটা ।

চেষ্টাঃ সচেষ্ট, যত্নগৰ, যত্ন, অধ্যৱসায়, প্ৰবন্ধ

লগৰীয়াঃ সখা, সঙ্গী, মিত্র, বন্ধু, দোস্ত ।

লক্ষ্য : মতলব, উদ্দেশ্য, ইচ্ছা, অভিনয়।

নিৰৱচ্ছিন্ন : সর্বদা, সদায়, প্রতি নিয়ত, সৰ্বক্ষণ, অহৰহ, নিৰন্তৰ ৷

হাবিয়াস : অভিলাষ, আশা, আকাংক্ষা, বাসনা, বাঞ্ছা ৷

সপোন : স্বপ্ন, সামাজিক, ঘুমটি ঘুৰণ ৷

১০ : বিপৰীতার্থক শব্দ লিখা :

নতুন, ক্ষুদ্র, সফল, কর্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান

উত্তৰ:

১১) তলৰ মুৰীয় শব্দবোৰেৰে বাক্য সাজা ল’ৰা-ছোৱালী, হাত-ভৰি খুৱাই-সুবাহ, জীবন-জীবিকা, পা-পইচা।

উত্তৰঃ

ল’ৰা-ছোৱালীঃ মাক-দেউতাকৰ বাবে ল’ৰা-ছোৱালী হিয়াৰ আমঠু।

হাত তৰিঃ হাত তৰি ধুইহে তিতৰ সোমারা।

খুৱাই-বুৱাইঃ আলহীক খুৱাই-ৰুৱাই পঠাবা।

জীবন-জীৱিকা : কর্মহীনৰ জীৱন-জীৱিকা বুলি একো নাথাকে ।

পা-পইচাঃ তালদৰে জীয়াই থাকিবলৈ পা-পইচাৰ প্ৰয়োজন ।

প্রশ্ন ১২ : তাৰ সম্প্ৰসাৰণ কৰাঃ

উত্তৰ : (ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান : উদ্যোগী পুৰুষৰ এলাহ নাথাকে। হাতত মুলধন কিম্বা কোনো ডাঙৰ ডিগ্ৰী নোহোৱাকৈ উদ্যোগী পুৰুষে ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু সিংহৰ দৰে হাৰ নমনা মনোবৃত্তিৰে যিকোনো কামত অগ্ৰসৰ হ’ব পাৰে। কিন্তু এলেহুৱা লোকৰ উক্ত গুণবোৰৰ এটাও নাথাকে বাবেই যিকোনো পৰিস্থিতি মোকাবিলা কৰাৰ সাহস নাথাকে ৷ কাপুৰুষৰ দৰে সকলো ক্ষেত্ৰত পিছত কৰাৰ মনোভাৱেৰে নিজক সদায় পিছুৱাই লৈ গৈ থাকে। সেয়ে এলেত্ৰা কাপুৰুষৰ মান আৰু উদ্যোগী সিংহৰ সমান বুলি কোৱা হয় ।

(খ) যি মূলা বাঢ়ে তাৰ দুপাততে চিন : মুগা গঞ্জি যেতিয়া দুপতীয়া হ’ব তেতিয়াই মুলা কেনেকুৱা হ’ব বুজিব পাৰি। অৰ্থাৎ মুলাডাস ভাল হ’লে দুপাতত সি লহপহীয়া আৰু সতেজ হ’ব। এই কথাৰে ইয়াকে বুজাব বিচাৰিছে যে সৰু কালতেই ল’ৰা-ছোৱালী কেনে গঢ়ৰ হ’ব তাক বুজিব পৰা যায়। মানুহৰ ভৱিষ্যতৰ লয়-লক্ষণ, গুণ, স্বভাৱ আদি-সৰু কালতেই ফুটি ওসায়। যিসকল ভৱিষতে বেয়া মানুহ হ’ব তাৰ বেয়া গুণ, যিসকল ভাল মানুহ হ’ব তাৰ ভান গুণ সৰু কালতেই ধৰা পৰে ।

(গ) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে : শিয়ালে হাঁহ ধৰিব লাগিলে গিৰিহঁতে নেদেখাকৈ অতি যত্ন সহকাৰে কষ্ট কৰি, ইফালে সিফালে পেট পেলাই চুপি কৌশলেৰে ধৰিব লাগিব। এনেদৰে যত্ন নকৰাকৈ, কষ্ট নকৰাকৈ শুই থাকিলে সি কেতিয়াও হাঁহ ধৰিব

নোৱাৰে।

ঠিক সেইদৰে মনে বিচৰা কিবা বস্তু পাবলৈ বা জীৱনত উন্নতি কৰিবলৈ এলেহুৱা হৈ বহি নাথাকি তাৰ বাবে বিশেষ যত্ন আৰু কষ্ট কৰিব লাগে। তাকে নকৰি বহি থাকিলে কোনো বস্তুৰেই লাভ নহয় অথবা ভাগ্যোদয় নহয় । কথাতে কয়— বহি থাকিলে ভাগ্যও বহি থাকে,— লৰচৰ কৰিলে ভাগ্যয়ো লৰচৰ কৰে ৷

১৩ : লিংগ পৰিৱৰ্তন কৰাঃ শিক্ষক, ছাৰ, ছাত্ৰ, পুৰুষ, বন্ধু

উত্তৰঃ

শিক্ষক — শিক্ষয়িত্ৰী,

ছাৰ – মেডাম,

ছাত্র – ছাত্ৰী,

পুৰুষ – নাৰী,

বন্ধু – বান্ধৱী

Leave a Reply

Your email address will not be published. Required fields are marked *